———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো - নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
———————————
বাটচ’ৰা
সম্পাদকীয়...
বিগত ২৮ জুলাই তাৰিখে প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্টাচাৰ্যৰ ৯৩ সংখ্যক জন্মদিৱসটি অসম সাহিত্য সভাই দিনযোৰা কাৰ্যসূচীৰে
সুগন্ধি পখিলাৰ দিন হিচাপে উদযাপন কৰে।
অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী,প্ৰধান সম্পাদক দেৱজিৎ বৰা, জাতীয় কবি আনিছ উজ জামান,কবি নীলিমা ঠাকুৰীয়া হক প্ৰমুখ্যে বিশিষ্ট কবিসকলৰ উপস্থিতিত কবি সন্মিলন উপসমিতিৰ উপ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত কাৰ্বিআংলং,ধেমাজি,বাক্সা,বজালী,বঙাইগাঁও,গোৱালপাৰা,শিৱসাগৰ,মৰিগাঁও,কামৰূপ(মহানগৰ),কামৰূপ,শোণিতপুৰ,দৰং কে আদি কৰি অসমৰ বিভিন্ন জিলা সাহিত্য সভাসমূহক প্ৰতিনিধিত্ব কৰি প্ৰায় তিনিকুৰি কাব্যনুৰাগী উপস্থিত থাকি হীৰুদাৰ এটিকৈ কবিতা, পাঠেৰে সকলোৰে প্ৰিয় কবিগৰাকীক স্মৰণ কৰে।
কাব্যনুৰাগীৰ ক্ষেত্ৰত সততে শুনি থকা অভিযোগটোক নস্যাৎ কৰি সিদিনা অনুষ্ঠানৰ শেষলৈ প্ৰায়সকল কাব্যনুৰাগী উপস্থিত থাকি ,কাব্যনুৰাগীসকলে প্ৰমাণ কৰি দেখুৱালে যে কবিয়েও আনৰ কবিতা পঢ়ে ,শুনে।
বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
অনুবাদ কবিতা
এলোমেলো
বিশ্বজিৎ রায়
কলকাতা, পশ্চিমবাংলা
যখন ভাত খেতে বসি, মনেহয়
আমার হাতের পাশে
আরও অনেকগুলো শীর্ণ হাত
ভাতের থালার দিকে এগিয়ে আসছে---
হ্যাঙার থেকে জামা নিয়ে পরতে গেলে মনেহয়
জামার ভেতর অন্য একজনের
শীর্ণ কঙ্কাল ঝুলছে,
যখন রাস্তা দিয়ে হাঁটি, মনেহয় যেন
আমার পায়ের নিচে রক্তের দাগ লেগে যাচ্ছে---
টিভি চালাতে ভয় পাই,
এই বুঝি আমার বাড়ির চারপাশে
বোম্বিং শুরু হয়ে যাবে,
পরপর মিশাইল হামলায়
মুহূর্তের মধ্যে ছিন্নভিন্ন হয়ে যাব আমি---
এই ভয়ে আমি এখন বাড়ি ছেড়ে রাস্তায় বেরোইনা
ঘরে বসে চা খাই, সিগারেট খাই,
টিভিটা বস্তাবন্দী করে রেখে দিয়েছি চিলেকোঠায়---
এরপরও আমার ডাক্তার বন্ধু বলছে
আমার মনের মেরামতি দরকার,
আমাকে নাকি খুব দূরে কোথায় নিয়ে যাবে
সামনের রোববার …
যাদৃচ্ছিক
মূল: বিশ্বজিৎ ৰায়
কলকাতা, পশ্চিম বাংলা
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ভাত খাবলৈ বহিলেই যেন মোৰ হাতৰ কাষৰ ভাতৰ প্লেটখনৰ কাষ চাপিছে আৰু বহুতো ক্ষীণ হাত---
পিন্ধিবলৈ হেঙাৰৰপৰা চাৰ্ট এটা লওঁতে এনে লাগে যেন চাৰ্টৰ ভিতৰত ওলমি আছে আন এজনৰ ক্ষীণ কঙ্কালটো,
পথেৰে খোজ কাঢ়িলে যেন ভৰিত তেজৰ দাগ পৰিছে---
টিভি অন কৰিবলৈ ভয় লাগে,
মোৰ ঘৰৰ আশে-পাশে বোমা বিস্ফোৰণ আৰম্ভ হ’ব যেন লাগে,
একেৰাহে ক্ষেপণাস্ত্ৰ আক্ৰমণত মই ক্ষন্তেকতে ছিন্নভিন্ন হৈ পৰিম---
এই ভয়ৰ বাবেই মই আৰু ঘৰৰপৰা ওলাই ৰাস্তালৈ ওলাই নাযাওঁ।
ঘৰত বহি চাহ খাওঁ, চিগাৰেট খাওঁ,
টিভিটো ধোৱাচাঙত পেক কৰি থৈছোঁ---
তেতিয়াও মোৰ ডাক্তৰ বন্ধুৱে তেনেকৈয়ে কয়
মোৰ মনটো মেৰামতি কৰিব লাগিব,
নে মোক বহু দূৰলৈ লৈ যাব?
অহা দেওবাৰে...
———————————
কবিতা
মোৰ সুঁহুৰিটো
সংকেশ্বৰ কোঁচ
তোমাৰ বাটৰ ধূলিত মোৰ সুঁহুৰিটো আহি আহি
আজি হঠাতে লুতুৰিপুতুৰি হ’ল
ফাগুন বুলিলে যেনেকৈ গছৰ সৰাপাত
তেনেকৈয়ে তোমাৰ আলঙে আলেঙে ফুৰিছিল
মোৰ সুঁহুৰিটোও
তুমি ৰৈ গ’লে
প্ৰতিবাৰেই আহত হয় মোৰ সুঁহুৰিটো
এটা নিস্তেজ
চিয়াঁ
বিমৰ্ষ
কৃষ্ণপক্ষৰ ক্ষীণাংগী দেহধাৰীত
পৰিণত হয় সুঁহুৰিটো
মই মৰি যাব পাৰোঁ
তুমি বাৰে বাৰে ৰৈ গ’লে
কাৰণ তুমি ৰ’লেই ৰৈ যাবলগীয়া হয়
মোৰ সুঁহুৰিটো
মোৰ সুঁহুৰিটোৰো
এটা শৈশৱ আছিল
আছিল এটা কৈশোৰ উমলা মন
বাঁহীৰ ফুটাত ওলাই-সোমাই থকাৰ
দৈনন্দিন জীৱন
ৰাতি ৰাতি জোনাকী পৰুৱাৰ পিয়াপি
শিশুৰ থুনুকা খোজত
ঈশ্বৰ সজাগ আছিল মোৰ সুঁহুৰিটো
সেই একেটাই মোৰ সুঁহুৰি
তুমি শুনি আহিছিলা সৰুৰে পৰা
তাৰ সুবাস সুৰ
তোমাৰ পাঠ্যপুথিৰ পদ্যবোৰৰ দৰে
মুখস্থ হৈ গৈছিল সলসলীয়াকৈ
তাৰ অৰ্থ
আছিল যদিও
তুমি বুজি পোৱা নাছিলা
চেষ্টাও কৰা নাছিলা বুজিবলৈ
গেজেলা পাখি গজিলেহে
হাহেঁ মাত সলায়
সময়ৰ ফাগুনে সৰাপাত সৰালে
মোৰ দৰে সুঁহুৰিটোৰো
সলনি হ’ল সুঁহুৰিৰ সুৰটোও
তেজোদ্দীপ্ত যৌৱন
বৰ্ণালী বসনত আজি মোৰ সুঁহুৰিটো
সন্মুখত তানপুৰা লৈ বহি আছা তুমি
তোমাৰ তানপুৰা ৰাগত
মোৰ সুঁহুৰিটো বাজি আছে
তুমি মনদি বজাইছাও
শুনিছাও
তাৰ পিছতো তুমি মোক ক’লা,
সুহুৰিটো আকৌ মাৰাচোন,
মই আকৌ শুনোঁ
বৰ দুষ্ট দেই
তোমাৰ সুঁহুৰিটো
ওৰতো ৰাতি মোক শুব নিদিয়ে
মই ভবাই নাছিলোঁ
কাৰোবাক হাকুতিয়াবলৈ
মোৰ সুঁহুৰিটোৰো এটা সপোন আছিল।
——————————
পুৰাণ কথা
চয়নিকা ভূঞা
কথাবোৰ ভৰুণ হৈছিল
শাওণৰ দুপৰ এটাত
দেও ধৰা কাহিনীয়ে
সম্বন্ধৰ কথা পাতিছিল সেইদিনা
অ'ত ত'ত গজালি মেলা সম্বন্ধই
গা-ভৰা ৰ'দত গা তপতাওঁতে
তিনিআলিৰ মূৰত
বিয়নীৰ মেল
ৰঘুৰ ঘৈণীয়েকৰ গাত লেঠা
অহুকাণে-পহুকাণে খবৰটো
বৰঘৰ পালেগৈ
ৰত্নাকৰো এদিন বাল্মিকী হ'ল
পৰুৱাই পোৱা কথাবোৰ
বৰুৱানীৰ মুখৰ সাধু
নিশা হ'লে বেৰৰো কাণ থাকে
এৰাসুতী পাৰত ৰঘুৰ বিননি
"জী থকা মানেই জীৱন নহয়।"
-------------–––––––
আই
মনালিছা শইকীয়া
১.
এন্ধাৰৰপৰা পোহৰলৈ কেইখোজ বাট
বাঢ়ি অহা বিষত সেয়া কেৱল আয়ে জানে
পৃথিৱীৰ প্ৰথম পোহৰ দেখাৰপৰা
ভৱিষ্যতৰ অনিশ্চিত গতিপথলৈ কেৱল খোজ
আই তোৰ কোলাত আকৌ শিতান পাতিম
তোৰ দুখৰ আঙুলিবোৰ উমলিব
মোৰ মেঘবৰ্ণ চুলিৰ ঢৌত
উভতি আহিবনে
আই দুখৰ দিনত সুখ
আঁজলিপাতি তুলি ধৰিম তোৰ মুখ
বিষাদবিহ্বল মুখত ফুলিবনে এপাহি ফুল
আই
তোৰ স'তে আকুল অন্তৰংগ হিয়া
সুখে দুখে তুমুৰলি আমাৰ কলিজা
দিনবোৰ গলি গলি শেষ হয়
দুখৰ ভৰত শোকৰ শেতেলী উজাগৰে ৰয়
তোকনো কি কওঁ আই
এতিয়াযে ময়ো ইহঁতবোৰৰ আই
২.
আই
আমি নাৰী
কঠিন মাটিত
আমাৰ প্ৰতিটো খোজ
ৰ'দে বৰষুণে
কঢ়িয়াই ফুৰোঁ দুখৰ বোজা
সামৰি লওঁ যতমানে হা হুতাহ
শেলুৱৈ গজা শিল ধুই ধুই
আৰম্ভ কৰোঁ জাহ্নৱী যাত্ৰা
ওৰে জীৱন
কি বিচাৰো আমি
এটা সেন্দুৰীয়া বাট
এটা অমাতৰ মাত
অনাদৰী বিষন্ন জীৱনতো ৰহণ চৰে
সাতোৰঙী ৰামধেনুৰ হেঙুল হাইতালৰ
আমাৰ সপোনৰ পৃথিৱী জাৰজ
আমাৰ জীৱনৰ আকাশ অৰ্দ্ধ
সত্যৱতী আমি
মৎস্যগন্ধা আমি
আমাৰ দুহাতত দোলে
এই পৃথিৱীৰ আৰণ্যক সময়..
——————————
বানে শৱ আনে বুলি জানো
ববী দত্ত
ইখোজৰ পাছত সিখোজ গৈ আছোঁ
কেতিয়াবা লাহে লাহে কেতিয়াবা খৰকৈ
শৱ এটা কঢ়িয়াই লৈ ফুৰিছোঁ
ভাগৰি পৰিছোঁ ,ফোঁপাইছোঁ, আজুৰিছোঁ গছৰ শিপা
থেকেচি চাইছোঁ শিল
সাজিছোঁ পানী মিঠৈ,
অথচ স্থবিৰ হৈ পৰা নাই জীয়া সূৰ্য।
পোৱাঘণ্টাৰ বাবেও কথা দিব পৰা নাছিলোঁ
ঘোঁৰা ৰখীয়াজনক
আজীৱন পিঠিৰ ফালে থাকিম বুলি
ঘোঁৰাৰ লেকাম ধৰিবলৈ তেওঁতো শিকোৱা নাছিল
শিকোৱা নাছিল কদৱত কদৱত
যাত্ৰাৰ ৰিদম।
গানে কি আনে নাজানো
বানে শৱ আনে বুলি জানো
বেলি হেলান দিয়াৰ পৰত ক্ৰমান্বয়ে শটোৰ ওজন বাঢ়ে
নিঃশেষৰ দিশত শৰীৰৰ হিম'গ্লবিন কমে
তথাপি কঢ়িয়াই ফুৰিছোঁ গাভাৰী শৱ।
গন্তব্য স্থানত উপনীত হ'বই লাগিব বুলি নিশ্চয়তা আছে
জিৰণীবিহীন ভাবেই যাব লাগিব ,
ভাগৰি নপৰাকৈ
গুণগুণাই গুণগুণাই গাব লাগিব
তেজত উটা গান।
গানে কি আনে নাজানো
বানে শৱ আনে বুলি জানো।
-----------------------
অভীপ্সা
ড° আদিল আলী
হেৰাই যোৱা সুস্থ ভাবনাৰ এটি বাটত
অকলশৰে থিয় হৈ থকাটো
কিমান দুৰূহ্ কাম ভাবিলেই ভয় লাগে
পোহৰত মনৰ দুশ্চিন্তাবোৰে
মগজুৰ ভাৰসাম্যত
আউল লগাই
ভৰসাহীন কৰি তোলে
দিনৰ শ্ৰম যাত্ৰাৰ
অৱৰুদ্ধ হৈ পৰে
কবিৰ কলম যাত্ৰা
ৰচা তত্ত্ব পথ
ওভতি আহে জীৱনলৈ
বিকলাঙ্গ পংগু পোহৰ ধ্বনি
আন্ধাৰ নামিলে ধৰাত
দুগুণ চৰে
হুমুনিয়াহৰ অভিসম্পাত
মোৰ দুৰ্জেয় সাহস
শংকিত মনে
বহি পৰে
ঘৰৰ এচুকত
প্ৰদীপ্ত পোহৰ সম্ভাৱনাৰ শলিতা
তেল বিহীন হৈ
চাকিৰ বুকুত বন্দী হৈ থাকে
সপোনৰ বাটেৰে নামি আহি
অজস্র তৰাৰ দানৱে
মোৰ যোগাত্মক চিন্তাৰ পথত
হেঙাৰ হৈ
বিকট্ চিঞৰ মাৰে
কাল সাপ হৈ
মোৰ ওচৰে-ওচৰে ঘূৰে দুঃস্বপ্ন
সৌভাগ্যসূৰ্যৰ বুকুত
দুৰ্ভাগ্যৰ ছাঁ
সপোন সৰা
বিচ্ছিন্নতাৰ বিষাদ গান
ওঁঠত
শেঁতা পৰা জোনৰ আলোক্
অচ্ছেদিত্
দুখৰ বেৰ
————————
মোক আৰু নপঠিয়াব
দেৱ দাস
মোক আৰু নপঠিয়াব
অতদিনে
নৰকৰ দুৱাৰমুখেই
আশা কৰি কৰি
সঁচা
নৰকতকৈও
অধিক হ'লেযে
তালৈ যাব লাগে
মৰ্মে মৰ্মে অনুভৱ কৰিছোঁ
কাণত ধৰি
উঠা বহা কৰিছোঁ
যি আছে
আমাৰ জী থকাৰ
নৰকে জীৱন
পুনৰবাৰ
যমৰাজলৈ
শ্ৰদ্ধা নিবেদিছোঁ।
——————————
প্ৰেম লহৰে প্ৰহৰে প্ৰহৰে
(চিৰ স্মৰণীয় প্ৰিয় কবি শ্ৰদ্ধাস্পদ হীৰেন ভট্টাচাৰ্যদেৱৰ পবিত্ৰ স্মৃতিত)
মৰমী কাকতি
সোণালী শইচত
প্ৰেম লহৰে
সুগন্ধি পখিলা এটাই
ভুনভুনায়
প্ৰহৰে প্ৰহৰে
সঁজাল কঠিয়া ডৰাই
গান জুৰে
পথাৰ ছন্দিল
চহা ৰাইজৰ
হৃদয় শিহৰে
বুলবুলি জনী
উৰি ফুৰে
ৰঙে ৰঙে
অৰঙে দৰঙে
—————————————
শব্দবোৰ এনেকুৱাই
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
সন্যাস আশ্ৰমত পদাৰ্পণ
নকৰিলোয়েই বা
কাৰনো কি হ’ব
মোৰ কৱিতাই অনন্ত যাত্ৰা কৰিব
অনন্তকাল অতিক্ৰম কৰিব
কৱিতা শব্দটো সূৰুজৰ চৌপাশে ঘুৰিব
আলোকিত কৰিব মনৰ এন্ধাৰ
অন্ততঃ কৱি ৰাইজে
এই কৱিক মনত পেলাই ক’ব
শব্দবোৰ এনেকুৱাই
কাৰোবাক হহুঁৱায়
কাৰোবাক কন্দুৱায়...
——————————
ৰুটী
নৱজ্যোতি শইকীয়া
ঘিউ দিয়া ৰুটী
মই খাই ভাল নাপাওঁ;
সেই ৰুটীত মই দেখা পাওঁ
তৰ্জনী আঙুলি এটা বেঁকা
কৰি,
বেঁকা হাঁহি মৰা মানুহ এজন
তেলদিয়া ৰুটী খাই
মই ভাল নাপাওঁ;
সেই ৰুটীত মই দেখা পাওঁ
কাৰোবাৰ দুভৰি মৰ্দন কৰি,
মনোমোহন হাঁহি মৰা
মানুহ এজন
মই খাই ভাল পাওঁ
শুকান ৰুটী;
সেই ৰুটীত মই দেখা পাওঁ
সততাক আকোঁৱালি,
আকোঁৱালি সেউজীয়া
সপোন;
দুখতো হাঁহি থকা
মানুহ এজন
আৰু সেই ৰুটীত মই দেখা পাওঁ
মোৰো নিজৰ মুখখন
সঁচাকৈয়ে ৰুটী যেন
জীৱনৰ দাপোণ এখন।
——————————
এটি প্ৰশ্ন
ডাঃ বন্দনা তামূলী
পাগলাদিয়া নদীৰ
কোন ঘাটত আছিল
মোৰ দুখবোৰ
সেউজীয়া ধাননি ডৰাৰ
সেউজীয়া বোৰত
আছিল মোৰ প্ৰেম
ক’তনো দেখিছিলো
ৰূপালী জ্যোৎস্না
মোৰ মাধৱী জোন
কিমানযে স্মৃতি বিচাৰি পাওঁ
ডাৱৰৰ মাজেৰে সৰকি অহা
জোনাকী পৰুৱাৰজাকত ৷
——————————
মাজ নিশাৰ কবিতা
অঞ্জনা ৰূপা দাস
বিজুলী ঢেৰেকনিৰে অহা
বতাহ বৰষুণজাক
অলপ শাম কাটিছে
আঁউসীৰ ঘোপ মৰা আন্ধাৰ ভেদি
নিস্তব্ধতা আগুৱাই আহিছে,
অদূৰত ফেঁচাৰ নিউ নিউ চিঞৰ-
কুকুৰৰ গেঙনি,
ক'ৰবাত কুঠাৰৰ মাত
কাৰোবাৰ বুকু ভেদা আৰ্তনাদ
বিচনা কাষৰ বাঁহৰ বেৰত
এটা ঘৰ্ষিত শব্দ
দুৱাৰখন মেৰেক্ কৰিছে -
বুকুখনত দুদোন ধান বান্ধিছে
এইমাত্ৰ যেন এটা অঘটন --
তোমাৰ উপলব্ধি অগোচৰত-
অব্যক্ত বেদনাৰ
হুমুনিয়াই সাৱটি ৰখা
এই নিৰ্জন নিশা!
———————————
কাঞ্চনজংঘাৰ কথাৰে ...
ৰবিন কুমাৰ চেতিয়া
তোমাৰ বাউলী সুবাসে
হাতবাউলী মাতে মোক দূ্ৰৈৰ পৰাই
শুকুলা বৰফৰ চাদৰ মেৰিয়াই
নীৰবে নিমাতে বহি থকা তুমি
স্হিতপ্ৰজ্ঞ সাধক
খলা বমা দেহৰ ভাঁজে ভাঁজে
উৰি থাকে এজাক চঞ্চলা বতাহ
সুগন্ধি আঁচল উৰাই
তুমি অভ্ৰভেদী কাঞ্চনজংঘা
তোমাৰ ওঁঠৰ সুহুৰিৰ আঁৰত
বাৰে বাৰে হেৰুৱাব খোজো মই মোক
হৃদয় জুৰাই
তোমাৰ কোলাত বহি কাঞ্চনজংঘা
মনত পৰিছে আজি মোৰ
সৌ তাহানিৰ মৌ কথা
দেউতাৰ কান্ধত উঠি দুহাত মেলি
চুব খুজিছিলো দূৰণিৰ আকাশ
একছত্ৰী বীৰৰ দৰে ভীৰৰ মাজতো
কেনেকৈ পাইছিলো হেলাৰঙে
পৃথিৱীৰ উমাল ভালপোৱা
প্ৰভাতী সুৰুযৰ প্ৰথম কিৰণে
চুমা দিয়ে যেতিয়া তোমাৰ গালত
ৰঙৰ পোহাৰ মেলি নাচি উঠে তোমাৰ
লাস্যময়ী শুকুলা বুকু
হেজাৰ তৃষ্ণাতুৰ প্ৰেমিক প্ৰেমিকাৰ
শেষ হয় অপেক্ষাৰ অনন্ত সপোন
সকলোৰে হেঁপাহ কাষৰৰ পৰা
তোমাক এবাৰ চুই চোৱাৰ
সকলোৰে সপোন তোমাৰ সুউচ্চ শিখৰত .
বিজয়ৰ নিচান খোদিত কৰাৰ
আজি মোৰ কেনে লাগিছে জানা কাঞ্চনজংঘা
তোমাৰ বুকুয়েদি বগুৱা বাই বাই
মই যেন আজীৱন বগাই থাকিম
সাতোৰঙী ৰামধেনুৰ মায়াবী জখলা
তুমি ক'লেই দুহাত মেলি
থাউকতে আঁজুৰি আনি দিম
নীলা আকাশৰ জোন বেলি তৰা
তোমাৰ চৌপাশে মুখৰিত সদায়ে
নিলাজ মেঘৰ চুমাৰ বৰষুণ
গগণ ঢকা নীহাৰিকাৰ
উদুলি-মুদুলি গান
তুমিতো জানাই কাঞ্চনজংঘা
মোৰ অতীত ভবিষ্যত বৰ্ত্তমান
মোৰ চিন্তাৰ খোজে খোজে
মেলি দিছোঁ ভালপোৱাৰ দুহাত
তোমাৰ প্ৰেমৰ গুণ্ গুণ বৰষুণত
সদায়ে তিতিব পাৰো মই
মোৰ উশাহৰ প্ৰতিটো লহমাত
টিপচী হৃদয়ত সাঁচি ৰাখিছোঁ সদায়ে
শুকুলা প্ৰতিচ্ছবি তোমাৰ ৰূপৰ
হাঁহি আৰু চকুলোৰ
বাগৰি অহা হৰ্ষ বিষাদ
অনুভৱৰ অলকানন্দা নৈ হৈ
বৈ আছে আজিও মনত মোৰ
কাঞ্চনজংঘা তুমি অপৰূপা নন্দিনী
তুমি নুবুজা সাঁথৰ
তুমি মায়াবিনী ...
—————————
জীৱনৰ অৰ্থ
ৰুমী সেনাপতি ভূঞা
সময়ে শিকালে জীৱনৰ অৰ্থ
অভিজ্ঞতাই শিকালে সময়ৰ মূল্য,
ক্ষণিকতে জয় আৰু ক্ষণিকতে পৰাজয় ,
ছেদ - ভেদহীন ঘূৰ্ণীয়মান অনুভৱ,
মৰীচিকাৰে যেন তৃষ্ণিত মায়াৰ বিভ্ৰম,
বিচিত্ৰ জীৱনৰ বৰ্ণিল সংজ্ঞা
প্ৰিজমৰ দৰেই বিকিৰিত ৰশ্মি,
প্ৰতিধ্বনিত শব্দৰ মায়াজাল,
বতাহত ভাঁহি ৰয় সোৱৰণিৰ সুৰ ,
লহৰে লহৰে খেও ধৰি অনুভৱৰ নৃত্য ,
এৰাবাটে ৰিঙিয়াই পোহৰৰ সন্ধানত ,
ছায়াঘন কেঁকুৰিত ধূসৰ সপোন ,
সন্ধিয়াৰ নিৰ্জনতাত স্মৃতিৰ লুকা- ভাকু,
দূৰণীয়া বাঁহীৰ অস্পষ্ট মায়াবী সুৰ,
পৰিস্ফুট যেন স্মৃতিৰ এখনি সজীৱ ছবি ।
—————————
আমাৰ গাঁও
দেৱানন্দ ৰায়
আছে নেকি ক'ৰবাত,মৌসনা পৰিবেশ ?
আজৰি সময় কটাবলৈ শান্তিৰ নিবেশ।
ক'ত আছে পুথি ভঁৰাল, খেলপথাৰ, সংগীত, কলা -
বাদ্যযন্ত্র অনুশীলন আৰু সাহিত্য চর্চাৰ স্হান?
য'ত নৱ-প্ৰজন্মই কৰিব নিজৰ প্ৰতিভা বিকাশ!
কাৰ নাই হাবিয়াস , মনৰ চোখ পূৰাবলৈ?
চহৰ অঞ্চলত সকলো সুলভ,
কিন্তু গাঁৱলীয়া অঞ্চলত কল্পনাৰ নিলগত।
নিজৰ ঘৰ খনতেই ৰচক সাহিত্যৰ সোপান।
গল্প-কবিতা ৰচনা কৰিব,
দশেদিশে বিয়পি পৰিব আপোনাৰ জয়গান।
আজৰি সময় ৰং -ধেমালিৰে পাৰ হব,
জগতে জানিব আপোনাৰ গুণগান।
——————————
মৃত্যুমুখী তেখেতলৈ
সুপ্ৰীতি বৰুৱা
মৃত্যুমুখী তেওঁ
হাহাকাৰ কৰে
বিচাৰে আত্মীয়জনক
ক্ৰমান্বয়ে দিন মাহবোৰ গতি কৰে ,
বিচৰণবোৰ হাহাঁকাৰ ৰূপলৈ সলনি হয়৷
হঠাৎ এবাৰ লগ পোৱাৰ ক্ষণ৷
আশীষ ধন্য হে পৰম শ্ৰদ্ধাৰ সুহৃদ
প্ৰণাম শতকোটি
মহানতাই লৈ যাওঁক হে বৰেণ্য জন
মানৱতাৰ জয়গানেৰে সঠিক পথপ্ৰদৰ্শক হোৱা
মোৰ আত্মগ্লানিক পোহৰাই তোলে
তেওঁৰ বদান্যতাক শিৰত লওঁ অকপটে
সোৱঁৰাই দিয়ে 'মোক' ,’মই’ বিশেষণ বোৰ
পখালি পেলাওঁ ’মই’ ,’মোৰ’ আমি ’ আমাৰ ’’তহঁত “তোমালোক“ ইত্যাদিৰে,
———————————
ঘনচিৰিকা
যামিনী দেৱী
"মুখত এডাল দূবৰি বন
এডাল খৰিকা
মোৰ চোতালত ওমল্হি
অ'ঘনচিৰিকা।"
অসমীয়া সংস্কৃতিৰ বাহক
চোতাল নাইকীয়া হ'ল
দূবৰি বন গজিবলৈ
ঠাইৰো অভাৱ হ'ল
ঠোঁটত খৰিকা লবলৈ
খেৰৰ জুপুৰিবোৰ ক'তবা হেৰাল
সেয়ে হবলা
ঘনচিৰিকাবোৰো
অগোচৰ হ'ল
ৰাতিপুৱাৰ সোনালী ৰ'দত
ৰূপালী বালিচন্দা জিলিকে
বালিচন্দাৰ সাগৰত
এজাক ঘনচিৰিকাই গা-পখালে
শৈশৱতে আইতাই কৈছিল
কোন-কোন আছা সোলা
ঘনচিৰিকাই গা-ধোৱা বালি
সোলা দাঁতত লগোৱা
সাত দিন পিছতে গজিব দাঁত
গমেই নাপাবা
আইতাৰ এই কথা
সঁচা নে মিছা আমি নাজানো
সৰল বিশ্বাসতে
বালি গটোৱাৰ বাবে
দৌৰা-দৌৰি কৰোঁ
বিলুপ্ত চৰাইৰ তালিকাত
ঘনচিৰিকাৰ নাম
সকলোৱে মিলি আমি
খেৰ-বাঁহৰ জুপুৰি সজাম
চিৰিক-চিৰিক মাতেৰে
প্ৰভাতী গানেৰে
আই ধৰিত্ৰীক
জগাব পুনৰাই।
——————————
সূৰ্যস্নাতা
মুক্তিস্নাতা শৰ্মা
"জুলাই মাহৰ প্ৰখৰ ৰ'দটোৰ দৰে তোমাৰ প্ৰেমে মোক দহিছে"
প্ৰেমৰ দহনতো আছে এক মাদকতা ,
নিশ্চয় আহিবা এজাক বতাহ হৈ ,
কিম্বা এজাক বৰষুণ হৈ,
শীতলতা লৈ...
শীতলতা অহাৰ অপেক্ষাত
দহিছো মই সূৰ্যস্নাতা হৈ...
——————————
অকলশৰীয়া
পাপুজ্যোতি পেগু
খিৰিকীৰ কাষত বহি চাওঁ দূৰলৈ,
বেলিটিয়ে বিদায় মাগে আবেলিৰ আকাশত।
চৰাইৰ জাকে উভতিছে নিজৰ বাহলৈ,
মোৰ মনটোও হেৰাই যায় কোনোবা অতীতত।
কোঠাটোৰ চাৰিবেৰৰ মাজত বন্দী,
নীৰৱতাই মোৰ সৈতে কথা পাতে।
পুৰণি স্মৃতিবোৰে আহি জুৰুলি-জুপুৰি কৰেহি,
বুকুৰ মাজত এক গভীৰ হুঁমুনিয়াহ ৰৈ যায় মাথোঁতে।
ৰাতিৰ আকাশত জিলিকি থকা তৰাবোৰ,
মোৰেই দৰে যেন সিহঁতো অকলশৰীয়া।
জোনটিয়েও হাঁহি মাৰি চায় মোৰ ফালে,
বুজি পায় চাগে মোৰ মনৰ অৱস্থা।
অপেক্ষাৰত দুচকুৱে সদায় বাট চাই ৰয়,
কোনোবা চিনাকি মাত কাণত পৰেহি নেকি বুলি।
ভীৰৰ মাজতো মই থাকোঁ অকলশৰে,
নিজকে বিচাৰি ফুৰোঁ দিনে-ৰাতি।
তথাপি এই অকলশৰীয়া সময়বোৰেই মোৰ আপোন,
নিজৰ সৈতে চিনাকি হোৱাৰ এক সুযোগ।
জীৱনৰ এই যাত্ৰাত মই নিজেই নিজৰ সংগী,
এয়াই হয়তো নিয়তিৰ এক গভীৰ সংযোগ।
———————————————————

0 Comments