পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ একাদশ সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

  মাজে মাজে কবিতাৰ সংজ্ঞা বিচাৰি পাওঁ। কবিতাক সাধাৰণ মানুহে কিমান শ্ৰদ্ধা কৰে,কিমান আদৰেৰে বুকুত কঢ়িয়াই লৈ ফুৰে ,সেয়া দেখি মনটো পুলকিত হয়। কবিতাক মাজে মাজে কিছুসংখ্যকে পণ্য কৰিব খুজিলেও ,সৰহসংখ্যকৰ কবিতাৰ প্ৰতি শ্ৰদ্ধা দেখি মূৰ দোঁ খায়।
   কাব্যম বঁটা-২০২৫ ৰ বাবে অসম বিভিন্ন ঠাইৰ পৰা ৬০টাতকৈ অধিক পাণ্ডুলিপি আহিছে।পঠিওৱাৰ অসুবিধাৰ বাবে বহুতে বহু দূৰত্ব অতিক্ৰম কৰি আমাৰ হাতত জমা দিছেহি। 
 কবিতাৰ প্ৰতি কাব্যানুৰাগীৰ এই আন্তৰিকতাই আমাক যথেষ্ট আহ্লাদিত কৰে।
   কবিতাৰ জয় হওক।
   কবিতা সাধাৰণ মানুহৰ ওঁঠে ওঁঠে গুঞ্জৰিত হওক।

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা

In the War: him and houses
Mosab Abu Toha
Gaza, Palestine

You fight. 
You die.
You never know who won or lost
or if the war ever ended.
When the bomb fell, the shrapnel cut your body’s clothes—your flesh.
It cut your country’s flag—its landscape.

They didn’t find a place to bury you.
They carried you on their shoulders,
wandered in the neighborhood,
stopped at your childhood’s school
and the old park.

Everything saw you
except for the houses.
Houses have packed their bags.
Dust has erected a tent in the angles.

Rust has landed with its worn-out clothes on the tab
and on the spoon.
It steals from the water its soft slide,
whereas the air sleeps on the spoon’s rough earth.
While you,
you sleep on moving sand.


যুদ্ধত: তেওঁ আৰু ঘৰবোৰ
মূল: মোছাব আবু তোহা
গাজা, পেলেষ্টাইন
ভাৱানুবাদ: ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তুমি যুদ্ধ কৰা। 
তুমি মৰিবা।
কোন জয়ী বা পৰাজিত হ’ল তুমি
কেতিয়াও নাজানা
যদিওবা এসময়ত যুদ্ধ শেষ হয়।

বোমাটো পৰিল, ’শ্ব্ৰেপনেলে’ তোমাৰ শৰীৰৰ কাপোৰ ফালি পেলালে—
তোমাৰ মাংসও।
তোমাৰ দেশৰ পতাকাখনো কাটি পেলালে—তাৰ ভূ-প্ৰকৃতি।

তোমাক সমাধিস্থ কৰিবলৈ ঠাই নোলাল৷
তেওঁলোকে তোমাক কান্ধত তুলি লৈ গ’ল,
চুবুৰীত বিচৰণ কৰিলে,
তোমাৰ শৈশৱৰ বিদ্যালয়খন
আৰু পুৰণি পাৰ্কখনত।
সকলোৱে তোমাক দেখিলে
ঘৰবোৰৰ বাহিৰে।

ঘৰবোৰে বেগবোৰ সামৰি থৈছে।
ধূলিয়ে কোণবোৰত এটা তম্বু স্থাপন কৰিছে।
টেবত আৰু চামুচত জীৰ্ণ কাপোৰবোৰ লৈ  অৱতৰণ কৰিছে।
পানীৰপৰা চুৰি কৰে ইয়াৰ কোমল স্লাইড,
আনহাতে বতাহ চামুচৰ ৰুক্ষ মাটিত শুই থাকে।
তুমি,
তুমি ধুলিয়ৰী বালিৰ ওপৰত শুই থাকা।
——————————
                   কবিতা                  
কলপাত
বিভা দেৱী

প্ৰতিপাদ্য 

সৃষ্টিৰ প্ৰভাততে 
এখিলা  আগলি কলপাতত
মই পিতাইক জগালো

কলপাতখনত  পিতাই বহি
 পিণ্ডৰ চাউলৰ গুৰি সানি
লাৰুবোৰ গণি থাকিল...
পূৰ্ব প্ৰজন্ম
 উত্তৰ প্ৰজন্ম

আধেয়:
 
মন্দিৰৰ দেউজন সদায় আহে
সোঁহাতত এখন কলপাত থাকে
গোঁসাই হেনো কলপাত বৰ ভাল পায়

তেওঁ কলপাতখনত গোঁসাইক ৰাখি
চাকিগছি চকুত থয়
 গোসাঁয়ে চকু মেলে
কলপাতখনে উশাহ লয়

পৰম্পৰা:

কলনিত ৰৈ আছে দুখিলা কলপাত

অস্তৰাগত এসাজ লুণীয়া ভাত 

মাটিত ঢাৰি-পাটি
কাষত খৰিকা-কাঠি
বাওঁহাতে পানী ঘটি

জহা চাউল,আলু সনা
পৰম্পৰাৰে গিলি

অতীত পাগুলিছে দুয়ো সখি
  

ৰূপান্তৰ 

বৰষুণজাকৰ সতে'
সিহঁত আহিল

চিত্ৰশালাৰ দুৱাৰ মুখত ৰৈ
শিশুৰ দৰে আকঁ-বাক কৰি

চিত্ৰৰসক,অভিজ্ঞ উদ্বোধক
মহাকালৰ আয়োগ ৰস

কলপাতৰ শতকাম
মহুৰা ফুৰাই ফুৰাই

ভক্তিৰসৰ ঊৰ্ণাজাল।
—————————
সময়ৰ বাঘ-চকু
গাৰ্গী ভূঞা

বনৰ গভীৰ আঁচলত
পাতৰ নিঃশব্দ কম্পনত
লুকাই থাকে এটি অদৃশ্য গতি
বাঘ নে সময়ৰ নিঃশ্বাস,
কোনেও নাজানে !

দিনবোৰ হৰিণৰ ৰসাল মঙহ,
ৰাতিবোৰ বাঘৰ জ্বলন্ত চকু।
এই অদৃশ্য বাটেৰে
বাঘে আঁকে মৃত্যু,
আৰু সময়ে বান্ধে চক্রবেহু !

মানুহে হৰিণৰ দৰে দৌৰে,
নাজানে, 
তেওঁৰ পিছত লম্ভি থাকে দুটাকৈ শিকাৰী,
সময়ৰ বাঘ-চকু !

সামঞ্জস্য হ’ল
তেজৰ গন্ধ আৰু বালিৰ ঘড়ী
একেটা গতিৰে চলে
বাঘে চালে সময়ে নেৰে
আৰু সময় বেয়া হ'লে 'বাঘ' নামে জন্তুবিধ 
জপৰীয়াই পৰে 

শেষত,
মানুহক বাঘে গিলে নে সময়ে !
দুয়োৰে মিলিত মেৰপাকত
শ্বাসৰ অন্তিম ৰেণুত
মোৰ শেষ উশাহ থমকি পৰে!
————————
দৌৰ
দাদুল ভূঞা

দৌৰিছোঁ
কেৱল দৌৰিছোঁ
ভাগৰ নলগালৈকে দৌৰিছোঁ
উশাহ থকালৈকে

এন্ধাৰ ফালি খান্দিছোঁ মাটি
সিচিছোঁ চকু পানীৰ দীঘলীয়া বাট

ওঁঠত কঢ়িয়াইছোঁ
তীক্ষ্ণ শতিকাৰ ধাৰাল আৱৰণ
ভোক আৰু ভোগক পাহৰি
যুঁজিবলৈ এৰি দিছোঁ দুটি ক'লা ঘোঁৰা

জ্যামিতিক চিত্ৰকথাৰ মেহফিলত
পাহৰিছোঁ ৰ'দ-বৰষুণৰ হিচাপ

সৰলৰেখা নে বক্ৰৰেখাৰে গৈ থকা
পৰুৱাই পোৱা বাট
 
কাতৰে সুধিছোঁ—
যাবা নেকি তুমি ?

বুটলি আনিবা নেকি
ঢলি পৰা সূৰ্য
একুৰিয়ামত নাচিবলৈ দুটা ইলেক্ট'নিক মাছ।
——————————
পনিয়ল
অংকুৰিতা ফুকন

মনৰ বাগিচাত পকা প্ৰেমৰ পনিয়ল
শুকান তেজৰ বৰণ পিন্ধি
প্ৰেমস্পদৰ বুকু বিন্ধে

চকুৱে বেৰৰ জলঙা গণে 
মন্থৰ চাৱনিয়ে পৰুৱাৰ বাট ভেটে

পিটিকি পুৰঠ কৰা প্ৰেমৰ পনিলয় 
মুখত ভৰাই প্ৰেয়সীৰ অপেক্ষাত মগন প্ৰেমিক চৰাই

হাত পাতি ল'লেই পৰম প্ৰাপ্তি
নহ'লে এই বাটেৰে অনেক সুন্দৰী যায়…
———————————
পানীৰ আঠা 
পুলেন ৰাজ নলবেইৰা

গিলাচৰ বুকুত গিলাচ এটা
সুমুৱাই  খেলি আছিলোঁ এদিন৷
বুকুত এটাৰ এসোতা পানী৷

পানীত পিঠি লগাই  
এতিয়া বুকু-পিঠিত দুয়োৱে ভগাই লোৱা সেই একে সোতা পানীক কোনে উলিয়াব চিনি। 

পাৰ নাই ৷নাই আকাৰ 
এৰা-এৰি নোহোৱাৰ আনন্দ অপাৰ৷

বাহিৰত বঙহে পাৰে কুকুৰৰ অহজম গালি৷ 
দুয়োটা গিলাচকে তই ৰং খেলি খালি৷

সোমোৱাৰ বাটেৰে সোমাই যোৱা বাটত
মই ভেটা দিব লাগিব এতিয়া
দুয়োকে দুভাগ কৰি উলিয়াব লাগিব এতিয়া

ইমান আঠাত লাগি ধৰা সেই গিলাচ দুটাক 
কেনেকৈ উলিয়াও এটাৰ পৰা আন এটাক ? 
বঙহক মই বাৰু কি বুলি জনাওঁ?
———————————
অৱলীলাক্ৰমে এদিন মই মোক 
গিৰিজা শৰ্মা

অৱলীলাক্ৰমে এদিন 
মই মোক পানীৰ আয়নাত ওপঙি থকা আৱিষ্কাৰ কৰিছিলো
আহা! কি যে সুখকৰ নাৰ্চিচাছ অনুভূতি!!
আদিমতম প্ৰক্ৰিয়া সৃষ্টিৰ 
' জীৱন '  যেন কোনোকালে জাহ নোযোৱা 
অজেয় আৰ্তি 
আৰু 
পানীৰ উত্তাল ঢৌৱে যেতিয়াৰে পৰা মোৰ অনুভূতিত আঘাত হানিবলৈ ল'লে 
টুকুৰা টুকুৰ কৰিবলৈ ল'লে মোৰ অনুকৃতি
হতচকিত মই হাবু-ডুবু খালোঁ 
নিজকে বিচাৰি হায়ৰাণ হ'লোঁ 
চলাথ কৰিলোঁ বুকুৰ চাৰিও কোঠালী 
চিৰাচিৰ কৰিলোঁ পানীৰ পৰ্দা
এটা সময়ত সকলো অভিযান 
অনৰ্থক প্ৰতিপন্ন হ'ল
যাত্ৰা পথত অধিকতৰ ভগা টুকুৰাহে 
সংযোজিত হ'ল। 
_________________________
বেলিফুল
চয়নিকা ভূঞা 

নদীৰ বুকুত কত কাহিনী 
নদীৰ বুকুত কত বেদনা 

মুৰলীৰ সুৰত 
কোনে চকুলো টোকে

ব্যস্ততাৰ অজুহাতত 
সম্বন্ধক অবহেলা 
অথচ, 
কথাবোৰ এতিয়াও আত্মাত
 
যাউতিযুগীয়া কথাবোৰ
কেনেকৈ সলাও 

'বি প্ৰেকটিকেল' বুলি ক'লেই 
কাহিনী অন্ত নপৰে
শেষান্তৰতে পুনৰ নতুনৰ আৰম্ভণি

বটবৃক্ষৰ ছাঁত
হাউলী পৰা কথাৰ হুমুনিয়াহ 

আৰু কিছু পৰ...

সূৰ্যাস্তৰৰ পিছতেই
সূৰ্যোদয়লৈ অপেক্ষা ।
—————————
তোমাক নাপাহৰাটো চৰ্ত হ'ব পাৰেনে
দিপলীপ বৰা

তোমাক পাহৰাৰ ভয় 
কোনোদিনেই জন্ম হোৱা নাই 
মই কেতিয়াও ভবাই নাই যে 
 মই তোমাক পাহৰিব লাগিব

শান্তভাৱে কটোৱা দিনান্তৰত
মই যে বৰ অস্থিৰ হৈ পৰো
তোমাক ভাবিবলৈ বাধ্য মই 

তোমাক পাহৰি যোৱাটো সহজ নহয় , 
অথচ গোটেই দিনটো তোমাৰ কথাই চিন্তা কৰি কটোৱাও
সম্ভৱ নহয়

লাহে লাহে যেতিয়া আন্ধাৰৰ আৱৰণখন বাঢ়ি আহে 
মই চকু মুদিবলৈ অপাৰগ হওঁ 
চকুৰ পতা গধুৰ হ'লেও 
উঠি বহো
ভাবো শুই থকা সময়কণ তোমাক পাহৰি যোৱাৰ  দায়িত্ব হ'ব নেকি মোৰ? 
 শেষত যে ওৰে নিশা মই তোমাৰ কথা ভাবিয়ে
শুই থাকোঁ

মই মোৰ বাবেই আশা কৰোঁ 
মই তোমাক নাপাহৰোঁ ।
———————————
ৰ'দ এপাহ মোৰ খোপাত গুজি ল'লোঁ
ৰেখা বৰকটকী

ডাৱৰজাক ফাটিছে
সুৰুযৰ কপাল ফুলাৰ বতৰ..
চিটপখিলীৰ  উলাহে নধৰা হিয়া
কাকতীফৰিং জাকৰ থৌকি বাথৌ মন..
বিশ্ব -খণিকৰে অলঙ্কাৰ সজা সাঁচবোৰ হেনো
সুৰুযৰ মোনাত থাকে
মেটমৰা হালধী সপোন
ফুলে জকেমকায়
,বন, পাত , ফুলত 
হালধীয়া গহনাবোৰ খাজ খালে
সালংকৃতা বেলিৰ মুখত
সপ্তসাগৰৰ ৰহণ! 
ওফণ্ডি থকা মেঘমল্লাৰ 
মায়াবী সপোনে  হালধী ৰঙেৰে  ফাঁকু খেলে
ধা ধিন ধা তালে অস্তাচলৰ আবেলি হালধীয়া বোৰে
মোকখা মোকখা কৰে
নৈ,বিল ,পথাৰ পানীমেটেকাই
সোণ বৰণীয়া কেৰু পিন্ধে..
সুৱাগমনি পথাৰত সোণগুটি বোৰেও  খিলখিলাই হাঁহে
এপাহ ৰ'দফুলে মোৰ  খোপাটি শুৱায়!
—————————
হাইকুৰ দৰে
গীতাঞ্জলি বৰকটকী 

১.
প্ৰখৰ ৰ’দ
গছবোৰ শুকাল
আনকি ঘাঁহনিখনো ৷

২.
আহাৰ মাহৰ দুপৰীয়া
ইমান ভেকুলীৰ টোৰটোৰণি
অথচ বৰষুণ নাই  ৷

৩.
শৰতৰ ৰাতি
পৰিত্যক্ত ঘৰটোৰ চোতালত
জোনৰ পোহৰ ৷

৪.
প্ৰখৰ ৰ’দ
ফুলবোৰ মৰহিল
আনকি গছবোৰো ৷

৫.
বুঢ়া লুইতৰ বুকুত
 জাহ গ’ল সকলো
কেৱল এৰাবাৰীখন ওপঙি ৰ’ল ৷
——————————
আইমাতে নিচুকনী গীত
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

তপোবনত জীয়াই থকা 
মোৰ শৰীৰৰ বাঁহী
শেলেৰে বিন্ধি যোৱা 
ইয়াৰ দাগবোৰে 
প্ৰতিবাদী কোৰাছ গায়
মই এজন গায়কৰ বাবে 
অপেক্ষা কৰি থাকোঁ
যিয়ে গাব মানৱতাৰ গান 
সূধাকণ্ঠ পলৰবচন
মণিকুটৰ শঙ্খ-ঘণ্টা-বৰকাঁহ
আইৰ ভাদমহীয়া মুখখন মনত পৰে
মোৰ মুখত মলয়াবতাহচাটিৰ বা
নিচুকণীৰ সুৰে সুৰে উৰে আইৰ আঁচল
হুমুনিয়াহ আৰু ছন্দবোৰ আলোড়িত কৰি
তাৰ পিছত কেতিয়াবা শৰীৰটো খুলি লওঁ
প্ৰজ্ঞালোকত অমৰ হ'বলৈ
তেতিয়া মোৰ আত্মাই 
মোক জীৱিত অৱস্থাত 
শোক কৰাটো নিবিচাৰে
দুৰৈৰপৰা ভাঁহি আহে যেন 
এটি নিচুকণী গীত
“জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি..."
——————————
মৃত্যু 
নাছিৰ আহমেদ 

" মৃত্যুও এটা শিল্প,
জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য" 
কিন্তু, কবিৰ মৃত্যুৰ নান্দনিক শিল্প 
এতিয়া এটি উঁই হাফলু হ'ল।
বাটে অবাটে কেৱল যন্ত্ৰ -মানৱৰ টিঘিলঘিলনি 
প্ৰতিটো ইতৰ প্ৰাণীৰ  ডিঙিত আঁৰি থোৱা  আছে মৃত্যু ঘন্টা ;
দমে দমে জমা হৈছে সিহঁতৰ হাড়, মঙহ আৰু ৰক্তৰ বন্যা।
বনৰ ৰজাজনো এজন মস্ত নীলা শিয়াল  ;
তেওঁৰ সোঁৱে-বাওঁয়ে নেজকটা বান্দৰৰ দল।
নীতি-নৈতিকতাও হ'ল একো একোটা ট্ৰামকাৰ্ড ।
চকুৰ পানী মুছি পেলোৱা বন্ধু !
আমাৰ যাত্ৰা-পথ এতিয়া কন্টকাকীৰ্ণ,
মূৰৰ ওপৰত ওলমি আছে ডেমোকলছ ছৰ্ড ; অনিশ্চিত ভৱিষ্যৎ 
ছায়া -প্ৰচ্ছায়া হৈ ঘূৰি আছে যমদূত।
এতিয়া কবিৰ দৰে মৃত্যু নহয় কোনো নিৰ্লোভ ভাস্কৰ্য ;
ই প্ৰতি মুহূৰ্তে মাৰে শক্তিশেল বাণ ।
এতিয়া মৃত্যুৰ বাবে কোনো কাৰণ নাথাকে ;
প্ৰতিটো মৃত্যুৰ আঁৰত অজস্ৰ কাহিনী।
পিতামহ ভীষ্মৰ দৰে আমি শৰশয্যাত শায়িত 
এতিয়া আমাৰ জীৱন হ'ল পুতলা পুতলা খেলা। 

তোমাৰ সোঁহাতখন দৃঢ় কৰা বন্ধু!
কঁকালত মেৰিয়াই লোৱা যুদ্ধৰ কবচ।
সন্মুখ ৰণত জিকিলে উদ্ধাৰ দেশ,
 হাৰিলে শ্বহীদ বা স্বৰ্গবাস!
———————————
শৰতৰ উক-মুকনি
দেৱ দাস 

তৰপে তৰপে
বাকলি গুছোৱাদি গুছাই
শাওন আৰু ভাদ 

ওমলা ঘৰত
চিকুন ছৰাইৰ
থেহত ঠাই নাই 

পাখি দুখন 
ইমান লাহি
তাতে গধূলি পৰৰ 
তাতা থৈয়া 

আকাশত 
শৰতৰ উক মুকনি।
—————————
ওপজাভূমিৰ টান
ৰূপজ্যোতি গগৈ

মাটি মাটি গোন্ধোৱা পথ এটাৰে গৈ থাকোঁতে 
ঘন সেউজীয়া অৰণ্যানিয়ে বাট কাটি দিয়ে 
আইৰ মাতে মাতে
পিতাৰ মাতে আকুল কৰে।

মেঘমুক্ত আকাশৰ চিম্ফনি দেখি 
সোঁৱৰণিৰ লাজুকী লতা সাৰ পাই উঠে। 
কেনেকৈ এৰি যাওঁ 
ফুলি উঠা পনিয়ল, থেৰেজুৰ অম্লান সুবাস

লাই হালে জালে আবেলি বতাহে 
পক্ককেশী হাতে আজৰি সামৰি আনে 
দুচকু ভৰুণ হৈ পৰে!

ক্ৰমে তৰাং হৈ অহা নদীখনত 
এটা দুটা বালিচন্দা জিলিকি উঠে

ওখ কৈ বাঁহ গছৰ শাৰীত 
কাকিনি তামোলৰ আগত লাগি আছে ককাদেউতাৰ দুহাত। 
এই মাটিৰ গোন্ধ ইমান আপোন 
প্ৰেমিক পক্ষীৰ দৰে সদাসেউজ। 
————————
আহিছে বান প্ৰলয়ংকৰ
নৱজ্যোতি শইকীয়া

খহিছে বুকুৰ ইপাৰ-সিপাৰ
আহিছে বান প্ৰলয়ংকৰ
ভাগিছে ঘৰ সমন্বয়ৰ
ছিগিছে এনাজৰী তেজ- মঙহৰ

খহিছে মথাউৰি মূল্যবোধৰ
শিবিৰত খেল জীৱন-মৃত্যুৰ
মানুহে পিন্ধিছে পোছাক আন্ধাৰ
আহিছে বান প্ৰলয়ংকৰ

আহিছে বান প্ৰলয়ংকৰ
খহিছে সৌধ ৰীতি-নীতিৰ
আজি বিপদাসন্ন ভাষা-সংস্কৃতিৰ
বলিও হৈছে নাৰী নিৰ্যাতনৰ

আহিছে বান প্ৰলয়ংকৰ
আহিছে বান প্ৰলয়ংকৰ
কেনেকৈ আজি মোৰ মাতৃভূমিৰ
উজলি উঠিব গৰিমা পুনৰ।
——————————
জীৱনৰ গান 
মনচুমী কলিতা নাথ

কোনোবা দূৰ দিগন্তৰপৰা ভাহি আহিছে 
এটি চিনাকি পখীৰ গান  
ছন্দে ছন্দে ছন্দায়িত হয় 
অসম আৰু অসমীয়াৰ মান ।

যাযাবৰী জীৱন ঘূৰি ফুৰে অবিৰাম 
মানুহ আৰু জীৱনৰ গান গাই গাই 
জনতাৰ বিশাল সমাগমত 
বুকুৱে বুকুৱে একতাৰ নিচান উৰুৱায় ।

সেই গানতে পাওঁ 
শৈশৱ কৈশোৰ আৰু যৌৱন 
সেই গানতে পাওঁ 
মানৱতা আৰু যুঁজাৰু জীৱন 
সেই গানতে আছে 
আই পিতাইৰ নিভাঁজ মৰম 
সেই গানতে আছে 
জাতীয় জীৱনৰ সুখৰ উৎসৱ।

জীৱনে হাঁহে জীৱনে কান্দে 
নিজানত যেতিয়া তৰা তিৰবিৰাই 
গভীৰৰ পৰা গভীৰলৈ সোমাই যায় সেই গান 
হৃদয়তে থাকে আজীৱন গুণগুণায় । 
———————————
জীৱনৰ বিলাপ
হীৰামনি শৰ্মা উপমন্যু

আত্মাৰ অনুসন্ধানত 
জীৱনৰ  প্ৰলেপবোৰ 
মচি পেলোৱাৰ পৰত 
মনলৈ আহেনো কি 

মুখা এখনৰ অহা-যোৱা !
লগতে কিছুমান অনামী গোন্ধ!
গোন্ধবোৰ চেলেকি চায় নে  ?

চেলেকিলে নিমখীয়াৰ স'তে দূৰ্গন্ধই 
নাকৰ বিন্ধাত খেলিমেলি লগাই 
নহয়নে ?

যেন প্ৰলেপবিহীন জীৱন আপোনাৰ 
আইৰ যৌতুকত অহা লাজৰ খোজ 

জীৱনৰ মুখাখন থৈ এদিন আহিবচোন 
মুখাহীন মুখৰ সৈতে কথা পাতিম 
আৰু 
জীৱনৰ হেৰোৱা-পোৱা , বিভিন্ন গৌৰৱ ,অহংকাৰ লোভ-মোহৰ লানি নিচিগা চেৰেকিৰ পাকৰ 
ভঁৰালটোত গডৰেজ কোম্পানীৰ তলা এটা ওলোমাই

তলাটো ব্ৰেণ্ডত হ'বয়ে লাগিব 
কাৰণ আপোনাৰ সন্মানৰ কথা আছে।

আপুনি 
এই যে জখলা এপাত হেৰালে 
নেম ফেম প্ৰচাৰ সম্পাদকৰ দৰে 
বেদনাইও হৃদয়ত খোজৰ ছাপ থোৱা নাই 
মাথোঁ ব্যৱহাৰতে সীমিত!

গামোচাখন গৌৰৱত  নহয় 
ডিঙিত উঠাৰ গৌৰৱত গৌৰৱান্বিত 
বন্ধু নহয় , হিচাপৰ নেওতা 
যেন নেওতা আওৰাৰ চেৰেকিৰ আঁত 

য'ত আছে জীৱনৰ সাঁচতীয়া সপোন 
নামৰ ভোকত পেকেটিয়াই  তাড়নাক
জীৱনৰ প্ৰলেপ ধুৱাৰ পৰত বিলাপ মাথোঁ বিলাপ।
———————————
বহু আহে বহু যায় 
সুপ্ৰীতি বৰুৱা

কোনোদিন লগ পোৱাৰ প্ৰতিশ্ৰুতি নিদিয়াকৈ
কোনোবাজন আহে  জীৱনলৈ  
অপৰিহাৰ্য হৈ
কোনোবা আহে এদিনেই লগ পোৱাৰ
ভাগ্যলিখনেৰে
কোনোবাজনৰ উপস্থিতিয়ে  জীপাল  কৰে 
কোনোবাজন আহে  হিয়া উবুৰিয়াই চেনেহ যাঁচে৷
কোনোবাজন আহি হৃদয়দ্বাৰ খুলি  থৈ যায়৷

বহু আহে বহু যায় 
সুগন্ধিত সুবাস বিলাই  
মোৰ হিয়া উন্মনা কৰে 
কেতিয়াবা  কোনোজনৰ আগমনে আৱেগ বিহ্বল কৰে;
কোনোজনৰ আগমনে বহু কথা ভৱাই তোলে৷
——————————
পণ
দেবানন্দ পেগু

আইৰ গৰ্ভত গংগাজলেৰে শুদ্ধি কৰা মোৰ এই  চোলা
আইৰ কোলাত অনুশীলন কৰিছোঁ ৰাস্তাবোৰ পোনাবলৈ 
কিন্তু,
কেঁকুৰাবোৰে চিধা ৰাস্তাত পিছলৈ টানি নিয়ে কিয় ?
এইয়া কেঁকুৰাৰ স্বভাৱ নে ধৰ্ম ?

ছাগলীটো ছাগলী বুলি ক'বলৈ পণ লৈছোঁ
ছাগলীটোকে কুকুৰ বুলি  কিয় বিচলিত কৰিব খোজা।
পোহৰবোৰ মোৰ চিনাকী,চিহ্নবোৰ নহয়

কোনেও নিমন্ত্ৰন নকৰিবা মাজ নিশাৰ ভোজলৈ
বৰশীৰ টোপ দেখি এৰাল ছিগিব মোৰ ঘোঁৰা
ক’লা ডাৱৰেৰে মেঘাচ্ছন্ন আকাশত
নীলাবোৰ অশুচি হ'ব।
———————————
মেঘ আলসুৱা  আলফুল কঁহুৱা
মৰমী কাকতি

মেঘৰ গাজনি
এই গ্ৰীষ্ম বিয়লি
আকাশী কন্যাৰ বিজুলী
নামি আহে মন্দাকিনী
শেষ ৰজনী
কুহুম কোমল ফেঁহুজালি
চৰাইৰ চি-চিঞনি
শৰৎ আহিব বুলি

দুপৰৰ বেলি
ছয়াময়া বৰ্ণালী
নিৰ্ঝৰ নিৰ্মালি
লৱৰি ফুৰে সমীৰণ সুশান্তি
ভূপালী প্ৰশান্তি
নিয়ৰ নিৰিবিলি
শৰৎ আহিব বুলি

বেলি লহিয়ালে
হেঙুলীয়া সাজত আকাশ চিকমিক
তিৰবিৰ এহালি বগলী
আৱেশত আকুল শেৱালি
শৰৎ আহিব বুলি

কাণিমুনি গধূলি
অস্তাচলত মুনি-চুনি বেলি
আৱেগত উৰে শৰালি
শুভ্ৰ সুগন্ধি শেৱালি
শৰৎ আহিব বুলি

এই সন্ধ্যা শেৱালি
সুৱাস সুগন্ধ
সুৰীয়া মোৰ পদূলী
শৰৎ আহিব বুলি

আলসুৱা মেঘে টুকুৰিয়ায়
বতাহে সুঁহুৰিয়ায়
নিজান নদী চাপৰিত
কোনে বীণ বায়?
আলফুল কঁহুৱাই হালে জালে
কেলি কৰে পানী লিলি
শৰৎ আহিব বুলি
———————————
তথাপিও 
ড° আদিল আলী 
 
গোমা হৈ থকা 
ৰ'দৰ আকাশ 
বেদনাত গভীৰ হৈ থকা 
অস্থিৰ মনৰ গতি 

হঠাৎ 
আজি 
স্থৱিৰ হৈ গ'ল 

কিয়নো 
মনত পৰি থাকে 
তাইৰ 
সেই 
সোণাৰুফুলীয়া হাঁহিটো 
যিটো 
আজিও 
মোৰ মনৰ আকাশত 
দোৰোল্ খাই আছে 

তথাপিও 
আকাশৰ মেঘৰ চকুলোত 
বিষাদবোৰ ধুঁইছো 
তিতি-বুৰি মাৰিছো 
জীৱনৰ অন্তিম প্ৰহৰৰ শেষ হাঁহি। 
----------------------
অত্যুক্তি
ৰূপজ্যোতি শইকীয়া

বুকুখন এটা পানীশিল
Century
শতাধিক পদাধিকাৰী 
পশ্চিমৰ পৰা পূবলৈ
পাখি লগা ঘোঁৰাবোৰ বেগাই দৌৰে
সিহঁতে এৰি আহে শৰৎ কালৰ পূৰ্ণিমা
অত্যুক্তি
চাহিদা আৰু বিশ্বাসৰ।
—————————
শীতাৰ্ত আবেলিটো
অন্না দেৱী 

জুইকুৰা সাবটি লৈ
বহিছোঁ
শীতাৰ্ত আবেলিটো,
জুইৰ উমাল
শীতৰ আবেলি 

নাতি দূৰত থকা 
হাবিখনৰ পৰা 
মৰ্ মৰ্ শব্দ এটা 
ভাহি আহিছে 

কাণ উনাই উমান পালোঁ 
শীৰ্ণকায় দুখন হাতে
খৰি লুৰিছে 

আকালৰ এমুঠি ভাত !
——————————
আপোচ
দীপ্তি মণি গোস্বামী

স্মৃতিৰ বুকুত বিধ্বস্ত
মোৰ আইৰ আপোন গানৰ সুৰ,
বে-সুৰীয়া তাল,লয়,ছন্দত
কিয় নচুৱাবলৈ উগ্ৰীৱ আইৰ চৰণৰ নুপূৰ?

পাবত গজা এচাম দুৰ্ভিক্ষৰ অতপালি,
আজুৰি টানিছে ফালিছে
আইৰ সুঠাম শৰীৰৰ টঙালি
জনসমুদ্ৰৰ ওচৰত নাকটো বন্ধকত থৈ!

আইৰ পূজাৰ অৰ্ঘৰ নামত
শোষিছে তোষিছে অবলা ভলুকাক,
জ্ঞান লৈও বিবেকহীনতাৰে সেই যাত্ৰাত
মাৰিছে মাথোঁ অমূলক হাততালি!

জন্মস্বত্ত নিজৰ উত্তৰাধিকাৰীসূত্ৰেই
 ভলুকাই আকাশ চুব পাৰে,
 গৃহস্থৰ বাৰীৰ শোভা বঢ়াব পাৰে
 অনন্ত কাললৈ মূৰ তুলি থিয় হৈ থাকিব পাৰে।

হায়.....,
নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস নাই কিয়?
বিনিময় মাধ্যমৰ তুলা-চালনিৰ ফেৰত উঠি
জাকতজিলিকা হ'বলৈ হেতা-উপৰা কৰা কিয়?
আত্ম পত্যয়,আত্ম বিশ্বাসৰ অভাৱেই ইয়াৰ মূল।

হে ভাই,
 নিজৰ জেপৰ ফুটাৰে ভৰাইছা আনৰ জেপ
কেতিয়াবা চাইছানে ভাবি?
বিনিময় বাকৰিত উটি-ভাঁহি কি হৈছে লাভ
আনৰ পেট বঢ়াই বঢ়াই কমাই পেলালা নিজৰ পেট
বাঢ়ি অহা সৌন্দৰ্য খিনি নিজেই সংৰক্ষণ কৰা
এটোপ দুটোপ ডাৱৰ পানী গোটাই থৈ
নীলা সাগৰখন ভৰাই পেলোৱা।
——————————

Post a Comment

0 Comments