পষেকীয়া কাব্যকাননৰ অষ্টম বৰ্ষৰ একৈশতম সংখ্যা

——————————————————
———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মণ
গিৰিজা শৰ্মা

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
সংগীতা বৰা

সহযোগী সম্পাদকঃ 
বিশ্বজিত গগৈ
উৎপল কলিতা


সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী,ৰেখা বৰকটকী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,গাৰ্গী ভূঞা, গীতাঞ্জলী কলিতা, ৰঞ্জন বৰা
____________________________________
বেটুপাতৰ ফটো -উদিপ্ত শইকীয়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
---------------------------------------------
                        বাটচ’ৰা
সম্পাদকীয়...

   "যদিও উৰুঙা,উদাস;কিন্তু ৰঙীন।আৰু সেয়াই জীৱন, ঠিক ফাগুনৰ দৰে..." —বহু কবিয়ে জীৱনক ফাগুনৰ সৈতে এনেকৈ তুলনা কৰে।এতিয়া চৌদিশে ফাগুন ফাগুন উছাহ।উদাস আকাশ উজলাই চৌদিশে পলাশ,মদাৰ,শিমলু।এই ছেগতে পছোৱাই উদঙাই সৰপাতে লুকুলাই থোৱা ভালপোৱাৰ টোম। ফাগুন মানেই ভালপোৱা,ফাগুন মানেই বিষণ্ণতাক নিচুকাই হঁহাৰ আখৰা। ফাগুন মানেই যে এআকাশ ভালপোৱা। 
   কাঞ্চন,বগেনভেলীয়াকে আদি কৰি বিভিন্ন ফুলৰ সমাহাৰে মুখৰিত হয় চৌপাশ।ৰঙীন ফাগুনতে উদযাপিত হয় ৰঙৰ উৎসৱ-ফাকুৱা।ধূলি,পছোৱাই তচনচ কৰিলেও কেনেকৈ সকলো সহি হাঁহি থাকিব লাগে,সেয়া ফাগুনেই আমাক শিকায়।
   ফাগুন মানেই সৰাপাত।সৰাপাততে লিখে ফাগুনে ব’হাগলৈ প্ৰেমৰ চিঠি। আৰু এই ফাগুনৰ বুকুতে পোখা মেলে ব’হাগে। 
  ফাগুনেই সামৰি ৰাখে ভালপোৱাৰ পেৰা।ধূলিয়ে চোপাশ আৱৰি ধৰাৰ লগতে,পছোৱাই আমনি কৰাৰ পাছতো কবিয়ে ফাগুনক লৈ লিখে অলেখ কবিতা।সেয়ে ফাগুনক প্ৰেমৰ মাহ হিচাপে অভিহিত কৰা হয়।
ফাগুনৰ দৰে সকলোৰে জীৱন কবিতাময় হওক—
তাৰেই কামনাৰে—

নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
               অনুবাদ কবিতা
Desires
André Fontainas
translated from the French by Jethro Bithell

What does she dream, lost in her hair’s cascade, 
     The lonely child with flowering hands as wan 
     As garlands pale?—Of the plains of days agone 
With pools of water lilies, where she strayed

On paths of chance her hands with flowers arrayed, 
     And where alms welcomed her?—And never shone 
     As now her eyes her jewels braided on 
Her gowns of gold and purple and brocade.

But she sees nothing round her. In the room 
Amber and aromatics melt the gloom, 
     The dusk’s hot odour through the window streams;

As heavy as an opal’s changing fires, 
Sigh in the evening mist and die desires, 
     While naked at her glass the maiden dreams.


বাসনাসমূহ
আন্দ্রে ফঁতেনা
ফ্ৰাঞ্চৰ কবি
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তাই কি সপোন দেখে, নিজৰ চুলিৰ ঢলত হেৰাই,
সেই নিঃসঙ্গ শিশু, যাৰ হাত ফুলৰ দৰে মলিন
যেন বিবৰ্ণ মালা?—পুৰণি দিনৰ খেলপথাৰ-প্ৰান্তৰৰ কথা মনত আহে
যত পদুম ফুলৰ জলাশয় আছিল, য'ত তাই ঘূৰি ফুৰিছিল

আকস্মিক পথত, হাতত ফুল সজাই লৈ,
আৰু য'ত দয়াৰ দান আদৰি লোৱা হৈছিল?—এতিয়া তাৰ
চকু দুটা জিলিকি উঠিছে যেন গহনাৰে খচিত
সোণালী, বেঙেনাবুলীয়া আৰু কিংখাপ।

কিন্তু তাই চাৰিওফালে একো নেদেখে। কোঠাটোত
অম্বৰ আৰু সুগন্ধি দ্ৰব্যই আন্ধাৰ গলাই দিছে,
সন্ধিয়াৰ উষ্ণ গন্ধ খিৰিকীৰে উপচি পৰিছে;

আপেলৰ ৰঙ সলনি হোৱা জুইৰ দৰে গধুৰ হৈ,
সন্ধিয়াৰ কুঁৱলীত ইচ্ছাবোৰে দীঘশ্বাস লৈ মৰি যায়,
আৰু নগ্ন হৈ আইনাৰ সন্মুখত সেই কুমাৰীগৰাকী সপোন দেখে।
——————————
                            কবিতা

এজনৰ বাবেই কবিতা
গুণ মৰাণ

মণিকাঞ্চন বাটেৰে
তেওঁ আহিব
 নীলমণি কাষলৈ হীৰেন অহা দৰে 

তেওঁ 
কবিতাবোৰ পঢ়িব
আনকো ক'ব

 তেওঁ ক'লেই
জগতে জানিব 
পঢ়োঁতাই পঢ়িব

তেওঁ বাৰু ক'ত?
জানা নেকি
হে সহস্ৰ পাঠক !
বি:দ্ৰ: কবিতাটোত উল্লিখিত নীলমণি আৰু হীৰেন শব্দ দুটাই প্ৰসিদ্ধ কবি নীলমণি ফুকন আৰু বুদ্ধিজীৱী ড: হীৰেন গোহাঁইক বুজাইছে।
—————————
সাত জনমৰ হাবিয়াহ
দেৱ দাস 

কুৰি বছৰ পাৰকৰি
কুৰিটাকৈ ঢৌ

নৈখনৰ পাৰত
এটা জনম
তোমাৰ সৈতে কথা পাতিম

নৈখন মৰা নদী হ'ল

একমাত্ৰ তোমাৰ বাবে 
শব্দৰ দল
পদ্য হ'ল
কবিতা হ'ল 
এনেয়ে এটা জীৱন শেষ হ'ল

জোৰা-তালি মাৰি
আবোল-তাবোল

তোমাৰ ঠিকনা 
সিঁচৰতি 

ৰঙীন চাকিৰ পোহৰত 
জাহ যায় সময়
সন্ধিয়া উজ্বলি উঠে
কুৰিখন চহৰ

তোমাৰ সৈতে কথা পতাৰ
সাত জনমৰ হাবিয়াহ

পাচ কুৰি বছৰ
জীয়াই থকাৰ প্ৰয়াস 

এষাৰো ভাল কৰি 
তোমাৰ সৈতে 
কথা কোৱা নহ'ল ।
————————
মগজুৰ হৰিৎ সাগৰ
ৰেখা বৰকটকী

আস্থা আৰু
বিশ্বাসৰ ৰংশুহি মগজুবোৰ ক্ৰমাৎ শিয়ান হৈ পৰে..
যেনেকৈ আমাৰ সেউজীয়া পৃথিৱীখনত অহৰহ ঘটে সালোক সংশ্লেষণ,
অহৰহ সেই সেউজ প্ৰহেলিকা
সুৰুযৰ তাপেৰে হৰিৎকণাৰ  আহাৰ পিয়াসী প্ৰজ্ঞা..
অবিশ্বাস আৰু অনাস্থাই
জ্বলা- কলা দেখুওৱা মগজুবোৰ
স্থিতিস্থাপক বাবেই নেকি
মগজুত এনে বিপ্লৱ?
শিৰাই -উপশিৰাই
ওমলে অলেখ সাধুকথা,
নানাৰঙী জীৱন জিজ্ঞাসা
আত্মদহন ,  বিবেক দংশন আদি...
হেলাৰঙে পীখোৱা মগজুৰ তন্ত্ৰীবোৰ বৰ সুঠাম।
সহিব জানে,শুহিব জানে আৰু শিপাবও জানে গোপনে!
সময়বালিত এৰি যোৱা জীৱাষ্মবোৰ মগজুৰ দেৱালে লিপিবদ্ধ কৰে ...
শিলালিপি হয় বহু ইতিহাস।
ৰ'দঘাই আলিবাটবোৰ আলোকিত কৰা
স্মৃতিচিহ্ণবোৰ সময়ে সাৱতি লয়,
স্মৃতিবোৰ নকৈ শিপায়..
বহুমূলীয়া প্ৰজ্ঞাৰ কোঁহে
নকৈ গজালি মেলে,
মগজুৰো আছে সৃষ্টিশীলতা সেয়ে
ইতিহাসৰ পুৰনিকলীয়া কথাবোৰ
নিতে নতুন কৈ সজায় ভাল পায় ।
সময়ে সময়ে ফটা ঢোলৰ কোব আৰু
অন্ধকাৰতে পূৰ্ণিমাৰ ভোক।
——————————
মাৰফৎ : ফাগুন
চয়নিকা ভূঞা 

একোলা-দুকোলাকৈ
ডাঙৰ হয় বহু কথা
ইফালে পছোৱা ছাটিয়ে সাৱটি ধৰা সময়তে
বাকৰিৰ মূৰত ফাগুনীৰ বদনাম 

সৌ সিদিনাৰ কথা
আজি আকৌ
তিলটোকে তাল হ'ল 

এটা সপোন
দৌৰত
দুচকুত 
আৰু... কলিজাত

সৰাপাতৰ বুকুত অলেখা কাহিনী...
অপেক্ষাৰ অন্ততঃ 'তুমি'

"মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথাকে ক'বলৈ..."
——————————
জুৰি 
ৰমেশ চন্দ্ৰ ৰায় 

দুদিন ধৰি জুৰি এটাই আমনি কৰিছে।

জোনাক পৰি জিলিকি উঠা 
জলধাৰাত
কোমল এটি কবিতাৰ দৰে ঢৌ তুলি 
পাৰ হৈ গ'ল 
এচিকুট বসন্ত।

দুদিন ধৰি জুৰি এটা কঢ়িয়াই ফুৰিছোঁ 
মনৰ মাজত।                -----------------
ফুলবোৰ
ৰূপজ্যোতি গগৈ

ফুলবোৰ মৰতৰ তৰা 
কাৰোবাৰ সাঁজলগা সময়ৰ জোনাকী পৰুৱা। 
আলফুলে হাঁহে, 
তিৰবিৰ কৰে 
জোন-বেলি পোহৰৰ পৃথিৱীখন বুকুত ধাৰণ কৰে। 
এখন চৰাইৰ চুবুৰী 
ৰঙা নীলা পখিলাৰ অনুপম উপস্থিতি
উকা হৃদয়টো সিঁচি দিয়ে ফুলাম বেলি। 

 ফুলবোৰে কথা কয় 
হাঁহিৰে হঁহুৱাই 
তোমাৰ কথাবোৰ, যাৰ কোনো শ্ৰুতা নাই 
কৈ চোৱা কিদৰে সঁহাৰি বিলায়। 

ফুলবোৰ তেজীমলা
তুমি যদি মৰম দিয়া 
ঘূৰি ঘূৰি তোমালৈকে বাট চাই 

লাহি এখনি হাত
থাকে যদি উমাল পৰশ তাত 
হ'ব পাৰে অবাধ বিচৰণ ফুলাম বাগিচাত।
----------
ফাগুন 
সান্ত্বনা বৰদলৈ

ফাগুনে পাখি মেলি দিলে
বা পাই শিহৰিত যৌৱনা পলাশ-মদাৰ
জুই ফুলীয়া চানেকিৰ উৰ্ণাৰে
বুকু ঢাকি  উন্মনা পলাশী আকাশ
কামনাৰ তেজ ৰঙা ৰঙেৰে
ৰঙ ধৰা বসন্তৰ বেলি...
জাৰণি ফালি আহিছে ভাঁহি
নিসঙ্গ ফাগুনৰ ৰাগীয়াল বাঁহী
কঁহুৱা ফুলাৰ খবৰ পাই
জোলা-জোলে কমুৱা উৰিছে
প্ৰাণত নোফুলা ফুলৰ কামনা
দিছেহি ঢালি...
ফুলে ফুলে গুঞ্জৰিত ভোমোৰাৰ
মৌ ভ্ৰমণ
নৃত্যৰতা পখিলাৰ নিশব্দ নিজান গান
ফাগুনৰ দোলাত উঠি
আহিছে গোসাঁই
ৰঙৰ ধ্বজা উৰুৱাই
ৰিঙা ৰিঙা ৰাধাৰ বুকুত
উতনুৱা ফাগুন নমাই।
—————————
ককাই ৰোৱা আঁহতজুপি
জনাৰ্দন পাটৰ মচৰং 

গাঁওৰ তিনিআলিটোত ককাই ৰুইছিল এটি আঁহত পুলি
আইতাৰ সৈতে নিতৌ দিছিল পানি।
স্মৰণ কৰি 
মূলে ব্ৰহ্মা, তচা বিষ্ণু, চখা শংকৰ, মে বচ, পত্তে পত্তে দেৱনাং বাসুদেৱাই নমষ্টোতে বুলি
লহপহকৈ বঢ়িছিল পুলিটো
বাঢ়িছিল গাওঁখনৰ পৰিয়াল আৰু সময়বোৰো।

আঁহত জুপিৰ তলত মাৰ্বল খেলিছিল লৰাহঁতে
খেলিছল টাং গুটি আৰু লাটুম। 
গছ ডালৰ তলত ক্ৰমাৎ গঢ় লৈ উঠিছিল
কেইখনমান দোকান। 

আজি ককা নাই
আছে ককাই ৰুই যোৱা প্ৰকাণ্ড অহঁতজুপি
যাৰ তলত আজিও লৰাহঁতে খেলে খেল
ইজনে সিজনৰ সৈতে পাতে সুখ দুখৰ কথা
বহে গাঁওৰ মেল। 

আৰু আইতাই আজিও নিৰ্দিষ্ট দিন কেইটামানত 
আঁহত জুপিৰ তলত জ্বলাই বন্তি
আৰু পানী ঢালি সুঁৱৰে 
মূলে ব্ৰহ্মা,তচা বিষ্ণু, চখা শংকৰ, পত্তে পত্তে দেৱনাং।
——————————
তোমাৰ চকুযুৰি ফাগুনীয়া পলাশ কলি
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তোমাৰ চকুযুৰি ফাগুনীয়া পলাশ কলি,
সোৱনশিৰিৰ বুকুত জ্বলা সোণালী বালি।
দিহিঙৰ পাৰে যেন শিমলু ফুলে,
তোমাক চাই মোৰ মন ডাৱৰে ডাৱৰে দুলে।

কাজিৰঙাৰ কুঁৱলীয়া ৰাতিপুৱাৰ পোহৰে
তোমাৰ মুখখন আঁকে কোমল আঙুলিৰে,
বৰলুইতৰ ঢৌৰ দৰে তোমাৰ কথা বাগৰে,
মোৰ তন ভিজে নীলাচলৰ সাগৰে।

মেঘালয়ৰ পাহাৰৰ কোলাত চেৰাপুঞ্জিৰ বৰষুণে
তোমাৰ স্মৃতি ধুই লয় প্ৰতিটো মুহূৰ্তে গুণে,
পাটকাই পাহাৰৰ কোনো অজান বনানিত
তোমাৰ নামটো লিখিছোঁ শিলত, নিজান গহনত।

লখিমীৰ কঠালচম্পাৰ গোন্ধ যেনেকৈ ভাঁহে,
তোমাৰ উপস্থিতি তেনে প্ৰতিটো নিশাহে।
ফাগুনৰ পলাশ যেতিয়া জুইত মৰে জ্বলি,
তোমাকে বিচাৰে মনে শব্দহীন, কাকলি।
——————————
অসম্পূৰ্ণ যাত্ৰা 
পৰাগ তামুলী

সৰুটোৱে মাকক সুধিলে 
মা, মৃত মানুহবোৰক
কিয় জ্বলাই দিয়ে?
মাকে ক'লে 
সৰগলৈ যাবলৈ।
তেন্তে মোৰ দেউতাক তেওঁৰ লগত
জীয়াই জীয়াই কিয় জ্বলাই দিলে?
দেউতা জানো স্বৰ্গলৈ যাব?
এঙাৰ হৈহে থাকিব।
স্বৰ্গলৈ কেৱল মানুহহে যাব পাৰে।
বাৰীৰ কাষৰ গছজোপা কাটি মৃতদেহৰ ওপৰত 
জাপি থকাৰ সময়তে 
সৰু গছ পোৱালি আৰু 
মাকৰ কথোপকথন 
মই শুনি আছিলোঁ।
ভাবিলোঁ–
অকলে সৰগলৈ যোৱাৰ
পথ নাই নেকি?
নে
গছ অবিহনে স্বৰ্গ যাত্ৰা 
অসম্পূৰ্ণ।
————————
বহুদিন সোধা নাই নিজক
ফিনিক্স 
সৌৰশিখা দত্ত

কেনে আছ তই?
কুশলে আছনে?
আছেনে হেঁপাহৰ পেৰাটো?

হাজাৰ বছৰৰ শেলুৱৈ ধৰা
সপোন আহেনে কুৰুকি কুৰুকি 

খেদি ফুৰেনে কবিতাই ফাগুনী দুপৰীয়া...
ভূগোলে নোপোৱা দূৰত 

হেৰাই শেৱালি পাহি

তথাপি আটি আটি বান্ধি লৱনে এপাহ হাঁহি?

ফাগুন আজিও আহে বিষাক্ত চহৰত

এয়া যে মৰীচিকাৰ দেশ
ৰাজকন্যাই বেশ সলাই 

এয়া যে সময় ফিনিক্স হোৱাৰ ।
—————————
ভালপোৱা
নিৰ্জু নিশা দত্ত

কি এয়া? 
এই যে উশাহত বৈ ৰয়?
কোনো নাম...

কবিতাত  সাঁচি থোৱা ফুলপাহ...

অথবা চকলেটৰ বাকলিটো 
পেৰাটোত  থুপি থওঁ 
এমুঠি পুৰণি জোনাক 
আৰু 
কেতিয়াবা বিষ হৈ তেজলৈ শিপাই...

ভূগোলে কি  বুজে?
ৰঙে কি বুজে ?

কি বিষত চটফটাই এটা "চুপাৰন'ভা "ই

তথাপি জানো পাৰি?
নেলু টিপিব ?
কেঁচা তেজেৰে নিঃশেষ কৰিব?

জীৱনৰ কবিতাবোৰক?
ৰামধেনু ৰঙেৰে জিলিকি ৰয় 
ভালপোৱা ...ভালপোৱা...

ভোকৰ ভাতত... উশাহত...
ৰাধাৰ সজল দুচকুত!
——————————
ফাগুনৰ  কবিতা
নৱজ্যোতি  শইকীয়া

        (১)
মোৰ  জীৱনৰ  বাটৰ  ধূলিবোৰ  যেনিয়ে  পাই -তেনিয়ে  উৰিছে,
লগতে  উৰণীয়া  সপোন  এটাও
চিলা হৈ  উৰিছে  মোৰ  আকাশত

মই  খুলি  দিছোঁ  মোৰ  মনৰ
বহুদিন  নুখুলাকৈ  থকা বন্ধ  খিৰিকী  এখন,
বন  পলাশৰ ৰংবোৰে  মোক  উন্মনা  কৰিছেহি,
সৰাপাতবোৰে সোৱঁৰাই দিছে
মোৰ  জীৱনৰ  ডালৰ  পৰা
সৰি  পৰা  সেউজীয়া  ক্ষণবোৰৰ  কথা,
মোৰ  বুকুৰ  জুহালত  জ্বলি  উঠিছে  ভমককৈ
শিমলুৰ  জুই  একুৰা।

        (২)
ফাগুনে  নাঙঠ  কৰিব  জানে
দেহে-মনে  পঢ়িব  পাৰে  যন্ত্ৰণাৰ  স্বৰলিপি
শুই  থকা  জীৱনক  জগাই  তুলি
জগৰীয়া  হয়  ফাগুন
নগৰীয়া  এৰাতি।
—————————
তিনিটা স্তৱক
হেমপ্ৰভা বৰা শইকীয়া   

            ( ১)
 সৰাপাতৰ দুখত ফাগুনৰ
 দুফোটা মান চকুপানী। 
                  (২) 
 গোমা আকাশ খন 
গৰ্ভৱতী নাৰীৰ দৰে হৈছে
 ডাৱৰবোৰ ওন্দলী আছে
              (৩)
  কংক্ৰিতৰ ঘৰবোৰ   
  বাঢ়ি আহিছে
  অৰণ্যবোৰ অনাথ হৈছে।
 —————————
ঠিকনা
ৰীণা শৰ্মা

ঠিকনা বুলি মোৰ নিৰ্দিষ্ট একোৱেই নাই।
অঘৰীও নহয় ময়।
সময়ৰ গতিত সলনি হয় মোৰ ঠিকনা।
জোনাকে আৱৰা পঁজাবোৰত যেতিয়া 
আউসীৰ আন্ধাৰে আৱৰি ৰাখে, সেয়াও এটা নতুন ঠিকনা।

মোৰ প্ৰথম ঠিকনা -
নাম, বাসকৰা ঠাইখন, ডাকঘৰ আৰু জিলাখন।
ঠিকনা বিচাৰি মোৰ পৰিচয় দিব খুজিলে আদ বাটতে আউল লাগে।
অন্তৰাত্মাই উভতি যাব খোঁজে তাহানিৰ সেই আলফুলীয়া সময়বোৰলৈ।

বয়সে গৰকা সময়ত আই-পিতায়ে হুমক সাক্ষী কৰি যিজনৰ হাতত গতাই দিলে সেয়াও আছিল এটা বসন্ত গৰকা ঠিকনা।
সময়ে সময়ে ঠিকনা বিচাৰি মোক গতিপথ সলনি কৰে ভাগ্য কৰ্তাই।
য'তেই ঠিকনা বিচাৰো তাতেই দুৰ্গম পথৰ সন্ধান।

দুভাগ ৰাতি সাৰ পাই উঠে 
দিনৰ দিনটোৰ হুমূনিয়াহ বোৰে।
ঠিকনা মোৰ এটাই -
এখন বঠা নোহোৱা পাল তৰা নাও।
ঠিকনাতো স্থায়ী হ'ব খোঁজে 
এখন বোৱতী নৈত।
নৈখনে যিফালেই গতি কৰে 
তাতেই মোৰ ঠিকনা।

আধাৰ আৰু পান কাৰ্ড খনেও যেন সময়ে সময়ে ঠিকনা বিচাৰি বিকল হৈ পৰে।
যিদিনা মোৰ অন্তিম উশাহটো ধোঁৱা বৰণীয়া হৈ
পৰিব, কাৰোবাৰ উচুপনিৰ জোৱাৰ উঠিব 
সেয়াই হ'ব জীৱন বাটৰ ৰূপোৱালী ঠিকনা।
—————————
সজীৱতা
ৰুম্পী দেৱী

ৰঙবোৰ এদিন হেৰাই যায় 
যিদৰে গছৰ পৰা পাতবোৰ সৰি পৰে,
যেনেকৈ কলীয়া ডাৱৰে আকাশ আবৰি ধৰে,

ৰঙহীন জীৱনত কি ৰঙে জিলমিল কৰে?
ৰঙা নে সেউজীয়া!
ক'লা আৰু বগা ৰঙৰ আবৰণে 
পালতৰি দিয়ে 
জীৱন দিঙাৰ নাওখন ধীৰে ধীৰে আগবাঢ়ে

কি ৰঙে জীৱনক উজলাই তোলে?
আকাশৰ নীলা নে পথাৰৰ সেউজীয়া!
বিষাদৰ বেঙুনীয়া আতৰাই 
সোণোৱালী ৰঙবোৰে উলাহ আনে 
নে কমলাবুলীয়া ৰ'দে সুখ বোৰ জোখে ??

ৰঙবোৰৰ আছে জানো নিজস্ব স্থিতি?
ধৰি ৰাখোঁ বুলি পাৰেনে ৰাখিব 
নিজস্বতা ??
সকলোবোৰ হেৰাই যায় 
হেৰাই যায় জীৱন 
ৰঙবোৰো এদিন বেৰঙী হয়
সৰি পৰা পাত খিলাই তাকেই কয়...
——————————
প্ৰেমিক নাহৰ
গুণজিৎ শইকীয়া

মোৰ খোলা দুৱাৰমুখত
ৰৈ নাথাকিবা তুমি,
অপেক্ষাৰত মই
বিগত কাল জুৰি
বেদনাবিধুৰ হ'ই !

পদূলিত বৈছে মোৰ 
আকাশীগঙ্গা
হৃদয়ত প্ৰেমৰ সৰসী
চপচপীয়া , 
স্নান কৰিবা তাতেই
তোমাৰেই সঙ্গী মই
চিৰদিন !

আকাশত বেলি উঠে
বসন্তত কপৌ ফুলে
বুকুত চন্দ্ৰমা জ্বলে
সুৰভিত হিয়াত
অঙ্কুৰিত প্ৰেমিক নাহৰ।
—————————
ফাগুনৰ সংজ্ঞা
ৰূপা ৰাণী দেৱী

ৰিণি ৰিণি শুনিছোঁ 
ফাগুন আহিছে হেনো 
কবিৰ কাপেৰে নিগৰিছে কবিতা 
বিনন্দীয়া প্ৰকৃতিৰ জুইফুলা আকাশেৰে ফাগুন ৷
পলাশ মদাৰৰ ৰঙেৰে ৰঙীন হোৱা 
এয়াযে ফাগুনৰ আকাশ ৷
সোনাৰুৱে মিচিকি হাঁহিছে
ফাগুনৰ পছোৱা বলিছে 
উমি উমি জ্বলা জুইকুৰাৰ কুকুহা উৰিল 
আলফুলে মাঘৰ মেঘালী সৰিলে 
লঠঙা বিৰিখত জোনাকে জোৰোন আনিছে
কাকিনী তামোলৰ আগত ৷
ফাগুন অহাৰ বাটত ৰঙা মদাৰৰ ৰঙ লাগিল
পলাশ শিমলুৰ প্ৰতিযোগিতা চলিল ৰঙ ছটিয়াবলৈ ৷
আকাশত বিয়পিল তেজাল ৰং
ফাগুনৰ সৰাপাতে ধূলিয়ৰী বাটত 
পলাশৰ আবিৰ সানি 
প্ৰেমৰ ছবি আঁকিলে ৷
ফাগুনে নুবুজে হৃদয়ৰ কথা 
সৰাপাতেহে মনত ৰাখে 
অতিতৰ কাহিনী ৷
ভৰা যৌৱনৰ ৰঙীন ঠিকনা
তইযে মোৰ ভালপোৱা বোৰৰ 
এজাক মতলীয়া বতাহ।
ফাগুনৰ তুমিযেন হৃদয়ৰ 
এপাহী ৰঙীন শিমলু তুলা ৷
কোনেও নাজানে কি আশাৰে ভৰপুৰ হয় 
নিৰিবিলি বাঁহীৰ সুৰৰ মাত ৷
সৰাপাতৰ সুগন্ধি বুকুত বান্ধি 
কুঁৱলীৰ আচ্ছাদন ফালি 
পলাশৰ ৰঙত 
লিখি দিম তোমাৰ ঠিকনাটি
সচাঁকৈ ফাগুন ।
—————————
চিখিলা, বাগৰুম্বাৰ বাবে সাজু হোৱা
লক্ষেশ্বৰ ৰায় 

চিখিলা, এই ভৰদুপৰীয়া 
দেওলগা পুখুৰীৰ পানী কিয় পি খালা 
পশ্চিমৰ পৰা আহিছে ধুমুহা 
এনে অসময়ত 
কিয় নিষিদ্ধ ফলৰ গুটি খালা 
কিয় এই বাটেৰে আহিলা 
বাটত যে হুল 
ফুটাব তোমাৰ মাখন কোমল ভৰিৰ পতা তুলবুল ।

বহুদিন বৰষুণ নাই
পথাৰ চিৰালফটা 
খেৰ বৰণীয়া ধাননি
দিনতে বতাহ  বিদীৰ্ণ কৰে শি‌য়ালৰ হোৱা ।

হয়তো ধুমুহা আহিব
মুষলধাৰে বৰষুণ পৰিব
শাত পৰিব পৃথিৱী 
সেউজী হ'ব ধাননি
চিখিলা, বাগুৰুম্বাৰ বাবে সাজু হোৱা ।
——————————
সেউজীয়াৰ  সমাহাৰ 
হৰেশ্বৰ ৰায়  
 
সেউজীয়া সেউজীয়া
চাৰিওদিশে অকল  সেউজীয়া
সেউজীয়াক  বিচাৰি বিচাৰি
 খাব নালাগে হাবাথুৰি। 
  
চিৰসেউজীয়া ৰূপৰ অপূৰ্ব্ব  সৌন্দৰ্য্য
উপভোগ কৰোঁ আহা 
বঙাইগাঁওৰ কাকৈজানা অভয়াৰণ্যৰ
ঠাকুৰাণী-খোৰাপাৰা, উজান ৰাভাপাৰাৰ 
লগতে কৈমাৰী-লহৰাপাৰাৰ
ৰাস্তাৰ কাষৰ ,পাহাৰৰ পাদদেশৰ
ৰঙা,নীলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ 
বিভিন্ন গছৰ, ভিন্ন ৰঙৰ ফুল-ফলৰ সমাহাৰ  
তাতে আকৌ চেঙুন গছৰ  শাৰী শাৰী। 
নীল আকাশত 
বগা-ক'লা ডাঁৱৰৰ লুকাভাকু  
কাকৈজানা পাহাৰৰ "আইঝৰনা" ৰ কুলু কুলু  শব্দ  
ৰিব ৰিব মলয়া বতাহৰ  তালে তালে 
হালি-জালি নাচি থকা  নিকটৱর্তী গাওঁৰ 
শস্য-শ্যামলা ধাননি পথাৰৰ 
অপৰূপ সৌন্দৰ্য্য, 
চৰাই -চিৰিকতিৰ কোলাহল, বিশ্ববিখ্যাত সোণালী  বান্দৰৰ 
মুক্ত বিচৰণ, নানা জীৱ জন্তুৰ হৰ্ষোল্ল্যাহ 
 বিশুদ্ধ বায়ু তথা নিৰ্মল জলবায়ুৰ প্ৰভাৱে 
 প্ৰফুল্লিত,  উৎসাহিত কৰে  সকলোকে। 
সেউজীয়াৰ সমাহাৰ, সেউজীয়াৰ  উৎসত 
সেউজীয়াকে বিচাৰি বিচাৰি  দেখিছোঁ 
প্ৰকৃতিৰ মাজত, সেউজীয়াৰ সমাহাৰ। 
——————————
শ্বহীদৰ তেজেৰে
মৃদুস্মিতা বৰা

শ্বহীদৰ তেজেৰে শলিতা জ্বলাই কাকনো কৰিছা আজি নিত্য আৰতি? 
স্বদেশৰ কাৰণে জীৱন ত্যাগী তুমি হ'লা আজি অজেয় বীৰ, 
দেশ,মাটি,ভেটিৰ বাবে সকলো তেজি বীৰ তুমি হৈ পৰিলা অকালতে শ্বহীদ। 

হে স্বদেশৰ মহাবীৰ তোমাৰ মৃত্যুও অপৰাজেয়,অবিনাশী, 
তুমি শুনিছানে স্বদেশৰ চৌদিশে মৃত্যুৰ কাল কিৰিলিয়ে পৃথিৱী কঁপাইছে আজি! 
শত শ্বহীদৰ তৰুণী হৃদয়ে
আজিও ইনাই-বিনাই, 
হেৰালে আজি ক'ত শত শত শ্বহীদৰ মুকুতিৰ গান? 

পাহৰি নাজাবা হেৰা অসমীয়া সেনানী স্বদেশ মুক্তিৰ গান, 
তেজত আছন্ন আঘাতৰ সহস্র তেজাল চেঁকুৰা আজিও যে মচি যোৱা নাই!
জুয়ে পোৰা তিৰাশীৰ বিষাক্ত বেদনা এতিয়াও মাৰ যোৱা নাই, 
উমি উমি জ্বলি আছে হৃদয়ত উতপ্ত বহ্নিশিখা হৈ। 

হে স্বদেশৰ অজেয় বীৰ, 
তেজ দিলা,তেজে ধোঁৱা বুৰঞ্জী লিখি জাতিক প্ৰাণৰ ন সঞ্জীৱনী দিলা, 
শ্বহীদৰ ৰক্ত নিনাদক নিদিবা কোনো অপবাদ, 
জনতাৰ বুকুত জ্বলি উঠিব আকৌ বিক্ষুব্ধতাৰ
বহ্নিশিখাময় জুই,

এতিয়াও জ্বলি আছে জনতাৰ দুচকুত অগ্নিময় প্ৰবাল সোঁত, 
সুনীল গগনজুৰি জ্বলি জ্বলি উজ্বলি উঠিছে তেজ শলিতাৰ জুই, 
জাতি,মাটি,ভেটি তেঁজপিয়া হৈ শুহি খোৱা
শতৰুক নাশিবলৈ আজি মাৰ বান্ধি ওলাই আহা 
লাচিত দেশৰ তৰুণী বীৰ,

লুইতপাৰৰ ডেকা বন্ধু নাথাকিবা এতিয়া শুই, 
শেতেলী এৰি ওলাই আহা
মৃত্যুমুখী মহাৰণলৈ, 
জাগি উঠা আকৌ জাতিৰ জনতা ৰুধিবলৈ দুৰ্জেয় শতৰুক..! 
হে,চেনেহী দেশৰ অসমীয়া কেতিয়াও জাতিক পাহৰি নাজাবা, 
প্ৰাণৰো আপোন আমাৰ এই স্বদেশৰ গান, 
এই দেশৰ মান, 
হে মহান শত শ্বহীদৰ দল তোমাক চৰণে প্ৰণাম তোমাক চৰণে প্ৰণাম।
——————————
তথাপি যুঁজি আছোঁ
অলক চন্দ্ৰ ৰায়

জেওৰাখনৰ সিটো পাৰে তুমি
ইটো পাৰে মই

ৰাস্তাটোৰ সিটো পাৰে তুমি
ইটো পাৰে মই

নদীখনৰ সিটো পাৰে তুমি
ইটো পাৰে মই

পাহাৰখনৰ সিটো পাৰে তুমি
ইটো পাৰে মই

কাঁটাতাৰৰ সিটো পাৰে তুমি
ইটো পাৰে মই

কিন্তু আকাশত এটাই সূৰ্য, এটাই জোন

আমি উশাহত টানি লৈছোঁ একেই বায়ু

আমাৰ শিৰা আৰু ধমনীত বৈ আছে একেই তেজ

আমি জী আছোঁ মৰি আছোঁ একেখন পৃথিৱীত

তথাপি আমি পৰস্পৰৰ বিৰুদ্ধে যুঁজি আছোঁ 

যুঁজি আছোঁ

যুঁজিয়ে আছোঁ
—————————
ৰ'দে পোৰা সময়
ৰাতুল চেতিয়া ফুকন 

বেৰৰ জলঙাৰে
ৰ'দ এচেৰেঙা সোমায় আহোতে
মোক সোধা নাছিল 
মই সাৰে আছোনে টোপনিত আছোঁ।
খিৰিকীখন খুলি দিওঁতে 
সোমাই অহা বতাহ জাকেও মোক সোধা নাছিল 
মই টোপনিৰ পৰা উঠিছোনে
উজাগৰে আছিলোঁ।
মোৰ ঘৰৰ ভিতৰলৈ 
নিৰ্বিবাদে সোমায় অহা
ৰ'দ চেৰেঙা অথবা বতাহ জাকক
কেতিয়াও বাধা দিয়া নাই
পাৰিলে মনৰ দুৱাৰ খনো
খুলি দিছিলোঁ বহলকৈ।
মইতো ভবা নাছিলোঁ 
ৰ'দ অথবা বতাহ জাক
সংস্কাৰ ভাঙি এদিন 
বিলাসীতা হ'ব।
এতিয়া ৰ'দে পোৰে
বতাহে কোবাই।
————————
প্ৰতিবাদ 
পাৰ্থ প্ৰতীম গগৈ

তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
তুমি সপোন দেখা 
হাজাৰ জনতাৰ বুকুত।
তোমাৰ বাক স্বাধীনতা 
লংপেণ্টৰ বেক পকেটত  বন্দী নকৰিবা
তুমি নতুন সমাজ গঢ়া
তুমি সভ্যতাৰ কুঞ্চিত গুহাত বাস কৰা 
একো একোটা হিংস্ৰ প্ৰাণীক নিধন কৰা।
তুমি অবলা গাভৰু কেইগৰাকীক ৰক্ষা কৰা
তুমি জনতাৰ বুকুত কুঠাৰ নামাৰিবা 
তুমি নতুন দেশৰ নতুন পুৰুষ 
তুমি নতুন দেশৰ নতুন নাৰী।
নিদ্ৰাহীন ৰহস্যময় এন্ধাৰত 
তুমি অপ্ৰত্যাশিত বুলেটৰ শব্দ 
চিৰাচিৰ কৰি ফালি পেলোৱা 
তুমি নতুন পুৰুষ 
তুমি নতুন নাৰী।
————————
দুলেন দোকানৰ ওচৰৰ পলাশজোপা
বিকাশ গোহাঁই

দুলেন দোকানৰ ওচৰৰ পলাশজোপাই
হাঁহিছে, ইমানেই হাঁহিছে পাগল হৈয়ে যাম
হাঁহিৰ জোৱাৰত উটিহে যাম
পালতৰা নাওখন বাউলী বতাহে ঠেলিছে
কেতিয়াকৈনো তোমাৰ ঘাট পাম
অ’ দুষ্ট ফাগুন, দুষ্টামি এৰা
চেলেংখন উৰুৱাই নিনিবা
ভোলানাথ আহিছে 
ব’ম ব’ম
পাৰ্বতী আহিছে
ব’ম ব’ম
চুপ! হাঁহি বন্ধ...
————————
ফাগুনে মোক ব্যথিত কৰে
আয়শা ছিদ্দিকা (আছৰি)

ফাগুন মই বেয়া পাওঁ
হয়! ঠিকেই শুনিছে 
ফাগুন মই বেয়া পাওঁ।

ফাগুনৰ পছোৱাই যেতিয়া
 নদীৰ দাঁতিত থকা আইতাৰ 
পঁজাঘৰখনৰ ছাউনী উৰুৱাই নিয়ে 
আইতাৰ ফেঁকুৰি উঠা আৰু
আধা ভঙা মাতে হৃদয় বিক্ষত কৰে।

ফাট মেলা পথাৰত যেতিয়া 
এজাক বৰষুণৰ অপেক্ষাত 
মেঘশূন্য আকাশলৈ অসহায় হৈ
কৃষকে দুহাত তুলি কৰযোৰে 
মিনতি কৰে এটি দীৰ্ঘশ্বাস এৰি
সেই হুমুনিয়া মোৰ হৃদয় ক্ষত কৰে।

বাষ্পহীন শুষ্ক বতাহৰ সংস্পৰ্শত 
যেতিয়া শৰীৰৰ ছাল ফাট মেলি 
নিগৰি নিগৰি তেজ বয়
তেতিয়া পলাশ, শিমলু, মদাৰৰ 
ৰক্তিম ৰঙা ৰঙখিনিয়ে মোক যেন
আৰু বেছি আতংকিত কৰি তোলে।

ধূলিয়ৰি ফাগুনৰ ধূলিৰ কণিকা
 বিষাক্ত ৰূপে নাকে মুখে সোমাই 
 সুস্থ শৰীৰ অসুস্থ কৰে
চকুত আঘাত সানে বৰকৈ
ফাগুনৰ ৰূপ গৰিমা সকলো যেন
ক্ষণিকতে ম্লান হৈ পৰে।

মোৰ পৰিস্কাৰ চোতালত বাৰীৰ 
সৰাপাতবোৰ আহে ইনাই-বিনাই 
নীৰৱ এক বেদনা বুকুত সোমাই,
এই যে ধৰাক নতুনৰূপত সজাব বুলি
আত্মবিসৰ্জন দিলে সৰাপাতে 
প্ৰকৃতিপ্ৰেমীয়ে সেইয়া গচকি 
কবিতা লিখে ফাগুন মানেই 
"প্ৰেম প্ৰেম লগা সময়।

 ফাগুনে মোক ব্যথিত কৰে
হয়তো কুলিৰ মিঠা মাত,
ৰংচঙীয়া পৰিৱেশেও জুৰাব নোৱাৰে 
সেই ক্ষত-বিক্ষত হোৱা হৃদয় 
সেয়ে মই ফাগুন বেয়া পাওঁ।
——————————
তাই লিখিবনে
মিনাৰুল আহমেদ 

শুনিছোঁ!
তাইও কবিতা লিখিবলৈ 
আৰম্ভ কৰিছে।
তাইৰ হৃদয়ত স্থান নাপালেও 
বাৰু তাইৰ কবিতাত স্থান পামনে?

মোৰ প্ৰত্যেকটো কবিতা 
থাকে প্ৰায় তাইৰ বাবে,
তাই বাৰু লিখিবনে  
মোৰ বাবে?

অ নহয়!
এয়া একপাক্ষিক 
প্ৰেম হে,
একপাক্ষিক প্ৰেমত 
এইবোৰ নাথাকে।
————————
শিশুটি শিল্পী হ'ল 
মুক্তিস্নাতা শৰ্মা 

১৮নম্বেবৰ এই দিনটোতেই এটি মানৱ শিশুৰ জন্ম হৈছিল 
কিছু বছৰ আগত (অ, মানৱ শিশু, দেৱ শিশু নহয়) 
তেওঁ মানুহক ভাল পায় 
জীৱক ভাল পায়, 
সেউজীয়া ভাল পায়, 
গছ ভাল পায়, 
জাতিটোক বুকুত লৈ ফুৰে,
তেওঁ অতীতক সন্মান কৰে, 
আৰু বৰ্তমানৰ হিয়াৰ আমঠু,
হৃদয়ৰ স্পন্দন,
ভবিষ্যতক সুন্দৰ কৰিব খোজে তেওঁ,
তেওঁ মানৱ শিশু, 
এতিয়া তেওঁ শিল্পী হ'ল, 
শিশু মনৰ বুকুখন লৈ...
শিশু মনটি বুকুতে ৰ'ল, 
শিল্পী তেওঁ সমাজৰ হ'ল. 
তেওঁৰ বিৰ্তকই টি.আৰ.পি. হয়.,
তেওঁ থমকি নৰয়,
তেওঁৰ সৃষ্টিৰ নহয় অন্ত.. 
তেওঁৰ গুণ-গৰিমাতেই
প্ৰকাশিত হৈছে বিশাল দিগন্ত।
—————————
সহাৱস্থান
আফতাদ বাঁহমূৰীয়া

মোৰ এটি খুব ব্যক্তিগত দুখ আছিল
সময়ে সময়ে দুখটোৰ সৈতে গল্প কৰিছোঁ
কেতিয়াবা খং কৰিছোঁ দুখটোৰ ওপৰত
সেই দুখটোৱে বহুত সৰু সৰু দুখ পাহৰাই ৰাখিছে

গল্প কৈ থকা দুখটোৱেই কেতিয়াবা ভাগৰি পৰিছে
তথাপি গল্প আৰু গল্প
কেতিয়াবা কেতিয়াবা টোপনিয়াই দিছে

অকলে বহি থাকিলেই কাষলৈ আহিছে
গুণগুণাই গীত গাইছে
গীত শুনি নদী ভাহিছে

নদীৰ কি নিৰ্মম গল্প !

আপোন বোলোতে দুখটোৱে আছিল
আপোন বোলোতে দুখটোৰ গীত আছিল
জীৱন বোলোতে আছিল দুখটোৰ জীৱন

এটা সময়ত দুখটোৰ সৈতে স্কুলত গৈছোঁ
স্কুলৰ পৰা কলেজত 
কলেজৰ পাছত আৰু ক'তনো যাম
মানুহে কয়– "কামলাৰ ল'ৰা কামলাই হয়"

ইমানৰ পাছতো মোৰ লগতেই আছিল দুখ

দুখৰো আছিল আৰু এটি দুখ
গল্প কওঁতে কওঁতে এদিন দুখৰ দুখৰ কথা মোক কৈছিল―
"এই জগতত দুখৰ কোনো নাই"
মোৰ মনে মনে হাঁহি উঠিছিল
এই জগতত আকৌ কাৰনো কি থাকে

কোনো কোনোৱে মোক কৈছিল―
"দুখত বিৰিখৰ পাত সৰিব"
বিৰিখৰ পাত সৰিব নে নসৰে নাজানোঁ
দুখ ঠিকেই মোৰ বন্ধু

দুখটোৱে মোক এৰি যোৱা নাছিল

এদিন শুই আছিলোঁ― দুখে মোক জগাই দিছিল
খুব বকিছিলোঁ কেঁচা টোপনি ভঙাত
অভিমান কৰি সেইদিনাই কৰবাত গুচি গৈছে দুখ

দুখৰ পাছত আৰু কিবা এটা আহিছে
ইয়াৰ লগত আৰু কথা পতা হোৱা নাই কোনোদিন 

এওঁ জানো মোৰ তেজৰ ৰঙা।
—————————
জীৱন
ৰঞ্জু কোঁৱৰ

এতিয়া
সোঁৱৰণি ডায়েৰীত
মোৰ ল'ৰালি
স্মৃতিৰ পাতে-পাতে ভাঁহি আহে, 
কৈশোৰৰ ধেমালি 
ক'ত হেৰাল আজি 
আইৰ কোলাত বহি 
ঠুনুক ঠানাক কৰি
মৰম বিচাৰি ফুৰা 
মোৰ আকলুৱা দেহা !
নাজানো ক'ত হেৰাল আজি
দেউতাৰ হাতত ধৰি 
এখুজি দুখুজি বাটবুলি
শীতৰ পুৱাৰ ৰ'দালিত
নিয়ৰৰ ফুল গচকি উমলি-জামলি ফুৰা 
সেই ল'ৰালি ?
ক'তনো হেৰাল বাৰু 
একে লগে ফাঁকু খেলি
হাতে হাত ধৰি 
আহ-যাহ কৰি ফুৰা
মোৰ শৈশৱৰ লগৰী ৷
কোনফালে গ'ল গুচি 
যৌৱনৰ হেঙুলি হাঁহি ?
দুচকুৰ তিৰবিৰণিত 
জিলিকি উঠা আশাৰ ৰেঙনি ।
আজিচোন সকলো এৰি 
ললোঁ আকোঁৱালি 
সংসাৰৰ সকলো নীতি 
পালিছো ধৰ্ম, কৰিছো কৰ্ম 
মায়াৰ জালত এতিয়া
মোৰ জীৱন বন্দীত্ব । 
কেতিয়াবা হাঁহি কেতিয়াবা কান্দোন, 
সুখে-দুখে পাৰ কৰিছোঁ জীৱন
কোনোৱে লৈছে আঁকোৱালি 
কোনোৱে কৰিছে গাফিলতি 
তথাপি হোৱা নাই মই অতৃপ্ত 
হোৱা নাই কেতিয়াও অৱৰুদ্ধ
জীৱনৰ পোন বাটেই দিছোঁ
খোজ প্ৰশস্ত
আৰু —
সেই বাটেই আগবাঢ়ি  মই
বিচাৰি পাম এদিন
জীৱনৰ সৰ্বস্ব ।
————————
সপোন ভাগিছে
যামিনী দেৱী

টোপ-টোপ নিয়ৰৰ মাত নিজৰাৰ কুলু-কুলু গান
ঢিমিক-ঢামাক তৰাৰ পোহৰ
জোনাকী পৰুৱাৰ জল্‌-মল্‌ জিলিকনি
মুখত টৰ্চলাইটলৈ বাটৰুৱাক বাট দেখুৱাই
সৰাপাতৰ জিৰ্‌-জিৰ্‌ মাত উঁইচিৰিঙাৰ মুখৰ
নৰা-পেপাৰ ফুক্ আৰু যে কত কি
প্ৰকৃতিৰ সকলোৰে নিজা-নিজা মাত আছে
সুৰ আছে সকলোৱে নিজৰ মাততেই
থাকক মগন গজালি মেলক নতুনৰ
সেউজীয়া ধৰিত্ৰীক আৱাহন জনাম
কাল নিশাটো সৰ্পিল গতিৰে বগুৱা বাই
গগণত  সাতোৰং সিঁচিছে
সপোন ভাগিছে
জীৱন জীয়াবলৈ সকলোৱে যুঁজিছে।
——————————
ফাগুনৰ পছোৱা 
ৰশ্মি ৰেখা শইকীয়া ভূঞা

অসমীয়া বাৰ মাহ 
মাঘৰ পিছতেই ফাগুনৰ আগমন
শিমলু ফুলাৰ বতৰ 
বহাগ অহাৰ জাননী,

ফাগুনৰ পাছতেই 
চ'ত মাহত ঢোলৰ চাপৰ 
আম কঠালো ফুলে 
ফাগুনৰ বতাহজাক 
পছোৱা হৈ উৰে,
 
মানুহৰ মনবোৰো উগুল-থুগুল
খৰালিৰ খেতি চপোৱাৰ সময় 
দীঘলীয়া দিন 
কামৰ শেষ নাই,
 
গাঁৱৰ পুৰুষ-মহিলা 
আলু খন্দা-সৰিয়হ তোলাত ব্যস্ত 
বাৰিষা আহিবৰে হয়,
 
বাৰিষাৰ খেতিত লাগিবৰে হয় 
ভোগালী বিহুৰ পিছতেই,
 
খেতিয়কৰ নাঙল পথালৈ যায় 
সময়ৰ শস্য সময় মতে নহয় 
খেতিয়কৰ খোৱাত অনাটন,

বছৰটোলৈ যোগান খেতিয়কৰ হিচাপ 
আকৌ তাতে ঘৰ চলোৱাৰো লক্ষণ,

ফাগুনৰ বতাহ জাকেই কৈ যায় 
বৰদলৈচিলা অহাৰ খবৰ
পছোৱা জাকে ধুই নিয়ে 
আম-কঠালৰ ফুলক,

শিমলু ফুলবোৰে ৰাঙলী কৰে 
পছোৱা জাকে সিহঁতক উৰুৱাই নিয়ে 
প্ৰকৃতিৰ হেঁপাহ 
পছোৱা বতাহে ৰৈ ৰৈ কয়,

ফাগুন মানেই পছোৱা 
প্ৰকৃতিৰো আক্ষেপ নাই।
-----------------------
নাম বিহীন সম্পৰ্ক
নাং লিজাশ্ৰী বন্তী গোহাঁই 

তোমাৰ প্ৰতিটো কথাই,
প্ৰতিটো মেচেজে মোৰ
 হৃদয়ত অনুভৱৰ 
 সুচনাত ভাল
 পোৱা আৱেগ আনে।

নাজানে মই কিমান ভাল লগাব পাৰিছো তোমাক,
নাজানো কেনেকৈ মৰম 
দিলে তোমাৰ হৃদয়ৰ
 মাজত মোৰ মনতোৱে
 ঠাই পাব।

মাথো কথা পাতি যাওঁ,
তোমাৰ সৈতে সময় 
লগত খোজত 
খোজ মিলাই।

সেই বাবেই চাগে আমাৰ সম্পৰ্কটো কোনো নাম নাই।
সেই বাবে চাগে 
তোমাক পোৱা আশা নাই 
তোমাক হেৰুৱা ভয়ো নাই
নাই কোনো আমাৰ 
মাজত প্ৰতিশ্ৰুতি।

সেইবাবে আমাৰ এই সম্পৰ্কটো কোনো নাম নাই নাম বিহীন এটা সম্পৰ্ক।
—————————
সেঁওতাফাল 
মধুস্মিতা শৰ্মা

সেঁওতা ফাল আই, সেঁওতা ফাল
সেক দি আনিছো কেঁচা খৰিৰ ডাল ,
সেও দি ল'বি
সেও মানিবি
সঁফুৰা কবৰীত নিয়ৰ সিঁচ,
সেংসেঙীয়া শেতেলিত সেও ল'বি
শাওণহৈ সূতলাহি পকাবী
সিংখাপৰ মেখেলাত শৃঙ্গাৰ তুলিবি
সেউতীৰ সুবাসেৰে সূৰুযক জগাবি
সাঁৰিয়াৰ কান্ধত কান্ধ মিলাই  
নতুনকৈ জীৱনটো সাঙোৰি ল'বি
শঙ্খিনীৰ সুকোমল কোলা 
শইচৰ জোৱাৰ তুলিবি,
সেঁওতা ফাল আই , সেঁওতা ফাল
সেন্দূৰৰ সুগন্ধিৰে সেঁওতা বোলা আই
সেঁওতা বোলা ।
—————————————
শব্দৰ চুম্বন
অনুপমা চৰকাৰ মেধি
  
কেতিয়াবা —
শব্দৰ মোহত বন্দী হৈ
আন্দোলিত হয় শব্দ
সৃষ্টিৰ উন্মাদনাই তেতিয়াই
ছন্দময় কৰি তোলে
জীৱনৰ সেউজীয়া ৰথ

কেতিয়াবা 
শব্দই মিতিৰালি পাতে
মায়াময় শব্দৰ স'তে
তৃষিত মন আলোড়িত হয় 
সুগম কৰি তোলে
জীৱনৰ দুৰ্গম পথ

মোহনীয় শব্দবোৰে
প্ৰতিনিয়ত গঢ়ে যোগসূত্ৰ
আত্মপ্ৰত্যয় সংকল্প
বিশ্বাস আশ্বাসৰ সুদৃঢ় সম্পৰ্ক

এনেকৈয়েই ------
এনেকৈয়েই শব্দৰ স'তে মোৰ প্ৰেম
শব্দই দিছিল প্ৰথম চুম্বন
শব্দতেই গজালি মেলিছিল
মৌন ওঁঠৰ প্ৰথম ভাষা—'মা'   !
——————————
ইশ্বৰ
মনালিছা সোণোৱাল ভূঞা

জিৰণি বুলিবলৈ 
তপত দেহত
লাগি থকা ঘামবোৰে
স্বীকাৰ কৰে ক্লান্তিৰ
অৱসাদ মাথোঁ

উদাহৰণৰ ডিঙা মেলি
সোঁতৰ বুকুত
জীৱন নৌকা
ধাৱমান।
কোলাহলৰ বেহুত
হেৰাই যায় নীৰৱতাৰ পৰিধি।

শুকাই যোৱা ওঁঠত
জিভাৰ স্পৰ্শ।
হৃদয়ৰ বাৰ্তালাপবোৰে
সতেজ কৰি তোলে
মৌন সময়ৰ দস্তাবেজ।

ধৰণীখন ধুনীয়াই
সজাই ল'ব জানিলে
সময়ৰ গতিক 
ইশ্বৰ যেন অনুভৱ হয়।
—————————
ফাগুন আছেহি ৰৈ 
আল্পনা শৰ্মা 

মন উৰুৱাই 
নিয়া পচোৱা 
জাকেৰে 
ফাগুন আহিল 

অনুভৱৰ অন্তৰালত 
হৃদয়ৰ কোঁহে কোঁহে 
মিঠা প্ৰেমৰ 
সুৱাস বিলাবলৈ 
জীৱনক মৰম ৰেখাৰে 
আঁকি থৈ যায় 
সাতো ৰঙৰ 
ৰূপ ছবিৰে 
স্মৃতিৰ মানস পটত 

পলাশ শিমলুৰ 
ৰঙা ৰঙেৰে 
মনৰ বনত 
আবিৰৰ ৰং 
ছটিয়াই যাবলৈ 
আকৌ ফাগুন আহিছে 
সংগোপনে ধীৰে ধীৰে 

ঠেৰেঙা লগা 
শীতৰ সৰা 
পাতৰ মাজে মাজে 
ফুলৰ পাহিক 
ভোমোৰাই দি যায় 
মতলীয়া ফাগুনৰ 
মায়াসনা মৰমবোৰ 

মন মোৰ 
অজান শিহৰণত 
পুলকিত হৈ ৰৱ খোজে আজি 
উতলা ফাগুনৰ বা লাগি 
নিৰিবিলি আবেলি পৰত 
তোমাৰেই ভাবনাত । 
—————————
অনুভৱ 
নিশা চক্ৰৱৰ্তী
          
অৱগাহন বিক্ষিপ্ত 
জীৱন নাটৰ অন্তৰাত
আশাৰ ৰেঙনি মাথোঁ 
হাঁহিৰ খলকনিত
পূৰাবানে প্ৰিয়ে
প্ৰেমৰ কৰণিত
আধা লিখা শব্দৰ 
গোলাপী আখৰ?
আঁজুৰি আঁজুৰি ৰাখোঁ 
অনুভৱবোৰ!
হাতৰ আঙুলিৰে 
পাৰ হৈ যায়
বিগলিত 
আধাপোৰা            .
অনুভৱৰ  ধোঁৱাবোৰ।
—————————
বৰনৈৰ বুকুত ফাগুন জীয়া আবেলিটো 
অঞ্জনা ৰূপা দাস

বৰনৈৰ পাৰ ভাঙি বাগৰে 
হেঁপাহৰ জীয়া ঢল,
এপাৰত থিয়দি কাণ উনাই শুনিলোঁ
বৰনৈ বহ্নিমানৰ অমিয়া সুৰ--
সোঁতৰ লহৰে লহৰে গাই
জীৱনৰ জয়গান
নৈ পাৰৰ চকামকা ঝাৰণিত
মেঘে আঁকে জীৱনৰ চিত্ৰপট 
সৰিয়হনি ডৰাত বতাহে বুলাই
অস্তমিত সূৰুযৰ হেঙুলী ৰহণ
বালিচৰৰ ৰূপালী চাদৰত
নামে
ফুৰফুৰীয়া সোণাৰু ফুলীয়া  সন্ধিয়া 
তথাপিতো আকাশে নেহেৰুৱাই আশাৰ ৰং।
সময় নিৰবধি -অদৃশ্য খনিকৰ
প্ৰকৃতিৰ বুকুত সাজে 
 হৃদয়ৰ কাঁচঘৰ
বুলবুলি বালিমাহীৰ ঠোঁটে
পলাশী ফাগুনৰ 
হৃদয়ে হৃদয়ে আঁকে ন ন বাট-পথ।
পলাশ মদাৰৰ হিয়া ফুলে
উদাসী মনতু তোলে প্ৰেমৰ পয়োভৰ 
ধূলিয়ৰি বাটে বাটে 
পছোৱা বতাহে বিলাই
সৰাপাতত  সম্ভাৱনাৰ চিঠি
বৰদৈচিলাৰ গিৰিপনিত
সপোন উন্মাদনাৰ 
আশাৰ টঙি ঘৰ ভাগে 
বৰ নৈৰ কোবাল সোঁতত
শোকৰ হিল্লোল উঠে 
বেদনাৰ গৰাখহনীয়াত
উৰ্দ্ধমুখী ভাৱৰ বুৰবুৰণি
চিন্তাৰ চিপ্ চিপীয়া বৰষুণ জাকত
বসন্তৰ ন-কুহিপাতৰ হাঁহিয়ে
ন সভ্যতাক স্বাগতম জনাই
নৈয়ে  দুয়ো পাৰ সাৱটি
পলসুৱা সভ্যতা পোহাৰ মেলে
 সমন্বয় সামৰি-সুতৰি
 হৃদয় উৰ্বৰ কৰা নৈখনৰ পাৰলৈ 
 আমি বাৰু উভতি যাব নোৱাৰোনে !
য'ত সভ্যতাৰ  সাৰুৱা উপত্যকাবোৰৰ
গজালি মেলিছিল!
নৈৰ আদিমতাৰ প্ৰতি মানৱৰ আকৰ্ষণ জন্মে জন্মান্তৰৰ--
এই আকৰ্ষণে নুৰিয়াই ৰাখিছে 
জীৱন উত্তৰণৰ গোপ্য মাদকতা।
—————————
আলি আঃয়ে লৃগাং...
ড° প্ৰফুল্ল ডেকা

ৰিণি ৰিণিকৈ বাজি থাকে সুৰ এটি 
কাণৰ কাষত 
উমি উমি জ্বলি থাকে আশা এটি 
বুকুৰ মাজত 
তই যোৱাৰ দিনাৰে পৰা 
যোৱাবেলি লৃগাঙৰ পাছত 

আজি ফাগুনৰ প্ৰথম বুধবাৰ
চিকুনাই থৈছোঁ বকুলতলৰ চোতালখন
মোৰ হৃদয়পথৰ 
মাৰি লৈছোঁ দুমৗৰখন মূৰত
আহিবিচোন মোৰ শুৱনী চেং-পিন্ধাজনী
মোৰ স'তে এখন্তেক বহিবি
আৰু একেলগে ক'বি-
সূৰ্য শুনিবি চন্দ্ৰ শুনিবি 
বাট চাই আছোঁ আশাৰে 
পৃথিৱী শস্য-শ্যামলা কৰিবি

যতনাই থৈছোঁ দুপিয়লা আপং 
পুৰাং-আপিন দিনচান আৰু ঙচাম 
একেলগে বহি খাম
আৰু গাম এটি ভালপোৱাৰ ঐনিতম।
————————————————

Post a Comment

0 Comments