পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ চতুৰ্থ সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
——————————
বাটচ’ৰা
সম্পাদকীয়...

   মই এতিয়াও কবিতাৰ এজন  ছাত্ৰ।কবিতাক মই প্ৰাণভৰি ভাল পাওঁ।কবিতাক প্ৰাৰ্থনা কৰোঁ। কবিতাৰ সাধনা কৰোঁ। চৰ্চা, অধ্যয়ন ,সাধনাই আনি আনি মোক এইখিনি পোৱাইছেহি। 
    গত ২৩ মে' দিনটো মোৰ বাবে এটি অবিস্মৰণীয় দিন হৈ ৰ’ব।কিয়নো সেইদিনা আমাক আজাৰা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজন কৰা কবি সন্মিলনৰ বন্তি প্ৰজ্বলক হিচাপে আমন্ত্ৰণ জনাইছিল। তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি যথা সময়ত যথা স্থানত উপস্থিত হৈ আমাক ন্যস্ত কৰা গুৰু দায়িত্বভাগ সমাপন কৰিবলৈ গৈ মোৰ আঙলি কেইটি ক্ষন্তেকৰ বাবে কঁপি উঠিছিল।নুঠিবনো কিয়। মই বন্তি প্ৰজ্জ্বলন কৰিবলৈ মঞ্চত; মোৰ সন্মুখত জাতীয় কবি আনিছ উজ জামান, প্ৰসিদ্ধ কবি নীলিম কুমাৰ,ড° বলেন্দ্ৰ কুমাৰ দাস  প্ৰমুখ্যে অসমৰ বহুকেগৰাকী বিশিষ্ট কবি।পবিত্ৰ দায়িত্বভাগ সমাপনৰ পাছত আমাক বক্তব্য ৰাখিবলৈ দিলে। স্বাভাবিকতে মই অসহজ অনুভৱ কৰিছিলোঁ।তথাপি কবিতা বিষয়ক বিভিন্ন দিশৰ লগতে প্ৰধানত কবিতাক এটা নিৰ্দিষ্ট বলয়ৰ পৰা
মানুহৰ হৃদয়ে হৃদয়ে ,ওঁঠে ওঁঠে গুজি দিয়াৰ কথা ক’লোঁ।
   উক্ত কবি সন্মিলনত সঞ্চালক মহোদয় ,আজাৰা সাহিত্য সভাৰ সভাপতি মহোদয়ৰ লগতে মুঠ ৭খন কাব্যসংকলন উন্মোচিত হয়। যিটো অসমীয়া কাব্য সাহিত্যৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।
   কবিতাৰ এই জয় যাত্ৰা এনেদৰে অব্যাহত থাকক।

বিনীত—
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
—————————
                    অনুবাদ কবিতা                        

 “The Taste of Rain” by Jack Kerouac

The taste

of rain

— Why kneel?

বৰষুণৰ সোৱাদ
মূল: জ্যাক কেৰ’ৱাক
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


সোৱাদ

 বৰষুণৰ

 —আঁঠুৱনীয়া কিয়?

এসময়ত সমাজৰ আঁৰৰ আইকনক্লাষ্টিক লেখকজনেও হাইকু লিখিছিল!  বিট জেনেৰেচনৰ অন্যতম আগশাৰীৰ ব্যক্তি হিচাপে তেওঁ বিংশ শতিকাৰ কিছুমান প্ৰভাৱশালী কৱিতা ৰচনাৰ আন্দোলনৰ সহযোগী আছিল।  এই বিশেষ হাইকুৰ বহু ব্যাখ্যা আছে — বহুতে এইটোকে ধৰ্ম আৰু ঈশ্বৰৰ ওপৰত কেৰ’য়াকৰ ধাৰণা বুলি ধৰি লৈছে। বিংশ শতিকাৰ এই হাইকুবোৰৰ এটা লক্ষণীয় পৰিৱৰ্তন হ’ল জাপানী হাইকুৰ সেই ৫-৭-৫ চিলেবলৰ ক্ৰম ভাঙি পেলোৱা৷ ইয়াৰ বাদে সকলো আগৰ দৰেই আছে৷
———————————
কেৱল কবিতাৰ বাবে 
বাংলা কবিঃ সুনীল গংঙ্গোপাধ্যায় 
তৰ্জমাঃ  ড° ইকবাল হোচেইন খান

কেৱল কবিতাৰ বাবে এই জনম , কেৱল কবিতাৰ বাবে কিছু খেল ,কেৱল কবিতাৰ বাবে অকলেই শীতৰ সন্ধ্যাত পৃথিৱী পাৰ হৈ আহা , কেৱল কবিতাৰ বাবে  অপলক মুখমণ্ডলত শান্তিৰ এক পৰশ ,কেৱল কবিতাৰ বাবে তুমি নাৰী ,কেৱল কবিতাৰ বাবে ইমান ৰক্তপাত ,মেঘত গংগাৰ প্ৰপাত ,
কেৱল কবিতাৰ বাবে , আৰু অধিক দিন জীয়াই থাকিবলৈ ইচ্ছা হয়  ।
মানুহৰ দৰে ক্ষোভত জীয়াই থকা ,কেৱল  কবিতাৰ বাবে মই অমৰত্ব বিসৰ্জন দিছোঁ ।
———————————
বেশ্যা
মূলঃ–নজৰুল ইছলাম
ভাবানুবাদঃ–দেৱ দাস 

বেশ্যাৰ শৱদেহ দাহ নহ’ব
নহ’ব জানহাজা

চহৰত বেশ্যা মৰে
পাপ পঙ্কিলতা বিনাশ

বেশ্যাৰ মৰা
জুই পানীয়ে আলাগ

সাজোনে কাচোনে বেশ্যা

উপচি উফন্দি নিশাটো
আজিয়েই পি লোৱা
কাইলৈ কিয়
মৰততে সৰগ পায়

মাতাল নিশা
নিশাটোৱে কান্দে

তিৰ বিৰ 
তিৰ বিৰ
ৰ'দৰ জুৱলি
বেশ্যাই ধোৱে
নিশাৰ সাঁজ

চহৰত বেশ্যা মৰে
পাপ পঙ্কিলতা বিনাশ।
—————————
          ক   বি   তা         

এদিন
অনিন্দিতা কলিতা

এদিন কি হ'ল-
তোমাক লগ পালোঁ
হাঁহিলোঁ, মাতিলোঁ
বুকুত শিপালে এটি বিষ,মিঠাকৈ 

আন এদিন,
তুমি আহিলা
আমি পাৰ হ'লো নেদেখা পৰ্বত
দুদণ্ড এন্ধাৰ সময় আওকাণ কৰি
জ্বলি উঠিল জোনাকী
আকাশ ঢাকি
বুকুত শিপালে এটি বিষ,চেনেহৰ

আৰু এদিন,
তুমি আহিলা আৰু যাওঁ বুলি ক'লা
বুকুত শিপাই থাকিল এটি বিষ
জাপ খাই যোৱাকৈ মোৰ চকুহাল !
——————————
সন্ধি
মানস ৰঞ্জন 

সন্ধি ভাঙিব পাৰি! গঢ়িব পাৰি।

সন্ধিৰ বাহিৰত গৈ মই তেওঁক ক'ব নোৱাৰিলোঁ--
টাবত ৰোৱা কপৌফুল বেয়া পোৱাৰ কথা।
অথচ মই খিৰিকীৰ কাষতে বিচাৰিছিলোঁ ফুল ফুলাৰ বতৰা।

ওখ আঁহতজোপাত ফুলি থকা কপৌপাহিক সাক্ষী ৰাখি 
আহক, আমি ফালি পেলাও
যুদ্ধ অথবা শান্তিৰ সেই অকামিলা সন্ধি।
——————————
ছানামাই
ৰঞ্জিত পাটগিৰি

গান শেষ হ'ল অ' ছানামাই
গান শেষ হ'ল।

এতিয়াও তই নাচিয়ে আছ
কঁকাল ভাঙিয়ে আছ
হাঁহি হাঁহি নাচি নাভাগৰি
ইমানকৈ কিনো ৰস পাইছ!

তই সুৰ কি নাজানিলি
তাল কি
লয় কি
ছন্দ কি
সঁচাই অলপো নুবুজিলি।

পুৰস্কাৰ বুলি মঞ্চত
অতবোৰ তিৰস্কাৰ বুটলি
নিজকে কি বুলিনো বুজালি!

কি ভাবি কি কৰিলি
জীৱনটোত তই সময়ৰ হিচাপ
কিয় বাৰু অকণো নকৰিলি!

গান শেষ হ'ল অ' ছানামাই
গান শেষ হৈ গ'ল,
আৰু তই নাচিয়ে আছ
নাচিয়ে আছ
নাচিয়ে আছ...।
——————————
স্বপ্নালয়
অংকুৰিতা ফুকন 

দুৱাৰত ওলোমাই অহা তলাটো একেই আছে
বাটচৰাৰ চকীখন
পিৰালীৰ নয়নতৰা ফুলবোৰ
চোতালৰ বুঢ়া বকুল

দুৱাৰৰ শলখাডালত মামৰে ঘৰ তুলিছে
ঘৰৰ বাটটোত  বন গজিছে

আমি স্বপ্নাতুৰ পখী
সপোনৰ উঁইহাফলু তুলি
চিনাকী দিও মাটিৰ মানুহ বুলি

ঘৰখন একেই আছে…
ভিতৰে এজোপা কেকটাছ্ গজিছে
কেকটাছ ফুলে আমাৰ চকু হানিছে

আমি স্বপ্নাতুৰ যাযাবৰ…
মাটিৰ মোহ মুখত সানি
ঘৰৰ সমাধিত গঢ়িছো নতুন ঘৰ

তলাটো তাতেই ওলমি আছে
ঘৰখনো একেই আছে
আমি একেই হৈ থকা নাই

স্বপ্নাতুৰ যাযাবৰ পখীৰ
স্বপ্নবিলাস পুৰণ জানো হয়
ভাগৰুৱা কায়াটিক জিৰণি দিবলৈ
স্থায়ী ঠিকনা আমাৰ নাই…।
——————————
অহা-যোৱা কৰোঁতে
হিমাংশু ভাগৱতী

অহা-যোৱা কৰোঁতে বাটবোৰ চিনাকি
দলং গতিৰোধক ৰে'লগেট উৰণসেতু
চিনাকি এইবোৰো

অহা-যোৱা কৰোঁতে চিনাকি
বহুত অচিনাকি মুখ ( যাক মাত লগোৱা হোৱা নাই কাহানিও)

অহা-যোৱা  কৰোঁতে চিনাকি
ৰাষ্টাৰ ভাঁজ,বজাৰৰ ভীৰ
অলেখ দোকান (য'ত একো কিনা নাই কাহানিও)
মাইলৰ খুঁটি, পুৰণি গছ
কাৰোবাৰ ঘৰৰ আটোমটোকাৰি ফুলনি

অহা-যোৱা কৰাৰ আগৰ দিনবোৰত
আমি দেখিছিলো ইজনে সিজনক
সকলোতে

অহা-যোৱা কৰোঁতে আমি দুয়ো দুফালে পাৰ হওঁ
আৰু পৰস্পৰক নেদেখো।
———————————————
অমুক বুলি নুসুধিব
প্ৰদীপ চন্দ্ৰ শৰ্মা

আপুনি তেওঁলোকক কদাপিতো 
অমুক নহয় নেকি বুলি নুসুধিব 
সুধিলেও একো লাভ নাই 
মনটো বেয়াহে হ'ব 

তাহানি আই জয়মতীক 
জেৰেঙা পথাৰত 
নিৰ্মম অত্যাচাৰ কৰা 
ল'ৰাৰজাৰ কথাত 
নিপোটল ডেকাক 
জীৱনলৈ ঘূণীয়া কৰাসকল 
এওঁলোকৰ দৰেই তেওঁলোকো 
অমুকেই আছিল 

প্ৰভুভক্ত বৃটিছৰ চুৱাচেলেকা 
হৰনাথ ডাৰোগাই 
মুক্তিপিয়াসী জনগনক 
বুটজোতাৰে গচকোতে 
এবাৰলৈও ভবা নাছিল 
ময়োতো অমুক বুলি 

তেজাল ডেকাল'ৰাবোৰক 
চিৰদিনলৈ বিদায় দিয়া 
দোভাগ নিশা নিৰস্ত্ৰ কবিজনক 
নিৰিহ পৰিয়ালক 
চিৰদিনলৈ কণ্ঠৰুদ্ধ কৰা 
অমুকসকলে নিজৰ 
শিপাৰ কথা বাদ দিয়ক 
পৰিচয়েই আচলতে নাজানে 

তাহানিৰ চাওদাঙ আৰু 
আজিৰ তথাকথিত চাওদাঙৰ 
বেশভূষাৰহে পাৰ্থক্য 
হৃদয়বোৰ, কৰ্মবোৰ 
মুখৰ অশ্ৰাব্য মাতবোৰ 
আজিও একেই আছে-
একেই আছে তেওঁলোকৰ পৰিয়াল 

আৰু আমিও তাহানিৰ দৰে 
সহি-সামৰি জীয়াই আছোঁ।
———————————
আত্মানুসন্ধান
সীমা গগৈ 

শাশ্বত যি,সেই চিৰন্তন সত্যৰ সন্ধানত 
অহৰহ ডুবি আছোঁ মই 
এয়া মোৰ একপ্ৰকাৰ বিলাসেই হয়তো

আচলতে নিচা লগা কথাবোৰেই বতাহ
যি চুই যায় আত্মা আৰু মন 

এই জীৱনৰ এটি এটি শব্দ মোৰ প্ৰিয় 
প্ৰিয় আনকি মৃত্যুৰ হিম শীতল কায়াও 
য'ত ভ্ৰমৰ কোনো সংজ্ঞা নাথাকে 

কি গ্ৰন্থ পঢ়িলে পৃথিৱী অথবা্ মানুহক ভালদৰে বুজিব পাৰি..
ভাল পাব পাৰি সৃষ্টিৰ স্থিত সত্তা
এই এটা প্ৰশ্নই যেন সাগৰৰ ঢৌ ; অহা আৰু যোৱা

সুখৰ ক্ষণভঙ্গুৰতাই অসুখী কৰা পৃথিৱীত  
কৰিব পাৰি নেকি মৌনতাৰে বুদ্ধত্বৰ আখৰা !

নাজানো কিহৰ পৰমাৰ্থ বিচাৰিছোঁ 
নিজতেই নিজক চলাথ কৰিছোঁ 

এতিয়াও দেখি আছোঁ সভ্যতাৰ ঢিমিকি পোহৰ , যুগৰ দস্তাবেজত মানৱতাৰ কাতৰ চিঞৰ 

ঈশ্বৰীয় বাটৰ পম খেদি নক্ষত্ৰবোৰ ক'তেই বা হেৰাল ..হে অমৃতৰ সন্তান 
শুনাবা নে আহি 
নিস্তব্ধ নিৰৱতাৰ কণ্ঠেৰে প্ৰৱাহিত হোৱা  
এষাৰি অমৃতময় মাত 
কিজানিবা আকৌ এবাৰ মাতাল হ'ব পাৰোঁ 
পৃথিৱীৰ মোহত.. জীৱনৰ মায়াত 

হয়তুবা এয়াই শাশ্বতঃ
ঠিক এতিয়াৰ দৰেই 
আমি আগতেও আছিলোঁ আৰু 
আগলৈও থাকিম

আৰু এনেকৈয়ে প্ৰতিটো জনম হ'ব 
আত্মানুসন্ধানৰ খোজ...
———————————
অশৰীৰী
ইপুল হুছেইন


(ক)
স্তৱক এৰি অহাৰ অথবা সামৰণিৰ
গন্তব্যৰ গতি ধীৰ হোৱা মানেই সম্ভাৱনাৰ অপচয়
এই যে অশৰীৰী স্পৰ্শই মচি যোৱা দেহজ নিমখ 
আৰু এবুকু আন্দোলিত উশাহত
কিছু গানৰ ওপজা স্মৃতি
ঠিকেই বিয়পে...

(খ)
অপ্ৰেমৰ নিচা এতিয়া দুচকুত
আকৌ এটা উজাগৰী নিশাৰ নাম দিলোঁ "শব্দৰ অসুখ"
এনদী পিয়াসী প্লাৱনৰ শেষত অথবা
পাহাৰপ্ৰিয় পুৰুষৰ শিল হোৱা বুকুত...

(গ)
বৰষুণ, এক প্ৰিয় শব্দৰ ৰুণজুন
ভিজা শিহৰণৰ গানেৰে বাঢ়ি অহা নৈ
ভালপোৱাৰ সুৱাগে সজা ডিঙা বাই
উটি যাবগৈ উশাহ
পমি যাবগৈ অভিমানৰ ছৈ...
——————————
আবেলি পৰৰ কথা
চয়নিকা ভূঞা 

ৰ'দৰ মুখৰ কথা বুটলিবলৈ লওঁতেই
কেণা লাগিল ক'ৰবাত
প্ৰত্যেক কামৰে এটা আৰম্ভণি থাকে
প্ৰত্যেক সম্বন্ধৰ এডাল শিপা থাকে

ব্যস্ততাপূৰ্ণ সমাজত
এতিয়া "ব্যস্ততা" এটা জনপ্ৰিয় অজুহাত 

ব্যস্ততাক দোহাই দি সকলো সম্ভৱ
আপোনাক মোক সকলোকে 
এটা অজুহাত লাগে

কেতিয়াবা কাৰোবাক দোষাৰোপ কৰিবলৈ 
কেতিয়াবা কাৰোবাৰ পৰা আঁতৰি আহিবলৈ
একোটা অজুহাতৰ খুবেই আৱশ্যক  

অজুহাতৰ গইনাত খেলখন 
তেতিয়াও চলি থাকে

অপেক্ষাৰত সময়ৰ ভৰ দিনে দিনে বাঢ়ে
মাৰফৎ
ৰ'দৰ মুখত এমুঠি হালধীয়া।  
---------------———
পাকিস্তান
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী


পাকিস্তান
তেজ লাগে তোমালোকক

জন্নতৰ কৱিতা
ৰচিব পাৰিবা জানো

আমি জানোঁ
সলনি কৰিব লাগে কেনেকৈ
তেজক চিঞাহীলৈ 
সিন্দুৰ ৰঙা...

বুকু হম-হম কৰে
নিগৰে শান্তিৰ কৱিতা 
অনাদি অনন্ত...
——————————
ছাঁবোৰ গুচি যোৱাৰ দৰে
বিকাশ শৰ্মা

নৈখনৰ সোঁতত বৈ যায়
ফুলবোৰৰ অবুজ বাসনা
প্ৰতিটো ৰাতিত দেখোঁ
মোৰ শতিকাৰ ছাঁ

এন্ধাৰত শুব খোজা
চৰাইবোৰে নাজানে ঋতুৰ সোৱাদ
ছাঁৰ দৰে গুচি যায়
সেউজীয়াবোৰৰ সৰল আকাংক্ষা

ৰ'দে পোৰা পথাৰ
চিঞৰত চেপা খোৱা
এই উদাস সন্ধিয়া

কুহুমীয়া ৰাতিটোৰ ভাগৰুৱা কণ্ঠত
জ্বলিছিল সুখময় জোনাক
পোহৰৰ সীয়নিত কঁপি থকা মাত

ছাঁবোৰ গুচি যোৱাৰ দৰে
এই ওঁঠৰ সুগন্ধিবোৰো গুচি যাওক
তোমাৰ কঁপি থকা নিদ্ৰাত

পুৰণি হৈছে এটা স্মৃতিৰ বাট
পুৰণি হৈছে তোমাৰ লুণীয়া কথাবোৰ।
———————————
আকৌ আহিলে কি ক'বা বগামাটি? 
পৱন বৰ্মন

বগামাটিৰ
শিশুবোৰৰ তেজমূৱা চকু
আসুৰিক বাজনাই ঢালি দিয়া ৰাগ 

পানীৰ মাজত শিলবোৰে ধৰফৰায়
পিয়াহত
পিবলৈ 
ভৰিপতাৰ তেজ 

বগামাটি
ৰঙাপানীত
হেৰাল নিৰ্জনতাৰ গান 

আৰু
ৰূপ-যৌৱন

ভয়াৰ্ত বৰনৈ! 

কাঢ়ি নিলে কোলাৰ মাছ

চৰাইৰ নাচ

বগামাটিৰ সাজ 

বগামাটিৰ  
হায়ৈ-বিয়ৈ 
নুশুৱে, নিজিৰাই 
বুকুত খুঁচি লয় ভঙা কাঁচ।
———————————
দলংখন কঁপিছে
গুণজিৎ শইকীয়া

দলংখন কঁপিছে 
মানুহৰ পৰা মানুহলৈ 
বুকুৰ পৰা বুকুৰ মাজলৈ যোৱা
দলংখন বৰকৈ কঁপি আছে !

সৰু সৰু উপপথেৰে 
অহাযোৱা কৰোতে
পথচাৰী ভাগৰুৱা হৈছে

খৰস্ৰোতা নদীৰ পানীয়ে
উপপথটো বুৰাই পেলাইছে 
তথাপি দুয়োপাৰৰ মানুহে
অশেষ কষ্ট স্বিকাৰ কৰিও  
যাতায়ত কৰি আছে !

কিমান হেঁপাহৰ এই যাত্ৰা
কিমান মৰমৰ এই ৰাস্তা !
প্ৰেমৰ ৰসেৰে সিক্ত
কতনা আশা প্ৰত্যাশা !

কিন্তু দলংখন কঁপি আছে 
আদিৰ পৰা অন্তলৈ
পৃথিৱীৰ পৰা আকাশলৈ 
শূন্যৰ পৰা সংখ্যালৈ 
মানুহৰ পৰা মানুহলৈ যোৱা
এই দলংখন কঁপি আছে  !

তথাপি জীৱন জীয়াৰ তাড়নাত
নদীৰ ইপাৰ সিপাৰ সংযোগী দলংখনৰ
জীয়াই থকাৰ অহৰহ প্ৰচেষ্টা বিদ্যমান
যদিও ই কম্পমান অদ্যপি !
———————————
ছিন্নমূল
দিলাল আহমেদ

ছিন্নমূল নদীখনে বুকুত অযুত হেঁপাহ কঢ়িয়াই
বৈ যায় মোহনাৰ দিশে৷
নীলা প্ৰজাপতিৰ ডাৱৰীয়া গুঞ্জন বাাজে
প্ৰণয়ৰ ৰঙীন ফুলে৷

নিঃপালি দিয়া ৰাতিৰ আকাশত মাজেমাজে ভাঁহে
তাইৰ মাতৃৰূপী কণ্ঠস্বৰ৷
নৈ খন যেতিয়া উপচি পৰে
পানীত খলকনি উঠে মাছৰ৷

আস্তিনত জোৎস্নাৰ ৰ’দত তিতা ব্যথা
প্ৰত্যাখ্যাত হয় প্ৰেমৰ মন্ত্ৰপাঠ৷
জাতিস্মৰৰ দৰে তথাপি
বৈ যায় ছিন্নমূল শুকান নদী৷

চহৰীয়া সভ্যতাৰ গেদ বুটলি
ককবক আদিম নৈ
ৰৈ নৰৈ বৈ যায়---
গাজিব খোজে মেঘৰ উশাহ লৈ৷
———————————
চক্ৰৱৎ সময়
ড০ ৰিমঝিম বৰা

আন কাৰোৰেই সৈতে ভগ্নাংশ কৰিব নোৱাৰা অনুভৱৰ টোপোলাবোৰ

সময়ৰ বুলনিত নিঃসংগতাত ভৰি থকা আকুল কথাবোৰ

পোৱাৰ আনন্দ আৰু নোপোৱাৰ যন্ত্ৰণাত ডুবি থকা ৰাধিকা হৃদয়ৰ
বৰ্হিমুখী ভাৱনাৰ সন্মিলনত
ভগৱান বূদ্ধৰ দৰে স্থিতপ্ৰজ্ঞতাৰ
কেনেকৈ আখৰা কৰিব পাৰি 

হিমশীতল আৱেগঘন অনূভূতি আৰু আকুল অভিমানৰ পৰিভাষা  
কেনেকৈ বুজাব পাৰি

ৰঙীণ গোলাপী হৃদয়ক শিলাময় হিয়ালৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি

অভ্যন্তৰৰ ভাৱনাক  ঋতুৰ দৰে  
কেনেকৈ সলনি কৰিব পাৰি 

হালধীয়া সোণাৰু 
ৰঙীণ কৃষ্ণচূড়াৰ দৰে
সময়ৰ চক্ৰত নিজক বিলীন কৰাৰ
আনন্দ বুকুত কেনেকৈ সাৱটিব পাৰি

আস্! স্থিতপ্ৰজ্ঞ বুদ্ধৰ দৰে হ'ব পৰা হ'লে...
ইমান সহজকৈ ক'ব পৰা হ'লে
যি আছে তোমাৰ সেইয়া ঈশ্বৰৰ দান
যি তোমাৰ নহয় সেইয়া মৰিছিকা কেৱল

পাপ-পূণ্যৰ সমীকৰণত
জীৱনৰ আহ্নিক আৰু বাৰ্ষিক গতিত অজস্ৰ বিভ্ৰাট 
উত্তৰ কেৱল চক্ৰৱৎ সময়।
———————————
জলস্তম্ভ
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

নদীখনৰ স্ফটিকৰ দৰে স্বচ্ছ পানীত,
সাঁতুৰি থকা অঙ্গনাহঁতৰ মেখেলাকেইখন
পানীত ওফন্দি উঠি 
একোখন পালতৰা নাও হৈছিল ;

বগা ভেটফুলৰ দৰে সিহঁতৰ কলাফুলবোৰ
কাৱৈ মাছে বগুৱা বাই 
যোৱা যেন লাগিছিল।

চুলিৰ কৱৰীবোৰ অবিন্যস্ত, 
কেশাগ্ৰবোৰ সাপৰ দৰে পানীত
কিলবিলাই আছিল;

নৈৰ গৰাহত খোপনি পুতি থকা
কাঁইটীয়া সমীধ জোপাৰ
নামি অহা ডালত
পতাকাৰ দৰে 
উৰি আছিল,
শুভ্ৰবসনা 
অঙ্গনাৰ
 নিৰাভৰণ আৱৰণ।

বোৱঁতী নদীৰ পানীত
জলস্তম্ভৰ জলকেলি,
অন্তৰ্হিত এখন
জলছবি ।
———————————
মা
অপৰূপা দত্ত 

মা তোমাৰ গৰ্ভৰ পৰা ওলায়েই
এই মায়াময় সংহাৰ দেখিলোঁ।
ভাবিছিলো এই বৰ্ণিল ধৰিত্ৰীৰ বুকুত আছে ছাগৈ
বহুত আনন্দময় ক্ষণ
পল বাগৰিল,
মইয়ো প্ৰকৃতিৰ বুকুত ডাঙৰ হ'লো
এতিয়া ভাবো 
তোমাৰ গৰ্ভৰ পৰা কিয় ওলালো!
তোমাৰ গৰ্ভতেই শান্তি আছিল 
তাত থকাহ'লে নেদেখিলোঁহয় 
নৰৰূপী দানৱ 
মা কিয় আহিলোঁ ? 

ইয়াত আহি এনে লাগে যেন
আমিও বলি হ’ম কেতিয়াবা নৰৰূপী মানৱৰ
এতিয়া এনে ভাৱ হয় 
তোমাৰ গৰ্ভৰ পৰা ওলায় যেন 
নিৰাপত্তা হেৰুৱালোঁ 
ৰক্ষকেই ভক্ষক ৰূপী পৃথিৱীখন চাই ভাগৰি পৰিলোঁ।

আশা এটাই 
পোহৰ হেৰাই নাযায় 
সেই পোহৰে যেন 
মানৱতাক আলোকিত কৰি ৰাখিব I
——————————
বৰ্ষাৰ কবিতা
মৌচুমী দাস

ভালপোৱা আহিবা তুমি
বৰ্ষাসিক্ত এটি সন্ধিয়া
ঘৰ জেউতি হৈ
পাতিম অলেখ কথা
আঙুলিত আঙুলি থৈ

বাৰিষাৰ বৰষুণে
ধুই নিব দু:স্বপ্নৰ যন্ত্ৰণা
আঁকি দিব বাস্তৱৰ আল্পনা..

ৰৈ ৰৈ ফুলিব এপাহি সুগন্ধি সেউজীয়া ফুল
আঁতৰাই গেৰুৱা হ’ল...

গোটেই ৰাতি বৰষুণজাক আহক
 ভালপোৱা তুমি মাথোঁ জিৰোৱাহি
মোৰ  নিষ্প্ৰভ ওঁঠত...
জিৰোৱাহি সপোন যেন বৰ্ষাৰ আঁচলত...
———————————
অসতো মা তদগময়ঃ
ৰাজীৱ দত্ত

আকৌ বিদৰ্ভলৈ যাওঁ ব’লা প্ৰিয়তমা
বিচাৰি চাওঁ আমাৰ হেৰোৱা অতীত ৷

হাতত ৰাজদণ্ড লৈ পুনৰ এবাৰ হৈ পৰো ৰাজাধিৰাজ ৷

এখন কলিংগ যুদ্ধৰ কৰি লওঁ আয়োজন ৷

“ অসত মা তদগময়
তমসো মা জ্যোতিৰ্গময়ঃ
মৃত্যুৰ্মা অমৃতং গময় ৷“

এজন ৰাজৰ্ষিৰ জন্মৰ বাবে 
এখন কলিংগ যুদ্ধৰ সচাকৈয়ে প্ৰয়োজন নে ?

 নৰ শোনিতৰ অঞ্জলিৰে  পৰে নে 
হৃদয় শীতল ?

যুগে যুগে সভ্যতাৰ পান্থশালত তেন্তে
কিহৰ বাবে এই যুদ্ধৰ আয়োজন?৷

কত পীড়িত লাঞ্ছিত প্ৰবঞ্চিত বুভুক্ষুজনৰ কত আৰ্তনাদ ৷

যুদ্ধবাজ ভোগবাদী ৰাজনীতিৰ মহিমা
অপাৰ ৷
আহা পুনৰ এখন কলিংগ যুদ্ধৰ
কৰি লওঁ আয়োজন ৷

যুদ্ধবাজ শোষণ জৰ্জৰ ভোগবাদী
অৰ্থনীতিৰ হওক অৱসান ৷

শত পুষ্প হওক বিকাশিত 
গুঞ্জৰিত মধুকৰ ৷
———————————
বাৰিষা 
ড° আদিল আলী 

নিশাৰ নীৰৱতাত মগ্ন আন্ধাৰ 
তাৰ মাজে মাজে 
কীট-পতংগৰ কীট-কীট 
আকাশ ভাঙি 
কিনো মাৰিলা মেল 
অ'বামুণ্-ভেকোলা কাই 
বাঁহনি জোপাৰ তলৰ 
নিজম পৰি থকা 
পুখুৰীটো লৈ চাই 
—————————
অ’ভাৰটেক 
নীলম শৰ্মা 

দৌৰি আছোঁ হেলাই-হেফাই
নথমকোঁ
নাচাওঁ উভটি এপলক 
ওভাৰটেক কৰিব লাগে ৰামধেনুৰ ৰং
সূৰ্যোদয়- সূৰ্যাস্ত 
আৰু বহু হেঁপাহ ক'লা- বগা,
পিষ্ট হয় গচকত

সত্যম শিৱম সুন্দৰম,
হাউলি চাবলৈ আহৰি নাই 
এনেদৰেই এদিন অ’ভাৰটেক কৰি যাব মৃত্যুয়ে ।
——————————
নিসংগতা
জেচমিন হুছেইন

ধূলি উৰে
নিৰৱতা বাকি
আঁতৰি যায়
বতাহ...

উশাহত 
অগৰু চেপি
জোনাকে হাঁহে...

সন্ধিয়াৰ 
মায়ালগা নিচা
মহুৱা...
মহুৱা...
——————————
কাব্য বীথিকা
ৰেখা বৰকটকী

কলিজাৰ ৰক্তস্নাত ভাৱ প্ৰৱাহ
শিৰে শিৰে মুঞ্জৰে  প্ৰাণৰ আলাপ
শক্তিশালী অনুভৱৰ জোৱাৰ ..
উপচা আৱেগৰ উন্মেষ অপাৰ!

কাব্যিকতাৰ  উদ্দাম গতি নিৰৱধি
শব্দ-শৃঙ্খলাৰে ভাৱৰ মিতিৰালি .
মূষলধাৰ বেদনাৰে কবিৰ প্ৰতীতি
ক্ষুৰধাৰে কবিতাৰ জয়গীতি..

দুকোলটোকা বানে পলস পেলায়
সংগোপনে বীজৰ অংকুৰণ ঘটায়৷
ন-ঋতুত নতুন শস্যৰ ভৰাঁল
নিতৌ গজে বিপুল সেউজ সম্ভাৰ...
—————————— 
প্ৰেম
ঋতুপৰ্ণা শইকীয়া

ফাগুনৰ লঠঙা ডালবোৰত প্ৰেম থাকে,
প্ৰেম থাকে বসন্তই সেউজীয়া কৰা গছবোৰতো।
ক'ত বিচাৰি পাই আপুনি প্ৰেম  বোৰ?
কুলু কুলুকৈ বৈ যোৱা নদী খনত
নে,
ভালপোৱাৰ এসাগৰ সম্ভাৱনা সিঁচি
গীত গোৱা চৰাই জাকত?
আপুনি হৃদয়ৰ দুৱাৰ মেলি চাওক,
চাৰিওফালে কেৱল প্ৰেম দেখিব
মাথোঁ , আপুনি চকুত স্বচ্ছতাৰ এযোৰ চশমা পিন্ধিব ,
মগজুত চৰ্তহীন ভালপোৱাৰ 
এযোৰ পোছাক।
হেৰোৱাৰ বিষাদ আৰু অভিমানক 
কৰা তীক্ষ্ণ আঘাতে 
থকা-সৰকা কৰা 
হিয়াখনেও এটা নিৰলা পঁজা বিচাৰে,
য'ত চকুপানীবোৰ শুই পৰে আৰু
প্ৰেম প্ৰেম লগা অনুভৱ বোৰ জী উঠে।
তেনেহʼলে ,
অহংকাৰবোৰ এৰি নিদি
আপুনি জীৱনক কিয় দোষে?
নিৰাশাৰ পাহিবোৰ যদি তৎক্ষণাত সৰে,
প্ৰেমৰ পাহি বোৰে 
যদি এপাহ ৰঙীন ফুল আঁকে
আৰু
হাঁহিবোৰে সপোন ৰচে
জীৱনে যে কিমান হাঁহিব।
জীৱন নিশ্চয় জিকিব।
———————————
ৰূপহী 
প্ৰবীণ কুমাৰ টায়ে 

ৰাস্তা কাষৰ গছৰ মুঢ়া
বৰষুণত তিতি ৰ'দত শুকাই
ক্ৰমান্বয়ে পচিব ধৰিছে

তাতে সদায় জিৰাইছিলোঁ
প্ৰেমৰ উন্মাদ হ'বলৈ

মূৰৰ ওপৰত বেলিটো লৈ 
তাতে তুমি আহি 
দুহাতে ছাতিটো মেলি 
লাজুক লাজুক চাৱনীৰে
কৃষ্ণচূড়াৰ হাঁহি মাৰি
বিচিছিলা ঘামে তিয়াই পেলোৱা দেহাটো 

সেউজীয়া প্ৰেমৰ ছবি আঁকিছিলোঁ
নদী হোৱা হ'লে 
তোমাৰ বুকুৱেদি নীৰৱে
বৈ গ'লোহেঁতেন

গৰা হোৱা হ'লে
খহিলো হেঁতেন

শিল হোৱা হ'লে
ঘঁহনি খালোঁহেঁতেন

বতাহ হোৱা হ'লে
আঁচল উৰুৱাই
কাণে কাণে কলোঁ হেঁতেন

পখিলা হোৱা হ'লে
তোমাৰ কোমল 
দুহাতত পৰিলোঁহেঁতেন 

পক্ষী হোৱা হ'লে
তোমাৰ কোলাত
বাহ সাজিলোঁহেঁতেন।
——————————
দলং
যামিনী দেৱী

দলঙৰ দুটি মূৰ থাকে দুফালে
তাৰ মাজেদিয়ে সময়বোৰে
দুলি-দুলি আগ বাঢ়ে
দলঙৰ ওপৰেদি কত মানুহ
আহে আৰু যায়
নিজ নিজ লক্ষ্যকে ধিয়াই
দলংখনক আশ্ৰয় কৰিয়ে
ফেহুঁজালিৰ ৰঙা বেলিটিয়ে
আবেলিৰ গৰখীয়া আকাশত
লুটিবাগৰ মাৰে
টলকিব নোৱাৰাকৈ
জীৱন নদীৰ মথাউৰি চিঙে
পানী বাগৰে
বান্ধিম আমি 
এখন সেউজীয়া দলং
যিখনে
সম্পৰ্কবোৰ আটি-আটি বান্ধিব
বোৱাই নিব
ঐক্য শান্তিৰ নৈ
হৃদয়ৰ পৰা হৃদয়লৈ।
———————————
আশা
ভূপেন ৰয়

নিয়ৰ পৰি পৰি আশাবোৰ সিঁচি যায় ।
সেন্ধুৰীয়া হেঙুলীয়া ৰঙৰে দেখো
মুকুতা দৰে জিলিকি থকা সপোনবোৰ 
কিন্তু সপোনবোৰ আজিও  শুকাই
যোৱা  পুখুৰীটোৰ দৰে...!
তুমি জিলিকিছা মুকুটৰ দৰে 
আন কাৰোবাৰ পৰশত 
মই জীয়াই আছোঁ তোমাৰ প্ৰেমত 
তোমাৰ হাঁহিত সকলোৱে উন্মনা
দেৰপুৰি সকলো ডেকাৰ দল 
নতুন ৰুপত ডিঙা মেলি দিছা 
বিনন্দীয়া পৃথিৱীৰ তুমিয়েই 
সৃষ্টিৰ মূল ..!
তুমিয়েই জীয়াই ৰাখিছা 
দেৰপুৰিৰ মানৱৰ ফুল!
——————————
বৰ্ষা সময়
বিকাশ গোহাঁই

কৃষ্ণচূড়া হাঁহি এধাৰি
মোৰ বুকুত ফুলিছে
এজাৰবুলীয়া বাঁহী ৰৈ ৰৈ
মোৰ হাড়ত বাজিছে
আজোককাৰ পতিত মাটি
ভাঙিম নে নেভাঙিম
হিতাধিকাৰী মই
মাহেকত পাঁচ কেজি চাউল পাওঁ
সংসাৰ তৰে নে ধৰে পাচঁকেজিয়ে
আহ ঐ আহ! 
নদাই-ভদাই
খেতি-খোলা কাৰণে সাজু হওঁ
কেঁচু- কুমটিলৈ এৰি  থৈ যাওঁ কঠীয়া
এয়া যে বৰ্ষা সময়
মেঘৰ মাদল
ন-পানী ধল
উখল-মাখল
চামপৰা নৈত
থলুৱা মাছৰ উজান উঠিছে।
—————————
প্ৰবাহিনী
বিপাশা বৰা

হৃদয়ৰ দুৱাৰ খুলি, 
সময়ে গতিপথ সলালে 
মোৰ প্ৰশ্ন হয় নিজলৈ...
শব্দৰে গঢ়া মনৰ কথাবোৰ নুফুলি মৰহি গ'লে 
কি হ'ব?
ওলাই আহিবলৈ বিচৰা প্ৰশ্নবোৰক মনতে আবদ্ধ কৰি,
বতাহে কঢ়িয়াব নোৱাৰা শব্দবোৰক লগত লৈ,
মনৰ নিজানত উঠলি উঠা দৰদীকবিতা এটিক কাষত বহুৱাই লৈ
ক'বলৈ মন যায় মোৰ, বহুত কথা...

শিমলু তুলাৰ দৰে চঞ্চল মোৰ মন নহয়
নদীৰ দৰে প্ৰতি সময়তে বৈ যাব পৰা
প্ৰবাহিনী নাৰীও মই নহয়।
প্ৰতি মূহুৰ্ততে বুজাব নোৱাৰো মই সময়বোৰক
অথচ প্ৰতিটো মূহুৰ্তক বুজিবও নোখোজো মই।

বুজিব নোৱাৰিলে থাকক নালাগে,নুবুজু সময়ক 
থিক কোনোবা হাছনা্হানা ৰাতিৰ
সপোন এটিৰ দৰেই।

পাৰিলে নিজৰ কৰি সজাই লওঁ সময়বোৰক 
ফাগুনৰ ৰং সিচাঁ বাটেৰেই 
বতাহে উৰুৱাই নিয়ক মোৰ মনৰ ৰঙবোৰো,
বুকুত হেপাঁহৰ চিলাখনি উৰুৱাই 
শুকান বুকুৰ হেপাঁহজাকক
বসন্তৰ জীপাল কাহিনী শুনাই 
মইও বৈ যাম অসীমলৈ,
ধীৰে ধীৰে...
——————————
অব্যক্ত বেদনা
মীনাক্ষী মহন্ত

মনৰ দাপোনত যদি
অব্যক্ত বেদনায়ে
খুটি খুটি খায়
পাৰিবা জানো ৰুধিব
পৰিচয় তোমাৰ?
হৃদয় বিদাৰি
পাৰিবা জানো দেখুৱাব 
মনৰ বতৰা
পদুলি মুখত ৰৈ
অনুভৱ হয় মাথোঁ
হেৰাই যোৱা মিঠা সুবাসৰ
ধুসৰ ছবি খনি।
ঢাকিব খোজোঁ অব্যক্ত বেদনা
নোৱাৰোঁ বুজাব তোমাক।
অন্ধকাৰৰ কৰাল গ্ৰাসত
বিলীন হব নেকি
মোৰ এই জীৱন
নহয় নহয় ইয়াতেই ভোগ কৰিম
সৰগৰ নৰকৰ যমৰ যাতনা।
———————————
ছবি 
অজন্তা তামুলী ফুকন 

ভিন্ন মন ভিন্ন ছবি 
স্পষ্ট ধূসৰ অথবা 
হৃদয়ত কুৰুকি সোমাই যোৱা 
ছবিয়ে কয় জীৱনৰ কথা 
ছবিয়ে গাই যৌৱনৰ গান 
ছবিত আবদ্ধ স্মৃতি 
স্মৃতিত সমৃদ্ধ জীৱন 
বৃদ্ধকালৰ লাখুটি 
লʼৰালিৰ নৈৰপাৰৰ আবেলি 
ছবিত জাহ যায় ভাললগা 
সময়ৰ সোঁতত ছবিৰ পৰিসৰ 
স্বাদ অথবা গ্ৰহণযোগ্যতা 
ওলমি ৰয় এলবামৰ পৃষ্ঠাত।
——————————
মা অ’ মা
প্ৰিয়ম্বদা পাতৰ আমচি

তুমি মোক 
কিয় এনেকুৱা কৰিলা?
তুমিতো মোক বহুত
মৰম কৰিছিলা,
তুমি মোক সদায় কৈছিলা
ভালকৈ পঢ়িবা দেই সোন ৷
দেউতাই আমাক এৰি থৈ গ’ল
তোমাক মই বহুত কষ্ট কৰি 
ডাঙৰ দীঘল কৰিছো 
মই যি কওঁ তাকেই শুনিবা ৷
দেউতাক দেখুৱাই দিব লাগিব
তুমি ভাল মানুহ হৈ ৷
তুমি কোৱা কথাবোৰ মই শুনি গৈছিলোঁ,
মই সৰু যদিও দেউতাৰ লগত নথকাৰ 
অনুভৱ কৰিছিলোঁ আৰু
ভালকৈ পঢ়িছিলোঁ দেউতা ঘূৰি আহিব বুলি ৷

মা অ’ মা
মই নথকাত তুমি ভয় কৰিছা নেকি?
ভয় নকৰিবা দেই মা
মই স্কুলৰ পৰা নহালৈকে 
তুমি যে ভাত খোৱা নাছিলা
এতিয়া কিন্তু তুমি ৰৈ থাকিব নালাগে
ভাত কেইটা খাবা দেই মা ৷
ৰাতি বিজুলী ঢেৰেকনি মাৰিলে 
তুমি ভয় কৰি মোক সাবটি লৈ কৈছিলা
ভয় নকৰিবা সোন
মই আছো 
কিন্তু,এতিয়াতো মই নাই 

তুমি ভয় কৰিছা নেকি?
ভয় নকৰিবা মা ৷
গা ধুৱাৰ সময়ত দুষ্ট কৰিবলৈ
মই এতিয়া তোমাৰ পৰা বহু আঁতৰত ৷
মোক বেয়া নাপাবা মা ৷

মা অ’ মা
মোৰ মূৰটো ঘূৰাইছে 
চকুৰেও নেদেখা হৈ আহিছোঁ।
 বৰ ভাগৰ লাগিছে মা
তোমাৰ বুকুৰ মাজত মূৰটো গুজি
শুবলৈ খুব মন গৈছে ৷
মোৰ উশাহো বন্ধ হৈ আহিছে। 

মা অ’ মা 
তুমি আহা না 
মোক বেগটোৰ ভিতৰৰ
পৰা লৈ যোৱাহি
মা আহা মা আহা মা
মোক অলপ মৰম কৰা না,
মা মা  মই যাওঁ দেই 
তোমাৰ কাষলৈ আকৌ আহিম মা
আকৌ আহিম ।
——————————
নিস্তব্ধ সপোন 
মুক্তিস্নাতা শৰ্মা 

এটি নিস্তব্ধ সপোনে 
বাহিৰৰ জগতখনত হয়তো গৰ্জন কৰে,
কিন্তু তোমাৰ চাৱনিত 
মই মোৰ পাৰ বিচাৰি পাওঁ।
এটা নিস্তব্ধ সপোনত, 
মোৰ অনুভৱ আৰম্ভ হয়,
হৃদয়ত লাহে লাহে উন্মোচিত হৈ।
কোনো ভৱিষ্যৎ উচ্চাৰণ কৰাৰ প্ৰয়োজন নাই,
কোনো সূৰ্য্যৰ উজ্জ্বল প্ৰতিশ্ৰুতি ৰশ্মি প্ৰবাহিত নহয়।
কোমল আৰু স্থিৰতা আছিল পোহৰত,
আৰু সেইটোৱে প্ৰতিটো সাধাৰণ মুহূৰ্তক উজ্জ্বল কৰে।
তুমি যি ধৰণে শুনা,
শান্ত আৰু সঁচা কথাবোৰ ,
তুমি কোৱা আৰু কৰা সহজ কথাবোৰ,
এটা মৃদু স্পৰ্শ, 
এটা চিনাকি দৃষ্টি,
এক মধুৰ আৰু কোমল লয়লাস এই স্থানত,
য'ত আত্মা মিলন হয়,
আমাৰ দৰে প্ৰেম
কেতিয়াও শেষ নহয়।
এটা নিস্তব্ধ সপোন, 
ই প্ৰতিদিনে বাঢ়ে,
আৰু মোৰ উশাহ হৰে  মধুৰ ৰূপত।
——————————
অসহায় নিশ্চয়তা
ডাঃ বন্দনা তামূলী

তেজীমলাই সুধিলে
তোমাৰ  ঘৰনো ক’ত
হাঁহি মাৰি মই ক’লো
সূৰ্য্যৰ কিৰণে চুমি যায় য’ত
নীলা তথা শুভ্ৰ মেঘে ওমলে তাত
পৰ্বতৰ ওখ শৃংগত
বতাহেও মনত খুন্দিয়াই নাযায় ত’ত
বয়স কম আছিল কাৰণেই
হয়তো মই কৈ দিলো তেনেকৈয়েই

গভীৰ ক্লান্ত মনেৰে শুই পৰিছিলো
হঠাৎ কি শব্দই জগাই দিলে
ময়ো একো ধৰিবই নোৱাৰিলো

মই ধৰিব পাৰিছো
মোৰ ৰক্ত কণিকাৰ ভিতৰত
অতীতৰ সপোনবোৰৰ মৃত্যু ঘটিছে
মনে চলন্ত ৰেলৰ
ষ্টেচন বিচাৰি হাবাথুৰি খাইছে
নিৰ্জনতাত কোমল সৌন্দৰ্য্য
পান কৰিম বুলি ভাবোতেই
মনৰ ৰেলখন ষ্টব্ধ হৈ যায়
গিলি খালে সকলো সপোন
অসহায় নিৰ্জনতাই ৷
——————————
সন্ন্যাসী
অপূৰ্ব কাকতি

হাজাৰজনৰ প্ৰশ্ন 
 সন্ন্যাসীনো কি ?
সৰুতে মই ভাবিছিলোঁ
সন্ন্যাসী কেনেকুৱা ?
সন্যাসী জীৱন শৈলী 
কেনেকুৱা?
সন্ন্যাসীৰ বাবে 
সকলো পথ শিথিল 
হয় নে নহয় ?
তেওঁলোকৰ 
মন শান্ত কেনেকৈ হয়
তেওঁলোকে গীতাৰ 
জ্ঞান কেনেকৈ প্ৰাপ্ত 
হয় আৰু সংসাৰ 
একো সম্পদৰ ওপৰত
তেওঁলোকে অধিকাৰ 
নিবিচাৰে প্ৰকৃতিৰ লগত
কেনেকৈ বিলীন হয় ?
——————————
মৌনতাই যেতিয়া কথা কয়
দিব্যজ্যোতি বৰা

মৌনতাই যেতিয়া কথা কয়
অনুভূতিবোৰ তেতিয়া পাৰ ভাঙি ওলাই আহে,
শব্দবোৰ তেতিয়া কঠিন হৈ পৰে।
আৰু শব্দবোৰে যেতিয়া কথা কয়,
হৃদয়খন, এটুকুৰা মমৰ দৰে জ্বলি উঠে।
শব্দ বোৰে প্ৰাণ ঢালি হাঁহে,
উশাহবোৰ ঘন হৈ পৰে,
মৌনতাই তেতিয়া কয়,
তুমি কি মোৰ উপস্থিতি বেয়া পাইছা?
তেতিয়া, শব্দ আৰু উশাহবোৰে 
আকৌ প্ৰাণ ঢালি হাঁহি উঠে
আৰু মৌনতাক কয়,
তুমি হৈছা,
 আমাৰ প্ৰাণৰো প্ৰাণ বন্ধু।

তুমি কঢ়িয়াই অনা স্নিগ্ধতা আৰু প্ৰশান্তিয়ে
আমাক জানা জীয়াই থকাৰ সংজ্ঞা দিয়ে,
জীয়াই থকাৰো যে এটা মধুৰতা আছে ।
এইবাৰ উন্মাদৰ দৰে মৌনতাই হাঁহি উঠে।

সঁচাকৈ মৌনতাই যেতিয়া কথা কয়
জীৱনটোক আকৌ জিপাল কৰি তুলিবলৈ মন যায় ,
মন যায় মৌনতাক  এটা
সুকুমল পিঞ্জৰাত আবদ্ধ কৰিবলৈ।

মৌনতাই যেতিয়া কথা কয়...
—————————
দুখৰ কবিতা
ৰাহুল কোঁৱৰ

বন্ধু নথকাটোৱে মোক দুখী কৰি তোলে !
আনকি দিনবোৰ বেয়া হৈ যায়,
কাৰো কাষত নাথাকিলে
মোৰ লগত খেলিবলৈ কোনো নাই৷
মৌমাখিয়ে মোক চেপি ধৰিলে 
মোৰ আত্মাৰ মাজেৰে বিষ সোমাই যোৱাৰ দৰে ,
মোৰ শৰীৰে কয়লাৰ দৰে জ্বলি থকাৰ দৰে৷
মই কান্দিব লাগিব
সকলো বিষ বাহিৰত এৰি দিবলৈ ৷
যেতিয়া মই মোৰ চোলাৰ মাজেৰে চিঞৰিছোঁ 
সহায় বিচাৰিছোঁ, 
কাৰোবাৰ ওচৰত নাথাকি, 
দূৰলৈ চাবলৈ 
যদি মই ওলাই যাওঁ,
মই মোৰ ভিতৰলৈ যোৱাৰ পথ বিচাৰি নাপাম,
যিদৰে তেওঁলোকে ঢাকি পেলালে প্ৰস্থানটো,
দুখেৰে ভৰা, 
ভিতৰৰ কোনো বাট নাই,
সুখেৰে ভৰা কোনো ঠাই নোহোৱাকৈ,
মই তলাবন্ধ হৈ থাকিম, 
কয়লাৰে ঢাকি থোৱা মোৰ আত্মাটো।
———————————
মৌন হৃদয়
নিৰৱপ্ৰিয়া (দৃলীনা দাস)

অন্তলীন নীলিমতাৰ
এজাৰৰ হাজাৰ বেজাৰত 
আশ্ৰয়ত মৌন হওঁ 
মই প্ৰতিদিন ।
কলিজাৰ ৰঙা 
সোণাৰুৰ হালধীয়াত 
নিবিড় সান্ধ্যৰাগত 
গোপন অভিসন্ধি নাই 
যদিও মিলিত হওঁ
গোপন আলাপত
যত ভৰি থাকে তোমাৰ মোৰ 
নিসংগতাৰে ভৰা সময়বোৰ 
ভাল লাগে মোৰ
দিশহাৰা হৃদয়ৰ 
সেই নিৰৱ আহ্বান

সেয়েহে নিৰ্জনতাৰ 
অৰণ্যত স্তব্ধ সময়
আমাৰ মধুৰ সময়
এন্ধাৰৰ বাটত দেখোন 
 নিজেই জ্বলাওঁ কৃত্ৰিম পোহৰ
জিক মিক চাকি 
হেৰাব বিচাৰে জীৱনৰ
 চিনাকি বাটৰ সুঁহুৰি ।
——————————
জেঠৰ এজাক পগলা ধুমুহা
সুৰেশ চন্দ্ৰ ৰায়

জেঠৰ এজাক পগলা ধুমুহাই
বাগৰি গ'ল চৌদিশে,
ধুমুহাৰ স'তে হাত মিলালে
ধাৰাষাৰ এজাক ৰবষুণে,

গছ-গছনি উঘালি পৰিল
ডাল-পাতো বহুতো ভাগিল,
ঘৰ-দুৱাৰৰ ক্ষতি কৰিল
আলি-পদুলিও বোকাৰে পুৰিলে,

ডং-পথাৰৰ বাঢ়নি পানী
নৈ লৈ বুলি সোঁত বলে,
সেই পানীৰে মাছবোৰে 
পথাৰলৈ উজাই আহিলে,

ভেকুলীবোৰৰ টৰ্-টৰনি 
খেতিয়কক জগাই তুলিলে,
শালি খেতিৰ সময়
তাকেই জনালে,

খেতিৰ বাবে সাজু হোৱা
গৰুহাল নাই ট্ৰেক্টৰেৰে মাটি চহোৱা,
পৰিৱেশৰ লগত খোজ মিলাই
জীৱনৰ বাটত আগুৱাই যোৱা,

হ'ব পাৰে পগলা ধুমুহা
ই-য়ে কঢ়িয়াই জীৱনৰ আশা,
আশা ভৰা মানৱ জীৱন
আশা অবিহনে নহয় সপোন পূৰণ,
 
জেঠৰ ধুমুহাজাকে সোঁৱৰায়
ভয়াতুৰ নহ'বা,
ধুমুহাৰ(মোৰ) স'তে ফেৰ মাৰি
কৰ্তব্য পালন কৰি যোৱা।
———————————
ৰঙা চহৰ 
শিল্পী দাস

এতিয়া নামেৰে তেওঁ ‘ৰঙা চহৰ’।

অতীতৰ ভ্ৰমণ বিলাসী শ্বেত জগত 
প্ৰেম প্ৰাপ্তিৰ মোক্ষ দ্বাৰ
সহস্ৰ মানৱৰ মণিমালা 
আজিও ৰ'দৰ প্ৰখৰত জিলিকি আছে,
নাই কেৱল জনতাৰ ভিৰ 
শ্মশান স্বদৃশ স্ফুটনাংক 
যেন আৰ্তনাদ হাহাকাৰ।

চিঞৰি চিঞৰি ক্লান্ত 
চকুলো নিগৰা পানীও শান্ত,
জীৱন-যৌৱনৰ আত্মাক
তিমিৰাচ্ছন্ন আৱিষ্কাৰ কৰি 
হিংস্ৰ দানৱৰ বুকু নকঁপে নে?

অকস্মাতে আজি সুখত দুখ আনিলে 
আপোনক হেৰুৰাই নিৰুপায় 
অসহায় সৰ্বস্বশৰীৰ,
কি পাপ ভাৰতীয়ৰ গাত 
গুলীয়াই পাপৰ দাগ লগাই।

প্ৰকৃতিৰ শব্দৰে কথা কোৱা
সেই ঠাইখন—
নামেৰে বিখ্যাত জম্মু-কাশ্মীৰ 
শুভ্ৰ মণি-মুকুতাৰ বজাৰ,
পাকিস্তানৰ কৱলত পতিত হৈ 
পৰিচয় আজি ’ৰঙা চহৰ’।
———————————
'অ' ৰ বিলৈ
ইভা গন্ধীয়া ফুকন

অকলে তোমাৰ মুখামুখি হোৱাৰ পৰত
অজানিতে
অবুজ শিহৰণ জাগিছিল দেহত!
অ-ই তুমি বাৰু দেখিছানে
অলেখ সেউজীয়া মোৰ দেহত!
অভিসাৰৰ সেই মধুৰ আবিৰ সনা
অঘৰী নৈবোৰৰ দৰে বিষণ্ণ
অপেক্ষাৰ বালিচৰত নূপুৰৰ দুভৰি------
অধীৰ---
অপেক্ষাৰে---
অজস্র প্ৰাৰ্থনাৰে বিপুল প্ৰত্যাশী
অনামিকা আঙুলিত তোমাৰ নামৰ চিহ্ন ল’বলৈ!
অথচ বুকুৰ মাজত মৃদু ধপ- ধপনি
অনবৰতে বাজি থাকে
অচেতন মনৰ প্রজ্ঞা
অতীব্র ধুমুহা,
অশান্ত উৰ্মিমালা...
অলপ জোৰেৰে আহিছে বৰষুণ
অপ্ৰাপ্তিত উপঙিছে মোৰ দৈনন্দিন!
অনুষ্টুপীয়াকৈ হ'লেও নিয়মটোকে কৰিবা----
অবিবাহিতা ৰাজ কন্যাৰ গৰ্ভত স্থিতি লৈ
অনাহুত,
অনাকাঙ্খিত সন্তান কৰ্ণ
অনেক গুণৰ
অধিকাৰী হৈয়ো
অভিশপ্ত হৈছিল মিছা পৰিচয়েৰে দীক্ষিত হৈ!
অনুৰূপ
অকল্পিত ভুল কৰিব খোজা নাই মই
অম্লান হাঁহি উঠে বিৰিঙি------
অনুভৱৰ দুৱাৰ খুলি
অতীতৰ গুপ্ত 
অভিসাৰৰ স্মৃতি---
অকলে কান্দিব নোখোজো
অযুত চকুলোৰে ভিক্ষাৰিনীৰ ৰূপত!
অতপৰে
অপেক্ষা
অৰ্পণ পূজাৰ বেদীত
অৰ্ঘ্
অন্ত হওক প্ৰত্যাশা...
—————————
এজাৰ ফুলাৰ বতৰ

চৌদিশে বেঙুনীয়া ৰহন সানি 
আলসুৱা এজাৰৰ ফুল ফুলিছে,
বৰষুণৰ টোপালত সৰি পৰা ফুলবোৰে 
গছৰ তল উপচি পৰিছে।

পৰিৱেশ জাতিষ্কাৰ কৰি ফুলা 
এজাৰ ফুলবোৰ বৰ আলসুৱা,
বৰষুণৰ টোপালবোৰৰ সতে 
এজাৰ ফুলবোৰৰ আছে ভালপোৱা।

সেইবাবে বৰষুণৰ টোপালবোৰৰ সতে 
অভিমান কৰি সৰি পৰে ফুলবোৰ,
চৌপাশে সিঁচি দিয়ে 
হৃদয়ত সাঁচি ৰখা মৰমবোৰ ।

এজাৰ ফুলে বেজাৰ আনে 
অসমীয়াৰ হৃদয়ত দুখ বিয়পাই,
হেঁপাহৰ ব'হাগ বিহুটিয়ে
অসমীৰ‌ বুকুৰ পৰা লয় বিদায়।
——————————
সৰগৰ পৰা মৰ্ত্যলৈ  
সুপ্ৰীতি  বৰুৱা  
 

ইন্দ্ৰৰ নিৰ্দেশনা অস্বীকাৰ  কৰিব নোৱাৰে তাই,
পৰীৰ দেশত তাই সময়ে সময়ে দূত জনীৰ দৰে ধৰা দিয়ে 

 চঞ্চলা চপলা তাই
পৰীৰ লগত আহে মৰ্ত্যলৈ 
  
এনেকৈয়ে  শস্য শ্যামলা সৰিয়হ ফুলবোৰ দেখি বিভোৰ  তাই    আনমনা সৰগৰ পৰী,
সৰগৰ পৰা নামি আহে 
কোচ ভৰি ছিঙি আনে সৰিয়হ ফুলবোৰ
যেন হেঁপাহৰ  সপোন বুটলে  সপোনৰ মায়াজালে আৱৰে হালধীয়া সৰিয়হডৰাৰ মায়াত 
আউলী-বাউলি  হৈ 
সৰগৰ  পৰী জনীয়ে সকলো পাহৰে 
পাহৰে বালিমাহীজনীকো
ধতুৰাগুটিবোৰ নাকে -কাণে পিন্ধি
আত্মহাৰা দেহাৰে খায়।
তাঁতশালত  সপোনৰ  বুটা বাচে, সৰগৰ কথাবোৰ সমূলি পাহৰে।
------------------------
অকবিতা
ইৰা দেবী

মই আজি এটা কবিতা গাম
মই খোজ ল'লো
হাতত এটা অকবিতা। 
উদ্দেশ্য কবিতাৰ দুপৰীয়া
বসন্তৰ আমেজ। 
দূৰণিবটীয়া কবিসকল 
কালি সন্ধ্যা তে পালেহি
 ইমান ওচৰ
 পিছে মই পোৱাগে নাই। 
 খৰকে খোজ ল'লো। 
 খালি হৈ থকা আসন এটাত বহিলো। 
 মনটো বান্ধি ল'লো
 আজি কবিতা শুনিমেই। 
 কবিগৰাকীয়ে কবিতা গাই গুচি গ'ল, 
 মই আকৌ মনটো খামুচি ধৰিলো। 
 আজি কবিতা শুনিমেই। 
 কবিসকলৰ ইমান খৰখেদা
খুব সম্ভব আকৌ কবিতা লিখিব লাগিব। 
 মই ভাবিলো। 
 নাই নহ'ব ময়োতো কবিতা লিখিম। 
অৱশ্যে লিখাৰ আগত শুনিবও লাগিব। 
এই ঠাইখন জনশূন্য যেন লাগিল
উপস্থিতি সেৰেঙা আছিল
থকা সকলো কথা পতাত ব্যস্ত। 
ৰ'দে পিঠি চুইছে
ছাঁ বিচাৰি নৰিকল জোপালৈ চালো। 
জালিকটা নাৰিকল পাতেদি
ৰ'দৰ টোপালবোৰ সৰকিছে। 
ৰাতিপুৱা দূৱৰিতসৰি পৰা 
কুঁৱলিৰ কনিকাবোৰলৈ মনত পৰিল। 
কি অপূৰ্ব মনোমোগ্ধতা দুয়ো দৃশ্যতে। 
চহৰখন নিৰ্জন
মানুহবোৰ মৃত
জীৱিত সকলো তথৈবচ
কোলাহল, অন্য মনস্কতা। 
শুনি আছো ,শুনি থাকিলো
এটি সম্পূৰ্ণ কবিতা।
——————————————
ভৰসা
প্ৰণীতা দেৱী

পঙ্কিলতাৰ বাস্তৱ সন্ধিক্ষণ
চোতালত মই বহি থাকোতেই 
পৰিভ্ৰমী চৰাই এজনী উৰি আহি 
মোৰ পদূলিৰ ভৰসা ডালত পৰি 
মোলৈ চাই আবেগিক ভাবে সুধিলে 

কি ভাবি এনেকৈ বহি আছা 
কিবা বিৰক্তি …

বিষাদগ্ৰস্ত মনটোক ফয়লং কৰিবলৈ
আকাশখনক চোৱা কলুষিত মেঘবোৰে
হাজাৰ চেষ্টা কৰিও পাৰিছে জানো
 ঢাকি ৰাখিব
আকাশৰ বিশালতা

তাই আকৌ ক’লে...
কিমান ঘাত প্ৰতিঘাতৰ স্মৃতি 
সাৱটি আজিও স্থিৰহৈ আছে
তুমি বহি থকা চোতালখনে 

তুমি তোমাক ভালপোৱা যদি
ভালপোৱা উদ্মাদনাৰে নিজক চোৱা 
মাতৃ মমতাৰে তুমি সুবাসী
খোজত খোজ দি 
যোৱা আগবাঢ়ি 
নিজক চিনি পোৱাকৈ 
যোৱা যুঁজি
জীৱন যুদ্ধৰ পৰিসমাপ্তি
আৰু কিমান যোজনৰ বুলি 
সুধিব খোজোতেই চৰাইটো সৰি পৰিল 
ভৰসাৰ ডালটো ভাগি। 
_______________________
আজাৰ ফুলৰ স্বীকৃতি
অঞ্জনা ৰূপা দাস
 
আজাৰৰ সেউজীয়া ঢৌত
দুখৰ ভগ্ন হৃদয়তো জাগে
সাহসৰ প্ৰতিশ্ৰুতি 
আজাৰ ফুলৰ সুবাসত
বিষাদৰ বতাহতো মেলে
সুখৰ সেউজী সপোনৰ গজালি
আশাৰ কঠিয়ামুঠি
লহ্ পহকৈ বাঢ়ে, 
আকাশৰ কজলা মেঘে
আশীর্বাদ সিঁচে

 ডোপালপিতা বৰষুণজাক
 হুৰমূৰাই সোমাই আহে
চিঁৰাল ফটা মাটিডৰাত
কেকোঁৰা নাঙলৰ কৰ্ষণ, 
দুচক্ষুৰ স্বপ্নত
সোণগুটিৰে ভঁৰাল উপচে।

সেউজীয়া আজৰৰ দৃঢ়তা
আজাৰৰঙী বিশ্বাসত
কৃষকৰ কৰ্তব্য বেলিটিয়ে
ফেঁহুজালি দিয়ে।
——————————

Post a Comment

0 Comments