পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ নৱম সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
———————————
বাটচ’ৰা
সম্পাদকীয়...

  বহুদিন হ’ল কবিতা নিলিখা। আচলতে ব্যস্ততা এক অজুহাতহে। আচলতে কবিতা লিখিবলৈ অন্তৰ আত্মাৰ যি তাগিদা, সেইটো ক্ৰমশঃ হেৰাই যাব ধৰিছে। 
এনেও মনৰ স্বত্বঃস্ফুৰ্ত তাগিদা অবিহনে ,কবিতা জোৰ কৰি লিখাৰ কথা নহয়। 
   লিখিব নোৱাৰিলেও কবিতাৰ পৰা আঁতৰি যোৱা নাই। যাব নোৱাৰো। কবিতাৰে সংপৃক্ত হৈ আছো। অসম সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠানটোলৈ সেৱা আগবঢ়োৱাৰ পৰম সৌভাগ্য হৈছে।সেয়ে এইক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছোঁ।কৰি যাম। মাথোঁ লাগিব আপোনালোকৰ আন্তৰিক সহযোগিতা।
  

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
            অনুবাদ কবিতা       
In the twilight rain 
by Matsuo Bashō

In the twilight rain

these brilliant-hued hibiscus . . .

A lovely sunset

মুনিচুনিৰ বৃষ্টি (৫-৭-৫অত সজোৱা)
মূল: মাটছুও বাশ্বো
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

মুনিচুনিৰ বৃষ্টিৰ আৱেশ

ৰক্তজবাৰ এই উজ্জ্বল ৰঙ

 এটি ভূবনমোহিনী সূৰ্যাস্ত।
——————————
বাংলা কবিঃ আহচান হাবীব
কবিতাঃ মৃত্যু
তৰ্জমাঃ ডঃ ইকবাল হোচেইন খান


কিছু মৃত্যু আহি দি যায় নতুন স্বাক্ষৰ ।
এই মৃত্যু  দি যায় জীৱনৰ মুক্ত পৰিসৰ ।
ক্ষণস্থায়ী জীৱনৰ এই মৃত্যু কৰে সংস্কাৰমুক্ত ।
দুৰ্বল মনত সেই দিনত  এই মৃত্যু লৈ আহে নিৰ্ভীকতা ।
ভাল পায় এই মৃত্যু হানে চৰম আঘাত ।

কিছু মৃত্যু আহি আঘাত হানে উজাগৰ নগৰীত ,
প্ৰতি ঘৰে ঘৰে দি যায় জীৱনৰ উন্মাদনা ,
থৈ যায় পদচিহ্ন। চেতনাৰ অনিৰ্বাণ দহন 
জ্বলাই দিয়ে বুকুত , জাগে কিছু নতুন প্ৰৱাহ --
ভাহি যায় সেই প্ৰৱাহ  একক ক্ষণস্থায়ী জীৱনত 
কঠিন চৰম বাধা ।
এটা সপোন সহস্ৰ জীৱনৰ ।

এই মৃত্যুৰ বাটে বাটে আগবাঢ়ে মৃত্যুহীন নাম ,
সংঘৱদ্ধ জীবৱন এই মৃত্যু দি যায় মুক্তিপ্ৰাণৰ কঠিন সংগ্ৰাম ।
দূৰন্ত প্ৰাণবন্ত দিনত দেখা দিয়ে উচ্চ শিখৰত ।
ইমানপৰ নিৰ্ভীক নতুন 
প্ৰত্যয় প্ৰতিজ্ঞাৰ এক সূৰ্য আকুণ্ঠ আত্মাৰ
বহ্নিমান হৈ উঠে অৱৰুদ্ধ আকাশৰ মাজত ।
———————————
                    কবিতা            

নিজান পৰা ৰাতি
মিণ্টু সাগৰ 
(নামঘৰীয়া আৰু বাটৰুৱা কথাৰ আঁ‌ত ধৰি)

১। 
নিজান পৰা ৰাতি 
বুঢ়া ডাঙৰীয়াৰ পদ শব্দ 
কটব কটব কৈ বাজি উঠে 
আৰু নামঘৰীয়া ডাইটিয়ে বোলে কাণ উনাই শুনে সেই পদ শব্দ

বাটচ'ৰাৰ পৰা শিলৰ সাঁ‌কোলৈ শিলৰ সাঁ‌কোৰ পৰা বাট চ'ৰালৈকে ডাঙৰীয়াৰ পদ শব্দই 
যেন ৰাতিটোক গচকমাৰি ধৰে

 ২। নিজান পৰা ৰাতি 
জয়াল হয় শিলৰ সাঁ‌কো কিম্বা বাটচ'ৰা 
তাতে বাটৰুৱা আজি অকলশৰীয়া নামদাংৰ ইপাৰৰ পৰা শিলৰ সাঁ‌কো  সিপাৰ হোৱালৈকে 

বাটৰুৱাৰ মুখত 
"নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ। 
ভজোহো তোমাৰ দুই পদ অৰবিন্দ।।"                                               
(টোকাঃ নামদাং - এখন নৈৰ নাম। টাই আহোম শব্দ। নাম +দাং। নাম মানে পানী আৰু দাং মানে ৰঙা।
"নাৰায়ণ হৰি --- পদ অৰবিন্দ"- নামঘোষাৰ পৰা অনা হৈছে।)
——————————
আকাৰ
ববী দত্ত 

হাতেৰে লিৰিকি বিদাৰি ভাঙি পেলোৱা হ'ল পানী মিঠৈৰ বসন
মানচিত্ৰহীন এখন  অকলুষ পৃথিৱীৰ ছবিত চাইৰঙী জোঙা কলমৰ আগ্ৰাসন
গোটা কলমৰ ধাৰ ক'লৈ গ'ল ?
চেপেটা তৰোৱালৰ ধাৰ ধাৰতে ৰ'ল!

টেঁটু বেঁকা কৰি কোন হিলৈধাৰীয়ে চালে স্থানৰ মান
ওখ নে চাপৰ
নে খলাবমা দুয়ো কান
কেশবিহীন মুণ্ড,উপমেয় উপমান।
ওখ মাটিত শুই একেৰাহে লিখি থাকে আকাশৰ 
নক্ষত্ৰ পুঞ্জ
ধ্ৰুপদী পোহৰৰ অলংকাৰ
আৰু অলপ নপঁচা জিভাৰ ভগ্ন কাহিনী।

জঁট লগা চিন্তাবোৰৰ বাবেই কামত সুবৰ্ণ টিং নিজিলিকে
যুঁজাৰুৰ বিমানত ধোঁৱাই ধোঁৱাই জুই লাগে
ডাঠুৱা দেশৰ সিপাৰৰ অন্য দেশত নাগৰিকৰ বৰপেৰা হেৰায়
অগীয়া বগীয়াকৈ ওলোটা খৰ মাৰে মানুহৰ অদেহী ভাগ্যই।

খেনোৰ লোভৰ লেলাউটি জলৌলৌৱা চোলা তিতে
খেনোৰ খঙত ভ্ৰূৰ মাজত বহি ৰয় আঙঠা সূৰ্য
কাৰোবাৰ ওঁঠ আৰু চকুৰ যুগলবন্দী থমথমীয়া হাঁহিত কাকিনি সিংহাসন এখন জিলিকি উঠে।
সিংহ উঠে
ময়ূৰ নাচে
কৌশলেৰে অকহি-পুৰুষলৈ সাঁচি ৰাখে সম্পত্তি ,
অপথত পথ বান্ধি।

কপালত নেওতা লিখিবলৈ ঘৰবোৰ পাৰি লোৱা হ'ল

চোতালৰ আগৰ দূবৰি 
ভৰিৰ তলত নিমাতে ৰ'ল।
———————————
ঈশ্বৰ
চয়নিকা ভূঞা 

মুখৰ আঁৰৰ মুখ
তাতেই অজস্ৰ কাহিনী 
তাতেই কেৰুণ
তাতেই ভাঙোন

গছৰ শিপাত ঈশ্বৰ
মন্দিৰত ঈশ্বৰ
হাতৰ মুঠিত ঈশ্বৰ

প্ৰয়োজন থাকিল ক'ত !

কথা হেন্দোলোপদোপ
ঔ-তলা বাটত ঘূৰণীয়া মেজমেল

ঈশ্বৰক মেনেজ কৰাত সকলো পাকৈত 

পৃথিৱীখন ঘূৰণীয়া
সকলো ভেকোভাওনাৰ
আঁৰত
এজনেই ঈশ্বৰ ।
———————————
স্বাধীনতা তুমি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

স্বাধীনতা 
তুমি মোৰ 
মৌসনা আইমাত
টোতয়-চপয়
বৰগীত-বনগীত

তুমি কনকলতাৰ 
তেজেধোৱা কজলা কেশ 
যেন কুৰুৱা বতাহত উৰা পতাকা
সৃষ্টিৰ আনন্দত কঁপি উঠা 
উদাত্ব কণ্ঠ
বন্দেমাতৰম 
বন্দেমাতৰম

তুমি যুগে যুগে অঘোষিত 
অসমবুৰঞ্জী
আজিও পাথৰিঘাটে ৰিঙিয়ায়
ফুলগুৰি ঢেকীয়াজুলিয়ে বিনায়

তুমি পতাকা আৰু শ্লোগানেৰে সজ্জিত এটি তেজাল শোভাযাত্ৰা
মুখবোৰ হিয়াবোৰ পুলকিত
ৰহদৈপথাৰৰ ৰোৱণী-দাৱনীৰ 
বৰহমঠুৰীয়া হাঁহি
গোৰ্খালী গাভৰুবুকুৰ 
উজান-ভাটী

তুমি ৰ’দঘাই দুপৰীয়া
গাঁওলীয়া ছোৱালী বোৱাৰীৰ
বৰপুখুৰীত মেলা চিলনীসাঁতোৰ
পাতৰ আঁৰত খহি পৰা হংসপিৰিতি
ৰ’দে পোৰা হালোৱা-বনুৱাৰ
নিপুণ বাহুৰ পাহোৱাল পেশী

তুমি সীমান্তত 
অতন্দ্ৰ প্ৰহৰীৰ চকুৰ জিলিকনি
লুইতৰ পাৰৰ অগ্নিসুৰ
বিষ্ণু ৰাভা সুধাকণ্ঠৰ আভা
কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি

তুমি ক’লাসোণ 
সেউজীপাতৰ আঁৰৰ
কুৰুৱা-পছোৱাৰ সংলাপ
অম্বিকাগিৰীৰ চেতনাৰ-ঝাৰু
লুইত-সোৱনশিৰীৰ বুকুত গঁজা
কোমল কহুৱাৰ লাচোন-কাচোন
পিতৃৰ 
কোমল প্ৰাৰ্থনাৰ উদাৰ ভূমি

তুমি আইৰ শুভ্ৰবসন আৰু
শ্বেত চন্দনতো সুবাস
বাই-ভনীৰ 
লাহতী হাতৰ জেতুকাৰ বোল  
বন্ধুৰ হাতত 
তৰাৰ দৰে জিলিকি থকা 
এখন ৰঙীন পোষ্টাৰ
এগৰাকী গৃহিণীৰ 
অখণ্ড অন্নপূৰ্ণা হাইহাল

তুমি মাতৃভূমিৰ 
ময়নাপাৰিজাত ময়নামেল
কণটিলৌহঁতৰ 
হাতৰ চিলা-চকৰি
শিপিনীৰ শালত 
ফুলি উঠা সূৰ্য্যৰ খেলা
মোৰ দেশৰ 
তিনিবৰণীয়া জাতীয় পতাকা

স্বাধীনতা 
তুমি স্বতন্ত্ৰ ভাৱনা 
মোৰ কৱিতাৰ বহীখনত 
ইচ্ছামতে লিখিবলৈ শাণিত শব্দৰ জনজননি...
————————————————————
এজাক সুখী চৰাইৰ প্ৰাৰ্থনা
ৰেখা বৰকটকী

ঠোঁটে ঠোঁটে একোটা  অমাত বিজ্ঞাপন
নৈশব্দ্য বিলাপ !
পাখিত পাখি গুজা 
মধু আলাপন...
শুনিছো,সিহঁতে হেনো নিজাকৈ এখন আদালতো পাতিব 
সীমা মীমাংসা কৰিব পৰকীয়া প্ৰেম, শালীনতা হানিৰ বিচাৰবোৰ নিজে হাত পাতি ল'ব। 
দৰমহাৰ  বিপৰীতে থাকিব কিছু বুজা পৰা অলপ আবদাৰ...
স্নেহময় আলিঙ্গন...
কিয়নো
এতিয়া সিহঁত শিয়ান হৈছে
বুজি উঠিছে
অঘৰী বাসনাবোৰ তৃপ্ত হোৱাতেইযে জীৱনৰ কথকতা।

কথা ক'ব নোৱাৰে বাবে সিহঁত বিশেষভাৱে সক্ষম কিয় হ'ব?
কিচিৰ মিচিৰ ভাষাশৈলীৰ অভিধানখন সযতনে সকলোৰে মুখত।
বিচাৰৰ কাঠগড়াতো
আহুকাল নাই..
জোৰ যাৰ মুলুক তাৰ ,
ৰক্ষকে ভক্ষক
এনেবোৰ কথাযে নাই
এজাক সুখী চৰাইৰ প্ৰাৰ্থনাৰে আকাশ ফৰকাল হ'ব...
নাথাকিব কলূষতা ,অন্যায় আৰু প্ৰৱঞ্চনা
কাৰুণ্য ,বিষাদ ,হতাশাৰ বুৰঞ্জীখন এজাক শীতল আৱেশে ধুই নিব
কণ্ঠত বাজিব কলকণ্ঠ 
ভাষাহীন সুৰৰ ৰাগ-ভৈৰৱী
পূবৰ আকাশে ঢলফাট দিলেই লৰালৰি  হোৱা সিহঁতৰ দিনপঞ্জীখন
অলপ সাল-সলনি হ'ব
পোনাকণহঁতকযে ডাঙৰ কৰাৰ দায়িত্ব
উৰিবলে শিকোৱা

মুখত আহাৰ গুজি ভাষা শিকোৱা 'আইজনী '
মানুহতকৈ কমনে?
প্ৰেম আছে বাবেই কিচিৰ মিচিৰ শব্দবোৰ,
দুখ নাই বাবেই অঘৰী হিয়াৰ গানবোৰ,  
সংঘাতে জুৰুলা কৰা বুকুবোৰ বজ্ৰৰ দৰে কঠিন বাবেই নেকি সিহঁত চৰাই?
অতন্দ্ৰ প্ৰহৰী হৈ মানুহৰ কাষে কাষে ফুৰোতে মানুহেই হয় ঘাতক
মানুহৰ বুকুত ঘৰ সজা কণমান হিয়াত মানুহলৈ হিয়াৰ আকূতি...
——————————
সন্ধিয়া আৰু ৰাতিপুৱা 
ৰমেশ চন্দ্ৰ ৰায় 

সন্ধিয়া লাগিছে
বগলী এজাকৰ নীৰমুখী ছন্দোবদ্ধ উৰণে আকাশখনক চিত্ৰপটলৈ ৰূপান্তৰ কৰিছে 
সূৰ্যটোৱে দূৰৈৰ আকাশখনলৈ দিনান্তৰ ৰঙ এচিকুট ছটিয়াইছে।
ধীৰে ধীৰে আন্ধাৰে মেৰিয়াই ধৰিছে  সেউজীয়া গছবোৰ। 
বাহলৈ ওভোতা চৰাইবোৰে  দিনটোৰ কথা-বতৰা সামৰিছে ।

সন্ধিয়া ভাগিছে।
বাৰান্দাত অতীত ৰোমন্থন ।
নিশাৰ কীটবোৰে আৰম্ভিলে লানি নিছিগা গীতৰ শৰাই ।

সুদূৰৰ আকাশচুম্বী চহৰখনত জ্বলি উঠিল 
ৰঙীণ উজ্জ্বল বিজুলী চাকিবোৰ। 
বতাহত ফাষ্টফুডৰ গোন্ধ ।
এজাক মতলীয়া গ্ৰাহকৰ হাতত পানীয়।

ৰাতি বাঢ়ে , ৰাতিৰ ছাঁ বাঢ়ে।
এফালে বাৰান্দাত সাপৰ দৰে বগাই অহা মেঘৰ ছাঁ 
আনফালে ৰঙীন পৃথিৱীৰ চাকনৈয়াত কোনোবা হেৰাই যোৱাৰ ক্ৰন্দন ।

ৰাতিপুৱা এক পৌনঃপুনিক আহ্বান।  
আজুৰি আনিব লাগিব ভৱিষ্যত ।
প্ৰজন্মৰ প্ৰত্যাহ্বান।
——————————
"কবিতা: জীৱনৰ এক ব্যতিক্ৰমী দৃষ্টিভংগী"
তানিয়া মধুকল্য

কবিতা বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মনলৈ আহে শব্দৰ এখন কাল্পনিক মানচিত্ৰ। বা সহজভাৱে ক'লে আমাৰ মনৰ জীয়া অনুভূতিবোৰ। কিন্তু প্ৰকৃতাৰ্থত কবিতা বাৰু ইমানতেই সীমিতনে? নে কবিতাৰ পৰিভাষাই ইমান? 

            কবিতা সাধাৰণ মানুহৰ বাবে এক জীৱনশৈলী। কবিতাক যদি জীৱন দৃষ্টিৰে চোৱা হয় তেন্তে ই এজন অনুভৱী কবিৰ কাল্পনিক চিত্ৰকল্পৰ এক জ্যোতিষ্ময়ী প্ৰতিবিম্ব । যি প্ৰতিবিম্বত প্ৰতিপল ওলমি থাকে তেওঁৰ জীৱন নামৰ এখন কাল্পনিক দাপোন। প্ৰসিদ্ধ কবি ৱৰ্ডছৱৰ্থে কৈছিল- "Poetry is the spontaneous overflow of powerful feelings." অৰ্থাৎ কবিতা আমাৰ অৱচেতন মগজুত অহৰহ চলি থকা এক শক্তিশালী আৱেগ। ক'বলৈ গ'লে কবিতাৰ ক্ষেত্ৰখন বৰ বিৰল আৰু বিচিত্ৰ। কবিতা কেৱল আমাৰ মনৰ অনুভৱেই নহয়! ই বিচিত্ৰময়ী শব্দৰ অলংকাৰে সজোৱা কল্পনাৰ ঠুনুকা বালিঘৰ। য'ত এটা গভীৰ অনুভৱে নীৰৱে থিতাপি লয়। কবিতাই অনুভৱী কবিক এটা নতুন জীৱন দিয়ে । কবি কল্পনাৰ মৰীচিকা । কবিতা তেওঁৰ বিশাল মৰুভূমি। সহজকৈ ক'লে স্থিতপ্ৰজ্ঞ জীৱনৰ গতিশীলতাই হৈছে কবিতা। 

          কবিতাৰ বৈশিষ্টই সুকীয়া । কবিতা জীয়াই থাকে প্ৰকৃতিত। এই বিশাল আকাশ, এই সমস্ত সেউজীয়াবোৰ, এই মুক্ত বায়ুমণ্ডল , এই স্ৰোতস্বিনী নদীখনৰ প্ৰবাহ, এই নীলিম জলৰাশি এইবোৰ একোটা জীৱন্ত কবিতা। যিয়ে প্ৰতিপল উপলব্ধি কৰায় ক্ষন্তেকীয়া জীৱনৰ সোঁৱৰণীৰ মূহুৰ্তবোৰ। সাধাৰণতে কবিতাত ঘাইকৈ সন্নিৱিষ্ট হয় প্ৰেম, হৰ্ষ, বিষাদ, স্মৃতিৰ দৰে জীয়া অনুভূতিবোৰ। কবিতা জীয়াই থাকে আশাৰ বিশ্বাসত। আশা থাকিলেহে জীৱন সুন্দৰ আৰু সুখৰ হয়। আশাৰ ওঁঠতেই প্ৰতিপল বিৰিঙি থাকে জীৱন নামৰ সুখৰ হাঁহিটো। 
           দুৰ্দশা, দুৰ্গতি, দুৰ্দিন, আৰু নিৰাশাৰ মাজতো সুখৰে জীয়াই থাকে আশা। ঠিক তেনেদৰেই কবিতাও এক আশাৰ আভাস। জীৱন জীনাৰ প্ৰেৰণাৰ গান গায় আশাই। নিৰাশাৰ মাজতো আশাৰ কিৰণৰ নামেই হ'ল কবিতা। 
             প্ৰসিদ্ধ কবি শ্বেলীয়ে এটা কবিতাত  কৈছিল- "If winter comes can spring be far behind??" অৰ্থাৎ শীত যদি পূৰ্বেই আহে বসন্ত জানো নহাকৈ থাকে?? সহজকৈ ক'লে নিৰাশা আহিলে আশা জানো নহাকৈ থাকে ??  কবিতাও ঠিক তেনেকুৱাই আশাৰ প্ৰতীক। সেয়ে হয়তো কবিতাৰো আছে এক বিশেষ স্বকীয়তা। কবিতা অকল শব্দৰ বালিঘৰেই নহয়। ই কবিৰ জীৱন্ত অনুভূতি। প্ৰেমৰ স্থায়ী ঠিকনা। 
            কবিতাই সুখী জীৱনৰ গান গাই। জীৱনবোধৰ দৃষ্টিভংগীৰে চালে কবিতাৰ সৌন্দৰ্য স্ফুতি উঠে। কবিতাক উপভোগ কৰিব লাগে, জীৱনৰ দৰে। কবিতা সদায় ব্যতিক্ৰম। প্ৰতিদিনেই এটা চিন্তাৰে সজীৱ হৈ উঠে। কবিতাৰ ঠিকনা বিচাৰিব নালাগে। কবিতাক পোৱা যায় দুখীয়া আৰু পীড়িতজনৰ উৰুখা পজাঁত, কবিতাক পোৱা যায় কৃষকৰ সেউজ পথাৰত, কবিতা উপঙি থাকে এমুঠি সুখৰ জোনাক হৈ। সেইবাবেই হয়তো কবিতা ইমান ধুনীয়া। 
         কবিতাই সাধাৰণ মানুহৰ জীৱন সজায়, সময়বোৰ সুখৰ কৰে। প্রতি মূহুৰ্ততেই এক নতুনত্বৰ আভাস দিয়ে। কবিতা অপৰিসীম। তাৰ পৰিভাষা আনতকৈ বহু সুকীয়া। সাধাৰণ হৈয়ো অসাধাৰণ বৈশিষ্ট্যৰে সুসজ্জিত এক ব্যতিক্ৰমী প্ৰতিবিম্ব। "জীৱন" সঁচা অৰ্থত এক জীৱন্ত কবিতা। যিয়ে কৈ যায় অনুভৱী মনৰ অকথিত কাহিনীবোৰ। সঁচাকৈ জীৱনবোধৰ দৃষ্টিভংগীৰে চালে কবিতা সদায় বিশেষ, সদায় ব্যতিক্ৰম, সদায় ধুনীয়া। 
———————————————
অনন্ত স্ৰোত 
ৰুমী সেনাপতি ভূঞা 

অস্তাচলত সূৰুযৰ হেঙুলী ৰহণ,
শেঁতা হাঁহিৰে অস্তিমিত বিদায়ী লগন, 
আলো-ছাঁয়াৰ ধূসৰতাত সময হেৰাই, 
ভাগৰুৱা অনুভৱে বিশ্ৰাম লয়,
বতাহত যেনা ভাঁহি ৰয় আশ্বাসৰ স্বৰ --

গৈছে যদি যাবলৈ দিয়া 
ৰৈছে যদি ৰবলৈ দিয়া  !
এই যে অহা আৰু যোৱাৰ 
মাজৰ অস্থিৰ আৱেগিক পল, 
এয়াইতো 'সন্ধিক্ষণ',

আৰস্থ সময়ৰ অন্বেষণ 
সময়ৰ স'তেই যেন 
অনুভৱৰ লুকা-ভাকু 
চাকিৰ শিখাৰ দৰে 
মাঁথো কঁপি কঁপি জ্বলি ৰয়, 

অতীতৰ ৰোমন্থিত মধুৰ স্মৃতি,
বৰ্তমানৰ সুৰীয়া সময়ৰ গান, 
ভবিষ্যতৰ আশাৰ লহৰিত ঊৰ্মিমালা, 
অজস্ৰ ভাৱনাৰ সন্মিলিত সমাহাৰ,
সৃষ্টিশীলতাৰে যেন নৱ উন্মেষ ।

যুগ যুগ ধৰি ইতিহাস সাক্ষী  ,
প্ৰৱাহমান সৃষ্টিৰ অনন্ত স্ৰোত 
কত যুগ কালৰ বুকুত হেৰাই গ'ল ,
সমাধিস্থ প্ৰাপ্তি-অপ্ৰাপ্তিৰ ৰমণীয় গাঁথা,
অনুভৱ সামৰি পাহৰণিৰ বুকুতে  বিলীন !
——————————
ৰাগী
মৰমী কাকতি

অপাৰ মৰমত
চিত পখিলী
ইপাৰ-সিপাৰ
কৌতুহলী

চেনেহত পমি
টোল পৰা গালত
ৰঙা গোলাপী
হেৰায় থৰকাচুটি

নিচা লগা
প্ৰেমৰ ৰাগী

মাদলত
বাদল উৰে
আল্‌টা সনা ভৰিত
ছন্দ লাগে

নিচাত নিশিগন্ধা
নিচাত গাভৰু সন্ধ্যা

বিমূৰ্ত নিশা
আকণ্ঠ নিচা।
————————
অজ্ঞাত
ৰঞ্জন বৰ্মন

বহু দিনৰে পৰা কিবা এটা বিচাৰি 
ঘূৰ্মুটিয়াই ফুৰিছোঁ 

বীজগণিতৰ দৰে ধৰি লৈছো সি এটা - শব্দ

সেই অজ্ঞাত শব্দটো বিচাৰি মই ভ্ৰমণ কৰিছোঁ 
অতীত আৰু বৰ্তমান, নিশা আলহী হৈছো নিষিদ্ধ গলিৰ 
বহু ৰমাৰ ঘৰত

মৌপ্ৰিয়া চৰাই দৰে পৰিভ্ৰমণ কৰিছোঁ 
পূৱৰ পৰা পশ্চিমলৈ
উত্তৰৰ পৰা দক্ষিণলৈ

মাটি খান্দি শিল খান্দি
বোৱাইছো পানী

শব্দটো বিচাৰি এদিন উজাগৰে ওৰেটো ৰাতি 
ডুবি আছিলোঁ 
আইতাৰ সাধু কথাৰ নৈত

শব্দটো বিচাৰি অতলৰ পৰা তুলি আনিছোঁ 
আইৰ আঁচলৰ চকুপানী
পিতাইৰ দেহৰ ঘামৰ সুৱাস

গীষ্মৰ ৰ’দত, বৰ্ষাৰ বৰষুণত, শৰতৰ জোনাকত
হেমন্তৰ নিয়ৰত, শীতৰ জাৰত, বসন্তৰ সেউজীয়াত 
ক’ত বিচৰা নাই শব্দটো?

আচলতে শব্দটো কি? 
এদিন তিনিমূৰৰ বৃদ্ধ এজনক সুধিলোঁ
তেওঁ মিচিকীয়াই হাঁহি ক'লে - নিজৰ বুকুত চোৱা জুমি
শব্দটো তাতেই আছে উমলি।
———————————
হাঁহি
ধনজিৎ খাটনিয়াৰ

হাঁহিৰ অভাৱত 
হাঁহি এটি আঁকি আছিলোঁ
হাঁহিটো আকি থাকোতে ময়ো হাঁহি আছিলোঁ

হঠাৎ মই আঁকি থকা হাঁহিটো 
খিলখিলাই উঠিল
চকুটিপিয়াই হাঁহিটোয়ে মোক গাই শুনালে
এটি প্ৰাচীন ভাষাৰ বনগীত

স্বপ্নবিভোৰ মই দুহাতেৰে তুলি ল'লোঁ হাঁহিতো
হাতত উঠি আহিল এখন মুখ
মই মুগ্ধ হৈ অজানিতে চকু দুটা মোহাৰি দিলোঁ
আঙুলিৰে ফাকেৰে স'ৰকি গ'ল 
কেইটোপালমান দুখ

হাতদুখন শূন্যত জোকাৰি দিলোঁ
কাষৰ বতাহত খিলখিলাই উঠিল হাঁহিটো
আৰু 
অক্সিজেনহৈ সোমাই গ'ল মোৰ হাওঁফাওঁত

এতিয়া 
ধমনী আৰু সিৰাত
তেজৰ সলনি বৈ আছে
সেই হাঁহিৰ তেজাল নদী
——————————
সোণাৰু ফুলৰ হাঁহি
অণিমা বৰ্মন

সেউজ সোণাৰুজোপা
থোপামণি হৈ ফুলিছে  
তৰাৱলী নিশাত কেনে হয়
সেই ৰূপ চোৱা নাই
প্ৰভাতী ঊষাৰ প্ৰথম কিৰণ মালাই
হালধীয়া ফুলজাকক
মোহময়ী কৰি তুলিছে
মলয়াৰ দুলনিত দুলি-দুলি ফুলেও
অপৰূপ  ৰূপৰ বন্যা 
প্ৰকৃতিৰ বুকুত মেলি দিছে ৷
অবাক হৈ অপলক নয়নে চাই ৰ’লো
কনক কবিতা ৰচা পুষ্পগুচ্ছ সৱলৈ
চকুত লাগিল উত্তৰ পশ্চিম কোণ আৱৰি
ক’লা হাতী জাক তীৰ গতিত আগুৱাই আহিছে
গোটেই আকাশখন যেন চানি ধৰিছে
বিজুলীৰ চমকনিৰ লগত কাণতাল মৰা গাজনি
বুকুখন কপি উঠিল
হো-হো কৈ ধুমুহাৰ তাণ্ডব
ফুলবোৰলৈ চালো
সিহঁতৰ এতিয়া মৃত্যুকাতৰ আস্ফালন
চাই চাই বুকুত পোৰণি উঠিল
একো কৰিব নোৱাৰি
চকুমুদি গছজোপাকে সাৱতি ৰলো ৷
ধুমুহা শান্ত হ’ল 
চকুমেলি দেখিলোঁ --- 
হালধীয়া ফুলবোৰ তচ-নচ
বোকাত লেটি-পেটি হৈ পৰি আছে
ভাৱ হ’ল-- সন্ত্ৰাসবাদীয়ে যেন
হালধীয়া ফুলবোৰৰ হাঁহিবোৰ 
লুটি লৈ গ’ল ৷
________________________
তুমি
নীলঞ্জনা শৰ্মা বৰুৱা

তুমি মোৰ 
এঙেৰুৱা বাটৰ এচেৰেঙা
কাচিয়লি ৰ'দ।

তুমি মোৰ যাত্ৰাৰ উৎস,
তুমি মোৰ বিনন্দীয়া ব'হাগ,
তুমি মোৰ শাৰদীয় জোনাক
তুমি মোৰ শব্দৰ আকাশ।

তোমাতেই আদিহৈ তোমাতেই
অন্ত হোৱা মই এখন 
খৰস্ৰোতা পাহাৰীয়া নদী,
মই তোমাৰ বুকুত আলফুলে
সৰি পৰা অভিমানী শেৱালি।

বাস্তৱৰ কপাট খুলি 
তুমি  মন গ'লেই মোক 
লৈ যাব পাৰা পৰীৰ দেশলৈ।

য'ত তোমাৰ বুকুৰ 
সৰোবৰত চেতনাবিহীন মোৰ আবেগবোৰে কাব্যিকতাৰ
লহৰ তুলে।

তুমি এনেকুৱাই
বতাহৰ পাখি পিন্ধি 
নিমিষতে মোক উৰুৱাই লৈ যাব পাৰা আকাশৰ সীমনালৈ।

তুমি দুচকুৰ গভীৰতাৰে
মোক আলিংগন কৰিলে
মই নিশব্দে পান কৰোঁ 
তোমাৰ দুচকুৰ জোনাক
আৰু উশাহত আঁকি লওঁ
মৰমৰ উত্তাপ।
———————————
মুক্ত কেশী
ইৰা দেৱী

মোক তুমি পোৱানে চিনি
মই মুক্ত কেশী। 
অশুভ হাতৰ স্পৰ্শত

লহপহীয়া চুলিকোচাপ উচুপনি। 
প্ৰতিজ্ঞাৰ বুকুত  দহিযোৱা
জীৱনৰ ৰং গচকি গচকি
বনে বনে বনচাৰিনী
মই কৃষ্ণাঙ্গী কৃষ্ণসখী। 
তুমি মোক পোৱানে চিনি

পাঞ্চালী,মই পাণ্ডব প্ৰিয়া
 অযোনী অগৰ্ভীনি

 পিতৃপ্ৰতিশোধৰ অগনিত
জন্মী
কৌৰৱ কুলবধুৰ গৰিমা বুটলি
পঞ্চপতিৰে বিভূষিতা
মই যাজ্ঞসেনী। 

 ৰাজহাউলীৰ জীৱন জীয়াই জীয়াইও
মই নহ'লো কুমলিনী
বজ্ৰৰ দৰে কঠিন মই
বিনাশী অন্যায়
ৰোধী ষড়যন্ত্ৰৰ দুৱাৰ
ধৰ্ম পথৰ কৰিম অংগীকাৰ
মুক্তকেশী হৈ ৰাখিম
নাৰী মৰ্যাদাৰ সিংহ দুৱাৰ।
——————————
স্বাধীনতা স্বাধীনতা
ডাঃ বন্দনা তামূলী

মই যে নহ’লো কনকলতা
দেশৰ স্বাভিমান লৈ
নেপালোযে স্বাধীনতা

উচ্চ শৃংগলৈ বগালো কতনা
বিচাৰি ত্ৰিৰংগাৰ মৰ্য্যদা
শিৰ নত কৰি ঘুৰি ফুৰো
যাতনাত মোৰ মানৱতা

কিমানযে হুমকি খাওঁ
এই খনেইনে মোৰ দেশ মাতা
স্বাধীনতা স্বাধীনতা
মই যে হিংস্ৰ সকলৰ ৰজা

নুসুধিবা তুমি মই কোন
তোমাক সুধিছো তুমি কোন ৷
———————————
আইনাৰ নিমন্ত্ৰণ
দীপক কুমাৰ তালুকদাৰ

মোৰ চেহেৰাটোৰ হৈ মোক আইনাখনে মাতে
পৰিৱৰ্তিত চেহেৰাটোৰে মই আইনাৰ সমুখত
কালৰ গৰাহত জিন যাবলৈ আগবঢ়া চেহেৰাটো
মই ৰুধিব পৰা নাই
কিছু শুভ্ৰ চুলি
শেঁতা চকুযুৰি
বয়সৰ সাঁচত মুখাবয়বৰ হনু

এনেকৈয়ে আইনাখনে সুযোগ পালেই
মাতি থাকে মোক

এখনি কাচৰ আইনাই সময় পালেই জুখি চাব খোজে মোৰ ৰূপ
মোৰ চকুৰ বিশ্বাস
বুকুৰ কম্পন

আইনাখনেও কোনোগুণে কম নহয়
হ’ব খোজে মোৰ অনুভূতিৰ চিকিৎসক

ভাল লগা দিনত আতিথ্যৰ পৰত
আইনা খনেই বাট পোনাই দিয়ে

আইনাখনেই মোৰ খবৰ ৰাখে—
কেনে আছা?
———————————
সেই শব্দ আজিও শুনো 
মণিমালা দত্ত

মোৰ খিৰিকীৰ সুৰুঙাৰে
সৰ্পিল গতিত আগবাঢ়ি অহা 
ফেহুঁজালি ৰঙা পোহৰত 
ছহিদৰ ৰক্তৰ গোন্ধ।
চোতালখনৰ নিটোল দূবৰিডৰাত
নিয়ৰৰ টোপাল বোৰ সৰে যেন 
নন্দন বনত এক নান্দনিক 
নৃত্যৰ বন্য সমদল।
এইয়া যে বিবাহ নেওচা 
কনকলতাৰ দেশ।
স্বামীহাৰা হৈও
হাতত হেংদাং লোৱা মূলাৰ দেশ।
এয়া যে পুত্ৰ স্বামীৰ স্বাৰ্থতকৈ 
দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া 
নিৰ্যাতিতা জয়মতীৰ দেশ।
এয়া --সেউজী দেশ
সেউজী দেশৰ সেউজী মনৰ
বিপ্লৱী প্ৰতি সত্বাই সোঁৱৰাই 
হেংদাংৰ কোবত উফৰি পৰা 
মোমাই মূৰে কৰা 
ৰক্তস্নাত নৃত্য।
মধুমাখিৰ নৃত্য শব্দত 
আমি শুনো আজি সেই 
পূজা মানৱৰ।
————————
কেইটামান শব্দৰ সন্ধানত 
ৰিহান আখতাৰ

মই কেইটামান শব্দ বিচাৰি ফুৰিছো
আইৰ আঁচলৰ শোণিতৰ চেঁকুৰা 
মচি দিব পৰা শব্দ
তাৰে এটা কবিতা লিখিম
যিয়ে মানুহক মানুহৰ পথ আঁকি দিব ।

তোমাৰ যদি আছে তেনে শব্দ
তুমিয়ে নহ'লে লিখি দিয়া
বিষাক্ত সময়ক বিষহীন কৰিব পৰা কবিতা
মানুহক মানুহৰ ৰূপতে চাব বিচাৰোঁ ।
নিজকে মানুহ বুলি পৰিচয় দিয়া 
বিকৃত ৰূপৰ কোনোবাৰ পদধ্বনি নিবিচাৰোঁ ।
—————————
চকুলোৰ বাট
যামিনী দেৱী

ক'লা ডাৱৰবোৰ থুপুৰিয়াই
আকাশখনে
ওফন্দ পাতিছে
কলহৰ কাণে ঢলাদি
বৰষুণ আহিছে
ডাৱৰ বিস্ফোৰণ হৈছে
গোটেই অঞ্চল জলমগ্ন হৈছে
যান-বাহনবোৰ
পানীত ওপঙিছে
যেন বিহ খাই মাছবোৰে
পানীত পেট লুটিয়াইছে
সুখৰ বালিঘৰ
হঠাতে অহা বানে
তচ্‌নচ্‌ কৰিছে
উপাইবিহীনহৈ মানুহে
জীৱন ৰক্ষাৰ বাবে
ঘৰৰ চালত উঠিছে
মানুহৰে হৈছে
এনুৱা বিলাই
শস্য-মৎস্য পশুধনৰ কথা 
নকলোৱেইবা
আদিত্যলৈ হাত মেলিছোঁ
পৃথিৱীৰ বানপানী ৰোধত
ব্যৰ্থ হৈছোঁ
বন্যাৰ্তৰ
চকুলোৰ বাট শুকোৱাৰ
স্থায়ী সমাধান
বিছাৰিছোঁ।
——————————
পৰাধীন নহও আমি
নিৰু দত্ত

সোনমণি আহিল লৱৰি 
মাকক সুধিলে ঘপহ কৰি -
" মা অ' মা , তিনি বৰণীয়া পতাকা জোকাৰি
   সৌ চোৱাচোন সমদল গৈছে আগবাঢ়ি 
 বন্দে মাতৰম , 
 বন্দে মাতৰম , 
 শুনিছো সেয়া সুৰ মধুৰম
ভাৰত মাতাকি জয় বুলি
 কাৰ জয় বাৰু ফুৰিছে বিচাৰি ? "
 
মাকৰ মুখত হাঁহি বিৰিঙিল 
সোনমণিজনী হ'ল চিন্তাশীল
এয়াই সময় প্ৰশ্ন সোধাৰ 
আগ্ৰহ বাঢ়ে নজনাক জনাৰ। 
আলফুলে তাইক কোলাত বহুৱাই মাকে ক'লে দুগালত চুমা খাই -
" বৃটেইনৰ পৰা আহি বৃটিছসকলে 
শাসন কৰিলে বেপাৰৰ চলেৰে
আমাৰ দেশ ভাৰতবৰ্ষ  বুকুতে আছে অসম ৰাজ্য
মাটিয়ে পানীয়ে অগাধ সম্পদ 
মেটমৰা ভঁৰাল নাই বিপদ ।
পিছে তেওঁলোক বুদ্ধিৰ সাগৰ 
চান কাঢ়িলে আমাৰ ভাগৰ ।
এদেও দুদেও লোটা নিয়া চেও কৰি
হাতলৈ নিলে দেশ শাসনৰ বাঘজৰি
মুখৰ মাত পথাৰৰ ধান কাঢ়ি 
স্বদেশীলোকৰ হেৰুৱালে হাঁহি 
সেউজীয়া সোন চাহ খেতি কৰি
পনীয়া সোন খাৰুৱা-তেল নিলে খান্দি । 

দেশৰ প্ৰজা উঠিল জাগ হাতত হেংদাং কঁকালত কবচ 
ওলাল যুঁজাৰু টঙালি বান্ধি
নিৰস্ত্ৰ জনতাক জাতিৰ পিতাইঅহিংসা মন্ত্ৰৰে নিলে আগুৱাই 
 সত্যাগ্ৰহ ধৰ্মঘট অসহযোগ অন্নশন
ভাৰত ত্যাগৰ দাবিত প্ৰবল আন্দোলন 
বিদেশী বস্ত্ৰ দাহ কৰি 
যঁতৰ ঘুৰাই কপাহ নেওঠি 
স্বদেশী বস্ত্ৰ ল'লে আকোৱালি
অসমতো স্বাধীনতাৰ দামামা বাজিল
কনকলতা কুশল কোঁৱৰ হ'ল শ্বহীদ
কত ডেকা গাভৰুৱে পঢ়া-শুনা খুলিলে দুভৰিৰ পৰাধীনতাৰ শিকলি । "

সোনমণিৰ চকুজুৰি  উঠিল উজলি
দেশৰ ইতিহাস ইমান সোণালী 
কনমানি বুকুত গৌৰৱৰ চানেকি ।
১৯৪৭ চনৰ আগষ্ট মাহৰ শুক্ৰবাৰ সিদিনা
শাসন ভাৰ পালে দেশৰ মানুহে
কতবাৰ গছে পাত সলালে 
জনগণৰ মনত উৎসাহ বাঢ়িলে 
বছৰ বাগৰি এয়া ৭৯ তম দিৱস
উচাহেৰে সোঁৱৰিছে ত্যাগৰ মহত্ব 
জনগণে পালিছে উচাহৰ উৎসৱ ।
———————————
ঘাঁ
দীপ্তি মণি গোস্বামী

নেদেখাৰ সিপাৰত স্পৰ্শকাতৰে চিহ্নিত 
এলেকাত এটুকুৰা ঘাঁ লাগিছে....
বিচাৰি পোৱা নাই ওৱাদিহ,
কেৰোণ নো ক'ত কেনেকৈ লাগিল!

জন্ম স্বত্তেৰে উত্তৰাধিকাৰী সূত্ৰেৰে লাভ কৰা
সকলো সংস্কাৰ সফল ৰূপায়ণ কৰি
তাকেই টো দিনলিপি সজাই দিছিলোঁ 
অনাগত শৃংখলিত দিনলৈ বুলি ।

হায়! কি বিড়ম্বনা,
আজো আইতাই সযতনে দি থৈ যোৱা
দিন লিপিৰ পবিত্ৰ সূচীবোৰত আজি
ক্ষণে ক্ষণে মাথোন প্ৰতাৰণা।

শৃংখলিত পৱিত্ৰ সাধনাৰ বেদীবোৰ
আজি ভৰিৰে মোহাৰি গৈ থকা চামলৈ 
এদিন আহিব অতীত ভৱিষ্যতৰ দিন
তেতিয়া তেওঁলোকেও চটফটাব লাগিব 
কেঁচা কলিজাত লৈ ঘাঁ অকন!

কাৰণ,
অতীতৰ উত্তৰ পুৰুষেই আজিৰ পূৰ্ব পুৰুষ 
আজিৰ উত্তৰ পুৰুষ এদিন হ'ব 
ভৱিষ্যতৰ পূৰ্ব পুৰুষ 
টোলোঠাৰ কাণ মাৰি ঘূৰাৰ দৰেই।
——————––––––————

Post a Comment

0 Comments