—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মণ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কবিতাৰ যদিও কোনো সুনিৰ্দ্দিষ্ট সংজ্ঞা নাই ,তথাপি কিবা এটা আছে। সেয়ে কবিতা লিখিলেই কবি বুলিব পৰা নাযায়। গোটেই জীৱনটো কবিতাৰ নামত উচৰ্গা কৰাৰ পাছতো সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য দেৱে নিজকে কবি হিচাপে ভবা নাছিল। মনত দোলা দিয়া ভাবনাক পাঠকৰ হৃদয় কেনভাচত উদ্ভাসিত কৰিব পৰাটোৱে কবিতাৰ সাৰ্থকতা। তাৰ বাবে লাগিব সাধনা,অধ্যয়ন আৰু চৰ্চা।
সীমিত পৰিসৰ ভেদি সৰ্বসাধাৰণ পাঠকৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত হ’বলৈ কবিতাইও সময়ৰ স’তে নিজকে সম্প্ৰৰীক্ষা কৰাৰ প্ৰয়োজন। কবিতাত দুৰ্বোধ্যতা বুলি বিশেষ একো নাই; থাকে মাথোঁ পাঠকৰ বোধৰ সীমাবদ্ধতা। তথাপি সৰ্বসাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ কলাত্মক ভাবে মনৰ অনুভৱ উপস্থাপন কৰিব পৰাটো—কবিতাৰ এক বিশেষ বৈশিষ্ট্য। এনেয়েও সৰলতাই হৈছে জটিল কলা।
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
অনুবাদ কবিতা
Dear March—Come in—
Emily Dickinson
1830–1886
Dear March—Come in—
How glad I am—
I hoped for you before—
Put down your Hat—
You must have walked—
How out of Breath you are—
Dear March, how are you, and the Rest—
Did you leave Nature well—
Oh March, Come right upstairs with me—
I have so much to tell—
I got your Letter, and the Birds—
The Maples never knew that you were coming—
I declare - how Red their Faces grew—
But March, forgive me—
And all those Hills you left for me to Hue—
There was no Purple suitable—
You took it all with you—
Who knocks? That April—
Lock the Door—
I will not be pursued—
He stayed away a Year to call
When I am occupied—
But trifles look so trivial
As soon as you have come
That blame is just as dear as Praise
And Praise as mere as Blame—
প্ৰিয় মাৰ্চ-আহা
এমিলি ডিকিন্চন
১৮৩০-১৮৪৬
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰিয় মাৰ্চ-আহা-
কিমান সুখী মই-
তোমাৰে কথা মই আগেয়ে ভাৱিছিলোঁ-
তোমাৰ ওৰণি খহাই থোৱা-
তুমি নিতান্তই আগুৱাবা-
তুমি কেনেকৈ উশাহ লোৱা-
প্ৰিয় মাৰ্চ, কেনে আছা, আৰু আনবোৰ-
তুমি প্ৰকৃতি মহতিয়াই গৈছিলানেকি-
অ’ মাৰ্চ, মোৰ স’তে ওপৰলৈ আহা-
বহু কথাই ক’বলগীয়া আছে-
মই তোমাৰ চিঠি পালোঁ, আৰু কৱিতা
পদুলিৰ আহতজোপাই গ’মেই নাপালে
যে তুমি আহিলা-
মই ঘোষণা কৰিলোঁ-
কেনেকৈ তেওঁলোকৰ মুখমণ্ডল
বৰণীয়া হৈছিল-
কিন্তু মাৰ্চ, তুমি মোক ক্ষমা কৰিবা-
তুমি যিবোৰ পাহাৰ মোৰ বাবে এৰি আহিলা সেন্দূৰীয়া কৰিবলৈ-
এজাৰফুলীয়া নাই তাত-
তুমি সকলোখিনি লৈ থৈছা-
কোনে সহাৰি দিছে?
সেয়া এপ্ৰিলচোন-
দুৱাৰখন বন্ধ কৰি দিয়া-
মই অনুসৰণ নকৰোঁ-
সি বছৰটো আতৰি থাকিল-
মই ব্যস্ত হৈ থাকিলোঁ-
কিন্তু ক্ষুদ্ৰ কথাবোৰ ইমান তুচ্ছ যেন লাগে-
তুমি অহাৰ লগে লগে-
সেই দোষটো প্ৰশংসাৰ দৰেই প্ৰিয়
আৰু কেৱল দোষৰ দৰেই প্ৰশংসা-
——————————
মোৰ পৰা আগৰ নিচিনা প্ৰেম,
নিবিচাৰিবা, মোৰ প্ৰিয়
মূল - উৰ্দু
কবি - ফৈজ আহমদ ফৈজ
ভাৱানুবাদ - মিনাৰুল আহমেদ
মোৰ পৰা আগৰ নিচিনা প্ৰেম,
নিবিচাৰিবা, মোৰ প্ৰিয়।
মই ভাবিছিলোঁ—তুমি আছা মানেই জীৱন উজ্জ্বল।
তোমাৰ দুখ আছে যদি,
তেন্তে জগতৰ দুখবোৰ আৰু কি?
তোমাৰ মুখমণ্ডলতেই যেন
এই বসুন্ধৰাৰ বসন্তৰ স্থায়িত্ব।
তোমাৰ চকুৰ বাহিৰে
এই পৃথিৱীত আছে ন কি?
তোমাক যদি পাওঁ,
তেন্তে ভাগ্যই সলনি হৈ যায়।
এনেকুৱা নাছিল,
মই বিচাৰিছিলোঁ—এনেকুৱা হওক।
পৃথিৱীত আৰু বহু দুখ আছে, প্ৰেমৰ বাহিৰে।
মিলনৰ সুখৰ বাহিৰেও আছে আৰু বহু ধৰণৰ সুখ।
অগণন শতাব্দীৰ
অন্ধকাৰপূৰ্ণ, নিষ্ঠুৰ মায়াজাল—
সোণালী সূতাৰে বুনোৱাই লোৱা
ৰেশম, চকচকীয়া বস্ত্ৰ।
গলি-বজাৰত, য’তে-ত’তে বিক্ৰী হোৱা শৰীৰ।
ধূলিত মিলিত হোৱা, ৰক্তত স্নাত দেহ।
ৰোগৰ যন্ত্ৰণাৰ পৰা ওলাই অহা শৰীৰবোৰ—
পুঁজ ওলোৱা, পচি যোৱা ঘাঁৰ পৰা।
দৃষ্টি স্বয়ং সেই দিশলৈ ঘূৰি যায়—কি কৰা যায়?
এতিয়াও তোমাৰ সৌন্দৰ্য আকৰ্ষণীয়,
কিন্তু কি কৰা যায়?
পৃথিৱীত আৰু বহু দুখ আছে, প্ৰেমৰ বাহিৰে।
মিলনৰ সুখৰ বাহিৰেও আছে বহু ধৰণৰ সুখ।
মোৰ পৰা আগৰ নিচিনা প্ৰেম,
নিবিচাৰিবা, মোৰ প্ৰিয়।
———————————
কবিতা
কি যে আচৰিত বিস্ময়
জোনমণি দাস
লতা বগাই কি ফুল ফুলিছে?
কোৱা কৃষ্ণ, কাৰ কথাই আমালৈ কঢ়িয়াই আনিছে পিৰালিপালেঙৰ সেউজ…
গান এটা বিচাৰি যাওঁতে সিদিনা
আলিকেঁকুৰিত যাৰ কণ্ঠস্বৰ শুনিছিলোঁ
সেয়া আছিল আহত সময়ৰ অস্ফুট উচ্চাৰণ
যেন জিম কৰবেটৰ গুলীত আহত এটা বাঘৰহে গেঙনি!
তাৰ পাছৰে পৰাই ৰ'দালিয়ে ৰ'দ দিয়া নাই,
ৰাজধানীৰ ৰাজপথ উত্তাল কৰিছে মদত মাতাল ৰাতিয়ে।
কি যে আচৰিত বিস্ময়!
প্ৰলয়েই ভাঙে সৃজনৰ তাল-মান লয়।
কৃষকৰ ভুৱা কিৰিটী পিন্ধা
হাল এৰি শিয়াল খেদা অতিকথকীয়ে
ফচৌ কথাৰে খেদে
সদনৰ মহঙা সময়।
সভ্যতাৰ কেনে যে ক্ষয়!
জুবিনৰ গানত গজি থকা মাতটো শুনি শুনি
মইহে বটি আছোঁ জীৱনৰ জেতুকা
মোৰ দেশৰ মাটিয়ে এতিয়াও ফুৰাই আছে আগলি বহাগৰ মহুৰা
বহুদিন মই মোক সোধা নাই
বুদ্ধ যোৱাৰ পাছতো জগতত কিয় শেষ নহ'ল যুদ্ধ
কি যে আচৰিত বিস্ময়!
মাঘৰ মেজিত গা সেকি কিয়
শীতে সন্ন্যাস লয়!
শকুনিয়ে কিয় কেঁচাতেজ শোহে
মহাভাৰতৰ…
কোৱা কৃষ্ণ,
কিহৰ কাৰণে ধনঞ্জয়
যুগে যুগে বৃহন্নলা হয়?
———————————
সময়ৰ সোৱাদ
পৱিত্ৰ কুমাৰ নাথ
উজাই আহিছে
গৰখীয়া ভোক এটা
জলকীয়া দুটামান
বেছিকৈ ল'
চাপৰিত বগৰী পকিছে
বগৰীয়ে জানো জানে
সৰস্বতী পূজালৈ
আৰু কিমান দিন বাকী !
——————————
কুঁৱলীলৈ
দিগন্ত নিবিড়
গৈ থাকিও কেতিয়াবা ৰৈ দিয়া হয়
উজাই উৰুওৱা হয় স্মৃতিৰ চিলা
সাহসৰ এখন দেৱাল হৈ থকাৰ পাছতো
কোনেও মোক নেদেখে
নেদেখে মোৰ ভিতৰত থকা ভালপোৱাৰে জোঁৱাৰ
মই ৰ'দ হৈ ওলাও
তেওঁ ছাতি মেলি ধৰে
মই বতাহ হৈ বলো
তেওঁ খিৰিকী মাৰি দিয়ে
তেওঁ স্মৃতিত জী থাকি ভালপায়
আৰু আঁকি থোৱা এডাল ৰেখাৰ ভিতৰত
বালিৰ পৃথিৱী সাজে, অস্থায়ী
দুখৰ নৈবোৰক নোহোৱা কৰিবলৈ
বিশাল সাগৰ এখন হৈ থকাৰ পাছতো
মোক কোনেও চুই নাচায়
নুশুনে মোৰ পল্লৱিত প্ৰেমৰ ঢৌৰ শব্দ
কেতিয়াবা!
আকৌ কেতিয়াবা
হাঁহি থাকিও কান্দি দিয়া হয়
চকুলোত বোৱাই দিয়া হয়
ভালপোৱা অথবা জী উঠাৰ তীব্ৰতা।
———————————
বনবাসী কবিৰ জন্মদিনত
(ইমৰান শ্বাহ ছাৰৰ ৯৩ সংখ্যক ওপজা দিনত)
কিশোৰ মনজিৎ বৰা
কতনা ফুল ফুলি গ'ল পৃথিৱীত
কতনা ফুল সৰি পৰিল কিন্তু
এপাহ ফুল কেৱল ফুলিল
ফুলিবলৈ ফুলিল, সৰিবলৈ নহয়
সেয়া ইমৰান শ্বাহ গল্পৰ নবাব আখৰৰ ৰজা
উপন্যাসৰ সোণৰ খণ্ড-বিভৱ
ৰংপুৰ ক'ত?
'জৱানবন্দী'ৰ স্ৰষ্টা য'ত
ধাইআলিৰ এজোপা নিজান-জান গুলঞ্চৰ তলত
তেওঁ
শব্দৰ চাকিগজ জ্বলাই দিয়ে
সংস্কৃত কাব্যৰ কালিদাস আৰু
বেগমৰ চকুপানীৰ দাস্তান একাকাৰ হয়
শব্দৰ শুকুলা ঘোঁৰা কোনোকালে থমকি নৰয়
ৰ'দৰ ৰথ অথবা
নিবৰ ফাকৰ জুৰি
নাই। নৰয়
মানৱতাৰ ফুলবোৰ জকমকাই উঠালৈ
অকলে ৰৈ আছোঁ
ক্লান্ত ৰিক্সাচালকজনৰ চকুৰ কোণৰ মৌনতাখিনি
অনুবাদ কৰিছোঁ হৃদয়ৰ ভাষালৈ
পদপথত শূন্য ভিক্ষাপাত্ৰ লৈ বহি থকা
শিশুহঁতৰ বাবে
নিগৰাইছো অন্তৰৰ নিভৃত কোণৰ প্ৰাৰ্থনা
পৃথিৱী নামৰ এটা কবিতাৰ বাবে
মই মৰি মৰি জীয়ন দিছোঁ
শৰণাৰ্থী নদীৰ দিনলিপি
শ্বাহ ছাৰ অকল এটা প্ৰেৰণাইনে
পৃথিৱী নামৰ এটা বিশাল কবিতা
এতিয়া আকাশত চৰাই নাই
মেঘৰ ফুল তোলা হাতৰ সুমেৰু-কুমেৰু নাই
আছে যুঁজাৰু বিমানৰ উৰণ
তেজৰ ফুলজাৰি
মানৱতাৰ গান গোৱা ইমৰান শ্বাহৰ পদূলিত
এতিয়াওতো
ফুলি আছে প্ৰেমৰ ফুল
নিথৰ চৰাই পোৱালিহালক লৈ মইনো কি কৰিব পাৰোঁ
কিন্তু বাহটো মই
পুনৰ হেঁদালিত তুলি দিলোঁ
মোৰ আশা, আকৌ মেঘ সৰি তাতে
সাৰ পাব সভ্যতা
তেওঁ কাণে কাণে কয়
জীৱন সততাৰ তপস্যা
কঠিনতম এটা প্ৰাৰ্থনা
সাৰে আছে ধাইআলিৰ নিৰ্জনতা
মানুহবোৰ আকউ 'বনবাসী' হওক
হৃদয় হওক নদীৰ নাভি
বছৰত এবাৰ কি দুবাৰ
মই তেওঁৰ কাষলৈ যাওঁ
আৰু বছৰটোলৈ লৈ আহোঁ আত্মাৰ অক্সিজেন
ৰুক্ষ এই পৃথিৱী
কঠীয়া বৰণীয়া হোৱালৈ
চৰাইৰ কণ্ঠত
ধোঁৱাৰ চিমনি চেঁচা পৰালৈ
মাউখে উটা পৰুৱাৰ সাহচৰ্যত সভ্যতা আকৌ জীপাল হোৱালৈ
মই ৰৈ থাকোঁ
ইমৰান শ্বাহ
মাটিৰ গছৰ এখন অৰণ্য
এটি শিশুৰ ওঁঠৰ আতোলতোল নিৰ্মল গোলাপ।
——————————
পৰুৱা কথা এটা
নীলম গগৈ
অনুলোম বিলোমৰ চক্ৰ এটা শেষ নোহোৱাৰ আগত সুস্থ হোৱাৰ হেঁপাহ অণুবোৰ ইটো সিটোৰ লগত খুন্দা খায়
সোণৰ এখন পাত বুলি ধৰিলে পাৰ হৈ যোৱাবোৰ — আলফা
মাজত উলমি থকাবোৰে বাট সলনি কৰি হয়— বিটা গামা
মূৰ ভাঙি উভতি অহাবোৰ — ডেলটা
জী থকা জীৱন তিনিটা ভোকৰ কাহিনী
পেটৰ ভোক — পেট নথকা প্ৰেতবোৰ শুকাবলৈ দিয়া ডাং ডাল সীমাৰেখা
শৰীৰৰ ভোক — ৰঙা বেলি নুডুবা এখন চহৰৰ চকুত তেজ অথবা তেজাল গোলাপ
মগজুৰ ভোক —- পংগু শব্দৰ কোৰ্হালত স্মৃতিবিভ্ৰম এজাক কবি
মৰি থকা জীৱন হস্পিটেলৰ টাইলচ্ ত লিখা সামৰণ নিশ্চিত এটা গল্প
বগা বগা দেৱালবোৰত হামিয়াই আঁকা প্ৰাৰ্থনাৰ চাৰিয়েল সত্য এখন ছবি
চৰমত–
মৃত্যুৰ পিছত মৰি থকা পৰুৱা কথা এটা
মঙহ গেলাই হাড় এডাল পচি ফুৰফুৰিয়া মাটি হোৱাৰ নিচিনা সাধু ।
[* আলফা, বিটা, গামা, ডেলটা — আদি ব্যক্তিত্বৰ পৰিচায়ক কিছু।]
——————————
বিশ্বাসৰ অবিশ্বাস্য ভেটি
গিৰিজা শৰ্মা
কথাৰো মেৰ-পেচ থাকে
বুজি উঠিলেই বিশ্বাসৰ ভেটিত তিতা কেৰেলা গজে
গভীৰ বিশ্বাসেৰে কিয় বাৰু কাৰোবাৰ হৃদয়ৰ মণিকোঠাত বহুৱাই লৈ বহুৱালি কৰো আমি
কিয় পৰম প্ৰত্যয়েৰে দোহাৰি থাকো
তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও কোনো কোনোজন হ'ব পাৰে আত্মাৰ আপোন
বাস্তৱিকতে ,
আত্মাৰ আপোনজনো অজানা সাঁথৰ
বিশ্বাসৰ মণিকূটত কোনো দেৱতাৰ(মানুহ) স্থান নাই
ইমান বিশ্বাস! ইমান আন্তৰিকতা!
আৰু এটা সময়ত
অসহায় অন্তৰ্দাহ
কণী ফুটি উৰি যায় কাউৰী
বাকৰুদ্ধ কুলি
ইমানেই ঠুনুকা হ'ব পাৰে
বিশ্বাসৰ অবিশ্বাস্য ভেটি।
------------------------
অপেক্ষা
অনিতা মেধি মিশ্র
মই অপেক্ষা কৰি থাকোঁ
তোমাৰ দুচকুত
লহিওৱা বেলিটো চাবলৈ
সুখৰ পাখি মেলি
হেলনীয়া ৰ'দখিনিৰ কাৰণে
অধীৰে মই অপেক্ষা কৰোঁ
আবেলিটোলৈ...
শেষ পোহৰ সামৰি
তেজৰ দৰেই ৰঙা হৈ উঠা বেলিটো
ওলমি আছে
গধূলিৰ শূন্যতাত
দুখ আৰু মৃত্যুৰ অৰ্থ বিচাৰি
আবেলিটো চাবলৈ
ইমান দিনে অাঙঠাৰ দৰে
জ্বলাই ৰাখিছোঁ মোক
আবেলিটোতে
মনৰ পোহৰ বুকুৰ মাজতে
নিঃশেষ হৈ যোৱাৰ পাছতো
বেলিটোৰ খোজেৰে
আবেলিটোলৈ
মই অপেক্ষা কৰোঁ...
পোহৰৰ গোপনে
পাহাৰটোয়ে বেলিটো
ঢাকি ধৰিলে
উৰি আহি চগাবোৰ মৰে
পোহৰৰ মোহত
কাৰণ মই জানো
উভতি নহা দিনবোৰ
নোহোৱা হৈ যোৱাৰ পাছতো
পৃথিৱীৰ কেনিবাদি
আকাশত ওলাব
প্রথম দিনৰ বেলিটো
নিশাৰ নিৰ্জনতাত
নিসংগতাৰ ধুমুহাই
খেদি ফুৰা সময়ত
তুমি প্ৰত্যাশাৰে
অপেক্ষা কৰা কাৰবাবে !
——————————
ইয়াৰ পিছত কাৰো তিল-তিলকৈ মৃত্যু নহব
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
কালে ঘোষণা কৰিলে
ইয়াৰ পিছত কাৰো
তিল-তিলকৈ মৃত্যু নহব
মৃত্যুৰ বাবেও বিজ্ঞাপন দিয়া হ’ব
শৱবোৰক বিউটিচিয়ান মাতি
দেখনিয়াৰ কৰি তোলা হ’ব...
——————————
ভাৰ্চুৱেল
ৰমেশ চন্দ্ৰ ৰায়
কোনে জানে
কিছুমান কথা জানিবলৈ গৈ
কিছুমান কথা একেবাৰে নজনাকৈ থাকিম
কোনে জানে
কিছুমান কথা জানিবলৈ গৈ
কিছুমান কথা একেবাৰে পাহৰি যাম
কোনে জানে
চিনাকি মানুহ বিচাৰি থাকোঁতে
মোৰ চুবুৰীয়া , মোৰ আত্মীয় স্বজন
অচিনাকি হৈ পৰিব
মই চিনিব নোৱাৰিম
ভতিজাহঁতক
ভাগিনহঁতক
বোৱাৰীহঁতক
নাতি-নাতিনীহঁতক
মোক কোনেও খুৰা বুলি নামাতিব
জেঠা বুলি নামাতিব
ককা বুলি নামাতিব
ককাই বুলি নামাতিব
কোনে জানে
হেজাৰ দুৱাৰ খুলিবলৈ গৈ
মই মোৰ কোঠাৰ একমাত্ৰ দুৱাৰখন
বন্ধ কৰি থ'ম ।
------------------
তুমি ৰ'দৰ আকাশৰ ছাঁৰ মধুৰ গীতি কবিতা
ড° আদিল আলী
শেৱালি জোপাই
নিয়ৰৰ বুকু কঁপাই
সৰিব ধৰোতেই
আইৰ বুকুত
খুন্দা মাৰি
পাৰ হৈ গ'ল
এজাক প্ৰচণ্ড কাল ধুমুহা
হঠাৎ
ফাগুনৰ গছৰ দৰে
লঠঙা কৰি
থৈ গ'ল
মিঠা সুৱদী
শেৱালি জোপা
আৰু
তেওঁৰ গীতৰ সুৰৰ আনন্দৰ ধ্বনি
বিদেশৰ মাটিত শুই পৰিল
জগত জিনা
এটি যুগৰ
অমৰ কণ্ঠ
শত-সহস্ৰ চকু পানীত বিলীন হ'ল
অসমী আইৰ বুকুৰ আচলখনি
বিষাদগ্রস্ত জগত
তুমি ৰ'দৰ আকাশৰ ছাঁৰ মধুৰ গীতি কবিতা
আন্ধাৰ বাটৰ
পোহৰ মালিতা
জোনাকৰ মিঠা মিঠা সংলাপ
জুবিনৰ কায়া শূন্য মৌন বিষাদ সমদল।
তথাপিও
তোমাৰ গীতৰ অমৰ বসন্ত জীয়াই থাকক মানুহৰ হৃদয়ে হৃদয়ে আজীৱন।
———————————
কবিতা আদৰৰ অনুষ্ঠান
দেৱ দাস
কবিতা
আদৰৰ অনুষ্ঠান
প্ৰিয় জনৰ কবিতা পাঠ
কলম আৰু চিয়াহীৰ কথা
কবিতা লিখা
সপোন যেন কাহিনী কৰা
অবিশ্ৰান্ত ক্লান্তিহীন
তেজ লগা তৰোৱাল
তোমাৰেই ইতিহাস
তুমিয়ে সাক্ষী
প্ৰতিটো লেখাত
তোমাৰে দীৰ্ঘ শ্বাস
মানুহৰ দাসত্ব কলঙ্ক নেওচি
দিন ৰাতি একাকাৰ
পাৰ হয় সময়
দলবদ্ধহৈ ওলাই আহিছো
আমাৰ আকাংক্ষিত অনুষ্ঠান
কলম চিয়াহী
কবি লেখকৰ নির্মান
মানুহৰ আদৰৰ অনুষ্ঠান।
________________________
জীৱন শৈলী
চয়নিকা ভূঞা
উপদেশতকৈ আৰ্হি ভাল
কথাবোৰ ক'বলৈ বৰ সহজ
কিন্তু
কোৱাৰ দৰেই কৰিবলৈ ইমান সহজ নহয়
সকলো কথা প্ৰেকটিকেল হ'ব লাগে
চিৰসত্য কথাও
কেতিয়াবা অপ্ৰয়োজনীয় হৈ পৰে
হৃদয়পিণ্ড থাকি আবেগহীন হোৱাটো জানো সম্ভৱ !
সম্ভৱতঃ
এদিন...
সকলো অসম্ভৱ সম্ভৱ হৈ উঠে ।
—————————
বিষণ্ণতা
ড° মন্ জু হালৈ
তুমি এটি স্বচ্ছল জীৱন যাপন কৰিছাঁ
চাকৰি ব্যৱসায় অথবা পছন্দৰ আয়ৰ পথ বাচি লৈছা
এগৰাকী সুন্দৰী পত্নী বা তোমাৰ খুবেই যতন লোৱা ৰূপহ স্বামী
পা-পৰিয়ালে পৰিশিলিত শৈলী
জীৱন জীৱন লগা জীৱন
নিয়ম মাফিক এক সুন্দৰ জীৱন
অথচ একাকী এক বিষন্নতা
জীৱনৰ আঁৰতো থাকি যায় অন্য এক জীৱন এদনীয়া
নিজান পৰত যি হাত বাউলী মাতে
প্ৰতিনিয়ত মুহূৰ্ত্ত প্ৰতিটোত অবিৰত ক্ৰিয়া
সকলোৰে অগোচৰে সিখন পৃথিৱীৰ সেই বিশেষজনৰ সান্নিধ্যৰ চিন্তন-মনন
অপ্ৰাপ্তিৰে পূৰ অথচ আকাঙ্খাৰে যুগমীয়া
অমুখৰ অথচ আনন্দৰ অপৰিসীম পৰিক্ৰমা।
—————————
তোমাৰ তৰ্জনী আঙুলি
সান্ত্বনা বৰদলৈ
চুচৰি-বাগৰি-আঠুকাঢ়ি
থিয় দঙা দিব খুজি
ধুপুচ্ ধাপাচ্ পৰোতে
তোমাৰ তৰ্জনী আঙুলি খামুচি
পেলাইছিলোঁ খোজ
তোমাৰ তৰ্জনী আঙুলিয়ে পৰিচয় কৰাই দিছিল
দূৰ আকাশৰ জোন, তৰা
নানা ৰঙৰ ফুল, ফুটুকী পখিলা
থেন্ থেনাই আমনি কৰি থাকোতে
তৰ্জনী জোকাৰি তুমি খেলিছিলা
মাছ ধৰা , মাছধৰা....বেঙৰ...খেল
আঙুলি ঘূৰাই তুমি আকিছিলা শূন্য
শিকাইছিলা গণিতৰ ভাষা,
অ-ফলা ক-ফলা
কুঁহিপাত কুমলীয়া
তোমাৰ তৰ্জনী আঙুলি জোকাৰি
বুজাই দিছিলা জীৱনৰ সত্য আৰু শুদ্ধ পথ
কৰ্তন কৰিছিলা যৌৱনৰ
অবাধ স্বাধীনতা
খোজ দিবৰ পৰত তাক
আনিদিলো 'ৱাকাৰ' খন
সেয়ে সি নল'লে মোৰ আঙুলিৰ অৱলম্বন
অনুভৱ নকৰিলে মোৰ আঙুলিৰ পৰশ আৰু শক্তি
খোজ কাঢ়িবলৈ নিশিকি সি
শিকিলে দৌৰিবলৈ
তীব্ৰ উচ্ছৃংখল গতি
ক্ৰমশঃ উন্মাদ উশাহ হীন তাৰ পৃথিৱী
প্ৰাপ্তি -অপ্ৰাপ্তিৰ যোগ-বিয়োগ
আকাংক্ষা আৰু প্ৰতিষ্ঠাৰ এটা সহজলভ্য বেলি...
সময় শিপাৰ সিৰা-উপসিৰা খান্দি
মই নেফা-নেফ কৰো মোৰ যৌৱন, ল'ৰালি
বুকুত খামুচি উচুপি উঠোঁ
পিতৃ-পিতামহ আঙুলি
চকুৰ আগত কঁপি থাকে মোৰ
অলস-অৱশ ব্যৰ্থ তৰ্জনী...
------------------------
হস্পিতালৰ এদিন
আয়শা ছিদ্দিকা
অনাকাংক্ষিত সময়ত
হস্পিতালত ক্ষন্তেকৰ ব্যস্ত দিন
বাৰটো আছিল
অন্তিম মাহৰ শুক্ৰবাৰ
দিনটো যেন আছিল অভিশপ্ত।
হস্পিতালৰ ক'ৰিডত
ব্যস্ত ভৰিৰ খোজৰ
সেই খচ খচ শব্দৰ
মাজত হুইল চেয়াৰ আৰু
ষ্ট্ৰেটচ্চাৰৰ ঘৰ্ষণৰ শব্দ
তাতেই যেন এক যুদ্ধ।
জীয়াই থকাৰ আকুল
আৰাধনাৰ লগতে
সুস্থতাৰ আপ্ৰাণ চেষ্টা
য'ত বাজে নিত্যদিন কত
আতংকৰ ত্রাসৰ গান
আৰু মৃত্যুৰ তাণ্ডৱ।
কেতিয়াবা সুস্থ দেহৰ অধিকাৰী
জনও ভাগৰি হয় ক্লান্ত
ইটো কাউণ্টাৰৰ পৰা
সিটো কাউণ্টাৰলৈ
মাথোঁ দৌৰ আৰু দৌৰ।
অসুস্থ ৰোগীয়া এজনৰ লগত
যেন সুস্থজনো অসুস্থ হোৱাৰ পথত
তথাপিও আশাৰ ৰেঙনি টানি
থৰক-বৰক খোজে আগবাঢ়ে
বিশ্বাসৰ গাঁঠি টানকৈ বান্ধি।।
চৌদিশে মাত্ৰ ক্ষণে ক্ষণে
বাজি উঠে কান্দোনৰ প্ৰতিধ্বনি
লেবেজান শৰীৰৰ গেঙনি
আৰু লেহেমীয়া বতাহজাকে
কঢ়িয়ায় ঔষধৰ চিনাকী গোন্ধ।
চৌদিশে মাথোঁ হাহাকাৰ
জীৱন যুদ্ধৰ পাকৈত যোদ্ধা হৈ
কোনোবা স্থিৰে থাকিব পাৰিছে
আকৌ কোনোবা লেৰেলি গৈছে
উফ্! সেয়া কি যে যন্ত্ৰণাময় দৃশ্য।
———————————
স্বাগতম নৱবৰ্ষ ২০২৬
ৰাতুল চেতিয়া ফুকন
এটা দীঘলীয়া উকি মাৰি
বাৰটা ডবাৰ ৰেলখনে
এতিয়া ষ্টেচনৰ পৰা ওলাই যাব।
প্লেটফৰ্মত উদুলি মুদুলি
বিদায় আৰু আদৰাৰ মেলা।
প্ৰতিটো ডবাত ঠাহ খাই আছে
পোৱা আৰু হেৰুৱাৰ
এজাক জীয়া সপোন।
প্ৰতিক্ৰিয়া হীন ভাবে আঁতৰি যোৱা
ৰেল খনৰ পাছে পাছে
আন এখন নতুন ৰেলৰ আগমন হ'ব
একেই বাৰটা ডবাৰ।
যাৰ প্ৰতিটো ডবাত
মেটমৰা আশাৰ টোপোলা।
সকলোৱে বাট চাওঁ
নতুন ৰেলখনলৈ
য'ত লিখা থাকিব
স্বাগতম ২০২৬ ।
—————————
এৰাসুঁঁতি নকৰিবা মোক
ৰিংকু বৰুৱা
মোৰ জীৱনটো
ভেটফুলৰ দৰে কিম্বা
গধুলি গোপালৰ দৰে নহয়
নহয় ৰাতিয়েই ফুলি
ৰাতিয়েই সৰিপৰা
ফুলৰ দৰে।
নৈয়ে এৰি যোৱা
এৰাসুঁতিৰ দৰে
এৰি থৈ নাযাবা
নদী হৈ দুপাৰ খহাই।
সুগন্ধি কেটেকীফুলৰ দৰে
নহলেও মোৰো আছে
প্ৰেমৰ সুৰৰ লহৰ তুলি
নিয়ন্ত্ৰিত কোলাহলেৰে
বালিমাহী চৰাইয়ে
স্নান কৰিব পৰাকৈ
বুকুৰ মাজত মূষলবালিচৰ।
মোৰ ধূসৰিত আকাশত
যেতিয়া মেঘ জমে
তেতিয়া---
সাঁচি থোৱা পানীয়ে
মোৰ বুকুতো বিষাদৰ
স্ৰোত বলে ।
কোনেও নেদেখিলেও
নৈ ঘাটৰ ভৰাসুঁতিয়ে দেখে
কিমান বিষাদত উচুপি উঠে
মোৰ বুকুৰ মাজত
এখন নদী।
———————————
নাহৰৰ ছাঁ নিৰিবিলি
যামিনী দেৱী
"শুৱনি আমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা"
প্ৰভাতী পক্ষীৰ মাতত
পুৱাইছে ৰজনী
জীৱ-জন্তু পশু-পক্ষী
সকলোৰে মনবোৰ
ৰঙতে উদুলি-মুদুলি
ধাননি পথাৰত
বগা বক জাক
জপংজপং খোজ
খাদ্য বিচাৰি
নিজনিজ কৰ্মৰ
কৰিছে আঁচনি
অন্তৰত বাজিছে
সুৰৰ ৰাগ ভৈৰৱী
মৌন ওঁঠ
হৃদয়ত গুঞ্জৰিত
সেউজী শান্তিৰ সুহুৰি
কিযে মনোমোহা
নাহৰৰ ছাঁ নিৰিবিলি।
——————————
বিশ্ব
ৰাহুল কোঁৱৰ
[জুবিন গার্গ দেৱৰ সোৱৰণী ]
পৃথিৱীৰ সিটো পাৰে তুমি মোৰ ওচৰলৈ আহিছা চন্দ্ৰটো ওচৰলৈ আনিছা, মৰমীয়াল কাপৰ দৰে, বা কুইচৰ দৰে। মই তোমাক সূৰ্য্যটো গুটিয়াই দিওঁ।
মই শুই যাওঁ, যেনেকৈ তুমি পৃথিৱীৰ সিটো পাৰে উঠি আছা। তুমি ইয়াত মোৰ ফালে তৰাবোৰ সিঁচৰতি কৰিছা, বীজৰ দৰে ৷
পৃথিৱীত। গোটেই ৰাতিটো মই তোমালোকক জগতৰ সিপাৰলৈ ডাৱৰৰ গোট, ফুলৰ থোপা, পঠিয়াই দিলোঁ।
গতিকে মোৰ প্ৰেম তুমি য'ত আছা তাত ছাঁ হ'ব, আৰু তোমাৰ, যেতিয়া মই মোৰ টোপনিত ঘূৰি আহিম, তৰাৰ কলি।
——————————
এমুঠি এৱাঁ কবিতা
অঞ্জনা ৰূপা দাস
(১)
ফাগুন ফিৰ্ ফিৰিয়া
বতাহ জাকত
আহি তুমি হুৰমূৰাই
সোমালা মোৰ খোলা হৃদয়ত।
( ২ )
মিলনৰ মধুৰ ক্ষণ
দুয়ো কৰি আলিঙ্গন
হ'লো সহযাত্ৰী
জীৱন নাটৰ
(৩)
সপোন আৰু হেঁপাহ বোৰ
আলফুলে সাবটি লৈ
কাঁইটীয়া বাটবোলো
সাহসক সাৰথি লৈ।
(৪)
সপোন বাস্তৱ কৰাৰ
ল'লো সত্য পণ
উজ্জ্বলাই নিম হেঁপাহবোৰ
পোহৰ জোনাকী মন।
( ৫)
হঠাৎ হ'লো অকলশৰীয়া
সাহসবোৰে চোন নকয় এতিয়া
মই আছোঁ নহয় তুমি
আগবাঢ়ি যোৱা।
(৫)
তথাপি নাই হোৱা ভাগৰুৱা
সপোনবোৰ বুকুত লৈ
সাহসেৰে বাই যাম
মোৰ জীৱন নাৱৰ ব'ঠা।
———————————
ভোকাতুৰ আন্ধাৰ
ৰিজু মণি বৰা
ভোকাতুৰ আন্ধাৰে
বিচাৰি ফুৰে
ফুলত সানিবলৈ কামনাৰ ৰং ,
সহজেই বিশ্বাসৰ ছবি মুচি
আঁকিব পাৰে
প্ৰতাৰণাৰ ছবি।
সতীত্বৰ সুগন্ধিভৰা আঁচলখন
ক্ষণিকতে খহাই
ভোকাতুৰ আন্ধাৰে
ৰচিব পাৰে
ব্যাভিচাৰৰ জীয়া ইতিহাস...
————————————
অতীত অতীত গোন্ধ
ড° ইকবাল হোচেইন খান
আঘোণৰ পথাৰত নাই শইচ সোণালী হাঁহি
ৰাজনীতিৰ পথাৰত উজাপালি
কেৱল আৰু কেৱল বিনামূলীয়া আঁচনি ।
কানি গছৰ দৰেই অতীত অতীত গোন্ধ
নৱ প্ৰজন্মৰ জন্মৰ আগৰ কাহিনী ।
এতিয়া পথাৰ উদং
সংস্কৃতি উদং
কৰ্মহীন জাতি
প্লাৱন নামিব চকুপানীৰ
যদি থাকে এনে আঁচনি
ভৱিষ্যৎ হৈ পৰিব ভৱিষ্যৎহীন
চিৎকাৰ কৰিব পথাৰে ,
ভৰালে ,
ভোকে
ক'বলৈ নেথাকিব ভাষা
পোত গৈ থাকিব প্ৰগতি
কৰ্মবিমুখ সংস্কৃতি ।
——————————
জীৱন দুদিনীয়া
নাং লিজাশ্ৰী গোহাঁই (বন্তী)
জীৱন দুদিনীয়া নকৰিবা অহংকাৰ এই জীৱনৰো কোনো ভৰষা নাই।
জীৱন দুদিনীয়া কচুপাতৰ পানী মিলি যাব
মাটিৰ লগত।
জীৱন দুদিনীয়া নকৰিবা কাকো বেয়া ব্যৱহাৰ যদি কৰা কাৰোবাক বেয়া ব্যৱহাৰ পাছত নাপাবা সুযোগ ক্ষমা বিচৰা।
সেই বাবে সকলোৱে লগত সদায়
মিলি থাকিবা।
দুদিনীয়া জীৱনত যদি তুমি কষ্ট নোপোৱা সাহসী হ'বা কেনেকৈ।
দুদিনীয়া জীৱনত তুমি যদি বিফলতা নোহোৱা সফলতা আনন্দ
কেনেকৈ বুজিবা।
দুদিনীয়া জীৱনত যদি তুমি দুখ নোপোৱা সুখৰ অনুভৱ কেনেকৈ বুজিবা।
দুদিনীয়া জীৱনত যদি তুমি একো ভুলেই নকৰা তেন্তে তুমি শিকিবা কেনেকৈ।
দুদিনীয়া জীৱনত যদি তুমি বিচাৰিলে সকলো পোৱা অপেক্ষা কি কেনেকৈ বুজিবা
তাৰ মাদকতা।
———————————
সংগোপনে
পবিত্ৰ বৰগোহাঁই
পশ্চিম আকাশৰ অস্তাচলত
বেলিটো মাৰ গ'ল বুলিয়ে জানো
আকাশখন ডুবি যাব
পূব আকাশত যে সদায়েই অপেক্ষাৰ
এটা নতুন আশাৰ
পোখা মেলে সংগোপনে ।
এবাৰ চুই নোচোৱাকৈ কেনেকৈ
গম পাবা বৰফৰ শীতল সাগৰ
কাৰ পৰশত ফুলি উঠিব
মাধৈ মালতী ফুল
কাৰ বাবে বিৰিঙিব
ৰ'দৰ সাতো ৰঙী ফুল
বায়ু আছে বাবেইটো
বুকুৰ উশাহ
স্পৰ্শ কৰি চোৱাচোন
শুকান বালিৰ গৰ্ভ তেতিয়াহে বুজিবা
কিমান আৰ্তনাদ
দুচকুৰ কি অন্ধ মায়া ।
———————————
প্ৰেৰণা
আল্পনা শৰ্মা
মই ভাল পাওঁ
সুপ্ৰভাতে ভৰা
পুৱাৰ নতুন দিনবোৰ
তুমি দিয়া ৰক্ত গোলাপৰ
ফুল পাহিৰে সজীৱ কৰি লও
হিয়াৰ আবেগ ঢালি
অনাগত দিনবোৰ
সুৰভিৰে ভৰা সেই পাহিৰে
শুৱনি হয় মোৰ দ্ৰয়িংৰুমৰ মজিয়া
আৰু দূৰ হয় নিৰাশাৰে ভৰা
মনৰ আন্ধাৰবোৰ
জীৱন হৈ ৰয় আলোকময়
এতিয়া মোৰ নিৰুদ্দেশ হোৱা শব্দৰ
সন্ধান বিচাৰি ঘূৰি আহে পলাতক জীৱন
দুখৰ ভৰত হাউলি যোৱা হৃদয়
বিচলিত হোৱা নাই এতিয়া
সময়ৰ নিয়াৰিত চেতনাই গঢ় লয়
তীক্ষ্ণৰ পৰা তীক্ষ্ণতৰ ৰূপত
এতিয়া মই যেন এক সুনিপুণ কমাৰ
শব্দক গঢ় দিয়া ।
——————————————————

0 Comments