পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ সপ্তম সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

 ধেমালিতে নৱকান্ত বৰুৱা ছাৰে হীৰেন ভট্টাচাৰ্যদেৱৰ আগত জুলাই মাহটোক 'কবিতাৰ মাহ' হিচাপে অভিহীত কৰা এই অভিধাটোক আৰু প্ৰাসংগিক কৰি এই মাহৰ পহিলা দিনটোতে অসমীয়া ভাষাৰ কালিকাক শক্তিশালী ৰূপত উপস্থাপন কৰা অনন্য আৰু একক শৈলীৰ কবি শ্ৰদ্ধাৰ অনুভৱ তুলসীদদেৱো আমাক সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল।
  নৱগ্ৰহ স্মশানত কবিজনাক অসম সাহিত্য সভাৰ তৰফৰ পৰা অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰাৰ পৰম সৌভাগ্য হৈছিল। এনে কবি এবাৰেই জন্ম হয়।
লুইতক বানান কৰি পঢ়িব পৰা কবি ,দুনাই যে  জন্ম হ’ব তাত সন্দেহ আছে।
  মৃত্যুক শিল্পৰূপে গঢ়ি তোলা,হে কবি!
   বিদায়!
   যদিও আপুনি কায়িকভাবে আমাৰ মাজত নাই,তথাপি কবিতাই আপোনাক অমৰত্ব প্ৰদান কৰিলে। আপুনি আজীৱন আমাৰ মাজতে আছে। থাকিব।
   হে কবি! 
   এই সংখ্যাটো আপোনাৰ নামতে উছৰ্গা কৰিলোঁ।

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
——————————
অনুভৱ তুলসী স্মৰণ
কবিতা

অনুভৱ তুলসী
দেৱ দাস

তেওঁ আহি 
কাষ চাপিছিল 

সময়ে 
কবিতাৰ দৰে 
গুণ গুনাইছিল 

সাজোন কাচি
আলফুলে কোঁচত তুলি 
লহপহকৈ নোদোকা
এটি কবিতা 

পৃথিৱীৰ পদূলিয়ে পদূলিয়ে
কবিতাৰ 
মিচিকি হাঁহি

চকুৱে মুখে হাঁহিটো

ক’বলৈ একো নাথাকিল 

শাকেৰে
মাছেৰে 

ৰাতিৰ সাজ 
কলিজাটো কাটি 
অতিথি হৈয়ে ৰ’লোঁ 

কবিৰ ঘৰ
ঘৰৰ চোতালত 
লহপহকৈ এজোপা 
অনুভৱ তুলসী। 
————————
অনুভৱ তুলসী স্মৰণ
গিৰিজা শৰ্মা

ভৰ বাৰিষাতে শুকাই থাকিল ভৰা লুইত 
বানান কৰি কাক পঢ়ো!‌
লুইতৰ উদং বুকুত বিনাই আছে শব্দবোৰ 
শুকাই গৈছে কবিতাৰ কলিজা 
সকলোৰে অলক্ষিতে আপোন ঘৰলৈ বুলি কবিয়ে বাট পোনাইছে
ঠিকনা দিছে 
পাতসীয়া, মালিগাওঁ...
একান্তভাৱে 
মদগৰ্বী মৃত্যুৰ স'তে কথা পাতিছে
কিমান নিৰ্ভুল হ'ব পাৰে সেই সময় সংকেত 
পিৰালীতে বহি বেলিৰ বইতাৰে 
জোনে কি সিঁ আছিল
কোনেও নেজানিছিল 
ভৰ লুইতৰ বুকু শুদা কৰি কেনি গ'ল পানী 
কোনে ভাঙে কথাৰ কালিকা!
কোনে!
——————————
অনুবাদ কবিতা

আমি কোথায় পাবো তারে
মূল কবি: গগণ হরকরা
বাংলাদেশ

আমি কোথায় পাবো তারে
আমার মনের মানুষ যে রে
হারায়ে সেই মানুষে তার উদ্দেশে
দেশ বিদেশে বেড়াই ঘুরে।
লাগি সেই হৃদয়শশী
সদা প্রাণ হয় উদাসী
পেলে মন হত খুশি
দেখতাম নয়ন ভরে।

আমি প্রেমানলে মরছি জ্বলে
নিভাই অনল কেমন করে
মরি হায় হায় রে
ও তার বিচ্ছেদে প্রাণ কেমন করে
ওরে দেখ না তোরা হৃদয় চিরে।

ক'ত পাম তেওঁক
মূল কবি: গগন হৰককাৰ 
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ক'ত পাম মই তেওঁক
মোৰ হিয়াৰ আমঠুজনক
সেইজনৰ বাবে হেৰাওঁ শেষে
ঘুৰি ফুৰোঁ দেশে-বিদেশে৷
তেওঁয়েই মোৰ হৃদয়শশী
মোৰ জীৱনটো সদায় উদাসী
পালে মনটো হ’ল হয় সুখী 
চালোঁ হয় হেপাহেৰে দুআঁখি৷ 

প্ৰেমানলত মই মৰিছোঁ জ্বলি
নুমাওঁ কেনেকৈ এইকুৰা অগ্নিফুলি
খাওঁ হাবুডুবু হায় হায়
তেওঁৰ বিৰহত কেনেকৈ যে প্ৰাণ যায়
হেৰা চোৱা তোমালোকে হিয়া ভুকুৱাই৷
——————————
"আহা আকৌ প্ৰদীপ জ্বলাওঁ"
কবি: অটল বিহাৰী বাজপেয়ী 
ভাবানুবাদ: ড০ জ্যোতিশিখা দত্ত

আহা আকৌ প্ৰদীপ জ্বলাওঁ

আহা আকৌ প্ৰদীপ জ্বলাওঁ 
ভৰ দুপৰতে অন্ধকাৰ 
ছায়াৰ লগত সুৰুজ পৰাস্ত 
অন্তৰতম প্ৰেমৰ নিষ্পেষণ কৰো 
নুমাই পৰা চাকি গছি পোহৰাও
আহা আকৌ প্ৰদীপ জ্বলাওঁ 

মই এটা বিৰতিকেই গন্তব্যস্থান বুলি ভাবিছিলো 
লক্ষ্য হ'ল দৃষ্টিৰ অগোচৰ 
বৰ্তমানৰ মায়াজালত বন্দী হৈ 
ভৱিষ্যতক যাতে নাপাহৰো 
আহা আকৌ প্ৰদীপ জ্বলাওঁ 

আহুতি থাকিল বাকী  যজ্ঞ আধৰুৱা 
আত্মীয়ৰ বিঘিনিয়ে আৱৰিলে
নৱ দধীচিৰ হাড়বোৰ গলাই 
অন্তিম জয়ৰ বজ্ৰ তৈয়াৰ কৰো 
আহা আকৌ প্ৰদীপ জ্বলাওঁ ।
———————————
               কবিতা                 

খৰিকাজাঁই
ইপুল হুছেইন

তুমি হাঁহিলেই শব্দৰ পদূলিত খৰিকাজাঁই ফুলে
খিৰিকীৰ বতাহত
সুহুৰি যেন বাজে
বৰষুণীয়া ওঁঠত পানীৰঙী শিহৰণ
উজাই অহা নৈখনত ৰামধেনুৰ প্ৰতিচ্ছবি 

তোমাৰ সৈতে হাঁহে মেঘ
চঞ্চলা হয় অযুত আৱেগ
সুৰীয়া এই চহৰত 
এৰাতি আকাশ চহাই আদিম হওঁ
ডেউকা মেলি অসীম সাৱটি লওঁ ।
——————————
অশনি সংকেত
প্ৰদীপ চন্দ্ৰ শৰ্মা 

ইয়াত এতিয়া তিমিৰ 
মনবোৰত 
আন্ধাৰ ঘোৰ অমানিশা 

কালি সপোনতে বাটত 
লগ পাইছিলোঁ তোমাক 
কি নাম বাৰু 
এই অচিন ঠাইৰ 
মানুহ থাকেনে ইয়াত 
বাৰীবোৰত জেওৰা আছেনে 

হাতোৰাৰ কোবত 
ভাঙি থানবান হোৱা 
ঘৰবোৰে কান্দিয়েই আছেনে 
দুগালৰ বৈ যোৱা অশ্ৰুজলৰ 
দাগবোৰে প্ৰতিবাদ কৰেনে 

কালি সপোনতে বাটত 
লগ পাইছিলোঁ তোমাক
হুমুনিয়াহ মাথোঁ হুমুনিয়াহ 
পাই হেৰোৱাৰ 
সপোন ভঙাৰ খবৰে 
অশনি সংকেত 
আনিব পাৰেনে...
——————————
আই
ববী দত্ত

আই তই যে ব’হাগৰ এফাল কটা বেলি
জুইৰ আঙনি হৈ জিলিকিছিল তোৰ অটলস্পৰ্শী বুকু,যিদিনা
মই শুৱনি কৰিছিলোঁ তোৰ  সাত্বিক কোলা।

ৰ'দৰ পোহৰত তই জলফাই ৰঙী সাজ পিন্ধি গুণগুণাই গাইছিলি নিচুকনি গীত"আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ.."
মই মূৰৰ চুলি খামুচি অপলকনেত্ৰে চাই আছিলোঁ তোক
 
তই বাৰু বেলিটোৰ আনফাল পিতাইক দিলি নেকি?

বুকুখন  দুহাত ডাঠ কৰি পথাৰৰ আলিত বহি মোক পিয়াহ দিওঁতে তোৰ ওঁঠৰ একৈয়া বুটলা হাঁহিবোৰ  গলিছিল
আঘোণৰ পথাৰ চাওঁতে তোৰ  পিঠিত মই এক হণ্ডৰ বোজা।

তোৰ ৰ'দে উকি মৰা মনত আমি সদায় সুৰৰ নিষ্পাত ইলিজী
"গাঁঠিৰ গোৱা"ৰে সন্তুষ্ট হোৱা তোৰ মনটো চন্দ্ৰকান্তি পুৱাৰ দৰে।

আই আঙঠাত সৰকি পৰা তোৰ বুকুৰ কামীহাৰত আমাক শুৱাই
নিতৌ অনুশীলন স্বৰ্ণ সমৃদ্ধিৰ
বাঃ তোৰ কি যে অমিয়া  মাত !

মোৰ বাবে প্ৰসাৰিত আজিও তোৰ আশীষৰ উদাৰ দুহাত।
———————————
খেল
চয়নিকা ভূঞা

কিছুমান কথা আৱৰণৰ মাজত জী থাকে
কিছুমান কথা কাৰোবাৰ বুকুৰ উমত পালিত হয়
আৰু কিছুমান কথা,
কথা হৈ নাথাকে 
তেতিয়ালৈ

বুকুৰ স্পন্দনত শব্দৰ খেল
শেষান্তৰতো শেষ নোহোৱা কাহিনীতেই 
পুনৰ আৰম্ভণি 

খেলখন চলি থাকে
অহৰহ 
প্ৰতিপল

কেতিয়াবা 
দেহৰ ভৌগোলিক বিৱৰণ
আৰু কেতিয়াবা
ঈশ্বৰপু্ত্ৰৰ নামত

গৈ থাকে
গৈ থাকে 
গৈ গৈ তিনিআলিৰ মূৰত 
সেলেঙি বোৱাই
কথাবোৰ পাকঘূৰণি খায় পৰে

তেতিয়াও
কিছুমান কথা আৱৰণৰ মাজত জী থাকে।
 ——————————
দেৱদাসীৰ উদাস দৃষ্টিত
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

আইৰ দুহাতৰ আৱেশত যেতিয়া 
মোৰ মুখমণ্ডলে 
শুক্লাপ্ৰতিপদৰ জোনাক নিগৰাইছিল
নোৱাইতোলনীৰ দিনা 
যেতিয়া আয়ে আকাশলৈ চাইছিল
পিতায়ে ভেলেঙী চকিত হৈ 
মাৰ মুখলৈ চাইছিল
তেতিয়া ’তুমি’তো 
মোৰ আশেপাশে কতো নাছিলা
মোৰ দুহাতত যেতিয়া 
সোণৰ খাৰুৱে জলতৰঙ্গ বজাইছিল
মোৰ খামুচিয়া ককালত 
ৰিহাই মেৰিয়াই ধৰিছিল
যিদিনা পিতাইৰ কোলাখন 
চিৰদিনৰ বাবে হেৰুৱাইছিলোঁ
সিদিনাওতো ’তুমি’ 
মোৰ আশেপাশে নাছিলা
তেতিয়াহলে 
মোৰ কপালৰ তিলকটোৱে
মোৰ শিৰৰ সেন্দুৰখিনিয়ে 
কেনেকৈ মোৰ স্বাভিমান 
মোৰ স্বাধীনতা সকলো খৰ্ব কৰে...
————————————————
তোমালৈ
(বৰষুণজাকত তিতিবলৈ ৰৈ থকা পৰত)
ৰতন শদীয়াল

মোক মেঘ দিয়া 
মই বৰষুণ দিম

খিৰিকী ফাঁকেৰে গুচি আহাঁ
ৰঙৰ বটলত পোহৰ ছটিয়াই 
জোনাকী ধৰিম

বাঃ বাঃ 
ইয়াত ইমান বৰষুণ 
চুলি মেলি জোনবাইক সুধিম 
বেজি এটা দিয়া

বেজিনো কেলৈ !

সপোন সাঁচি থব পৰা মোনা চিলাবলৈ।
———————————
গলি
নৱজ্যোতি  শইকীয়া

আন্ধাৰ আছে বাবে ইয়াত;
জীয়াই আছে  
দু:খৰ দীঘল নিশা

আন্ধাৰ আছে বাবে ইয়াত;
জীয়াই আছে এটা চোৰ,
জীয়াই আছে  
এটা জেপ লুৰুকা,
জীয়াই আছে  
এজনী গণিকা

আন্ধাৰ আছে বাবে ইয়াত;
আন্ধাৰত মুখ গুঁজি
জীয়াই আছে এটা গলি.
উচুপি উচুপি বুকুত লৈ
জীৱনৰ এটা গজালি;
পোহৰৰ পম খেদি খেদি।
———————————
ৰ'দমালিতা
ৰাজেন দাস 

আজিও নহ'ল বাটিবলৈ বিচৰা দহি
ৰ'দে খাওঁ খাওঁ কৰে 
বতৰেও নিজৰ কাম নেৰে 

ঋতু অনুসৰি কাম 
বতৰৰ নাই কতো দাম
বীজ অনুসৰি ফল
বাঢ়ে মানুহৰ একলা -দুকলা ৰং

নদাই ভদায়ে কি কৰে
নৰকে সেয়া লৈ মূৰ ঘমোৱা নাই 
চিত্ৰগুপ্ত আজি সাজু 

ৰ'দে এছাতি আহিব 
যদুহঁতৰ চিৰালফটা মাটি জীপ পাব 
শুকান মুখে সেউজ সংকেত পাব
বৰষুণৰ জাক এটাৰ আগতেও বিজুলী ঢেৰেকনিয়ে আগজাননী দিব 

এদিন লুটি পুতি খোৱা কেইটায়ো বুজিব 
মাটিখিনি ম্যাদী
তেজখিনি ৰঙা 
প্ৰয়োজন দুহাত এবেগেত 

মই এতিয়া যিকোনো কথাতে মন বেয়া কৰা নাই 
আগতে যি হৈ আছে 
আগলৈ যি হ'ব 
এতিয়াৰ পৰা প্ৰস্তুতি দৰকাৰ 
এই কথা অন্ততঃ কৰ্মই শিকাই
এতিয়ালৈকে ময়ো অন্ততঃ মোৰ দৰে গৈ থাকিম।
——————————
মোৰ মৃত্যুৰ পিছত 
মুক্তিস্নাতা শৰ্মা 

মোৰ মৃত্যুত কাৰো একো ক্ষতি বা দুখ নহয়, 
মাঠো নিৰবতাই  উচুপি থাকিব যে -
 "মই এতিয়া সংগীবিহীন "।
——————————
নিশাৰ ইন্দ্ৰজাল
ড° আদিল আলী 
 
এতিয়া 
ইন্দ্ৰসভাৰ বতাহ বৰ উগ্র আৰু বলিয়া 
কেতিয়া কাক মষিমূৰ কৰি কাঙাল কৰে 
কোনো পাত্তা নাই  

আকাশত ওলমে পানী বলিয়া মেঘৰ দম 
ৰ'দত শুকাই পানীৰ শব্দ 
উৰি গৈ লাহে লাহে পুনৰ বাহৰ পাতে 
নীল আকাশৰ নিৰ্জু বুকুত 

নিজান ৰাতি টোপনিৰ ৰাজ্যত 
শৰণ লওঁ লখিমীৰ কোলাত 

তৰাবোৰে সভা পাতি মোৰ স'তে 
বিষাদৰ অপতৃণৰ শিপা উভালি 
বজাই আনন্দৰ বীণ 

মন্ত্ৰমুগদ্ধ হৈ ৰ'ও কুবেৰৰ ভোজসভাত 
মুখ্য অতিথিৰ আসন পাই 

নৰ্ত্তকী সভাত পূৰ্ণিমাৰ ৰাতি ভাঁহি আহি 
মোৰ কাণত বাজে মেনকাৰ ত্ৰিভূৱন কঁপোৱা নট নাৰায়ণ 
আৰু 
অনেক গিৰি, গুহাৰ ধৰ্মীয় বিশ্বাসৰ উপকথা 

গোটেই মাতাল নিশা পাৰ কৰো 
মই 
ইন্দ্ৰজালত বন্দী হৈ 

পুৱাই উঠি দেখো 
মোৰ উৰুখা পঁজাৰ 
থানথিত নাইকীয়া। 
————————
প্ৰিয় মানুহবোৰ
পৃথক কলিতা

পৰ্দাৰ সিপাৰে হেৰাই যাব পাৰে
প্ৰিয় মানুহ বোৰ
টুকুৰা-টুকুৰ হৈ যাব পাৰে মন
পখীৰ দৰে উৰি ফুৰি
আকাশ খন ঢাক খালে
শ্বাসৰুদ্ধ হৈ যাব পাৰে
আকাশৰ বৰণ সলনি হ'ব পাৰে
হো-হোৱাই বতাহত উৰি যাব পাৰে
গতি শীল জীৱন

জগত বুলি একো নাই
খিৰিকীৰ পৰ্দা খন
টানিছোহে টানিছো
দুৱাৰৰ পিছত
দুৱাৰ বোৰ বন্ধ কৰিছো

সম্ভৱতঃ ঘৰৰ জোলোঙাত
বিবৰ্ণময় দিনলিপিৰ ভিৰ 
নিস্তব্ধ নিজ দুখত ৰহস্যময় পৃথিৱী
নিস্তব্ধ নিজ সুখত ৰহস্যময় পৃথিৱী।
———————————
সন্ধিয়া
সুৰেশ চন্দ্ৰ ৰায়

বেলিয়ে জনালে বিদায় সম্ভাষণ
সেন্দুৰীয়া মেঘৰ দলিচাৰ ওপৰেৰে 
এজাক ঘৰমুখী চৰাইৰ কোলাহল
ডেউকাৰ স'তে বতাহৰ আলিংগন
দিনটোৰ খাদ্যৰ হিচাপ
পোৱা-নোপোৱাৰ সপোন ৰচি
কৰিছে গতি,

লক্ষ্যভ্ৰষ্ট চিকাৰীৰ শৰপাতে
সপোনবোৰক উজুটি খুৱালে
গতিৰুদ্ধ হোৱা নাই চৰাইজাকৰ

গৰুজাকৰ ঘৰমুখী গমন
ধূলিৰে ধূসৰ পথ
গৰখীয়াৰ বেসুৰা বাঁহীৰ তান

এডাল শুকান গছৰ ডালত
ফেঁচাজনীৰ উৰুলি

পূৱদিশত পূৰ্ণিমাৰ জোনটিৰ 
মিচিকিয়া হাঁহি
লাহে-লাহে ওলাইছে
যেন এখন পূৰ্ণ ধাতুৰ কাঁহী
 
আতা-নাতিনীৰ উপকথাৰ খোৰাক
আতায় নাতিনীক জোনটিৰ সাধু ক'ব
সাধু শুনি নাতিনীয়ে টোপনি যাব 
তাই জোনবাইৰ সপোন দেখিব
জোনবাইৰ দেশলৈ উৰা মাৰিব
জোনৰ স'তে কথা পাতিব।
——————————
নীৰৱতা
অণিমা বৰ্মণ

নীৰৱতা তুমি এক শিল্প 
নিভাঁজ মসৃণ ৷
পৰিধিবিহীন বিশালতা তোমাৰ
সুমেৰুৰ পৰা কুমেৰুলৈ অবাধ গতিপথ
কোলাহল, হাহাকাৰ, অশান্তি
সকলোকে আঁচলেৰে ঢাকি লৈ
ধৰাত শান্তিৰ ধল বাকি দিয়া !
থোপা-থোপে ফুলি থকা সুখৰ ফুলবোৰো
বুকুত সাৱটি লৈ স্বৰূপত
আপোনভোলা হৈ থাকা ৷

তুমিও কথা কোৱা !
নীৰৱ চকুৰ ভাষাত
প্ৰেমাস্পদে পঢ়ি লয় -- প্ৰেয়সীৰ হৃদয়ৰ
নিভৃত কোণত ঠন ধৰি উঠা হাবিয়াহবোৰ
নীৰৱ ওঠৰ ভাষাত বিচাৰি পাই
হৃদয়ত ফুলিব ধৰা
তেজৰঙা গোলাপৰ কলিবোৰ ৷
বিৰহত দেই-পুৰি যোৱা ভগ্ন হৃদয়ৰ খোলাবোৰ
তোমাতেই সুমুৱাই লৈ আকৌ ৰঙেৰে বোলোৱা তুমি ৷

আকাশত মেঘৰ ৰণডঙ্কা বাজিলে
বিজুলীৰ বজ্ৰপাতে পৃথিৱী কপালে
মুষলধাৰে বৰষা নামিলেও
নিৰ্ভীক তুমি--
তোমাৰ কোঁচত
সকলো সামৰি লোৱা ৷
পৃথিৱী শান্ত হৈ পৰে ৷
নীৰৱতা সচাকৈয়ে তুমি মহান
নিৰৱধি বৈ থকা এক
যুগজয়ী কালজয়ী অমোঘ শক্তি 
চিৰ নমস্য তুমি, তোমাক প্ৰণাম !
——————————
কবিৰ কানন
শিখা শৰ্মা

মালীৰূপী কবিজনে
হেঁপাহেৰে গোটাইছে
এটি দুটি ফুলৰ পুলি
পাতিবলৈ এখন ফুলনি।
সাৰ পানী দিছে
লাহে লাহে পুলিবোৰ 
ঠন ধৰি উঠিছে।
পূৰঠ ডালেৰে
সেউজীয়া পাতেৰে
অকণি অকণি পুলিবোৰে
কৈশোৰ পাৰ কৰি 
 লাহে লাহে থৈছে ভৰি
হেঙুলীয়া যৌৱনত।

আঠোটা বসন্ত পাৰ কৰা
কবিৰ ফুলনিখনত
লহপহকৈ বাঢ়ি অহা
বহুৰঙী কলিবোৰ
এপাহি দুপাহিকৈ ফুলি উঠি
কানন তুলিছে বৰ্ণিল কৰি।
বতাহত বিয়পি পৰা
মৃদু মৃদু সুৰভিৰে
সুবাসিত কৰিছে ধৰা।
আমোলমোল হৈ থকা
কবিৰ মৰমৰ কাব্যকানন
উপচি পৰিছে
শুভেচ্ছাৰে বহুজনৰ।
—————————
বাৰিষাৰ দৃশ্য
ডাঃ বন্দনা তামূলী

ক’লা ডাৱৰে গৰজি উঠিছিল
এজাক ঢাৰাষাৰ বৰষুণ ঢালিছিল

সৰু বৰ বাহনৰ চলাচল নাই
জে চি পি অবিহনে
মানুহৰ গত্যান্তৰ নাই

সাপ আৰু ভেকুলীৰ সতে
জীৱন্ত মাছবোৰো যেন
মহানগৰীৰ পথে পথে

অনিল নগৰ নবীন নগৰ
বাৰিষা পানীৰ তলত
শুনিছেনে একেজন মানুহৰে
ডিঙি ফালি ফালি চিঞৰা মাত

লুইতৰ বুকুত বিহমেটেকাৰ
একোখন যেন বঠাবিহীন নাও
কি সৃষ্টি সৃষ্টিকৰ্তাৰ

দিগন্তৰ আৰ্চীত স্পষ্ট দেখিছো
অসমৰ ক’লা পোছাকযোৰ।
——————————
উৰন্ত কফিন
যামিনী দেৱী

মহাশূন্যত এটা উৰন্ত কফিন
ভিতৰত প্ৰায় তিনিশ
প্ৰেতাত্মাৰ অবুজ চিঞৰ-বাখৰ
চিঞৰ-চেঁচাৰ মাজত
সময়বোৰ স্তব্ধ হৈছে
ডক্‌ডগা তেজৰ নৈত
সূৰ্য্যটো জ্বলিছে
মৃত্যুৰ চিতাত ভস্ম
সকলো আশা-আকাংক্ষা
চিন্তা-দুঃচিন্তা
মাতৃ-গৰ্ভত স্থিতি ল'ওতে
অংগ-প্ৰত্যঙ্গ একো নাছিল
আকৃতি এটা লালুকী সদৃশ
তথাপি নিষেচন ঘটাই
পূৰ্ণাঙ্গ মানুহহৈ
জন্ম পাইছিলোঁ
বুদ্ধি-বৃত্তি সকলো থাকিও
মৃত্যুক আজি চিনিব নোৱাৰিলোঁ
ঈশ্বৰেও আত্মগোপন কৰিছিল
সেইখিনি সময়ত কৰবাত
ব্যস্ততাৰ অজুহাতত
এঙামুৰি এটি
দিবলৈকো সময় নাছিল
তুমি য'তে আছা 
দৌৰি আহা মা
বগা চাদৰৰ আঁচলেৰে
মুখখন ঢাকি দিয়া।
—————————
অচিনাকি
নিতুল নাথ

তোমাৰ সজল নয়নৰ দুচকুত জহি খহি জাহ গৈছে
মোৰেই এধানি হিয়া ,
জনা হ'লে তোমাৰ হৃদয়ৰ ঠিকনা
জোনাক নিশাৰ জোনাকী হৈ
বিচাৰিলোঁহেঁতেন তোমাৰ হৃদয়ৰ সেউজীয়া সুবাস।

ভাঁহি গ'লোহেঁতেন এচাটি মলয়া হৈ
স্পর্শ  কৰিলোঁহেঁতেন তোমাৰ আউলি-বাউলি মেঘালী চুলি। 

জনা হ'লে তোমাৰ হৃদয়ৰ ঠিকনা
দুভাগ নিশাত হ'লেও উৰি গ'লোহেঁতেন
চাতক চৰাই চুবুৰীত তোমাক বিচাৰি, বিচাৰি।

পৰাহ'লে তোমাৰ চকুতে চকু থৈ 
জুমি -জুখি চালোহেঁতেন কাজলসনা দুচকুৰ মৰমৰ  নীলাৰ গভীৰতা
দীঘ আৰু প্ৰস্থৰ অনুপাত জ্যামিতিক ৰেখাৰে।

তোমাক দেখা ঠাইলৈকে সঘনাই বুলোঁ বাট
কিজানি মিলন হয় তোমাৰ দুচকুত ।

হয়তো এদিন লগ পাম তোমাক
বিচাৰিম তোমাৰ হৃদয়লৈ যোৱাৰ ধূলিময় পথৰ আদিম ঠিকনা ।

দিবানে তোমাৰ হৃদয়ৰ উপত্যকাত অকণমান ঠাই? 
সঁচা মৰমেৰে হেঁপাহ-হাবিয়াসেৰে আজীৱন ফুলি ৰ'ম 
এপাহি সূৰুযমুখী ফুল হৈ অহর্নিশে তোমাক চাই থাকিব পৰাকৈ ।
———————————
ম‌ই যদি হলোঁহেঁতেন
দীপ্তি মণি গোস্বামী

ম‌ই যদি হলোঁহেঁতেন 
জোনাকৰ পয়োভৰ,
আন্ধাৰবোৰ নাশি
সিঁচিলোঁহেঁতেন এচমকা শীতল জোনাক ।

ম‌ই যদি হলোঁহেঁতেন 
এচাতি উগ্ৰ বতাহ
ধুমুহাৰ  প্ৰৱল তাণ্ডবেৰে
মনত ললোঁহেঁতেন সকাহ।
           
ম‌ই যদি হলোঁহেঁতেন 
বেলিৰ দৰে একুৰা জুই
মোৰ অসহ‍্য তাপৰ প্ৰকোপত 
সুস্থ বিবেকবোৰ নাথাকিলহেঁতেন শুই ।

ম‌ই যদি হলোঁহেঁতেন এখন মহাকাশ
আমোল প্ৰতিষ্ঠাৰে কৰিলোঁহেঁতেন বিকাশ,
ধুমকেতু পপীয়া তৰাবোৰৰ খণ্ডাই ইতিহাস
লক্ষ‍্যচূত স্থানচূত কৰিলোঁহেঁতেন তাত ।
—————————
ধূসৰ
নিৰৱপ্ৰিয়া (দৃলীনা)
         
বিৱৰ্ণ ধূসৰ আজি মোৰ হৃদয়াকাশ
বিষাদ হৈ নিগৰে 
শব্দৰ বৰষুণ 
নিঃশব্দে আলাপ কৰোঁ 
নিঃসঙ্গতাৰ হ'তে নিৰৱে।
—————————
বৰ্ণিল  জীৱন 
সুপ্ৰীতি বৰুৱা

আপোনাৰ নয়নত
আন্ধাৰবোৰে  আঁকে
বৰ্ণিল  নানা ৰঙীন ছবি
যেতিয়া ব্ৰেইলিৰ কীবৰ্ডত শব্দৰ স্ফুলিংগই 
কথা পাতে
নজনা বহু কথা,
অবুজ ভাষা , 
অলিখিত  অজানা  কথা
নীৰৱে  লিপিবদ্ধ হয় --
স্বত:স্ফুত  জীৱন  পৰিক্ৰমা  
নিৰলত সোঁৱৰা হিয়াৰ আৱেগ প্ৰৱণতা,
হিয়াৰ আৱেগবোৰো নহয় জানো  মিঠা মিঠা কবিতা ।
———————————
বিপন্ন সময়
অঞ্জনা ৰূপা দাস

সময়ৰ সোঁতত দিনবোৰে 
সলাইছে বৰণ
ৰঙীণ দিনৰ মাজতে গজা
এমোকোৰা দাড়ি
শোঁতোৰা গালেৰে
এখনি তাম বৰণীয়া মুখ।
ৰূক্ষ ওঁঠত বিৰিঙি আছে 
 মনৰ ভিতৰৰ এখনি যুদ্ধ ।
 মণিকুটত সোমাই পৰা 
ৰক্তাল চকু হালত 
সহস্ৰ প্ৰশ্নৰ অগ্নিবাণ?
আবেগৰ  কোমল শব্দবোৰে
পিন্ধিলৈছে চোন  শিলৰ চোলা !
আইৰ মৌবৰষা মাতত
বাজে আজি মৃত্যু ঘণ্টা।
 বাৰুদৰ আটচ্ বাজীত
 আকাশ ভগাৰ শব্দ 
জোনাকত মৌনতা নামে 
ঘন আন্ধাৰলৈ
উদং পথাৰ, টকলা পাহাৰ 
নগ্ন প্ৰকৃতি
জীৱকুল লুপ্তপ্ৰায় আজি!
আতংকত নক্ষত্ৰই
বৰষিছে অগ্নি 
মানৱৰ উপত্যকাত দুৰ্নীতিৰ পাহাৰ 
বৈবাহিক সম্বন্ধত 
পৰকীয়া প্ৰেমৰ ঢোপাচালি
বংশালয়ৰ মাৰলিত ঘূণ পোক 
নিষ্ঠুৰতাৰ আতিশায্যত
আত্মীয়তাৰ আত্মগোপন 
জীৱনে গাই নিসংগতাৰ জয় গান-
পশ্চিমীয়া বতাহৰ ন-ৰাগিত
আধুনিকতাৰ ন সাজ পিন্ধি 
বিলাস- বৈভৱত নিমগ্ন 
নামানে সামাজিক দায়বদ্ধতা
জন্মদাতা,অন্নদাতা
নিৰ্য্যাতিত,নিপীড়িত-
জীৱনে পিন্ধে নতুন ঠিকনা -
ৰাজপথ,অথবা বৃদ্ধাশ্ৰম!
ঊষাৰ  কিৰণে সজোৱা 
ৰূপহী ধৰণী
আজি যে কলীয়া ডাৱৰে
 ধৰিছে আগুৰি!
 সদাচাৰ, সম্প্ৰীতি
সকলো নিঃশেষ আজি-
আৰু বা দেখিবলৈ কি বাকী?
 সময়!
এইয়া যে বিপন্ন সময়!
——————————
পুৱাৰ সমীৰে
জোনমনি বৰা

পুৱাৰ সমীৰে কি বতৰা আনিছে
বাট চায় আছো ৰৈ অধিৰ উৎকন্ঠাৰে 
এখনি উতনুৱা চিত লৈ
কল্পনা প্ৰসুৰ এটা যাযাবৰী মন লৈ
আছো মই  ভাৱনাৰ প্ৰহৰী হৈ
তোমাৰ বাবে ৰৈ
তুমি সঁচাকৈয়ে মোৰ বাবে
আশাৰে চৈ ৷
সীমাহীন কল্পনাৰ মেটমৰা 
ভাৰ হৈ আজীৱন আছা থাকিবা ৰৈ
কথা দিলো কথা দিয়া
প্ৰতিশ্ৰুতি শ্ৰুতধাৰা
যাওক বৈ 
ওৰে জীৱন থাকক 
জাউতী যুগীয়া হৈ ৷
অভিমানী হিয়াত
ভালপোৱাৰ প্লাবন হৈ ৷
—————————

Post a Comment

1 Comments