—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
——————————
বাটচ’ৰা
সম্পাদকীয়
কবিতা এটা তেতিয়ালৈ একান্ত নিজৰ হৈ থাকে,যেতিয়ালৈ প্ৰকাশ কৰা নহয়। প্ৰকাশিত হোৱাৰ পাছত সেয়া ব্যক্তিগত হৈ নাথাকে।সেয়ে কবিতা এটা প্ৰকাশৰ আগতে লেখকগৰাকী অধিক সচেতন হোৱা দৰকাৰ।
অধ্যয়ন,চৰ্চা আৰু সাধনাৰ জৰিয়তে মনৰ দোলায়িত ভাৱনাক পাঠকৰ মনৰ কেনভাচত অংকিত কৰিব পৰাটোৱে ,লেখকজনৰ সফলতা। তাতেই কবিতাটোৰ মান নিৰূপণ হয়।
বিনীত
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
みじか夜や足跡浅き由比ヶ浜
mijika yo ya ashiato asaki Yui-ga-hama
short summer night
Faint footprints on the sand
Yui-ga-hama
—Buson
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
৫-৭-৫অত সজোৱা
চুটি গ্ৰীষ্মকালীন নিশা
বালিত মূৰ্চ্ছা যোৱা অস্পষ্ট ভৰিৰ ছাপ
য়ুইগা সমুদ্ৰ সৈকট
—বুচন
——————————
তোমাক যিদৰে বিছাৰো
মূল বাংলা - ৰুদ্ৰ গোস্বামী
অনুবাদ - ৰীতিমালা
মই এনে তুমি এজন বিচাৰো
যিয়ে মোৰ বুকুৰ ভিতৰৰ পাহাৰটো পিটি পিটি
নিজৰাৰ পানী উলিয়াব পাৰিব।
মই এনে এজন তুমি বিচাৰো
যিয়ে মোৰ মিছাৰ আলয়টো পুৰি
অভিমান শিকাব পাৰে, বৰষুণ দেখাব পাৰে।
মই এনে তুমি এজনকে বিচাৰো
শিকলি নোহোৱাকৈয়ে যিয়ে
হাতৰ বান্ধোনেৰে বান্ধি ৰাখিব মোক।
এনে এজন তুমিকেই বিচাৰো মই
যিয়ে ক'ব, মই এজন আকাশসম মানুহ
মোৰ প্ৰেমত পৰিব পাৰি।
মই এনে এজন তুমিকেই বিচাৰিছো
যিয়ে নিজৰ আকাশ কৰি ৰাখিব মোক
বুকুৰ কাষত।
——————————
"FAMINE"
Rekha Borkotoky
Humanity can be purchased
as one or two kilos
like any other commodities.
Same way....,.
luxury food residue or rotten garbage
can be burgained in the dirty flow !
discovered a tiny baby
trying her level best
to catch out the smashed item
amidst from the muddy liquid
As she was greedy------
Quick speed of the drain
pushes the food item out
but her appetite
Instigates her little finger
to search and search
A helpless mother waiting eagerly
taking on her lap
a skinny child
sucking helplessly her withered chest !
Having seen the handfull of rice
mother shouted-----
enough for today
let’s we search for another drain
which nobody might have seen !
—————————
দূৰ্ভিক্ষ
অসমীয়া অনুবাদঃ ৰেখা বৰকটকী
মানৱতা কিনিব পাৰি
এক কিলো বা দুইকিলো হিচাপত,
অন্যান্য বস্তু কিনাৰ দৰে...
লেতেৰা নলাটোত বিলাসী খাদ্যৰ
গেলা-পঁচা টুকুৰাবোৰৰ দৰদাম হয়৷
এজনী ছোৱালীয়ে কষ্টসাধ্য চেষ্টাৰে অৱশিষ্ট খাদ্যখিনি
গেলা বোকাৰ মাজৰপৰা
উলিয়াইছে
তাইযে ভোকাতুৰা!
খৰস্ৰোতা নলাটোৱে উটাই নিছিল
খোৱা বস্তুৰ অংশ বিশেষ৷
কিন্তু তাইৰ ভোকে
কণমানি আঙুলিবোৰক
বাৰে বাৰে খাদ্যৰ সন্ধানৰ হৈ উচতাইছিল,
অধীৰ অপেক্ষাৰে ৰৈ আছে
এগৰাকী অসহায় মাতৃ
মাতৃ গৰাকীৰ শুকান স্তনত
মুখ গুজা এটি হাড়লী সন্তান!দুহাতত পৰিপূৰ্ণ ভাত দেখি
মাকে চিঞৰি উঠে,
আজিলৈ হ’ব দিয়া
পাছলৈ আৰু এটা নতুন নলাৰ সন্ধান কৰিম
যাক আজিলৈকে কোনেও দেখা নাই...
———————————
কবিতা
হৃদয় সমীপেষুত এটি নীৰৱ কবিতা
গাৰ্গী ভূঞা
প্ৰতিটো শব্দই
নিজৰে ওজন লৈ
হৃদয়ৰ গভীৰতাত শুই থাকে
হাহাকাৰ বা নিঃশব্দ,
বৰ্তমান বা অতীত,
শব্দবোৰে ঢৌৰ দৰে খোজ কাঢ়ে
আৰু অদৃশ্য সুৰৰ সৈতে খেল কৰে
চকুৱে নাচালেও অন্তৰে শুনে
অতীতৰ দুখ,
বৰ্তমানৰ আশা,
ভৱিষ্যতৰ নীৰৱ শ্বাস...
প্ৰতিটো শব্দই
হৃদয় সমীপেষুত
এটি সম ওজনৰ কবিতা কঢ়িয়াই ফুৰে... !
————————
কবি পত্নী
অংকুৰিতা ফুকন
মই ৰাতিৰ আঙুলিৰে আগচুলিৰ আউল ভাঙিলে
তুমি প্ৰেয়সীৰ তিতা চুলিৰ পানীৰে
সমস্ত ৰাতিৰ পিয়াহ পুৰুওৱা
মই সোঁহাতৰ বুঢ়া আঙুলিৰ
পেটত গজা অচিনাকী বাটেৰে
তোমাক বিচাৰি ওলালে
প্ৰেয়সীৰ মখমলী প্ৰথমাৰ নিৰ্দেশত
তুমি ঘৰৰ বাট হেৰুওৱা
প্ৰেয়সীৰ খামুচীয়া কঁকালত
কল্পনাৰ চিঁয়াহিৰে মুখ ভঙা মন্ত্ৰ লিখা তুমি
দাপোনৰ সমুখত থিয় হওঁ মই
ওলমা পেটৰ মেদ ঢাকি
তুমি প্ৰেয়সীৰ চকুৰ সমুদ্ৰত
মাণিক বিচাৰি হাবাথুৰি খালে
মই কপালৰ বলি ৰেখাৰ মাজত
উজলাই থওঁ তোমাৰ নামৰ বেলি
কি জুইত জ্বলিছা তুমি
তোমাৰ সৃষ্টিয়ে সেমেকাই থয়
মোৰ নিসংগ গধূলি
তুমিতো নোহোৱা কোনো
ইতিহাস প্ৰসিদ্ধ প্ৰেমিক
যিয়ে নিঃশেষ কৰে নিজক প্ৰেয়সীৰ এটি মাথোঁ মিঠা হাঁহিত
তুমি হাড় মঙহৰ বৰ্তমান
জোলোঙাত তোমাৰ বাস্তৱ
আৰু কিছু চাহিদা মোৰ নিসংগ সময়ৰ
তুমি প্ৰেয়সীৰ দৃষ্টিৰে পৃথিৱী দেখিলে
মই নিজক বিচাৰি নাপাওঁ
তুমি সৃষ্টিৰ পথাৰত শব্দৰ শইচ সিঁচিলে
মই ওৰে দিন অনাহাৰে কটাও
কি জুইত জ্বলিছা তুমি
তোমাৰ জুইত দহি থাকে
মোৰ নিসংগ আবেলি গধূলি
মোৰ ফালেও চোৱা হে ব্যস্ত কবি
ময়ো হ'ব পাৰোঁ কেতিয়াবা
তোমাৰ কবিতাৰ প্ৰেৰণা কিজানি...
———————————
বিষাদগাথা
মনালিছা শইকীয়া
বেলি বুৰো বুৰো পৰতে
আমি পুনৰ এৰাএৰি হৈছিলোঁ
আমাৰ সন্মুখত থিয় দি আছিল
মন্দিৰৰ সুপ্ৰাচীন চূড়াৰ স'তে আহঁতৰ
ছাঁ বোৰ আৰু পাছফালে এটা সুদীৰ্ঘ বাট
সময়ৰ খতিয়ান নাছিল আমাৰ হাতত বেলিৰ হেঙুলীয়া আভাত মূৰ্ত হৈছিল
বিমূৰ্ত জীৱনৰ কিছু ডেও লগা
ৰূপকীয় সময় , বিস্ময় বিমুগ্ধ সময়
হাঁহিবোৰ
বাঁহী হৈ বাজিছিল মনৰ গহনত
ফুল হৈ ফুলিছিল মনৰ দাপোনত
অজানিতে
দুচকুৰ সিৰলুত
বাগৰিছিল লুণীয়া পানীৰ ঢল
আমিযে আমাক এৰি আহিছিলোঁ
দূৰ অতীতৰ কোনো এক ইতিহাসৰ পাতত
আজি পুনৰ
চকুলোৰ বাট কাটি
এচপৰা কপহুৱা মেঘ নামিল
সাগৰনীলা আকাশৰ পৰা আমাৰ সন্মুখলৈ...
———————————
এগছি বন্তি
গুণজিৎ শইকীয়া
ৰাতি ৰাতি মৰি থাকোঁ মই,
আৰু কেঁকো-জেঁকোকৈ জী উঠো
এন্ধাৰ ঠেলি,
তোৰ নিচুকনি গীতৰ তালে তালে
বেলিৰ মিচিকিয়া হাঁহিত যেতিয়া
দিনটোৱে লৰচৰ কৰে !
বুকু ভৰাই কঢ়িয়াই ফুৰোঁ
তোৰ সমস্ত মণি মুকুতাৰ ছবি
আৰু সাঁচি ৰাখোঁ মোৰ পৃথিৱীত
উমি উমি জ্বলি থাক ওৰে ৰাতি তই,
সপোনতো খেলোঁ তোৰ স'তে
প্ৰাণভৰা খেলা
মই তোৰ মোহত বন্দী !
বাট ঘাট বহু আতিক্ৰমি
সময়ে অসময়ে
প্ৰতিনিয়ত সুখ-দুখৰ
হিচাপ-নিকাচ কৰোঁ,
অবিৰত প্ৰাপ্তি অপ্ৰাপ্তিত
সন্মোহিত মই আৰু মোৰ সত্বা
লুতুৰিপুতুৰি তোৰ প্ৰেমৰ বাকৰিত !
হাঁহি হাঁহি কান্দো কেতিয়াবা
উচুপি উচুপিও মিচিকিয়াই থাকোঁ
আৰু আপোন পথেৰে বাটকুৰি বাই যাওঁ,
পথৰ কাষৰ মৰাশবোৰে তেতিয়া
দাঁত নিকটাই মোক পুতৌ কৰি কয়-
আচলতে মই হেনো জীৱিত নহয় !
ক্ষণিকৰ বাবে পাহৰি যাওঁ
মোৰ শেষ ঠিকনা,
তোৰ দিকচৌ বনৰ সঁফুৰাৰ সন্ধানত
হেঁপাহৰ ভাৰখন কঢ়িয়াই
এতিয়াও মই সাৰে আছোঁ অ' জীৱন
নিমজ্জিত হৈ তোৰ মায়াবী সাগৰত,
তোৰ পৰা উপহাৰ পাওঁ নিতে
আশাৰ একোগছি বন্তি !
———————————
গোলকৰ স্বৰলিপি
দিলাল আহমেদ
চ’তৰ ৰিঙা দুপৰত
পৰিচিত চৰাইটোৱে বজাইছে সুহুৰি
খিৰিকীয়ে গায় বন্দৰৰ গান৷
জীৱনৰ ভাঁজেভাঁজে জমা হৈছে গৰল
মনত জমিছে অভিমান৷
জুইশলাৰ বাকচত ভোকৰ পোৰা ৰুটী
জুয়ে পোৰা চহৰখনে শুনাব আজি
আজন্ম শৃংখলিত ক্ৰীতদাসবোৰৰ কাহিনী৷
মাছৰোকাৰ দুচকুত জাতিস্মৰৰ সপোন
সেই চকযুৰিয়ে নাজানে——
কামধেনুৰ ওহাৰৰ গোন্ধত
কেঁকো সাপবোৰ ওলায় মাটিৰ বলয় ভেদি৷
গোলকৰ মাজৰ স্বৰলিপি বৰ ৰহস্যময়
ফটিকা চেকি নিচা লাগে তাত৷
এই নিচাতেই পাৰ হয়
অঘৰী ৰাতি, নাছোৰ সময়৷
———————————
জাল
চয়নিকা ভূঞা
জালখনৰ সিটো পাৰে এটা মকৰা
আৰু এখন তয়াময়া ৰণ
ভাগৰি ও নাভাগৰা এখন যুঁজ
বৰ আটোমটোকাৰিকৈ জালখন
গঢ়িছে পিতিছে
আৰু জালখনৰ আনটো মূৰৰ পৰা
ক্ৰমান্বয়ে জহি খহি গৈছে
তাৰ বান্ধ
জী থাকিবলৈও জীৱনটো সী থাকিব লাগে
আৱশ্যকীয় কথাত
এখন হাত
ক্ৰমাত আগুৱাই আহে
ক্ৰমাত খামুচী ধৰে
সেই হাতখন
হাতৰ বুকুতে এদিন নিৰুদ্দেশ
এটা খবৰত এটা নিউজ
বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ খবৰ
গৈ থকা বাটতে হঠাত
ঈশ্বৰপুত্ৰৰ আৰ্ৱিভাৱ
ইতিমধ্যে
তেতিয়ালৈ
মকৰাজালখন সম্পূৰ্ণ হয় ।
———————————
ময়ো যদি ভাইৰেল হ'লোঁহেঁতেন
পৱিত্ৰ কুমাৰ নাথ
ভাইৰেল জ্বৰৰ দৰে খবৰবোৰ
আজিকালি ভাইৰেল হয়
মোবাইলে মোবাইলে
মেলে মিটিঙে।
ময়ো যদি ভাইৰেল হ'লোঁহেঁতেন
ভাল আছিল।
কোনোবাই মদ খাই হেনো ভাইৰেল হৈছে
কোনোবাই নাঙঠ হৈ ৰীল বনাই হৈছে ভাইৰেল
কোনোবাই বঁটা কিনি নিজৰ ঢোল নিজে পিটিছে
কোনোবাই টকাৰ বলত দুখীয়া- মগনীয়াক
খাদ্য, বস্ত্ৰ বিলাই ভাইৰেল হৈছে ।
হয়, জীয়াই থাকিবলৈ টকা লাগে
ভাইৰেল হ'বলৈও লাগে
বিজ্ঞসকলে কোৱা শুনো,
ভাইৰেল হ'বলৈ নাক থাকিব নালাগে,
লাগে মাথোন কাৰোবাক অপমান কৰি
ৰিল বনাই আপলোড
দিবপৰা সাহস
মোৰো যদি টকা থাকিলেহেঁতেন
দামী মোবাইল এটা কিনিলোঁহেঁতেন আৰু
মদ খাই, অবাইচ্ গালিৰ
ভিডিঅ' বনাই ফেমাচ্ হ'লোঁহেঁতেন
ময়ো যদি ভাইৰেল হ'লোঁহেঁতেন
হয়তো ভাল আছিল,
জুকাৰ দাদাৰ চেলেঞ্জবোৰ পূৰণ কৰি
টকাও ঘটিব পাৰিলোঁহেঁতেন।
____________________
তোমাৰ প্ৰস্তৰ মূৰ্তিৰ সন্মুখত ঠিয় হৈ কিয় বাৰু ময়ো হৈ পৰোঁ প্ৰস্তৰ মূৰ্তি
গিৰিজা শৰ্মা
তোমাৰ প্ৰস্তৰ মূৰ্তিৰ সন্মুখত ঠিয় হৈ কিয় বাৰু ময়ো হৈ পৰোঁ প্ৰস্তৰ মূৰ্তি
অভ্যন্তৰত কোন কমাৰে পিটি নিথৰ কৰে মোৰ কাতৰ কলিজা
সেমেকাই থৈ যায় নিমীলিত চকু
থৌকি-বাথৌ বিগলিত বুকু
বিচাৰিবলৈ মোৰ একোৱেই নাই অ' বান্ধৱ
সকলো তোমাৰ, তোমাতেই পাৰ-অপাৰ
পংকিলতাৰ পাদদেশত মোৰ পুন: পুন: পক্ষালন
অৰ্থহীন আৱেষ্টনী ভাঙি অন্তৰীক্ষত ভ্ৰমি ফুৰিব খোজা মোৰ আতুৰ আকুল আত্মা
অদেখা আকৰ্ষণ সনা অনৰ্থক আয়োজনে আদৰি আনি অজানিতে আড়ষ্ট কৰে মোৰ চৈতন্য চেতনা
সাধ্য নাই মোৰো সাৰি যাবলৈ
সন্মোহিত সপোনৰ নাগপাশ আৱেষ্টনীৰ পৰা
প্ৰচণ্ড প্ৰদাহে মোৰ দুই পিঠি পোৰে
মই ঢপলিয়াই আহোঁ তোমাৰ কাষলে'
অ' বান্ধৱ ,
মোৰ কোনো অভিপ্ৰায় নাই
তোমাৰ বেদীত স্বেচ্ছাই সমৰ্পিত মোৰ গলিত হৃদয়।
———————————
পীৰা
নৱজ্যোতি শইকীয়া
সেউজীয়া জীৱন তোৰ
পৰি আছে মজিয়াত,
দেহত তোৰ ঘূণেধৰা নিশাৰ
যন্ত্ৰণা
তোৰ বাবেই এদিন
মাতে-কথাই ঘৰ এখন
আছিল সপোন দেখাৰ,
তোৰ বাবেই এদিন
বিম্বিত হৈছিল দাপোণত
মুখবোৰ,
হাঁহিৰে চকুলোক ঢাকি
ধৰাৰ
আয়ে তোৰ বুকুত বহি
উজাগৰে উলাহতে
ঘূৰাইছিল জীৱন যঁতৰ,
পিতায়ে তোৰ বুকুত বহি
উজাগৰে উলাহতে
চাঁছিছিল কাঠী কামী
সপোনৰ
আজি তোৰ শূন্য খবৰ;
তোক এৰি থৈ
দেখিছনে তই,
মজিয়াৰ পৰা মেজলৈ
কেনেকৈ আগবাঢ়িছে মানুহ;
তোৰ গাঁৱৰ মানুহ
অ' মোৰ সেউজীয়া পীৰা,
আজি তোৰ দেহত
ঘূণেধৰা নিশাৰ যন্ত্ৰণা
—————————
সেই বাখৰগুটীয়া মাহটো
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
তোমাৰ বাঁওখন গালত বাখৰগুটীয়া মাহটো
কেতিয়া গজিছিল বাৰু মনত পৰেনে
কল্পনাই বহু কল্পনা কৰিছিল হয়তো
তাকে দেখি
কোনো তন্ময়া গোৰ্খালী গাভৰুৰো
সেয়ে গাইজনী হেৰাইছিল
ঔগছৰ মৌ নাপাৰি মৌ বিচাৰি ফুৰোঁতে
মৌৱে কামুৰিলে হয়তো
সেয়ে সেই বাখৰগুটীয়া মাহটো...
আজিও মনত পৰে
জীয়াই থাকোঁমানে মনত পৰিব...
——————————
অভিমান
ৰঞ্জন বৰ্মন
ছাইৰঙী আকাশ
ক’তো লেশমানো সাৰ-সুৰ নাই
বতাহতো কঁপি উঠা নাই সেউজীয়া অৰণ্যৰ
কোমলীয়া পাত
বিলৰ নীলবৰণীয়া অবিচল পানী কঁপাই
উৰি যোৱা নাই বতাহী চৰাই
ঘাঁহৰ কোমল কোঁহত নিথৰ হৈ পৰি আছে
ভালপোৱাৰ তামবৰণীয়া জোনাক
সাগৰৰ সঘন ঢৌবোৰ বুকুত সামৰি
মুখ ওন্দোলাই বোবা যেন হৈ
পিঠিত পিঠি দি বহি আছে এঙেৰুৱা মেঘ
যেন অলপ পাছতেই
গগন কঁপাই বাজি উঠিব পাঞ্চজন্য
আৰু আৰম্ভ হ’ব কুৰুক্ষেত্ৰ।
——————————
দস্তাবেজৰ নিলিখা পদ্য
ৰুমী দেৱী
সেইদিনা
মোৰ মৃত্যু সমাগত
বুলি জানিব পাৰিছিলোঁ ।
সেইবাবেই
এখনি শুভ্ৰ চাদৰ
ধূপ-চাকি-শলিতা-সুগন্ধি তেল,
আঁতৰ ,কৰ্পূৰ আদি যতনাই ৰাখিছিলোঁ ।
আনকি দিয়াচলাইটোও
যতনাই থৈছিলোঁ মই
চাকি জ্বলাবলৈ ।
মৃত্যু সমাগত বুলি জানি
পূৰ্বপুৰুষক স্মৰণ কৰিছিলোঁ
আধালেখা দস্তাবেজৰ পাতবোৰ
এখিলা এখিলাকৈ
পঢ়ি চাইছিলোঁ।
চুই চাইছিলোঁ
নিলিখা পদ্যৰ আখৰবোৰ ।
মোৰ মৃত্যু সমাগত বুলি জানি
শৈশৱ-কৈশোৰৰ বন্ধুবোৰক
আপোন মানুহক
মনত পেলাইছিলোঁ ।
শলিতা লগোৱা চাকিৰ পোহৰত
মৃত্যুৰ ক্ষণ গণিছিলোঁ
ওৰে ৰাতি ।
নীলিম আকাশৰ
নক্ষত্ৰ হোৱাৰ সপোন দেখা মইজনীয়ে
লাহে লাহে হতাশাত ভুগিবলৈ
আৰম্ভ কৰিছিলোঁ।
নিলীম আকাশৰ নক্ষত্ৰপুঞ্জতো বাদেই
মইচোন তৰাও নহ'লোঁ ।
মই থাকি গ'লোঁ
আকাশৰ বিশালতাৰ পৰা
শ শ কৌটি যোজন দূৰত
আধালেখা দস্তাবেজৰ
নিলিখা পদ্য হৈ ।
——————————
শ্ৰাৱণী জোনাক
ৰূপা ৰাণী দেৱী
মেঘমুক্ত নীলাকাশৰ তলত
সাৰুৱা মাটিৰ সুগন্ধিবোৰ
বিয়পি পৰিছে
হালধীয়া জোনৰ মোহনাত
মালৌ পথাৰত সৌৱা
জোনাক সৰিছে
দুপৰৰ তৃষ্ণাত দুৱৰিবোৰ
এতিয়াও শ্ৰান্ত
বৰ্ষাসিক্ত হৃদয়ৰ অলিয়ে গলিয়ে
সাৰুৱা মাটিত সৃষ্টিৰ সম্ভাৰ
ধূসৰ সন্ধিয়া গৰকি
আগলি বাঁহৰ আগত ওলমি ৰৈছে
শাওণৰ সন্ধিয়াৰ জোন
হৃদয় মোৰ উগুলথুগুল
আজি শাওণৰ জোনাক সৰিছে
মোৰ চৌপাশ জুৰি
আৰু হেপাহ পলুৱাই তিতাৰ বাসনাত
মই অস্থিৰ হৈ পৰিছো
আৰু অস্থিৰ হৈছে
শাওণৰ পথাৰৰ বোকাৰ সুগন্ধি
পথৰুৱা জীৱনৰ আশাৰ জোনাক ৷
——————————
তুলসীমুখৰ কবিজন
হিল্লোল ভৰদ্বাজ
গুৱাহাটী প্ৰেছ ক্লাৱত
হঠাৎ এদিন লগ পালোঁ
কবি অনুভৱ তুলসীক,
তেওঁৰ ওঁঠৰ পৰিতৃপ্তিৰ হাঁহি
আজিও সজীৱ মানসপটত,
অজান মূলুকলৈ
গতি কৰিলে তেওঁ
সকলোকে জনাই বিদায়
শূন্যতাত মোচৰ খাই উঠে বুকু;
মধুৰ সম্ভাষণৰ প্ৰিয় ব্যক্তিত্বৰ
তুলসী ছাৰৰ কাব্য সাহিত্য অবৰ্ণনীয়,বিস্ময়কৰ !
শূন্যতা,সাহিত্যৰ ভিন্ন ক্ষেত্ৰত;
মনত অপাৰ বিষণ্ণতা,
আকাশী সৰগ ভাগি পৰিল যেন মূৰত।
——————————
নিৰীহ গছৰ সুখ-দুখ
দীপক কুমাৰ তালুকদাৰ
গছে নেজানে কান্দিব
নেজানে হাঁহিব
গছকটিয়া ঘাতক জনকো ছাঁ দিয়ে নিঃশেষ হৈ
দিব পৰালে’
বিজ্ঞানে কয়-গছৰো প্ৰাণ আছে
কাঠ কৰ্মঠ মোলায়েম নোহোৱালৈ হিচাব কৰা নহয় গছৰ আয়ুস জীৱন কাল
সেউজীয়াৰ পৰা হালধীয়ালৈ
আজি যন্ত্ৰৰ ধৰাত কূটিল যাত্ৰা
গছৰো ছাঁ আছে নিজে নলয়
বৃক্ষৰোপনৰ দিনা অলেখ ঘৰৰ আলহী হয় গছৰ পুলি
চপ চপ কৈ পানী লৈ উশাহ টানি লয়
গামোচা ৰঙাফিটা পুতিলোৱা কল গছৰ পুলি পৰ্ব
শেষ নোহোৱালৈ তাৰ আদৰ
আদৰ নেপালেও গছৰ খং নাই
ভোগবাদৰ আঁচোৰত
উন্নয়নৰ বিশালকায় ৰাজপথৰ হৈ
বেদখলৰ নাম দি উৎখাত হয় গছ
গছ আৰু জীৱৰ একাকীত্ব
কোনে দি থাকিব পোহপাল?
———————————
শাওণীয়া পথাৰ
যামিনী দেৱী
ফেঁহুজালিতে পিতাইৰ
বৰগীতৰ কলি
"তেজৰে কমলাপতি
পৰভাতে নিন্দ"ৰ আমেজ লৈ
চকু মুদি সাৰে আছোঁ মই
ৰঙা উঠ ক'লা উঠ বুলি
পিতাই মূৰত জাপি
হাতত হালোৱা লাঠি
কান্ধত নাঙল লৈ
গৰুহালক মুখা পিন্ধাই
লগে-লগে আছে গৈ
ৰঙিলী পমিলী সকলোৱে
বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ
শাওণীয়া পথাৰলৈ ঢাপলি মেলে
গোটেই দিনটো পথাৰতে
মনৰ উলাহতে
ভূঁই ৰুই থাকে
আহিব কঠিয়া জোপোহা হৈ
বতাহতে হালে-জালে
সেউজীয়া পাতবোৰ
আনন্দতে মতলীয়া হৈ
পথাৰখন গাভিনী হ'ব
সোণগুটিৰে পথাৰ ওপচি পৰিব
ভদিয়াৰ বিৰিয়াত ডাঙৰি নাচিব
পথাৰৰ লখিমীক ঘৰলৈ আদৰিব
আঘোণীৰ স'তে
বিয়াখন পাতিব
সুখৰ সপোন ৰচিব।
——————————
শাওণৰ মিঠা আবেলি
চেনেহী ডেকা
শাওণৰ আবেলিটো গহীন হৈছিল
ঘন ঘোৰ অন্ধকাৰে
ছানি ধৰিছিল নীলা আকাশ
এই যেন এজাক সঞ্জীৱনী
নামি আহিব ধৰালৈ।
শুকুলা মেঘৰ নাচোন আঁতৰিছিল
দূৰৈত শুনিছিলোঁ ৰিণি ৰিণি
বাজি থকা নূপূৰৰ ধ্বনি
আস!কি যে মিঠা আবেগ!
সেই মিঠা আবেগেৰে ধুৱাই গৈছিল
আহাৰত ছন পৰা শুকান পথাৰখন
জীপাল হৈ উঠিছিল ন ৰূপেৰে
শাওণৰ পথাৰ।
খেতিয়কে দুগুণ উৎসাহেৰে
নাঙলৰ মুঠি টান কৈ ধৰিছিল
সেউজী সপোনে পাহি মেলিছিল
অন্তৰৰ দুকূল উপচায়।
ৰুষ্ট প্ৰকৃতিৰ ৰূপ দেখি
মূৰ্ছা যোৱা হৃদয়ত
ন-কৈ আশাৰ সঞ্চাৰিত হৈছিল
অংকুৰিত হৈছিল এটি মিঠা লগনৰ।
শাওণৰ চিপচিপিয়া বৰষুণ জাকৰ
হেজাৰ প্ৰতিশ্ৰুতিত
খেতিয়কৰ হৃদয়ত ৰূপিত হয়
অলেখ অযুত সপোন।
——————————
ড° নিৰ্মলপ্ৰভা বৰদলৈ
ৰুমী কলিতা দত্ত
সোণালী আখৰেৰে জিলিকা এটি নাম
শিশুসাহিত্যিক,গীতিকাৰ,
ঔপন্যাসিক,নাট্যকাৰ ।
মোৰ মনৰ মাজৰ উদ্দীপনী শিখা
অমিতাভ শব্দই মোৰ চুই যায় হিয়া !
কবিতাক ভাল পাইছিল অন্তঃকৰণেৰে
সেইগৰাকী আমাৰ চিৰনমস্যা,
অন্তৰখনো আছিল পবিত্ৰ
যেন এপাহি ফুল-- হাচনাহানা !
তেখেতৰ কবিতাৰ মাজত পাওঁ
মানুহৰ সুখ-দুখ,প্ৰাপ্তি-অপ্ৰাপ্তি,
মানৱ জীৱনৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শ
বাঙময় ৰূপত পালোঁ জীৱনৰ দিশ ।
"বন ফৰিঙৰ ৰং"
''দ্ৰৌপদী".,"সীতা", "গান্ধাৰী"
আৰু অনেক কবিতা--কালজয়ী ।
কালৰাত্ৰিৰ আন্ধাৰ নাশিবলৈ
দানৱক সংহাৰ কৰি
তেজৰ বন্তি জ্বলাই পোহৰাইছিল
বিভেদৰ প্ৰাচীৰ ভাঙিব খুজিছিল
দীপ্ত সূৰুযৰ পোহৰেৰে জিলিকাব খুজিছিল সমাজখনক।
তেখেতৰ জীৱনটোৱেই
এটি ডাঙৰ কবিতা,
সোণত সুৱগা চৰাই
এটি নিটোল কবিতা হৈ
উদাত্ত সুৰে লিখিছিল---
"মই বিচাৰিছোঁ হাজাৰ চকুত
দীপ্ত সূৰ্য শিখা
এই ভয়াবহ যুগসন্ধিৰ
নাশিবলে অমানিশা ।"
কত গান জয়ন্ত হাজৰিকাৰ
ভূপেন হাজৰিকাৰ সুৰেৰে কণ্ঠেৰে,
তেখেতৰ লিখাৰে অসমীয়াৰ
হৃদয়ৰ কোঁহে কোঁহে
অমৰ হৈ আছে।
তেখেতৰ অনুভৱৰ কাব্যৰসে
জোকাৰি যায় মন. মগজু. হৃদয়
সাধনাৰে মহীয়সী
গৰিমাৰে গৰিয়সী
আমাৰ অতি শ্ৰদ্ধাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈ ।
—————————
আহা প্ৰগতিৰ সন্তান
আশা কাকতি দাস
কিয় আহিলা প্ৰকৃতিৰ শ্যামল বুকুলৈ
মাটিৰ মৰমে মোক মাতিলে ৰিঙিয়াই,
সৃষ্টিৰ মাদকতাৰ কেঁচা গোন্ধে
উন্মনা কৰিলে মোক
সেয়ে আহিলো মই৷
তেন্তে আহা----
পৃথিৱীৰ নতুন পুৰুষ
স্ৰষ্টাৰ শ্বাসত পথত,
ন্যায় আৰু শান্তিৰ
অঘোম অস্ত্ৰ হৈ৷
সমাজ আৰু দেশৰ
আসুৰিক দানৱী শক্তিক
পৃথিৱীৰ পৰা আতৰাবলৈ,
এলান্ধু কলীয়া অহমিকাৰ
কু-সংস্কাৰ আৰু স্বাৰ্থান্ধতাক
মষিমূৰ কৰি,
নতুন পৃথিৱীত নতুন নীতিৰে
নতুন সমাজ গঢ়িবলৈ৷
——————————
সুৰৰ ঠিকনা
বিতোপন গগৈ
খিলঞ্জীয়া কবিতা এটা বিচাৰি
ভ্ৰমি ফুৰিছোঁ পৃথিৱীৰ ইমূৰ-সিমূৰ,
মহাপুৰুষৰ ডায়েৰি লুটিয়াইছোঁ
মিউজিয়ামৰ গেলাৰী ঘূৰিছোঁ
পঢ়িছো আজোককাৰ বংশলতা
তোমাৰ দোষ খুঁচৰি
অস্ফুট মাতৰ ধ্বনি ব্যঞ্জনাত
নিঃসংকোচে জুকিয়াই চাইছোঁ
তোমাৰ আজোআইতাৰ
বৰ্ণিল প্ৰেমৰ ঠিকনা।
ক'ত পাম সেই নিতালমৰা ঠাই
ক'ত যাম য'ত উচ্ছেদ নাই ,
ত'ত লগ হম তোমাৰ বাসনাত
য'ত মৰুময় হৃদয় সলাম
উৰি যায় চৰাইবোৰ
সুনীল পথেৰে
এৰি থৈ
আপোন আপোন যেন লগা
ভগ্ন ডেউকাৰ সপোন...
বতাহ বলিলে আবেলি
তৃষ্ণা এটি সন্ধিয়া গানৰ
কবিতাৰ বিষণ্ণ ছন্দত
তোমাৰ হস্তিনী গমন সুৰ
ভূমিখান্দি উলিয়াইছো পুৰণি চহৰ।
———————————
মই এটা গান লিখিম সকলোৱে সুৰ দিব পৰাকৈ
চবিন চন্দ্ৰ নাথ
মই এটা গান লিখিম
কোনো নিৰ্দিষ্ট গায়কৰ বাবে নিলিখোঁ
সকলো কণ্ঠতে সুৰ দিব পৰা এটা ৰাইজৰ গান।
পৃথিৱীৰ আটাইবোৰ গায়কৰ গান
সুৰ নথকা মানুহে মাথোঁ শুনে
বুজে আৰু উপলদ্ধি কৰে
কিন্তু সুৰ লগাই গাব নোৱাৰে।
মই এটা গান লিখিম সকলোৱে সুৰ দিব পৰাকৈ।
গানত থাকিব সহজ সৰল মানুহৰ কথা
সৎ নাগৰিক কেনেকৈ হ'ব পাৰে তাৰে আখৰা,
প্ৰতিশোধ, বিচ্ছেদ, নিষ্ঠুৰ,লুণ্ঠন
এইবোৰ নাথাকে
সকলোৱে সুৰ দিব পৰাকৈ শব্দবোৰ প্ৰয়োগ কৰিম। সকলোৱে কণ্ঠত নিজস্ব পদ্ধতিত সুৰ দি
দৰ্শকক আকৰ্ষণ কৰিব পাৰিব।
বাল্যকালৰ এটা সপোন পুৰণ হ'ব।
সুৰৰ অৱসান ঘটিব
সুৰ একচেটিয়া সম্পত্তি নহ'ব
নিয়ন্ত্ৰন কৰিব গীতিকাৰে সুৰ
মই এটা গান লিখিম
সকলোৱে সুৰ দিব পৰাকৈ।
———————————
তিনিটা লিমাৰিক
পৰাণ জ্যোতি ভূঞা
ঘৰতেই পাতিলো স্বাধীনতা দিৱস
ফিল্ডলৈ যাবলৈ মন বহুত অলস
বাহিৰৰ চোকা ৰ'দ
শৰীৰৰ বাবে বদ
ঘৰৰ পৰা ওলোৱা নহল সাহস
—————
লিখোঁতা অনেক অসমীয়া লিমাৰিক
সাহিত্যৰ সমাজত সৈন্য পৌৰাণিক
কবি বুলি স্থান নাই
ফেচবুক মাত্ৰ ঠাই
লিমাৰিকৰ চৰ্চা এতিয়া সাময়িক
———————
সূত্ৰ মানি লিমাৰিক লিখিবলৈ বাধ্য
তিনি শাৰীৰ নিয়ম হেনো বৰ্ণ চৌধ্য
দুশাৰীৰ বাবে আঁঠ
ছন্দৰো নীতি পাঠ
সকলো মিলাবলৈ আছেনো কাৰ সাধ্য
––––––––––––––––––––
তুমি বিশেষ
ডেইজী বেজবৰুৱা
জোনাক নিশাৰ এটি পোহৰ তুমি
মোৰ জীৱনলৈ আহি সুবাস বিলালাহি!
তোমাতেই বিলিন মোৰ আলসুৱা হৃদয়,
তোমাৰ হিয়াতে জিৰণি লয় মোৰ প্ৰতিটো উশাহ!
স্তব্ধ হৈ পৰা জীৱনৰ গতি
তোমাৰ সাহসৰ হাতখন ধৰি,
আগুৱাবলৈ বাট পালে বিচাৰি!
হৃদয়ৰ থাপনাত বন্তি গছি
জ্বলাও প্ৰতিদিনে তোমাৰ নামত,
তুমিয়েই মোৰ সমস্ত সুখৰ কাৰক!
তুমি যেন বিশেষ উপহাৰ এটি।
——————————
কমলা কুঁৱৰীৰ ডিঙিলৈকে পানী
ড° মন্ জু হালৈ
'ভাল কৰিয়া বাজাওঁৰে দোতাৰা
কমলা সুন্দৰী নাচে...
যুগ যুগ ধৰি নাচি থাকিল তাই
তাই নহ'লেও তাইৰ দৰে এজনী
তায়ো নহ'লে তাইৰ দৰেই আন এজনী
গমেই নাপালে প্ৰাণেশ্বৰী
কেতিয়ানো কেনেকৈ উজালে কমলা
কুঁৱৰীৰ ডিঙিলৈকে পানী
নাচৰ লাচতে পাহৰি থাকিল তাই
তাইৰো দুপাৰি দাঁত আছিল হাঁহিব পৰাকৈ
এটি মন আছিল এসোপামান চুটি উশাহৰ মাজত সঁচাকৈ পমী এটি কেৰেলুৱা হ'বলৈ
খামি ডাঠ আলিংগনত মৃতক হৈ যাব পৰাকৈ
বাজি থাকিল কি উজান কি ভাটি
ভাল কৰিয়া বাজাওৰে দোতাৰা
নাচৰ লাচতে পাহৰি থাকিল তাই
তাইৰো আছিল এচিকটা ৰুপিত মাটি।
———————————
অন্তিম পদচিহ্ন
নাচিমা য়াচমিন
অচিনাকিৰ কুঁৱলী ভেদি
তুমি আহিছিলা মোৰ চিনাকি প্ৰান্তত,
হাঁহিৰ দীপ্তি, কথোপকথনৰ উষ্ণতা
আৰু অনুৰাগৰ স্নিগ্ধ সুৰভি লৈ।
তুমি আছিলা প্ৰভাতৰ প্ৰথম ৰশ্মি,
নিশাৰ বুকুত গোপনে জ্বলি থকা
এটি উজ্জ্বল দিপশিখা,
কিন্তু সময়—যি সদায় নিৰ্দয়,
ঠেলি পঠিয়ালে তোমাক আঁতৰি
চিনাকিৰ পৰা অচিনাকিৰ পৃথিৱীলৈ।
শৰতৰ অন্তিম পাতৰ দৰে
তুমিও সৰি গ’লা,
পতনৰ সুৰত বাজি উঠিল
বিষাদৰ নীৰৱ গাথা।
এতিয়া, স্মৃতিৰ পথত
তোমাৰ পদচিহ্ন মচি গৈছে ধূলিৰ আৱৰণত,
তথাপিও যেন হৃদয়ৰ একোণত
তোমাৰ নামটো এতিয়াও সজীৱ
বিৰিখিৰ অন্তিম হাঁহিৰ দৰে।
———————————
ভয়
আফতাদ বাঁহমূৰীয়া
গীত এটি শুনোতে
গেটখন খোলোতে
অচিনাকি নম্বৰৰ কল ৰিচিভ কৰোঁতে
ভয় এটায় কুৰুকে
আহিল নেকি নিয়মৰ চৰ্দাৰ
ৰাস্তাত খোজ কাঢ়োতে
বজাৰত বহি থাকোঁতে
শুই থাকোঁতে অথবা পঢ়োঁতে
ভয় এটায় কুৰুকে
ফুলৰ পাপৰি ভৰিৰে গচকা
কেৰেপাকৈ জোনটিলৈ চোৱা
চৰাইলৈ দলি এটা মৰা
বিৰাট অপৰাধ
হোৱা নাই কোনো এটা ভুল
বতাহ এমুঠি পোৱাৰ লোভ অলপ কৰিছিলোঁ
বিনিময়ত কাঢ়ি লোৱা হ'ল টোপনি
দি যোৱা হ'ল বিৰাট ভয়।
——————————
আত্মাৰ ক্ৰন্দন
পৰাগ তামুলী
গংগাৰ পাৰৰ শ্মশানৰ পৰা ওলোৱা
শৱ দেহৰ
জীয়া আত্মাবোৰে কান্দে
মনৰ কথাবোৰ
নদীক কৈ কৈ কান্দে।
সেই কাৰণে গংগা
চিৰ প্ৰবাহিত।
চকুৰ পানীৰ সমদল
যুগে যুগে।
—————————
সংগ্ৰাম
জোনমণি দেৱী
সংগ্ৰামেই যদি নাথাকে
জীৱনৰ মাদকতাই বা ক'ত?
শৈশৱৰ স্মৃতি মাৰ নৌ যাওঁতে,
কৰ্মময় জীৱনৰ কাৰিকৰ হ'বলৈ অহনিশে চলোৱা হয় সংগ্ৰাম।
বিবাহ নামৰ বান্ধোনে
ৰামধেনু বোল সানি জীৱনক আগবঢ়ায় ন পৃথিৱীলৈ -
সংগ্ৰাম চলে পৰক আপোন কৰাৰ,
সুদক্ষ গৃহিণী হোৱাৰ...
সংগ্ৰাম চলে সফল মাতৃ হোৱাৰ।
য'ত নিজস্ব আবেগ -অনুভূতি নিস্প্ৰভ-নিতাল হৈ ৰয়।
পো-বোৱাৰীৰ ৰঙীন সপোন দিঠকত পৰিণত কৰাৰ তাগিদাত,
এক হৈ থকাৰ স্বাৰ্থত
হাঁহি হাঁহি বিসৰ্জিব লাগে মাথোঁ আবেগক।
জীৱনৰ বিয়লি বেলাত ,
অকলশৰীয়া হৃদয়ৰ
অশান্ত ধুমুহা জাকক ,
দমন কৰাটোও এক সংগ্ৰামেই।
এই সংগ্ৰাম পূৰ্ণ জীৱনটোতো আছে মাদকতা,
আছে প্ৰাপ্তিৰ ক্ষণ ।
——————————
মোৰ মনৰ কনেং
পাপুজ্যোতি পেগু
লুইতৰ ঘাটত সেইদিনা আবেলি,
তোমাক দেখিছিলোঁ প্ৰথমবাৰ,
খোপাত গুজিছিলা এপাহ কপৌ ফুল,
ৰিবি-গাচেঙৰ ৰঙত জিলিকিছিল তোমাৰ গাল।
নদীৰ পানীয়ে তোমাৰ ভৰি চুই গৈছিল,
আৰু মোৰ বুকু কঁপি উঠিছিল,
সেইদিনাৰ পৰাই তুমি মোৰ হ'লা,
মনৰ মাজত সজাই থোৱা এখন ধুনীয়া ছবি।
তোমাৰ তাঁতৰ শালৰ 'খট্ খট্' শব্দ,
মোৰ কাণত যেন মিঠা সঙ্গীত হৈ বাজি থাকে।
এগে-গাচৰত তুমি ফুল নহয়,
আমাৰ সপোনবোৰহে বাছা যেন লাগে।
তোমাৰ কোমল হাতৰ পৰশত,
নিৰ্জীৱ সূতাবোৰেও প্ৰাণ পাই উঠে,
তুমি যেতিয়া হাঁহি মাৰি মোলৈ চোৱা,
মোৰ চৌপাশ ৰঙীন হৈ পৰে।
আলি-আয়ে-লৃগাঙৰ সেই সন্ধিয়া মনত আছেনে?
গুমৰাগৰ তালে তালে যেতিয়া তুমি নাচিছিলা,
জোনৰ পোহৰত তোমাৰ মুখখনি,
হাজাৰ তৰাতকৈও বেছি উজ্জ্বল লাগিছিল।
তোমাৰ লাজুকীয়া চাৱনিটোৱে,
আজিও মোৰ ৰাতিৰ টোপনি কাঢ়ি নিয়ে,
তোমাৰ মাত শুনিবলৈ পালে,
মোৰ ভাগৰুৱা দিনটোও ভাল হৈ যায়।
কেতিয়াবা ভাবোঁ,
নদীৰ সোঁতত নাও মেলি তোমাক লৈ যাম দূৰণিলৈ,
য'ত আমাৰ এখন সৰু চাংঘৰ হ'ব,
তুমি তাত অ:নিতমৰ সুৰ তুলিবা,
আৰু মই সেই সুৰতে বিলীন হৈ যাম।
তুমি মোৰ বুকুৰ আপং, যাৰ নিচাত মই মতলীয়া,
তুমি মোৰ জীৱনৰ আশা, মোৰ ভৱিষ্যতৰ ঠিকনা।
———————————
জীৱন সুতি
অঞ্জনা ৰূপা দাস
আকাশৰ নীলা কপালত
দুপৰৰ পূৰঠ বেলিৰ ফোঁট
ঘামে ধুই নিকা কৰা পাহোৱাল শৰীৰটো
নদীৰ পানী জিলিঙনিত
মুখ পখালি
সাতোৰঙী ৰামধেনুৰ মিঠা পৰশ ঢালি
হিয়া সাত পৰা
সন্ধিয়াৰ সুৰৰ ৰাগিত
মতলীয়া মন এটা লৈ
শয়নৰ শেতেলিত
অলস কল্পনাত স্বপ্ন বিভোৰ
ভাৱনাৰ বিৰ্ বিৰণিত
সুখৰ কাৰেঙত
সোণৰ চামুচ লৈ
ভোজন বিহাৰ
পক্ষীৰ কাকলিত সাৰ পাই
দেখোঁ
পোহৰৰ বাট
জীৱনে সুঁতি সলাই।
———————————
জীৱিকা
অণিমা বৰ্মণ
জীৱনৰ আঁহে আঁহে কোঁহে কোঁহে
জীৱিকা ! তই দেখোন
নিঃশব্দে বগাই ফুৰ
পোহৰৰ পৰা আান্ধাৰলৈ
বিশ্বাসৰ পৰা প্ৰতাৰণালৈ
সত্যৰ পৰা অসত্যলৈ
সৰগৰ পৰা নৰকলৈ
দশোদিশ চোন তোৰেই অতপালি
তই অবিহনে জীৱনত হায়
কাৰো নিজিলিকে যেন এধানি ৰ’দালি
কৰ্ম বিমুখ এলেহুৱা হই
মুখ লুকুৱাই দিন পাৰ কৰে
ৰাতিৰ আন্ধাৰত খপজপাই
সিহঁতেও তোক বিচাৰিব ধৰে
দৈন্যতাৰ মেঘে ঢাকি ধৰা
জীৱন তৰিখন ডুবোডুবো হয়
খেপিয়াই খেপিয়াই তোক পাই যেন
আশাৰ সিন্ধুত মেলে পানচৈ
আকাশে বতাহে মাটিয়ে পানীয়ে
তোৰেই বাৰে-ৰহণীয়া বোল
যোগ্যৰ বাবে ভোগ্য হৈ ৰৱ
অযোগ্যই ধৰিব নাপায় চল
জীৱনজ্যোতিক ধৰা তই আগচি
ৰূপ লৈ অভেদ্য কুঁহেলিকা
তই অবিহনে জীৱন নচলে
তয়েই জীৱনৰ প্ৰহেলিকা
——————————
শ্ৰমিক
আব্দুল কৰিম (ৰিজৱান)
উদং বক্ষত স্পষ্ট কামিহাড়
গেধেমা বোজাৰ হেঁচাত
জলজল-পটপট এঙেৰুৱা চিহ্ন পৃষ্ঠদেশত,
কঁকালত জৰীৰে মেৰাই বন্ধা
এটি জলৌলৌৱা পটলুং;
স্বেদজল নিগৰি পৰে মূৰ্ধাৰ পৰা
মুখমণ্ডলত ক্লিষ্ট ভাৱ।
হাড়ক মাটি কৰি
ৰৌদ্ৰৰাগ,দিব্যোদক নেওচি
প্ৰভঞ্জন,জাৰ.....
বিদগদ নকৰি,
কেৱল ভুঁৰুৰ বুভুক্ষা,গাত্ৰৰ অম্বৰ
আৰু আলম্বনৰ বাবে নিৰ্বিঘ্ন এটি গৃহ
কিম্বা এক উন্নত জীৱন যাপন কৰাৰ
উদ্দেশ্য নহয় মাথোঁ-
কান্ধত আছে পৰিয়ালৰ দায়িত্ব।
স্বজনৰ ওঁঠত হাঁহি দেখাৰ স্পৃহাত
ত্যাগ কৰি গৃহস্থালী
যাযাবৰ হৈ ফুৰে দেশৰ প্ৰান্তে-প্ৰান্তে
কোনোৱে আকৌ হৈছে দেশান্তৰ,
পৰি থাকে ক্লেদাক্ত স্থানত
স্বীয় অন্ন-বস্ত্ৰ-নিদ্ৰা-বিশ্ৰামৰ বাবে নাই আক্ষেপ
নেত্ৰাম্বু চুহি অভিনয় কৰে ক্লান্তিহীনতাৰ;
প্ৰতি অন্ধিকাৰ তমস্বিনী জোনত সপোন দেখে নৱ প্ৰভাতৰ।
স্বত্বাধিকাৰীক প্ৰফুল্লিত কৰাৰ নিমিত্তে
প্ৰদান কৰে নিজৰ অত্যুৎকৃষ্ট
কেতিয়াবা সহে অৱপীড়ন
অহৰ্নিশে কৰে কাম,
বিনিময়ত পায় কিছু ধন,
দিনজোৰা গেবাৰি কৰি পোৱা
সেই পাৰিশ্ৰমিকে মনত দিয়ে
পৰম প্ৰাপ্তিৰ সুখ,ওঁঠত বিৰিঙে হাঁহি;
পাহৰি সকলো অৱসন্নতা
বুকুত সযতনে সাৱটি ৰাখে সেই অমৃতৰ টোপোলা।
আজিও পদে-পদে লাঞ্ছিত সিহঁত
নিজৰ অধিকাৰ,যোগ্য পাৰিশ্ৰমিক
ভবিষ্যতৰ নিৰাপত্তাৰ পৰা,
কোনেও স্বীকাৰ নকৰে সিহঁতৰ ত্যাগ,অৱদান
আনকি সমাজতো নকৰে সন্মান;
চৰম বৈষম্যতাৰ চাকনৈয়াত বন্দী সিহঁত।
মঙ্গলে থাকক তেখেতসকল-
যাৰ হস্তকৰ স্পৰ্শত প্ৰাণ পায় অন্যৰ স্বপ্ন,
গঢ়ি উঠে আন্দোলন,হয় নতুনৰ জাগৰণ;
যুগে-যুগে বুৰঞ্জীৰ পৃষ্ঠাত জিলিকি থাকক
সিহঁতৰ জীৱনৰ কৰুণ গাথা।
—————————
শাওণৰ খেতিয়কবোৰ
পবিত্ৰ বৰগোঁহাই
শাওণৰ খেতিয়কবোৰৰো থাকে একোটা পৰিচয়
যাৰ উৎপাদনৰ ফচল খাই জীয়াই থাকে
ৰজা-মহাৰজা ,মন্ত্ৰী-আমোলা
এইবাৰ খেতিয়কবোৰ খেতিয়ক হ'ব নোৱাৰিলে
এইবাৰ ৰোৱনীবোৰ হাতৰ আঙুলিৰে ক'ত গুজিব ৰোৱা
ছিৰাল ফটা পথাৰ
বৰষুণৰ অভাৱত খেতিয়কবোৰৰ হাহাকাৰ
বৰষুণ নহ'লে অসহ্য গৰমেও
অসহনীয় কৰি তোলে পৰিবেশ
জীৱন জীৱিকাৰ খেতিয়কৰ লাখুটি বৰষুণ
বছৰটো পেট ভৰাই খাবলৈ
এমুঠি পথাৰৰ শস্য লাগে
এমুঠি পেটৰ ভাতৰ বাবেই
ঘৰে ঘৰে ,
মন্দিৰৰ দুৱাৰে দুৱাৰে
ভিক্ষাৰীবোৰ ওৰে দিন হাত পাতি ফুৰে
চৰকাৰী বনাঞ্চলবোৰ উদং হৈ পৰিল
অভয়াৰণ্যবোৰ অভয়াৰণ্য হৈ নাথাকিল
বাটৰ কাষৰ গছবোৰো ৰক্ষা নাপালে
সকলোবোৰ কোনে ধ্বংস কৰিলে
প্ৰকৃতি ধ্বংস কৰি কোন জীয়াই থাকিব ?
খেতিয়কবোৰ আকাশৰ ফালে চাই থাকে
মাথোঁ এজাক মুষলধাৰে অহা
বৰষুণৰ বাবে ।
—————————
মায়াময় জীৱন
সুৰেশ চন্দ্ৰ ৰায়
মায়াময় জীৱনখনি,
মৰম-চেনেহৰ প্ৰতিধ্বনি,
মিঠা মাতৰ গুণ-গুণনি,
আশা-নিৰাশাৰ সপোনখিনি,
সুখে-দুখে কৰে আমনি,
কেতিয়াবা আনন্দৰ ওৰণি,
কেতিয়াবা বিষাদৰ বিননি,
কাৰোবাৰ বুকুত জ্বলে অগনি,
কাৰোবাৰ বুকুত গোলাপৰ ফুলনি,
হাঁহি-কান্দোনৰ খলকনি,
কৰ্মই কৰে জীৱনৰ বাট সলনি,
বিধাতাই দিয়ে তাত হাত বুলনি,
সময় কম নাই জিৰনি
বুকুত সাৱটি পাৰ হয় দিনখিনি,
এনেকৈ বৈ যায় জীৱন নৈখনি,
পায়গৈ ঠিক কৰি থোৱা ঠাইখিনি।
——————————
শক্তিৰ জ্যোতি
জুমী চিৰিং
শক্তিৰ জ্যোতি, তমসা ফালি
অশুভ আন্ধাৰ বিনাশ কৰি
অসুৰ বিনাশিনী, আশা প্ৰদায়িনী
তুমি দুৰ্গাদেৱী শাশ্বত বিজয়িনী।
তোমাৰ ত্ৰিশূলত ন্যায়ৰ শক্তি
তোমাৰ দুচকুত অনন্ত জ্যোতি
মৰমৰ সুৰ এটি , সাহসৰ প্ৰতীক
তুমি শৰতৰ সদ্যস্নাতা ৰূপহী ৰাণী।
শংখ-ঘন্টাৰ ধ্বনিৰে মুখৰিত গগন
তোমাৰ নামত জাগে সপোনৰ ত্ৰিভূবন
প্ৰেম আৰু আশাৰ অমৃত বাণী
বিলাই
হৃদয়ে হৃদয়ে বিলোৱা মিলনৰ ধ্বনি।
——————————
জীৱন এনেকৈয়ে
নিভা ৰাণী বৰা
কোনো কথাতে হাৰ নমনা
মই জনীক
আজিকালি সৰু সৰু কথাবোৰে
বৰকৈ আমনি কৰে
দুৰন্ত সৈনিকৰ দৰে যেতিয়া
দৌৰি ফুৰিছিলোঁ
মোৰ চাৰিওপিনে মানুহৰ
লানি নিচিগা সোঁত
কোনো চিন্তা ভাৱনা নকৰাকৈ
দৌৰি ফুৰিছিলোঁ
সুখ শান্তিৰ পিছে পিছে
এতিয়া মনৰ ভিতৰত
এজাক ধুমুহা লৈ
হিয়াভগা এগৰাকী বিধস্ত সৈনিক
পুৱাৰ মিঠা কোমল ৰ’দজাক
যেতিয়া আকাশত ভুমূকিয়াই
নিসংগতাই নিজান বাটত
মোক সংগ দিয়ে
মোৰ যাত্ৰা উদ্দেশ্য বিহীন
পোৱা নোপোৱাৰ হিচাপবোৰত
বৰকৈ আউল লাগে
সৰুতে অঙ্ক শুদ্ধ নকৰাৰ বাবে
শিক্ষকৰ এচাৰিৰ কোবটো
এতিয়াও গাত পৰে
জীৱনৰ অঙ্কবোৰ শুদ্ধ কৰি
কৰিব নোৱাৰাৰ বাবে
তথাপিও জীৱন এনেকৈয়ে আগবাঢ়ে ৷
——————————
নয়নমণি দাসৰ 'ভোক'ৰ বিশ্লেষণ
বিশ্লেষকঃ লক্ষী ফিল’বাৰী
ভোক
নয়নমণি দাস
গোজোং গোজোং
খোজেৰে কেইবাটাও বসন্তই
মোৰ নঙলা মুখত
সুহুৰিয়াই গৈছিল।সিদিনা তোমাৰ
এপলক সান্নিধ্য পিছতে
দেওলগা ভোকটো
সাৰ পাই উঠিল।তাৰ পিছত ভোকে
ঠেনঠেনাইছে,
দুহাত মেলি বিংবিঙাই
কিবা এটা কৈছে।ধীৰে ধীৰে ভোক
ডেকেহুৱা হৈছে ,
পাখি খৰাল দিয়া
আপদীয়া ভোকৰ
খক বাঢ়িছে।এপলক সান্নিধ্যৰ হাবিয়াহত
আঙুলিৰ মূৰত ক্ষণ গণি
আলসুৱা মন
লেবেজান হৈছে।
ইমান দুখ ...,
মৰম চাগে এনেকুৱাই ।এতিয়া সঁজাল ধৰা ভোক
লহপহকৈ বাঢ়িছে।
নপানী বঢ়াদি বাঢ়িছে...
ভোক! মাথোঁ ভোক বাঢ়িছে।
———————
নয়নমণি দাসৰ
কবিতাটো অতি আবেগপ্রবণ আৰু গভীৰ অনুভৱৰ সৃষ্টি, য’ত কবিয়ে “ভোক”ক এটি প্ৰতীক হিচাপে ব্যৱহাৰ কৰি প্ৰেম, হাবিয়াহ, আৰু অপূৰ্ণতাৰ অনুভৱক প্ৰকাশ কৰিছে। কবিতাটো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলো ।
কবিতাৰ মূল
বিষয়বস্তু:
কবিতাটোত “ভোক”ক কেৱল শাৰীৰিক ক্ষুধাৰ স্তৰত সীমাবদ্ধ নাৰাখি, মানসিক, আৱেগিক, আৰু আধ্যাত্মিক ক্ষুধাৰ প্ৰতীক হিচাপে চিত্ৰিত কৰা হৈছে। এই ভোক প্ৰিয়জনৰ সান্নিধ্য, প্ৰেম, বা মৰমৰ বাবে হাহাকাৰৰ প্ৰকাশ। কবিতাটোৱে প্ৰেমৰ ক্ষণস্থায়ী স্পৰ্শৰ পিছত জাগ্ৰত হোৱা গভীৰ আকাংক্ষা আৰু তাৰ ফলত হোৱা অস্থিৰতা, দুখ, আৰু অপূৰ্ণতাৰ কথা বৰ্ণনা কৰে ।
প্ৰতীকী উপাদান:
ভোক: কবিতাৰ কেন্দ্ৰীয় প্ৰতীক। ই শাৰীৰিক ক্ষুধাৰ বাহিৰে প্ৰেম, সান্নিধ্য, আৰু আৱেগিক পূৰ্ণতাৰ তীব্ৰ আকাংক্ষাক বুজায়। “ভোক”ৰ ধাৰণাটো কবিতাৰ প্ৰতিটো স্তৱকত বিকশিত হৈছে, যিয়ে ক্ৰমান্বয়ে তীব্ৰ আৰু অস্থিৰ হৈ উঠা মানসিক অৱস্থাৰ চিত্ৰণ কৰে।
বসন্ত: বসন্তৰ উল্লেখে যৌৱন, সতেজতা, আৰু প্ৰেমৰ সম্ভাৱনাৰ ইংগিত দিয়ে, যি কবিৰ জীৱনত ক্ষণিকৰ বাবে উপস্থিত হৈ পুনৰ হেৰাই গৈছে।
দেওলগা ভোক: “দেওলগা” শব্দটোৱে সুপ্ত অৱস্থাত থকা কিবা এটাৰ জাগৰণৰ ইংগিত দিয়ে। ইয়াত প্ৰিয়জনৰ সান্নিধ্যই কবিৰ হৃদয়ত সুপ্ত আকাংক্ষাৰ জাগৰণ ঘটাইছে।
পাখি খৰাল দিয়া আপদীয়া ভোক: এই প্ৰতিচ্ছবিয়ে ভোকৰ অস্থিৰ আৰু নিয়ন্ত্ৰণহীন ৰূপক প্ৰকাশ কৰে, যি কবিৰ মনত অশান্তিৰ সৃষ্টি কৰিছে।
কবিতাৰ গঠন আৰু ভাষা:
গঠন:
কবিতাটো কেইবাটাও স্তৱকত বিভক্ত, য’ত ভোকৰ বিবৰ্তন ধাপে ধাপে বৰ্ণনা কৰা হৈছে। প্ৰথমতে ভোক সুপ্ত, তাৰ পিছত জাগ্ৰত, ক্ৰমান্বয়ে তীব্ৰ, আৰু শেষত অপ্ৰতিৰোধ্য হৈ উঠিছে।
ভাষা:
কবিতাৰ ভাষা সৰল অথচ প্ৰতীকী।
“গোজোং গোজোং”, “ঠেনঠেনাইছে”, “বিংবিঙাই” আদি শব্দই কবিতাটোত স্থানীয় অসমীয়া সুৰ আৰু লয়ৰ সৌন্দৰ্য যোগ কৰিছে। এই শব্দবোৰে ভোকৰ অস্থিৰতা আৰু তীব্ৰতাক ধ্বনিগতভাৱেও প্ৰকাশ কৰে।
প্ৰতিচ্ছবি:
কবিতাটোত প্ৰকৃতিৰ উপাদান (যেনে- বসন্ত, পাখি, নপানী) আৰু মানৱীয় আৱেগৰ মিশ্ৰণে এটি জীৱন্ত চিত্ৰ সৃষ্টি কৰিছে। “নপানী বঢ়াদি বাঢ়িছে” শাৰীৰ জৰিয়তে কবিয়ে ভোকৰ অপ্ৰতিৰোধ্য বৃদ্ধিৰ তুলনা প্ৰকৃতিৰ অপৰিবৰ্তনীয় শক্তিৰ সৈতে কৰিছে।
আৱেগিক সুৰ:
কবিতাটোৰ মূল সুৰ হৈছে হাহাকাৰ আৰু অপূৰ্ণতাৰ। প্ৰিয়জনৰ ক্ষণস্থায়ী সান্নিধ্যই কবিৰ মনত এটি গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। “ইমান দুখ .../ মৰম চাগে এনেকুৱাই” শাৰীত প্ৰেমৰ সৌন্দৰ্যৰ লগতে তাৰ সৈতে জড়িত যন্ত্ৰণাৰ কথাও প্ৰকাশ পাইছে। কবিতাটোৰ শেষত
“ভোক! মাথোঁ ভোক বাঢ়িছে” শাৰীয়ে এই আকাংক্ষাৰ অবিৰত আৰু অপ্ৰতিৰোধ্য স্বৰূপক জোৰ দিয়ে।
সাংস্কৃতিক আৰু সামাজিক প্ৰেক্ষাপট:
কবিতাটোত অসমীয়া সংস্কৃতিৰ স্থানীয় সুৰ স্পষ্ট।
“গোজোং গোজোং”, “নপানী” আদি শব্দৰ ব্যৱহাৰে কবিতাটোক স্থানীয় পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত কৰিছে। ইয়াৰ উপৰি, প্ৰেম আৰু হাহাকাৰৰ বিষয়বস্তুৱে সাৰ্বজনীন মানৱীয় অভিজ্ঞতাক স্পৰ্শ কৰে, যাৰ ফলত কবিতাটো স্থানীয় আৰু সাৰ্বজনীন দুয়োটা স্তৰতে প্ৰাসংগিক হৈ পৰে।
শৈল্পিক বৈশিষ্ট্য:
প্ৰতীকবাদ:
“ভোক”ৰ প্ৰতীকী ব্যৱহাৰে কবিতাটোক গভীৰতা প্ৰদান কৰিছে।
ধ্বনিগত সৌন্দৰ্য: “গোজোং গোজোং”, “বিংবিঙাই” আদি শব্দই কবিতাটোত এক লয়বদ্ধতা আৰু সংগীতময়তা যোগ কৰিছে।
মূল বাৰ্তা:
কবিতাটোৱে প্ৰেমৰ ক্ষণস্থায়ী স্পৰ্শৰ পিছত জাগ্ৰত হোৱা গভীৰ আকাংক্ষা আৰু তাৰ ফলত হোৱা অস্থিৰতাৰ কথা কয়। ই প্ৰেমৰ সৌন্দৰ্যৰ লগতে তাৰ সৈতে জড়িত শূন্যতা আৰু যন্ত্ৰণাৰ এক হৃদয়স্পৰ্শী চিত্ৰণ। “ভোক”ৰ এই অবিৰত বৃদ্ধিয়ে মানৱ মনৰ অপূৰ্ণ আকাংক্ষাৰ সাৰ্বজনীন সত্যক প্ৰতিফলিত কৰে
উপসংহাৰ:“
ভোক” কবিতাটো এটি শক্তিশালী আৰু আৱেগপ্রবণ সৃষ্টি, যিয়ে প্ৰেমৰ ক্ষণিক সান্নিধ্যৰ পিছত জাগ্ৰত হোৱা গভীৰ হাহাকাৰ আৰু অপূৰ্ণতাৰ অনুভৱক অতি সুক্ষ্মভাৱে প্ৰকাশ কৰিছে। কবিৰ সৰল অথচ প্ৰতীকী ভাষা, স্থানীয় শব্দৰ ব্যৱহাৰ, আৰু প্ৰকৃতিৰ সৈতে মানৱীয় আৱেগৰ মিশ্ৰণে কবিতাটোক এক অনন্য সৌন্দৰ্য প্ৰদান কৰিছে।
———————————

0 Comments