——————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মণ
গিৰিজা শৰ্মা
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
সংগীতা বৰা
সহযোগী সম্পাদকঃ
বিশ্বজিত গগৈ
উৎপল কলিতা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী,ৰেখা বৰকটকী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,গাৰ্গী ভূঞা, গীতাঞ্জলী কলিতা, ৰঞ্জন বৰা
________________________
বেটুপাতৰ ফটো-নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
——————————
অনুবাদ কবিতা
Welcome
from Sabbatical
by Famia Nkansa
Africa
I am trying to explain my intact clitoris,
the Jill Scott nestling against Obrafour
in a crevice of the shelf.
Nants ingonyama bagithi Baba
Gray eyes turn to slate. I cannot translate
the song. I've never fought for the right
to put the water basin down.
I stretch to steal the pencil,
so I can grab the sketchbook,
draw myself, angle my chin,
shade in my arch. They hold
both above my grasp. Why
have I never seen a war? Is my
family civilized or tribal?
মই মোৰ অক্ষত অপৰাজিতাপাহৰ কথা
বুজাবলৈ চেষ্টা কৰিছোঁ,
জিল স্কটে অব্ৰাফোৰৰ বিপৰীতে পাং
পাতিছে পেৰাৰ ফাঁটত।
নন্টছ ইংগনয়ামা বগীথি বাবা
ধূসৰ চকু দুটা স্লেটলৈ ৰূপান্তৰিত হয়। অনুবাদ কৰিব নোৱাৰোঁ গীতটো।
পানীৰ বেচিনটো থৈ দিবলৈ মই কেতিয়াও অধিকাৰৰ বাবে যুঁজ দিয়া নাই।
পেঞ্চিলডাল চুৰি কৰোঁ,
স্কেচবুকখনত মোক আঁকো,
মোৰ থুতৰিক কোণ কৰোঁ,
মোৰ ভাঁজবোৰত ছাঁ-পোহৰৰ খেলা
খেলোঁ।
ধৰি ৰাখে দুয়োটা মোৰ হাতৰ তলুৱাত। কিয় মই কেতিয়াও যুদ্ধ দেখা নাই?
মোৰ পৰিয়াল যেন সভ্য কিম্বা জনজাতীয়?
অনুবাদ- ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
——————————
মূল কবিতাৰ শিৰোনাম : Fame is a bee
মূল কবি : Emily Dickinson
ভাৱানুবাদ : ড০ জ্যোতিশিখা দত্ত
"খ্যাতি মৌমাখিৰ দৰে "
খ্যাতি মৌমাখিৰ দৰে
ই গুণ গুণাই
ই দংশন কৰে
আহ:, ইয়াৰ পাখিও আছে ।
—————————
কবিতা
মানুহৰ মাজত
( কবিবন্ধু অলকেশ কলিতাক সুঁৱৰি)
ধীমান বৰ্মন
আমি কথা পতা নাই৷দীঘলীয়া বিৰতি৷
তোমাৰ নিলিখা কবিতাবোৰক লগ পাইছো৷
শেষৰজন গ্ৰাহক বিফল মনোৰথেৰে
উভতি অহাৰ পাছৰ
পাৰাপাৰহীন আন্ধাৰত
মোৰ নিলিখা কবিতাবোৰে
জ্বৰ হৈ পুৰি নিছে
নিয়তিৰ কোনো সাঁচতীয়া ধন নথকা
পৃথিৱীৰ একমাত্ৰ কপালখন
আমি আমি হৈ নাই
আমাৰ কবিতাবোৰ সিঁচৰতি হৈ আছে
ক্ৰমাৎ নতুন হৈ গৈ থকা
আমাৰ পুৰণি পৃথিৱীত
কাব্য সমাচাৰ নুবুজা
কোপদৃষ্টিৰ পৰা আঁতৰত
মানুহৰ মাজত।
—————————
কবিতা বিচাৰি
গাৰ্গী ভূঞা
সেইদিনা কবিতা বিচাৰি নদী এখনৰ কাষলে গলোঁ
ঝৰ-ঝৰকৈ শিল কঁপাই পৰি থকা ঝৰ্ণাটোৰ কাষত থিয়হৈ কবিতাৰ এচাৰকণি বিছাৰিলোঁ
একেদিনাই, কবিতা বিচাৰি চলাথ কৰিলোঁ
শ্ৰমিকৰ দিললিপিৰ পৃষ্ঠা
ব্যৰ্থ প্ৰেমিকৰ হুমুনিয়াহ...
দুষ্ট কবিতাক বিচাৰি
শুনা পালোঁ সিংহৰ গৰ্জন
দেখা পালোঁ শেনচকুৱাৰ এজাক
লুপলুপাই থকা কুকুনেছীয়াৰ জিভাত আছে জানো কবিতা !
আগতে আইৰ আখলত কবিতা উতলি থাকে
পিতাইৰ জুলোঙাৰ পৰা কবিতাই জুমি চাই থাকে
এতিয়া পাহাৰে-ভৈয়ামে দেশ-দিগন্তে যেতিয়া কবিতা বিচাৰি ফুৰোঁ
ডাঁহে খুটি খাই মোৰ এঢলীয়া কপাল
মোৰ কলমত কবিতা নাই !
এজন কবি নিৰুদিষ্ট হোৱা দিনৰে পৰা
বতাহত বিচাৰি পোৱানাই কবিতাৰ কণ !
——————————
বৰ্বৰিক
মদাৰজ্যোতি
কটা মূৰ এটাই আদিৰ পৰা অন্তলৈ
চাই থাকে কুৰুক্ষেত্ৰ
পৰ্বতৰ শিখৰৰ পৰা
যুদ্ধখন চলি থাকে বাহিৰে-ভিতৰে
বলীয়ে বলহীনক কৰে বশ
বলীৰো বলক বশীকৰণ কৰাজনে
যুদ্ধতে থাকি নাথাকে যুদ্ধত
তেওঁ সকলোৰে উৰ্দ্ধত
কটা মূৰৰ গৰাকীৰ শক্তি আৰু উচ্চতাতকৈয়ো
মাতৃৰ আজ্ঞা পালি কটা মূৰৰ গৰাকী
আহিছিল যুদ্ধলৈ
নিপাত কৰিবলৈ তিনিপাট শৰেৰে
সসাগৰা পৃথিৱী;
এপাটেৰে শত্ৰু চিনা
এপাটেৰে মিত্ৰ চিনা
আনপাতেৰে বিনাশ কৰিবলৈ শতৰু-শিৱিৰ
এইখিনিতেই কূটনৈতিক কাৰবাৰ এটাৰ আৰম্ভ
“যথা ধৰ্ম তথা জয়” আপ্তবাক্যত প্ৰহসন সানি
দুৰ্বলীৰ সাহস হোৱা আশ্ৰিতক নিৰাশ নকৰা
কটা মূৰৰ গৰাকীয়ে আপোন হাতেৰে কৰিছিল
আপোনাৰ শিৰচ্ছেদ
দান কৰিবলৈ যোদ্ধাৰ বলি
যুদ্ধ অভিষেকৰ
শেষ হয় কুৰুক্ষেত্ৰ এখন
বিজয়ৰ কৃতিত্ব নাপায় যুদ্ধবাজে
কটা মূৰৰ গৰাকীয়ে কয়—
হে কৃষ্ণ, আপুনিয়েই নায়ক
… আজিও সুদৰ্শন ঘূৰে আমাৰ চৌপাশে
চক্ৰাকাৰে
উচ্চতম আস্থানৰ পৰা
কটা মূৰৰ গৰাকীয়ে চাই আছে
কোনোবাই লিখিছে সূত্ৰ —
যোগ্য ভোগ্য বসুন্ধৰা
কেৱল চাই চাই তেওঁ ভাবিছে —
ধৰ্মত ধৰ্ম নাই
ধৰ্মৰ অভিধা কেৱল
যোগ্যতা থকাৰ জীয়াই।
—————————
জীৱনবৃত্ত
জোনালী মজুমদাৰ
ঢৌ ফালি পানীৰ আইনাত লিখি গ'লো
খৰস্ৰোতা সময়ৰ পানী-কথা
বেলিয়ে মেলি দিয়া চিকুন পূৱাৰ পৰা
ৰাতিৰ শেষ ৰাগিনীৰ দুৱাৰ খুলি
অনৰ্গল গায় থাকিলো জীৱনবৃত্ত
জীৱনৰ সকলো কথাইতো সুখৰ নহয়
সকলো দুখেই আমাৰ স্থাৱৰো নহয়
কি আশা
কি নিৰাশা
সময়ৰ জঁট ভাঙি
পানীৰ ওঁঠত বাজি থাকে
যুদ্ধ নে বুদ্ধৰ মাত এটা
প্ৰাৰ্থনাই কয়,
মানুহৰ ওঁঠত ফুটা শংখৰ শব্দই
শামুকৰ সফল জীৱন
সফল-বিফল এই জীৱন ৰহস্যঘন
এৰা,এই পৃথিৱীৰ সকলো সাঁথৰ
পানীৰ পোহৰত আঁকিব নোৱৰো
নিজৰেই ছায়া
মনিব নোৱৰা এন্ধাৰত গনিব নোৱৰো
এই পানীৰ গভীৰ মায়া
আৰু জীৱননো কিমান গভীৰ
উদাৰ আকাশত ৰ'দ ,বৰষুণৰ
নিজস্ব অহংকাৰ ভেদি
বৈ থাকে যি
ভৱিষ্যত,বৰ্তমান অথবা সোঁৱৰাণিৰ
কঠিনতম গান এটি।
—————————
অৰণ্য নিনাদ
গীতা চহৰীয়া
শেৱালি বুটলি থাকোঁতে
কোমল ৰ'দৰ গোন্ধটোৱে
তাইক মেৰিয়ালে
তাইৰ নখত
নিয়ৰৰ মালিতা
অথচ অনামী বিষ
আপোন সকলো বাট
ক্ৰমে ঠেক হৈ আহিছে
অচিন এটা আবেলিয়ে
আমাৰ সপোনক মৃত ঘোষণা কৰিবলে
ইমান সহজনে প্ৰশ্নক উত্তৰবিহীন কৰা
আজি-কালি
অসহজবোৰো সহজ বাবেই
এজাক বতাহতেই উঘালি পৰে জ্ঞানবৃক্ষ
তাত লহপহকৈ বাঢ়ে ব্যস্ততাৰ শিপা
আধুনিক ব্যস্ততাৰ ঠাল-ঠেঙুলিয়ে
অৰণ্য নিনাদক কিমান তুষ্ট কৰিলে নাজানো
পুৰণি গছ এজোপাৰে মোৰ ভাবনাক সৎকাৰ কৰিলোঁ
পোহৰকতো আন্ধাৰ হ'বলৈ দিব নোৱাৰোঁ
মাটিৰ মাত শুনিছোঁ
শুনিছোঁ মাতিৰ পুৰাতন মাত।
——————————
ভূঁইবোৰ ধান হোৱাৰ পাছত...
অৰ্চনা ঠাকুৰীয়া
গধূলি-গোপালৰ জন্ম- কাহিনীটো
পাহাৰখনে জানে
জানে চৰাইবোৰেও
সেয়ে ই ৰাণীৰ দৰে গুলপীয়া
লৱনুৰ দৰে কোমল
চৰাইবোৰে কয়
আকাশ বিশাল– আকাশৰ দৰে হোৱা
পাহাৰে কয়
মাটি বৰ ৰসাল– মাটিৰ দৰে হোৱা
মাটিৰ ৰঙেৰে মাতাল
গধূলি-গোপাল এজাক বৰষুণ হয়
চৰাইবোৰে জুই হৈ আকাশ চুৱে
পাহাৰখন ডুবিবলৈ ধৰে
বৰষুণৰ নিচাত
ভূঁইবোৰ ধান হোৱাৰ পাছত
গধূলি- গোপালে গান গায়
নৱজাত পুলিটোলৈ চাই !
——————————
ব্লেকহ’ল
দিলাল আহমেদ
ফাগুনৰ ধূলিয়ৰি বাটে
মোৰ লগ নেৰে৷
আচলে মই এক বেদনাহত ব্লেকহ’ল
তুমি যাক ভাবিছিলা মেধাবী ফুল৷
চাতকী ৰ’দে চোতাল চুওঁতে
শিলৰ কাষত বাজিছিল বাঁহীৰ বিননি
এটা আন্ধাৰ বৃত্তত এটি গছপুলি বাঢ়িছিল
বৃত্ত ফালি লাহেলাহে৷
হেমন্তৰ হিমে ধোৱা সন্ধিয়াত
অশান্ত ঢৌৰ শীতলতাবোৰ
ৰাখি থৈছিল সযতনে৷
শৰীৰত জোৱাৰ আহিছিল
বাজিছিল নহবত---
ইচ্ছামতে উঠুৱাই দিছিল
ক্ৰোধ, ক্ষোভ, জয়-পৰাজয়৷
জিঞা পাখি যেন জীৱনটো নো কি!
হৃত হৃদয়ৰ ব’হাগ আৰু বাঁহী৷
জীৱনটো মৃত্যুৰ এটি ব্লেকহোল
এটি নিৰ্ধাৰিত পল৷
সকলো পৰম্পৰা মানি
আগুৱাই যায় অধীৰ অপেক্ষাৰে
নিৰ্ধাৰিত পলটিৰ ফালে৷
——————————
চাৰিটি কবিতাৰ স্তৱক
ৰেখা বৰকটকী
১.
চৰাইলৈ মালিতা
শাৰী পাতি পাতি
পলৰীয়া পক্ষী
সিহঁতৰো আছে দিনলিপি
জীৱন অৰণ্যত
উটি-ভাহি ফুৰে
নাইচোন নিজাকৈ ঘৰ একোটি!
২.
বিষাদ- সঙ্গীত
আয়ে চৰুক সোধে
তোক আজি পাতিমনে?
কৃষক জনে সীৰলুক কয়
তোক কষ্ট দি দি
মই আজি ভোকাতুৰ!
কবিৰ উদ্দাত্ত কণ্ঠই
কবিতাক সোধে,
কিমান দৰদী হ'ব পাৰ' তই
নিচুকাবলে' ক্ৰন্দসী পৃথিৱী?
৩.
অচিনাকী সুৰ
হাঁওফাও, অলিন্দত
পিঞ্জৰাবদ্ধ তেজৰ সোঁত
আকাৰহীন অৱয়ৱত বন্দী
সমস্ত দেহৰ ৰক্ত প্ৰৱাহ
সিৰাই- উপসিৰাই
অচিনা সুৱাস...
৪.
প্ৰেম সঙ্গীত
নীলা আৰু হালধীয়াৰ সংমিশ্ৰণে
সেউজীয়াৰ সৃষ্টি কৰাৰ দৰে
আমাৰ আত্মীয়তাত
গঢ় লৈ উঠক
এক ঔফুলীয়া ৰং
যি ৰং দেখি
সুনীল আকাশমাৰ্গৰ শিৰ নত হয়
সমুদ্ৰৰ উন্মাদ উৰ্মিমালাৰো গতি ৰুদ্ধ হয় ....
——————————
সুৰ
চয়নিকা ভূঞা
কাহিনীটো ক্ৰমাত ডাঙৰ হৈছে
এমুঠি উশাহৰ কথোপকথন
কথাবোৰ আউপুৰণি হ'বলৈ লওঁতেই
সন্মুখত
এটা বেলিফুলৰ সপোন
চেগুন পাতৰ বুকুত অলেখা কাহিনী
অথচ,
তুমি মই সকলো জ্ঞাত
গৈ থকাৰ বাটেৰেই গৈ থাকো ব'লা
আৰুনো কিমান পৰ...
অপেক্ষাৰ অন্তত
এটা সুৰ
আৰু তাতেই
ভালপোৱাৰ গান ।
—————————
মোৰ সৰু চহৰখনৰ আত্মগাথা
গিৰিজা শৰ্মা
পৰিবৰ্তনৰ পদাঘাতে পংগু কৰা
মোৰ সৰু চহৰখনৰ জনজীৱন
য'ত গেলি-পচি জী থাকে অনেক যৌৱন
শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন
কিছু অনাখৰী শিশুৰ অনৰ্থক কল্লোল
কিছু নিবনুৱা যুৱকৰ
ভগ্ন মন
ভগ্ন সপোন
অৱহেলিত মোৰ সৰু চহৰখন মাজে-সময়ে জকমকায়
উন্নাসিক উন্নয়নৰ কাণ তাল মাৰি ধৰা আতজবাজী,
বজাৰ, বিজ্ঞাপন ,
বুকুতে ছাইনবোৰ্ড, বেনাৰ
চুকে-কোণে পোহৰৰ পূৰ্ণ পয়োভৰ
চাৰিআলি, চ'কত অহৰ্নিশ আড্ডা
এচামৰ অনৰ্থক ব্যস্ততা
এটা সময়ত উন্নয়নৰ সকলো প্ৰক্ৰিয়া স্থবিৰ হয়
চহৰখনলৈ আগৰ জৰাজীৰ্ণ অৱস্থা ঘূৰি আহে
সেই একেই
ৰাতি দুপৰতো উখনা-উখনি, উচ্চ -বাচ্য
কেতিয়াবা হতাহতি , কেতিয়াবা গতিয়াগতি
ৰঙীণ ৰাগিয়ে পাহৰাই ৰাখে আপোন অস্তিত্ব
প্ৰাপ্য পৰমুখ
পাহৰাই ৰাখে যুঁজ দিয়াৰ মন্ত্ৰ
পৰিবৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ চহৰৰ জনজীৱন
য'ত গলিয়ে গলিয়ে গিজগিজাই আছে
স্খলিত যৌৱন।
——————————
ই চি জি
জুৰি ভট্টাচাৰ্য
ভিতৰখন টুকুৰিয়াই চালো৷
এয়া কি !
ৰুইছিলো সহস্ৰবীজী৷
“যোগীবেল”হে পালোঁ।
আত্মকথাত আছিলো“ ঔকুঁৱৰী ”
এয়া কি
ধূঁ ধূ ছাঁইৰ তপত বুকত
তেজীমলা হ’লোঁ ।
এতিয়া ভিতৰত অনুৰাগ নে বিৰাগ
জুমি চাব লাগিব ৷
'যোগীবেলে’ ক’ব ।
—————————
ফাগুন
পৰশমণি বৰদলৈ
মোৰ কাঙাল বুকুত
কিহৰ নিজৰা বোৱালা
গুপুতে সিঁচিলা অনুৰাগৰ বীজ
যেতিয়াৰে পৰা তুমি
থিত ল’লা মোত
বুকু খামুচি শিপাই মেলিলে পোখা
লিহিৰি মন বননিত
বলিল দুষ্ট ফাগুনৰ বা
আৰু
মোৰ চকুৱে তোমাৰ চকুত বুটলিছে
জীৱন জীয়া ৰহঘৰা।
——————————
নাৰী
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
নাৰী—
তুমি ধানখেৰৰ পুঁজিৰ উহউহীয়া উম
তুমি দোকমোকালিৰ প্ৰত্যুষৰ প্ৰতীক্ষা
কঁহুৱাই চুলেই তনুকুঁৱলীৰ ধোঁৱা উৰে
চকুত তোমাৰ হৰমোহন ভঙুৱা নিচা
বৰ্হমথুৰিয়া ওঁঠত তুঁহজুইৰ চেঙা
নীৰৱ মলয়াই কয়-
"আহা মোক চুই দিয়া“
দুইটিলাত গজা গৰুখিচ দুটি আজি আকৰ্ষণীয়
চকুৰ পলকতেই হেৰাই যাব বিচাৰে চেতনাৰ মানচিত্ৰ
পদ্মনাভৰ খাদত গজা অপৰাজিতাৰ গোপন নিমন্ত্ৰণ
তাতেই সপোনৰ উহউহীয়া শেতেলি
দুডাল শিমলুৰ ভাঁজত ব্যাকুল সময়
পাপ-পূণ্যৰ খেলা খেলে প্ৰহৰ ধৰি
সেয়াতো তনু নহয় এক অমোঘ আকৰ্ষণ
স্পৰ্শ কৰিলেই জাগি উঠে গীত-কৱিতা
যাত্ৰা আৰম্ভ হয় অন্বেষণ পুৰাণ-কীৰ্ত্তন
নাৰীদেহ সেয়ে আজিও নিৰ্বাক ভাষা
যাৰ প্ৰতিডাল ৰেখা প্ৰতিটো বিন্দুৰ শেষত শঙ্কৰ-মাধৱ মাইকেল এঞ্জেলো মাটাহাৰী হেলেনৰ সপ্তকম্পন...
——————————
ফাগুনৰ স্তৱক
মনালিছা শইকীয়া
১.
শীতত শিল হোৱা গছবোৰে
অপেক্ষা কৰিছিল এজাক বৰষুণলৈ
ধূসৰ কুঁৱলীৰ চাদৰখন আঁতৰাই
লাহে লাহে আহি আছিল ৰ'দকাঁচলি
২.
এখিলা দুখিলাকৈ সৰি আছে পাতবোৰ
হালধীয়া সৰাপাতত কত প্ৰেমৰ নিলিখা ইতিহাস
ধূলি ধূসৰিত পৃষ্ঠাবোৰ লুটিয়াই চালে দেখিব
লঠঙা ডালত নিগৰি অহা নিয়ৰ টোপালৰ বেদনা
৩.
উতলা ফাগুনৰ বা লাগি
উৰিছে আজি উতনুৱা চুলি
চুলিৰ মায়াত
বলিয়া মাটিৰ কায়া
ৰাগ বসন্তৰ অনেক উপমা।
——————————
প্ৰতীক্ষা
নৱজ্যোতি শইকীয়া
প্ৰতীক্ষাৰ আছে মৌন মেদুৰ ভাষা
আছে বুকুৰ মাজত অদ্ভুত তৃষা
প্ৰতীক্ষা আছে বাবেই
জী থাকে দিন আৰু ৰাতিৰ এনাজৰী
সময়ে দিয়ে প্ৰতীক্ষাক
তেজ,ঘাম আৰু চকুপানী
এখন বিছনাৰ বুকুত
যিদৰে হয় সপোনৰ জন্ম আৰু মৃত্যু
প্ৰতীক্ষাৰো থাকে সপোন
জন্ম আৰু মৃত্যু আপোন
ভালপোৱাই প্ৰতীক্ষাক
কৰি তোলে মহীয়ান
প্ৰতীক্ষা হয় ভালপোৱাৰ জীৱন
নিশা প্ৰতীক্ষাৰ পাছত
পুৱা হয় পৃথিৱী জ্যোতিষ্মান।
——————————
মায়াবিনী
মুক্তিস্নাতা শৰ্মা
তোমাৰ নামৰ প্ৰেমত পৰিছো
তোমাৰ সুৰৰ প্ৰেমত পৰিছো
তোমাৰ বিশালতাৰ প্ৰেমত পৰিছো
তোমাৰ সত্তাৰ প্ৰেমত পৰিছো,
তোমাৰ অনুভৱৰ প্ৰেমত পৰিছো
তুমি মোৰ লগত নাই,
এতিয়াও তোমাৰ স্মৃতিবোৰৰ প্ৰেমত পৰিছো,
তোমাক লগ পোৱাটো এটা সপোনৰ দৰেই,
তোমাৰ বাবে অপেক্ষা কৰি প্ৰেমত পৰিছো ,
তুমি জুবিন , তুমিয়েই প্ৰেম ,তুমিয়েই ভালপোৱা, তুমিয়েই মহানুভাব,
তুমিয়েইতো মোৰ ৰাগ অনুৰাগ...
এতিয়া কৈছোঁ -
justice_for_zubeen_
garg
——————————
অগ্নিপ্লাৱন
ৰশ্মি দলে
যিদিনা তোমাৰ বুকুৰ পৰা
উলিয়াই দিলা
তেতিয়াৰ পৰাই
মোৰ জীৱনটো
আৰম্ভ হ'ল যাযাবৰী।
ভাষাবোৰ হেৰাই গ'ল
শব্দ মোৰ নোহোৱা হ'ল
জীৱনৰ গতিপথ দুৰ্বিষহ হ'ল
ৰৈ আছে মাথোঁ
অনাকাংক্ষিত দাবানল।
——————————
আঘোণ
ৰূপা ৰাণী দেৱী
কুঁৱলীৰ ওৰণি গুচাই
ৰ’দালিৰ ফেহুঁজালি ৷
প্ৰাপ্তিৰ সুগন্ধি বিলোৱা
সোণোৱালী ধাননি পথাৰ
ঘৰলৈ লখিমী আদৰিবলৈ
লাৱণী হাতেৰে
দাৱনীয়ে কাটে
বৰা,জহা,সুৱাগমণি
লাহি-শালি,মালভোগ আৰু যে কত ধান ৷
অজলা ককায়েও
ডাঙৰি বান্ধি, এবাৰ বিৰিয়া মাৰিত,এবাৰ মুৰতে কঢ়িয়াই
আঘোণৰ সোণগুটি
কত যে হেঁপাহ ৷
ভৰালত লখিমী ভৰাব
কৃষকৰ স্পৰ্শত সঘন হয় উশাহ
লিহিৰি ওঁঁঠত পকা ধানৰ সুবাস ৷
তাৰ মাজতে আছে নেকি বাৰু
মোৰ লখিমীজনী ?
আঘোণৰ কুঁৱলীয়ে বাট ভেটি
কৰিছে আমনি
ককায়ে ভাৱে, মোৰ গাৱঁত আঘোণ নামিছে ৷
মোৰ লখিমীজনীৰ হাতৰ পৰশত
জীপাল হৈ উঠিছে লখিমী পথাৰ ৷
ককায়ে ভাবে ,
শাওণৰো ৰোৱনী তুমি
আঘোণৰ দাৱনী ,
মোৰ ঘৰৰ লখিমী হ’বা ৷
মোৰ ধাননিত সোণগুটিৰ দৰে
তুমিও মোৰ মৰমৰ
তোমাৰ আচঁলত আঘোণৰ গোন্ধ
সোণগুটিৰ কাষলৈ খৰকৈ নাযাবা
নঙঠা নৰাই চুপতি মাৰিলে
উজুটি খাই পৰিবা
কিয়নো আঘোনৰ কুঁৱলীয়ে
বাট ভেটি কৰিব আমনি৷
আয়েও আগলতি কলপাট লৈ
লখিমী আদৰাৰ কৰিছে প্ৰস্তুতি ৷
——————————
নিলাজ ক'লাজ
ৰাতুল চেতিয়া ফুকন
এখন নিলাজ ক'লাজ যেন
মহানগৰীৰ সন্ধ্যা।
কামনা ৰঙীন পথ উপপথ
মুক্ত আৰু আবুৰৰ টনা আঁজুৰাত
ৰাতি গভীৰ হয়
অশ্লীল হৈ উঠে বতাহ
ষ্ট্ৰিত লাইতৰ বাবে
নিলাজ ক'লাজ খন
পথৰ পৰা বিলাসী হোটেলৰ কোঠালৈ
মাতাল হৈ উৰি যায়
আভিজাত্য এটা সংক্ৰমক বেমাৰ যেন
লাহে লাহে বিয়পি পৰে।
আৰু এদিন
এখন নিলাজ ক'লাজ হৈ
ওলমি ৰয় মহানগৰীৰ সন্ধিয়াবোৰত।
—————————
অৰণ্য মানৱৰ ক্ৰুন্দন
তৃষ্ণা মণি দাস
লুইতৰ বুকুৰ তপ্ত বালিত, যাৰ ঘামে লিখিলে দস্তাবেজ,
তেওঁ যে ধৰিত্ৰীৰ প্ৰকৃত সন্তান, প্ৰকৃতিৰ এক অভেদ্য তেজ।
শুষ্ক মৰুৰ বালিচাপৰিত যি সিঁচিলে আশাৰ বীজ,
মোলাই কাঠনি গঢ়ি তুলিলে, যাৰ সাক্ষী বৰলুইত।
সাত সাগৰৰ সিপাৰেও বিয়পিলে যাৰ কৃতিৰ গান,
তথাপিও মাটিৰ মানৱ তেওঁ, সৰল যাৰ প্ৰাণ।
সেউজীয়া সপোনেৰে জীপাল কৰিলে মৰা সুঁতিৰ পাৰ,
বাঘ-হাতীৰ কলৰৱে ভাঙিলে নিৰ্জনতাৰ দুৱাৰ।
কিন্তু হায়! স্বাৰ্থপৰ দানৱৰ পৰিল কদৰ্য দৃষ্টি,
বিকাশৰ নামত ধ্বংসলীলা, পুৰি ছাই কৰিলে সৃষ্টি।
বণিকৰ লোলুপতাই বুজি নাপায় অৰণ্যৰ ভাষা,
নিমিষতে জুইত জাহ গ’ল এখন সেউজীয়া আশা।
ছাইৰ মাজত বহি কান্দে আজি অৰণ্য মানৱ,
নিষ্ঠুৰ পৃথিৱীয়ে দেখুৱালে কেনে কুৎসিৎ তাণ্ডৱ।
তথাপিও তেওঁ হাৰ মনা নাই, বুকুতে সাহসৰ ভেটি,
ছাইৰ তলতো আকৌ গজিব সেউজীয়াৰ নতুন খেতি।
——————————
সৰাপাতৰ জীৱন
বিকাশ গোহাঁই
ফাগুনৰ পচোৱা বলিল কি নবলিল
পকা পাত সৰিবলৈ আৰম্ভ কৰিলেই।
পকা পাত সৰাতো আছে একোটা সম্ভাৱনাপূৰ্ণ জীৱন
লঠঙা ডালত কুঁহিপাত মেলে, সুখৰ বতৰা আনে
সৰাপাতৰ প্ৰতি তোমাৰো আছে অদম্য হেঁপাহ
সৰাপাত তুমি বুটলি আনা, আলপনা অঁকা
তোমাৰ বুকুতো সৰাপাতৰ এটা দ’ম
দুষ্ট ফাগুনে উৰুৱাই নিব খোজে।
—————————
পোৱা নোপোৱাৰ সন্ধি
আয়শা ছিদ্দিকা (আছৰি)
সময়ৰ সোঁতত বৈ যায় সপোন
নৰয় ক্ষণমান সময়
থিতাতে ভাঙি হয় থান বান
তিল তিলকৈ সযতনে সজোৱা
ৰহণ সনা কল্পনাৰ কাৰেং।
দেশে তৰিব নোৱাৰে সংসাৰ
জীৱনৰ কঠিন ধূলিয়ৰি পথত
কত অমীমাংসিত ৰহস্য ৰয়
স্বাৰ্থৰ ৰোষত কুকুৰিকণা হৈ
দেশৰ নামত ভুৱা জুৰি নৈ বোৱাই।
খালী কাঁহী হাতত বন্দী মায়া
কত সপোন ভাঙে পলকতে
জীৱশৈলীৰ প্ৰতিটো ধাপ গণি
পোৱা নোপোৱাৰ সন্ধিক্ষণত
বাজে হাঁহি কান্দোনৰ ৰোল।
——————————
জোনবিল মেলা
মিনা কুমাৰী বৰুৱা
জোনবিল নদীৰ পাৰত
বহিছে বিনিময় প্ৰথাৰ
বজাৰখনি
পাহাৰ ভৈয়ামৰ পৰা
নামি আহিছে
মামা মামী
কান্ধত মেট মৰা ভাৰখন লৈ
পাহাৰৰ আলু কচু
আৰু হালধি ।
ভৈয়ামৰ পৰা সাদৰে
লৈ যাব তেওঁলোকৰ
প্ৰয়োজনীয় বস্তুবোৰ
জোনবিলৰ এই বাকৰিত
নানানয় জাতি উপজাতিৰ
সাংস্কৃতিক আৰু ৰহণ সানি
মেলাখনে সোণত সুৱগা চৰাইছে
তাতে বহিছে আকৌ
কবিতাৰ মেল
অসমৰ চাৰিওদিশৰ পৰা
বিশিষ্ট কবিসকলে
কবিতা পাঠ কৰি
সাহিত্যিক জগতলৈ
সুনাম কঢ়িয়াই আনিছে।
যুগে যুগে
এই জোনবিল মেলাই
আৰু সমৃদ্ধি বহাওক
জোনবিল মেলাৰ
দীৰ্ঘায়ু হওক ।
—————————
কপালত তোমাৰ উদিত ভাস্কৰ
অঞ্জনা ৰূপা দাস
আমাৰ জীৱনলৈ যেতিয়া সুখৰ জোনাক নামে-
তোমাৰ কপালত জ্বলে
ৰদ্ৰৌজ্জল নক্ষত্ৰ
দুখনি হৃদয়ত প্ৰণয়ৰ
বৰষুণ নামে
জীপাল হৈ গোলাপৰ পাপৰি
কামনাৰ জলধাৰাত
লাহি তৃষ্ণাই দেহ পখালি
সপোনৰো গজে কাঁড় পাখি–
অভিমানৰ চুচুক-চামাকত
অনামিকাই পিন্ধি ল'লে
জাপিসজীয়া আঙুঠি
লিহিৰি আঙুলিৰ জোঙাল নখত
লাজবোৰে গৃহ সাজে-
ডালিমী গুটীয়া দাঁতৰ ফাঁকে
হাঁহিৰ মুকুতা সৰে
মৰমৰ সমুদ্ৰত আনন্দৰ জোৱাৰ
প্ৰেম মন্দাকিনীত সাতুৰি-নাদুৰি
গুণগুণ গানৰ কলিটিয়ে
পেখম ধৰোঁতেই
বাউলী ফাগুনে উৰুৱাই নিয়ে
তোমাৰ উঠন বুকুৰ ৰিহাৰ আঁচল-
ৰংচঙীয়া আবিৰে দুগাল গুলাপী কৰি
কোমল ওঠৰ তপত চুম্বনে
কপালত আঁকে প্ৰেমৰ প্ৰতিশ্ৰুতি
আলিঙ্গনৰ মধুচন্দ্ৰিকাত
ৰঙীণ হিয়াৰ সপোন
হৃদয়ৰ কোঁহে কোঁহে আকোঁ মাথোঁ
বিশ্বাসৰ আশ্বাস আৰু
ভালপোৱাৰ স্থায়ী ভাস্কৰ্য।
—————————
প্ৰাপ্তি আৰু অপ্ৰাপ্তি
সুমিত্ৰা ডেকা
প্ৰাপ্তিৰ আনন্দত
অপ্ৰাপ্তিৰ বেদনা
সুখ হৈ পৰে লুপ্ত
জীৱন পৰিশ্ৰান্ত ।
বিচিত্ৰ মানৱ জীৱন
বুকুত থকা সুখক বিচাৰি
ওৰে জীৱন ক্লান্ত
বিষাদগ্ৰস্ত ।
প্ৰেম আৰু ত্যাগ
সুখৰ ভাণ্ডাৰ
দিব পাৰে অনাবিল শান্তি
মনত তৃপ্তি ।
——————————
নিৰৱ ভোগালী
আল্পনা শৰ্মা
এইবাৰ ভোগালী নিৰৱ নিসংগ
নিস্প্ৰভ মেজিৰ জেউতি
ৰংহীন শুকান ভোগমন হঁতৰ
বিহুৱা মনবোৰ
আচহুৱা ঠাইৰ হালধীয়া
বন কপাহী জুপিও নুফুলা হ'ল
জীৱন নদীৰ ঢৌত খোপনি হেৰায়
তোমাক বিচাৰি
ৰ'দে ৰ'দে উৰি আহে ধুমুহা
মন জ্বলিছে জুৰুলা হিয়াত
নিশাৰ নিস্তব্ধতা জয় কৰি
এতিয়া উন্মাদ উশৃঙ্খল জীৱন সুৰ
নাই তাত ভাৱৰ হিল্লোল
শব্দৰ ললিত ঝঙ্কাৰ
ছন্দৰ মন্দাক্ৰান্তা
কিয়নো জীৱন-পটত অঁকা আছে
যে তোমাৰেই ছবি
আছে কণ্ঠস্বৰ।
—————————
ভাল পাওঁ তোমাক
পাপু জ্যোতি পেগু
ভাল পাওঁ তোমাক
কেনেকৈ কঁও তোমাক
ভাল পাওঁ বুলি!
নাজানো প্ৰথম চিনাকিতেই
কিয় তোমাক নিজৰ মাজতেই,
ইমান ধুনীয়া জোনটোৰ দৰেই দেখিলোঁ
সঁচাকৈ হৈ জানো তুমি সেই জোনটোৰ দৰেই!
ভাল পাওঁ তোমাক
নাজানো তোমাৰ সেই মাতষাৰে
কেনেকৈ মোৰ হৃদয়ত ঠাই লৈছে!
হয়টো এইয়া ভাল লগা নে ভালপোৱা?
ভালপোৱা জানো এটি হাঁহিৰে আৰম্ভ নহয়,
কিন্তু ভাল লগাটো ক্ষন্তেকীয়া
ভালপোৱাটো ক্ষন্তেকীয়া হ'ব নোৱাৰে।
নহয় এইয়া মোৰ তোমাৰ প্ৰতি থকা ভালপোৱা,
ভাল পাওঁ তোমাক
সেইবাবেই ধুনীয়া জোনটোৰ দৰেই তুমি,
কেনেকৈ কঁও তোমাক
ভাল পাওঁ বুলি!
তুমি জানো বুজিবা মোৰ এই ভালপোৱাৰ ঠিকনা,
নাজানো তোমাক মই ভালপোৱাৰ বৰ্ণনা দিবলৈ,
নাজানো তোমাক মোৰ এই ভালপোৱা প্ৰকাশ কৰিবলৈ;
তথাপিও তোমাক কঁও
শুনা! প্ৰিয়তম ভাল পাওঁ তোমাক
জিলিকি থাকা সদায়,
মোৰ দুনয়নত জোনটোৰ দৰেই
যাতে মই তোমাক চাইয়ে জীয়াব পাৰোঁ।
ভাল পাওঁ তোমাক
নাজানো তোমাৰ বাবে মই কি?
কিন্তু, তোমাক মই ভাল পাওঁ বাবেই,
তুমি মোৰ দুনয়নত জোনটোৰ দৰেই
উজ্জ্বল আৰু ধুনীয়া।
——————————

0 Comments