————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
জাৱৰ আৰু দাইল– শেহতীয়াকৈ অসমীয়া কাব্য সাহিত্যত সৰ্বাধিক চৰ্চিত বিষয়। জাৱৰে আদৰ পোৱা কাৰবাৰটোক প্ৰত্যাহ্বান জনাবলৈয়ে দাইলক পৰিকল্পিতভাবে কাব্যপ্ৰেমীৰ মাজলৈ পৰিবেশনৰ বাবে আগবঢ়োৱা হৈছে বুলি বিজ্ঞমহলে মতপোষণ কৰিছে।
অসমৰ জাতীয় কবি মহীৰূহ নীলমনি ফুকনদেৱে অসমী আইক গৌৰাম্বিত কৰাৰ এই বৰ্ণিল মুহূৰ্তত জাৱৰসৃষ্ট বিতৰ্ক সঁচাকৈয়ে হতাশজনক।
প্ৰান্তিকৰ দৰে অসমৰ এখন মান্য আলোচনীয়ে কবিতাৰ প্ৰকাশৰ ক্ষেত্ৰত কবিতাতকৈ কবিক প্ৰাধান্য দিয়া বিষয়টোও দুৰ্ভাগ্যজনক। জাৱৰবোৰে কাহানিও প্ৰান্তিকৰ পাতত প্ৰকাশৰ যোগ্যতা অৰ্জন নকৰিলেহেঁতেন যদিহে সেয়া কোনো যদু মধুৱে লিখিলেহেঁতেন।
প্ৰান্তিকৰ দৰে মান্য আলোচনীবোৰ যিহেতু নবীন কবিৰ বাবে এক অনন্য স্বীকৃতি ,সেয়ে নিৰপেক্ষ দৃষ্টিভঙ্গীৰে এইক্ষেত্ৰত উদীয়মান কাব্যপ্ৰতিভাক তুলি ধৰাৰ সময় সমাগত।প্ৰতিষ্ঠিত কবিসকলৰো এইক্ষেত্ৰত ভূমিকা অপৰিসীম।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
————————————————————
কবিতাৰ আড্ডা
(কবিতা সম্পর্কে)
উদয় কুমাৰ শৰ্মা
কবিতা, সদায় আধা-দেখা, আধা-শুনা, আধা-বুজা হ'ব লাগে -- যিটো দেখি, অন্ধজনৰো চকু মেল খাব পাৰে ; যাক শুনি, কলাজনৰো কাণ থিয় হ'ব পাৰে ; বোবাৰ মুখতো মাত ওলাব পাৰে আৰু, নিৰক্ষৰজনৰো মুখত হাঁহি বিৰিঙি উঠিব পাৰে। কিন্তু, সি ( কবিতা) আধা-খুন্দা অথবা আধা-সিজা হ'ব নালাগে। কবিতা, সদায় মধু-মঙ্গল ; যিয়ে, কবিৰ হৃদয়ৰ বাণী শুনায়।
একো এটাকে নকৈ, নীৰৱে অজস্র কথা ক'ব পৰা -- কবিতা হ'ল একোটা ভাস্কর্য ; তেল পুৰি পোহৰাই ৰখা -- একোগছি মাটিৰ চাকি।
কবিতা পঢ়ি -- হস্পিতালত পৰি থকা ৰোগীও সুস্থ হৈ ঘৰলৈ উভতিব পাৰে ; কোনোবাৰ প্ৰাণে কান্দি উঠিব পাৰে ; কাৰোবাৰ চুলিৰ আগেদি টোপ টোপকৈ বৰষুণ সৰিব পাৰে।
কবিতা, কুঁৱলীৰ দৰে ৰহস্যময় যদিও -- ই, শব্দৰ খেল, কথাৰ পাক, আত্মবিবৃতি বা সাঁথৰ নহয়। কবিতা, সদায়ে আধৰুৱা।
কবিতাই আমাক -- নলাৰ জঘন্য পানীতো সমুদ্ৰৰ গৰ্জন শুনাব পাৰে ; পৰ্বতৰ প্ৰকাণ্ড শিলক, বৰফে সাবটি চুমা খাই থকাৰ দৃশ্য দেখুৱাব পাৰে ; এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ প্ৰতি থকা আমাৰ আকুলতাক আৰু দৰদী কৰি তোলাৰ মন্ত্ৰ শিকাব পাৰে।
কবিতা কেনে হ'ব লাগে -- সেই কথা, আজিলৈকে কোনেও ডাঠি ক'ব পৰা নাই ; নোৱাৰেও।
————————————————————
অনুবাদ কবিতা
অমরত্বের গোপন কথা
পার্থ ঘোষ
তোমাকে কবিতাই লিখতে হবে
এমন দিব্যি কেউ দেয়নি।
একটাও কবিতা না লিখে
তুমি কাঙ্ক্ষিত অমরত্বও পেতে পারো
পেতে পারো শতাব্দীর শ্রেষ্ঠ নীলাভ মৃত্যুটি,
তবে একটাই শর্ত -
অন্তিম ক্ষণের আগে তোমাকেও জানতে হবে
তুমিও জীবিত ছিলে এতদিন।
অমৰত্বৰ গোপন কথা
মূল কৱিঃ পাৰ্থ ঘোষ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তুমি কৱিতা লিখিবই লাগিব
এনে শপঠ কোনেও দিয়া নাই৷
এটাও কৱিতা নিলিখাকৈ
তুমি কাঙ্খিত অমৰত্ব পাব পাৰা
পাব পাৰা শতাব্দীশ্ৰেষ্ঠ নীলাভ মৃত্যুটো,
পিছে এটাই চৰ্ত-
অন্তিম ক্ষণৰ পূৰ্বে তুমিও জানিব লাগিব
তুমিও জীৱিত আছিলা ইমানদিনে৷
———————————————
কমলা ভাচিনৰ কবিতা
মূল হিন্দী কবিতাৰ শিৰোনাম:
কিওকি মে লৰকি হু মুঝে পঢ়্হনা হে
অসমীয়া অনুবাদ
ড০ জ্যোতিশিখা দত্ত
কবিতাৰ শিৰোনাম :
যিহেতু মই ছোৱালী মই পঢ়িব লাগে
এগৰাকী পিতৃয়ে নিজৰ ছোৱালীজনীক কয় - -
"পঢ়িব লাগে পঢ়িব লাগে, তুমি কিয় পঢ়িব লাগে?
পঢ়িবলৈ ল'ৰাই যথেষ্ট, তুমি কিয় পঢ়িব লাগে?"
ছোৱালীজনীয়ে দেউতাকক কয় - -
"সুধিছে যেতিয়া শুণক মই কিয় পঢ়িব লাগে,
যিহেতু মই এজনী ছোৱালী মই পঢ়িব লাগে"।
মোৰ পঢ়াত বাধা আছে সেয়ে মই পঢ়িব লাগে
মোৰ মাজতো তাৰুণ্যতা লুকাই আছে সেয়ে মই পঢ়িব লাগে
মোৰ সপোনবোৰ সাৰ পাইছে সেয়ে মই পঢ়িব লাগে
কিবা এটা কৰিবলৈ মন মেলিছে সেয়ে মই পঢ়িব লাগে
যিহেতু মই ছোৱালী মই পঢ়িব লাগে।
মই দলাৰ বগৰী হ'ব নিবিচাৰোঁ সেয়ে পঢ়িব বিচাৰোঁ
মই নিজৰ ভৰিত ঠিয় হ'ব বিচাৰোঁ সেয়ে পঢ়িব বিচাৰোঁ
মনৰ ভয় দূৰ কৰিব বিচাৰোঁ সেয়ে পঢ়িব বিচাৰোঁ
নিজেই নিজকে গঢ়িব বিচাৰোঁ সেয়ে পঢ়িব বিচাৰোঁ
যিহেতু মই ছোৱালী মই পঢ়িব বিচাৰোঁ।
বহুতো জোৰ জুলুমৰ পৰা বাচিবলৈ মই পঢ়িব বিচাৰোঁ
ন্যায় কানুনবোৰক জুখি চাব বিচাৰোঁ, সেয়ে পঢ়িব বিচাৰোঁ
নতুন ধৰ্ম ৰচনা কৰিব বিচাৰোঁ, সেয়ে পঢ়িব বিচাৰোঁ
সকলোবোৰেইতো সলাবলৈ বিচাৰোঁ, সেয়ে পঢ়িব বিচাৰোঁ
যিহেতু মই ছোৱালী মই পঢ়িব বিচাৰোঁ l
প্ৰত্যেক জ্ঞানীক জনাবলৈ আছে, সেয়ে পঢ়িবলৈ আছে
মীৰাৰ গান গাবলৈ আছে, সেয়ে পঢ়িবলৈ আছে
মোৰ আপোন গীত ৰচিবলৈ আছে, সেয়ে পঢ়িবলৈ আছে
নিৰক্ষৰ দুনিয়া নাই এতিয়া, সেয়ে মই পঢ়িব লাগে
যিহেতু মই ছোৱালী মই পঢ়িব লাগে।
কবিগৰাকীৰ বিষয়ে দুআষাৰ
কমলা ভাচিন আছিল নাৰী আন্দোলনৰ এগৰাকী বিশিষ্ট নেত্ৰী l ১৯৪৬ চনত জন্ম গ্ৰহণ কৰা ভাচিন একেধাৰে নাৰী আন্দোলনৰ নেত্ৰী, কবি, লেখক আৰু সমাজ বিজ্ঞানী আছিল l তেওঁ বিশেষকৈ লিংগ, শিক্ষা, মানৱ সম্পদ, শান্তি, মানৱ অধিকাৰ আৰু সংবাদৰ ওপৰত ৩০ বছৰৰো অধিক কাল কাম কৰিছিল l ২০০২ চনত সংযুত ৰাষ্ট্ৰৰ চাকৰি এৰি ভাচিনে নিজৰ সংগঠন 'সংগত'ত যোগ দিছিল l ভাৰতবৰ্ষৰ লগতে অন্য দক্ষিন পূব এছিয়াৰ দেশসমূহতো নাৰীবাদৰ ধাৰণা প্ৰচাৰ কৰাত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল l নাৰীবাদৰ ধাৰণাৰে তেওঁ সমাজৰ পৰা বৈষম্য, শোষণ, অন্যায় দূৰ কৰিবলৈ আপ্ৰান চেষ্টা কৰিছিল l One Billion Rising campaign ৰ এগৰাকী মুখ্য প্ৰচাৰক আছিল তেওঁ l তেওঁ পুৰুষতন্ত্ৰ, নাৰীবাদ আদি ধাৰণাবোৰ গান, কবিতা, চিত্ৰ আদি মাধ্যমেৰে মানু্হক বুজাই দিব পাৰিছিল l কেইবাখনো উল্লেখযোগ্য কিতাপৰ ৰচক কমলা ভাচিন কৰ্কট ৰোগত আক্ৰন্ত হৈ ২৫ ছেপ্টেম্বৰ, ২০২১ মৃত্যুক সাৱটি লয় l
ড০ জ্যোতিশিখা দত্ত
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
ই-মেইল : jyotisikhadatta@gauhati.ac.in
—————————————————————
কবিতা
[পৰম শ্ৰদ্ধাভাজন নীলমণি ফুকনদেৱে মোৰবাবে লিখা মূল্যবান পত্ৰখনৰ স্মৃতিত ৰচিত
-দেৱ দাস।]
[শ্ৰীমানেষু
তোমাৰ চিঠি আৰু মৃতপাত্ৰ সম্পৰ্কীয় টোকাটো পাই বৰ ভাল পালোঁ।মোক তুমি কেইটামান বস্তু যোগাৰ কৰি দিব লাগিব, টকা পঠাম।কেতিয়াকৈ তুমি আহৰি থাকিবা লিখিবাছোন।
তোমালোকৰ কবিতা সম্পৰ্কে সম্পাদকলৈ চিঠি এখন দিছোঁ।কোনো আলোচনা কৰা নাই,কৰিবও নোৱাৰো।কিছু তোমালোক পঢ়াশুনা কৰা তাৰ পিচতহে কিবা কবলৈ বা লিখিবলৈ সুবিধা হ'ব।তোমালোক আটাইৰে সম্ভাৱনা আছে।
কেতিয়াবা এইফালে আহিলে সোমাবা।আন্তৰিক স্নেহ জনিবা।ইতি। তোমাৰ
নীলমণি ফুকন।
১৯|১১|৭৫ইং
বেজবৰুৱা নগৰ
গুৱাহাটী-১১]
চেয়াল্লিছ বছৰ উকলিল পত্ৰখনৰ
-দেৱ দাস
মোৰ আটোমটোকাৰিকৈ সোণৰ সফুৰাটিত ৰাখি থকা মমতা
আৰু যাৰ সান্নিধ্যই নিয়াৰিতথৈ পিতি গঢ়ি কবিতাৰ উকমুকনি
যাৰ হাতৰ আখৰ আপুৰুগীয়া
অনুশীলন অনুভূতি আৰু প্ৰয়াসৰ আগ্যাৰে খোদিত
আমাৰ বাবে জীৱন
পাত মুগা
সোণ ৰূপ
কিবা এটা
অজুহাতত
কাষ চাপিবৰো
লাগে সময়
আকাশৰ তৰা
জোনৰ পোহৰ
বাঁহীৰ সুৰ
ফুলি উঠা ফুল
বসন্তৰ স্তৱক
পদূলিমুখৰ
ৰজনীগন্ধা
তৰপে তৰপে সনা
ৰঙৰ নাচোন
স্মৃতিয়ে সামৰি
চহকী স্ৰোতত
অধিৰ
---------------------
দেৱাল
সীমা গগৈ
দেৱালৰ কোনো ধৰ্ম নাই
দেৱালৰ কোনো জাতি নাই
অৱৰুদ্ধ আইনা এখন হৈ জীৱনক জুমি চাব পাৰে বাবেই দেৱালবোৰ স্বতন্ত্ৰ
কেনেকৈ হʼব পাৰে
দেৱাল এখন ইমান সংযমী..
যি কথা পৃথিৱীৰ দৰেই পুৰণি
দেৱাললৈ চালে দেখিবা..
হাতুৰীৰ পৰ্যাপ্ত আঘাতত খণ্ড- বিখণ্ড হৈ
পুনৰ আধাগঢ়া বিশ্বাস এটিৰে
নিজক স্থিত ৰখাৰ অহেতুক কৌশল
নিৰ্বাণ এটি সুৰুঙাৰে
পিছলি অহা খবৰৰ বোজাত
দেৱাল সন্ত্ৰস্ত হয়
এটি চেপা উত্তেজনাৰে নিজক ঢকাৰ
অফুৰন্ত প্ৰয়াসত দেৱালবোৰ জী থাকে
খামুচি ৰখা গোপনীয়তাৰ ৰং কি
সেই কথা দেৱালক সুধিবা
আৰু সুধিবা..
কাৰ চকুলো
শুহি শুহি দেৱালবোৰ
প্ৰস্তৰ ছায়া এটি হৈ ৰয় ?
এন্ধাৰখচিত আত্মীয়তাৰে দেৱাল এক
প্ৰাচীন বিজ্ঞাপন..
যি মৌন হৈও
কৈ যায়
আপোনাৰ তথা মোৰ জীৱন বাটৰ
কত ভঙা আৰু গঢ়াৰ কাহিনী !
————————————
মাটিৰ তানপুৰা
বিনীতা গোস্বামী
সাত সাগৰ খেপিয়াই হাতত যি পালোঁ
তাৰ ঠিকনা জোনে কি জানে
ভেদি উলিয়াব পাৰে জানো দীপ্ত অৰুণে
আঁচল উৰুৱাই পৱনে
সাগৰ তলিত পোৱা মাটিৰ তানপুৰাখনত সুৰবোৰ গলাওঁতে
ফিৰিঙতিবোৰে জলফাই ৰঙৰ পোছাক এযোৰ পিন্ধিছিল
আৰম্ভণিয়ে বা ক'ত শেষেই বা ক'ত
ডিঙি কুটেকুটালেও নিপিন্ধোঁ সাতসৰী
হাত-ভৰিত বাখৰুৱা আঙুঠি
সাগৰ তলিৰ গীত
মোৰ ৰ'দঘাই কপালত সজাই তুলিছোঁ
তোমাৰ মিনা কৰা ছাঁ ।
বিনীতা গোস্বামী
সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
————————————
ভুভুজেলা
ড° মন্ জু হালৈ
দেশ মানেতো দেশেই
মোৰ দেশ তোমাৰ দেশ তেওঁৰ দেশ
একেই মানুহ একেই জীৱ-জন্তু একেই বায়ু-পানী
একেইতো প্ৰকৃতিৰ সেউজীয়া নিচুকনি
কোনখন দেশত ওপৰৰ পৰা তললৈ নবয় পানী
জুয়ে ক'ত নোপোৰে
ভোকত কোন দেশৰ পেটত নুঠে গেঙনি
ৰজা ব্যতিৰেকে
কোন দেশৰ প্ৰজাই পায় ভাত হাড় নাভাঙিলে
কোন দেশৰ শ্ৰমিকে বুজি পায় দেশৰ সীমা কালৰ বীণা কি
ৰজাই ৰজাই যুঁজি
কিয় তেন্তে শৰশয্যাত বিশ্বৰ অৰ্থনীতি আজি
অথবা মানৱতা কিয় হয় বাৰে বাৰে পনবন্দী
যুদ্ধৰ পৃষ্ঠা খুলি চোৱা পৃথিৱীৰ
বঙহৰ যুঁজত আটাইতকৈ আথানি হয়
শিশু আৰু নাৰীৰ
অসহায়ৰ আৰ্তিৰে ধূসৰ হৈ পৰে ঈশ্বৰৰ ঘৰ
সাধাৰণ মানুহৰ প্ৰতিটো ধিপ্ ধিপ্ হৃদয় স্পন্দন জুখি চোৱা
কোনেও নিবিচাৰে যুদ্ধৰ দামামা
বিচাৰে শান্তিৰ কপৌয়ে নীড় সাজক প্ৰতি হৃদয়ৰো হৃদয়ে হৃদয়ে
ভাবি দুখ লাগিছে ,পুতৌ কৰিছোঁ নিজকে ময়ো যে এই যুদ্ধংদেহি পৃথিৱীৰে বাসিন্দা
মোৰ হাতত কলমটোৰ বাহিৰে একো নাই
আছে কিন্তু শব্দৰ শাণিত
তাৰেই সাজি ল'ম এহেজাৰ এটা ভুভুজেলা
তাকেই পিটি পিটি সাজি ল'ম ব্ৰহ্মাস্ত্ৰ
আক্ৰমণ কৰিম অগণিত
আউল লগাম তহঁতৰ যুদ্ধবাজ সভ্যতাৰ অংক
মচি পেলাম তহঁতে মানৱতাত আঁকি দিয়া কুখ্যাত কাজল কলংক
নৰজে আৰু তহঁতৰ শাণিত বুদ্ধি
হুৰ হুৰ কৈ খহিব ভৰিৰ তলৰ মাটি।
(ভুভুজেলা-আফ্ৰিকাৰ কোনো কোনো অঞ্চলত প্ৰচলিত এবিধ তীক্ষ্ণ(বিকট) শব্দৰ শিঙা)
ভ্ৰাম্যভাষ-7002419672
————————————
সময়
প্ৰদীপ চন্দ্ৰ শৰ্মা
সময়বোৰে যেতিয়া
মধুৰ বিড়ম্বনাহৈ
মূৰে ভৰি কাঢ়ে
সৃষ্টিৰ পোহৰে
মুখ লুকুৱাই
মৌন ওঁঠৰ কম্পন
আৰু নিমীলিত নয়ন
কাৰ সাধ্য - কোনে বুজি পাই
হাঁহি নে কান্দোন
সৃষ্টিৰ বাবেই জীৱন নে
জীৱনটোৱেই সৃষ্টিৰ আকৰ
বৰ ডাঙৰ সাঁথৰ
খোজে প্ৰতি উজুটি
তথাপিতো মাৰি চাওঁ
কণাৰ ফৰ্মুটি ...
প্ৰদীপ চন্দ্ৰ শৰ্মা
লামডিং
——————————————
জীৱন-কলা
পংকজ কুমাৰ শৰ্মা
জীৱন যাত্ৰা গানেৰেই আৰম্ভ,
জীৱনৰ প্ৰিয় সুৰ শাওণ
জীৱনৰ প্ৰিয় গান আঘোণ
সমুখৰ সময় বৰ কঠিন
কঠিন শিল কাটি কাটি
পাৰই দিছে ৰুণ
জীৱনে অন্বেষণ কৰিছে
সুৰ,তাল আৰু লয়
কৰো বুলিয়েই ঘপহকৈ
জীৱনে কৰিব নোৱাৰে চমৎকাৰ
জীৱন এক জীয়া কবিতা,
লয় নপৰা ছন্দ সুন্দৰ জীৱন-চৰ্যা
জীৱন মহীয়ান
কবিতাৰ জয়গান ।
——————————————
দুটা বিপৰীত কবিতা
খূৰ্ছীদ আনছাৰী
১/
চিঞৰত তলপৰা সংবাদবোৰ
বিচাৰি আছো…
সৰিয়হ ডুলিত
ভূত সংবাদ …
কোন সাংবাদিকে লিখিলে
প্ৰথম পৃষ্ঠত…
২/
দা
---
ৰবা দাখন ধৰাই লওঁ
এতিয়াই…
পুৱালৈ বেছি সময় নাই
আমাৰ…
দাৰ মুঠিতে ভাত!
———————————————————
অসমীয়া সাহিত্যত লিমাৰিকৰ স্থানঃ
ড° ৰমেশ কুমাৰ কাকতি
লিমাৰিক হৈছে পাঁচশৰীয়া এবিধ বিশেষ কবিতা ৷ য’ত প্ৰথম,দ্বিতীয় আৰু পঞ্চম শাৰী এক বিশেষ ছন্দোবদ্ধ পুনৰ তৃতীয় চতুৰ্থ শাৰী অন্য এক ছন্দোবদ্ধ বা একেই ছন্দতে লিখা থাকে ৷
উদাহৰণ স্বৰূপে...
"ভয়েই লাগে ধুমুহা বতাহ জাকলৈ,
আহো বুলি ক’লেই আহে হুৰমূৰকৈ৷
উঘালে প্ৰকাণ্ড গছ
কৰি দিয়ে তননচ
চৰাই চিৰিকটি বোৰৰ লাগে হৈচৈ ৷৷"
----কাকতি ৰমেশ
ওপৰৰ লিমাৰিকটোত প্ৰথম শাৰীৰ শেষত 'লৈ’ দ্বিতীয় শাৰীৰ শেষত 'কৈ’ আৰু পঞ্চম শাৰীৰ শেষত চৈ’ হৈছে ৷ অৰ্থাৎ ছন্দৰ মিল ঘটিছে ৷পুনৰ তৃতীয় শাৰীৰ শেষত গছ আৰু চতুৰ্থ শাৰীৰ শেষত 'তননচ’ ছন্দোবদ্ধ হৈছে ৷ কথাষাৰ এটা আংগিক ৰূপেৰে প্ৰকাশ কৰিব পাৰি ৷ সেইয়া হ’লঃ (কক খখ ক) নাইবা (AA- BB -A)৷
কেতিয়াবা গোতেই কেইটা শাৰীৰে একেটা ছন্দোবদ্ধ ৰূপটো হব পাৰে ৷
উদাহৰণ স্বৰূপেঃ
শীতৰ পৰশ পাই ফুলিলি শেৱালি,
দুৱৰিৰ মনটোযে বিষাদে ভৰালি৷
ৰাতি ৰাতি ফুল ফুলি
সুগন্ধি সুৱাস ঢালি
পুৱাতেই কিয় তই তলসৰা হ'লি ৷৷
-------কাকতি ৰমেশ
ওপৰৰ লিমাৰিক টোত প্ৰতিটো শাৰীৰ শেষৰ আখৰটো 'লি’৷ ছন্দৰ পাৰ্থক্য কতো দেখা নাযায় ৷ অৰ্থাৎ লিমাৰিকত কেতিয়াবা প্ৰতিটো শাৰীৰ ছন্দ একেই হব পাৰে ৷ তেতিয়া আমি কব পাৰিম যে AA-BB-A=AA-AA-A.
লিমাৰিকৰ কথা আলোচনা কৰিলে আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে, প্ৰতিটো শাৰীত বৰ্ণৰ সংখ্যা কিমান হব পাৰে ? এই ক্ষেত্ৰত লিমাৰিক নিৰ্মাতা সকলৰ মাজত দ্বিমত দেখা পোৱা যায় ৷উদাহৰণ স্বৰূপে এটা ইংৰাজীৰ লিমাৰিক লোৱা হওক,
Star
””””””
There once was a wonderful star
who thought she would go very far
untill she fell down
and looked a clown
she knew she would go far
---by kaitlyn Guenther
গোৱেথাৰৰ এই লিমাৰিকটোত প্ৰথম আৰু দ্বিতীয় শাৰীত ২৬ টা বৰ্ণ আছে ৷ তৃতীয় শাৰীত ১৭টা চতুৰ্থ শাৰীত ১৫টা পঞ্চম শাৰীত ২০ টা বৰ্ণ আছে ৷ অৰ্থাৎ এই লিমাৰিক টোত বৰ্ণৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই ৷ কিন্তু প্ৰথম দ্বিতীয় আৰু পঞ্চম শাৰীৰ ছন্দৰ মিল আছে ৷ পুনৰ তৃতীয় আৰু চতুৰ্থ শাৰীৰ ছন্দৰ মিল আছে ৷ অৰ্থাৎ এই লিমাৰিক টোৱে AA-BB-A সুত্ৰ বা আমাৰ মতে কক-খখ-ক সুত্ৰটো মানি চলিছে ৷ পুনৰ প্ৰথম দ্বিতীয় আৰু পঞ্চম শাৰীতকৈ তৃতীয় আৰু চতুৰ্থ শাৰীত বৰ্ণৰ সংখ্যা কম ৷
ড° মহেন্দ্ৰ বৰাই ১৯৭০ চনত প্ৰকাশিত তেখেতৰ “এই নদীয়েদি” নামৰ কবিতা পুথিখনত পৰিশিষ্ট হিচাপে সংযোগ কৰা লিমাৰিক সমূহৰ এটা লিমাৰিক উদাহৰণ হিচাবে উল্লেখ কৰিলোঁ-
ভুল কৰি কাশীধাম নামি দেখে নৈনী
হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগে নেকি খৈণী৷
এই লিমাৰিকত কিন্তু শিৰোনাম নাই ৷ কিন্তু ইয়াত দুটা নিয়ম মানি চলা হৈছে ৷ সেইয়া হ’ল
AA-BB-A ৷ আনটো হ’ল প্ৰতি শাৰীত আখৰৰ সংখ্যা বিন্যাস হ’ল ১৪-১৪-৮-৮-১৪ ৷ অৰ্থাৎ প্ৰথম দ্বিতীয় আৰু পঞ্চম শাৰীত চৈধ্যটাকৈ আখৰ আৰু তৃতীয় চতুৰ্থ শাৰীত আঠটাকৈ আখৰ সন্নিৱিষ্ট কৰা হৈছে ৷
ড° মহেন্দ্ৰ বৰা দেৱৰ অন্য এটা লিমাৰিকৰ উদাহৰণ দিওঁঃ
থাপ মাৰি ডেকা ল’ৰা উলিয়ালে কেচি
চিপাহীয়ে কাটি দিলে চুলি যাৰ বেচি
ফেচনৰ ফুটিল বেলুন
থানাতেই বহিল চেলুন
নিবনুৱা নাপিতেও চোক দিলে কেচি॥
এই লিমাৰিকটোত এহাতে AA-BB-A নীতিক মানি চলা হৈছে ৷ কিন্তু বৰ্ণৰ দিশৰ পৰা সংখ্যা বিন্যাস হ’ল ১৪-১৪-১০-১০-১৪ ৷
অৰ্থাৎ ওপৰৰ দুয়োটা লিমাৰিকে AA-BB-A নীতিক মানি চলিছে, কিন্তু বৰ্ণৰ বিন্যাস পৃথক পৃথক ৷
এটা কথা উল্লেখযোগ্য যে অসমীয়াত যুক্তাক্ষৰক এটা বৰ্ণ বুলি মানি লোৱা হৈছে ৷উদাহৰণস্বৰূপে 'মচি উঠি জ্বৰ ঘাম'- ইয়াত জ্বৰ শব্দটোত দুটা বৰ্ণ বুলি ধৰা হৈছে ৷ পুনৰ আকাৰ, ইকাৰ, দীৰ্ঘ ইকাৰ আদিক অগ্ৰাহ্য কৰা হৈছে ৷
বৰ্তমান সময়ত কাব্য সাহিত্যত লিমাৰিকৰ স্থান নিসন্দেহে গুৰুত্বপূৰ্ণ ৷ বৰ্তমান সময়ত অসমীয়া লিমাৰিকত দুটা নিয়ম সততে পালন কৰা দেখা যায় ৷ সেয়া হ’লঃ
১) AA-BB-A
২) ১৪-১৪-৮-৮-১৪
১৯ শতিকাত এডৱাৰ্ড লিয়েৰে হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট কৰি ছন্দযুক্ত এবিধ কবিতাৰ এটি ধাৰা জনপ্ৰিয় কৰি তুলিছিল। বহুতে এনে কবিতাকে লিমাৰিক নামেৰে অভিহিত কৰিছিল ৷ তেওঁ লিমাৰিকবোৰত ক-ক-খ-খ-ক ছন্দৰ প্ৰচলন কৰিছিল ৷ অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল ঘটাইছিল । তেওঁ তৃতীয় আৰু চতুৰ্থ শাৰীক সাধাৰণতে আন তিনিশাৰীৰ তুলনাত চুটি ৰূপত প্ৰকাশ কৰিছিল ৷
উৎপত্তিৰ দিশৰ পৰা লিমাৰিকঃ
”””””””””””””””””””””””””””””””””””””””
লিমাৰিকৰ উৎপত্তি সম্বন্ধে বিভিন্নজনে বিভিন্নমত আগবঢ়ায়। বহুতে লিমাৰিকৰ জম্ম আয়াৰলেণ্ডৰ লিমাৰিক নামৰ চহৰত ১৭০০ খ্ৰীষ্টাব্দত হোৱা বুলি অনুমান কৰে। আইৰিছ সৈন্যবিলাক ১৭০০ খ্ৰীষ্টাব্দত ফৰাচী যুদ্ধৰ পৰা লিমাৰিক চহৰলৈ ঘূৰি আহোঁতে “will you come up to limerick” বুলি গোৱা ধেমেলীয়া গীতটোৰ পৰাই পিছৰ কালত ৰচিত চুটি ধেমেলীয়া কবিতাক “লিমাৰিক” নামেৰে নামকৰণ কৰা বুলি অনুমান কৰা হয়।
আনহাতে, কিছুমান তথ্যৰ মতে পুৰণি ইংলেণ্ডৰ ক্লাবসমূহত হেনো এবিধ সময় কটোৱা ধেমালিৰ প্ৰচলন আছিল। পোনতে কোনোবা এজনে এটা নতুন গানৰ প্ৰথম কলি এটা জুৰি দিয়ে । বাকী সদস্যসকলে তেতিয়া তাৰ পাছত খাপ খোৱাকৈ পাছৰ কলিকেইটা গাবলৈ চেষ্টা কৰে। কোনোবা পাকত যেতিয়া এটা সুন্দৰ ধেমেলীয়া গান সম্পূৰ্ণ হৈ উঠে তেতিয়া উলাহতে গোটেইবোৰে একেলগে গুনগুনাই উঠে
“will you come up,
Will you come to Limerick”
এনেদৰে থাউকতে ৰচনা কৰা গীতবোৰক মুঠতে পাঁচোটা চৰণলৈ ৰূপান্তৰ কৰি কোনোৱে “লিমাৰিক” শব্দটোৰে নামাকৰণ কৰিছিল ৷ তেতিয়াৰপৰাই এই কবিতাবিধৰ নাম হৈ পৰিল লিমাৰিক।
আনহাতে, আন এটা সূত্ৰৰ মতে লিমাৰিক হেনো আয়াৰলেণ্ডৰ কণ কণ ল’ৰা-ছোৱালীৰ ওমলাঘৰৰহে সৃষ্টি। ওমলাঘৰৰ যিকোনো নিচুকণি গীতৰ একোটা স্তৱকৰ ওৰ পৰিলেই প্ৰাপ্ত বয়স্ক -আইতাহঁতে হেনো এইদৰে একোঁফাকি ঘোষা জুৰি দিছিল:
কিন্তু প্ৰায় সকলোৱে বিশ্বাস কৰিছিল যে
“we’ll all come up,
Come up to Limerick” বাক্য ফাঁকিয়েই আছিল লিমাৰিক সৃষ্টিৰ উৎস ৷
“লিমাৰিক” একপ্ৰকাৰ কাব্য সৃষ্টিৰূপে প্ৰতিষ্ঠা লাভ কৰে এডৱাৰ্ড লিয়েৰৰ হাতত। ১৮৪৫ চনত লিয়েৰে তেখেতৰ প্ৰথমখন লিমাৰিক সংকলন “A book of nonsense” প্ৰকাশ কৰে।
অসমীয়া ভাষাত লিমাৰিকৰ বাটকটীয়া আছিল প্ৰথিতযশা অসমীয়া সাহিত্যিক ড° মহেন্দ্ৰ বৰা। ১৯৭০ত প্ৰকাশিত তেখেতৰ অসমীয়া কবিতাপুথিৰ সংকলন “এই নদীয়েদি”ত পৰিশিষ্ট হিচাপে এক ডজন লিমাৰিক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে।
ড॰ মহেন্দ্ৰ বৰাদেৱে এটা পূৰ্ণাংগ লিমাৰিকত থকা লক্ষণসমূহ এইদৰে আগবঢ়াইছে :
১) এটা স্তৱকেই একোটা কবিতা।
২) প্ৰতিটো স্তৱকত চৰণ থাকে পাঁচটা।
৩) চৰণসমূহৰ মিলৰ গাঁথনিটো এনেকুৱা
ক,ক,খ,খ,ক
৪) মাজৰ চৰণ দুটা বাকীকেইটাৰ তুলনাত চুটি, চুটি মানে একোটাকৈ পৰ্ব কম থাকে।
৫) শেষ চৰণটো আধাডুখৰীয়াকৈ, সম্পূৰ্ণকৈ নহয়, প্ৰথম চৰণৰ হুবহু পুনৰাবৃত্তি।
লিমাৰিকক বঙালী ভাষাত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে নাম দিছিল “খাপছাড়া”। অসমীয়া ভাষাত হীৰেন ভট্টাচাৰ্যদেৱে নাম দিছিল “পদ-ধেমালি” বুলি। “পঞ্চপদী” শব্দটিও কোনো কোনোৱে লিমাৰিকৰ প্ৰতিশব্দ বুলি ব্যৱহাৰ কৰা দেখা যায়। আনহাতে বহুতে লিমাৰিকক অসমীয়াত “উপপদ্য” আৰু “আপদীয়া পদ্য” নামেৰেও নামাংকৃত কৰিছে।
নৱকান্ত বৰুৱাৰ লিমাৰিক :
(১)
মন্ত্ৰী গ’ল
কলগছৰ ভুৰত
ভুৰত নাই মাইল-মিটাৰ মহামস্কিল
কেনেকৈনো কেৰেণীয়ে কৰে টি.এ.বিল
সঁচাকৈয়ে ডি. চি. বোৰ একোৱেই নাই মূৰত॥
(২)
কবি আনন্দ চন্দ্ৰ
শাৰদ মেঘৰ মন্ত্ৰ
নিজেই সুৰা নিজেই চাকি
নিজেই নিজক দিয়েহি বাকি
বকুল বনত তৰাৰ সতে কটায় ৰাতি অতন্দ্ৰ॥
(৩)
বিদ্ৰোহী কবি প্ৰসন্নলাল
যদিও নীলক কৰিব নোখোজে লাল
তেওঁৰ নীলা তেজত ফুলা
ৰঙা পদুম পাহি মেলা
দেখি চোৱা গুবৰুৱাবোৰ কোন ফালে পলাল॥
হেমন্তজ্যোতি গগৈৰ লিমাৰিকঃ
ডেকাক চিনিবা বাইকত
ছোৱালী চিনিবা ষ্টাইলত
প্ৰেমক চিনিবা ম'বাইলত
ট্ৰেজেডি চিনিবা কিন্তু বটলত।
লিমাৰিক এবিধ ব্যংগাত্মক ৰচনা৷ শ্ৰেষ্ঠ লিমাৰিকবোৰত প্ৰায়ে অশ্লীলতা পৰিলক্ষিত হয়৷ ব্যুৎপত্তি বিচাৰত ইয়াৰ মূলতে আছে লঘু ভাৱৰ, হাস্য-ৰসাত্মক এবিধ চুটি কবিতা৷ মূলতঃ নিৰ্দোষ হাস্যৰস প্ৰদান কৰাটোৱেই লিমাৰিকৰ উদ্দেশ্য হ’লেও বৰ্তমান সময়ত লিমাৰিক ইয়াতে সীমাবদ্ধ হৈ থকা নাই ৷ পুৰ্বৰ লিমাৰিক নিৰ্মাতা সকলৰ লিমাৰিক সমূহ বিভিন্ন দিশৰ পৰা সমালোচিত হৈ বৰ্তমানত ই এক স্বকীয় ৰূপ পাবলৈ সক্ষম হৈছে ৷ উদাহৰণস্বৰূপে লিমাৰিকক ধেমেলীয়া বা আপদীয়া পদ্য আখ্যা দিলেও এচাম ধনাত্মক চিন্তা ধাৰাৰ লিখকে লিমাৰিকক অত্যন্ত সামাজিক সচেতন ভাৱে গঠনমূলক দিশৰ প্ৰতি লক্ষ্য ৰাখি লিখি যোৱা দেখা যায় ৷ আনে ভুল বুলি ভাৱিলেও এইচাম লিখকে দেশপ্ৰেম, প্ৰকৃতিপ্ৰেম, সামাজিক সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে লিমাৰিক ৰচনা কৰি আহিছে ৷
পুনৰ নতুন চাম লিখকে লিমাৰিকৰ ক্ষেত্ৰত দুটা নিয়ম প্ৰচলন কৰিছে ৷ সেইয়া হ’ল ৷ ১)AA-BB-A
২) ১৪-১৪-৮-৮-১৪
অৱশ্যে অসমীয়া ভাষাত যুক্তাক্ষৰ আৰু আকাৰ, ইকাৰ আদিক বৰ্ণ হিচাবে গণ্য নকৰাকৈহে ১৪-১৪-৮-৮-১৪ নিয়মটো মানি আহিছে ৷
আমাৰ বিশ্বাস এটা নিদিষ্ট নিয়মে লিমাৰিকৰ স্থান ভাষা সাহিত্যৰ বুৰঞ্জীত সুদৃঢ় কৰিবলৈ সক্ষম হব ৷ পুনৰ যিহেতু লিমাৰিক নিজেই এটা পূৰ্ণাংগ কবিতা, গতিকে ইয়াত এটি শিৰোনাম দিয়াত কাৰো নিশ্চয় দ্বিমত নাথাকিব ৷
ড° ৰমেশ কুমাৰ কাকতি
কাৰ্যকৰী সভাপতি
অসম কাব্য কানন
উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ
————————————————————
চ'ছিয়েল মিডিয়া,সাহিত্য চৰ্চা আৰু সাম্প্ৰতিক অসমীয়া কবিতা
-উইল চিদ্দিকুৰ ৰহমান
লখিমপুৰ।
চ'ছিয়েল মিডিয়াৰ দ্ৰুত প্ৰসাৰ আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তাই অন্যান্য ক্ষেত্ৰ সমূহৰ দৰেই সাহিত্য চৰ্চাৰ দিশতো এক উল্লেখযোগ্য ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে ই এক আশাৰ বতৰা বুলি গণ্য কৰিব লাগিব।
কবিতা সাহিত্য সৃষ্টিৰ আদিপাঠ।ইয়াত দ্বিমত নিশ্চয় নাই। প্ৰাক ঐতিহাসিক যুগৰে পৰা সৰ্বসাধাৰণ মানুহৰ মন জয় কৰিব পৰা সাহিত্যৰ সৰ্বোত্তম মাধ্যমটোৱেই হ'ল কবিতা। ভক্তিভাৱ কিম্বা আধ্যাত্মিক চিন্তাৰে উদ্বুদ্ধ অতীজ সাহিত্য সৃষ্টিত ছন্দ, তাল, লয়, ভংগীমা আদিৰে প্ৰকাশ ঘটোৱা হৈছিল স্ৰষ্টাৰ অনুভৱ আৰু সেই অনুভৱৰ গৰাকী সকল আছিল দ্ৰষ্টা। সমাজ সচেতন আৰু দূৰদৃষ্টিসম্পন্ন চিন্তা নায়ক। উদাহৰণ স্বৰূপে আঙুলিয়াব পাৰি সংস্কৃত সাহিত্য পণ্ডিত আৰু কাব্য পিতামহ কালিদাসৰ নাম।বেদ, ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ আধাৰত পঞ্চম শতিকাতে সৃষ্টি কৰা মহাকাব্য 'মেঘদূত' আজিও প্ৰাসংগিক সাহিত্যকৰ্ম। কালক্ৰমত ই অনুদিত হৈছে বিশ্বৰ বিভিন্ন ভাষালৈ।জয় কৰিব পৰিছে মানুহৰ হৃদয়। জনসাধাৰণৰ গ্ৰহনযোগ্যতাৰ ভিত্তিত সময় বিৱৰ্তনৰ সৈতে অৱশ্যে যুগে যুগে কবিতাত সলনি হৈছে ইয়াৰ গঠন শৈলীৰ।
সলনি হৈছে স্ৰষ্টাৰ সুখ-দুঃখ হাঁহি-কান্দোন আদি অনুভূতিৰ শৈল্পিক প্ৰকাশ। স্থান কাল ভেদে ক্ৰমশঃ সলনি হৈছে বিষয়বস্তুৰ, চিন্তাৰ,চেতনাৰ। মনস্তাত্বিক বিশ্লেষণৰ। অৱশ্যে এই গঠন প্ৰণালী হব লাগিব সাৰ্বজনীন। গভীৰ প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতিৰ। উপস্থাপন কৰিব পাৰিব লাগিব জীৱন আৰু জীৱিকাৰ সুস্থিৰ ৰূপৰেখা।
সি যেইকি নহওক, কবিতা যিহেতু এক পাৰাপাৰ হীন বিস্তৃত বিষয়, আমাৰ এই চমু প্ৰতিবেদনত ইয়াৰ পৰিভাষা অথবা সংজ্ঞা বিচৰাৰ অৱকাশ হব পৰ্বতত কাছ কণী বিচৰাৰ দৰে নিতান্তই অমূলক। তদুপৰি,এই চ'ৰাৰ আলোচ্য বিষয় সামাজিক মাধ্যম, সাহিত্য চৰ্চা আৰু সাম্প্ৰতিক অসমীয়া কবিতা; এতেকে বিশ্বায়নৰ ধামখুমীয়াত ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তাক নুই কৰিব নোৱাৰি।এই ক্ষেত্ৰত সাম্প্ৰতিক সময়ত ঘাইকৈ ফেইচবুকৰ মাধ্যমটোৱেই অধিক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। ফেইচবুক প্ৰমুখ্যে অন্যান্য মাধ্যম যথা ইউ টিউব আদিৰ উদ্ভাৱনৰ পূৰ্বে বাতৰি কাকত, আলোচনী,কলেজ আলোচনী, স্মৃতিগ্ৰন্থ, আদিৰ উপৰিও এচাম লোকৰ নিজা উদ্যোগত পুথি প্ৰকাশৰ জৰিয়তে 'প্ৰিন্ট মিডিয়া'ত সাহিত্য চৰ্চা কৰি আহিছিল। জোনাকী, আৱাহন, অৰুণোদয় আদি যুগৰে পৰা বাতৰি কাকতে আছুতীয়াকৈ ৰখা শিতান সমূহত আধুনিক অসমীয়া গল্প, প্ৰবন্ধ কবিতা প্ৰভৃতি প্ৰকাশৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট মুকলি ৰাখিছিল। অৱশ্যে সেইয়া অতি সীমিত সংখ্যক আৰু প্ৰতিষ্ঠিত লেখক- লেখিকাৰ বাবেহে সেই সুবিধা উপলবদ্ধ আছিল। বাতৰি কাকতৰ পূৰ্বৰ সেই পৰম্পৰা বহু ক্ষেত্ৰত এতিয়াও অব্যাহত থাকিলেও সকলোৰে বাবে আৰু বিশেষকৈ নতুন চামৰ বাবে ইয়াৰ প্ৰয়োগ বৰ সুচল নহয়। তদুপৰি,'লবীবাদ',স্বজন তোষণ,পক্ষপাত দুষ্টতা আদিয়ে পূৰ্বৰ পৰম্পৰাক কলুষিত নকৰাকৈ থকা নাই। এনে প্ৰেক্ষাপটৰ মাজতো কিন্তু উৎকৃষ্ট সহিত্য চর্চা কিম্বা সংস্কৃতিৰ ধাৰা স্থবিৰ হোৱা নাই। অৱশ্যে ইণ্টাৰনেট যোগে চলা সাম্প্ৰতিক সময়ৰ চৰ্চাৰ তুলনাত সেইয়া তেনেই সীমিত। এই ক্ষেত্ৰত ফেইচবুক ৰ ভূমিকা বিশেষ ভাবে উল্লেখনীয়। ফেইচবুকত এটা 'একাউণ্ট' খুলি নিজা একাউন্টৰ দেৱালত মনৰ অনুভৱ প্ৰকাশৰ সুবিধা থকাৰ পৰিপ্ৰেক্ষিতত ৰুচি অনুযায়ী সাহিত্য চৰ্চাৰ অৱকাশ থাকে দেধাৰ। ব্যবহৃত ও হৈছে তদ্রুপ ধৰণে।
ইতিমধ্যে ফেইচবুকত দেখা পোৱা বিভিন্ন গোটৰ আবিৰ্ভাৱেও সহিত্যচর্চাৰ বাট বহুলাংশে মুকলি কৰিছে।এনে বহু 'গোট' আছে যাৰ একমাত্ৰ আৰু অন্যতম উদ্দেশ্যই হৈছে সাহিত্য চৰ্চাৰ এখন উৰ্বৰা ক্ষেত্ৰ তৈয়াৰ কৰা।এই গোট সমূহত দ্বিধাহীন ভাৱে অতি সহজে সদস্যভুক্তিৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰি। গোটৰ মাধ্যমতো ভাৱ বিনিময় কৰা,নিজা সৃষ্টিৰ প্ৰকাশ আদিয়ে বেচ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়।ন-শিকাৰুৰ বাবে ইয়াক সৃষ্টিৰ আদিপাঠ হিচাবেও গণ্য কৰিব পাৰি। গোট সমূহে প্ৰদান কৰে অনুশীলন আৰু সাধনাৰ পৰ্যাপ্ত সুযোগ। নিৰ্ণিত হয় লেখাৰ মানদণ্ড। লাইক কোমেণ্টৰ আধাৰত ব্যৱস্থা থাকে মতামত প্ৰকাশ আৰু মূল্যায়নৰ। পাঠকৰ সঠিক মূল্যায়নে লেখকক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব পাৰে। গঠনমুখী আলোচনা সমালোচনাই উজলাই তুলিব পাৰে সৃষ্টিক। সৃষ্টিকৰ্তাক।এইখিনিতে অৱশ্যে গভীৰ ভাৱে মন কৰিব লগা বিষয়টো হ'ল, প্ৰকাশিত লেখাত নেথাকে সম্পাদনা ব্যৱস্থা।পাঠকেই নিৰূপণ কৰিব লাগিব মানদণ্ডৰ মাপকাঠি। কবিতাৰ বেলিকা ই অধিক স্পৰ্শকাতৰ।মুঠ কথাত, এই ক্ষেত্ৰ যোগ্য-ভোগ্য বসুন্ধৰাৰ।সম্পৰীক্ষাও হব লাগিব নিজা প্ৰচেষ্টাত। নিত্য-নতুন সম্পৰীক্ষনক পাঠকে কেনেকৈ আদৰি লয় সেইয়া নিৰ্ভৰ কৰিব কবিৰ সৃষ্টি ৰাজিয়ে। ইয়াত পাঠক সৃষ্টিৰ ভূমিকাও পালন কৰিব পাৰিব লাগিব লেখকে।
সাম্প্ৰতিক সময়ৰ ফেইচবুকৰ কবিতাই প্ৰাধান্য আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হলেও এচাম সমালোচকৰ দৃষ্টিত এই কবিতা সমূহৰ কিছুমানে স্বীকৃতি লাভৰ পৰা অদ্যপি বঞ্চিত হৈ আছে। নিৰপেক্ষ দৃষ্টিকোণৰ পৰা চালে ইয়াৰ যুক্তি-যুক্ততা নথকাও নহয়।ফেইচবুকে প্ৰদান কৰা দুৰ্বাৰ স্বাধীনতাই বহু কবিতাক কবিতাৰ শাৰীৰ পৰা স্খলন ঘটাইছে। যদিও কবিতা কোনো নিৰ্দিষ্ট গণ্ডীত আবদ্ধ নহয় তথাপি লেখা সমূহে সমাজ হিতকৰ বাৰ্তা প্ৰেৰণ এক চৰ্ত হোৱাটো কামনা কৰে।কলাৰ অন্তৰ্গত সামাজিক দায়বদ্ধতাই হৈছে কবিতাৰ প্ৰাণস্বৰূপ আৰু ইয়াৰ অবৰ্তমানত কবিতা হব পাৰে বেয়া কবিতা। কবিতাৰ উদ্দেশ্য কেৱল কলাৰ বাবে কলা হোৱাৰ উপৰিও সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্যৰে কবিতা হোৱাৰ পোষকতা কৰে গৰিষ্ঠ সংখ্যক বিদ্যত সমাজে।কবিতা এক মৌলিক সৃষ্টি। কিন্তু ফেইচবুক কিম্বা ইন্টাৰনেটৰ সহজলভ্যতাই কবিতাক এক নিম্নগামী স্তৰলৈ ঠেলি পঠিওৱাও দেখা যায়।
উঠি অহা এটা চামে কবি হোৱাৰ চখত কবিতা লিখিবলৈ যেন যত্নপৰ ! কবিতাত চৌৰ্য বৃত্তি,ভিন ভিন কবিতাৰ অংশ বিশেষ একগোট কৰি সৃষ্টি কৰা কবিতাৰ বিষয়েও মাজে সময়ে সৰব আলোচনা হোৱা পৰিলক্ষিত হয়।কবি সকলৰ থাকিব লাগিব নিজস্ব সত্তা,যি ঈশ্বৰ প্ৰদত্ত।সেই সত্তাই সমাজ তথা ৰাষ্ট্ৰক পথৰ সন্ধান দিয়ে।পথ প্ৰদৰ্শনৰ বাটকটীয়া ৰূপে।
ফেইচবুকৰ গোট সমূহে মাজে সময়ে শ্ৰেষ্ঠতাৰ ভিত্তিত বঁটাবাহনৰ দিহা কৰে।এই ক্ষেত্ৰত বিচাৰকৰ নিৰপেক্ষ দৃষ্টিভংগী আৰু উপযুক্ত জ্ঞানৰ অভাৱত বহু ক্ষেত্ৰত সঠিক যোগ্যতা নিৰূপনত বিচলিত হোৱা দেখা যায়। অৰ্থৰ বিনিময়তো এনে খিতাপ বিক্ৰী হয় বুলিও কোনো কোনোৱে আক্ষেপ কৰা কৰ্ণপাত হয়।
সি যি কি নহওঁক,আমি বিচাৰিম কবিতাৰ নিত্য নতুন সম্পৰীক্ষা,সৰ্ব সাধাৰণৰ গ্রহণযোগ্য বিভিন্ন ফৰ্ম, অসমীয়া কবিতাই বিশ্ব দৰবাৰত স্থান প্ৰাপ্তিৰ যোগ্যতা প্ৰভৃতি বিষয় সমূহে প্ৰাধান্য লাভ কৰক। বিচাৰ কৰি চোৱা হওক কবিতাৰ বিভিন্ন ফৰ্ম-জাপানী হাইকু,চনেট,মিতভাষ , চতুষ্পদী,ষষ্ঠপদী,লিমাৰিক ইত্যাদিৰ গঠন শৈলী আৰু সিবিলাকৰ গ্ৰহণ যোগ্যতা। তদুপৰি, কবিতা হওক, দুঃখী জীৱনৰ চিত্ৰ অংকন,অনাচাৰৰ বিৰুদ্ধে লিখা ক্ষুৰধাৰ শব্দৰ কুঠাৰ, নিঃস্ব জনৰ মুক্তিৰ গান আৰু কবি হওক মনোজগতৰ মনোহৰ শিল্পী।কল্পনাৰ কোমলতাৰে গঢ়া অনুভৱ;সুখ দুখঃ প্ৰকাশৰ বাবে কৰা শব্দৰ অন্তহীন কচৰত।এই ক্ষেত্ৰত কবি সকলৰ লগতে ভাল কবিতা সৃষ্টিৰ বেলিকা ফেইচবুকৰ গোট সমূহেও এক দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব। অসমীয়া কবিতা কিম্বা সাহিত্যৰ মানদণ্ড অন্য সাহিত্যৰ তুলনাত কোনো গুণেই কম নহয় বুলি আমি গণ্য কৰোঁ। এনে স্থলত আমাৰ সামগ্ৰিক মৰ্যদা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সৰ্বক্ষণ। ইয়াৰ বাবে প্ৰয়োজন হ'ব নিৰলস অনুশীলন আৰু সাধনাৰ।
———————————————————
লিমাৰিক
বিচাৰি ফুৰিছোঁ এখন মুক্ত আকাশ,
য’ত তৰাই কৰিব নিজকে প্ৰকাশ৷
ছন্দোময় লহৰত
উমলিব লুকা-ভাকু
শুকুলা মেঘবোৰে ধৰিব লয়লাস ৷৷
ড° ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ
————————————
তলা
পবিত্র কুমাৰ নাথ
নিৰ্জীৱ পদাৰ্থৰে নিৰ্মিত
মোৰ দেহ মন সত্তা
এদিনাখন তোমালোকে তোমালোকৰ প্ৰয়োজনত
মোক সৃষ্টি কৰিছিলা
আৰু ব্যৱহাৰৰ সুবিধাৰ্থে ৰূপ দিছিলা
বিভিন্ন আকাৰত
কুকুৰ প্ৰভূ ভক্ত হলেও
মোৰ দৰে বিশ্বাসী বন্ধু নহয়……
এইবাবেই তোমালোকৰ
সকলো গোপন নথি পত্ৰ
অমূল্য ৰত্ন ৰাজি
ঘৰৰ দুৱাৰ, বাকচ আলমাৰি
চাইকে’ল, বাইক্ গাড়ীৰ পৰা আৰম্ভ কৰি
তোমালোকে আৱিষ্কাৰ কৰা সকলো
অত্যাধুনিক আৱিষ্কাৰৰ গোপনীয়তা
আৰু সুৰক্ষাৰ ভাৰ
মোৰ ওপৰত ন্যস্ত কৰি আহিছা,
তোমালোকৰ দৰে মোৰ দুখ ভাগৰ নাই
নাই কোনো মান অভিমান
য’তে থৈছা পৰ দি ৰখি আহিছোঁ
তোমালোকৰ ঐশ্বৰ্য্য বৈভৱ,
কেতিয়াবা চাবিপাত হেৰুৱাই
মোৰ ওপৰত চলোৱা
নিৰ্মম অন্যায় অত্যাচাৰ বোৰ
নীৰৱে সহ্য কৰি আহিছোঁ আজিও
চোৰৰ চৰ কিলবোৰ আৰু হৰতালৰ সময়ত
লুটপাত কৰা দোকানৰ
দুৱাৰ জাপত পৰদি থাকোঁতে কৰা
বৰ্ব্বৰ অত্যাচাৰৰ কথা নকলোৱেই যেনিবা
ইয়াৰ বাবে মোৰ কোনো আক্ষেপ নাই
প্ৰতিবাদ কৰাও নাই কোনোকালে
তোমালোকৰ দ’ৰে অকৃতজ্ঞ
সুবিধাবাদী চৰিত্ৰ
মোৰ নাই নহয় সেইবাবে
তোমালোকৰ বিশ্বাসত অটল
মৰম আকলুৱা বিশ্বাসী বন্ধু মই
যাক তোমালোকে মৰমতে নাম দিছিলা
“তলা”
মোৰ ঠিকনা মোৰ পৰিচয়ৰ বাবে
মই চিৰকৃতজ্ঞ
ইয়াতকৈ অধিক আছে জানো
কিবা প্ৰয়োজন !
————————————
অন্তঃসলিলা
ৰাজীৱ দত্ত
এক মৃত্যুৰ দৰে শীতল স্পৰ্শক
হুঁমুনিয়াহৰ দৰে অন্তৰ্ভেদী
বুভুক্ষাৰ হাহাকাৰ ৷
অশান্তিৰ কৰালগ্ৰাসত পতিত
উল্কাপিণ্ডৰ দৰে কক্ষচ্যুত
ব্যৰ্থ অপূৰ্ণ জীৱন ৷
এক সমাধিবিহীন উদ্ধস্তুতাৰ
পোৰণিয়ে দধি নিয়া
নিৰ্মেঘ কাকুঁতি ৷
বাকী আছে কি ?
নিস্প্ৰাণ প্ৰাণত আছে জানো
প্ৰাণৰ আকুলতা ?
জীয়াই থকাৰ নামেই জানো জীৱন!
তেন্তে হে’ জীৱন কৰিছো কাকুতি
মুক্তি দিয়া এই বাৰংবাৰতাৰ ব্যহুৰ পৰা৷
এক মূকবেদনাত ত্ৰস্ত জীৱন!
উদ্বিগ্ন সময় আৰু অনৰ্থক বাগাড়ম্বৰ
ব’ব নোৱাৰা জীৱনৰ ভাৰ।
ৰাজীৱ দত্ত৷
চামতা
নলবাৰী
——————————————
শিপাৰ অবিহনে
ৰেখা বৰকটকী
আকাশীলতাৰ শিপা নাই
অলাগতীয়াল কথাৰো আগগুৰি নাই
ওপৰে ওপৰে বগায়
কৰপৰা আহি ওলাল হিচাবেই নাই
জনমে জনমে বগুৱা বাই
কালৈনো বাৰু আছে বাট চাই
নাতি নাতিনী বংশ পৰিয়াল
কাৰোৱেই পৰিচয় নাই
অপতৃণ হৈ বাটকুৰি বায়
আনৰ মুখলৈ চায় সময় কটায়
হালধীয়া লতাহৈ জোপোহাবোৰ শুৱায়
গুৰিটো নহলেও সাৰ জাবৰ পায়
আগ গুৰি নথকা কথাবোৰ বুকুত সোমাই
কথাবোৰে ক্ষণে ক্ষণে বাগৰ সলায়
কৰপৰা আহি বাৰু কলৈ বা যায়?
আকাশৰ জখলাৰে বগুৱা বায়..
অবাবত আনৰ ওপৰে বগায়
বিজ্ঞ জনে প্ৰশ্নকৰে শিপাই দেখোন নাই
অনাহকত কিয় বাৰু ফুৰিছে বগাই?
কোনোবাই জানো সহাঁৰি জনায়?
লাগ বান্ধ নোহোৱা লতাবোৰৰ জীৱন
আনৰ খুণ্ডা ভেজা খোৱা অনাসুৰী প্ৰাণ...
ৰেখা বৰকটকী,
যোৰহাট
————————————
ধূলিয়ৰি গীত
যোগেশ্বৰ লাগাচু
শুকান ফাগুন মাহৰ
লঠঙা ডালত কেতেকীৰ মাত মোৰ
ধূলিয়ৰি গীত
এটি মহুৰাৰ সূতাৰে নাচি আছে
মোৰ নীলা চিলা
অনিশ্চয়তা-অস্বাধীন
অপ্ৰেমৰ শিমলু-মদাৰ ফুলবোৰ চাই
অনুভৱ কৰিছোঁ
সিহঁত মোৰ একেই শীত
নিজেই গজিছে ফুলিব-সৰিব
শস্য সময় , সপোন জোনাকী-কীট
কাম-নাম
অংকহীন গণিত
————————————
এন্ধাৰ সৰিছে টোপে-টোপে
কাৱ্য প্ৰিয়ম
মাতাল ৰাতি এন্ধাৰ সৰে টোপে টোপে
নিসংগতাই ঘৰ সজা বুকুত
নৈৰাশ্যতাই আঠুকাঢ়িছে চুপে-চাপে।
পদূলি শুঙা দুখ, উৰুলি-পুঙা মনৰ অসুখ।
বাজী- সময় উধাই আহিছে ঢাপে-ঢাপে,
অ-সৃষ্টিৰ জুই বিয়পিছে মগজুৰ কোষে- কোষে
মনৰ পদূলিত এন্ধাৰ সৰিছে টোপে-টোপে।
অ'মোৰ শব্দৰ-সজল মেঘ,
তোৰ মৰমেৰে মোৰ কবিতাৰ চোতাল বুৰাই দে...
নৈৰাশ্যতাই এখোজ-দুখোজকৈ বাটবুলিছে চুপে-চাপে।
————————————
শ্যামল গালিচা
ৰাজশ্ৰী সেনাপতি গগৈ
চিলমিলীয়া ঋক্ষ পক্ষ
চিত্ত শ্যামল গালিচাত,
অলেখ প্ৰসুন বাচি যায় |
তোমাৰ নিগুনে সকলো
আস্থা আৰু বিশ্বাস |
তোমাক খামুচি ধৰা
হাতখন আনৰ বাবে
এটি উপহাস |
জগতৰ মাদকতাই
তোমাক মুগ্ধ কৰি তুলিব |
আবেগ প্ৰবনতা ,
মৰম চেনেহ সকলোবোৰ
আজিকালি ইমজি হৈ পৰিছে|
এই যান্ত্ৰিক জগতত
আত্মীয়তাৰ মৰমবোৰ
যেন হৈছে হৃত |
দুখ- সুখ যেন
হৈছে পুত্তলিকা
শ্ৰেষ্ঠতম উপহাৰ এটি
শোভন মন আজীৱন
তোমাৰ লগত ।
বিষাদৰ আৱলি
অকল হাঁহিৰে ৰঙীণ কৰে।
জীউ আজি নহয় স্তব্ধ
বন্তীগছি মনত জ্বলে
জগত জ্যোতিৰ্ময় ।
সময় আৰু জীৱনযে
বোৱতী নৈ ।
আবেগৰ স্মৃতিবোৰ
বুকুতে নিৰৱে অন্তৰায় ।
ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
————————————
কদম ফুলা ৰাতি
ৰূপজ্যোতি গগৈ
কদম ফুলা ৰাতি
কৃষ্ণই বাঁহী বাই
আউলী-বাউলী মেঘালী চুলি
আকাশত বাজে দেৱ-দুন্দুভি
খহি পৰে এটা তৰা
মাটিক সাবটি
শূন্য পৰিধি
থমকে
দুহাতৰ জ্যোতি।
নিৰন্ন আন্ধাৰ বিনাশী
কোন বাটে আহিব ৰ'দালি
দুচকুত অমল তৃষা লৈ
বহি আছোঁ
পশ্চিমৰ বেলি কাটি কৰি
পূৱে দিব সেউজ ফেঁহুজালি
দিবনে
তমসা এই ৰাতি অচিৰে যাবনে আঁতৰি?
বুকুৱে বুকুৱে সীমাহীন গৰল পি
ৰৈ আছোঁ
কদম ফুলা উজাগৰী ৰাতি
আহিব বুলি
কুঁহিপাত কুমলীয়া তৰুণ প্ৰভাতী !
——————————————
অসীম
ৰাহুল কোঁৱৰ
উদয় হোৱা সূৰ্য্য বাধা দিব নোৱাৰি
গলি যোৱা মম তৈয়াৰ কৰিব পাৰি নে
ভাঙিলে আইনা যোৰা দিব জানো পাৰি
অকস্মাৎ যদি হাতৰ পৰা পৰি যায়
সূৰ্য্য উত্তাপ,মম দহে,আইনাই প্ৰতিবিম্ব কৰে
জীৱন জানো শূন্যতে শেষ হয়।
ধুমুহা কোবাল হয় কেতিয়াবা,কেতিয়াবা মৃদু
নৈ খনে বলিয়া হয়,বাৰিষাৰ বৰষুণ পালে
আকাশৰে শুকুলা ডাৱৰ ওন্দোলা
তাৰো যে টোপোল সৰিব উমান পোৱা যায়
ধুমুহাই উৰুৱাই,নৈ খনে উভটিনি মাৰে,ওন্দোলা ডাৱৰ নিগৰে
জীৱন জানো হেৰালে দুনাই পাই।
বিধাতাৰ বিধান ঈশ্বৰ মহান
নেদেখা কণা সমান
জীৱন যাত্ৰা তো হেই নাৰায়ণৰ খেলা
শ্ৰেষ্ঠ মানৱ বুলি ৰৈ যাম জানো এদিন
আইনা ভঙা দি ভাঙি পৰি যাম
বিধিৰ লিখন,নিসংগ জীৱন,শ্ৰেষ্ঠ বুলি ক’লে তো নহ’ব
হয়তো এদিন এদিনলৈ জীৱনবোৰ
নিকা কাগজৰ দৰে মিলি যায়।
জীৱন জানো শূন্যতে শেষ হয়
জীৱন জানো হেৰালে দুনাই পাই নে
জীৱন নিকা কাগজৰ দৰে মিলি যায়
সূৰ্য্য উদয় হব পূৰ্ব দিশত
ধুমুহা কোবাল হৈ আহে
বিধিৰ বিধান জানো হয় খনন্দন
এই দৰে ঘূৰণীয়া পৃথিৱীৰ
এই ধৰণী অসীম ।
ৰাহুল কোঁৱৰ
তিনিচুকীয়া
————————————
সোঁৱৰণীৰ পাত লুটিয়াই
দিপ্তী মনি গোস্বামী
লখিমপুৰ ( লালুক )
সময় ওকলি গ'ল ,
সপোনবোৰ টোপোলাৰ ভিতৰতে লয় হ'ল...!
প্ৰতিবাদৰ ভাষা বিছাৰিব নজনা তাইজনী
সাহসহীন নে..?
নে একান্ত বাধ্যৰ প্ৰমাদভাগী ...?
উতলি থকা ভাতখিনি বাঢ়িবলৈ মাত্ৰ অকনমান হে
সময়ৰ প্ৰয়োজন আছিল
কিন্তু,
তাই লঘোনে শুই থাকিল
কি ভাবি...?
ফলশ্ৰুতিত
আজি গেষ্ট্ৰিক
ইচ্ছামতে খাব নোৱাৰে কৰিব নোৱাৰে
সময়ৰ লগত খোজ মিলাব নোৱাৰে ।
দোপালপিতা বৰষুণত অঘৰী অনাথ শিশুটিৰ
তুলনামূলক বিশ্লেষণেৰে স্বৰ্গৰ সন্তোষ্টি লভা
তাইজনীও কেতিয়া অসুখী হয় ।
নদীত পানী বাঢ়িলে এটি সুখৰ হাঁহি মৰা
আৰু ধুমুহা আহিলে এসাগৰ হুমুনিয়াহ্ এৰা,
মাধবৰ জালৰ জোলোঙাই জুমি চাই তাই
ঈন্দ্ৰপুৰীত অৱস্থান বিছাৰি পায় ।
তথাপিও ,
তাই কেতিয়াবা সাংঘাটিক ভাগি পৰে...
অভাৱৰ সংজ্ঞাই চুব নোৱাৰা সমৃদ্ধিৰ চোতালতো
কিছু তৃষ্ণাৰ জোৱাৰ নামে।
যেতিয়া,
অক্ষমতাৰ চানেকীবোৰ সক্ষম ৰূপত
পথৰ সমূখত অগাদেৱা কৰে ।
পাতি চাইকেল চলাব নোৱাৰা দৃষ্টান্তবোৰ যেতিয়া
আকাশী পথত উৰা দেখে।
তাইতো সক্ষম সুযোগ্য আছিল...!
হায় ,বিধাতাৰ খেল
কৰ্ম নে ভাগ্য
নে সুপৰিকল্পনাৰ অভাৱ ...?
নে প্ৰতিবাদৰ ভাষা নজনাতোৱেই সংকট...?
এতিয়া যে সময় ওকলি গ'ল...!
মাথোঁ এবুকু হুমুনিয়াহ্
নিৰিবিলি নিজান পৰত
ডুব গৈ ভাৱনাৰ সাগৰত...!
————————————
অনুৰাধা-তোমাৰ দেশত এদিন ...
ৰবিন কুমাৰ চেতিয়া
ধেমাজি
স্বপ্নময় আবেলিৰ সৌন্দৰ্য্য পান কৰি কৰি
তোমাৰ দেশৰ বলুকাৰ বুকুত এদিন
বহি আছিলোঁ মই অকলশৰে অনুৰাধা
তোমাৰ শুকুলা প্ৰেম বিচাৰি
সন্মুখত নিজৰ স'তে খেলি আছিল
নীলিম জলৰাশিৰ শুভ্ৰ লহৰৰ উত্তাল তৰঙ্গ
ধৰ্মধ্বজাৰ অবিনাশী বা লাগি
তোমাৰ চোতালত উৰিছিল শান্তি
মোৰ বুকুত লমালমে সৰিছিল
তোমাক কাষত পোৱাৰ অনিৰ্বান আশা
মোৰ নিচেই কাষতে গা টঙাইছিল
নি:সংকোচে বালিত পৰি এহাল যেন
মুকলিমূৰীয়া আদিম নৰ-নাৰী
তোমাৰ দেশৰ চঞ্চলা সমীৰণে অনুৰাধা
ঘনে ঘনে চুমিছিলহি সিদিনা মোৰ
মৰম আকলুৱা দেহা
ওঁঠত গৰম কফিৰ তপত চুমা লৈ
উপভোগ কৰি আছিলোঁ মই
এজাক পানীপিয়া মানুহৰ কল্লোল
হেজাৰ অনুৰাধাৰ মাজত
তোমাক বিচাৰি হাহাকাৰ কৰিছিল মোৰ
সন্ধানী দুচকুৰ নাভাগৰা চাৱনিবোৰ
লিহিৰি শীতল বতাহ ছাটিয়েও
শান্ত কৰিব পৰা নাছিল সিদিনা
বুকুৰ চাটি ফুটি অনুৰাগ
মাজে মাজে আহি মোৰ চিন্তাত
আউল লগাইছিলহি দুই এক
আকুল কণ্ঠস্বৰ
আপোনজনৰ হাতে হাত ধৰি
অগণন তৃষ্ণাতুৰ প্ৰেমিক প্ৰেমিকাই
চঞ্চলা ঢৌৰ স'তে বিনিময় কৰিছিল প্ৰেম
অচিনাকি আলাপেৰে ভৰিছিল মোৰ চৌপাশ
তাৰ মাজত কিন্তু মৰমৰ অনুৰাধা
নাছিলা মাথোঁ তুমি
লাহে লাহে যেন এখোজ দুখোজকৈ
নীলাভ সমুদ্ৰৰ সুগভীৰ বক্ষত
হেৰাই যাব ধৰিছিল আবেলিৰ বেলিটো
শুকুলা ঊৰ্মিৰ অভিমানী নিনাদত
বাৰে বাৰে আঁত হেৰাইছিল মোৰ
উঠন হিয়াৰ স্বপ্নালী অনুভৱৰ
তোমাক লগ পোৱাৰ দুৰ্বাৰ বাসনাত
কিমান বাৰ যে সলাইছিলোঁ মোৰ ঠিকনা
এল ই ডি বাল্বৰ উজ্জ্বল পোহৰত
দুচকুত জিলিকিছিল
অগণিত জোনাকৰ ৰংচঙীয়া তটিনী
অৰঙে দৰঙে আজিও সদায়ে
তোমাকেই বিচাৰি ফুৰিছোঁ অনুৰাধা
অভিমানৰ ওৰণি টানি
ক'ত বাৰু লুকাই আছা তুমি ...
————————————
কষ্টৰ হিচাপ নাই
সুশান্ত দাস
হৃদয়ৰ ভাষাই বুজে
এই অবুজনৰ কথা,
মৃত্যুক ভয় নকৰি
কৰে সংগ্ৰাম জীৱন ভৰ
স্নেহৰ বান্ধোনেৰে বান্ধ
খাই থকা এটি পবিত্ৰ সম্পৰ্ক,
সৌহাৰ্দ্যতাৰ পম খেদি খেদি
পোৱা যায় এক নীৰৱ উত্তৰ !
নীৰৱে সহ্য কৰে
মনোবেদনা,
ঈশ্বৰৰ লালিতা
মৰমৰ মালিতা,
সেইয়াই হয় এক
স-হৃদয় যন্ত্ৰ,
যাৰ হিচাপ নাই কষ্টৰ,
সেইয়াই এটা নিৰ্মল প্ৰাণ
সৱাৰে হৃদয়ত এটাই নাম
সেইয়াই আমাৰ জীৱনদায়িনী মা !
কষ্টৰ হিচাপ নাই....
মাতৃত্ব গ্ৰহণ কৰি
সকলো আনন্দ এৰি,
লালিত কল্পনা বাস্তৱ কৰিবলৈ
সন্তানৰ সুখ কাম্য কৰিবলৈ
কৰি আজীৱন আপ্রাণ চেষ্টা,
মাতৃত্ব জীৱনৰ ফল লভিবলৈ
বাঞ্ছা কৰে তেওঁ
তেওঁৰ কষ্টৰ হিচাপ নাই
মাতৃ নামেই মৰমৰ বাহাৰ !
কষ্টৰ হিচাপ নাই...
কপালৰ ঘাম মাটিত মিলাই
নীৰৱ বেদনাৰ বশৱৰ্তী তেওঁ,
কিন্তু নকয় কেতিয়াও সেইবোৰ,
কিজনিবা চিন্তাত সন্তানে
সকলো পাহৰি তেওঁৰ
সুশ্ৰষাত লাগি যায় !
হৃদয় উজাৰী মৰম দৰ্শাই
মাতৃ নামেই জীৱন গঙ্গা।
(মাতৃ দিৱস উপলক্ষে)
সুশান্ত দাস,শিৱসাগৰ।
————————————
বিশ্ব আমাৰ হ'ব
ইকবাল হোচেইন খান
আমি এনেকৈ নেথাকো
য'ত অহৰহ বিভাজনৰ কচৰৎ চলে ।
পৃথিৱী তেনেকৈ থাকিব
সেউজী সেউজী ঘ্ৰাণ ।
আকৌ মজবুত হ'ব সংস্কৃতিৰ পথাৰ
পূৰণিখিনিয়েই বুকুত ৰাখিম
অনৈক্যৰ মাজত ঐক্যৰ উৰ্বৰা গান জিলিকাব বিশ্বাসৰ পৃথিৱী
গৌৰৱ আমাৰ ইতিহাস ।
আমি অসমীয়া
আমি ভাৰতীয়
সমন্বয়ৰ বাৰ্তাৰে জিনিম বিশ্ব
সেইবাবেই এদিন সময়ে কথা ক'ব
বিশ্ব আমাৰ হ'ব
বিশ্বগুৰু আমিয়েই হৈ থাকিম
অহিংসা নীতি যে আমাৰ
শান্তিৰ পূজাৰী হৈ
আমি তেনেকৈ থাকিম
হৈ থাকিব সুদৃঢ় মানৱীয় শকতি
বিশালতাৰ ভাৱনা লহপহকৈ গজিব প্ৰতিজন মানুহৰ হৃদয়ত
এটা সুন্দৰ পৃথিৱী মানুহৰ হ'ব
আহক আমি উপলব্ধি কৰোঁ অহিংসা নীতিৰ গৰিমা ।
ইকবাল হোচেইন খান
খন্দকাৰ পাৰা,বৰপেটা
ফোন নম্বৰ: 9101809943
———————————
অমাৱস্যাৰ এখন আকাশ
জয়শ্ৰী বৰা
অপূৰ্ণতাৰ দিনলিপি...
চৌদিশে মাথোঁ আধালিখা দস্তাবেজৰ কাহিনী।
সময়ৰ বুকুত আছে এটি দশকৰ নিতুল ভাস্কৰ্য,
প্ৰতি উশাহত ভাৰ্ছুৱেল পৃথিৱীৰ আন্তৰিকতাশূন্য সুখৰ সংজ্ঞা
নিস্পৃহ চিৰসেউজ আশা-প্ৰত্যাশা;
শৈশৱৰ পৰা যৌৱনলৈ জীৱনৰ এক বৰ্ণাঢ্য পৰিক্ৰমা।
সময়ৰ অনিৰ্দিষ্ট যুগসন্ধিত
ধূলিৰ দৰে উৰি যায় সময়বোৰ,
সময়ৰ সোঁতত,হেৰুৱা সুখৰ শূণ্যতাৰ
দুখ এটাই পলুৰ দৰে;
কোমল কলিজাটো কুটি-কুটি খাই।
গতিশীলতাত মানৱৰ ঠিকনাবোৰৰ পৰিৱৰ্তন ঘটিল
স্মৃতিবোৰহে আজি একোটা ষ্ট'পেজত বন্দী হৈ ৰ'ল।
সময়বোৰো নিজৰ কৰিব নোৱাৰিলোঁ...
প্ৰাপ্তিৰ বৰষুণজাকত তিতি থাকোঁতেই---
অপ্ৰাপ্তিৰ ধুমুহাজাকে তচ্নচ্ কৰিলে হিয়া।
ক'ৰবাত সোঁৱৰণিৰ উভতনি সেউজী বাটৰ সুগন্ধই
আজিও বুকুয়েদি হুমুনিয়াহৰ ঢৌ তুলি যায়।
স্বপ্নস্পৰ্শিত নিসংগতাত ডুব গৈ থকা অলেখ শব্দ,
তাতেই আকৌ,ঘূণে ধৰা জীৱশ্ৰেষ্ঠৰ যন্ত্ৰণাকাতৰ চিঞৰ !
কংক্ৰিত কোলাহল পৃথিৱীৰ অস্থিৰ ছায়া;
ক্ষমতা,পদ-মৰ্য্যাদাৰ লুভীয়া পিশাচৰ
যৌন ক্ষুধাৰ লালাসিত প্ৰলয়ভংগী
নগ্নতাৰ বেশত মুখাৰ আঁৰৰ মুখ।
আক্ষেপ কৰিব পৰাকৈ আজি হৃদয়ত অনুভৱৰ অভাৱ,
মানৱীয়তাৰো স্বাৰ্থান্বেষী সলিল সমাধি...
জীৱনতো যেন আইৰ তাঁতশালৰ চেৰেকীলেখীয়া
চেৰেকীতোৰ পৰা মহুৰাত গৈ শেষ হোৱা সূতাডাল
জন্মৰপৰা মৃত্যুলৈকৈ এটা দীঘলীয়া বাট
হয়তো,জীৱন এনেকুৱাই---------
সময়ৰ বুকুত বিলীন হৈ যায় ।
——————————————————————————————
অপেক্ষা ষ্টেচন অধীৰ চুবুৰী
ৰিংকু মনি বৰা, ঢকুৱাখনা।
শেঁতা পৰা কলিজাত ৰঙা ৰং বুলাবলৈ
কেতিয়া আহিবা তুমি?
কেতিয়া আহিবা তুমি
মোৰ সেঁওতাত আঁকি দিবলৈ
গোলাপৰ এটি ৰক্তিম পাহি!
অ' মই সঁচাকৈয়ে বিচাৰো তোমাক,
যিদিনাৰ পৰা মোৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈছিল
তোমাৰ সুমধুৰ কন্ঠস্বৰ,
সিদিনাৰ পৰাই মোৰ হৃদয়ত বাঢ়ি আহিছিল
প্ৰেম নামৰ এক অনুভৱ।
হৃদয়ৰ ৰিক্ত অনুভৱেই যদি প্ৰেম হয়,
তেন্তে অ' মই প্ৰেমত পৰিছোঁ।
যিদিনা তোমাৰ ওঁঠৰ জ্বলন্ত চিগাৰেট
নুমাই গৈছিল মোৰ মৰমৰ বতাহত,
মাতৰ কোমলতাত,
ঠিক সেইদিনাই সম্পূৰ্ণ হৈ উঠিছিলোঁ মই
অনিৰ্বচনীয় আনন্দত
মোৰ অধৰেৰে
বিষাদৰ সলনি নামি আহিছিল
এচেৰেঙা ৰ'দ।
অ' মই বিচাৰো তোমাক
মোৰ সমগ্ৰ সত্তাৰে,
আকুলতাৰে, আৱেগেৰে...।
———————————————————
আই
মৌচুমী দাস
"ডাৱৰৰ টোপাল যেতিয়া
মোৰ চোতালত পৰে
ডাৱৰক সোধো মই
মোৰ হেৰাই যোৱা মাক
কেতিয়াবা দেখিছানে ?
ৰ'দৰ জিলিকনি যেতিয়া
মোৰ শেতেলিত পৰে
ৰ'দক সোধো মই
মোৰ হেঁপাহৰ আইক
কেতিয়াবা লগ পাইছানে ?
ৰ'দে , ডাৱৰে ক'লে মোক কাণে কাণে
তোমাৰ মাক তোমাতেই পাবা
তোমাৰ উশাহত
তোমাৰ প্ৰাণত
যুগান্তৰৰ নতুন পুৱাত
নতুবা
সৃষ্টিৰ তুলিকাত।
————————————————————
ভাৱনা
অঞ্জুমনি বৰা
তৰা-ভৰা আকাশখনিত
বাৰিষাৰ উচুপনি
ঝৰ-ঝৰ কৈ যেন মুকুতা সৰে।
পথৰুৱা গৰখীয়া বাটত
বাখৰুৱা গৰুখোজত
এসাগৰ জলমল পানী
ডাৱৰৰ আবেষ্টনি ফালি
সূৰুযৰ ভূমুকনি
পানীৰ জলাধাৰাত
পোহৰৰ জিলমিলনি
অস্তগামী সূৰুযৰ
হেঙুলী আভাৰ অনাবিল প্ৰশান্তি
তাতেই বিচাৰি পাওঁ
হৃদয় জুৰুৱা আবেলি
অমানিশাৰ বেহু ভেদি
কাঁচিজোনৰ আগমনি
কিয় জানো বুকুত কপনি তোলে
অমানিশাৰ আগমনে?
ময়ো লৈ ফুৰিছো নেকি
বুকুত এসাগৰ দুখ !
বিচাৰিব জানিলে হেনো
দুখৰ মাজতেই সুখ পায়।
সুখবোৰো যে আৰু কি !
যিহে কালিকা-লগা
সহজে নাহেইচোন
ভাগৰি পৰিছো নেকি
সুখ খেদি-খেদি
পাখি লগা কাড়ঁৰ দৰে গতিশীল
লগ পোৱাৰ বাসনা গভীৰ
বালিৰ মুঠিৰ দৰে ৰ’ব নোখোজে
ভাগ্যৰ মুঠিত
নাজানো তাৰ পৰিধি ক'ত !
অঞ্জুমনি বৰা
নগাঁও।
———————————————————


0 Comments