পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ ষষ্ঠ সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  জুলাই মাহ মানে গৰম বন্ধ।
  কিন্তু এই জুলাই মাহটোক  নৱকান্ত বৰুৱাদেৱে কথা প্ৰসংগত 'কবিতাৰ মাহ' হিচাপে অভীহিত কৰিছিল। 
  কবি নৱকান্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ স’তে ড° অমৰজ্যোতি চৌধুৰী আৰু তেওঁৰ বন্ধু কমল শৰ্মা,জুলাই মাহৰ  কোনোবা এটা ৰাতি কবিতাৰ অনুষ্ঠান এটালৈ গৈ আছিল। হঠাতে নৱকান্ত বৰুৱাই কৈছিল–'জুলাই মাহটো মোৰ কবিতাৰ মাহ যেন লাগে। মাহটো আৰম্ভ হোৱাৰ আগদিনাই অমূল্য বৰুৱা ঢুকাইছিল। জুলাই মাহতে বিয়োগ হ’ল কবি শ্যেলী।আৰু পাবলো নেৰুডাৰতো এই মাহতেই জন্ম হৈছিল সেয়ে মাজে ময়ো ভাবোঁ–কোনোবা এটা জুলাই মাহতে সিপুৰি পাবগৈ লাগিব বুজিছা।'      
  তেনেতে স্বভাৱ-সুলভ ভাৱে হীৰুদাই ভাগিনিয়েক কমল শৰ্মাক কৈছিল –'হেৰা ভাগিন,পাৰিলে জুলাইতেই মোৰো টিকেটটো কৰি থ’বাহে।'

 আৰু কাকতলীয়ভাবে চাৰি জুলাইত হীৰুদা আমাৰ মাজৰ পৰা গুচি গৈছিল। নৱকান্ত বৰুৱাদেৱো চৈধ্য জুলাইত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল।
  আৰু সিদিনা জুলাইৰ ১ তাৰিখে কবি অনুভৱ তুলসীও আমাৰ মাজৰ পৰা আঁতৰি গ’ল।

বিনীত–
নৱ ৰাজন 
সম্পাদক 
পষেকীয়া কাব্যকানন
—————————
             অনুবাদ কবিতা             

সত্যি
শ্রীজাত

জিভের ডগায় নুন রেখেছি তোমার
নিথর হাতে সাজানো ঝুমঝুমি...
.
সমস্তটাই মিথ্যে হবে যদি,
সত্যি কেন শিখিয়েছিলে তুমি?

কাল বলেছ, দুর্দিনও পাল্টাবে।
কাল বলেছ, শাশ্বত হয় সাবেক।

কাল বলেছ শস্যই উপশম,
আজ যেদিকে তাকাই, মরুভূমি!

হিসেব রাখার আঙুল গেছে ক্ষয়ে
তবুও কথা বলি তোমার হয়ে
.
অপরাধের আয়নাতে কার টিপ?
চোখের জলের বাহানা দেয় কুমির।

সন্ধে নামে কেনা নদীর তীরে...
বৃষ্টি তবু নামে না মেঘ চিরে

একের পর এক ভাসিয়ে দিলাম জলে
খলিল, ডিলান, গালিব, কোহেন, রুমি...

রইল বাকি দু’খানা হাত। কালো।
গুমোট থেকে ঝড়ও এখন ভাল।
.
চার দশকের জীবন আমায় শেখায়-
বাতাস স্থায়ী। মানুষই মরসুমি।
.
সমস্তটাই মিথ্যে হবে যদি,
সত্যি কেন শিখিয়েছিলে তুমি? 

সঁচাকৈয়ে
মূল: শ্রীজাত
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

জিভাৰ আগত নিমখ দিছোঁ তোমাৰ
নিথৰ হাতেৰে সজোৱা ঝুমঝুমি...

সকলোৱেই মিছা হয় যদি,
সঁচাকৈয়ে
কিয় মোক শিকাইছিলা?

কালি তুমি কৈছিলা, 
বেয়া দিনবোৰো সলনি হ’ব।
কালি তুমি কৈছিলা, 
অতীত চিৰন্তন।

কালি কৈছিলা যে খেতিয়েই সকাহ,
আজি যিদিশেই চাওঁ তাতেই মৰুভূমি!

গণনাৰ আঙুলিবোৰ জীৰ্ণ হৈ গৈছে
তথাপিও তোমাৰ হৈ কথা কওঁ

অপৰাধৰ দাপোনত কাৰ বিন্দি?
ঘৰিয়ালৰ চকুত পানী।

সন্ধ্যা নামে হে নদীৰ পাৰত...
বৰষুণ এতিয়াও নপৰে, 
ডাৱৰে বিদাৰি

এজন এজনকৈ পানীত ভঁহাই দিলোঁ
খলিল, ডিলান, গালিব, কোহেন, ৰুমী...

থাকিল বাকী দুখন হাত৷ 
ক'লা।
অন্ধকাৰতকৈ ধুমুহাও এতিয়া ভাল।

চাৰি দশকৰ জীৱনে মোক শিকাইছে-
বতাহ স্থায়ী। মানুহবোৰ মৌচুমী।

এই সকলোবোৰ মিছা হয় যদি,
কিয় মোক শিকাইছিলা?
——————————
                        কবিতা                    

দেশ এখনৰ কথা ভাবিছোঁ
পুলেন ৰাজ ডেকা

পিশাচবোৰক প্ৰতিহত কৰিবলৈ এদল মানুহ থাকিব 
শঠ আৰু সহিষ্ণুতাৰ পাঠ 
লেকামহীন ৰজাৰ ৰাজপাট 

বুজাবলৈ 
উদঙাবলৈ
এদল মানুহ থাকিব ৷


এদল মানুহ থাকিব প্ৰেম আৰু ঘৃণাৰ মাজত  
জন্ম আৰু মৃত্যুৰ মাজত
পোহৰ আৰু এন্ধাৰৰ মাজত
যিয়ে সমস্বৰে গাব-প্ৰেম,জন্ম আৰু পোহৰৰ জয়গান 

দেশ এখনৰ কথা ভাবিছোঁ  ৷

এদল মানুহ থাকিব
কোনো এটা ভাষা নিজৰ নহ’ব কোনো এজনৰ ৷
ৰাখিব নোৱাৰিব জাতিগত পৰিচয়
কৰ্মৰ মাজত 
ধৰ্মৰ মাজত কোনেও তৰিব নোৱাৰিব বিভেদৰ চন্দ্ৰতাপ 

এদল মানুহ থাকিব সপোনক লালন কৰাৰ দৰে 
এটা উৎসৱকে আদৰিব সকলোৱে ,
পোহমনাই পোহনীয়া কৰিব ঋতুমতী ফুল শস্য পথাৰ 
একেটা সৰোবৰ একেটা ঘাট 
গৰু আৰু মানুহৰ সিটিয়ে বাট

দেশ এখনৰ কথা ভাবিছোঁ ৷

যিহেতু মোৰ এখন ঠেং কবৰত 
এখন ঠেং নৰকত ৷
——————————
আই. চি. ইউ
দিপলীপ বৰা

এটা শব্দৰ সৈতেই সহবাস 
কেতিয়া!

ৰাতি এটা 
বুকুৰ ভিতৰেদি হোঁ হোৱাই বৈ গৈছে

শিৰাই - উপশিৰাই শব্দৰ চিঞৰ
মৃত্যুৰ আমন্ত্রণনে উশাহৰ আয়োজন

টিক্ টিক্ কৈ গৈ আছে
যন্ত্ৰণা জৰ্জৰ সময়

বুকুৱে -পিঠিয়ে নতুনকৈ গজি উঠিছে
প্লাষ্টিক শিপা 
মাটি ক'ত শিপাবলৈ 
চিৎকাৰ সামৰিব পৰা নাই
উশাহে

সময় 
অপেক্ষাত নে অসহযোগত 
জীৱনৰ ভাঁজবোৰ ক'ত 
বাক্‌হীন শব্দ এটা বহি আছে
চকীখনত
আৰু এটা শুই আছে বিচনাত 

কেতিয়া এটা চকুৱে মুখে সানি 
সাজু হৈ হৈ 
শিপাবোৰলৈ চাই আছোঁ !
———————————
এটা ভ্ৰম
অনুভূতি গায়ন

বেলি
নে
জোন?

মোৰ চৌপাশে ঘূৰণীয়া সময়

গান,কবিতা,ছবিৰে
ভৰাই ৰাখো শূন্যতা

এথোপা শব্দপুঞ্জ

শব্দৰ যাদুকৰে আহুদি কৰে

বুটা বছা কাপোৰ সাজৰ দৰেই
বাছি বাছি তেওঁ শব্দবোৰ সিঁচে

গজে
ফুলে
সৰে

বতাহৰ অজুহাতত তেওঁ
শব্দবোৰ উৰিবলে এৰি দিয়ে

মই চাই থাকো

জোনৰ গালত ওলমি থকা আখৰ এটা
সৰি পৰাৰ শব্দত
মই সাৰপাওঁ

ভ্ৰম এটা ভাঙে?
—————————
বৰষা ফাগুনৰ প্ৰথম প্ৰেয়সী
অৰ্চনা ঠাকুৰীয়া 

ফাগুন
এজন উন্মাদ পুৰুষ
মন গ'লেই সৰাই দিয়ে
প্ৰকৃতিৰ গাভৰু দেহৰ সেউজীয়া বসন

তেওঁৰ চঞ্চল খোজ আৰু বহল বক্ষই 
মতলীয়া কৰে কোনো পাটগাভৰুৰ
উৰুঙা হৃদয়

বৰষা
ফাগুনৰ প্ৰথম আৰু প্ৰণৎ প্ৰেয়সী
ভিজা হাতেৰে
তাই ফাগুনক সাৱটি লয়
সেমেকা আঙুলিৰে চুলিৰ মেঘত বোৱাই দিয়ে
ভালপোৱাৰ প্লাবন 

পছোৱা
ফাগুনৰ  আন এগৰাকী প্ৰেয়সী
উন্মাদ ,বাউলী
প্ৰেমৰ নামত কামনা- বাসনাক একাকাৰ কৰি
উৰুৱাই লৈ যোৱা নিপুণ শিল্পী

এই ত্ৰিকোণ প্ৰেমকাহিনী আগবাঢ়ে
সকলো কথাই জ্ঞাত সকলোৰে
কাৰো ক'তো জ্বলন নাই

এসময়ত 
ফাগুন অতিষ্ঠ হয় দুগৰাকী কাম-পিপাসী নাৰীৰ 
বাহু বন্ধনত
তেওঁক সহায় কৰিবলৈ
মেঘে ডম্বৰু বজাই তাড়ানা গায়
তালে তালে ফাগুনে 
তাণ্ডব নাচি
শ্ৰাৱণ মালিতাৰে প্লাবন মাতে।
—————————
তাম বৰণীয়া পোহৰ
প্ৰদীপ চন্দ্ৰ শৰ্মা

চকুত তাম বৰণীয়া পোহৰ 

মুখৰ সৰু সৰু আঁকবোৰ 
পিঠিৰ একাবেকা দাগবোৰ 
কৰুণ উপন্যাসৰ পটভূমি 
ছবিবোৰ কাৰ বাৰু 
কাৰ বাৰু এই ছবি

ছবিবোৰ পুৰণিদিনৰে পৰা 
সৌ তাহানিৰে পৰা 
আজিও একেই 
সেউজীয়া আৰু তামবৰণীয়া 
গতিশীল সেই পৰম্পৰা 

তামবৰণীয়া ৰ'দৰ পোহৰত 
উপন্যাসৰ চৰিত্ৰ জীৱন্ত হয় 
সেউজীয়াৰ মাজৰপৰা উঠি অহা 
জীৱন্ত জুইকুৰা 
সেউজীয়াৰ তলতে নিৰ্বাপিত হয় 

সপোনটিয়ে পছোৱাহৈ উৰে 
কপৌফুলহৈ নাচে 
সেউজীয়াৰ মাজত কেতেকীহৈ হাঁহে 
আৰু ভঙামনবোৰ নতুনকৈ গঢ়ে ।
———————————.
শোকগাথা 
মনালিছা শইকীয়া

আই
তইয়ে কৈছিলি এদিন 
দুখৰ ৰাতি কাটি যায় 
চকুলোৰ বাট শুকায়

ফুলা সৰিয়হ এডৰাই হাতবাউল দিওঁতে নিশকতীয়া নদীখন পাৰ হ'ব নোৱাৰি কান্দিলোঁ 

পৰ্বতৰ নামনিত তিলফুলবোৰ ফুলোঁতে
ডেউকা কঁপাই উৰিব নোৱাৰি কান্দিলোঁ 

আই অ'
ফুলেই জীৱন 
নে কাঁইটেই জীৱন 
বুজিব পৰাকৈ আজিও বুজন নহ'লোঁ…
———————————
খোজ
ৰেখা বৰকটকী

আন্ধাৰৰ গইনা লৈ আগবাঢ়ে খোজ
খোজৰ ভৰত মেদিনী কঁপাৰ 
ভয় আগত ৰাখি 
স্থবিৰ হ'ব ধৰে খোজ...
খোজৰ সৈতে খোজ মিলোৱা বৰ কঠিন
খোজবোৰ চিনি নাপালেই ভাল
খোজবোৰৰ গতি-বিধিৰে  একো ধৰিব নোৱাৰি 
খৰখোজত গৈ থকা কিংবদন্তীৰ 'শহা' পহুটো  কেৱল আদৰ্শই নহয় প্ৰত্যাহবানো !
খোজতে লুকাই থাকে গতিশীলতাৰ কথা,
থাকে শালীনতা আৰু  বদান্যতাও
-তেন্তে খোজেই সৰ্বস্ব
খোজৰ বাবেই যত হয় মানে  বিভ্ৰান্তি
 বিবাদ ,মনোমালিন্য ,ভেদাভেদ
আনকি প্ৰতিযোগিতাৰ ভাগদৌৰতো এই খোজৰ একাকীত্ব...
খোজেই আনি দিয়ে বৈষম্যতা
খোজ এক বিড়ম্বনা
অবুজ সাঁথৰ
খোজ এটাৰ ভৰ সহি
মাটিকণে এঙামূৰি নাকাঢ়ে,
কিয়নো মাটিৰ জড়তাই
মাটিৰ হেঙাৰ,
নিশা হ'লে 
খোজৰ মিছিল আগবাঢ়ে
ক'ৰবাত একগোটহৈ পৰিকল্পনা ৰচে
প্ৰস্তাৱনাৰ তালিকা আদি ...
খোজৰ ঘূৰণীয়া মেজমেলত
'নীৰৱতা 'সাক্ষী হৈ থাকে
সেয়ে
মানুহবোৰ নিঃপালি দিলে
খোজবোৰ সৱল হৈ উঠে,
আন্ধাৰৰ গইনালৈ আগবাঢ়ে খোজ...
———————————
কমিউনিকেইশ্যনত ঈশ্বৰ
চয়নিকা ভূঞা 

সকলো আত্মাত প্ৰাণ নাথাকে
সকলো কমিউনিকেইশ্যনত সম্বন্ধ নগঢ়ে
তথাপিও
গঢ় লয় বহু সম্পৰ্ক 
প্ৰাণহীন সম্বন্ধ  

"ৰজাই হুকুম দিছে
এদিম ছেদিম বাই ..."

অসহজ কথাবোৰো কেতিয়াবা সম্ভৱ হৈ পৰে 
ঘৰ থাকিও বহু লোক অঘৰী

কথাবোৰ তেনেকুৱাই 
নিঠৰুৱা নিৰাকাৰ 

কথা এতিয়া ঔ-তলা বাটত
তাকে লৈ হতাহতি

কেতিয়াবা সন্তুষ্টিৰ হাঁহি
কেতিয়াবা চকুলো
সকলো সম্ভৱ

এটি আবেলি উৎসৰ্গিত ঃ
ঈশ্বৰৰ নামত ।
 ---------––––––—
ভোগ
ববী দত্ত

কজলা নাঙলটো যিদিনা বৰষুণে ধোৱা পথাৰত সৰু গাঁঠিৰ শক্তিৰে হেঁচি ধৰে
হেঁপাহৰ সেউজীয়াবোৰ সোঁ-বাওঁ দুই হাতৰ আঙুলিৰ ফাঁকেৰে গজি উঠাৰ কুচকাৱাজ চলে
এমুঠি শস্যক সখী সাজি 
সমাৰ মৈয়া পথাৰত সেউজীয়াই দলিছা পাৰে।

উঠন বুকুবোৰ নামি আহোঁতেই
আঙুলিৰ মূৰবোৰৰ বল বাঢ়িল
পথৰুৱা চুমাবোৰ  ৰ'দত ঘামিছিল,বৰষুণত তিতিছিল ডিঙি শুকুৱাই  টিলিকতে উৰিছিল 
আপোনপেটীয়া বতাহ।

কেছেমা-কেছেমা গোন্ধ এটা বতাহৰ হেঁচাত নাভিলৈকে উঠি আহিল 
দুই হাতত পথৰুৱা মাটিৰ পলসুৱা  গোন্ধ বিয়পিবলৈ কেতপৰ বাকী?

'বেলিয়ে আটেঁ মানে কাঁচিয়ে কাটে মানে' মানুহবোৰে হেনো পথাৰত ভোগ সিঁচিব।

সেউজীয়াৰ উদ্যানত কিহৰ আমোলমোল ৰাগি।

ফৰকাল ৰাতিবোৰ দপদপাই উঠিব 
ভেমপুৰীয়া দিনবোৰত আখৈ ফুটিব
বেলেগতীয়া সময়ত ফৰিং ফুটিব
অকাশবন্তি জ্বলাই আগজাননী দিয়া হব প্ৰত্যাশিত সময়ৰ।

চপা-পতীয়া পকা মুগাৰ দৰে সেউজীয়াবোৰ হালধীয়া হোৱাৰ সময়ত বাঁহৰ কামিবোৰে জুপিব নোৱাৰাকৈ লেপন দি গাম্ভীৰ্যতা প্ৰদান কৰা হব ।
গোবৰ মাটিৰ স্পৰ্শত সঞ্চয় কোঠাত ভোগ জিৰাব।

লুণীয়া ঘামেৰে স্নান কৰা পথৰুৱা  মানুহজাকে  সুমথিৰা বেলিটো আজুৰি আনি বৰঘৰত ওলোমাই থওঁতেই
এটা মসৃণ উগাৰ আপোনা আপুনি ওলাই আহিব পেটৰ পৰা।
তামৰঙী পোহৰত বিধ্বস্ত হৈ পৰা মানুহবোৰে  সময়ৰ পিঠিত উঠি  এখন 
নতুন পৃথিৱীৰ অংক কৰাত পাৰ্গত হৈ পৰিব।

বুভুক্ষাৰ শুকান বালিত ভোগৰ এখন ভেমেচা-ভেমেচি জীয়া নৈ কিৰীলিয়াই বৈ যাব।
——————————
কবি, কবিতা আৰু কিছু আছুতীয়া অনুভৱ 
গিৰিজা শৰ্মা 

হাঁহি কান্দোনেই জীৱন ।
মানুহে হাঁহে । কবিও মানুহ । কবিয়েও হাঁহে ।
আচলতে কবিয়ে হাঁহেনে!!! ভাব হয়,
কবিয়ে সকলোতে কান্দোনৰ ছৱিখনহে দেখা পায় ।
কবিতা মাধ্যম ।
জীৱন কৰ্ষণ কৰি কেইটামান শব্দত ওলমি ৰয় কবি ।
শব্দই সম্বল, শব্দই সুহৃদ, শব্দই সংগী ।
সুগভীৰ উপলব্ধিয়ে উপহাৰ দিয়ে মাথোঁ বিষাদ ...
বিষাদ-গাথা 
প্ৰেম-প্ৰাপ্তি-অপ্ৰাপ্তি সৰ্বত্ৰ আৱৰি থাকে বিষাদ-বন্যা ।
কবিতা কবিৰ কলিজাৰ স্পন্দন ।
মুহূৰ্মুহূ হৃদয় তন্ত্ৰীত অনুভূত হয় মৃদু ঝংকাৰ 
কম্পিত ক্ষণ-অনুক্ষণ 
সৰি পৰে এটি-দুটি শব্দ 
এটি-দুটি স্বস্তিৰ নিশ্বাস 
কিঞ্ছিৎ , মাথোঁ কিঞ্ছিৎ 
সেই কিঞ্ছিৎৰ কৃচ্ছসাধনাৰে দিন মাহ বছৰ বাগৰে।
কবিতাই লগেই নধৰে ।
( কবি আওমৰণে মৰে)।
———————————
ভঙা বীনৰ সুৰ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

কাকলি-কলৰৱে ভৰা পাহাৰখন 
কজলা হ’ল
চৌদিশে নিৰৱ নিস্তব্ধতা
কুলি চৰাইবোৰে 
এইবাৰো বসন্তৰ বতৰা আনিব
পিছে চাকিন এৰিব ক’ত...
——————————
ৰজাই ভুল কৰিব নোৱাৰে
ৰাতুল গোস্বামী

তেওঁ যি কৰে সেয়াই নিৰ্ভুুল
কাৰণ ‘‘ৰজাই ভুল কৰিব নোৱাৰে’’।
নিজে স্বাক্ষৰ কৰা নিয়মাৱলীৰ দফা 
পাহৰিব পাৰে,
চুৰ, হত্যা, ধৰ্ষণৰ অভিযোগত 
হ’ব পাৰে অভিযুক্ত।
চিন্তা নকৰিবা----
তেওঁ যি কৰে সেয়াই নিৰ্ভুল।।

মৌনতাৰেই তেওঁ কটাব পাৰে
 বছৰৰ পাচত বছৰ
অথবা,
প্ৰতিক্ষণে চিঞৰি ফুৰিব পাৰে
ইমূৰ -সিমূৰ।
বুকুতে সাঁচি ৰাখিব পাৰে গুপুত কথা,
অথবা,
মনৰ কথাও যন্ত্ৰৰ মাজেৰে 
গুপুতে প্ৰেৰণ কৰিব পাৰে,
চিন্তা নকৰিবা--
তেওঁ যি কৰে নিৰ্ভুলেই কৰিব।
কাৰণ‘‘ৰজাই ভুল নকৰে’’।।

হনা - হনি, খোঁচা - খুচি
কথাত, কামত 
ৰাজসভাত, জন সভাত।
যদিওবা নিশা হ’লেই ভোজমেলত।
ব্যৱহাৰ কৰে একেখন কাগজৰ নোট।

চিন্তাত পৃথক, 
চিহ্নত পৃথক
ঘৰ পৃথক
বস্তি পৃথক
দুভৰি মাথোঁ-
একেটা বৃত্তৰ আওটাত।
একেই নিয়ন্ত্ৰক।

চিন্তা নকৰিবা
‘‘ৰজাই ভুল কৰিব নোৱাৰে’’।

মিছাতে চিঞঁৰে বিচাৰপতি
তালিকা কৰে অপৰাধীৰ ।
হুল কাঢ়িবলৈ হুলেৰেই প্ৰয়োজন।
এয়াই নীতি।।

চিন্তা নকৰিবা
যদিও বন্ধকত 
তোমাৰ সমস্ত অঙ্গ প্ৰত্যঙ্গ।
এতিয়া চলিব বুলেট ট্ৰেইন
নিমিষতে পাবা গন্তৱ্য স্থান।

নৰ সিংহ ৰূপত ৰাৱে আনিছিল আদৰি
মুক জনেই পুতিছিল খুটি,
এতিয়া মাথো কৰিছে  নিৰ্দেশ পালন।

নকৰিবা ভুল
নকৰিবা চিন্তা
‘‘ৰজাই ভুল কৰিব নোৱাৰে’’।

চাউল দিছো-- বহাই দিয়া
বেঙ্কত পইচা- উলিয়াই লোৱা।
 কিনি লোৱা ব্যঞ্জন।
বহি বহি খোৱা। 
প্ৰশ্ন নকৰিবা।
কিয় চৰকাৰী বীজ হয় পতান?
কিয় ঘৰে ঘৰে বিলাই দিও সুৰা?
কিয় বন্ধ কৰো পাঠশালা?
কিয় বিলুপ্তি কৰো চৰকাৰী পদ।।
প্ৰশ্ন নকৰিবা।
‘‘ৰজাই কেতিয়াও ভুল নকৰে’’।

মন গলেই ঘৰে ঘৰে  ভোট ভীক্ষা।
কেতিয়াবা ৰজা হ’বৰ বাবে
কেতিয়াবা চিহ্ন সলনিৰ বাবে– 
মন গলেই দলিয়াব পাৰি
 ৰাইজৰ মৰম।। 
আকৌ ভিক্ষা 
আকৌ দলি,
প্ৰশ্ন নকৰিবা।
মোহৰ দিয়া
প্ৰয়োজনত আকৌ বঢ়াম দাসত্ব।
ঋণ দিম, মাফ কৰিম
প্ৰশ্ন নকৰিবা
তুমি ভোট সংগ্ৰহ কৰা আৰু দিয়াৰহে গৰাকী।
ৰজাই বনাই নিয়ম--
ৰজাৰ ভালৰ বাবে।

চিন্তা নকৰিবা
ৰজাই ভুল কৰিব নোৱাৰে।
——————————
প্রেম
দেৱ দাস 

বৰ দুর্বল মানুহ
লক্ষ কোটি  কাটি কৰি
তৰনি নোহোৱাকৈ 
বুকুত বাহৰ খুটা
তাতে
পাটি পইচা ৰখাদি ৰাখি
তোমাৰ প্ৰেম

মানুহ 
উবৰি খাই
হিয়া ধুনি
প্ৰেম 

এনেদৰে 
পেঞ্চিলেৰে 
কাগজত
কাহিনী কৰি 
মানুহ 

কোন
খনিকৰৰ
নিৰ্মাণ 

ভাগি চিগি নপৰাকৈ
প্ৰেম 
এটি সুন্দৰ আল্পনা।
————————
মানুহবোৰ হেৰাই নাযায়
অনুস্মিতা ফুকন

যান্ত্ৰিকতাৰ চহৰত
প্ৰতিটো উশাহত জী উঠে
এজন মানুহ
প্ৰতিটোপাল ঘামত বিৰিঙি উঠে 
ক্ৰমাৎ পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা
মনৰ ছবিৰ মানুহ

সপোনৰ দৰে ওখ
আশাৰ দৰে বিশাল
মনৰ দৰে গভীৰ
এই মায়াজালত
প্ৰতিজন মানুহেই বিচাৰি ফুৰে
জীৱন জীয়াৰ মন্ত্ৰ 

য'ত 
ঋতুৰ পিছত বছৰ
বছৰৰ পিছত বহু হুমুনিয়াহ
আৰু হুমুনিয়াহৰ ঠিক পিছতেই 
আৰম্ভ হয় জীয়াই থাকিবলৈ
গোৱা জীৱন নাটৰ গান 

আচলতে কোনো মানুহ হেৰাই নাযায়
কোনোৱে আকোঁৱালি লয় 
পাগুলিয়াই জীপাল কৰা বিস্মৃতিক
কোনোয়ে আকোঁৱালি লয়
অতীতৰ অনুভূতিক

হেৰাই যায় মাথোঁ
আপোন যেন লগা 
সময়ৰ হাঁহিবোৰ,
হেৰাই যায় জীয়াই থকাৰ অজুহাতত উপভোগ কৰা 
উশাহবোৰ 

সেয়েহে আচলতে
কোনো মানুহ হেৰাই নাযায়।
—————————————
দিনান্ত
দিলাল আহমেদ

পাইনৰ ছাঁই আৱৰিছে সন্ধিয়াৰ পাহাৰ
হাওলি পৰিছে ডুবাৰ পথে৷
আজি আকৌ উৰিছে মন
জোনাকী পৰুৱাৰ পোহৰত মন ছুঁই
একোলা শুকুলা শিহৰণ৷

তোমাক দেখিছিলো অকলে খেলা জুইৰ স’তে
দেখিছিলো ৰদস’না ঘৰ পখীৰ দৰে৷
সময়ৰ নাই দ্ৰাঘিমা
সেয়ে ধৰিব নোৱাৰিলো
মেঘ আৰু ৰ’দৰ আত্মঘাতী খেলা৷

কেলেণ্ডাৰৰ পাত লুটিয়াই যাওঁ
তোমাৰ বাবে দুৱাৰত ৰৈ থাকে 
অপেক্ষা---
শিকলিদাল খাই মোক মোকলাই দে, অ মামৰ
অন্তিম শয্যাত মোৰ বাবে ৰৈ আছে
শুকুলা চাদৰ!
—————————
মোৰ উপত্যকা–কাজিৰঙা
ধ্ৰুৱজ্যোতি মহন্ত

সেউজীয়া খিনি মচি নেপেলাবা
সেউজতেই উদ্ভাসিত হয় সতেজ আকাশ

জনতাৰ প্ৰগল্‌ভ প্ৰাণত গুঁজি দিয়া এপাহ প্ৰেমময় গোলাপ
প্ৰেমৰ মধুৰতা অনুভূত হওঁক 
কেওদিশে হওঁক প্ৰকাশ

দোৰোল খাই পৰিব পাহাৰ, উন্মেষ-
অশেষ
উপত্যকা মোৰ- 
এইযে কাজিৰঙা 
সৰ্বদা
বিশেষ ...
———————
পৃথিৱীত মানুহ হৈ জীয়াই থাকিবলৈ হ'লে
নৱজ্যোতি শইকীয়া
 
পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  বাটৰ  খলা-বমা  অতিক্ৰমি  প্ৰতিটো  মুহূৰ্ত,
কৰিব  লাগে  জীৱনৰ  ৰণক্ষেত্ৰত  তয়াময়া  যুদ্ধ

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  মাজে  মাজে  ভোকৰ  সৈতে  কৰিব  লাগে  সহবাস,
দু:খৰ  মাটিত  সাজিব  লাগে  সপোনৰ  আৱাস

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  ৰ'দত  ডেই  পুৰি  হ'ব  লাগে  তীখা  তীক্ষ্ম,
বৰষুণত  তিতি  বুৰি  হ'ব  লাগে  আশাদীপ্ত  বৃক্ষ

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  সততাৰ  পথাৰত  শুই  চাব  লাগে  আকাশ,
সূৰুযৰ  শক্তিৰে  কৰিব  লাগে  সময়ত  জীৱন  প্ৰকাশ

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  ইজনে  সিজনক  ল'ব  লাগে  মৰমেৰে  আকোঁৱালি,
জাতি-ধৰ্ম-বৰ্ণ  পাহৰি  বিভেদৰ  সুকঠিন  দেৱাল  ভাঙি

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  দু:খত  দুখী  হ'ব  লাগে  ইজনে  সিজনৰ,
সুখত  সুখী  হ'ব  লাগে  ইজনে  সিজনৰ

পৃথিৱীত  মানুহ  হৈ  জীয়াই  থাকিবলৈ  হ'লে;
আমি  পাহৰিব  নালাগিব  এৰি  থৈ  অহা  পথৰ  বুকুৰ  স্মৃতি,
খোজে  খোজে  নামি  অহা  জীৱনৰ  ধুমুহা-গাজনিৰ  ৰাতি।
——————————
যি কম সত্য কম 
ড° আদিল আলী 

তোমাক বুকুৰ উম 
দিম বুলি ভাবি 
দিব নোৱাৰিলো 
লগতে 
জীৱন পৰিক্ৰমা পৰিৱৰ্তন কৰিব পৰা উপদেশ এটি 
দিম বুলি 
দিব নোৱাৰিলো 

যি কম সত্য কম 
সেয়ে 
কথা দিও 
কথা ৰাখিব নোৱাৰিলো 

তথাপিও 
মই 
ফাঁকি মাৰা নাই 
অৱশ্যে 
এতিয়াও 
কথাটিৰ ম্যাদ উকলি যোৱা নাই 
কিম্বা 
তোমাৰ আগত 
মিছা মাতি 
এবুকু আশাৰ জোনাকক 
সাগৰৰ বুকুৰ 
ঘূৰ্ণী বতাহৰ 
জোৱাৰত এৰি দি 
নিঃশেষ কৰি 
পেলোৱা নাই 
লগতে 
সততাৰ মৌ মিঠা ৰসাল শব্দৰ কথা 
আৰু 
মায়াময় জোনাকী মনৰ হেঁপাহ 

মই 
ৰাজনৈতিক নেতা নহয় 
মিছা কথা মাতি 
জনতাক সুখৰ সপোনৰ বাটৰ ধাৰণা দি 
ৰাজভোগ খাই 
গোপতে গঙ্গা টোপ হৈ 
কথাৰ দেহত 
ফাঁকিৰ পাখি লগাই 
উৰি ফুৰাৰ ইচ্ছা মোৰ নাই 

মই 
সাধাৰণ প্ৰেমিক 
নিঃস্বার্থ প্ৰেমহে বুজো 

কিন্তু 
তোমাক ফাঁকি মাৰি 
হৃদয় জিনাৰ আকাঙ্ক্ষা 
মোৰ নাই 

যি কম সত্য কম 
কথা দি কথা লোৱাৰ 
মানসিকতাও মোৰ নাই 

কথায়্-কথায়্ সন্দেহৰ বা 
বৰ ভয়ঙ্কৰ 
যিয়ে কৰিব পাৰে 
মধুৰ সম্পর্ক 
লয়্-ক্ষয়্ 

কথা গৰকীহে 
কথা কোৱা 

অবাবতে কথা ক'লে 
পৰিব পাৰে 
জিভা পিছলি 

সেয়ে 
এনেয়ে কথা কৈ 
বহুবল্কী 
নহও মই 
———————————
আহাৰ‌
ভূমিকা দাস 

গ্ৰীষ্মই লৈ‍ আহে আহাৰত 
বাৰিষাৰ‌ ধল
আহাৰে আনে আশা
সৰল‌ এহালি চকু লক্ষ  পোন‌
খোজ ক্ষিপ্ৰ কিন্তু দৃঢ় 
ৰ'দে পোৱা তামবৰণীৰা দেহাৰ‌ কি ভেকেটা ভেকেট গোন্ধ ‌
তেওঁলোকেই গাঁৱলীয়া চঁহা  জীৱনৰ‌ 
খেতিয়ক ককাইহত, আমাৰ‌ জীৱন‌ ৰক্ষক

আৱেগ বিহ্বলতাৰে  থমকি ৰৈ‌ চাওঁ
আহাৰৰ ৰ'দৰ‌ খাওঁ খাওঁমূৰ্তিত  যেতিয়া 
হাল বাই কঠিয়া তোলো‌ 
বৰষুণৰ কামিজেৰে গা    ঢাকে
আহাৰৰ ৰ'দ বৰষুণৰ মাজতেই লুকাই থাকে 
সপোনবোৰ..

মূষলধাৰ বৰষুণত 
আহাৰ মাহৰ‌ পথাৰত‌‌ এজাক জাকৈয়া ছোৱালীৰ
নয়ন জুৰি পেলোৱা সেই ছবিটি 

আহাৰ মাহৰ ব্যস্ততাত  
পূৰ্ণ হয় আঘোণৰ হাঁহি ....
——————————
ফাগুন
ইৰা দেবী

লঠঙা ফাগুনৰ স’তে 
বজাম বুলি
মোহন বাঁহীৰ সুৰ
বুটলিলো অ'ত ত'ত সিঁচৰিত
বৰ্ণমালাৰ জোট। 
 নৱ কিশলয় দলে নয়ন মেলি
ধুলিয়ৰী পছোৱাক আনিলা
আদৰি। 

প্ৰেমিক ফাগুন মই
শিমলু পলাশৰ বাটেৰে আহি
মদাৰৰ বিষাদবোৰ আলফুলে সাৱটি, 
প্ৰেমৰ পত্ৰটি পঠালা চোন
মোৰেই বুকুচাত বান্ধি। 
বুলবুল মই প্ৰেমিক চৰাই
সুৰেৰে বুলাই 
হৃদয়ৰ আজন্ম ভালপোৱা
তুমি অহাৰ বাটেৰে। 
+-+++++++++
দাপোন মতী
ডাঃ বন্দনা তামূলী

এই ঘাট সেই ঘাট
কৰি কৰি দিপৰ বিলত
এই যে
সূৰ্য্যৰ কিৰণৰ হেঙুলী সন্ধিয়া
পানীৰ সোঁতৰ যেন 
মুখা মুখি কাজিয়া
সন্ধিয়া যেন মাতাল হৈ পৰিছে
ৰেশমী কোমল নতুন ঢৌ বোৰত
যেন লাজৰ ওৰণি টানিছে
জোনটোৱেও নিজৰ শৰীৰটো
দিপৰ বিলৰ পানীত পেলাই দিছে
হঠাৎ বিলৰ পানীবোৰ
থৰ থৰকৈ কঁপিছে
শব্দবোৰ থমকি ৰৈছে
এক অন্তহীন দৃশ্য
মতলীয়া অন্ধকাৰৰ অচিন পথত
তুমি কোন দাপোনমতী।
—————————
পাগলী
অঞ্জু শইকীয়া দত্ত 

দিক ভ্ৰান্ত পথিক তাই 
নহয় একোৰে অনুগত 
দিন ৰাতি ঘূৰি ফুৰে 
কাম যেন তাইৰ অফুৰন্ত 
আপোন পৰ একোকে নিচিনে 
না শীত-তাপ, ৰ'দ বৰষুণৰ তফাত বুজে।
সজল সজল নয়নত তলমল জল
শুকান ওঁঠত তাইৰ হাঁহি খল খল
সুধিলেও নকয় কথা 
বুজাব নোৱাৰে প্ৰাণৰ ব্যথা।
ৰাষ্টা ঘাটেই ঘৰ নাই ভয় একোৰেই 
প্ৰতিপল তাই মগন মাথো নিজতেই।
বিবেকবান জনেহে পাগলী বুলি 
দিয়ে অশান্তি
দিন দুপৰতে সেয়ে তাইৰ 
ঘোৰ অমাবস্যাৰ ৰাত্ৰি।
সমস্ত শৰীৰত তাইৰ ধূলি আৰু বালি 
কোনে জানে জোকাৰিলেই ওলাব পাৰে 
অতীতৰ সোণসেৰীয়া ছবি।
———————————
সময 
ৰুমী সেনাপতি ভূঞা 

সময়ৰ অগ্ৰগতি
যুগৰ বতাহ বলিছে 
আলফুলে উৰুৱাই নিছে
সাঁচতীয়া সপ্ৰতিভ সময়ৰ 
সোনালী নিচান !

পৰিভ্ৰমী সময়ৰ বিচিত্ৰ ৰূপ,
আন্ধাৰ-পোহৰৰ একা-বেঁকা বাট ,
আৱাহন- বিসৰ্জনৰ 
নৈমিত্তিক আখৰা ,
ৰামধেনুৰেই যেন সুন্দৰতম স্কেচ্ছ ,

ইতিহাসে ভাষা দিব  , 
অনুৰাগে আশা দিব ,
সপোন সাকাৰ হ'ব ,
বাখৰুৱা সময়ৰ সুমধুৰ গান,
সুদিনৰ সেন্দূৰীয়া জ্যোতিৰ্ময় যাত্ৰা !
——————————
 প্ৰত্যাৱৰ্তন
 সুপ্ৰীতি বৰুৱা
  
লিখিত অলিখিত 
ঘোষিত অঘোষিত ইতিহাস 

সিহঁতে বাৰুকৈয়ে জানে 
লিখিত অলিখিত ইতিহাসৰ উত্থান পতনৰ  বিন্যাস 
তথাপি বিন্যাসৰ পাৰ ভাঙি আগবাঢ়ে,
ঘূৰি ফুৰে অৰঙে দৰঙে 
সেউজীয়া উপত্যকাৰ ঠিকনা বিচাৰি।
------------------
মন যায় 
অপৰূপা দত্ত

মন যায় এটি জোনাকী পৰুৱা হ'বলৈ 
উত্তৰহীন হাজাৰ  প্ৰশ্নবোৰৰ
উত্তৰ বিচাৰি  উৰি উৰি যাবলৈ I
 
মন যায় সেই 
জোনাকী জনী হৈ
আন্ধাৰৰ বুকুত পোহৰৰ মেলা পাতিবলৈ ,
আৰু 
আন্ধাৰত নিজকে হেৰুৱাই  
আনক পোহৰৰ বাট দেখুৱাবলৈ I 

সঁচাই মন যায় !
এটি জোনাকী পৰুৱা হ'বলৈ I
নিজেই চকুৰ বৰষুণত উপঙি ফুৰিও 
শেষ নোহোৱা আশা এটি বুকুত বান্ধি
আকাশ পোহৰাৰ হেঁপাহত
আকাশৰ বুকুলৈ উৰা মাৰিবলৈ  I

মন যায়
সচাই মন যায়
এটি জোনাকী পৰুৱা হ'বলৈ I
—————————
ভাওনাৰ বিচ্ছুৰিত কিৰণ...
অনুভৱী মদন

শিৰৰ মুকুট নামঘৰৰ ঘৰত
জোনাকী পৰুৱাৰ পোহৰত, 
সুৰৰ তালে তালে 
নৱ ৰসৰ মিলন।

লয় লাস ভঙ্গীত খলাত  ভগৱান
ভক্তিৰে উজলায় পবিত্ৰ মঞ্চ,
নাট্যৰ ছাঁয়াত ব্যঞ্জনা।

খোল তাল ডবাৰ তালত 
হৃদয়ত বাজে পুৰাতন সুৰ
বায়নৰ কণ্ঠত ভক্তি গীত।

ভক্তি মাৰ্গত গদ গদ সময়
বিষাদ গুচি আনন্দৰ লহৰ।

ভৰতৰ নাট্য শাস্ত্ৰৰ সংজ্ঞাত আবদ্ধ
ভাওনা নহয় অভিনয় কলা
ই সম্প্ৰীতিৰ বাণী বিলোৱা 
এক সঞ্জীৱনী সুধা।
——————————
সত্বা
চন্দনা বেজবৰুৱা (নগঞা)

ৰাতি হ’লেই বাজি উঠে 
দুখৰ বাঁহী
দুখৰ বাঁহীত ফুঁ দি
উঠি আহে আকাশ 
মাথোঁ আক্ষেপ তথা অভিমান
অপেক্ষা, যন্ত্ৰণা ইত্যাদিবোৰৰ

তোমাৰ মোৰ মিলনৰ দিনটো উদ্ যাপন নকৰা দিনাও 
একেই আক্ষেপ 
সুখবিহীন সময় 
দুলি থাকে সেয়ে 
হৃদয়ৰ ফেৰেঙনিত দুখবোৰ একোটা শোক হৈ 
আকাশে নজনাকৈ ৷
——————————
সম্বন্ধ
ৰমেন চন্দ্ৰ বৰ্মন

যুগৰ তাপত 
কালৰ ভাৱত
স্বভাৱ হৈছে তান্ত্ৰিক,
স্বাৰ্থৰ ভৰত  
অন্তৰ কোণত
সম্বন্ধ হৈছে যান্ত্ৰিক৷

স্বাৰ্থ অনুকূলে 
সম্বন্ধ-মুকুলে
বৰণ থাকে সলাই,
কাঁইটীয়া ফুলে 
কপটীয়া হুলে
হৃদয় থাকে বিন্ধাই৷

তিমিৰে আৱৰা 
স্বাৰ্থৰ পিঞ্জৰা  
অন্যত নাযায় ভোল,       
সুধাৰ নিজৰা 
সম্বন্ধেৰে ভৰা
তথাপি নুবুজে মোল৷ 

ঠেক পিঞ্জৰাৰ 
লোলুপ হিয়াৰ
দুনিয়া নিচেই সৰু,
অসুস্থ নিচাৰ 
ৰুগ্ন ভাৱনাৰ
বক্ষত শিপায় মৰু!

যদিও বহল
তথাপি চঞ্চল
সম্বন্ধৰ ধৰাতল,
সম্বন্ধৰ বল 
নহ’লে অতল   
চৌপাশ হ’ব অচল! 
——————————
দুৰ্ধৰ্ষ সময়
পবিত্ৰ বৰগোহাঁই

এদিন সূৰ্য্যটোৱে উচুপি উঠিবলৈও পাহৰিব
সূৰ্য্যটোৱে কাক লৈ সাৱটি থাকিব
আকাশখন আকাশ হৈ থাকিবনে
কেৱল বাৰুদ-মিছাইলৰ ধোঁৱাই
আকাশ বতাহ ছানি থাকে
সকলোবোৰ যদি চকুৰ পলকতে
শেষ হৈ যায়  !
চাৰিওফালে কেৱল আৰ্তনাদ
আৰু চেপা উত্তেজনা বিৰাজ কৰে
বতাহো যদি এদিন স্তব্ধ হৈ যায়
জন্ম দিয়া মাতৃহে উপলব্ধি
কৰিব পাৰে সন্তানৰ মাতৃৰ মমতা
হে প্ৰভু তোমাৰ সৃষ্টিত জানো
আমিয়েই হাতুৰীৰ কোব দিয়া নাইনে
চাৰিওফালে কেৱল তৃতীয় যুদ্ধৰ দামামা
ৰাছিয়া আৰু ইউক্ৰেইন
ইজৰাইল আৰু ইৰাণত
মানৱতা জীয়াই আছেনে
প্ৰকৃতিৰ বনৰীয়া পশু-পক্ষীবোৰ 
এতিয়াও জীৱিত আছেনে
এচাম শাসকৰ ক্ষমতা ,উচ্চাকাংক্ষা আৰু
সাম্ৰাজ্যবাদৰ বিশাল ৰণ ডঙ্কা
তাৰ বাবে যেন জনতা মৃত্যু ধ্বজা ।                 
———————————
এজন জেষ্ঠ নাগৰিকৰ কথাৰে
নিভা বৰা

বয়স নামৰ পোছাকযোৰ খুলিলে
আমিও হৈ পৰো তাহানিতে
এৰি অহা কৈশোৰৰ চটফটিয়া ল’ৰাবোৰ
দৌৰি থাকো পথাৰৰ মাজে মাজে
নদীৰ ঘাটে ঘাটে
গছৰ তলে তলে 
সমনীয়াৰ ল’গত ৷
কিমান অভিজ্ঞতা
কিমান তিক্ততা কিমান ব্যস্ততা আছিল আমাৰ জীৱনত
ঘাট প্ৰতিঘাট ,মান অভিমান
সকলো এৰি আজি আমি নিসংগ 
সংসাৰৰ মেটমৰা বোজাটো দলিয়াই 
আমি এতিয়া দেউকা ভগা পক্ষী
আশা আৰু সপোনবোৰে 
ল’গ এৰা নাই 
সিহঁতৰ সাহসতে শক্তিশালী
এইখন সমাজত আমি দুৰন্ত প্ৰহৰী
আমিও কেতিয়াবা গুচি যাম দূৰলৈ
দুবৰি বনৰ বাটে বাটে
উভতি চাই যাম
এৰি অহা সময়ৰ ফাঁকে ফাঁকে
হয়তোবা দুচকুত আমাৰ জিলিকি উঠিব এটি বাৰ
মায়াময় সময়ৰ সপোনৰ টুকুৰাবোৰ
শুকুলা ডাৱৰৰ দৰে
গোটেই জীৱন দায়িত্ব আৰু
 সপোনৰ পিছত দৌৰি 
ভাগৰি নপৰা অক্লান্ত যোদ্ধা আমি
এতিয়াও আমি দুৰ্বল নহয়
আমাৰো আছে এখন সবল হৃদয় ৷
মনৰ ধুমুহা জাক শান্ত কৰিবলৈ
আমাক লাগে এখন মুক্ত আকাশ ৷
—————————
অমৃত সুধাৰ সন্ধানী
দীপক কুমাৰ তালুকদাৰ

উদিত আৰক্ত বেলিত চকু থৈ
ভাহি আহে স্বৰ—ॐ সূৰ্যায় নমঃ 
স্নান শুদ্ধিৰে তুলসী তলত জ্বলে জীৱন  চাকি
পৰিপূৰ্ণ হৃদয়েৰে দিনটোৰ প্ৰাৰ্থনা সকলোৰে হৈ—
সৰ্বে সন্তু নিৰাময়া

আত্মশুদ্ধিৰ নিৰ্জলা ব্ৰত এটাই মনটিক সংযোগ কৰে 
তন-মনত অমৃত সুধাৰ তালাচ
হাততে আছে হেনো সমগ্ৰ—
যা আছে ভাণ্ডে তা আছে ব্ৰহ্মাণ্ডে
ভক্তৰ কপালত দীঘল তিলক
যেন অমৃত সুধাৰ বাট

আচলতে মই মোকেই বিচাৰি আছো
এক আয়ুস ৰেখাৰ পৰিধিৰে
নিজে নিজৰ হৈ কৰা তালাচৰ প্ৰক্ৰিয়া
এক আয়ুস ৰেখাৰ পৰিধিৰে
নাম দিছো তাৰ ধৰ্ম
য’ত সমন্বয়ৰ সূতাবোৰ একেটা মহুৰাত লগ হয়
মহুৰাৰ ৰঙৰহে ভিন্নতা
ক’লা বগা হালধীয়া ৰঙা  নীলা ইত্যাদি

মা কামাখ্যা দেৱীয়ে মনৰ দুৱাৰ খুলিছে
বৈ যায় ভক্তিৰ সহস্ৰ নিজৰা
বুকুৰ নিলাচল ভেদি

দৰাচলতে অমৃতনো ক’ত?
মইনো কোন?
কাৰ বাবে এই সন্ধান যাত্ৰা?
——————
অভাৱৰ কাৰেং
প্ৰনিতা দেৱী

নীৰব নিশা নিখোঁজ পদূলি 
শিতানৰ গাৰু তিতে
মাজ নিশা উচুপনিত
পূৰ্ণ কৰিবলৈ অভাৱ বিপনী

আধা অকাঁ সপোনে বন্ধা 
বাসৰুৰা পঁজাটি মোৰ
ভগা বেৰ বাঁহেৰে সজা ৷

এডাল মাথোঁ ৰোৱাকামি 
সিওঁ মৰহি যোৱা 
আকাশৰ তৰাবল গণিব পাৰা। 

পিন্ধিব নাই কাপোৰ কানি 
খাবলৈ নাই জুতি পুতি
বাৰীৰ শাক
চছাটিৰ চাউল
তেহে  মিলিছে ভোকৰ  ভাত ৷

ভাতৰ কাঁহি আগত দিলে
মুখলৈ চাই পুণাকন দুটিয়ে
একো নাই জুতি পুতি 
নাখাওঁ যা বুলি পাতে আসতি
নানা ভেহুছালি মাৰি
 খোৱাওঁ যতন কৰি  

শাক খালে ডাঙৰ মানুহ হয় 
মগজুলে ভাল 
ডাঙৰ হৈ ভাল মানুহ হবি 
সজাবি সোণৰ সোলেং
সুখে উপচিব অভাৱৰ ভড়াল   
জিলিকি থাকিব আমাৰ কাৰেং।
—————————
অজুহাত 
শিল্পীশিখা শইকীয়া

কি অজুহাতে শিপালে ভৰিৰ তলৰ মাটি খিনিও বন্ধকত থ'ব লগীয়া হয়।
কি অজুহাতৰ গইনা লৈ মানুহ  মজিয়া পাৰ হৈ  অট্টালিকা মুখী হয়।
সেয়া তেওঁক সোধা!
যাৰ প্ৰত্যেকটি উশাহ ঘনীভূত হয় ৰাতিৰ ইথাৰত।
 
অজুহাতবোৰ বাৰু পুহি ৰখা বস্তু নে ,
গজি উঠা বস্তু!
উত্তৰ বিচাৰিবলৈ এলাহ লগাটোও এক অজুহাতেই নহয় নে?

অজুহাতবোৰে বাৰু সুৰুঙা বিচাৰি ফুৰে নেকি?
ছেগ পালেই মুখৰ খজুৱতি মাৰিবলৈ...
আহ্! 
কি এক বিড়ম্বনা ,
 অজুহাতে  জীৱনক 
 মাৰিবও পাৰে, জীয়াই তুলিবও পাৰে।
অজুহাত যদি ইমানেই সহজ ,
তেন্তে মানুহে অজুহাতৰ উদযাপন  নকৰে কিয় ? 
কিয় নকৰে ?
অজুহাতৰ দৃষ্টিভংগীৰে এখন তৰল আৰু শীতল যুদ্ধৰ আখৰা।
—————————
নিদ্ৰাতুৰ প্ৰহৰী 
ৰশ্মি ৰেখা                                                              

নিস্তব্ধ নিশাত 
ক্লান্ত তোমাৰ শৰীৰ
তথাপিও ...
অবিৰত তোমাৰ  গমন  

চন্দ্ৰমাৰ সুকোমল 
জোনাকৰ স্পৰ্শই 
বোঁৱাই অনা        
নিদ্ৰাকো আঁতৰাই 
শুনিব চেষ্টা কৰা তুমি
পদপথৰ প্ৰতিধ্বনি।

অথবা ...
জানোচা দেখা পোৱা
কাৰোবাৰ লিহিৰি হাতৰ  কৰুণ হাতবাউলি। 

শৰতৰ শেৱালিজোপায়ো
তোমাৰ সান্নিধ্যৰ বাবে
শুভ্ৰদলিচা পাৰে
দূৱৰিৰ দলিচা সিঁচি

অদৃশ্য  শিকলিৰ,
কটকটীয়া  বান্ধোনত
চকুৰ পলকত             
বহিব খোজা
নিদ্ৰা দেৱীকো                 
তুমিয়েই আঁতৰাই পঠিয়ালা...

কাৰণ 
তুমি যে প্ৰহৰী,                 
নিদ্ৰাতুৰ প্ৰহৰী।
——————————
নীলা চৰাইৰ ডায়েৰী
নীলাঞ্জনা শৰ্মা বৰুৱা 

        শিখা

ছাঁ পোহৰৰ মায়াজাল ৰচা
তেওঁ তোমাৰ সপোনৰ ৰাজকন্যা,
তোমাৰ বুকুতে গজালি মেলি 
গছ হৈ তোমাক আজীৱন জুৰণি দিয়া 
তেওঁ তোমাৰ মানসকন্যা
আৰু তুমি তেওঁৰ মনমন্দিৰত
জ্বলি ৰোৱা এগছি অক্ষয় শিখা।
      *********

       জন্ম

প্ৰভাতত উলমি ৰয়
পুৱতি নিশাৰ সপোনৰ আমেজভৰা দুটি চকু,
উকা শেতেলিৰ শুভ্ৰতাই
ৰাতিটো ৰেপি ৰেপি কটাৰ অন্তত
বাস্তৱৰ গৰ্ভত এটি সপোনৰ জন্ম।
শেতেলিত বিয়পি থাকে সেই প্ৰাচীন 
মায়াসনা সুবাস।
     ************

অনুভৱী পল

এটি সুমিষ্ট কণ্ঠ
যাৰ আবেশত ঘূৰে তোমাৰ চৌপাশ,
এটি হৃদয় জুৰোৱা গীত,
যাৰ ছন্দে ছন্দে নাচে
তোমাৰ বাখৰুৱা পল।
এটি স্পৰ্শ যাৰ পৰশত ফুলে
তোমাৰ বুকুৰ উদ্যানৰ ৰজনীগন্ধা 
সেয়া সৰগীয় যি বতাহতে দেও দি দি 
গুণগুণাই বতাহতে হেৰায় যায়।
——————————
মন যায়
অঞ্জনা ৰূপা দাস 

মন যায় মোৰ সুধিবলৈ
বিচ্ছুৰিত ৰশ্মিৰ
পোহৰৰ সমস্ত সত্ত্বাক-
হৃদয় কিমান ৰঙীন হ'লে
জীৱন সজাব পাৰি সুখেৰে? 

ভাৱনাৰ উৰ্বৰতা ঢালি 
কেনেকৈ বুকুত পোখাম 
সেউজীয়া কবিতা
চিন্তাৰ কিমান গম্ভীৰতাত
বিচাৰি পাম সমস্যা সমুদ্রৰ 
অটল গভীৰতা!

মনৰ কিমান উদাৰতাত
জুখিব পাৰিম আকাশৰ বিশালতা। 
দুহাত মেলি সাৱটিব
পাৰিমনে  আকাশৰ উদাৰতাক? 
আজুৰি আনি শশধৰৰ
 ৰূপালী শীতলতা, 
সমীৰৰ সৌম্যতাক সজ্জোৰে
বুকুত আঁকোৱালি
বিলাব পাৰি জানো প্ৰেমৰ পৰিভাষা? 
জীৱনে পায় জানো সংগী সুখৰ?

মৰমৰ কিমান উত্তাপ হ'লে
তিতিব পাৰি প্ৰেমৰ হালধীয়া
বৰষুণজাকত? 
ৰহস্য সন্ধানী পলসুৱা মন
চিন্তা ক্লিষ্ট নিদ্রাহীন ৰজনীত
নাসিকাৰ ৰন্ধত তপত নিশ্বাসৰ
সঘন আহ-যাহ
স্বপ্ন বিলাস কল্পনাৰ দুচক্ষুত
মাথোঁ এতিয়া প্ৰেমৰ
সীমাহীন  ব্যাকুলতা!
———————————
জীৱন 
ডেইজী বেজবৰুৱা

জীৱন
কি শিকাব বিচাৰিছা তুমি?
কি দিব বিচাৰিছা মোক?

চকু পানী!
তাৰ বাহিৰে নো কি দিবা?

আধৰুৱা জীৱন 
ভাগৰুৱা মন 
ভাগৰুৱা শৰীৰ!
যন্ত্ৰণা
চকুলো
অসহায় জীৱন
জীৱনৰ প্ৰতিটো পল আনৰ সুখৰ বাবে বলিদান দিলোঁ 
প্ৰতিদান হিচাপে পালোঁ অত্যাচাৰ!
—————————
সময়
পৰী গগৈ

ৰাখিব পৰা হ'লে ধৰি
হাতৰ মুঠিত
জীৱনৰ ভাললগাবোৰ...

ৰাখিব পৰা হ'লে বাধা দি
আঙুলিৰ ফাঁকেৰে সৰি পৰা সময়বোৰ...

কি যে আচৰিত
এই সময়

সময়ে দিয়ে
সময়ে গঢ়ে
সময়ে নিয়ে

সময়ৰ নিয়ন্ত্ৰণত
জীৱন ৰথৰ চকৰি ঘূৰে।
—————————
পখিলী
যামিনী দেৱী

কণমানি পখিলী ভণ্টিজনী
পখিলাৰ পিছে-পিছে
পখিলা খেদি ফুৰে
পখিলাবিলাকেও
ভাল পায় তাইক
হাততে চুমে
দূৰৈৰ পৰা চোৱা ভণ্টি
আমি কি কৰোঁ
ফুলে-ফুলে পৰি আমি
ফুলৰ মৌ চুহোঁ
ঠেঙত লগা ৰেণুবোৰ সিঁচি
ফল-ফুলৰ বংশ বৃদ্ধিত
অৰিহনা যোগাও
লাহী-লাহী ফুলৰ পাহি
লাহী আমাৰ পাখী
হাতেৰে নুচুবা একো
সকলো যাব জহি
নুচুও-নুচুও
আছোঁ চুপেচাপে
নাচোন চাই 
আনন্দ লভিম মনতে
যিজনে স্ৰজিলে তোমালোকক
ইমান  সুন্দৰকৈ
তেওঁলৈ জনালোঁ 
প্ৰণাম কৰযোৰে।
—————————
সুখ
নীলম শৰ্মা 

ওঁঠৰ মাজত 
স্থাপন কৰো সুখ,
মুখৰ ভিতৰত 
পাকঘূৰণি খায় সুখে,
সংক্ৰমিত হয় ওঁঠৰ পৰা ডিঙিলৈ
সুখ,
কেতিয়াবা ডিঙিৰ ভিতৰেদি 
পাৰ হৈ যায়
সুখৰ থুনপাক, 
ওফোন্দি উঠে হাওঁফাওঁ
সুখৰ স্পৰ্শত, 
আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে
সুখ ওলাই যায়
অহা বাটেৰে,
চিগাৰেটৰ ধোঁৱাৰ এটাই ৰং
সুখ  !
———————————
প্ৰভু
শামনুৰ আলম

জগতপতি অতি উচ্চ মহান তুমি
আমি নিচেই ক্ষুদ্ৰ প্ৰাণী
সুন্দৰ-সুঠাম কৰি সৃষ্টি কৰিলা আমাক
চকু দিলা চাবলৈ ধৰণী।

তোমাৰ চিঁয়াৰে লয় আৰু প্ৰাপ্তি
সমস্ত জড় আৰু জীৱৰ
সৰ্বজ্ঞানী অন্তৰ্যামী নিৰগুণ তুমি 
সৰ্বজ্ঞতা সমস্ত খবৰ।

 অপৰিসীম কুদৰত,
 তুমি গৰীয়ান মহীয়ান
 কতনো তোমাৰ দৃষ্টিনন্দন সৃষ্টি
মায়াৰ এনাজৰীৰে বান্ধি ৰাখিছা
প্ৰতিনিয়ত পৰে দয়াৰ বৃষ্টি।

সমস্ত জীৱকুলৰ আহাৰ্য দিয়া
তুমি খাদ্য দাতা
অতি নীৰৱে চাই আছা সকলো
তুমি যে সৰ্বজ্ঞতা।

তোমাৰ প্ৰশংসাৰ কদাপি নাই অন্ত
প্ৰভু,তুমি মহান অতি
কৰিবলৈ গমন প্ৰভু তোমাৰ পথত
দিয়া যেন কিঞ্চিৎ সুমতি।
———————————
তোৰ কি নাম দিম কবিতা 
অনিল চন্দ্ৰ বণিয়া

ভৰসাৰ পিৰালীত এতিয়া
প্ৰেমস্পদৰ দুৰন্ত চাকনৈয়া
বিশ্বাসৰ অকৃত্ৰিম শৰাধ
কাইটীয়া গোলাপৰ শীতল চুপহীত
মিঠ্যাবাদৰ অকথ্য অতাচাৰ ।
তোৰ কি নাম দিম কবিতা ।

নিশাৰ নিৰ্জনতাত আশাধাৰী সুখবোৰ 
ধৰাশায়ী কৰি 
কৃত্ৰিম সুৰুঙাৰে বগুৱা বাই 
এসোপা আচহুৱা প্ৰলাপ সিঁচি 
মৰমে নোযোৰা হৃদয়খন শান্ত কৰিব খোজা
মৰম তোৰ কিয় ইমান বিশ্বাসঘাটকতা !
তোৰ কি নাম দিম কবিতা ।

আশ্বাস, প্ৰত্যয় আৰু আত্মীয়তাৰ বিজুটিত বহুবাৰ উজুটি খাই 
অকথ্য ভাষাৰে লিখিছোঁ কবিতা 
গাইছোঁ সুৰৰ অমিয়া তান,
কালজয়ী গীতৰ দৰে ---
মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে 
বহু আস্থাৰ গান ।
মৰম তই কিয় ইমান দাৰুন !
তোৰ কি নাম দিম কবিতা ।

অনিশ্চয়তাৰ ধূসৰ কুঁৱলি
চকা-মকা পোহৰৰ জীৱনাবেলি
পোৱা-নোপোৱাৰ হিচাপেৰে 
বিষাদৰ একা-বেকা ছবিৰ আঁক-বাক
দুখতো নহলো সুখী সুখতো হতবাক
নহওঁ নহ'বা মোৰ উৰুখা পঁজাৰ সখী
মৰম কিয় হ'লোঁ মই তোৰ অবাঞ্চিত আলহী !
তোৰ কি নাম দিওঁ কবিতা ।

জীৱন মানেই নিমিলা অংক , 
নৱ নৱ ভগ্নাংশৰ অবুজ সাঁথৰ
দুখৰ দুপৰ নিশাৰ বিশাল বটবৃক্ষ,
ছানি ধৰি হৃদয়ৰ প্ৰতিটো কোষ 
কিয় হ'লি জীৱন তই ইমান দুৰ্বিষহ !
তই কিয় এনেকুৱা ?
কতে হেৰুৱালি তই ৰ'দৰ জুলুঙা !
তোৰ কি নাম দিম অ কবিতা।

জোনাকৰ মেলত বেসুৰীয়া আত্মাৰ
গুপুত কথাবোৰ তামৰঙী ঘামত তিতা 
অবিশ্বাসৰ এটা জীয়া কাহিনী
সাঁচতীয়া ফুলত পৰা মৌ-পিয়া
সঞ্চাৰিত সোণসেৰীয়া শব্দবাক কিয়
আজি হ'ল মিছা 
হৃদয় নদীত উজাই আহে 
এখন পালহীন নৌকা 
মৰম তই কিয় এনেকুৱা ! 
তোৰ কি নাম দিম অ’ কবিতা।
—————————
তুমি খোজ কাঢ়িলে
গুণজিৎ শইকীয়া

 তুমি খোজ কাঢ়িলে
আকাশখনো উৰি ফুৰে, 
তাৰ নীলা এটুকুৰাই 
মোৰ বুকুত থিতাপি লয়
বুকুখনি ফুলি উঠে মোৰ
তাকে দেখি ৰামধেনুখনি আহি 
মোৰ ওচৰ চাপে
ক’ব নোৱৰাকৈয়ে 
মই সেই ৰঙৰ মাজত ডুব যাওঁ,
মোৰ হৃদয় বাকৰিত 
জীৱন জীয়াৰ নৃত্য কৰে সিহঁতে
বুকুখনি টানি আজুৰি ক্ষত বিক্ষত কৰে,
মোৰ পৃথিৱী পৃথিৱী খেলখনৰ সঁজাল ধৰে !

তুমি খোজ কাঢ়িলে
তৰু তৃণ পোখা মেলে
তাকে দেখি ফুলে ফলে হাঁহি হাঁহি 
কথা পাতি মন মোকলায় ! 

তুমি খোজ কাঢ়িলে
মেঘে গিৰগিৰ কৰে
বৰষা কন্যাক মাটিয়ে আকোৱালি লয়
বসুমতীয়ে হেঁপাহ পলুৱাই স্নান কৰে !

তুমি খোজ কাঢ়িলে
দিবাকৰে অগাদেৱা কৰে
ৰ'দালিৰ চাৱনিত উজলি থাকে মোৰ চকু !

তুমি খোজ কাঢ়িলে
চন্দ্ৰমাই লৰচৰ কৰে
জোনাক নিশা তৰাজিলমিল আকাশত
গৌতম বুদ্ধৰ হাঁহি  প্ৰতিধ্বনিত হয় !

তুমি খোজ কাঢ়িলে 
আকাশ খনেও উভতি চায়  !
———————————
শাওণৰ পথাৰত বনগীত এফাঁকি
বিকাশ গোহাঁই

শাওণৰ পথাৰত বনগীত এফাঁকি
ভাইৰেল হৈ পৰিছে
আৰু বন ফৰিঙৰ দৰে জঁপিয়াই ফুৰিছে
গালত বোকা, হাতত কঠিয়া
সৰুগাঁঠিলৈকে বোকাত সোমাই
এয়া তুমি কি কৰিছা ?
গোছি গোছি কঠীয়া মুঠি তুমি ৰুব জানা নে নেজানা
নে ৰীলৰ কাৰণে পথাৰত নামিছা!
উঠি আহা, উঠি আহা চেলাপেটী জোকে কলাফুলত ধৰিব যেতিয়া
চিঞৰি চিঞৰি গগন ফালিলেও নোলাব এৰুৱাই দিওঁতা!
—————————————————

Post a Comment

0 Comments