———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মণ
গিৰিজা শৰ্মা
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
সংগীতা বৰা
সহযোগী সম্পাদকঃ
বিশ্বজিত গগৈ
উৎপল কলিতা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী,ৰেখা বৰকটকী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,গাৰ্গী ভূঞা, গীতাঞ্জলী কলিতা, ৰঞ্জন বৰা
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কোনে জানো কৈছিল–"যি কোৱা নহয়,সেয়াই কবিতা।" । মাজে মাজে নিজেও নিজক সুধো—
–"কবিতানো আচলতে কি?"
–"কবিতাৰ কিয় এক সুনিৰ্দিষ্ট সংজ্ঞা নিৰূপণ হোৱা নাই?"
–"কাৰোবাৰ দৃষ্টিৰ ভাল কবিতা এটি আন কাৰোবাৰ বাবে কিয় ভাল নহ’বও পাৰে?"
এনে বহু প্ৰশ্ন মনত দোলা দিয়ে। আপোনাকো চাগৈ মাজে সময়ে এনে প্ৰশ্নই আমনি কৰে।
মানো,কবিতা,চৌষষ্ঠি কলাৰ ভিতৰত এক জটিল কলা।এইটোও বুজোঁ,মনৰ দোলায়িত ভাৱনাৰ বহিঃপ্ৰকাশেই কবিতা নহয়।কবিতাক জানিবলৈ,বুজিবলৈ তথা আয়ত্ব কৰিবলৈ গভীৰ সাধনা,একাগ্ৰতা আৰু অধ্যয়নৰ প্ৰয়োজন।অন্যথা সময়বালিত সকলো মচ খাই যাব।
এই সকলোখিনি ভবা গুণাৰ পাছত আমাৰ দৰে কবিতাৰ ছাত্ৰ এজনে এইটোৱে বুজো যে যি কবিতাই আমাৰ হৃদয়ত সাঁচ কাটিবলৈ সক্ষম ,যি কবিতাৰ শব্দ স্বত্বঃস্ফুৰ্তভাবে আমাৰ হৃদয়ত গুঞ্জৰিত হয়,সেয়াই প্ৰকৃত কবিতা।
বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
Dear March—Come in—
Emily Dickinson
1830–1886
Dear March—Come in—
How glad I am—
I hoped for you before—
Put down your Hat—
You must have walked—
How out of Breath you are—
Dear March, how are you, and the Rest—
Did you leave Nature well—
Oh March, Come right upstairs with me—
I have so much to tell—
I got your Letter, and the Birds—
The Maples never knew that you were coming—
I declare - how Red their Faces grew—
But March, forgive me—
And all those Hills you left for me to Hue—
There was no Purple suitable—
You took it all with you—
Who knocks? That April—
Lock the Door—
I will not be pursued—
He stayed away a Year to call
When I am occupied—
But trifles look so trivial
As soon as you have come
That blame is just as dear as Praise
And Praise as mere as Blame—
প্ৰিয় মাৰ্চ-আহা
এমিলি ডিকিন্চন
১৮৩০-১৮৪৬
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰিয় মাৰ্চ-আহা-
কিমান সুখী মই-
তোমাৰে কথা মই আগেয়ে ভাৱিছিলোঁ-
তোমাৰ ওৰণি খহাই থোৱা-
তুমি নিতান্তই আগুৱাবা-
তুমি কেনেকৈ উশাহ লোৱা-
প্ৰিয় মাৰ্চ, কেনে আছা, আৰু আনবোৰ-
তুমি প্ৰকৃতি মহতিয়াই গৈছিলানেকি-
অ’ মাৰ্চ, মোৰ স’তে ওপৰলৈ আহা-
বহু কথাই ক’বলগীয়া আছে-
মই তোমাৰ চিঠি পালোঁ, আৰু কৱিতা
পদুলিৰ আহতজোপাই গ’মেই নাপালে
যে তুমি আহিলা-
মই ঘোষণা কৰিলোঁ-
কেনেকৈ তেওঁলোকৰ মুখমণ্ডল
বৰণীয়া হৈছিল-
কিন্তু মাৰ্চ, তুমি মোক ক্ষমা কৰিবা-
তুমি যিবোৰ পাহাৰ মোৰ বাবে এৰি আহিলা সেন্দূৰীয়া কৰিবলৈ-
এজাৰফুলীয়া নাই তাত-
তুমি সকলোখিনি লৈ থৈছা-
কোনে সহাৰি দিছে?
সেয়া এপ্ৰিলচোন-
দুৱাৰখন বন্ধ কৰি দিয়া-
মই অনুসৰণ নকৰোঁ-
সি বছৰটো আতৰি থাকিল-
মই ব্যস্ত হৈ থাকিলোঁ-
কিন্তু ক্ষুদ্ৰ কথাবোৰ ইমান তুচ্ছ যেন লাগে-
তুমি অহাৰ লগে লগে-
সেই দোষটো প্ৰশংসাৰ দৰেই প্ৰিয়
আৰু কেৱল দোষৰ দৰেই প্ৰশংসা-
——————————
"আমাকে একটি কথা দাও"
কবি: জীবনানন্দ দাশ
ভাবানুবাদ: ড০ জ্যোতিশিখা দত্ত
'মোক এটা কথা দিয়া'
মোক এটা কথা দিয়া যি আকাশৰ দৰে সহজ মহৎ বিশাল,
গভীৰ; - সমস্ত ক্লান্ত হতাহত গৃহবলিভুকৰ তেজেৰে
মলিন ইতিহাসৰ অন্তৰ ধুই নিয়া চিনাকি হাতৰ দৰে,
মই যাক আৱহমান কালৰে পৰা ভাল পাই আহিছো সেই নাৰীৰ l
সেই ৰাত্ৰিৰ নক্ষত্ৰালোকিত নিবিড় বতাহৰ দৰে:
সেই দিনৰ - আলোকৰ অন্তহীন ডেউকা কোবাই যোৱা পখীৰ দৰে
সেই উজ্জ্বল পখীজনীৰ - পখীৰ সমস্ত পিপাসাক যিয়ে
অগ্নীৰ দৰে প্ৰদীপ্ত দেখে মমৰ অন্তিম প্ৰজ্জ্বলিত শিখাৰ দৰে।
——————————
কবিতা
সকলো অভিশাপৰ পৰা মুক্ত হৈ
ধীমান বৰ্মন
এইমাত্ৰ সকলো অভিশাপৰ পৰা
মুক্ত হৈছো
মোক আদৰি ল'বানে
হে মোৰ গন্তব্যৰ অচিন ঠাই
নিয়তিৰ সন্ধ্যা এটিৰ পৰা পলাই আহি
এই নতুন ৰাতিপুৱা
মানুহৰ মাজলৈ ওলালো
বাটতে সৌধ এটি পাম
এখন্তেক জিৰাম
যি সৌধক পাহৰিছিল
পৃথিৱীৰ সকলো যাতনাই
মাথো চৰাইৰ বিষ্ঠাৰ বাদে
যুদ্ধ এখন শেষ হৈছে আকাশত
মেঘৰ মাজে মাজে সিঁচৰতি
জয় পৰাজয়ৰ তেজ পিবলৈ
ধৰাৰ পৰা উৰিছে তেজখোৱা চৰাই
আৰু অলপ অচৰপ বাকী ৰব
মৃতকৰ আকাশৰ তেজ
বৰষুণে বতিয়াই দিয়াৰ আগেয়ে
পৃথিৱী পথত
মই মানুহৰ মাজলৈ ওলালো
সকলো অভিশাপৰ পৰা মুক্ত হৈ
সমাধিৰ কাষৰ বাটেৰে।
—————————
নিচুকনি বেলি
খঞ্জনা শৰ্মা
নিচুকনি বেলি
টোপনিৰ ৰে'লগাড়ী
মই হাঁহিলে তুমি কান্দিছা
তুমি কান্দিলে মই হাঁহিছোঁ
বহুদিন ধৰি আমি
মিলাব পৰা নাই
একৰঙী সমতলত
ৰূবিকৰ ঘনক
বিকৰ্ষিত ভাৱৰ কম্পনাংকত
পিছফালৰ বিস্তাৰিত ছাঁই
ঢাকি ধৰিছে
আগচোতালৰ ৰ'দ
ৰাতিৰ আস্থান
আৰু বিলম্বিত ৰে'লগাড়ী
দ্ব্যৰ্থতাৰ চিৰি বগাই
দলে দলে নামি অহা
উৎকণ্ঠাৰ খপজপনি
ভিৰৰ মাজৰ কোনোবাখিনিত
থাউনি নোহোৱা খোজবোৰে
অজানিতে এৰি থৈ যোৱা
আটকীয়া উত্তাপ
আটালত উম লৈ শুই আছোঁ আমি
টোপনিতে আঁকি আছোঁ
বেলি ফুলৰ ছবি
সদৃশ ভাৱনাৰ পকা বেলি এটা
উপহাৰ দিবলৈ
পুৱাৰ পৃথিৱীক।
_________________________
ডোনাল্ড ট্ৰাম্পৰ মুচী
কিশোৰ মনজিৎ বৰা
ডোনাল্ড ট্ৰাম্পৰ লগত
মোৰ কোনো সম্পৰ্ক নাই
কিন্তু
ট্ৰাম্পৰ জোতা চিলোৱা মুচীজনৰ লগত
মোৰ গভীৰ সম্পৰ্ক আছে
কিয়নো পৃথিৱীৰ প্ৰতিজন মুচীৰ
আঙুলিৰ অসতৰ্ক বেজীৰ খোচত
মোৰ কলিজাৰ মোনাৰপৰা
টোপাল টোপালকৈ সৰে
ৰঙা
_________________
খৰ-মাহ
গাৰ্গী ভূঞা
আত্মশুদ্ধিৰ বাবে মই যি এক সময় নিৰ্ধাৰণ কৰিছিলোঁ
সেয়া আছিল
সকলো শুভকৰ্মৰ পৰা বৰ্জিত সময়
এপদ-এপদকৈ ৰিপুবোৰ সোলোকাই
সমৰ্পিত হৈছিলোঁ যিদিনা
সময়ে, বিষ্ণুৰ সমুখে
সেইদিনাই গাইছিল
বিসৰ্জনৰ এলানি মন্ত্ৰ
খৰ-মাহে শুভকৰ্ম বৰ্জিত বাবেই
ময়ো মোৰ অশুভক বৰ্জন কৰি
হৈছিলোঁ উত্তম পুৰুষ
মাহো আছিল পুৰুষোত্তম
গুৰুসেৱাত ব্ৰতী আছিলোঁ ময়ো
পিছে, পুহৰ সেই সন্ধিয়াটোত মল্লমাহৰ অজুহাতত
মন - পদুলিৰ পৰা তুলসীকো বৰ্জন কৰা হৈছিল
যি এগছি আকাশ বন্তি প্ৰজ্বলিত হৈ আছিল
খৰ-মাহৰ লেহেমীয়া গতিত হ'লেও
লাহে-লাহে দশোদিশ পোহৰ হৈছিল
আৰু সেই পোহৰতে ময়ো উদ্ঘাটন কৰিছিলোঁ
নিজকে
আজিও হেনো গুৰুৰ ৰাশিত সূৰ্য্যৰ প্ৰবেশ
সকলো অশ্বৰোহীৰ বিৰামৰ বাবে...
সমৰ্পণ আৰু বিসৰ্জনৰ বাবে...
এটিয়ে মাহ !
——————————
আহা আমি দুখক উদযাপন কৰোঁ
(প্ৰিয় কবি নীলিম কুমাৰৰ হাতত শ্ৰদ্ধাৰে ...)
ৰেমী শৰ্মা
ৰাতি এপৰ হৈছে
কৰবাত এটা সুৰ বাজি আছে
দুখৰ
বিৰহৰ
সকলো মানুহৰ বুকুতেই এটা সুৰ বাজি থাকেনে
ৰাতি ৰাতি
মানুহ ওখ হয়
বাঢ়ি আহে চুলি , বাঢ়ি আহে নখ
দুখো ডাঙৰ হয়
ওখ হয়
বুকুত সাৱতি শুইছোঁ তোমাক
হাত বুলাইছোঁ
তুমিও মোক সাৱতিছা
দুখ মোৰ কাষতে ৰৈ চাই আছে
হাঁহিছে
মোৰ ক্ষন্তেকীয়া কথাবোৰ দেখি শুনি
আৰু কিছুপৰৰ পাছতেই যে
মই হাতখন আগবঢ়াই দিম
দুখক টানি আনিম
দুখক হাত বুলাম
তুমি মোৰ বুকুতে থাকিবা
অথচ তুমি গম নোপোৱাকৈ দুখক মই ভালপাম
ওৰে ৰাতি দুখক উদযাপন কৰিম
তুমি শুই গ’লেই
দুখৰ পিয়াহ টানিব আমাৰ সন্তানে
দুখে লাহে লাহে তাৰ বুকুতো শিপাব
পুৱা হ’লেই তুমি গা ধুবা
তিতা চুলিৰে মোক চাহ দিবা
মই দুখৰ হাতেৰে ল’ম
অফিচলৈ পিঠিত কঢ়িয়াই লৈ যাম লেপটপটো
এটা বাহুত দুখ ওলমি যাব
মোৰ কোলাতে বহি থাকিব
সন্ধিয়া হ’লেই দুখে দুখৰ হাতেৰে
বাকী দিব গিলাচত Old Monk
তুমি ভাজি দিবা দুটুকুৰা গাহৰিৰ মঙহ
ৰাতি হ’লেই আকৌ সেই সুৰ বাজিব কৰবাত
মই দুখৰ সৈতে উদযাপন কৰিম তোমাক
তুমি শুনিবানে সেই সুৰ
দুখৰ গাৰুত শুই শুই
নে সাৰে থাকিবা তুমি
দুখৰ সৈতে ।
————————
আপেল…
(ফেডেৰিকো গাৰ্চিয়া লৰ্কাক সুঁৱৰি)
অংকুৰিতা ফুকন
সেউজীয়া আপেল এটাৰ বুকুত
আবেলিটো ভাগ কৰি লৈছিলোঁ আমি
বতাহত সংগীত বাজিছিল নে নাই
এতিয়া পাহৰণিৰ ধূলি…
যন্ত্ৰণাত ছটফটাই থকা দিনটোৱে
চকুৰে বোৱাইছিল বিষাদৰ বৰষুণ
এজাক ধুমুহা বলিছিল বাবে
তোমাৰ চেঁচা হাতখন চুব পৰা নাছিলোঁ মই
ক'ৰ পৰা আহিছিল ধুমুহাজাক
তোমাক ধাৰাসায়ী কৰিবলৈ
নে মোক…
আমাৰ অজ্ঞাতে দীঘল হোৱা
ৰাতিবোৰ অতিক্ৰমী
এতিয়া মোৰ মুখত এচকল গলিত আপেল
আৰু তোমালৈ এটাই পঙ্কিলময় বাট ।
—————————
আজি ৰাতি
ৰঞ্জিত পাটগিৰি
আজি ৰাতি
অন্ধক এন্ধাৰে বাট দেখুৱাব।
আজি ৰাতি
প্ৰেমৰ সকলো পখী উজাগৰে থাকিব।
আজি ৰাতি
সাজ খুলি জোনে নাঙঠ দেহ নৈত পখালিব।
আজি ৰাতি
অযুত তৰাই তিৰবিৰাই আকাশৰ দলিচাত উমলিব।
আজি ৰাতি
জোনাকী পৰুৱাই জোনৰ চিঠি বিলাব।
আজি ৰাতি
ফেঁচাৰ কুৰুলিয়ে কোনো গাভৰুক
বিয়াৰ বতৰা দিব।
আজি ৰাতি
জোনাকে আমাৰ জুপুৰিৰ ছাঁ আঁকিব,
ছাঁলৈ চাই উৰুখা চাল বুলি কোনে ক'ব পাৰিব।
আৰু পাগলী
আজি ৰাতিয়ে মই দেখা হ'লে
আটাইতকৈ ভাললগা সপোনটো!
য'ত আমাৰ অত দিনৰ সাঁচতীয়া সপোন ফলিয়াব।
——————————
মধ্যাহ্ন সময়
নীলম গগৈ
ক্ৰমশঃ
কথাবোৰ গ্ৰীষ্মৰ দুপৰীয়াটোৰ দৰে নিৰ্বাক হৈ পৰিছে
চেঁ চেঁ কৈ আটাহ পৰা জিলিজনীৰ মাতটো ঘূৰি নহাকৈ
হেৰাই গৈছে
হুমুনিয়াহ এটাৰ ভৰত …
——–——————
আকাশ ৰীডিং
বিভা দেৱী
সিদিনা আকাশত জুই লাগিল
উশাহত বাঢ়িল হাৰ্ট- বীট
ঠেকত ঠেকিলে মন
চাট জি.টি.পিয়ে কয়
ময়ো কৰো আপোনাকে সমৰ্থন
আকাশে টানিছে ঈশ্বৰ
কচমিক লাইব্ৰেৰী
মানসিক নিৰ্বিকল্প
দেহতত্ব
মনস্তত্ত্ব
কিম্বা,
ভৱিষ্যতৰ পাথেয়
হৃদয় কেন্দ্ৰলৈ আহ্বান
কোনটো আপোনাৰ পেটাৰ্ণ
পৃথিৱীত জীৱাশ্মই প্ৰধান
চকুত চকু থলে
আকাশেও কথা ক'লে ----
নিৰ্বাক সত্য
--- সকলো একাকাৰ----
(আকাশ ৰীডিং আধ্যাত্মিক ধাৰণা। গভীৰ ধ্যানৰ দ্বাৰা সত্যৰ অন্বেষণ কৰা হয়।মানুহৰ পূৰ্বজন্ম,অতীত কৰ্মৰ সামঞ্জস্য বিচৰা হয়।)
চাট.জি.টি.পি--এটা মোৱাইল এপ। ইয়াৰ দ্বাৰা তথ্য সংগ্ৰহ কৰিব পাৰি
কচমিক লাইব্ৰেৰী --Cosmic library বিশ্বব্ৰহ্মাণ্ডৰ তথ্য ভাণ্ডাৰ।
———————————
ঘৰখন আকৌ এবাৰ নতুনকৈ সজাওঁ আহক
জেৰিণা বৰুৱা
শীতৰ আঁচল হেচুকি
কুহুমীয়া এচেৰেঙা ৰ'দালি
পুৰণি লেতেকুজোপাৰ
ফাঁকেৰে সোমাই আহিল।
কাণৰ কাষেৰে বৈ যোৱা
হিমচেঁচা পুৱতি বতাহত
নৱ-জাগৰণৰ সন্মোহন আজি।
পিৰালিত ভিৰ কৰা
ৰঙাজিঞাৰ পাখিত
নিয়ৰৰ দোৰোলখোৱা হাঁহি,
দূবৰিৰ দলিচা গচকি
এইয়া যে নৱ-বৰ্ষৰ প্ৰতিধ্বনি।
তুলসী ভেটিৰ কাষতে
ঘৰখন এইবাৰ, নতুনকৈ সজাওঁ আহক।
বেৰবোৰৰ আধা এৰা মাটিৰ প্ৰলেপ
এইবাৰ সযতনে লগাওঁ আহক।
কাঠি-কামিৰে আটোমটোকাৰীকৈ
আকৌ খেৰৰ চালিবোৰ বান্ধি পেলাওঁ আহক ।
আই-পিতাইৰ সাতামপুৰুষীয়া আখলত
এসাঁজ একেলগে ৰান্ধো আহক।
দুপৰীয়াটো আগচোতালৰ ভঁৰালৰ
কাষত ৰ' লাগি ৰ'দাইছে,
আইতাৰ আওপুৰণি কেঠাখন
তাৰ উমতে ওমলিছে।
বিয়লি বেলাৰ তামোলৰ পাকৈত
হেলেঙিত খুন্দনাটো টাকুৰি ঘুৰাদি নাচিছে ।
একেলগে আকৌ এবাৰ সাঁজলগা সন্ধিয়াৰ
প্ৰাৰ্থনাত বহোঁ আহক।
ঘোষা-পদেৰে ঈশ্বৰলৈ জগতৰ মঙ্গল
আৱাহন কৰোঁ আহক ।
আগলি কলপাতত গুৱা-পাণেৰে
এটি আশাৰ টোপোলা আগবঢ়াওঁ আহক ।
ন্যায়ৰ,সত্যৰ,মানৱ কল্যাণৰ,ভৱিষ্যত প্ৰজন্মৰ
উত্তৰোত্তৰ কামনা কৰোঁ আহক।
'ঘৰখন' আকৌ এবাৰ নতুনকৈ সজাওঁ আহক।
——————————
এটা ৰাজনৈতিক আন্দোলন
পুলেন ৰাজ নলবেইৰা
(মাজৰ বাদে জনা নাযায় আন্দোলনটোৰ আৰম্ভণি)
১.
কটা হাত ফটা হাত
মূৰত তেজ তেজত মূৰ
মাত ফুলে মাত ফুটে
ডিঙি ফুটি শিৰ ফুলে
ইমানপৰে যুদ্ধ হ’ব লাগিছিল
এখন
লাঠি আৰু শিলগুটি লৈ
আহিব লাগিছিল ওলাই মানুহবোৰ
নহ’ল
নাহিল
গা আঁকি গা ঢাকি
বাঁহৰ পাবত জুই ঢালি
কোনো কতো ঠিয় নহ’ল ৰাজপথ কঁপাই
কতো কোনো ওলাই নাহিল জাতিক জগাই
(জল্পনাত আন্দোলনৰ শেষৰ স্তৰবোৰ)
২.
কুৰিশতিকাৰ পিছৰটো দশক
চাকি এগছিৰ তলত
ৰু-ৰুৱাই জ্বলি থাকে
ডুবি থাকে আগচোতাল
পিছচোতাল
আৰু পানীত বুৰে গাঁওখন
উজান উঠে
আমাৰ চকুৰ দুয়োটা পুখুৰীত
মৰি অহা সপোনৰ মাখিছাল।
_______________
জুইৰ সপোন
ৰেখা বৰকটকী
জুই জ্বলিলে অঙঠা সৰিব
ধোৱাই সামৰিব হেৰোৱা ছন্দ৷
একো নিলিখে অঙঠাবোৰে
লিখিবৰ প্ৰয়োজনেই বা কি?
অনুভৱৰ আজোখা উত্তাপত মলঙিব
পকা অঙঠাৰ তাৎপৰ্য
এঙাৰে পিন্ধে পাহৰণিৰ জুণুকা
ডলাৰ বগৰী আশাবোৰ
স্ফুলিংগ হৈছে,
পুনৰ শিপাইছে, মানুহৰ কজলাপৰা কলিজাত ..
অযুত বাসনাই হামখুৰি খায়
ভেলাঘৰপোৰা ছাইৰ মাজত!
জুইৰ মাঘমহীয়া গোন্ধে
ফন্দিয়াই ধৰে
অজলা মানুহৰ মন..
সময়ৰ টোকাবহীত
জীপ লয়
অনেক ইতিহাস সময়ৰ ভূগোল,
জীৱন প্ৰহেলিকা ,জুইৰ বুকুত লীন হয় ..
পাহৰণিয়ে শুহি খায়
অলিখিত সময়ৰ দস্তাৱেজ..
বহুজনে ক’ব,আগলৈ
ইয়াত এটা মেজি বৰ ওখকৈ জ্বলিছিল...
——————————
গ্ৰহণ
পৰশমণি বৰদলৈ
বৈ বৈ নদীয়ে
বুকুত ছবি আঁকে
গতি সলাই
নদীয়ে ভাঙে গঢ়ে
নদীয়ে হহুৱাবও জানে কন্দুৱাবও
আপোনজনৰ দৰে
মই যদি সাগৰ হ’লোহেতেন
নদীক সাৱটিবলৈ।
——————————
বিষয়ঃ ৰ'দালি প্ৰেম
চয়নিকা ভূঞা
শীতৰ কথানো কি ক'ম
শীত মোৰ আজন্ম প্ৰেমিক
শীতৰ দুপৰতে
উদুলি- মূদুলি পদুলি
চকুৱাৰ সিটো পাৰেই
এখন বৈথক
সেইদিনা ৰ'দ ঘাই চুতালত
ৰ'দালি মেল
তাতেই তোমাৰ সপোন
তাতেই তোমাৰ হাঁহি
এৰাসুতীৰ পাৰত
যৌৱনমতী সপোন
সম্ভৱতঃ
সেইদিনা তুমি অহাৰ কথা ।
———————————————————
ড° বসন্ত কুমাৰ গোস্বামী
চৈয়দ মাৰুফ হুছেইন
পাণ–তামোলৰ নিচা কৰা মানুহ
অসমৰ চুকে-কোণে বহু দেখিছোঁ,
কিন্তু
নিজৰ বয়স পাহৰি
সাহিত্য সভাৰ নিচা কৰা মানুহ—
৮৪ বছৰতো
এই অসমে কিমানজন দেখিছে?
উজনি–নামনিৰ সীমা ভাঙি
কাউৰিয়ে নেদেখা ঠাইতো
নিজে গৈ
সাহিত্য সভাৰ পতাকা উৰুৱাব পৰা
এজন অদম্য যোদ্ধা
আপুনি।
অভিধান সৰু হ’লে
ম'বাইলক পাকঘৰৰ কটাৰীৰ দৰে
ব্যৱহাৰ কৰা মানুহ,
শব্দ কটা–চিঙা কৰি
অৰ্থৰ ভাত ৰান্ধে যিজনে—
সেইজনেই আপুনি।
চোকাতকো চোকা কটাৰী ধৰি
হাত কটাৰ ভয় নকৰি
সাহিত্য সভাক
বিশ্ব দৰবাৰলৈ লৈ যাব খোজা
এজন নিৰ্ভীক চিপাহী।
৩২টা দাঁতৰ মাজত
যেনেকৈ জিভাই কামোৰ নোখোৱাকৈ
নাচি নাচি কথা কয়,
তেনেকৈয়ে
নিজ ঘৰৰে বিভীষণৰ মাজত থাকিও
আপোনাৰ কলমে
সাহিত্য বিলায়।
ভুল হ’লে
চিঞৰি দমন নহয়,
মাফ খুজি
সমালোচকৰ মুখত
জোকৰ মুখত চুণ দিব জনা
এনে মানুহ
আজিৰ সময়ত
কেইজন?
ড° বসন্ত কুমাৰ গোস্বামী—
আপুনি কেৱল এজন ব্যক্তি নহয়,
আপুনি
এখন জীৱন্ত সাহিত্য সভা,
এটা সজীৱ ইতিহাস,
বয়স নজনাকৈ জ্বলি থকা
অদম্য দীপ্তি।
——————————
কাৰ্বিপাহাৰৰ 'নামলি’জনী
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
আজি তাই ৰূপহী থেকেৰা নহয়
নাহৰপাতৰ ৰঙে নকৰে মন মতলীয়া
নাহৰফুলে নোশোভে তাইৰ কবৰী
জৰাজীৰ্ণ যাদৱ পায়েং
কিম্বা ৰবীন বেনাৰ্জী
শৰতৰ শীতকালত সৰি পৰা নিয়ৰফুল
শৰতৰ চুলিত অঙ্কুৰিত
শুকুলা কপাহৰ জোলা
তাইৰ হিমগিৰি ধূসৰ ৰূপটো
এজন দেৱদূততকৈ কম নহয়
যেন ডেনগাঁৱৰ 'নামলি’জনীহে
এনে ৰূপৰ আগত মই নতজানু
মোৰ সত্তাৰ প্ৰতিটো পৰমাণু সমৰ্পিত
এই ৰূপ শাৰীৰিক নহয়
প্ৰাকৃতিক প্ৰতিভা যেন দেৱানগিৰি পাহাৰ
পৰশনত তাই আদৰীলতা
তাই কুৎসিত নহয়
তাই মোৰ কৱিতা
তাই হাবি, সেউজ
কিন্তু তাত আজি নসৰে নিয়ৰফুল
কলিৰ প্ৰেমত নগলে শীত
আজি দূৰৰ পৰাই দেখা পাওঁ অতীত
যেন নীলা বৰষুণত গা ধুই থকা
কাৰ্বিপাহাৰৰ 'নামলি’জনী...
———————————
জীৱন কচুপাতৰ পানী বুলি কয়
সান্ত্বনা বৰদলৈ
মই যদি কওঁ
জীৱন কচুপাতৰ পানী নহয়
জীৱন কচুগছ আৰু পানী বোৰ দুখ
আহে আৰু যায়
যি স্থায়ী নহয়
মোৰ কথা শুনি হাঁহি উঠিব পায়
কিন্তু মই এনেকুৱাই
দুখক লৈ হাঁহো
সুখক লৈ কোনোদিনে কৰা নাই গপ
দুখৰ এনেছা সুখৰ এনেছাৰে
বৈ আছোঁ জীৱনৰ সাজ
সময় তাঁতৰ পাতত ।
ভিন্ ভিন্ চানেকিৰে
ভিন্ ভিন্ ৰঙৰ সমাহাৰেৰে
যুঁজৰ কবচ
সম্পৰীক্ষা জীৱন যুঁজৰ
যুঁজবোৰ একে নহয় সকলোৰে
যুঁজাৰ পদ্ধতি ও নহয় একে
হ'লেও সকলোৱে যুঁজেই দি আছে
জীৱন কচুপাতৰ পানী হওক
কিম্বা কচু গছেই হওক
স্থায়ী কিন্তু এটাও নহয়।
—————————
শীত
ৰমেশ চন্দ্ৰ ৰায়
সদায় দেখি থকা জোনটোও
অচিনাকি যেন লাগিল
কুঁৱলীৰ সাগৰত সাঁতুৰিছে সি
অকলশৰে
পাহাৰৰ কোনোবা এটা ঢালত
পঁজা এটি কঁপিছে
জলছবিৰ দৰে
মানুহজন নামি গৈছে
পৰুৱা এটাৰ দৰে নেদেখা হৈ গ'ল সি
শিল ভাঙি ভাঙি গুচি যোৱা
ৰাতিৰ ট্ৰাকৰ শব্দবোৰ
হেৰাই গৈছে
ৰৈ আছোঁ মই
শূন্যতাৰ এচুকত
ক্ষণ গণি গণি ।
---------------
ভোগালী
বিকাশ গোহাঁই
মই
ভোগালী
মিক্সিৰ ঘেৰ ঘেৰ মাত,
মই ভোগালী
মেজিৰ উত্তাপ।
জুইকুৰা বঢ়াই দে
সেকি লওঁ সেমেকা দুহাত।
বাকি দে
বাকি দে
গিলাছে গিলাছে
ভোক আৰ ভোগৰ ককটেল।
—————————
ভোগালীৰ জুইত জ্বলি উঠে আশা
দৰ্শিতা নেওগ
শীতৰ কুঁৱলীয়ে আকাশ ঢাকে,
নিস্তব্ধ নিশা সৰে ধীৰে ধীৰে,
হঠাৎ অগ্নিকুণ্ডৰ পোহৰে
উজলি উঠে গাঁৱৰ চোতাল।
ভোগালীৰ জুই —
কেৱল কাঠৰ শিখা নহয়,
ই বুকুৰ ভিতৰত জ্বলি থকা
সহস্ৰ উষ্ণ অনুভৱৰ ভাষা।
পিঠাৰ সুবাসে ভৰি উঠে ঘৰ,
হাঁহিৰ মাতত কঁপি উঠে পথাৰ,
ঢোল-পেপাৰ তালে তালে
নাচে প্ৰাণ, আতৰি যায় দুখৰ ছাঁ।
বৃদ্ধৰ আশীৰ্বাদ,
শিশুৰ উল্লাস,
যুৱকৰ সপোন
সকলো মিলি একেই সুৰ।
এই বিহুত গলি যায় দূৰত্ব,
ভাঙি যায় অহংকাৰৰ দুৱাৰ,
মানুহে মানুহক চিনে পুনৰ
মৰম আৰু আত্মীয়তাৰ মাজেৰে।
ভোগালী —
কেৱল উৎসৱ নহয়,
ই আমাৰ সংস্কৃতিৰ আত্মা,
অসমীয়াৰ অমলিন পৰিচয়।
——————————
মধ্যপ্ৰাচ্যত বিভীষিকা
পৰাণ জ্যোতি ভূঞা
খবৰ লৈছে নে কোনোবাই
বিশ্বত কি হৈছে
নিজৰ ঘৰতে ,নিজৰ মাজতে
গৃহ কন্দল কৰোঁতে,
ৰাজনীতি,বোকাখেল খেলোঁতে
আমি গমেই পোৱা নাই
বিদেশৰ যুদ্ধৰ দামামা !
মধ্যপ্ৰাচ্যত বাজিছে
আগ্ৰাসী বিশ্বযুদ্ধৰ ৰণ-দুন্দুভি
চাৰিওফালে মাথোঁ
বোমা বাৰুদৰ গোন্ধ
আকাশত চিলাৰ দৰে
উৰিছে যুদ্ধ বিমান,
ব্যালেস্টিক মিচাইল ক্ষেপণাস্ত্র
সাগৰত সাঁতুৰিছে চাবমেৰিন
ৰচিছে সাগৰত চক্ৰবেহু
আতচবাজি যেন পোহৰত
নিশাবোৰ দিন হৈছে মধ্যপ্ৰাচ্যত।
নিতৌ বাঢ়িছে দোপতদোপে
ক্ষমতা লিপ্সাত স্বাভিমানী হুঙ্কাৰ
একনায়কৰ অহঙ্কাৰৰ দাবানলত
পৃথিৱী ধ্বংসৰ আখৰা চলিছে।
হাইড্ৰ'জেন কিম্বা পাৰমাণৱিক
পাশুপাত শাণিতাস্ত্ৰৰ
এটা বুটাম টিপিলেই,
সমগ্ৰ বিশ্বতে য'তে ত'তে
তাৎক্ষণিক সৃষ্টি হব পাৰে,
অসংখ্য হিৰোশিমা,নাগাসাকি
থানবান হব পাৰে সেউজীয়া পৃথিৱী,
তাকে ভাবি-
শান্তিৰ ন'বেল বটা বিজয়ীসকলেও
ভয়ত পেপুৱা লাগিছে
আৰু হতাশাৰে লজ্জিত।
সকলো ছাই হয় যদি নিমিষতে
নিয়তি যিহেতু অবিশ্বাস্য,
কোন দল
কোন ধৰ্ম
কোন জাতি
পৰিচয়ৰ চিন মোকাম নাথাকিব
ক'তোৱেই,
কিন্তু সৃষ্টি হব এখন নতুন ধৰিত্ৰী।
—————————
চিঠিখনি তোমালৈ বুলি
আকাশৰ মাৰফৎ
শৰ্মীষ্ঠা বৰ্মন
বেলি লহিওৱা বুলি
তুমিও বেলিটোৰ পিছে পিছে
এজাক বতাহ হৈ
পশ্চিমলৈ ঢাপলি মেলিছিলা,
মোৰ সুহুৰি তেতিয়াও
মাৰ যোৱা নাছিল,
ওঁঠ দুখনিত সন্ধিয়াৰ লগণে
সুৰ হৈ তোমাৰেই গীত গাবলৈ
সাজু হৈছিল ;
এচেৰেঙা ৰ'দ তেতিয়াও
মোৰ মুঠিত সোমাই আছিল।
পকা ধানৰ ৰঙেৰে লিখা
সোণোৱালী চিঠিখনে তোমাক
হাতবাউল দি মাতিছিল,
কাহানিও নুমাবলৈ নিদিয়া
আশাৰ চাকিটি লৈ
তুমি ৰৈছিলাগৈ দিগন্তত।
অস্ত যাব ধৰা ৰাঙলি আভাত
নীলা খাম জিলমিলাই উঠিছিল,
তোমালৈ বুলি আকাশৰ মাৰফৎ চিঠিখনি
আকাশেই পঢ়িবলৈ লৈছিল।
লাহে লাহে আখৰবোৰ মাৰ গৈছিল
তোমাৰ চুলিকোচাত
সোণালী বৰণ হৈ।
————————
দুখন বজাৰৰ কথাৰে
দেবানন্দ পেগু
১.
পুৱাৰ কিৰণত জিলিকি উঠা কণ কণ ফুলনিৰ ফুল আৰু নিয়ৰত সেমেকা মুখ
সপোনৰ পম খেদি পোহৰ বিচাৰে এখন বজাৰত
নদীবোৰ নিৰৱধিৰে বৈ থাকে এই বজাৰ খনত
পখিলাবোৰ নিৰন্তৰে উৰি ফুৰে
পৃথিৱীৰ নিয়মত তেওঁলোক বন্দী
প্ৰকৃতিৰ স'তে যুঁজ দিব পৰাকৈ তেওঁলোকৰ দেহত নাথাকে ৰক্ষা খৱচ
নাঙঠ গছ জোপাত সেউজীয়া হোৱাৰ সপোন লৈ প্ৰতিদিনে পৃথিৱীক এপাক বিচৰণ কৰে
আকাশ খনৰ বাহিৰে তেওঁলোকৰ বাবে আশাৰ ৰেঙনি নাই।
বন্ধকত লোৱা ক্ষমতাৰে বজাৰখনৰ গৰাকী সকলে অগা-ডেৱা কৰে জীৱনৰ অৰ্ধাধিক বাট
বান্ধোনৰ শিকলি ছিঙিব পৰাকৈ তেওঁলোকৰ শক্তি নাথাকে।
২.
গৰম বতাহেৰে গ্ৰীষ্ম কৰি ৰখা আন এখন বজাৰ
নিছলা আইৰ চাদৰৰ আঁচল সমূহ তাত বিক্ৰি হয়
বিক্ৰী হয় আৱেগবোৰ
ক্ৰেতা-বিক্ৰেতা ৰূপত পৰিচয় বিহীন কিছুমান অমানুহ
সাগৰ খন তেওঁলোকৰ
মণিবোৰ পালে হৃদয়বোৰ শিল হয়
অমাৱস্যা নিশা উদ্যাপন কৰে তেওঁলোকৰ জীৱন
আৱদ্ধ কৰি ৰখা বন্ধ কোঠাৰ ছাবিপাত তেওঁলোকৰ হাতত থাকে।
মন গ'লেই তেওঁলোকে ইতিহাস লিখে
মন গ'লেই ইতিহাস সলনি কৰে।
—————————
শীতত উমাল মৰম
মুক্তিস্নাতা শৰ্মা
পুহৰ শীতত
তুমি মোৰ প্ৰেমৰ নিহালী,
পুৱাৰ সুৰুজত মৰমৰ
ফেঁহুজালি,
সঁচা কৈছো -হিমশীতল
ভালপোৱাত
তোমালৈ মোৰ উমাল মৰম একাঁজলি ।
—————————
পথাৰৰ গান
উৎপল কলিতা
এজাক চেঁচা বতাহ
আৰু কঁপি উঠা পথাৰৰ নৰা।
মেজিৰ জুইত পুৰিলোঁ
বুকুৰ সকলো বিষাদ ।
ৰৈ গ’ল মাথোঁ
নতুন কুঁহিৰ এটা সেউজীয়া গান।
উমাল ছাইৰ বুকুত
আজিও সাৰে আছে
পোৰা আলুৰ সুবাস,
কুঁৱলীৰ ওৰণি ফালি
আকৌ নামিব পথাৰলৈ
এপিয়লা ৰ’দৰ উশাহ।
—————————
কবিতা লিখা মানুহ
হীৰক জ্যোতি দাস
আনে কয় কবিতা লিখা মানুহৰ
হেনো বহুত ভাল
মনৰ মাজত গুজৰি গুমৰি থকা কথা বোৰ
প্ৰকাশ কৰিব পাৰে
বিষাদ বোৰ ধুৱাই দিব পাৰে
কবিতাৰ মাজেৰে
কিন্তু বিষাদৰ ভৰটো য়ে নোৱাৰি কমাব
সেইটো কোনেও নুবুজে
উশাহ লওতে যে বুকু খনত
শোক এটাই খুন্দা মাৰি ধৰে
সেইটো কোনেও নুবুজে
আনে কয় লিখনি বোৰত নিজকে বিচাৰি পাওঁ
কিন্তু সেইটো কোনেও নুবুজে
বুকুৰ বিষটো য়ে তাত প্ৰকাশ পাইছে
বিষৰ ভৰ হয়টো বহুত বেছি
যাক অনুমান কৰিব নোৱাৰি।
আনে কয় কবিতা লিখা মানুহৰ কোনো চিন্তাই নাই
কিন্তু কোনেও নুবুজে
খালী পকেটৰ চিন্তাত বিনিদ্ৰিত ৰজনী কটাব লগীয়া হয়।
——————————
ঈর্ষাতুৰ প্ৰকৃতি
মিনাৰুল আহমেদ
বতাহ ভাল নাপাওঁ
বতাহে যে তাইক স্পৰ্শ কৰে
ৰ'দ ভাল নাপাওঁ
তাইৰ কোমল দুগালত কিয় পৰে?
ফুল ভাল নাপাওঁ,
ফুলে তাইৰ হৃদয় আকৰ্ষণ কৰে।
গছ ভাল নাপাওঁ,
গছে তাইক ছাঁ আঁকি দিয়ে।
মাটি ভাল নাপাওঁ,
মাটিৰ ওপৰত তাই খোজ দিয়ে।
সময় ভাল নাপাওঁ,
তাই সমুখত থাকিলে থমকি নৰয়।
আকাশ ভাল নাপাওঁ,
আকাশে তাইক সন্তুষ্ট কৰে।
আৰু জোন একেবাৰে ভাল নাপাওঁ,
কিয়নো সৌন্দৰ্যতাত জোনেই তাইৰ মুখ্য প্ৰতিদ্বন্দ্বী।
———————————
শীতৰ দিনবোৰ
আল্পনা শৰ্মা
হৃদয়ৰ কুঞ্জবনত আজি শীতৰ বিৰাজ
চাৰিওফালে কুঁৱলীয়ে তৰে ঘন মায়াজাল
মনত হেজাৰ ভাৱৰ ব্যাকুলতা
উৰি গুচি যায় পাহাৰীয়া হৈ
ক্ষণে অনুক্ষণে
প্ৰতিপলে অনুপলে
মন হৈ বাগানীয়া
যেন আঙুলিৰ বিৰাম বিহীন
স্বচ্ছন্দ গতিৰ সেউজীয়া পাত
কি যে এক অনবদ্য ৰূপৰ মুগ্ধতা
সৌ দূৰণীত এডৰা ৰঙীণ ফুলৰ বাগিচা
মাদকতা মাধুৰ্যতাৰে ভৰা
অপূৰ্ব সৌন্দৰ্য সুষমাৰে সৃষ্টি
স্নিগ্ধ কোমল
প্ৰাণ আবেগ ভৰা আনন্দত
উন্মও উদভ্ৰান্ত
মোৰ শূন্য স্থানত পৰাণ আকুল কৰা
হাঁহিৰ নিজৰাই ঠেকা খাই
তোমাৰ অহৈতুকী প্ৰেমত।
——————————
বিষাদৰ বৰষুণ
নিৰৱপ্ৰিয়া( দৃলীনা দাস)
বিষাদৰ বৰষুণে উমান
দিয়ে মৰমৰ গভীৰতা
কিমান ।
শব্দৰ বৰষুণে সৃষ্টি
কৰে কবিতাৰ জয়গান।
অনাদৃতৰ দৰে নহয়
উত্থান পতন ভালপোৱাৰ
দস্তাবেজ ।
হয়টো বিষাদৰ
বৰষুণে আনি দিব
হৃদয়ক হৃদয়
জিনি পোৱাৰ আশ্বাস।
————————
স্মৃতি আৰু বৰ্তমান
নিৰঞ্জন ঠেঙাল
বৰ স্বাভিমানী তুমি
স্মৃতিৰ প্ৰশ্নত বৰ্তমানে স্তব্ধ হৈ ক'লে -
তুমি যে স্বাৰ্থপৰ!
স্মৃতিয়ে মিচিকিয়া হাঁহি মাৰি ক'লে যে -
এয়াইতো সকলোৰে ভ্ৰম!
ভ্ৰম?
উম,কাৰণ উপভোগক
অভিযোগেৰে সজায়।
উম, মইচোন হাঁহিৰ উপভোগ কৰাও
তেনেস্থলত
তুমি অভিযোগৰ সৈতে অচিনাকি আৰু
যন্ত্ৰণাৰ সৈতে বান্ধৱী।
হুমম। বাৰু কোৱাচোন মোৰ স্বাভিমান ক'ত?
উম,তোমাৰ স্বাভিমান!
য'ৰ পৰা তুমি কেৱল সুখক আকুন্ঠিতে বাঞ্ছা কৰা
আৰু শেষত মোৰ সৈতেই
অমৰজৰীৰে বান্ধ খাই পৰা ।
কিন্তু কোৱাচোন তোমাৰ অস্তিত্ব?
মোৰ অস্তিত্ব বৰ বেদনাদায়ক
ভাল সময়ে সুখৰ অশ্ৰু টানে
আৰু
বেয়া সময়ে দুখৰ অশ্ৰু।
কিন্তু মই এখন ডায়েৰি য'ত ভাহি থাকে
অতীতৰ প্ৰত্যেকটো ক্ষণ।
তেন্তে তুমি চোন মোতকৈ উচ্চ!
উহু নহও মই উচ্চ,
কাৰণ বৰ্তমানৰ অবিহনে কেৱল ভৱিষ্যত যে
শূন্য তেনে নহয়
তোমাৰ অবিহনে ময়ো শূন্য
কিন্তু মোৰ লগত তোমাৰ সম্পৰ্ক কি?
বৰ্তমানৰ প্ৰশ্নত স্মৃতিয়ে ক'লে যে
ভুলবোৰ প্ৰদৰ্শন কৰাৰ বাবে
আৰু ভাল লগা সময়বোৰক লুটিয়াই চাবলৈ সুযোগ দিয়াৰ বাবেই
তোমাৰ সৈতে মোৰ সম্পৰ্ক।
———————————
কুঁৱলী সনা শীতৰ আমেজ
যামিনী দেৱী
কুঁৱলী সনা শীতৰ আমেজলৈ
ৰেল চলে উকি মাৰি
গন্তব্য স্থানলৈ
কুঁৱলী সনা ৰাতিপুৱা
চকুৰ ফেছকুৰি ধুই
বাটচাই আছোঁ
ল'ৰালিৰ বেলিটোলৈ
পূৱমুৱাহৈ
আনে যদি আনক
বেলিটোৱে
বোৱাই আনক
তাপ লহৰ
কুঁৱলী সনা নিজম দিনত
লগভাত খোৱাৰ উঠিছে জোৱাৰ
আহকলৈ ধূসৰ বেলিয়ে
বান্ধোন একতাৰ
সুন্দৰ দেওবাৰ সুন্দৰ বতৰ
সুন্দৰৰ ভৰপক
সুন্দৰতে নিবিড়ভাৱে
বান্ধখাই আছোঁ
ঔৰষ আৰু গৰ্ভৰ স'তে
আমেজ সকলোতে
কুঁৱলী থাকক কুঁৱলীৰ মতে।
———————————

0 Comments