পষেকীয়া কাব্যকানন ৫ম বৰ্ষঃ ১৯তম সংখ্যা বৰ্ষঃ

 

————————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি 

সহকাৰী সম্পাদক : সীমা গগৈ 
অৰ্চনা ঠাকুৰীয়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ

শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
—————————————
বাটচ’ৰা
সম্পাদকীয়

  অসমৰ কাব্য জগতত শেহতীয়াকৈ বঁটা বাহনৰ প্ৰয়োভৰ বাঢ়িছে।বাঢ়িছে মানে নিতৌ নিতৌ নতুন নতুন বঁটা বাহনৰ বাৰ্তাই সামাজিক মাধ্যম তোলপাৰ লগাই আছে।  এটি প্ৰতিভাৰ উপযুক্ত বিকাশৰ অৰ্থে অনুপ্ৰেৰণাৰ খুবেই প্ৰয়োজন। সেই অৰ্থত বঁটাপ্ৰাপ্তিয়ে আমাক যথেষ্ট উদ্যম দিয়ে সৃষ্টিশীল জগতত আগুৱাবলৈ। কিন্তু এই স্বীকীৰ্তি হ’ব লাগিব নিৰপেক্ষ।
   হয়, আমাৰ কাইটীয়া জীৱন-বাটত খোজ কাঢ়োতে ,আত্ম-সমালোচনাৰ লগে লগে আত্ম-প্ৰশংসাৰো প্ৰয়োজন।কিন্তু ,আত্ম- প্ৰশংসাৰ পূৰ্বে আত্ম-সমালোচনাৰ প্ৰয়োজন।
    সৰল অৰ্থত ক’বলৈ গ’লে সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি  আমি লালায়িত হ’ব নালাগিব।কিয়নো, খৰকে বঢ়া নদীখন সোনকালে শুকায়। সময়ৰ বুকুত তেনে উদাহৰণ সুলভ।
    মুঠতে,সময়-বালিত নিজৰ খোজ সুদৃঢ় কৰিবলৈ একাগ্ৰতা,সাধনা তথা ঐকান্তিক প্ৰচেষ্টাৰ গত্যন্তৰ নাই। 
    
    নৱ ৰাজন 
    সম্পাদক 
    কাব্যকানন
—————————————
কবিতাৰ আড্ডা 
আশীৰ দশকৰ আঁত ধৰি
(আজিৰ কবিসকললৈ বুলি) 
উদয় কুমাৰ শৰ্মা

   একো একেদৰে নাছিল, থকা নাই, নাথাকে -- সঁচা। কিন্তু, আধুনিকতাৰ দুৱাৰখন মুকলি কৰি দিয়া -- দেৱকান্ত বৰুৱাৰ দুৱাৰখনেৰেই আজিও আমি অহা-যোৱা কৰিয়েই থাকিলোঁযে ! আজিৰ কবিতাত, ভিন্ন কণ্ঠস্বৰ শুনো ; ভিন্ন শৈলী ( style) বা ধাৰা (trend) নেদেখোঁ  ! 
   হৰিণা এটিক লৈ কবিতা লিখিলে -- কবিতাটোৰ অৱয়ৱ, শব্দসজ্জা বা চেহেৰা (structure)ও হৰিণাটোৰ দৰেই হ'ব লাগিব বুলি কথা নাই। পিচে, একেধৰণে, একে গঢ়েৰে (form) লিখি থকাসকলে -- একেই ধৰণ বা প্ৰকৰণেৰে (system) ৰন্ধা খাদ্য খাই থাকিলে -- ৰুচি বা জুতিৰ উমান পাবইবা কেনেকৈ! 
   কবিতা পঢ়ি, কবিতা লিখিবযে নোৱাৰি -- সঁচা। পিচে, (দেশ-বিদেশৰ) সমাদৃত বা উৎকৃষ্ট কবিতাবোৰ নপঢ়াকৈ, সাৰ্থক কবিতা লিখিব পৰাটোও মিছা। 
   কবিতাৰ প্ৰতি আগ্ৰহী হৈ উঠি '৮০ ৰ দশকত, পুথিভঁৰালৰপৰা কবিতা-পুথি আনি, বহীত টুকি (copy) লৈছিলোঁ -- বাৰে বাৰে পঢ়িবৰ কাৰণে। আৰু আজিৰ কবিয়ে... ! 
   আজিৰ কিমান কবিয়ে -- 'লখিমী সৱাহৰ নাম', 'লক্ষ্মীৰ নাম', 'বৰশী বোৱা গীত', 'বেচা-মাছৰ গীত', 'ল'ৰা-ধেমালিৰ গীত', 'টোকাৰী নাম', 'দেহবিচাৰৰ গীত', 'ভেকুলী-বিয়াৰ নাম', 'নাওখেলৰ গীত', 'নাহৰৰ গীত', 'মণিৰাম দেৱানৰ গীত', 'তাঁত-শালৰ গীত', 'বনঘোষা' আদি শুনিছে বা পঢ়িবলৈ পাইছে বাৰু  ? 
   হেম বৰুৱাৰ 'বালিচন্দা' ( ১ম প্ৰকাশ : আগষ্ট, ১৯৫৯) নামৰ কবিতা-পুথিখনত থকা 'পোহৰতকৈ এন্ধাৰ ভাল' অথবা, হেমাঙ্গ বিশ্বাসৰ 'কুলখুৰাৰ চোতাল' (১ম প্ৰকাশ : জানুৱাৰী, ১৯৭০)ত থকা 'মই ফুৰোঁ হোৱাংহোৰ পাৰে পাৰে' শীৰ্ষক গদ্যৰ চেহেৰাৰে ১৯৫৮ চনত লিখা কবিতাটো -- কিমান কবিয়ে মনোযোগেৰে পঢ়িছে, ক'ব নোৱাৰোঁ  ! 
   আনৰ উৎকৃষ্ট কবিতাবোৰ, কিতাপ কিনি নপঢ়ি -- mobile ফ'নতে লিখা-পঢ়াটো পণ্ডশ্ৰম নহয় যাতে! কবিতা লিখা আৰু, মৰণা মৰাটো জানো একেই  !
———————————————————————
অনুবাদ কবিতা

悯农 
李绅 《悯农》

锄禾日当午,
汗滴禾下土。
谁知盘中餐,
粒粒皆辛苦。

Source: website
Toiling Farmers
 By Li Shen

Farmers weeding at noon,
Sweat down the field soon.
Who knows food on a tray
Thanks to their toiling day?


ঘৰ্মাক্ত কৃষক
মূল: লি শ্বেন
ভাৱানুবাদ: ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

হলধৰে দুপৰীয়া কয়া বন কৰ্ষণ কৰে
শীঘ্ৰে পথাৰখনৰ ঘাম সৰিব
কোনে জানে গাভৰু পথাৰৰ সম্ভাৰ কিমান
সিহঁতৰ কষ্টৰ দিনৰ বাবে ধন্যবাদ।
—————————————
জাগৰণ
মূল: মহাকবি কালিদাস
অনুবাদ : অপূৰ্ব ভূঞা 

আনন্দ আপ্লুত জনেও এপলক
কিবা এটা বিচাৰে 
অথবা শব্দৰ এটি মুদ্ৰাই স্পৰ্শ কৰে তেওঁক

আৰু  কিবা এক হেপাঁহত উথলি উঠে হৃদয়
তেওঁ বুজিব নোৱাৰে সেয়া কি

তেন্তে সেয়া হ’বই লাগিব তেওঁৰ স্মৃতিয়ে আঁজুৰি অনা ঠাইবোৰ য’লৈ তেওঁ যাব নোৱাৰে
সেই মুখবোৰ যিবোৰ আছিল তেওঁৰ প্ৰিয়

এৰি অহা আন এটি জীৱনৰ সেই ছবিবোৰ
খোদিত হৈ আছে তেওঁৰ চেতনাত
তেওঁৰেই অপেক্ষাত ৷

[ টোকা : মহাকবি কালিদাসৰ কাব্যচেতনা অতীত, বৰ্তমানৰ সীমা অতিক্ৰমি পৰলৌকিক দৰ্শনেৰেও বিঢৌত হৈছে ৷ এই সৰু কবিতাটিত সেই ইঙ্গিত পৰিস্ফূট হৈছে ]
——————————————————————————
মূল কবি: ইউনিচ ডি চুজা (Eunice De Souza) 
ভাৱানুবাদ: ড০ জ্যোতিশিখা দত্ত 

It's time to find a place 
"স্থান এটা বিচাৰি লোৱাৰ এইয়াই সময়" 


স্হান এটা বিচাৰি লোৱাৰ এইয়াই সময়
ইজনে সিজনৰ প্ৰতি নিস্তব্ধতাক বজাই ৰখাৰ
মই অনৰ্গল অনৰ্থক বচন মাতিলোঁ
কৰ্ম্মচাৰী কক্ষত, কৰিডোৰত, ৰেষ্টুৰেন্টত
তুমি যেতিয়া মোৰ স’তে নাথাকা
মই কথোপকথনবোৰ মোৰ মগজুত লৈ ফুৰো
আনকি এই কবিতাটোত
আঠ চল্লিছটা  শব্দতকৈয়ো বহু বেছি শব্দ আছে 


সমকালীন ভাৰতীয় সাহিত্যৰ এক পৰিচিত নাম হৈছে ইউনিচ ডি চুজা। তেওঁ মূলত এগৰাকী ইংৰাজী ভাষাৰ কবি l ১৯৪০ চনত জন্ম লাভ কৰা ডি চুজাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰচ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত শিক্ষগতা কৰিছিল l তেখেতে  ৪  খন কবিতা পুথি, ২ খন উপন্যাসিকা আৰু বহুতো কবিতা আৰু ৰচনাৰ সংকলন প্ৰকাশ কৰি উলিয়াইছিল l ডি চুজাৰ  সৃষ্টিৰাজি পৰ্তুগীজ, ইটালিয়ান, ফিনিছ আৰু ছুইডিছ ভাষালৈ অনুদিত হৈছে l ২০১৭ চনত তেখেতে মৃত্যু বৰণ কৰে l তেখেতৰ কেইখনমান উল্লেখযোগ্য কাম হৈছে - - 

Anthology of Contemporary Indian Poetry, Published by OUP

Nine Indian Women Poets: An Anthology, Published by OUP

Early Indian Poetry in English: An Anthology
—————————————
                            কবিতা 

কণা-মুৰি
সঞ্চিতা বৰা 

সহজ কথাবোৰৰ তালিকা এখন কৰো বুলি ভাবিছোঁ
জন্মৰ পৰা আৰম্ভ কৰিলে কেনে হ’ব
জন্মক সহজ বুলি ক’মনে
কি ভাবে আপুনি

যি সহজ তাক সৰল বুলিব পাৰিনে বাৰু

দুটা অৱশ্যম্ভাৱী বিন্দুৰ মাজত জীৱন
দেখাত সহজ 
সৰল পিছে কোনোপধ্যেই নহয়

সহজ কথাবোৰৰ তালিকাত মৃত্যুক ধৰিব পাৰিনে ক’বচোন
চাবলৈ গ’লে এয়াতো এক সৰল পৰিঘটনা
সহজ কিন্তু একেবাৰে নহয় 

প্ৰতি নিয়ত সৰল অংকৰ সৈতে মুখামুখি  
পদ্ধতি উত্তৰ একোয়েইতো নহয় সহজ 
এৰা!
সহজ কথাবোৰৰ তালিকাখনচোন সৰল মুঠেও নহয়।
—————————————
জোখ 
সীমা গগৈ

এয়া কোনো কৌণিক দূৰত্বৰ জোখ নহয়

জোখ ! সময়ৰ
জোখ ! জীৱনৰ 

বাসনাহীনভাৱেই মানুহে শিকি পেলায়
সাগৰ হোৱাৰ জোখ 

আকাশ বিচাৰি ঘুমটিয়াই থকা সুখবোৰে  কোনোদিনে নাজানিব দুখবোৰ চৰাইলৈ ৰূপান্তৰ হোৱাৰ কৌশল 

সময়ৰ শৰ এপাত সময়ত মৰাটো
জোখৰ একক ধাৰণা 
আঠুৱা চাই ঠেং মেলিবলৈ 
জীৱনৰ জোখবোৰ পৰিপক্ব হোৱাই ভাল ! 

ভোকৰ ভাতমুঠিৰ জোখত চাউল সিজাবলে
মনৰ জোখেৰেও লাগিব কিছু প্ৰস্তুতি

চাকিৰ জোখাৰে শলিতা হোৱা বিষয় বাসনাৰে 
উজলে আমাৰ ভৱিষ্যত , প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি পৰে পোহৰৰ অলেখ বাট 

আমাৰ পূৰ্বজৰ হাড়েৰে গঢ়া ইতিহাসৰ
প্ৰতিখিলা পৃষ্ঠাই কʼব
যুদ্ধ আৰু শান্তিৰ জোখ  !

অথবা,
বুঢ়া লুইতৰপৰা যমুনা নদীলৈ বৈ যোৱা
প্ৰতিখন নৈ- উপনৈয়ে কʼব..
শত শত যুদ্ধৰ বিনিময়ত পৰিমাপিত হোৱা 
ধংস আৰু মৃত্যুৰ জোখ !

অগণিত কথাৰ জোখ নাৰাখিলে
অংকবোৰ হেনো আজোখা হয় !

আৰু এখন যুদ্ধ এতিয়াও বাকী...
প্ৰেম আৰু  সহনশীলতাৰ  !
—————————————
তুমি 
দেৱ দাস

মোক 
এক মুহূৰ্তৰ বাবেও
এৰিথৈ নাযাবা 

আকাশৰ 
ইমূৰে নহলে সিমুৰে 
নক্ষত্ৰটোৰ দৰে 
জোনটোৰ দৰে 

নাজানা 
সাগৰখনেই লুনীয়া 
ঢৌবোৰ 
গিৰজনিবোৰ 
বগা ফেন 
তোমাৰ ওঁঠ 
পিয়াহৰ পানী 

এক মুহূৰ্তৰ বাবেও 
মোক 
এৰিথৈ নাযাবা 

নিশিকিলোঁ 
কেনেকৈ ক’ব লাগে 

তোমাক 
জীৱনটোৱে
বাট চাম 

নহ’লে 
শীতৰ শীৰ্ণ আকাশৰ
তলত
পৰিথকা চোতালখনৰ দৰে 
থাউনি হেৰুৱাই ৰ'ম

ইমানো নহয়যে 
তুমি সহি থাকিবা 

জানানে নেজানা 
তুমি গুচি গ'লে 
সাগৰখনে উৰুলি দিব 

মোৰ 
বৰ ভয় হয়
তুমিও লুণীয়া হ’বা

জহি পমি শেষ হোৱালৈ 
বেছি পৰ নালাগিব 

মোক এৰিথৈ গুচি নাযাবা 

গ'লেও টানি চোঁচৰাই আনিম 

তুমি নাযাবা 
এটা দিন 
এটা ৰাতিও 
বাট চাই ৰ’ম 

গোটেই জীৱন 
তোমাক ।
—————————————
কথোপকথন
ইলামণি শইকীয়া

তেওঁ– বৰ অকলশৰীয়া মই
মই--সম্ভৱতঃ পৃথিৱীৰ সকলো মানুহেই অকলশৰীয়া৷তুমি অকলে অকলশৰীয়া আৰু মই ভিৰৰ মাজত৷ 
তেওঁ--ভীষণ অসুখীও মই
মই--সুখ এক বিমূৰ্ত ধাৰণা মাত্ৰ৷প্ৰাপ্তি মানেই সুখ নহয়৷
তেওঁ--বুকুত বহুত হাহাকাৰ মোৰ
মই--এই অসুখ,এই হাঁহাকাৰ প্ৰত্যেক মানুহে কঢ়িয়াই ফুৰে৷সুখী হোৱাতো মোৰ মতে ইমান জৰুৰী নহয়৷অলপ হাহাকাৰ নোহোৱা জীৱন
নিস্তৰংগ পানীৰ দৰে৷
তেওঁ--পৰিপূৰ্ণ হ’ব নোৱাৰিলোঁ আজিলৈকে৷
মই--কোনেও কাকো পৰিপূৰ্ণ কৰিব নোৱাৰে৷আনকি নিজেও নিজক৷ আৰু সত্য কথাটো হ’ল-পৰিপূৰ্ণ নোহোৱাতেই জীৱনৰ সাৰ্থকতা
তেওঁ--কেতিয়াবা নিজেই নিজৰ ওচৰত দুৰ্বোধ্য হৈ পৰোঁ৷ এনে লাগে যেন সকলো হেৰুৱাই পেলালো৷জীৱনৰ বোজা ব’বলৈ অপাৰগ হৈ পৰিলোঁ৷
মই- -আচলতে কি জানা--বাৰিষাৰ প্ৰথমজাক বৰষুণত ভিজাৰ শিহৰণ অনন্য কিন্তু সেই বৰষুণজাক সদায় মনত থাকিলেও সেই শিহৰণ হয়তো আগৰ দৰে অনুভৱ কৰিব নোৱাৰি৷
তেওঁ--হেৰাই যোৱাৰ হেঁপাহ এটায়ে মাজে মাজে মোক উদ্ভ্ৰান্ত কৰি তোলে৷
মই--ব’লা আমি হেৰাই যাওঁ নিজে নিজক নেহেৰুৱাকৈ।
—————————————
উদিত সূৰুযৰ বিভাত ফুলা খৰিকাজাই তুমি
(উৎসৰ্গিত:কাব্যভীষ্ম নীলমণি ফুকনৰ সোঁৱৰণত) 
সুশান্ত দাস

কলহংসৰ দৰে শান্ত গুঞ্জৰিত শৱদৰ কল্লোলিত 
কবিতাৰ আমৃত্যু প্ৰেমিক 
তুমি নীল নক্ষত্ৰৰ দীপ্তি 
পূবে উদয় হোৱা দিনমণিৰ দৰে তোমাৰ নয়নদ্বয়ৰ ৰং
সুতীব্ৰ, নীৰৱ আৰু গাম্ভীয্যপূৰ্ণ  

তোমাৰ এমোকোৰা হাঁহি বুটলিবলৈ বুলি 
কবিতাৰ ববচা বনত বিচৰণ কৰিছোঁ
নেপথ্যৰ কাহিনীৰ দৰে...

তুমিয়েই দেখিলা সুৰৰ স্বৰলিপি 
বাঙ্ময় কবিতাৰ আমৃত্যু সৃষ্টি 
তুমিয়েইটো দেখিলা বুঢ়ালুইতৰ বুকুত 
শুই পৰা বেলিৰ সূৰ্যাস্ত 
তুমিয়েইটো দিলা 
গোলাপী জামুৰ লগ্নৰ সংজ্ঞা

তুমি কৌটি সূৰ্য্যৰ দেশৰ প্ৰহৰী
অতন্দ্ৰা তৰঙ্গিনীৰ নীৰৱ চিৰঞ্জীৱ হেমন্তৰ পক্ষী 
তুমি ৰাতি গলি গলি
নিজৰি নিজৰি বোৱা  
এখন নীল কাব্যৰ নদী ; 
বৰ্ণময় সৌৰভৰ স্বৰ্ণিল পৰিক্ৰমা 

জোন গলা এটা ৰাতিৰ অবিশ্ৰান্ত দূৰন্ত গতিৰ পাছত
অৰ্ক মলিন হ’ল 
নৈৰ মৰণান্তিক মৰাসুঁতিৰ এখন ৰাজ্যৰ ৰাজপাট 
ভোগ কৰিবলৈ বৈ গলা তুমি 

তুমি মোৰ স্বপ্নৰ প্ৰভাকৰৰ মানুহ
নীলা ব্যোমৰ দৰে উদ্বেলিত নীলা আস্তৰণ
সেইদিনা , হৃদয় ভগা ৰাতিৰ মাজত তুমি
দেখিছিলা হেনো গোলাপী জামুৰ লগ্ন
নিশিৰ বৈভৱৰ স্পন্দনত শুনিছিলা হেনো 
নিৰ্য্যাসিত হংসধ্বনি

মই এতিয়া শুনিছোঁ মাথোঁ 
নিনাদিত নিৰ্জনতা
তিলফুলৰ মালিতা,
অন্তহীন সাধনাৰ পথিক তুমি 
এটা গুঞ্জৰিত নীলশংখ 

হে কাব্যভীষ্ম,
তুমিয়েইটো দেখিলা লুইতৰ বুকুৰ পাতি–সোণাৰুৰ বেলি 
ফুলি উঠিলা উদিত সূৰুযৰ বুকুত হৈ
খৰিকাজাইৰ নিৰ্মল হাঁহি 

নিঃসৃত নীলশঙ্খৰ ধ্বনি ।
—————————————
গতি সূত্ৰত আবদ্ধ জীৱন
চয়নিকা ভূঞা 

মৰআঁউসীৰ পিছৰ তিথিৰে কথা
ৰ'দৰ টোপোলা এটাক লৈ 
কথাবোৰ পদূলি মুখ পালে কি নাপালে 
পশ্চিমত বেলি লহিয়াবৰে হ'ল 

কালসন্ধ্যা
ফেউৰাৰ আৰাও

ঔ-তলতে এটা সাধুৰ জন্ম 
সেই একেই আওপুৰণি গুজব 
তাকে লৈ সকলো ব্যস্ত 
সত্য-অসত্যৰ বিচাৰত
কত যে আউল 

আপেলটো সৰি পৰোতেই 
নিউটনৰ সূত্ৰ আৱিস্কাৰ 

কথাবোৰ পাকত পৰিছিল 
নিউটনৰ গতি সূত্ৰৰ দৰেই 
একেই ক্ৰিয়া -প্ৰতিক্ৰিয়া 

মধ্যাকৰ্ষণ শক্তিতেই কাহিনী

সেলেঙী বোৱা ওঁঠত
ফুলকুমলীয়া ছোৱালীজনীৰ
নতুন কাহিনী।
—————————————
কাব্যঋষি
গীতাঞ্জলী হাজৰিকা 

কাব্যঋষি সৰগলৈ গুচি গ’ল 
মৰতৰ কবিতা কাননক মাউৰা কৰি থৈ
সূৰ্য্য লৈ যোৱা বাট হেনো সেউজীয়া
এতিয়া সেই সেউজীয়া বাটটো
ফাগুনৰ নহাকৈয়ে লঠঙাই
আৱৰি ধৰিলে হৃদয়ক ৰঙা মদাৰ কৰি

কবিতাৰ কাকলিত কুৰুলীয়াই থাকোঁতে
কলমৰ কাপেৰে সেউজীয়া সমীৰণৰ আভাবোৰ
অনুৰাগীৰ হৃদয়ত হাইতাল বুলাই
জ্ঞানপীঠ বঁটাৰে অসমীয়াৰ কাব্যতলী সমৃদ্ধিশালীৰে জোনাক চটিয়াই অজান দেশৰ
অতিথি হ’বলৈ ধাপলি মেলিলে 

মিতব্যয়ী শ্ল’গান প্ৰতিনিয়তৰ শক্তিশালী মন্ত্ৰবাণ আছিল
কবিতাৰ কাননত তাৰ ওলোটা ছবি আছিল
যিমানে পাৰিলে সিমানেই সাঙোৰীলে
শব্দৰ মায়াজালত মন মোহাচ্ছন্ন কৰি
কাব্যিকতাৰ সেউজীয়া ধৰাখন 

হে কাব্যঋষি আপুনি যি স্থানত আছে
সেহি স্থানৰ পৰাই পৰম ভক্তগণক 
আশীষ নিৰ্মালীৰে 
অনুভৱ অনুৰাগৰ অনন্য  শব্দালঙ্কাৰ বৰষিব
কবিতাৰ সেউজীয়া পৃথিৱীখন
জীপাল কৰি শোশোভিত কৰিবলৈ

( কাব্যঋষি আপোনাৰ পৰলোকগামীত সামান্য এপিয়লা শব্দাঞ্জনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদিবলৈ প্ৰয়াস কৰিলোঁ ৷ হে কাব্যঋষি ভুলবোৰ মাৰ্জনা কৰিব 🙏🏻 ৷ )
—————————————
ভাৰমিলিয়ন 
পাৰিজাত বৰুৱা

ৰঙা এখিনি বুকুখনৰ মাজতে সানি 
আহিল চৰাই এটা পাখি মেলি 
পাখিৰ তলত বিশ্বাস নামৰ মুদ্ৰাটো সৰি নপৰাকৈ 
কায়দাৰে ধৰি ৰখা কথাটো 
নদীখনে বাৰুকৈয়ে দেখিলে ।
 নদীখন বৈ আছে , চৰাইটো উৰি আছে
নদীত ঢৌ উঠিছে 
চৰাইটোৰ বুকুৰ ৰঙাবোৰ চুব পৰাকৈ ।
হঠাৎ চৰাইটোৱে নদীখন  উকা চোতাল যেন দেখি 
থমকি ৰ'ল । বুকুৰ ৰঙাবোৰ চোতালৰ মাজতে 
বেলিপকা দিলে । বেলিফুল হৈ ফুলিল লাজতে ।
 লাজৰ ওৰণি খহাই চৰাইটোৱে ফুলক খুটিয়াই 
এঠোঁটত কথাৰে ক'লে ---
এটি মাথোন কঁপালৰ তেজগোৰা বেলি
আজীৱন সেকি থাকে হাঁহি হাঁহি 
অত দুখ , ক্লান্তি গলি গলি পানী হৈ বৈ যায় 
এই নদীয়েদি , খিলখিলাই হাঁহি হাঁহি 
চোতালত এতিয়া হাঁহিফুল উভৈনদী।
———————————————
অনন্ত বাসনা
হিয়া দাস 

মৃত্যুৰ দুৱাৰদলিত ৰৈ 
জীৱনৰ সৈতে 
কত আলাপ 
জীৱনৰ কত ৰূপত 
মাতাল 
এধানি ছাঁত ৰৈ 
সামৰিব খোজোঁ 
জীৱনৰ যত উশাহ 
বুকুত মোৰ অনন্ত বাসনা । 
—————————————
ময়ে  তোমাৰ প্ৰিয় কবি 
তুমিয়ে মোৰ প্ৰিয় কবিতা 
গকুল চৌধুৰী 

প্ৰেম যদি পূজা 
এদিন দুদিন কৰি চিৰদিন চিৰকাল আমি দুয়ো 
প্ৰেমিক - প্ৰেমিকা ৷

প্ৰেম যদি প্ৰাৰ্থনা
প্ৰেমৰ মন্দিৰত 
মই ফুল 
তুমি প্ৰতিমা  ৷

প্ৰেম যদি থাপনা 
প্ৰেমৰ থাপনাত জ্বলি থকা 
তুমি চাকি 
মই শলিতা  ৷

সাহিত্য যদি সাধনা
তুমিয়ে মোৰ প্ৰেৰণা
মই পাখিকলম 
তুমি সাঁচিপাত 
এটি দুটি 
মুঠি মুঠি
সৰু সৰু 
অলেখ শব্দবোৰ 
প্ৰেমৰ পথাৰত সৃষ্টিৰ কঠীয়া।

প্ৰেম যদি আল্পনা 
তুমিয়ে মোৰ কল্পনা 
তোমাৰ মৰম আৰু মোৰ ভালপোৱা
প্ৰেমৰ ভাষা কিম্বা পৰিভাষা  ৷

বৰ্ণমালাৰে শব্দ সাজি
এটি মন জয়ী বাক্য হৈ 
তোমাৰ মনত স্পন্দন 
যোগোৱা চন্দ মই  ৷

কথামালিতাৰ অৰ্থৰে 
মোৰ হৃদয়ৰ 
আঁহে আঁহে
কোঁহে কোঁহে 
শিহৰণ যোগোৱা
তুমি এটি মন জুৰুৱা শিৰোনামা ৷

যুগে যুগে 
জনমে জনমে 
মইয়ে তোমাৰ প্ৰিয় কবি 

আঁকি লিখি শেষ হৈও 
শেষ নোহোৱা
তুমিয়ে মোৰ প্ৰিয় কবিতা  ৷
———————————————
চৰৰ মানুহ
ডo ইকবাল হোচেইন খান

এনেকৈনো মানুহ থাকে
দেখিলে টোপ টোপ চকুলো সৰে
কালমূৰ্ত্তি নদীয়ে প্ৰতিমুহূৰ্ত্তেই  ধ্বংসৰ উৎসৱ পাতে, ইতিহাস গঢ়ে বিষাদৰ
জীৱনৰ বাটত তপত হুমুনিয়াহ পাথৰ হৈ থাকে  ।
এনেকৈ নো মানুহ থাকে
তাৰে মানুহে কবিতা নপঢ়ে 
জীয়াই থাকিবলৈ সংগ্ৰাম কৰে
পথাৰে পথাৰে খেতিয়ে খেতিয়ে ভৰপূৰ শ্ৰমৰ ফচল 
হতাশাৰ বালিৰে সভ্যতা গঢ়ে। 

এনেকৈ নো মানুহ থাকে 
দেখিলে টোপ টোপ চকুলো সৰে
কি আচৰিত !
তথাপিও সভ্যতাই সত্যটো উপলব্ধি নকৰে
বিধাতাই অন্ধৰ ভাও ধৰে
ভাবি ভাবি অবাক হওঁ
কিয় এনে হয়
নিষ্ঠুৰ সকলো
ভাগ্যৰ কালৰূপ
কেতিয়া উভতি আহিব জীৱনৰ ৰূপ
সুন্দৰ সুন্দৰ সপোন
চৰৰ মানুহ ।

[গুণোৎসৱৰ দায়িত্ব পালনৰ সময়ত অৰ্জন কৰা অভিজ্ঞতাৰ ভিত্তিত কবিতাটো লিখিলোঁ ।]
——————————————
মই ভালপাওঁ নিজকে
প্ৰাণ প্ৰতিমা বড়া

 মায়াময় ধৰাৰ বুকুত
মোৰ উশাহবোৰ বন্দী ৷
উচ্চ শিখৰৰ ধাৱমান গতিত
থমকি ৰোৱা আশাবোৰৰ
সলনি হোৱা কক্ষপথত
উৱাদিহ নোপোৱা যাত্ৰা। 
কৰবাত শেষ হয় হাঁহিবোৰ
কৰবাত থমকি ৰয় আৱেগবোৰ
বুকুৰ ভিতৰত প্ৰচণ্ড বেদনাই
মাদল বজাই অহৰ্নিশে সংগোপনে। 
মোৰ প্ৰশ্নৰ উত্তৰবোৰ
নিজৰ মাজতে সামৰোঁ ।

আশাত বন্দী মোৰ হাবিয়াসবোৰৰ
শ্ৰাদ্ধ পাতিব নোৱাৰোঁ 
সেয়ে মই মোক সজাব খোজোঁ
নিজৰ মাজতে
মই ভালপাওঁ নিজকে 
আবিৰ সানিব খোজোঁ সেউজীয়াৰে
মোৰ আৱেগবোৰক ৷
সজাব খোজোঁ আকুলতাৰে
কলুষিতাবিহীন এখন হৃদয়ৰ।
—————————————
পাহৰিব নোৱাৰিলোঁ আজিও
তানিয়া মধুকল্য

কথাবোৰ মই আজিও 
পাহৰিব নোৱাৰিলোঁ 
কেতিয়াবা বৰকৈ মনত
পৰে তোমালৈ
আছানে  কুশলে?

তোমাৰ স্মৃতিবোৰে কেতিয়াবা
মনত বৰকৈ খুন্দিয়াই
পাহৰিব নোৱাৰিলোঁ 
আজিও কথাবোৰ
যি কথাই পলে-পলে 
মনত পেলায় তোমালৈ!

গছবোৰে, চৰাইবোৰে,
মুকলি আকাশখনে,
সোণোৱালী পথাৰখনে 
আজিও মোক তোমালৈ 
মনত পেলায় 

নৈখনে সোঁতত উটুৱায়
নিয়ে তোমাৰ নামটো, 
তুমি নামৰ অৱয়বটো, 
তোমাৰ ভাৱ ধাৰণাবোৰ 
বালিচৰত আজিও জীৱিত 
হৈ আছে তোমাৰ খোজবোৰ
এইবোৰ দেখি মোৰ সুখবোৰ
চকুলো হৈ দুগালেৰে নিগৰে!

আমি লগ নোপোৱা আজি 
বহু বছৰেই হ'ল
সময়বোৰ কেনেকৈনো পাৰ হয়
একোৱেই ধৰিব নোৱাৰি
তুমি নামৰ শব্দটোৰ 
প্রতিধ্বনিবোৰে 
মোক তুমি মোৰ কাষত 
থকাৰ অনুভৱ কৰায়
নৈৰ পানীবোৰত জিলিকি ৰয় তোমাৰ মুখৰ প্ৰতিবিম্ব
তাকে দেখি মোৰ এনে লাগে 
যেন এতিয়াও তুমি মোৰ  কাষতেই আছা
এনে লাগিছিল যেন 
বহু দূৰণিৰ পৰা তুমি 
মোক মাতি আছা !!
 
এতিয়া 
সময়বোৰে, প্ৰকৃতিয়ে,
চহৰখনে তোমাক ৰিঙিয়াই
তোমাক পাহৰিব নোৱাৰিম 
মই কাহনিও 
কুশলে থাকিবা !
—————————————
অবিৰত যাত্ৰা
ৰুমী সেনাপতি ভূঞা

অনাদিৰ চিৰ প্ৰৱাহিনী নদী ,
নাজানো উৎসৰ নিৰ্দিষ্ট স্থান ,
ঋতুকালীন ভিন্ন ৰেহ -ৰূপ বোৱতীধাৰ ,

বিৰামহীন বোৱতী সোঁতৰ ৰহস্যময়তা ,
গতিময়তাত আছে নেকি প্ৰাপ্তিৰ হাবিয়াস ,
কিম্বা নোপোৱা বা হেৰুৱাৰ অভিমানী বিষাদ !

দুপৰত  চিকমিক সুৰুযৰ আভাৰ সন্মোহিনী ,
নৈপৰীয়া বতাহত লহৰৰ হেন্দোলিত গতি ,
সন্ধিয়াৰ হেঙুলী আকাশত বিষন্নতাৰ ছবি ৷

সময়ে আঁকে বাস্তৱৰ জীয়া ছবি ,
পলকতে ভাঙে - গঢ়ে আশা - কল্পনাৰ ৰূপ !
আবেগ - সংকল্পৰ নিত্য অদম্য কছৰৎ !

লক্ষ্য প্ৰাপ্তিৰ সাধনাই জীৱনৰ ব্ৰত ,
জিনি ৰ’ব অবিৰাম কঠোৰ সংগ্ৰাম - প্ৰচেষ্টাই  !
ঘড়ীৰ কাটাই দিব সকিয়নীৰ সংকেত !

ৰং আনন্দৰে চৌদিশ মুখৰিত হ’ব ,
য'ত নাথাকিব বিষন্নতাৰ নৈৰাশ্য ছাপ !
কৰ্মময় জীৱনৰ অবিৰত যাত্ৰা অসীমলৈ । 
—————————————
আৰু নবজাবা ঢোল বাটৰুৱা 
ৰাজীৱ দত্ত 

আগতে ঢোলৰ মাত শুনিলে
ৰাই জাই কৰিছিল গা
উৰুঙা উৰুঙা লাগিছিল ৷

আজিকালি ঢোলৰ মাত শুনিলে
 হৈ পৰো সন্ত্ৰস্ত !

কিয় বা ঢোলত চাপৰ পৰিল !

ৰজাই হুকুম দিছে এদিম চেদিম বা
কি হুকুম ? কিহৰ হুকুম ?

কান উনাই ৰও
কাৰ বা চকু কঢ়া 
হাতৰ আঙুলি কটাৰ নিৰ্দেশ ?

জিন্দাবাদ মূৰ্দাবাদ ধ্বনিৰ চিঞৰত
হতবাক হৈ ৰও বহু সময় ৷

কোনে ক’ত বজালে ঢোল?
কোনে কাক বজালে ঢোল?

ভাবি গুনি বিবুধিত পৰো ৷

পুনৰ ভগা ঢোলৰ বেসুৰা শব্দত
উভতি আহো নিজৰ জগতলৈ

ঢোল বায় ক’ত ?ৰতনপুৰত 
খোল বায় ক’ত?  ৰতনপুৰত ৷
ৰতনপুৰ ক"ত ? 

ৰ’দ দি দি বৰষুণ দিয়ে খৰা শিয়ালৰ বিয়া
সকলোৱে এবাৰ উৰুলি দিয়া 

তথাপিও নবজাবা ঢোলটি এবাৰো
ঢোলৰ প্ৰতিটো কোব মোৰ বুকু মৰা
যেন একোটা গজালহে৷

বুকুত বাজি থাকে অনেক বঞ্চনা বুভুক্ষাৰ ঢোল ৷
" ঢুম ঢুম  ঢা ঢুম ঢুম ঢা "৷

আৰু নবজাবা ঢোল বাটৰুৱা
আৰু নবজাবা ঢোল৷

ঢোলহৈ বজাৰ ইচ্ছা নাই মোৰ
বাজিলো যে কত কাল ৷
—————————————
সেউজ বিলাস
ৰিংকুমণি বড়া 

তুমি বসন্তৰ প্ৰথমটি কুঁহি
আৰু মই
ফাগুণৰ অন্তিমটি সৰাপাত
ভঙা আৰু গঢ়াৰ আলি-দোমোজাত
লগ হম দুয়ো
ৰাতিৰ বাটেদি নিঃশব্দে নামি আহিবা তুমি
ক্ৰমাত শিপাই ধৰিবা
এসাগৰ সেউজীয়া হৈ
আৰু সেই সেউজীয়াতে মুখ গুজি
মই ফুল হৈ ফুলিম
জোন হৈ জ্বলিম
নদী হৈ নাচিম
চৰাই হৈ উৰি গুছি যাম
তোমাৰ পৃথিৱীলৈ।
———————————————
ঋতুৰাজ
নয়নমণি দাস

ধূলিয়ৰী আবেলিত
পলাশ শিমলুৱে 
জুই ছটিয়াই  দিছিল 
ঋতুৰাজৰ আগমনৰ বতৰা। 
হেঁপাহ আৰু প্ৰতিশ্ৰুতিবোৰে
খদমদম কৰি খিলখিলাই হৃদয়ত
মাথোঁ অপেক্ষা কৰিছিল প্ৰাপ্তিলৈ
ফাগুনী পচোৱাৰ বুকুত বোৱা
ফুলাম বিহুৱানখন হাতত লৈ-
ন-সাজত ন-জোন নমাই-
ন-পুৰনি যৌৱনত ন-ধল বোৱাই-। 
আৰু.... 
গেৱা ম'হৰ শিংত শিৰহৰণ তুলি.. 
ন-ঢোলৰ চাপ বুকুত বজাই
চ'তৰ উৰুঙা ওৰণি টানি ঋতুৰাজ 
ব'হাগ আহে  ধৰাৰ বুকুলৈ
হাবিয়াহৰ হো'ৰাটোত  
আনন্দ উল্লাস ভৰাই 
মাদকতাৰ জোৱাৰ তুলিবলৈ।

ব'হাগ মানেই  বাসনাৰ পূৰ্ণতা দুখন হৃদয়ৰ...
উদ্দীপনা এজাক সোণাৰুফুলীয়া
 মতলীয়া অনুভৱ- অনুৰাগৰ.. 
উন্মণা মনৰ এপাহি আশাৰ ফুল
বসন্তৰ বলিয়া মন বাগিচাৰ...
ব'হাগ মানেইতো...
এদল আদৰ আগমন উজনি-নামনিৰ
সৃষ্টি- কৃষ্টিৰ  কৌস্তুভ দলিল 
প্ৰাপ্তি - প্ৰদানৰ পূৰাতন আনন্দ
প্ৰকৃতিয়ে ন-সাজ পিন্ধাৰ লগে লগেই
বিহগীয়ে জাননী দিয়ে সম্প্ৰীতিৰ..
চেনেহীৰ দেহৰ সোণোৱালী সূতা
ৰংমনৰ মনৰ এখন টঙালি বুটা বচা। 

ঋতুৰাজ  মানেই এতিয়া--
সমন্বয়ৰ লহৰ
সংস্কৃতিৰ উজ্জ্বল পোহৰ.. 
অতীতৰ পৰা ভবিষ্যতলৈ এটি খোজ
অস্তিত্ব ৰক্ষাৰ,,,, 
আৰু---
ঐতিহ্য-পৰম্পৰা ৰক্ষাৰ যুঁজ।
—————————————
প্ৰতীক্ষাৰে তোমালৈ
লাৱণ্য নাথ 

হঠাৎ স্থবিৰ হৈ পৰিছে ভালপোৱাৰ পছোৱা ;
বুজিও বুজিব নোৱাৰোঁ  ফাগুনত অহা আবেলিৰ গান।
নুবুজে যেন হিয়াই ৰৈ থকাজনৰ 
আকুল আহ্বান...

বলীয়া ফাগুনৰ 
ৰঙীন ব'হাগত
তুমি আহিবা ব্যস্ত জীৱনৰ ফাকে ফাকে 
জীৱনৰ প্ৰশান্তি ছবি চাই
মধুময় কৰিবলে ওৰেটো জীৱন।
————————————————

Post a Comment

0 Comments