————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কবিতাৰ ক্ষেত্ৰখনত কবি সন্মিলনবোৰৰ প্ৰভাৱ কি?
অসম সাহিত্য সভাৰ লেখক শিৱিৰৰ প্ৰথম দিনৰ
কবিতা অধিৱেশনৰ দ্বিতীয় বৈঠকত সঞ্চালক কবি অনুভৱ তুলসীদেৱে আমালৈ এই প্ৰশ্ন নিক্ষেপ কৰি কৈছিল –যিহেতু শেহতীয়াকৈ কবি সন্মিলনৰ আহ্বায়কৰ দায়িত্বও অৰ্পণ কৰা হৈছে,গতিকে কবি সন্মিলনৰ প্ৰভাৱ ইতিবাচক নে নেতিবাচক ?
মই বিনাদ্বিধাই উত্তৰ দিছিলোঁ–..."নিশ্চিতকৈ ইতিবাচক।
তুলসী চাৰৰ বক্তব্যৰ আঁত ধৰিয়ে মই কৈছিলোঁ,–
....কবিতাত শব্দবোৰৰ মাজত যেনেকৈ এটা আত্মিক তান আছে,তেনেকৈ এই কবি সন্মিলনবোৰেও
সকলো কাব্যমনক এক আত্মিক বান্ধোনেৰে সম্পৰ্কিত কৰি ৰাখে।এটা কবিতাৰ বাবেই মানুহবোৰ ঢাপলি মেলি আহে। বয়সৰ কথা নাই।দূৰত্বৰ কথা নাই।ইজনে সিজনক যেতিয়া লগ পাই,কবিকাৰ কথা যেতিয়া পাতে,তেতিয়া জীৱনৰ এক ৰিফ্ৰেচমেন্ট হয়।
ইয়াৰোপৰি মই এটা কথাত বিশ্বাসী যে–কোনো মঞ্চই কবি সাহিত্যিৰ জন্ম দিব নোৱাৰে,কিন্তু উপযুক্ত মঞ্চৰ অবিহনে বহু প্ৰতিভা অকালতে মৰহি যায়।সেয়ে এনেধৰণৰ কবি সন্মিলনৰ প্ৰয়োজন আছে।আৰু
এজোপা গছৰ পৰা বহু পুলি হ’ব পাৰে।কিন্তু কেইটা পুলি গছলৈ ৰূপান্তৰিত হ’ব ,সেইটো গছজোপাৰ ওপৰত নিৰ্ভৰশীল নহয়,সেয়া পুলিকেইটাৰ নিজা প্ৰচেষ্টা। ঠিক তেনেকৈয়ে সময়ৰ বালিত খোজ দৃঢ়তৰ কৰি ৰাখিবলৈ চৰ্চা,সাধনা ,অধ্যয়নৰ গত্যন্তৰ নাই। নতুবা সময়ে সকলো মচি দিব।....
এইদৰে ছাৰে নিৰ্ধাৰিত কৰি দিয়া সময় অনুসৰি কথাখিনি উপস্থাপন কৰিলোঁ।
অসম সাহিত্য সভাৰ সভাপতি,উপ সভাপতি,প্ৰধান সম্পাদক সমন্বিতে প্ৰায় দুইশতাধিক কাব্যপ্ৰেমী দৰ্শকে আসনত বহি আমাৰ কথাখিনি নিৰবে শুনি গৈছিল।বক্তব্যৰ শেষত দিয়া হাতচাপৰিয়ে আমাকো উৎসাহিত কৰিছিল।
বেছিকৈ অনুপ্ৰাণিত হৈছিলোঁ ,দ্বিতীয় দিনা অনুষ্ঠান আৰম্ভণিৰ আগমুহূৰ্তত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মোৰ শিক্ষাগুৰু তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি কবি ড° শৰৎ বৰকটকী চাৰে যেতিয়া মোৰ কথাখিনি স্পেচিফিক,প্ৰেক্টিকেল আৰু টু দ্যি পইন্ট হোৱা বুলি কৈছিল। ছাৰৰ উপৰিও আৰু বহুকেইগৰাকী দৰ্শকে পাছত লগ ধৰি আমাক অনুপ্ৰাণিত কৰিছিল।
কবিতা,এটা নিৰ্দিষ্ট বলয়ৰ পৰা ওলাই মানুহৰ হৃদয়ে হৃদয়ে থাপিত হওক।
এয়াই আমাৰ আন্তৰিক কামনা।
বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
The Hive
by Jo Shapcott
England
The colony grew in my body all that summer.
The gaps between my bones filled
with honeycomb and my chest
vibrated and hummed. I knew
the brood was healthy, because
the pheromones sang through the hive
and the queen laid a good
two thousand eggs a day.
I smelled of bee bread and royal jelly,
my nails shone with propolis.
I spent my days freeing bees from my hair,
and planting clover and bee sage and
woundwort and teasel and borage.
I was a queendom unto myself.
মৌকোঁহ
মূল জো চাপকট
ইংলেণ্ড
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
গ্ৰীষ্মৰ মৌকোঁহত ভৰুণ হৈছিল এখন সাম্ৰাজ্য
মোৰ অস্থিসজ্জা ছানি ধৰিছিল মৌকোঁহে
আৰু মোৰ বক্ষপথাৰত গুণগুণনিৰ আলোড়ন
জানিছিলোঁ মই
মৌগুটিবোৰ সৱলদেহী আছিল
কিয়নো
ফেৰ’মনবোৰে মৌচাকৰ মাজত গুণগুণাইছিল
আৰু ৰাণীয়ে এদিনত দ্বিসহস্ৰ কণী
নিঃসৃত কৰিছিল
মই মৌৰুটি আৰু ৰয়েল জেলীৰ গোন্ধ পাইছিলোঁ,
মোৰ নখবোৰ প্ৰপলিছৰদ্বাৰা জিলিকি উঠিছিল
মোৰ চুলিৰপৰা মৌমাখি মুক্ত কৰি দিন পাৰ কৰিলোঁ
আৰু ক্ল'ভাৰ ’বি-চেজ’ ৰোপণ কৰিলোঁ
আৰু কৰিলোঁ
ৱণ্ডৱৰ্ট, টিজেল আৰু ব’ৰেজ
মই নিজৰ বাবে ৰাণীত্ব বজাই ৰাখিছিলোঁ।
———————————
কবিতা
লাভ ইজ লং ফৰগেটিং টু
ধীমান বৰ্মন
'Love is short, forgetting is long '____ Palo celello
হেৰাই যোৱাৰ প্ৰস্তাৱ আছিল একেলগে
সূতা ছিগি নেহেৰুওৱা
চিলা এটাৰ নাম ভালপোৱা
আমি হেৰাই গ'লো
বেলেগে বেলেগে
সূতা চিগিল
সোঁৱৰণিৰ পৰা পাহৰণিলৈ
দীঘল বাটত
আমি বহুবাৰ হেৰুৱালো
আৰু বিচাৰি পালোঁ।
——————————
এশাৰীৰ কবিতা
গুণ মৰাণ
পৰিত্যক্ত : ঘূৰি থাকোঁতে কোনে কিমান ঘূৰালে পৰিত্যক্ত চকা এটাই ভাবি থাকে এচুকত।
———————————
আবেদন
জুবিলী গগৈ
নতুন চৰকাৰৰ ন-আঁচনি
খালী হৈ থকা পদসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ
আবেদন বিচৰা হৈছে
শিপা- 'দা ৰুট' বিভাগত খালী হৈ থকা
এককোটি পদৰ বাবে আবেদন বিচৰা হৈছে
প্ৰাৰ্থী: মানুহ হ'ব লাগিব
শিক্ষাগত অৰ্হতা:আখৰৰ জ্ঞান
বিভাগ:শিপা 'দা ৰুট'
অন্যান্য অৰ্হতা:ৰ'দ-বৰষুণ সহ্য কৰিব পৰা প্ৰাকৃতিকভাৱে কাম কৰিব পৰা, কৃত্ৰিম বানপানী আদিলৈ ভয় নকৰা, বন্ধৰ দিনতো কাম কৰিব পৰা,
কোনো কেলেংকাৰীত নাম জড়িত নথকা, হত্যা,হিংসা, আন্দোলন আদিত অংশ নোলোৱা,কৰ ফাঁকি দিব নজনা, দামবৃদ্ধিক সমস্যা বুলি নভবা,চৰকাৰৰ সকলো কামকে সমৰ্থন কৰা, কূটনৈতিক জ্ঞান নথকা, প্ৰাৰ্থী সৰলৰেখাৰ দৰে হোৱা বাঞ্ছনীয়
অভিজ্ঞতা: মানুহ হিচাপে কাম কৰাৰ দহবছৰৰ অভিজ্ঞতা
কম কথা কোৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব
নতুন চৰকাৰৰ এয়া ন-আঁচনি
শিপাৰ পৰা প্ৰসাৰিত কৰা।
—————————
সম্পৰ্ক
অৰ্চনা ঠাকুৰীয়া
দুখৰ স'তে বহুদিনৰ চিনাকি তেওঁৰ
জীয়াই থকাৰ যুঁজত
সদায়ে নিসংগ
লুইতৰ বালিচৰেই তেওঁৰ
নিথৰুৱা সন্ধিয়াবোৰৰ সহচৰ....
সুখৰ দিনত,
আত্মীয়বোৰৰ মাথো
স্বাৰ্থ সিদ্ধিৰহে
মহা আয়োজন....
তথাপি,
নজহা,নপমা এটি
উদ্যমী মন....
নিঃসংগতাৰ অন্তৰ্দহনে
তেওঁক জ্বলাব নোৱাৰে
সম্পৰ্ক কেতিয়াও
একপক্ষীয় নহয়
ই বৈ থাকে হৃদয়ৰ পৰা হৃদয়লৈ
লাগে মাথো আত্মাৰ নিভাঁজ পৰশ
সময় এগৰাকী সফল শিক্ষক
সময়ৰ মধুৰ সান্নিধ্যত
জীৱন হ'ব পাৰে মহীয়ান
তেওঁ জানে,
ঈশ্বৰ সহযাত্ৰী জীৱন পথৰ...
———————————
গীত
বিনীতা গোস্বামী
আবেলিৰ খোপাত বেলি ডুবো ডুবো হ'ল
চকুৰ চমকণি
ওঁঠৰ লাজুক হাঁহি
তিৰবিৰ তিৰবিৰ
আবেলিৰ দুগালতে ৰ'ল
উশাহ সামৰি থোৱা
এধানি আকাশ মোৰ
সপোন সপোন তুমি
উমাল বুকু
অ' জোন তুমি মোৰ
সেওঁতাৰ ৰ'দালিতে
থ'ম তোমাক লুকাই
জোনৰ জোনাক চুমি
অ' জোন
কুহেলিকা জীৱনৰ
তুমি পূজাৰ শৰাই ।
—————————
পুৰোহিত
বিভা দেৱী
যজ্ঞ কুণ্ডত বেদ ধ্বনি
জহকালি শুকাই যোৱা জুৰিটি
প্ৰাণ পাই উঠিছে বাণী
শব্দবোৰ অহা-যোৱা কৰিছে বংশবৃদ্ধি হওক দূৱৰি বনৰ দৰে
যদিও হয় আমাৰ জীৱনৰ সমাধি
বিনম্ৰ প্ৰশস্তিৰে গঢ়ি তোলা এটা নিয়ম
মন্দিৰৰ দুৱাৰদলিত
সৰা ফুলৰ চাৱনি
বৰফ গলিছে
বৈ গৈছে পানী
বিচাৰিছে তেওঁ
সুখৰ খনি---
বিশ্বাসে মিলয় হৰি,
তৰ্কে বহুদূৰ
কথাটো হয়
ঠিকেই কয়
শিলৰ মূৰ্তিটোকো কেতিয়াবা
এৰি যাব নোৱাৰি।
---------------———
বিশেষ
ইপুলহুছেইন
বিশেষ বিশেষ মুহূৰ্তত বিশেষ বিশেষ মানুহবোৰ প্ৰিয় হোৱাৰ দৰে
কোনো বিশেষ দিন অথবা বিশেষ সময়ত কোনো বিশেষ মানুহৰ মাত এষাৰে নিমিষতে অঁতৰাই পেলাব পাৰে সমস্ত অৱসাদ
কোন কেতিয়া বিশেষ হৈছিল সঠিককৈ মনত নপৰিলেও
বিশেষত্বটোৱে লগ নেৰে কাৰণেই হয়তো বিশেষ মানুহবোৰে প্ৰায়ে প্ৰভাৱিত কৰে
বিশেষ মানুহৰ আগে-পাছে কেবালানি বিশেষণ লাগি থাকে
সেয়ে শ্ৰেণীবদ্ধ শৃংখলৰ দৰেই কথাবোৰ অৱচেতনত ৰৈ যায়
গান শুনোঁ, ছবি আকোঁ অথবা কবিতাই লিখোঁ
বিশেষ মানুহৰ বিশেষ গুণবোৰে চকুৰ আগত ধৰা দিয়ে সবিশেষ
বিশেষ মানুহবোৰ সহজলভ্য নহয়
কৃত্ৰিম-অকৃত্ৰিম বুজা টান
আন নহ'লেও এইকথা ঠিকেই বুজা যায় যে অদৰকাৰী কাৰকে বুলিব নোৱাৰে প্ৰিয় হোৱাৰ বাট
যিমানেই আনকি সলোৱা হয় গতি
সিমানেই তীব্ৰ হয় প্ৰতিটো কণাৰ অনাদি ।
———————————
কি ইমান গৰম যে
দেৱ দাস
কি ইমান গৰমযে
ফেচবুকত লেকচুতি
খেলি খেলি
নষ্টালজীয়া
প্ৰাইভেট স্কুলত
ছাত্ৰ-ছাত্ৰীৰ অবস্থা নাই
কাৰো খেয়াল নাই
গাড়ী বাইক ভানত
স্কুলত অনা নিয়াটো আছেই
ইউনিফৰ্মৰ নামত ব্যৱসায়
স্কুল কৰ্তৃপক্ষ
মাক দেউতাকৰ
ততপৰতা
অতিব প্ৰয়োজন
বাপৰে বাপ
গেলা গৰম
চিঞৰত ঠাই নাই
কাপোৰ
এশ শতাংশ
কপাহী সূতাৰ হ'ব লাগে
ছাত্ৰ-ছাত্ৰীৰ
চব ইউনিফৰ্ম
চিনথেটিক
আচলতে
চিনথেটিক প্লাষ্টিক
বিকাশশীলতাত নপৰে
ছাত্ৰ-ছাত্ৰী মানেই
উত্তৰ পুৰুষ
দেশৰ নাগৰিক
ছাত্ৰ-ছাত্ৰীৰ কপাহী কাপোৰৰ
ইউনিফৰ্মৰ বাবে
স্কুল ছাত্ৰ-ছাত্ৰীৰ
মাক দেউতাক অভিভাৱকৰ
ততপৰতা গঢ়ি উঠিব লাগে
———————————
সজৰথী সঞ্জীৱনী
পৱিত্ৰ কুমাৰ নাথ
সপোন এটা পুহি ৰাখিছিলোঁ
সযতনে,
সুখত কিম্বা দুখত
নিচুকাব বুলি
জটিল জীৱনৰ চাৰিআলিত
সৰু ফুটাটোৰে সৰকি
হেৰাইছিল আঁত
খেপিয়াই খেপিয়াই
হেৰোৱা আঁত বিচাৰোঁতে
নিজেই হেৰাই থাকিলোঁ অকস্মাত
এতিয়া কোন দিশে যাওঁ
জীৱন নদীৰ থাউনি নোপোৱা পানী
চিনাকি ঘাটটোওচোন নমনি
বুকুৰ টুনীয়াত চপৰা চপৰে খহে
পাৰভঙা হিয়াৰ বিননি
ক্ৰমশঃ
চাকনৈয়াত সোমাই যাওঁতে
হেজাৰ শব্দৰ মুখে
গুজি দিয়ে গোপনে
সজৰথী সঞ্জীৱনী
সজৰথী সঞ্জীৱনী !
-----------------------
ঢৌ
চয়নিকা ভূঞা
ছোৱালীজনী সলনি হ'ল
ছোৱালীজনী সলনি হ'ল
গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা ছোৱালীজনীয়ে অসম্ভৱক সম্ভৱ কৰি
নতুনত্বৰ বীজ সিচিলে
পৃথিৱীত অসুখ
নোহোৱা-নোপজা ঘটনাৰ দোষ
পুৱাৰ পৰা গধূলি হৈ
গধূলিৰপৰা পুৱা হোৱাৰ দৰেই
অনুশীলনৰ অন্তত এটা প্ৰকাণ্ড শূন্য
অভ্যাসবশতঃ
ভালপোৱাক দোহাই দি
শৰীৰৰ ভৌগোলিক বিৱৰণ
তাতেই বিড়ম্বনা
সিঁচৰতি হোৱা কথাৰ পৰাই
বিশ্লেষিত চৰিত্ৰ পাঠ
দীঘলীয়া যাত্ৰাত
কোনোৱে কয় গধূলি হ'ল
"শিয়ালী এই নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে চাকি"।
———————————
সন্ধ্যা পাহাৰৰ বাটে
দিলাল আহমেদ
হেলনীয়া চকীত বহি থাকোঁতে
এন্ধাৰে মোৰ চকু দুটা সন্মোহন কৰিলে৷
এটা জোনাকী পৰুৱা আৰু
কেইডালমান লাজুকী লতা৷
এয়া এন্ধাৰ নে স্মৃতিৰ স্পৰ্শহীন মুকুতা!
অনন্ত দুঃখৰ কাষত হাত পাতে জোনাকী ভিক্ষু
দুঃখবোৰ নিৰুত্তৰ---
যেন হেৰাইছে স্বৰ৷
শিলৰ দৰে নিশ্চল অথচ্ মৰ্মভেদী বিলাপ
যমুনাৰ ঘাটে ঘাটে ৰাধাৰ প্ৰলাপ৷
জোনাকী পৰুৱাই ভাল পায়
এন্ধাৰ আৰু পোহৰৰ ঘাট৷
ৰাতিৰ কল্পবিজ্ঞান পাঠ শেষ হ’লে
জানিব পাৰে এটা দিনৰ শেষত
কমি যায় মানুহৰ শুচিস্নিগ্ধ পাঠ৷
দুঃখৰ কাষত গৈ বহে নিৰুদ্বিগ্ন জোনাকীী৷
জানিব খোজে কি দুঃখ?
কিয় সন্ধিয়াই বুকুত আঁকে
সুবৰ্ণ ৰজনীৰ ধাৰালিপি?
সন্ধিয়া পাহাৰৰ বাটে
জোনাকীৰ ইতিহাসত লিখা হয় কালৰ মূৰতি৷
——————————
গ্ৰীষ্ম
ৰমেশ চন্দ্ৰ ৰায়
ৰ'দজাকে বাট চাই থাকে
ৰাতিপুৱাই ৰাতিপুৱাই মেলি দিয়ে
প্ৰসাৰিত উজ্জ্বল হাত
তজবজাই সাৰ পাই উঠে এটুকুৰা শৈশৱ
নিৰাভৰণ নদীৰ সাঁতোৰ
ভেকুলীবোৰে য'ত গান জুৰিছিল
ডাউক পোৱালিকেইটাই তাতেই চৰিছে
দৰিকণাবোৰে প্ৰাৰ্থনা কৰিছে
বৰষুণ এজাকৰ
আপোনভোলা পৃথিৱীৰ ঘাম সৰিছে
বীৰঝৰাৰ ক'লা-জামুকেইজোপাৰ তলত বহি
গা-মন শীতল কৰিছেহি
কাউন্সেলিঙলৈ অহা ল'ৰা-ছোৱালীহাল
মেঘ এচপৰা আগুৱাই আহে
বৰ্ষাৰ বাতৰি লৈ
আহ!
কি যে সেউজীয়া আশাৰ এই সমীৰজাক ! -------------––––––——
তই এজোপা গছ হ
ধ্ৰুৱজ্যোতি মহন্ত
মোৰ সংস্কৃত পৃথিৱীত তই এজোপা গছ হ
তোৰ ছাঁত মই জিৰণি ল'ম
তোৰ ফল ফুল পাত
তোৰ ছাল
মই খাম
তোৰ ফুলেৰে মোৰ জেউতি চৰিব
তোৰ সেউজীয়াত মোৰ চকু জুৰ পৰিব
তোৰ অম্লজানেৰে মই জী থাকিম
তোৰ গৰ্ভত জীৱন পাই
তই দিয়া উশাহ লৈ
তোৰ স্তন পান কৰি
তোৰ সন্তানবোৰে নিজৰ নিজৰ জীৱন জীব
তই এজোপা গছ হ
মই তোৰ বুকুত উমনি লৈ লেতুসেতু হৈ শুই থাকিম
তোৰ শীতল ছাঁত জুৰণি লৈ হ'ব মোৰ জীৱন প্ৰতিপালন
তই এজোপা বৃহৎ গছ হৈ ঠিয়ৈই থাক মোৰ ধাননিৰ মাজত
মোৰ মৰমৰ উপত্যকাৰ তৃণলতা উজলাই তই ঠিয়ৈই থাক যুগ যুগান্তৰ
তোৰ পুলি-পোখা হৈ জী থাকিব
মোৰ সাতামপুৰুষ
তই এজোপা গছ হ
তই এজোপা ফলে ফুলে পৃথিৱীৰ সেউজীয়া গছ হ
আৰু আমাক জীয়াই ৰাখ ...
———————————
দোভাগ ৰাতিৰ তুমৰলি কবিতা
উৎপল ভট্টাচাৰ্য
তোমাৰ কাণিদুৱৰী দৃষ্টিত
কেতিয়াবা ৰ'দ
কেতিয়াবা বৰষুণ...
তথাপি এণ্টাৰ্কটিকাৰ
বেলিটোৰ দৰেতো নাছিল,
যে আছে বুলি জানিও
খেপিয়াই ফুৰোতেই লহিয়াব জীৱন-বেলি !
লাহ দিয়া বেলিৰ ছাঁত
পাহমেলা কবিতা এটাই সুহুৰীয়াই নমতা হেতেন
নিতিতিল হেতেন শিতানৰ গাৰু।
আৰণ্যক প্ৰীতিৰ সুবাসত
আজিও দোভাগৰাতি তুমৰলি হয়
মোৰ কবিতা...
———————————
বুগেনভিলিয়াৰ আঁৰত
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ফাগুনৰ বলীয়া বা তগবগ
বুগেনভিলিয়াৰ তলত
মোক দিয়া ফাগুনৰ পৰশণ
সৰক পাত আমাৰ মুৰত
পত্ৰাশীৰ্বাদ হৈ
পয়োধৰা উঠক কঁপি
লাগক তনুত কইনা বেমেজালি
এটা গোলাপী পাতে
সানক গালত তোমাৰ ৰাধাৰেণু
উতনুৱা ফাগুনে ছন্দোময় হাঁহিৰে
নাচক বৰধেমালি
ৰচক হৰমোহন মালিতা বাৰম্বাৰ...
——————————
অভিসাৰ
ৰেখা বৰকটকী
মানুহৰ বুকুৰ গহ্বৰত এজাক ডৰিকণা ওমলে
গধুৰ উশাহে কোবোৱা
হাওফাওবোৰত মাছজাকৰ উখল-মাখল সদায়ে চলে
বহুদিনীয়া পূৰণি জিৰণীয়া মাছবোৰ
দিনে দিনে ঘৰুৱা হৈ পৰে...
সুবিধা পায়ো বাহিৰ নোলোৱা
জলচৰ জীৱবোৰ বৰ উদ্যমী
কুৰুকি কুৰুকি খোৱা কলিজাৰ আগ মঙহত
কেচেলুৱা বিষ...
সকলোৱে কথাটো জানিও উদাস হৈ ফুৰে
সিহঁতক মুকলিকৈ ওমলিব দিয়ে
কিন্তু মানুহবোৰে বুজিবৰ হ'ল
পানীৰ পৰিবৰ্তে তেজত সাঁতুৰি
সিহঁত যে চতুৰ হৈছে৷
ৰঙা ৰঙবোৰে চকুত
জাল তৰে সিহঁতৰ।
ৰঙা ৰংবোৰ বৰ স্বাৰ্থপৰো
মানুহৰ দুমুখীয়া চৰিত্ৰবোৰ দেখিও বিৰক্ত নোহোৱা স্বভাৱে মাৰি কিলোৱা মাছ!
ডৰিকণা জাক সেয়ে অভ্যস্ত
কিয়নো
লুণীয়া তেজৰ সোৱাদে
গা টঙাই ফুৰা মাছ ইহঁত,
তেজৰঙা লয়লাসে
লালিত পালিত হিয়াত বাজে
মানুহৰ বুকুৰ সংবাদ...
———————————
এডাল গছৰ আত্মকথা
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ
মই প্ৰতিপালিত এডাল গছ
নাছিলোঁ গহৰা ,
মোৰ জন্ম পুলিবাৰীৰ গুটি সংযুক্তিত;
গুটিবোৰ আইৰ পেটত খাজ খাই থকা
একোটা অপূৰ্ণ অভীপ্সা,
সামাজিক অনুষ্ঠান আছিল ৰোপনৰ সুস্থিৰ ন্যায্যতা;
মই বিশাল চৌহদৰ প্ৰহৰীৰ দৰে
থিয় হৈ থাকো খৰালিৰ নিৰ্জল বিষন্নতাত,
বাৰিষাৰ উন্মত্ত বানৰ নিচাগ্ৰস্ততাত ।
মোৰ কোলাত ওমলে আহি জাক জাক শিশুৰ সমদল
দান ক'ৰো সমস্ত প্ৰচ্ছায়া;
অৱস্থিতি নিৰ্ধাৰিত মোৰ শৈশৱতেই
এতিয়া মই আত্মৰক্ষাৰ ব্যুহ সাজি,
নিজৰ স্থিতিত নিজেই অটল ;
মোৰ উচ্ছেদিত অৱস্থিতি কাৰোবাৰ
বিবেকহীন চিন্তাৰ অৱলুপ্তিৰ অনৈতিক পাঠ ।
কুঠাৰৰ প্ৰতিটো প্ৰহাৰ
মোৰ স্থিতিৰ অৱলুপ্তিৰ একোখন নিচান ;
গহৰা জীৱন মোৰ নাছিল কোনোকালে,
তেনে কিয় উচ্ছেদৰ নৈৰাজ্যিক ঘৃণাত,
মোৰ অৱলুপ্তিৰ শেষ প্ৰহসন!
মই প্ৰতিপালিত এডাল গছ,
কোনোকালে নাছিলোঁ গহৰা ।
(সঠিক ঠাই নিৰ্বাচন কৰি গছপুলি ৰোপন কৰক,উঠি অহা গছবোৰ নাকাটি আমাৰ উশাহবোৰ সহজ কৰক । এডাল প্ৰকাণ্ড গছৰ গুৰিত কুঠাৰৰ ঘাপ দেখি মনোবেদনাৰ বহিৰ্প্ৰকাশ ।)
———————————
জাৰজ
প্ৰণতি দেৱী শৰ্মা
এটা কবিতাৰ জন্ম হৈছিল ৷
মেহগনি গছৰ ফাঁকে ফাঁকে সৰকি অহা
ৰ’দ কাঁচিয়লিৰ কোমল তাপত
নতুবা কাতিৰ কুঁৱলি সনা
কোনোবা এটা শীতল সন্ধ্যাত !
গেঁৰধৰা পথাৰৰ কোমল আচ্ছাদনত
বুকুৰ গৰ্ভত থিতাপি লৈছিল সেই কবিতাৰ বীজ৷
যন্ত্ৰণাকাতৰ হৃদয়ত,
উন্মাদ মৈথুনৰ উত্তাপত
ক্ৰমাৎ যেন কবিতাই ৰং সলাইছিল,
নাম হৈছিল তাৰ 'জাৰজ' কবিতা৷
কোনে জানে
প্ৰেমৰ আঘাত যে অস্ত্ৰৰ আঘাততকৈও চোকা!
কবিতাৰ ছন্দত যে লাগি থাকে থোপাথোপে হৃদয়ৰ বতৰা৷
দেখে মাথোঁ
জাৰজ কবিতাৰ শৰীৰৰ ভাঁজে ভাঁজে তেজৰ চেঁকুৰা৷
সকলোৰে অলক্ষিতে ৰৈ যায় হেঁপাহবোৰ
বিনিদ্ৰ ৰজনীত কেৱল
বুকুত হাহাকাৰ কৰা শব্দৰ কোলাহল৷
অজস্ৰ উন্মাদনাৰ কোৱাল সোঁতত
জাৰজ কবিতা গৰ্ভৱতী হয়৷
চকুৰ পলক নপৰাকৈ দেখে অযুত সপোন—
কিজানিবা বৈ আহে এদিন
চকু ছাট মাৰি যোৱাকৈ
শুভ্ৰবসনা হেজাৰ কবিতাৰ জল তৰংগিণী৷
——————––––––—
দুখৰ ভগ্নাংশ
নিতুল নাথ
পাহৰি পেলালে কি আছিল
হৃদয়ৰ ভূগোলত প্ৰেমৰ শপতবোৰৰ সেউজীয়া ছবি
পাহৰি পেলালে কি আছিল
সুদীর্ঘ সময়ৰ যাত্রা পথৰ আঁকি লোৱা খোজৰ ছবি,
সুখ-দুখৰ ৰখীয়া হৈ আজীৱন
তোমাৰ নৈৰে নোৱাম মোৰো জীৱন নদীৰ চকুলো ।
বাৰে বাৰে ভাঙি-ছিঙি পাৰ হৈ যায়
সময়ৰ সুনিপুণ তোমাৰ হাতেৰেই গঢ়া কতনা
মৰম-ভালপোৱা হৃদয়ৰ মায়াময় আশাৰ ৰেঙণি
কত সাধনাৰ বান্ধোনেৰে বন্ধা বিশ্বাসৰ আমোঘ শিকলি ।
তোমাৰ অভিমান ,অহংকাৰ, যুক্তি আৰু তৰ্কৰ
একেধর্মী চুম্বকৰ মেৰুৰ মাজত বিকৰ্ষণৰ প্রবল সোঁতত মই অস্থিৰ অবাক হৈ
হঠাতে কর্ফাল খাই পৰোঁ কোনো এক কঠিন শিলৰ প্ৰস্তৰ ভূমিত ।
ধন,সোণ, অট্টালিকা কিম্বা বিলাসী বাহনৰ
লোভ-মোহত বন্দী তোমাৰ আবেগিক মন কিম্বা বিবেক ।
অপৰিসীম সুখৰ হাঁহিবোৰ সাঁচি সাঁচিও শেষ ন'হব কাহানিও তোমাৰ
অতবোৰ সুখৰ সোণসেৰীয়া সম্পদ ।
সুখ-শান্তিৰ সোণালী কাৰেঙৰ তোমাৰ মস্তিষ্কৰ হিতানত
পুৰণি শোক এটা গভীৰ টোপনিত,
হয়তো এদিন সি জাগ্রত হৈ উঠিব
তোমাৰ প্রতি শিৰা-উপশিৰাৰ ধমনীৰ ৰক্ত সঞ্চালন প্রবাহত
সৰ্বশৰীৰত বিৰাজ কৰিব অনন্ত কাললৈ |
তুমি পৰ দি জ্বলি জ্বলি থাকিবা অনুতাপৰ দহনত
সেই সুখৰ পলসুৱা হৃদয়ৰ উপত্যকাত অব্যক্তৰ যন্ত্রণা হৈ,
আওৰাই থাকিবা ওঁঠত তোমাৰ জীৱনৰ দীঘল পাটীগণিত
দুঃখৰ ক্ষুদ্র ক্ষুদ্র ভগ্নাংশবোৰ এটা এটাকৈ জুৰা লগাই
সামৰি সাবটি ৰাখিবা কলিজাৰ মাজত,
আঁক-বাক কৰিবা তোমাৰ হাতৰ তলুৱাত
ব্যাখ্যাহীন তোমাৰ জীৱনৰ জ্যামিতিক ৰেখাবোৰ ।
——————————
কামুক
বিনয় কুমাৰ নাথ
কামুক,
তুমি ইমান নিষ্ঠুৰ কিয়?
তোমাৰ বজ্ৰকঠিন হাতৰ পৰশে
মোৰ লৱণুকোমল নাবালিকা দেহকযে
নিমিষতে কৰি দিয়ে নিঃশেষ
তাক তুমি পাহৰি গৈছা কিয়?
কামুক,
তোমাৰ দুখনি হাতত তেজৰ চেঁকুৰা
হৃদয়ত তোমাৰ পশুৱৎ প্ৰবৃত্তি
উন্মাদ তুমি যৌন উত্তেজনাত,
যাৰ ফলত
দেখিছা তুমি
মোৰ দৰে নাবালিকাকো
লয়লাসী ষোড়শী কামুকী প্ৰেয়সী ৰূপে।
কামুক,
নাইনে তোমাৰ
মোৰদৰে এগৰাকী ভগ্নী কিম্বা জীয়ৰী?
তোমাৰ কঠুৱা হৃদয়ত নাইনে অকনো
ভাতৃহৃদয় কিম্বা পিতৃহৃদয়ৰ
কিঞ্চিৎমানো মমতা?
কামুক,
তুমি পাহৰি গৈছা নেকি?
তোমাৰ বাবেই যে ৰচি থোৱা আছে
এখন কঠোৰ সংবিধান
ৰাখি থোৱা হৈছে এদল পুলিচ
লগতে আছে এখন
দুৰ্ভেদ্য চাৰিবেৰৰ কাৰাগাৰ?
———————————
উদ্ভিদ
যামিনী দেৱী
উদ্ভিদে ৰাখিছে আমাৰ প্ৰাণ
দি অম্লজান
সেই উদ্ভিদক কৰো পূজা
কৰি প্ৰভুজ্ঞান
প্ৰতিটো জন্মদিনত ৰুম
এজোপা গছ
আজিয়েই কৰিছো পণ
বুঢ়া গছজোপাত ধৰিলে উঁই
কাটিম সেইজোপা
তাৰ ঠাইত নতুন ৰুই
উদ্ভিদৰ শিপাৰ পৰা পাতলৈ
সকলোবোৰে
মানৱ জাতিৰ হিত সাধন কৰে
উদ্ভিদে নাখায় কেতিয়াও
নিজ ফল
ফল খায় মানুহে
শৰীৰত বান্ধে বল
বিজ্ঞলোকে যিমানেই সোঁৱৰাই
উদ্ভিদৰ উপকাৰিতাবোৰ
সিমানেই আমি আঁকোৰগোজ
সেইবোৰ পালন নকৰিবলৈ
উদ্ভিদ নাথাকিলে
জীৱ কেনেকৈ থাকিব
হায়-হায় কৰিলেও
একো লাভ নহ'ব
সকলো জানি-বুজি
বিশ্ব-পৰিৱেশ দিৱসৰ
দিনাই সংকল্পবদ্ধ হও
এই দুখন হাতেৰেই
কলপতীয়া ৰঙেৰে
বিশ্বক সজাওঁ।
—————————
পৃথিৱীৰ অসুখ
নাছিৰ আহমেদ শিমলাবাৰী
যোৱা কেইবাদিনৰ পৰাই
পৃথিৱীৰ খুউৱ অসুখ
সৰ্ব্ব শৰীৰত প্ৰচণ্ড উত্তাপ
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ যৌৱন-প্ৰাপ্ত পৃথিৱীৰ দেহ ভাঙি-চিঙি তচনচ হৈ গৈছে ;
এতিয়া অৱশিষ্ট আছে মাথোঁ অস্থিসাৰ অৱয়ব !
যোৱা বছৰেও পৃথিৱী ঋতুমতী আছিল
দেহৰ সিৰা-উপ-সিৰাৱেদি প্ৰৱাহিত হৈছিল
স্ৰোতস্বিনী,চিৰ প্ৰৱাহিনী গঙ্গা-যমুনা আৰু লুইত,
বিশাল বুকুত গজি উঠিছিল সেউজ পৰ্বতমালা,
চৰাই-চিৰিকটিৰ সাঙ্গীতিক মূৰ্চ্ছনাত পৃথিৱী ৰজনজনাই গৈছিল ;
ডেকা-গাভৰুৰ প্ৰাণত যৌৱন উথলি উথলি উঠিছিল !
এতিয়া , সকলো সপোন সপোন লাগে।
পৃথিৱীয়ে হেৰুৱাইছে ৰূপ-ৰং-ৰস আৰু সৌন্দৰ্য্য
একেবাৰে হৈ পৰিছে নিঃস্ব,সৰ্ব্বস্বান্ত !
হয়তো যি কোনো মুহূৰ্ততে পৃথিৱী
কবৰৰ এন্ধাৰ গহ্বৰত বা
শ্মশানৰ চিতাত উঠি চিৰদিনৰ বাবে হেৰাই যাব !
পৃথিৱীৰ যে খুৱেই অসুখ !
যোৱা বছৰো পৃথিৱী ঋতুমতী আছিল!
———————————
ভাগৰুৱা ভাবনা এটিয়ে পৰাজিত সপোন এটিক চাবলৈ যত্ন কৰিছিল
ড° আদিল আলী
সঁচাকৈয়ে ভাগৰুৱা ভাবনা এটিয়ে
মোৰ পৰাজিত সপোন এটিক
নিশাৰ নিঃসঙ্গতাৰ কোঠাৰ পৰা থপিয়াই ধৰি আনি দুখেৰে স্মৃতিৰ ৰীলত দি চাবলৈ যত্ন কৰিছিল
ক'তনো আঁত হেৰাইছিল
সংগ্ৰামী আৰু একনিষ্ঠ কৰ্মৰ সপোন গঢ়াৰ অনুশীলন
যন্ত্রৰূপী মগজুত
কথাবোৰ দি
ঘঁহি-পিহি চাইছিল
আৰু
চকু ভাঙি
তন্ন-তন্নকৈ
নিৰীক্ষণ কৰিছিল
নাই
ভুল দেখোন
ক'তো নাই
সময়েহে দিব পৰা নাছিল
জোনাকী মধু মমতাৰ
লখিমী আৰ্শীবাদ
আৰু
দিব পৰা নাছিল
এমুঠি সোণালী ভৱিষ্যতৰ অধ্যয়নৰ ফচল
সেয়ে বিজ্ঞজনে কয়, "সময় বৰ প্ৰতাপী"
বিগত দুঃসময়ত
বন্দী ন্যায়ৰ হাত
কেৱল স্বজন প্ৰীতিৰ
সোণালী বাট
ক'লা দিনৰ
প্ৰতাৰণাৰ আঘাত
দিনে-দিনে
বাঢ়ি গৈছিল
সমাজে-সমাজে
ঘৰে-ঘৰে
আখলে-আখলে
যেন দেহৰ পাকস্থলীৰ টিউমাৰ বেমাৰ
স্তব্ধ হৈছিল
সপোন সোণালী হেঁপাহ
ধূসৰ চকুৰ বাটলৈ
নামি আহিছিল
নীলা মেঘৰ অভিশাপ
গতিৰুদ্ধ হৈ পৰিছিল
দুঃভাবনাত বিভোৰ
ন-তৰুণৰ
ন-আশাৰ
তেজাল জীৱন দেহ
আস্, দুখে মনৰ ভাবনাত চিকুট্ মাৰি আৰ্তনাদ কৰিছিল
আৰু সোধিছিল, "ক'ত হেৰাল
সোণালী সপোন গঢ়াৰ সময় জাল"
ৰঙীন বাসনা এটি
দুঃসময়ৰ স'তে
হলিগলি কৰি
কফিনত মৃত হৈ
পৰি ৰ'ল
অৱশিষ্ট দিনবোৰ
শূন্য বাটৰ
নিঃসঙ্গ পথিক্ ৰ দৰে
থৰকবৰক খোজেৰে
আগুৱাই গ'ল ।
—————————
প্ৰত্যূহ
জিণ্টু চাংমাই
মৌনতাৰ বৃত্ত অঁকা মুখত
কোৱা নোকোৱাৰ কাৰাবাস হৃদয়ৰ আন্দোলন,
যুগৰ পুৰাবৃত্ত কঢ়িয়াই জীৱন অনুপম।
কেন্দ্ৰত
নহও সাম্প্ৰতিক ত্ৰিকটু ত্ৰিকোণ,
দুই ওঁঠৰ স্পৰ্শ কাঢ়ি নিয়া ফাগুন।
প্ৰিয় হৈ থাকক নৃ....
একেদৰেই আপোন হৈ প্ৰিয়জন,
যুগৰ হৃদয় সামৰি ৰখা হৃদয়ৰ প্ৰিয়তম।
________________________
আত্মজা
অঞ্জনা ৰূপা দাস
ভাৱনাৰ কোঠৰি
অজ্ঞান আন্ধাৰত নিমগ্ন
অজ্ঞাত আকাঙ্ক্ষাবোৰে
বাহ সাজেহি মন গহনত
আশাবোৰৰ বাট হেৰাই
ভিৰৰ মাজত
কল্পনাবোৰ খহি পৰে
ছেদেলি-ভেদেলি হৈ
নিৰাশাৰ আকোঁৰগোজালিত
মঞ্জৰিত সপোনে
হতাশাত দিক বিদিক হেৰুৱাই।
জীৱন কৰে যন্ত্ৰণাত অগ্নিস্নান
দুখৰ ওজন কমাবলৈকে
এবুকু বিষাদক
ভস্মিত কৰিব বিচাৰোঁ
মনদহন কৃশানুপুঞ্জত!
নৱ চেতনাৰ অশ্বমেধত
অভ্যূদয় ৰূপালী জিজ্ঞাসা।
———————————
কৃষকৰ সোণালী ফচল
লীনা দেৱনাথ
নদীমাতৃক দেশ আমাৰ
সেউজীয়া অপৰূপ পৰিৱেশ
সোণালী ধান, হালধীয়া সৰিয়হ ফুল
বৈচিত্ৰ্যৰ সুন্দৰ সমাৱেশ ।
সোণবৰণীয়া সোণগুটি
কৃষকৰ মনৰ দাপোণ
মনত সন্তুষ্টিৰ মৃদু হাঁহি
বুটলি সোণালী সপোন ।
গাঁৱৰ ৰাস্তা একা বেঁকা
গছ বিৰিখ নদীৰ কাষতে
সন্ধিয়াৰ ৰাঙলী কিৰণ,
সৃষ্টিৰ বৈচিত্ৰ্য
বতাহত উৰিছে ঘ্ৰাণ
আনন্দত গাইছে গান
শ্ৰমজীৱি কৃষক কেতিয়াও নহয় অধৈৰ্য ।
চৰাই উৰিছে নীল আকাশত
সোণালী ফচল কৃষকৰ পথাৰত
ঘৰৰ লখিমীয়ে মিচিকিয়ায়
গৰু গাড়ী নালাগে
মাটিৰ ঘৰত স্বৰ্গ নামি আহে
ধান কান্ধত উঠিয়েই যায় ।
আঘোণেই দিয়ে নতুনত্ব
সজীৱতা ,এবুকু আশা
দিয়ে স্বৰ্গীয় সুখানুভুতি
প্ৰাকৃতিক পৰিৱেশত
শান্তিৰ অন্বেষণত
নতুনক আদৰাৰ প্ৰস্তুতি ।
তিলতিলকৈ জমাই ৰখা
পৰিশ্ৰমৰ প্ৰতিদান
নবান্নৰ যত্ন ,সঞ্চিত ভালপোৱা
এইয়াই দৃঢ় বিশ্বাস,দৃঢ় বন্ধন
দূৰ হ'ব ক্লান্তি অৱসাদ
ইতিহাস গঢ়াৰ সম্ভাৱনা ।
——————————
গছ
ৰাজেন দাস
মোৰ মূৰ কাটক
(দীঘলীপুৰীৰ বিৰিখৰ গগনফলা চিঞৰ কোনে শুনে)
গছ নাকাটক
ইমাননো কি জগৰ গছৰ
কাটো কাটো লাগে তহঁতৰ
সেউজীয়া পৃথিৱী আমাৰ কাব্য
মৰি পৰি লিখিম ভাষ্য
দিনটো বেলছাৰে মছলা মিলাই ঘূৰি আহি দেহ-মন দুৰ্বল
লেকাম নাইকীয়া গৰুৰ দৰে
তহঁতে মিলা-মিছাৰ কৰ নিলাম
বুদ্ধি আছে কৌশল নাই
হৃদয় আছে জপনা নাই
গছে কি বুদ্ধি কৰি ওখ হৈ গৈ থাকে
তহঁতে বুদ্ধি কৰি জীৱন আয়ুস কমাই থাকে
কেলেণ্ডাৰখনত ঘূৰণীয়াকৈ বৃত্তৰ সংখ্যা কিন্তু বাঢ়ি গৈ থাকে...
——————————
বেদনা বিৰহৰ
মীনাক্ষী মহন্ত
জীৱনৰ বিয়লি বেলাত তুমি
ফুলিছিলা ৰঙা গোলাপৰ সুবাস হৈ
সেইদিনা তুমি কিয় উপহাস কৰোঁতেই
পাহিবোৰ সৰি ৰ'ল দূৱৰি বনত
এতিয়া মই মুক্ত কেবল তোমাৰ বাবে
তথাপি অপেক্ষা মাথো
তোমাৰেই
তুমি বাৰু আহিবানে
মোৰ বাগিছা শুৱাই
তেজ ৰঙা
গোলাপ, তগৰ, জুটি মালতী হৈ
ফুলি ৰ’বানে মোৰ হিয়াৰ কোণত।
আহিবা কিন্তু...!
———————————
পোৰা ঢেকীয়া
ডাঃ বন্দনা তামূলী
প্ৰায় কেইবছৰমান পিছত
একলগ হ’ম বুলি ভাবিছিল
চাকৰি এৰি কাষত থকাৰ সপোন
ৰক্তত যেন নাচোন
চকুত বহুত সপোন
যেন নতুনকৈ শপত খালে
ল’ৰা ছোৱালীৰ সৈতে
এতিয়াহে সম্পূৰ্ণ হ’ল সংসাৰখন
সংসাৰখনৰ পূৰ্ণতা দেখি
একেলগে থকাৰ নতুন পোহৰ দেখি
চকু দুটাক ধন্যবাদ জনালে
নতুন পোহৰৰ আকুলতাত বিহ্বল হ’ল
যেন মন আকাশত শুভ্ৰ কপাহৰ অহা যোৱা
প্ৰতিজনৰে কেৱল নতুন কল্পনা
প্ৰিয়জনক এৰি যোৱাৰ বেদনা
সন্তানক বিদেশত পঢ়োৱাৰ
শান্ত্বনা
সকলো কল্পনাই কেৱল ব্যাৰ্থতাৰ
যিমান সহজ ভাবিছিল
সিমানেই জটিলতাৰ সৃষ্টি হৈছিল
সকলো যেন ভূতৰ কাহিনীৰ দৰে
ক’লা ধোঁৱাৰে আবৃত হৈ পৰিছিল
এডাল এডাল পোৰা ঢেকীয়া হৈ
কিছু সময়ৰ পিছতেই ওলাই আহিছিল।
——————————
পুৰুষ
ড৹ ববিতা বৰ্মন
চঞ্চল পুৰুষবোৰ মোৰ ভালেই নালাগে
গহীন আৰু ইগ’ থকাবোৰ বেয়া নালাগে
তেওঁলোকে কথাবোৰ গোপনে ৰাখিব জানে
পুৰুষত্বৰ অভিমানেৰে মৰমৰ বান্ধোন ৰাখে
তেওঁ মোৰ সৈতে কথা নাপাতিলেও একো নাই
কাৰণ তেওঁ আনৰ সৈতেও বোবা, উদাসীন।
নুবুজক, নাচাওক, নাভাবক, হওক খাৰাংখাচ
চাবলৈ গ'লে তেওঁ মোৰ নিচিনা স্বভাৱৰেই হয়
নিজৰ মতত অটল,
কথা দি ৰাখিব পৰা মানুহ
প্ৰতিগৰাকী নাৰীৰে হৃদয়ৰ কাল্পনিক পুৰুষ ।
———————————
আহত হিয়া
ৰুম্পী দেৱী
জোনাক বিচাৰি উদ্বাউল হোৱা
অ'মোৰ বাউলী মন,
জোনাক তকৈও দেখুন তমসা নিশাবোৰেই ভাল!
চকুৰ পানী বোৰ লুকুৱাবলৈ,
দুখবোৰ নিৰবে সামৰি থবলৈ।
এন্ধাৰে বুজি পাই দুখৰ ভাষা,
সামৰিব পাৰে ব্যৰ্থতা
ভগা হৃদয়ক যোৰা দিবলৈ,
আউল লগা মনক বান্ধিবলৈ,
আঁত হেৰুৱাই দিশহাৰা হোৱা
উশাহ-নিশাহবোৰক,
গোপনে নিচুকাবলৈ।
—————————
প্ৰতিবাদ যদি নকৰোঁ আমি কিহৰ মানুহ
প্ৰসন্ন কুমাৰ তালুকদাৰ
প্ৰতিবাদ, প্ৰতিবাদ, প্ৰতিবাদ
চৌদিশে মাথোঁ লাগে প্ৰতিবাদ
প্ৰতিবাদ যদি নকৰোঁ
আমি কিহৰ মানুহ!
পুৱাৰ পৰা নিশালৈ
পাকঘৰৰ পৰা পদুলিলৈ
শোৱনি কোঠাৰ পৰা ৰাজপথলৈ
চ'ৰা ঘৰৰ পৰা ৰাজধানীলৈ
গাওঁৱে-ভূঁঞে, চহৰে-নগৰে
সকলো চৰকাৰী-বেচৰকাৰী সংস্থাৰ অফিচ কাছাৰীলৈ
লাগে মাথোঁ প্ৰতিবাদ
প্ৰতিবাদ যদি নকৰোঁ নিসিজে একো কাম-কাজ।
প্ৰতিবাদ ক'ত নাই
প্ৰতিবাদ কোনে কৰা নাই
প্ৰতিবাদৰ কাৰণৰ অভাৱ নাই
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা, হত্যা, ধৰ্ষণ, অপহৰণ, ৰাজনৈতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ধৰ্ম-অধৰ্ম, জাতি-মাটি-ভেটি আৰু যে কত কিমান কি প্ৰতিবাদ।
প্ৰতিবাদৰ শেষ নাই
সমস্যাৰো অন্ত নাই
বছৰে বছৰে চৰকাৰ আহে যায়
প্ৰতিশ্ৰুতি, চুক্তিপত্ৰতে প্ৰতিবাদবোৰ ফাইলত থাকে বান্ধ খাই অনিদিষ্ট কাললৈ
বান্ধ খালে সহজে কিন্তু প্ৰতিবাদৰ ফাইল খোল নাখায়
উঁইয়ে, নিগনিয়ে কেতিয়াবা প্ৰতিবাদৰ ফাইলবোৰ কুটকুটাই লুটিয়াই চাই
পিছে কীটে কিনো বুজি পায় প্ৰতিবাদৰ ভাষা
মানুহেই বুজি নাপায়।
প্ৰতিবাদৰ বিৰুদ্ধেও থাকে প্ৰতিবাদ
প্ৰতিবাদ কৰি কৰি কাঢ়ে বহুতে হুমুনিয়াহ
প্ৰতিবাদত কাৰোবাৰ হাত-ভৰি ভাঙে, মূৰ ফাটে, ভৰিৰ চাল ছিগে, পিঠি ফাটে
কাৰোবাৰ প্ৰাণ যায়, কোনোবাই জেইল যায়
প্ৰতিবাদৰ বিৰুদ্ধে কৰে প্ৰতিবাদ।
প্ৰতিবাদে আকৌ কাৰোবালৈ মুনাফা কঢ়িয়াই আনে
ভৰি চেলেকাৰ পেট বাঢ়ে
জীৱন হয় জক্মকীয়া
তাকে ক'লে আকৌ
পৰে আইনী ৰোষত
সেই বুলি জানো নকৰাকৈ থাকিব কোনোবাই প্ৰতিবাদ
প্ৰতিবাদ যদি নকৰোঁ তেনেহ'লে আমিনো কিহৰ মানুহ
এইখন অসম ভাই
বিনা প্ৰতিবাদে নচলে এই জীৱন।
——————————
সুখৰ জোলোঙা
ৰূপা গগৈ
হাতত এটি জোলোঙা লৈ
সুখ বিচাৰি ওলালোঁ
সীমাহীন যাত্ৰা।
দুহাতে মেলি দিছোঁ জোলোঙা
দিয়া মোক কোনে পাৰা
সুখ জোলোঙা ভৰাই ।
কোনেৱে চাইছে, কোনোৱে হাঁহিছে
কোনোৱে কৰিছে ঠাট্টা আৰু
কোনো লোকৰ সময়েই নাই
মোলৈ ঘূৰি চোৱাৰ ।
ক'ত যে দেশ ভ্ৰমিলোঁ মই
কিমান যে কি দেখিলোঁ
ভেশ নাই , নাই কোনো লেশ ।
ভাগৰুৱা দেহাৰে আহিলোঁ ঘূৰি
নিজ দেশৰ ক্ষুদ্ৰ জুপুৰীলৈ
বুকুত এটি হুমুনিয়াহ বান্ধি
আন্ধাৰে-মোন্ধাৰে খোজে প্ৰতি
টেলাঙনি খাওঁ ।
সুখ,সুখ বুলি চিঞৰি চিঞৰি
বিশ্ব ঘূৰিলোঁ সুখ বিচাৰি
ক'তোচোন নাপালোঁ সুখ
খালী জোলোঙা খালী হৈ ঘূৰিল
নাপালো ক'তো একো সুখৰ নমুনা বিচাৰি
সুখে যেন
আছে সকলোতে ছদ্মবেশ ধৰি ।
ভাগৰুৱা দেহাৰে অলপ জিৰাব খুজিলো
এজুপি বৃক্ষৰ ছাঁয়াত
বতাহৰ সুৰত ক'ৰবাৰ পৰা
ভাহি আহিল প্ৰতিধব্বনি
সুখ ,সুখ বুলি চিঞৰি ফুৰিলে
নাপায় ক'তো কোনেও সুখ
সুখৰ কোনো ঠিকনা নাই
কিন্তু সুখ সকলোতে বিৰাজমান
যদিহে তুমি তাক কৰা সন্মান।
সুখ যদি বিচাৰিছা তেন্তে কৰা
তিনি কাম ---সৎ চিন্তা, সৎ কৰ্ম,
সৎ ব্যৱহাৰৰ বৃক্ষ অন্তৰত কৰা ৰোপণ
মিছা গৰ্ব, মিছা অহংকাৰ
কৰা পৰিহাৰ তেতিয়াহে
ভৰিব তোমাৰ সুখৰ জোলোঙা।
উচ্চ-নীচ,জাতি ভেদ ভাব
নাৰাখিবা মনত
সম দৃষ্টি ৰাখিবা
সকলোলোতে দেখিবা সুখ
সুখ আহি দিবহি থিয় তোমাৰ সন্মুখত
সুখ, সুখ বুলি মিছাতে হাবাথুৰি
খাই বিপৰীতে পাই দুখৰ উপৰিও দুখ।
কিনো সুখ ছয়াময়া ক্ষন্তেকীয়া
দেখা দি ক্ষণিকতে অদৃশ্য হৈ
জোলোঙা শূন্য হৈ যায়।
——————————
স্বাধীনতা
সুপ্ৰীতি বৰুৱা
দিয়া মুক্ত মনে এধানি স্বাধীনতা
জন্মৰ আছে যিদৰে স্বাধীনতা
কৰ্মৰো আছে সুকীয়া স্বাধীনতা,
মৃত্যুৰো থাকে স্বাধীনতা
খেনোৱে কয় জন্ম মৃত্যুৰ স্বাধীনতাৰ কথা,
তুমি ঘূৰাই দিয়া মোৰ স্বাধীনতা
যি স্বাধীনতাত থাকিব সদায়
বিশ্বাস,সময়ৰ আহ্বান ।
সময়ে শিকাই যোৱা এধানি স্বাধীনতা।
——————————
শৈশৱৰ সোণালী সপোন
সুৰেশ চন্দ্ৰ ৰায়
শৈশৱৰ সোণালী সপোনবোৰ
নিতাল মাৰি শুই থাকে
হৃদয়ৰ এচুকত
মাজনিশা বাঁহীৰ কৰুণ সুৰত
সাৰ পাই উঠে সপোনবোৰ
সপোনবোৰ হৃদয়ৰ পৰা
ওলাব বিছাৰে
কিন্তু...
সুৰুঙা বিহীন হৃদয়ৰ পৰা
ওলাব নোৱাৰে সপোনবোৰ
হৃদয়ৰ ভিতৰতে কুণ্ডলী পকাই,
আকৌ নিতাল মাৰি শুই থাকে,
জীৱনজুৰি শুয়েই থাকিব।
————————————————
আশা
মিতালী দাস
বুকুত আছে আৱেগ ভৰি,
জীয়াই আছো আশা কৰি।
নুপুহো মই হেজাৰ সপোন
পুহিছোঁ মাথোঁ এটি সপোন
নাম দিলো তোমাক যে 'আশা'
নকৰিবা মোক কেতিয়াও নিৰাশা।
শিমলুৰ দৰে ৰঙা তুমি,
সোণাৰুৰ দৰে হালধীয়া তুমি,
মেঘৰ দৰে ক'লাপৰা
এফালে আশা
আনফালে নিৰাশা
মাজতে আছে মানৱ বেদনা।
পাৰ হয় বহু দিন আৰু ৰাতি
আশাৰ যে নাই পাৰাপাৰ
আশাৰ অবিহনে আমাৰ জীৱন অসাৰ
মৃত্যু এটি পৰম সত্য
আশাই দিলে নৱীন জন্ম।
—————————

0 Comments