————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ডিজাইন -দিপাংকৰ শইকীয়া
------------------------------------------------
——————————
বাটচ’ৰা
সম্পাদকীয়...
নৱ ৰাজন
মোৰ সেইসকল বুদ্ধিজীৱীলৈ মুকলি প্ৰশ্ন –"আপোনালোকে এতিয়াও জনপ্ৰিয় তাৰকা গায়ক বুলিয়ে ক’ব নে শিল্পীৰ মৰ্যাদা দিব ?
"তেওঁতো গায়কহে ,জনপ্ৰিয় তাৰকাহে ;যুৱপ্ৰজন্মক বিপথগামী কৰা গায়ক এজন
শিল্পী কেনেকৈ হ’ব পাৰে?
মিডিয়াত আগত ৰাখি মানুহক সহায় কৰা গায়কহে!..."
——এনেকৈযে এচাম বুদ্ধিজীৱীয়ে মানুহজনক কিমান অপযশ দিলে।
কিমানযে হকে বিহকে ককৰ্থনা কৰিলে।
এই কথাবোৰলৈ,এই
বিতৰ্কবোৰলৈ অলপো খাতিৰ নকৰি সাধাৰণ মানুহ হিতাপে,নিজৰ মতে নিজৰ ধৰণে সাধাৰণ মানুহৰ মাজত থাকি সাধাৰণ মানুহৰ বাবে কাম কৰি গ’ল ।আৰু এই সাধাৰণ মানুহে কিদৰে জনতাৰ হৃদস্পন্দনক বুকুত আদৰি ল’লে,সেই তথাকথিত বুদ্ধিজীৱী ,সমাজকৰ্মীসকলে নিশ্চয় দেখিছে।
এতিয়া সেই তথাকথিত বুদ্ধিজীৱীসকলো দাদাৰ প্ৰশংসাত গদগদ।
সেয়াই জুবিনদাৰ পাৱাৰ।
মোৰ তেখেতসকললৈ মুকলি প্ৰশ্ন –
"আপোনালোকে এতিয়াও জনপ্ৰিয় তাৰকা গায়ক বুলিয়ে ক’ব নে শিল্পীৰ মৰ্যাদা দিব ? অৱশ্যে এতিয়া আপোনালোকে সেই মৰ্যাদা দিয়া নিদিয়া,সম্পূৰ্ণ অৰ্থহীন
কাৰণ সমগ্ৰ বিশ্বই তেখেতক যি মৰ্যাদা,সন্মান দিব লাগে দিলে।
জুবিনদাই কৈছিল –"মই কোনো ষ্টাৰ নহয়।
ষ্টাৰ বহু থাকে। মই মুন।মুন এটাই ।"
জুবিনদাও এজনেই। আছিল,আছে আৰু সদায় থাকিব অসমীয়া জাতি থকালৈ।
আজি জুবিনদাৰ আকস্মিক মৃত্যুৰ সৈতে জৰিত দুই মূল অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে।আমি আইনৰ ওপৰত গভীৰ আস্থা ৰাখিছোঁ।আইনে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি দাদাৰ বিদেহ আত্মাক শান্তি প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী।
জুবিনদাৰ আত্মাৰ চিৰ শান্তি কামনাৰে ,এই সংখ্যাটো তেখেতৰ নামত উছৰ্গা কৰিলোঁ।
জুবিনদা অমৰ।তেখেত অসমীয়া থকালৈ জীয়াই থাকিব।
বিনীত—
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
नेपाली कविता )
सनकि मन को केटो
(अर्पण:जुबिन गर्ग)
इरा देवी
एउटा सनकि मन को केटो थियौं
उनले सबैमा सत्य देख्थे,
जौ सबैमा माया बाट थिए
एउटा सनकि मन को केटो थियौं
जौ प्रतिक्षण जिउन जान्दथे ।
युवक प्रतिभाशाली थियौं
कण्ठमा सरस्वती को बास थियो
सप्त स्वर को झंकार बोकि
विश्व विजय गर्दथे।
एउटा सनकि मन को केटो थियो।
कसैलाइ नटेर्ने अट्टेरि केटो ले
छाती मा बोकि हिड्थे माया का
गितहरु
प्रेम का भाका हरु,
निर्भिक कण्ठले बगाइ हिड्थे
समस्या ले पिसिल्टियेको समाज का
प्रत्येक भारि र रोगी मन का पिडा
हरु,
घन्टा उनले कसैलाइ खातिर
गर्देननथें।
जाति धर्म समाज राजनीति
सबै देखि माथि
बस्ने कमलो मन बाट
सुधारवाद को नारा ठोकदथें।
वर्णवाद को बिरोध गर्दथे
प्रजा को दिल का राजा थियो
एउटा सनकि मन को केटो थिये
जौ प्रतिक्षण जिउन जान्दथे।।
———————————
অসমীয়া অনুবাদঃ
খেয়ালী মনৰ ল'ৰাটো
ইৰা দেবী
এজন খেয়ালী মনৰ ল'ৰা
আছিল
যি সকলোতে সত্য দেখা পাইছিল
যি সকলোকে মৰম বিলাইছিল।
এজন খেয়ালী মনৰ ল'ৰা আছিল
যি প্ৰতিটো ক্ষণ জিয়াব জানিছিল।
ল'ৰাজন প্ৰতিভাৰ আকৰ আছিল
কণ্ঠত সৰস্বতীয়ে বাস
কৰিছিল
সপ্তসুৰৰ মূৰ্চনা তুলি
বিশ্ব বিজয় কৰিছিল
এজন খেয়ালী মনৰ ল'ৰা আছিল।
কাকো খাতিৰ নকৰা ল'ৰা জনে
বুকুত কঢ়িয়াই ফুৰিছিল
ভালপোৱাৰ গান
নিৰ্ভিক কণ্ঠেৰ নিগৰাইছিল
সমস্যা জৰ্জৰিত সমাজখনৰ
প্ৰতিটো ভাৰাকান্ত মনৰ বেদনা।
ঘেন্টা তেওঁ কাকো খাতিৰ
নকৰিছিল,
সমাজ, ৰাজনীতি ,আন কিবা
জাতি-ধৰ্মৰ ওপৰত অবস্থান
আছিল ল'ৰাজনৰ
বৰ্ণবাদৰ বিৰুদ্ধে মাত আছিল সৰব
এজন খেয়ালী মনৰ ল'ৰা আছিল
যি প্ৰতিটো ক্ষণ জিয়াব জানিছিল।
——————————
Enough for Me
Fadwa Tuqan (1917-2003)
Palestine
Enough for me to die on her earth
be buried in her
to melt and vanish into her soil
then sprout forth as a flower
played with by a child from my country.
Enough for me to remain
in my country’s embrace
to be in her close as a handful of dust
a sprig of grass
a flower.
মোৰ বাবে যথেষ্ট
মূল: ফদৱা টুকন
পেলেষ্টাইন
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
[জুবিন গাৰ্গৰ স্মৃতিত উছৰ্গিত]
আইৰ কোলাত মৰিবলৈ পালে
মোৰ বাবে যথেষ্ট
আইৰ মাটিৰ পঞ্চমহাভূতত মিলিবলৈ
আইৰ বুকুতে সমাধিস্থ কৰিবা
পিছত ফুলৰ দৰে অঙ্কুৰিত হৈ
মোৰ দেশৰ এজন শিশুৱে
খেলা কানন হ’ব৷
মোৰ দেশৰ আলিঙ্গনত
মই থাকিবলৈ যথেষ্ট৷
এমুঠি ধূলিৰ দৰে
আইৰ সমীপত থাকিবলৈ যেন
ঘাঁহৰ এটা ছোপ
এটা ফুল৷
——————————
বাংলা কবিতাঃ–
শ্রদ্ধাঞ্জলি: জুবিন গার্গ – সুরের চিরন্তন যাত্রী
ইভা আলমাস,
বাংলাদেশ।
সঙ্গীতের ইতিহাসে কিছু নাম থাকে, যাদের উপস্থিতি শুধু শিল্পের ভুবনেই নয়, মানুষের হৃদয়েও অমর হয়ে যায়। জুবিন গার্গ ছিলেন তেমনই এক নাম। তিনি ছিলেন আসামের আত্মা, ভারতের গর্ব এবং অসংখ্য শ্রোতার হৃদয়ের আশ্রয়।
তাঁর কণ্ঠে ছিল বেদনার গভীরতা, আনন্দের উচ্ছ্বাস আর জীবনের প্রতিটি ক্ষুদ্র অনুভূতির স্পর্শ। পাহাড়ি মাটির গন্ধ, নদীর ঢেউ, ভালোবাসার ব্যথা—সবই যেন জড়িয়ে ছিল তাঁর সুরে। তিনি শুধু গান গাইতেন না, তিনি মানুষের না-বলা কথাগুলোকে সুরে পরিণত করতেন।
জীবনের প্রতিটি সংগ্রাম তিনি রূপ দিয়েছেন সংগীতে। তাঁর গান শোনার পর মনে হতো—কণ্ঠ নয়, যেন এক নদী বইছে, যা থামতে জানে না। তিনি প্রমাণ করেছেন শিল্পী দেহে সীমাবদ্ধ নন; শিল্পী হয়ে ওঠেন মানুষের আত্মার অংশ।
আজ তিনি নেই, কিন্তু তাঁর গান রয়ে গেছে। সেই সুর আমাদের শেখায়—
দুঃখও সৌন্দর্যের জন্ম দিতে পারে।
গান হতে পারে প্রতিবাদ, আবার হতে পারে প্রার্থনাও।
শিল্পী হয়তো চলে যান, কিন্তু শিল্প অমর থেকে যায়।
জুবিন গার্গ তাই কেবল একজন সংগীতশিল্পী নন, তিনি এক অনুপ্রেরণা। তিনি আমাদের মনে করিয়ে দেন, স্বপ্ন দেখা কখনো থেমে থাকে না, ভালোবাসা কখনো ফুরিয়ে যায় না, আর সত্যিকারের শিল্প কখনো মরে না।
তাঁর প্রতি গভীর শ্রদ্ধা—
তুমি নেই, অথচ প্রতিটি সুরে, প্রতিটি অনুভবে, প্রতিটি নিঃশ্বাসে তুমি আছো হৃদয়ে, ভালবাসায়....
——————————
কবিতা
বহেমিয়ান
কিশোৰ মনজিৎ বৰা
মোৰ এটা চিঞৰ আছে। মাজে মাজে মই
চিঞৰোঁ।
জন্মতেই চিঞৰটো লগত লৈ আহিছোঁ
পাছতহে কণ্ঠই কুঁহি মেলিছে
মই বহেমিয়ান। এটা ঘৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ।
আনকি পৃথিৱী নামৰ গ্ৰহটোও মোৰ বাবে
কেতিয়াবা ঠেক হয়
জাঁজীৰ জেঙনিৰ ঔ-ফুল
সোঁত নমনা। জহুদ। অথচ কবিতাৰ দৰে অন্তৰ কোমল
মাৰ গৰ্ভৰ পৰা ওলাওঁতেই মোৰ মূৰৰ মিহি দূবৰিবোৰত
লাগি অহা বীজবোৰ এৰাই নগ'ল
সেয়ে মই শিশু হৈ ৰ'লো
কান্দো। চিঞৰো। আবদাৰ দিওঁ।.... মন যায়।
মই মৰিলে জুবিন নহয়, মৰিব এটা শিশু
মই মৰিলে তহঁতে বুজিবি, মোৰ চিঞৰটো কিমান সঁচা আছিল
মোৰ গানবোৰত চিঞৰটো কলকলাই আছে কোনোকালে নুশুকোৱা লুইতৰ দৰে
মোৰ বিছনাত কোনোদিনে গাৰু নাই
ৰাতি ৰাতি নাল ভগা চকী এখনত অকলে বহি থাকোঁ
সুৰ এটা হৈ উৰি যাওঁ।
সুৰ এটা লৈ টোপনি যাওঁ
মই একেবাৰে টোপনি গ'লে বুজিবি তহঁতে
মোৰ মাতটোত কিমান কান্দোন আছিল।
——————————
জুবিন গাৰ্গ সমীপেষু
বিভা দেৱী
১.
আজি নিশা সূৰ্য ডুবিছিল
কাঁইঠীয়া পোহৰকণ চকুত লৈ
তেওঁ দৌৰি থাকিল
সূৰ্যটোৰ পিছে পিছে
২.
কাল পুৰুষৰ সভাত
এজনৰ আৱিৰ্ভাৱ
কালোচিত কিছুমান কুটনীয়াৰ বাবে
কাৱৈলাঙিখন তাতে পাতি থোৱা আছে।
৩.
কুঁহকুঁহীয়া গৰমত অপ্সৰাৰ মেলা
এজন শিল্পজীৱীক সম্বৰ্দ্ধনা জনোৱা হ'ব
সকলো আহিল
সকলো বহিল
সম্বৰ্দ্ধনা সভাত অশ্ৰু সৰিল
৪.
জীৱন নাটৰ সকলো ভাৱৰীয়া
মিথ্যাচাৰী
পথাচাৰী
লুব্ধমনৰ প্ৰমোদবিহাৰী
ছাঁইতে খেৰাজৰ হিচাপ লোৱা হ'ব
ৰাইজেই ৰজা
ৰাইজেই প্ৰজা
গানতেই লিখা ৰ'ব জীৱন- ব্যাথা
বি.দ্ৰ--কাঁইঠীয়া--ক্ষীণ পোহৰ; কাৱৈলাঙি--কাৱৈমাছ ধৰা জাল;কুটনীয়াৰ-টুটকীয়া
——————————
বাটৰে শেষতে বাট চাম তোমাকে
(জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে)
মনালিছা শইকীয়া
গানৰ মায়াত
প্ৰাণৰ সুৰবোৰে
আঁটি থৈছিল জীৱন
সুৰৰ সোপানে সোপানে
জীয়া কলিজাৰ কোঁহে কোঁহে
তৰংগায়িত হৈছিল গানৰ সমুদ্ৰ
মুক্তি পিয়াসী
এন্ধাৰ বিনাশিনী
আকাশ চোৱাৰ গান
চিলাৰ দৰে উৰি ফুৰা গান
মুক্ত
নিৰ্ভীক
বাঙ্ময় গান
তোমাৰ গানত মুগ্ধ
আমাৰ প্ৰাণৰ জেউতি
মুকুতিৰ বৰঘৰত ওৰে জীৱন জ্বলে
ভকতিৰ এচাকি পোহৰময় জ্বলমল বন্তি
বিস্তীৰ্ণ মৰুভূৰ মাজতো
এটি মাথোঁ আশাৰ কণিকা
গানৰ মায়াত উটি উটি গৈ থকা
মৰিচীকা খেদি খেদি
লহৰে লহৰে উথলি উঠা
গান আৰু জীৱনৰ মোহ মায়া এৰি
হঠাতে হেৰাল কেনিবা পোহৰৰ চাকিগছি
হে সমুদ্ৰ,
তোমাৰ উত্তাল তৰংগ ৰাশিৰ
শাণিত নখে আজুৰি চিঙি নিলে
আমাৰ মহাসমুদ্ৰ সম গানৰ পৃথিৱী
উপসংহাৰঃ
বিদায় বুলিনো কওঁ কেনেকৈ
তুমিয়েই আমাৰ গানৰ সসাগৰা পৃথিৱী
তোমাক আকৌ লগ পাম
বাটৰ শেষত আৰম্ভ হোৱা বাটত।
——————————
সাগৰ ভালপোৱা মানুহজন
অনিন্দিতা কলিতা
ভালপোৱাৰে চপচপিয়া হৈ থকা
সাগৰ ভাল পোৱা মানুহজনৰ বাবে
এসাগৰ দুখ আৰ্জিলোঁ
এতিয়া মই সবাতোকৈ চহকী
দুখতকৈ অধিক আৰু কি হ'ব পাৰে
ভালপোৱাৰ উপহাৰ !
——————————
হে 'নাদব্ৰহ্ম'
গাৰ্গী ভূঞা
এজন গণশিল্পী আতৰি যায়
কিন্তু আঁতৰি, যায় ক’ত?
মাটিৰ পৰা আকাশলৈ,
আকাশৰ পৰা শূন্যলৈ,
নে শূন্যৰ পৰা শূন্যলৈ?
সুৰ এটা শেষ হ’ব পাৰে জানো?
যদি শেষ হ’য়,
নীৰৱতাবোৰে কিয় অধিক কম্পন তোলে?
যদি শেষ হোৱা নাই,
তেন্তে অদৃশ্য বীণাখন
কোনে বাজাই থাকে ?
দেহ!
চকুৰে দেখা প্ৰত্যক্ষ।
কিন্তু প্ৰত্যক্ষতো নশ্বৰ।
তেন্তে অদৃশ্যহে অমৃত নেকি?
সেই অমৃতত,
শিল্পী তুমি আছা নে?
হে 'নাদব্ৰহ্ম' !
তোমাৰ ছায়াত বাস কৰোঁ আমি
তুমি অনন্ত কথাৰ প্ৰশ্নবোধক
যি উত্তৰৰ বাবে নহয়
মাথোঁ শুনি থাকিবলৈ
অদৃশ্য ধ্বনিৰ সোঁতত
শূন্যে শূন্যক সুধি থাকিবলৈ...
———————————
কাকো খাতিৰ নকৰা মানুহজন
(স্মৰণ: জুবিন গাৰ্গ)
নৱজ্যোতি শইকীয়া
কাকো খাতিৰ নকৰা মানুহজন;
জী আছে এজোপা গছ হৈ
এই পৃথিৱীত
কাকো খাতিৰ নকৰা মানুহজন;
উৰি আছে এজনী চৰাই হৈ
নীল আকাশত
কাকো খাতিৰ নকৰা মানুহজন;
জী আছে এজন মাটিৰ
মানুহ হৈ
বাটে-ঘাটে,কাৰখানাত
অথবা খেতিৰ পথাৰত
কাকো খাতিৰ নকৰা মানুহজন;
জী আছে এটা গান হৈ
আকাশে বতাহে,
যি গানত বৈ আছে
এখন সুৰৰ অমিয়া নৈ
তেওঁৰ মৃত্যু নহয়,
তেওঁ জী আছে
এটা বেলি হৈ, বেলি;
আমাৰ বুকুৰ দুখৰ ৰাতি।
———————————
কাহিনী
চয়নিকা ভূঞা
বাটৰ শেষতে এটা বাট
সিপাৰে আন এক কাহিনী
সঁচাক মিছা মিছাক সঁচা
তাতেই কাহিনী
তাতেই জীৱন
আৰুনো কি বাকী...
কথাবোৰ তেনেকুৱাই
ইতিহাসে গৰকা কথাত
এতিয়া
চতিয়নাফুলীয়া সাধু ।
----------––––––———
জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত
দেৱ দাস
১)
সাগৰখন নীলা
পানী লুণীয়া
লুণীয়া পানীয়ে
আমাৰ কলিজা খালে
আহিনৰ আকাশত
বগা দাঁতৰ দৰে মেঘ
বগা দাঁতৰ হাঁহিৰ খলকনিত
জুবিন কিদৰে জহে
কোনে বিশ্বাস কৰে
জুবিন এনেকৈ মৰে
ক’ব পাৰিব কোনোবাই
এপাহ শুভ্র ফুল
জুবিনৰ বাবে
জুবিনৰ
শ্রদ্ধাঞ্জলিৰ বাবে ৰাখে
২)
সকলো গৈ গৈ
নিৰ্জন পৰিল
আৰুতো একো নাই
সোণাপুৰৰ পৰা আহি
পদূলিমুখত
এসাগৰ পানী
সাগৰৰ পানীত
ডুব যাব পাৰো যদি
জুবিনৰ শেষৰ গানটো
নিজ কাণে শুনাৰ
প্ৰয়োজন আছিল
সাগৰৰ ঢৌৱে ঢকা সময়
ঢৌবোৰৰ চোকা দাঁত
লুণীয়া পানীৰ সুৰত
গোৱা গান
সহ্য কৰা টান
আমাৰ প্ৰাণৰ জুবিন
ধৈৰ্য নেহেৰুৱাবা
আমিও তোমাৰ
কাষ পাম
সময়ৰহে হীন ডেঢ়ি।
——————————
কিয়?
অংগৰাগ ভূঞা
গানৰ হিচাপ মই ৰাখিব নোৱাৰোঁ
ভালপোৱাৰ নাইবা আকুলতাৰ
বা ব্যাকুলতা নাইবা বিষাদৰ
চিপচিপাই থকা বৰষুণত
মনলৈ অহা তোমাৰ উদ্দাত্ত স্বীকাৰোক্তি
বৰষা যেতিয়া বুকুলৈ নামে
বৰষুণে যেতিয়া ধুৱাই থৈ যায়
আমাৰ শব্দ অনুভূতি
ৰদৰ হাঁহি, ফুলৰ উন্মোচন
প্ৰেমৰ কোমল অৱগুণ্ঠন!
প্ৰিয়জনক হেৰুৱাৰ বিষাদ
দূৰে দূৰে থকা উজাগৰী ৰাতিৰ বিৰহ
সকলোতে কিয়?
তোমাৰ মায়াত ৰাগী লগা মানুহে
গোট মহানগৰীখন সৰু কৰি পেলালে
পৰুৱাৰ দৰে পিয়াপি দি
ভালপোৱাৰ আৱেশেৰে
তীৰ্থ যাত্ৰা কৰালে
সকলোতে তুমি কেৱল
সপোন দিঠক জীৱন মৰণ
অনুৰাগৰ বিষম শোষণ
পুৱাৰ প্ৰাৰ্থনা, শৈশৱৰ চিলা
পাখি পাখি হৈ উৰি থকা
ৰূমালহেন স্মৃতিৰ পখিলা
হীৰুদাৰ আখৰবোৰকো
নতুন সাজ পিন্ধালা
কিয়?
মন যায় আমাৰ
কাষে কাষে নহলেও
অনুভূতিৰে তোমাৰ
প্ৰতিটো পৰৱতে
অনুভৱ কৰাৰ
মন যায় তোমাৰ
আকাশত গাতে লোৱাৰ, সাগৰ তলীত শোৱাৰ
সপোনৰ সুৰক মায়া সনাৰ আশাৰে
শিশুৰ মুখৰ অনামিকা হাঁহি
ৰংমনৰ ওঁঠৰ নিজান বাঁহী
হঠাতেই চোতালত হেৰাল
কিয়?
জানো তুমি প্ৰশ্নৰ উত্তৰ নিদিয়া
অভিমানী তোমাৰ মন
উন্মনা, চিনাকী জোনাকী, হিয়া মনবোৰক
উতলা কৰি অবুজন কৰি ৰাখিবা
যন্ত্ৰৰ দৰে ইউকেলিপ্টাছৰ দৰে ওখ
সেই সত্তাক আমিচোন
প্ৰাৰ্থনাতহে এতিয়া ৰাখিব পাৰিম!
বিহুত ভাঁহি অহা বিহুনামটোনো কাৰ!
কাৰনো হব? আমাৰ জুবিনদাৰ!
তেজত বগুৱা সপোন তুমি
সপোন ৰঙৰ জীৱন এটাত
উৰুঙা কৰি প্ৰেৰণাৰ পাহাৰ
কিয় গুছি গলা জাতিক কন্দুৱাই?
কাকো খাতিৰ নকৰি দি গ'লা
প্ৰাণত অবাঞ্চিত স্থায়ী শোক
কিয়?
——————————
মৃত্যু এতিয়া সুলভ
ৰেখা বৰকটকী
মৃত্যুও এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লোভ ভাস্কৰ্য?“
এই আপ্তবাক্যৰ যথাৰ্থতা নিশ্চয় আছে৷
য’ত থাকে, আধ্যাত্মিকতা
পৰমাত্মাই আত্মালৈ অপেক্ষা কৰাৰ অমল সময়ত..
মৃত্যুবোৰ শিল্পলৈ পৰিণত হয়৷
কিন্তু
ই কেনে মৃত্যু?
ইয়াত জানো শিল্পত্ব আছে?
আছে জানো ভাস্কৰ্য ?
জীৱনৰ কঠিন শিল একা?
একো নহয়
সেই মহান ব্যক্তি হীৰুদাৰ উপমা এনে মৃত্যুৰপৰা বহু নিলগত...
এই নাৰকীয় বধ্যভূমিত
এইবোৰ কুসুম কোমল উপমাৰ স্থান নাই!
সুগন্ধি পখিলাৰ কবিৰ বজ্ৰবাক্য যেন বিলাপ হৈ ৰ’ল,
প্ৰতিজন মানৱ দৰদী মানুহৰ বুকুত!
চকুলো শিল কৰা শিল্প এয়া---
ঈশ্বৰ হৈ আহি দানৱৰ হাতত
লুণ্ঠিত হোৱা মৃত্যু বিভীষিকাত
মানুহবোৰ যেন কাঠৰ একোটি পুতলা!
নাচিছে, নচুৱাইচে ,কামুৰি শোকাৰ্ত বুকুত!
লোভনীয়...পৰিপক্ব.. নিটােল...
এক প্ৰতিভাক তচ্ নচ্ কৰা
ঘৃণনীয় শিল্প এয়া..
ধিক!জীৱ শ্ৰেষ্ঠ মানৱ
পঞ্চ ইন্দ্ৰিয়ৰ ৰম্যভূমিত কদৰ্য বাসনাৰে
কোন পৃথিৱীৰ হতভগীয়া তই?
নিঃপাত যাওক তোৰ
নিকৃষ্ট লালসা...
ছিগি যাওক তোৰ
তেজ-মঙহৰ শৰীৰ
নাহিবি ধৰালৈ
কোনোকালে উভতি
নিদিবি খোজ মানুহৰ পৃথিৱীত...
—————————
উশাহৰ শিকলি
গিৰিণ বৰা
মায়াবী বাঁহীত এটি দুখৰ মুৰ্চ্ছনা,
শেষ হ'ব পায় ৰাতিৰ ধেমালি
নাই আজি নাই নাই, বতাহো নাই
আকাশো নাই ,নাই বুলিলে
নাই আজিৰ যুগনায়ক ।
সপোনৰ পজাঘৰত
এতিয়া দুখীয়া ৰাতি ,
নিজান বুকুত দুখৰ চন্দ
হেৰুৱাই সাগৰৰ বক্ষত
উশাহৰ শিকলি।
আনে নোযোৱা বাটতে
হেৰাই গ'লা হে শিল্পী
জাতিৰ আভৰণ
বুকুতে অগনি জ্বলাই ,
তুমি শুলা, সাৰে আছো আমি
তোমাৰ জীৱনৰ পৃষ্ঠাৰ শেষ পংক্তি খুঁচৰি ।
মৃত্যু জিনাৰ সপ্তসুৰত
মাটিবোৰ কঁপিছে
আকাশে শুনিছে,
হৃদয়ো গলিছে,
আইৰ হুমুনিয়াহ
তোমাৰ হেনো
ধুমুহাৰ সতে
বহু যুগৰ নাচোন ।
আন্ধাৰেই সঁচা,পোহৰবোৰ
একেবাৰেই মিছা
মানুহক চিনাই গ'লা ভূমি
হৃদয় জিনি গ'লা তুমি ।
তুমিতো আছিলা আজানুলম্বিত
কিংবদন্তি নৱ মহাকাব্যৰ
দাতা কৰ্ণ ,
ঐতিহাসিক ভাৰতৰ
সপ্তসুৰৰ মায়াৰ তানসেন ,
সুৰৰ লয়লাসত কপাই
নৱ গৰ্ভৱতীৰ ভ্ৰুণ ।
চেঁচা বতাহত
দৰিয়া ঘাটত কলিজা ঠেকেচি
আনৰ কাৰণে জ্বলোৱা জীৱন শলিতা আজি নুমায়েই গ'লচোন।
মৌনতাৰ দুবৰি গচকি এতিয়া
মোৰ বুকুত তোমাৰ নিভাজ প্ৰেমৰ ভাস্কৰ্য।
পৃথিৱীৰ বাবে মানুহ নে
মানুহৰ বাবে পৃথিৱী ?
অনামিকা এতিয়া সাৰে আছে
ৰ'দৰ আলিত তুমি এৰি যোৱা চিকুণ শব্দৰ মায়াজালৰ সপ্তসুৰ খুঁচৰি ।
তোমাৰ ছাঁয়াতে জিৰণি লৈ আছিল অতদিনে এটা জাতি
গঢ়ি থৈ গ'লা তোমাৰ উমেৰে
চিৰ যুগমীয়া মানৱতাৰ পংক্তি ।
তোমাৰ মায়াত আবদ্ধ
মানুহবোৰ দেখিলা
এদিনৰ বাবে
যাৰ ধৰ্ম নাই,জাতি নাই ,
সিহঁত হেনো কাঞ্চনজংঘা ।
সাগৰৰ বক্ষত মাণিক হেৰুৱা জাতিটোৱে
কাইলৈ আকৌ সাৰ পাব ,
মৃত্যৰ শেষলৈকে
তোমাৰেই বতৰা ল'ব
কেনে আছা তুমি ?
জন অৰণ্যৰ
বুকুৰ পৰা আঁতৰি
সাগৰ সাতুৰি ।
——————————
সুৰীয়া সূৰ্য্য
উৎপল ভট্টাচাৰ্য্য
সুৰীয়া সূৰ্য্য
সাগৰত হেৰালে
ৰ'দকণ থ'লেযে সাগৰেই গিলি
বুকুৰ পথাৰ এৰি
সাগৰ তলিত শুই
তই কিনো সুখ পালি?
ইউক্লিপতাছৰ দৰে
বাঢ়ি যোৱা কলিজাৰ এন্ধাৰতে
খেপিয়াই ,থপিয়াই ধুমুহা-পখী
চকুলোৰ নৈৰে সাগৰ উপচাই
পাতলাও তোক হেৰুওৱাৰ শোক।
ঢৌৱে ঢৌৱে হেৰুৱাই আমাৰ স্পন্দন
বুকুৰ বাকৰিত জীয়ামেই তোক,
নাহৰ হৈ ফুলিবি তাতে
গুজিদিবি সুৰৰ সোপান
তোৰ গীতত সৰগ বিচৰা
প্ৰতিজনৰ হাতে হাতে।
মায়াবিনী ৰাতিৰ বুকুত
নিসংগতাই ভাকুতকুটোৱা
তোৰ গীতৰ স্মৃতিয়ে
প্ৰভাতী বন্দনা হৈ জগাই তোলক মোক,
ৰৈ ৰৈ বিনাই থকা জনসমুদ্ৰত
বিয়পি বৈ থাকক
ৰ'দৰ গীত
বৰষুণৰ সংগীত।
প্ৰেমৰ আলিংগনে
সাৱতি ৰাখক শ্ৰেণীহীন সমাজৰ
প্ৰশান্ত প্ৰাংগণ...
সুৰীয়া সূৰ্য্য মোৰ,
ব্যাকৰণহীন জীৱন তোৰ
নিচুকনি গীত হৈ
তই সুৰহৈ
সাৰে থাক
জাতি ,ধৰ্মৰ সংকীৰ্ণতা এৰি
মনৱতাৰ কাঞ্চনজংঘা হৈ
বৈ থাক বুকুৱে বুকুৱে বৰলুইতখন হৈ
উৰি থাক অসমীয়া সংস্কৃতিৰ বাৰেবৰণীয়া চিলাখন হৈ....
———————————
সেই সুৰৰ পম খেদি আকৌ এবাৰ...
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
সেই সুৰৰ পম খেদি আকৌ এবাৰ
আজি বিচাৰি যাওঁ
লুইতপৰীয়া পৃথিৱীলৈ
সুৰৰ উৎস বিচাৰি
যি সুৰে শাঁত পেলাব পাৰে
হিয়াৰ দহন
বিচাৰি যাওঁ অৰণ্যলৈ
অন্বেষণ কৰিম আকৌ এবাৰ
যাৰ সুৰে সুৰে অৰণ্যয়ো কান্দে
ৰাতিও বাঁহী বাই
মঞ্চ ৰাধাবিৰহত কঁপায়...
পৃথিৱীৰ জনঅৰণ্যক
লুইতৰ প্লাৱন সজায়...
যি সুৰে ভাৰতৰ আকাশ
মহাদেশৰ আকাশ
পৃথিৱীৰ আকাশ কম্পিত কৰি
হাতীপটিৰ কোঁহেকোঁহে জীণ যায়...
——————————
জ্বলি জ্বলি শেষ নোহোৱা এটি গান
গীতাঞ্জলি বৰকটকী
জ্বলি আছে
জ্বলি আছে/জ্বলি আছে
দিনবোৰ জ্বলি আছে
ৰাতিবোৰ জ্বলি আছে
চন্দন কাঠৰ মাজত
এটি হৃদয় কপোঁৱা গান এটি জ্বলি আছে
আকাশ জ্বলিছে
বতাহ জ্বলি আছে
পানী জ্বলি আছে
আৰ্ত হিয়াবোৰ জ্বলি আছে
চকু মেলা⁄ চুকু মেলা/ উঠা তুমি উঠা
সাৰ পোৱা /সাৰ পোৱা / উঠা তুমি উঠা
কিয় তুমি শুই আছা
কিয় তুমি শুই আছা
উঠা তুমি উঠা
হে জগ্ৰত প্ৰহৰী
হে জ্বলন্ত অগ্নিপিণ্ড
পুনৰ এবাৰ সাৰ পোৱা
পুনৰ এবাৰ গীত জোৰা
মূৰ তোলা চকু মেলা
আমালৈ চোৱা
সাৰে আছে দেশ
সাৰে আছে প্ৰজা
সাৰ পোৱা
সাগৰ তলিত শুৱলৈ
কিয়নো ইমান লৰালৰি কৰিলা
পথাৰেও উচুপে
নদীয়েও উচুপে
বতাহেও উচুকিছে চোৱা
পুনৰ আহা তুমি
পুনৰ আহি জনম লোৱা
অসম ভূমিক ধন্য কৰা
জুবিন জুবিন জুবিন
তুমিয়েই আমাৰ প্ৰাণ
তুমিয়েই আমাৰ ত্ৰাণ
তুমিয়েই আমাৰ ভগৱান
পুনৰ এবাৰ আহা
আমাৰ মাজলৈ
হে সৰ্বহাৰৰ গান
হে জনতাৰ প্ৰাণ
যাযাবৰী তুমি নোহোৱা ক্লান্ত
তেনে কিয় আজি তুমি
সাগৰত হৈ পৰিলা শ্ৰান্ত-ক্লান্ত
জাগা আজি জাগা
এবাৰ পুনৰ মাতা
দুচকু তুলি চোৱা
উফণ্ডি উঠক সাগৰ
আহক প্ৰবল বৃষ্টি
ধুমুহা গৰ্জনে আনক তাণ্ডৱ
তোমাৰ নৱ নৱ সৃষ্টিৰ
জুবিন জুবিন জুবিন
প্ৰাণৰো প্ৰাণ তুমি
গানৰো গান তুমি
সুৰৰো সুৰ তুমি
উঠা গিটাৰখন হাতত
তুলি লোৱা
হাৰমনিয়ামত আঙুলি বুলাই
মায়াবিনী ৰাতিৰ বুকুত
পুনৰ গোৱাচোন গোৱা
ড্ৰামচেডত লহৰ তুলি
গোৱাচোন গোৱা
মায়া মাথো মায়া
জুবিন সৌৱা চোৱা
তোমাৰ ৰেম্বয়ে একোকে নোখোৱা হ’ল
তুমি জানো দেখা নাই
শুনা নাই অজস্ৰ জনগণৰ প্ৰাৰ্থনা
তেনে নুঠা কিয় তুমি
উঠা উঠা উঠা
সাৰ পোৱা সাৰ পোৱা
আমালৈ চকু মেলি এবাৰ চোৱা
চোৱা চোৱা
তোমাৰ দুখত ভৰুণ পথাৰখনি
গানৰ দেৱতাজন নাই দেখোন আজি
“মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি“
শুনাবলৈ আজি
নাঙলৰ শিৰলুৱে কৰ্ষণত
পৃথিৱীয়ে লিখি থব তোমাৰ নাম
অনাদি অনন্ত কাললৈ
অ’ লুইতকন্ঠ
চোৱাচোন এবাৰ চকু মেলি
তোমাৰ অবৰ্তমানত
বিশ্ব আজি নিমাত নিতাল
ধোঁৱা উৰি আছে
উৰি আছে উৰি আছে
জুই জ্বলি আছে জ্বলি আছে জ্বলি আছে
বলধৰ গৰুহালো ঘাঁহ নোখোৱা হ’ল
পশু-পক্ষী গণে কৰে হাহাকাৰ
জানো জানো জানো মই
এই গানৰ শেষ নহয় কাহানিও
হাবিৰ বান্দৰটিয়েও আহি সাৱটিছে তোমাক
সাত ঘোঁৰাই চকুলো টুকিছে
আকাশখনেও সৰুসজাইত হিয়া ধাকুৰি কান্দিছে
উঠা জুবিন উঠা
উঠা,জাগা,সাৰ পোৱা
তুৰা চহৰে হাতবাউলি মাতিছে
চিংৰা,তামুলপুৰ,যোৰহাটৰ কটোৱা
শৈশৱ-কৈশোৰ কালে সকলোকে
আমনি কৰিছে ৷
যোৰহাটৰ অলি গলিত
স্প’টৰ্ছ চাইকেলত উঠি
গীতাৰখন হাতত লৈ
মূৰত জাপিটি লৈ
সুৰ তোলা
লগৰ লগৰীয়াসৱে
তোমাক বিচাৰি চলাথ কৰিছে
হাতীমূৰা কমাৰকুছিত চন্দন কাঠত
ঘিউ ঢালিছে
পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰিছে
জনস্ৰোতৰ ধল বৈ আহিছে
সকলোৱে শ্ৰদ্ধাৰ্ঘ নিবেদিছে
চিৰনিদ্ৰাত তুমি
এয়াতো নহয় তুমি
উঠা ,জাগা , সাৰ পোৱা
জুবিন
তুমি যে তৰোৱাল
দুষ্কৃতিক নাশি কৰাহি সংস্কৃতিৰ প্ৰসাৰ
সীমাৰ পৰিধি ভাঙি
এক অবিনশ্বৰ শিল্পী সত্তা তুমি
অবিস্মৰণীয় কৰ্মৰে
বিৰল শিল্পী সত্তালৈ কৰিলা ৰূপান্তৰিত
অ’ আমাৰ হিয়াৰ আমঠু জুবিন
তুমি আমাৰ নয়নৰ মণি
বুকুৰ কুটুম তুমি
সমস্বৰে আজি অসম মাতৃয়ে চিঞৰিছে
জুবিন অমৰ
জুবিন অমৰ
জুবিন অমৰ।
———————————
মায়াবী
অংকুৰ দাস
সাগৰৰ বুকুৰ পৰা আহি
এটা কাঁচৰ বাকচত সোমালহি তেওঁ
আৰু গুচি গ'ল জুইৰ ওপৰেৰে
এতিয়া নেদেখা হ'ল
চকুলোৰে ভৰপূৰ
হৃদয় দগ্ধ কণ্ঠ ৰুদ্ধ আমাৰ
আশে পাশে সোঁৱে বাঁৱে অন্তৰে বাহিৰে
শিৰাই শিৰাই গানে গানে প্ৰাণে প্ৰাণে তেওঁ
ইউকেলিপটাচৰ দৰে ওখ
কাঞ্চনজংঘাৰ দৰে বিশাল হ'ব খোজা মানুহজন
অকালতে সৃষ্টিৰ বেহানি সামৰি আজৰি হ'ল
যেন ভৰ দুপৰতে গধূলি আহিল
আকাশত জিলিকিল পপীয়া ত'ৰা
শীত নাহোতেই গছবোৰ লঠঙা হ'ল
এতিয়া কি সতে আমি গাওঁ
আহিনতে ফাগুনৰ গান।
———————————
কুশলে থাকিবা
দিপাংকৰ শইকীয়া
অচিনা দেশত আছিলা তুমি
দূৰণিত আছিলে কোনোবা যে ৰৈ
আকাশী ৰথেৰে আহি নামিলা
তুমি মৰমৰ জনমভূমিত।
সোণ ৰূপেৰেও জুখি চাব নোৱাৰি
এয়া অকমাণি আমাৰে পৃথিৱী
লক্ষ লক্ষ জনগণে আদৰি
আনিলে বোৱাই অশ্রুঞ্জলি।
মনলে উভতি আহে ল'ৰালি গান শুনি
তোৰে মোৰে এটি এটি ধেমালি
মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি
দিবলৈ বিলাই আনক পোহৰ দহনৰ জ্বালা নিজে সহি।
অন্ধ আকাশ ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক
বান্ধৈ ঐ কিনো কম তহঁতক
মেৰিয়াই মেৰিয়াই বান্ধিলে আহি তেওঁ
পিৰীতিৰ পঘাৰে মোক।
সোণেৰে সজোৱা পজা জহি খহি যায়
কোনে আহি সাজিবহি পাৰিব দুনাই,
কিনো তই বিচাৰি আজি কিনো পালি
বুজিবলে আছেনো কোন?
যাকেই আপোন বুলি ল'লি আকোঁৱালি
সিয়েই পলাই ফুৰিলচোন।
ককাই ঐ দিহিঙৰ গৰা জহিছে খহিছে
আঁতৰৰ পৰাই দেখাই দেখিছে
নিলিখোঁ নিলিখোঁ নামটি ঐ কাগজত
তোমাৰেই ছবিটি ৰাখিছো মই ভিতৰত।
মৰম-চেনেহ তেনেই বাখৰ
নীলিম তোমাৰ চকুৰ বাখৰ
নিৰিবিলি গধুলি তুমি আহি ৰ'লাহি
মনে মনে কথাটি তুমি আহি ক'বাহি।
আজিও যে নুবুজোঁ একোকে
উন্মনা মনে মাথোঁ তোমাকে বিচাৰে।
ফুলেৰে সজালোঁ, গানেৰে মাতিলোঁ
জোনাকে কাণে কাণে আহি ক'লে
নিবিড় অবুজ ভাষাৰে
অলপ শান্তি দিয়া, অলপ মুক্তি দিয়া
অলপ জিৰণি দিয়া, সপোন চুব দিয়া।
কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
মায়াবিনী ৰাতিৰ বুকুত সুৰটোৱে
বাৰে বাৰে মোৰ মন জাগে।
মৰমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি
ককাই ঐ পুনৰ লগ পাম কেতিয়াবা
থাকিবা কুশলে
কুশলে থাকিবা...।
———————————
হিয়াৰ আমঠু
ৰূপা ৰাণী দেৱী
অমানিশা সাৰে আছে
আৰু সাৰে আছে হিয়াৰ আমঠু ৷
এইহেন শাৰদী ৰাতি!
শেৱালিৰ সুগন্ধ পোৱা নাই
আজি দেখোন আকাশখন হঠাৎ
কলা ডাৱৰে আৱৰি আহিল ৷
খবৰ আহিল তুমি আৰু নাই।
আকাশ চুবলৈ মনযোৱা
কাঞ্চনজংঘা জুবিন নাই ?
সাগৰ তলিত শুবলৈ মন গৈ
সাগৰতে বিশ্ৰাম ল’লে ৷
অহাৰ বাটেৰেই তোমাৰ
চৰণ ধ্বনি ,বাটে বাটে ফুল চতিয়াই
সুৰৰ ধ্বনিৰে মোহাছন্ন কৰি
তুমি গুচি গ’লা !
তোমাতেই বিৰাজিত নটৰাজ
হে মহান শিল্পী , তুমি মহান !
তুমি বিহীন অসমৰ যন্ত্ৰণা !
নিদ্ৰাবিহীন ৰাতি নেযায় নুপুৱায়
অবিশাস্য হ’লেও ,এয়াইযে চিৰন্তন ৷
জুবিন গাৰ্গ আৰু নাই ৷
তুমি অবিহনে , পূজাৰ মণ্ডপ , বিহুতলী
আধৰুৱা হৈ ৰ’ল , আধৰুৱা হ’ল অসম মাতৃ ৷
——————————
তুমি আছা
ৰমেশ চন্দ্ৰ ৰায়
তুমি কৰবাত আছা
তৰা এটি হৈ
জোনাক হৈ
সূৰ্য হৈ
বৰষুণ এটোপাল হৈ
বতাহ হৈ
নিয়ৰ হৈ
উমান যে পাওঁ
প্ৰতিনিয়ত
তুমি আছা
সাহস হৈ
সিংহ-গৰ্জন হৈ
অগণিত জনৰ ঐক্য-কণ্ঠ হৈ
গীত হৈ
সুৰ হৈ
প্ৰতিধ্বনি হৈ
হৃদয়ত যে ধ্বনিত হয়
প্ৰতিটো পল
তুমি আছা
তুমি আছা
তুমি আছা
হে হিয়াৰ আমঠু জুবিন
——————————
দু:সময়ৰ দিনলিপি
গণেশ বৰ্মন
১৯ ছেপ্টেম্বৰ
হঠাতেই এজাক ধুমুহা
নীড়হাৰা চৰাইৰ দৰে
আমি হ'লোঁ দিশহাৰা
২০ ছেপ্টেম্বৰ
বিশ্বাস কৰিব নোৱাৰা খবৰটোত
মৃয়মান সকলো
আকাশে-বতাহে উচুপনিৰ ৰোল
তুমি জানো এনেকৈ গুচি যাব পাৰা ?
২১ ছেপ্টেম্বৰ
দু:সংবাদত জৰ্জৰিত সময়
মৃত্যু জানো ইমানেই সহজ ?
তোমাক অতল-তলীলৈ পঠিয়াই
ঘাতক ৰঙত মছগুল
অসমী আই শোকত ব্যাকুল
২২ ছেপ্টেম্বৰ
চৌদিশে মানুহ আৰু মানুহ
সকলো বাধা নেওচি
আহিছে ওলাই
নিথৰ দেহাটো চাই
বোৱাইছে চকুলোৰ নৈ
২৩ ছেপ্টেম্বৰ
বিষাদ-গধূৰ বিদায়
ধৰাৰ মায়া এৰি তুমি
আকাশ-বতাহ , মাটি-পানী
আৰু শূন্যত হ'লা বিলীন
জুবিন
তোমাৰ স্মৃতি সাবটি
আমি ৰ'লোঁ মাথোঁ
কেঁচা হুমুনিয়াহ লৈ।
—————————
আকাশে গাতে ল'বৰে মন
সাগৰ তলিত শুবৰে মন
প্ৰাঞ্জল কুমাৰ দাস
খবৰ আহিছিল
খবৰ আহিছিল
হঠাৎ আকাশৰ কোনোবাখিনিত
অস্পষ্ট হৈ আহিছিল জোনটো
অদৃশ্য হৈছিল তৰাবোৰ
বাজি উঠিছিল গান
ধুমুহাৰ গান
বহু যুগৰে নাচোন
শেষ বুলি ক'লেই
শেষ নহয় সময় শেষ নহয় সকলো
শেষ বুলি ক'লেই শেষ নহয় অস্তিত্ব
শেষ বুলি ক'লেই শেষ নহয়-
ৰঙা চকুৰ ভয়ত
তেজ ওলোৱাৰ ভয়ত
বুকুৰ আমৰণ প্ৰতিবাদ
জয় জুবিন দা
জয় জুবিন দা ...
গানৰ ধুমুহা
তেজৰ জ্বলন্ত জুই এতিয়া
বৈ যোৱা সাগৰ
পাৰাপাৰহীন
বাকৰূদ্ধ বাকৰূদ্ধ
জ্বলি আছে
জ্বলি জ্বলি ৰৈ যোৱা আৱেগ
ৰৈ যোৱা ক্ষোভ
আকৌ এটা গান
সাগৰে এৰি দিছিল আকাশত
আকাশে উৰুৱাইছিল বতাহে বতাহে
জনতাৰ অন্তৰে অন্তৰে
অবিৰত
অবিৰাম
এইকাৰণেই নেকি
যে তেওঁ সাগৰ ভাল পাইছিল
সাগৰতলিত শুব বিচাৰিছিল
ক্ৰমাৎ মানুহৰ বুকুৰ পৰা
ফেচবুকৰ পথাৰলৈ
হোৱাটচ এপৰ পৃথিৱীলৈ
শব্দবোৰ-
প্ৰাণভৰি শিপাইছে বাঢ়িছে
আৰু ওখ হৈ গৈ আছে ধুমুহা
যেন হাহাকাৰৰ
কবিতাৰ দৰেই বুকু খান্দিছিল
গানৰ দৰেই সুৰে সুৰে
ওঁঠে ওঁঠে কঁপিছিল ওঁঠ
সাগৰ
আকাশ
জনতা
বুকু
ক'ত নাছিল আৱেগ
ক'ত নাছিল ধুমুহা
বুকুৰ চিঞৰ
বুকুৰ যন্ত্ৰণা
কেৱল বাজিছিল গান
বাজিছিল চকুলো
জনতাৰ ক্ৰন্দন
বুকুৰ খেদ
অবিৰত
অবিৰত
আকাশে গাতে ল'বৰে মন
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন।
———————————
তোমাৰ গীতৰ কথাৰে ...
ৰবিন কুমাৰ চেতিয়া
চৌপাশে আজি গুঞ্জৰিত মাথো
তোমাৰেই গান
"মায়াবিনী ৰাতিৰ বুকুত"
সকলোৱে বিচাৰি ফুৰিছে তোমাক
তুমি গোৱাৰ দৰেই
"আঁতৰি আঁতৰি থাকিলেও তুমি"
মনৰ পৰা দলিয়াই দিব নোৱাৰো
তুমি কোৱাৰ দৰেই
"মন গ'লে তোমাৰ কাষলে''
"শিকলি ছিঙি"কোনোবা এদিন
অকলে গুচি যাবও নোৱাৰো
হাঁহিলে এতিয়া ছাগে
মুকুতামণি নসৰে কোনো অনামিকাৰ
"পাখি পাখি এই মন" বুলি ক'লেও
সকলোৱে চিঞৰিছে আজি
সমস্বৰে
"এন্ধাৰ হব নোৱাৰো"
তুমি যে কৈছিলা
"মই শুব পৰা নাই অ' মা
বুকুখন বিষাইছে অ' মা"
তুমি কিজানি মিছাকৈয়ে কৈছিলা সিদিনা
য'তেই আছা তাৰে পৰাই তুমি চোৱা
এতিয়া শুব পৰা নাই আমি
এতিয়া জী থাকিব পৰা নাই আমি
"জোনাক গলা জাৰৰ নিশা"
স্হিৰ হৈ থাকিব পৰা নাই
তুমি ভালপোৱা প্ৰকৃতি
কোনোদিন মোক নুসুধিবা তুমি
"মোৰ কথাই আমনি কৰেনে" বুলি
"গানে কি আনে" নাজানিলেও জানি থবা
তুমি আহিলেই একেলগে গাম
"মনলে' উভতি আহে ল'ৰালি"
বহ্নিমান লুইতৰ দেশৰ সূৰ্য আছিলা তুমি
"ঘেণ্টা কাকো খাতিৰ নকৰো" বুলি
সকলোকে ক'ব পৰা জন আছিলা তুমি
জাতি নথকা ধৰ্ম নথকা
কাঞ্চনজংঘাৰ দৰে মুক্ত হৈ থকা
সিংহ পুৰুষ জনেই আছিলা কেৱল
তুমি-তুমি-তুমি
তুমি ভাবিছিলা যি- কৰিছিলা সি
তুমি কৈছিলা যি-হৈছিল সি
"সাগৰতলিত শুবৰ মন" আছিল তোমাৰ
বাঁহীৰ সুৰৰ আঁচল ধৰি
বহুদূৰ গুচি যোৱাৰ হেঁপাহ আছিল
এইবাৰ ব'হাগত
কাৰ ওঁঠত ফুলিব "ঐ নাহৰ"
বোকা পানী খচকি
কোনে জঁপিয়াব বিহুৰ বাকৰিত
তুমি আহিবা বুলিয়েই কিজানি
দুপৰ নিশালৈ ৰৈ থাকিব
তোমাৰ অগণন প্ৰেমিক প্ৰেমিকা
মূৰত টুপী,গামোচাৰ পাগুৰি
গাত ফুটুকা-ফুটুকি চোলা
দুটা ভৰিত দুটা ৰঙৰ জোতা পিন্ধি
তুমি আহিবা
"ভাল লাগে মোৰ তোমাৰ কথাবোৰ" বুলি
"ৰঙীন ৰঙীন সেন্দুৰে"
তুমি আহি আঁকিবাহি ৰামধেনুৰ ছবি
"হঠাতেই হেৰাল কেনিনো মোৰ " বুলি
জনগনে আজি " ৰৈ ৰৈ বিনালে"
"তুমি মোৰ মাথো মোৰ" বুলি
"জোনাকে কাণে কাণে আহি ক'লে"
"জানিলো জানিলো যে মই"
"মিঠা মিঠা কথাৰে" "চিলা" উৰুৱাই
"ৰুণজুণ নুপূৰে মাতে"
"আহে বা নাহে ঘুমতি"
সপোনক লৈ তুমি আহিবা
প্ৰতিটো ৰাতি
"মৃত্যু এতিয়া সহজ" বুলি জানিও
"বিচাৰিছো কাষৰতে সদায়ে তোমাক"
তুমি কাষত থকালৈকে
"মনৰ নিজানত জোনাক আছিলে"
তুমি নোহোৱাৰ বাবেই
"মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে"
সেই কথা ও এতিয়া ভালকৈয়ে
"জানো জানো মই ও জানো"
উত্তৰপুৰুষে সুধিলে কেতিয়াবা ক'ম
তোমাৰ ৰাজকীয় কাহিনী
বুকু উজাৰি সকলোকে দেখুৱাম
হৃদয়ৰ কোঁহে কোঁহে বৈ থকা
মানুহক ভালপোৱা
মানুহে ভালপোৱা
"পাখি মেলি দিয়া" তোমাৰ "অনুৰাধা"ৰ
নাভাগৰা স্বোতস্বিনী
"মন যায়, মন যায়"
"দুপৰৰ মোহনাত বেলিটো" লুকাই
তোমাৰ সুৰতে আজি
হিয়া উজাৰি গাবলৈ মোৰো মন যায়-
"তুমি চুলেই যে বসন্ত
ধুমুহা ও যে অশান্ত
তোমাৰ মাজতে দিগন্ত
সৃষ্টিৰ অপৰূপ অনন্ত "...
——————————
আই এম লিজেণ্ড
ইভা গন্ধীয়া ফুকন
আজি বিৰাট এটা শূন্যতা
মানুহৰ মাজত থাকি ভালপোৱা মহনায়কৰ মহাপ্ৰয়াণ
মৃত্যুও যদি হয় শিল্প
সেই শিল্পতে বিচাৰোঁ তোমাক
গানৰ দৰে মৃত্যুও সহজ বুলি ভাবিলা
বিশাল সাগৰে বুজিব নোৱাৰিলে তোমাৰ বিশালতা
বিশ্বৰ চতুৰ্থ শেষ যাত্ৰাৰ সমদল লৈ
তুমি ৰোৱা চন্দন গছৰ ডালেৰে সজোৱা
চন্দন কাঠৰ চিতাত উঠি
আৰক্ষীৰ চালামি তোপধ্বনিৰ মাজত
মঙ্গল মন্ত্ৰোচ্ছাৰণত
ধোৱা হৈ বিলীন হ'লা পঞ্চভূতত
অপলক নেত্ৰে চাই ৰৈ থাকিল অগণন অনুৰাগী
চিৰ জ্যোতিষ্মান তুমি জুবিন গাৰ্গ
তুমি কোৱাৰ দৰে
তুমি খুওৱা নিজে কম্ খোৱা
সঁচাই তুমি "লিজেণ্ড "
"মায়াবিনীৰ ৰাতিৰ বুকুত ----"
তোমাক বিচাৰি আছে ৰৈ অনুৰাগী
তুমি গাবলৈ কোৱা গানটোকে
বাজি আছে আজি অসমত
তোমাৰ শেষকৃত সমাপন হ'ল
ধন্য হ'ল সোণাপুৰৰ কুমাৰকুছি বাসী
তাতে থাকিব জিলিকি তোমাৰ সমাধি সৌধটি।
—————————
তুমি যোৱাৰ পিছত
ডাঃ মৃন্ময় কুমাৰ নাথ
"মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
এক নিৰ্লোভ ভাস্কৰ্য"
সঁচাকৈয়ে মৃত্যু এটা শিল্প হয় নে
তোমাৰ মৃত্যুৰ খবৰটো শুনাৰ পিছত আজি আকৌ
সেই প্ৰশ্নটোৱে বাৰে বাৰে খুন্দিয়াই আছে
যি মৃত্যুৱে এগৰাকী নাৰীৰ শিৰৰ সেন্দুৰ মচি জীৱনটো থান বান কৰি দিয়ে
যি মৃত্যুৱে সমস্ত দেশখনক কন্দুৱাই থাকে
যি মৃত্যুৱে গোটেই জাতিটোক স্তব্ধ কৰি ৰাখে
যি মৃত্যুৱে সমাজ খনকে বাকৰুদ্ধ কৰে
সেই মৃত্যু শিল্প হব পাৰে নে
পাৰে নে হব এক নিৰ্লোভ ভাস্কৰ্য
তোমাৰ মৃত্যু মানেতো কাহানিও উভতি নহাৰ প্ৰতিশ্ৰুতি
লক্ষ লক্ষ হিয়াৰ বিচ্ছেদৰ কান্দোন
পাই হেৰুৱাৰ অবৰ্ণনীয় বেদনা
তোমাৰ অনুপস্থিতিৰ দুৰ্বিবহ যন্ত্ৰণা
তেন্তে এই মৃত্যু শিল্প হয় কেনেকৈ?
আজিৰ পৰা এটা প্ৰতিজ্ঞা শেষ হ'ল
আজিৰ পৰা এটা প্ৰতিশ্ৰুতি ভাঙি গ'ল
আজিৰ পৰা এটা প্ৰতিবাদী কণ্ঠ মৌন হ'ল
আজিৰ পৰা প্ৰেৰণাৰ চাকি গচি নুমাই গ'ল
ধুমুহাৰ সতে নাচিবলৈ সেই উদ্দাত্ত কণ্ঠ কাহানিও আৰু
উভতি নাহে
নাহে, কৃষ্টিৰ পথাৰত
ন ন কঠিয়া সিচিবলৈ সেই খেয়ালী মনৰ মানুহ জন।
আমাৰ বাবে এতিয়া আৰু
সপোন বুলিবলৈ একো নাই
প্ৰতি অসমীয়াৰ দুচকুত আজি
হেজাৰ উজাগৰী নিশা
----------------------
পাতলীয়াকৈ এন্ধাৰ নামিলে
ড° আদিল আলী
ভৰা বসন্তৰ
কুলি জনীৰ
বাঃ, কি মিঠা মাত!
শুনিলেই মনৰ
বিষাদ আঁতৰি যায়
যেনেদৰে জুবিনৰ
গীতত ভাঁহি যায়
বসন্ত ফুলৰ ৰাগ
কেতেকীৰ সুবাস
মোৰ দুখখিনি
কোঁচত ভৰাই
দৌৰ দিও
চিনাকি নৈৰ পাৰলৈ
মনৰ নিজানত
গুণগুণাবলৈ
তোমাৰ সুৰীয়া দৰদী গীতৰ
আকুলতা ভৰা প্ৰীতিৰ ছন্দ
পাতলীয়াকৈ এন্ধাৰ নামিলে
জোনাকে বাই
তোমাৰ গীতৰ ডিঙা
আকাশ ভাঙি নামে
তেওঁৰ বুকুৰ বিশাল হেঁপাহ
মানুহৰ মাজত থাকি
মাটি-মানুহৰ গীত
গোৱাৰ অফুৰন্ত হাবিয়াস
আকাশৰ দৰে অসীম বিশাল হৈ
বিয়পি পৰে
অনন্ত শূন্যলৈ
তোমাৰ মানৱ প্ৰেমৰ গৰিমা
ভাঙি-ছিঙি
লৈ যায়
নিঃসঙ্গতাৰ গোমা
আকাশৰ মায়া
সেউজীয়া বিচাৰি ফুৰা
তোমাৰ মনৰ ভাষাত
ফুটি উঠিছিল
গোলাপী মৰমৰ হেঁপাহ
আজি
শোকাচ্ছন্ন
মোৰ হিয়া
শেহাই-ফোপাই
শেৱালিয়ে দূৱৰি বনত বিনায়!
মোৰ মনৰ ফুলনিত
সিঁচি ৰাখিছো
তোমাৰ শোক-গীতিৰ
অমৰ জীৱন গাথা।
—————————
জুবিন
কবিতা শৰ্মা
এটা সুৰৰ ঝংকাৰ
এটা অতুলনীয় কন্ঠৰ নাম
জুবিন
অসমীয়াৰ আবেগ
অসমীয়াৰ সাহস
আৰু
প্ৰতিবাদৰ নাম জুবিন৷
বিতৰ্কৰ নাম জুবিন,
দুঃসাহসৰ উদাহৰন জুবিন
খাম খেয়ালীৰ নাম জুবিন
শিশুসুলভ কোমলতাৰ নাম জুবিন৷
অগ্নিপিন্ড যেন বিক্ষোভৰ নাম জুবিন৷
ডেকা বুঢ়াৰ হৃদয়ৰ পোৱালমনি জুবিন৷
কালৈকো পৰোৱা নকৰা,
নেতাগিৰিক পাত্তা নিদিয়া
বেপেৰোৱাকৈ কথা কব পৰা
ধুমুহাৰ সৈতে চিনাকি থকা ;
অ’ মোৰ প্ৰিয় ভাতৃ---
সাগৰ তলি চুব খোজা মনেৰে
বিলীন হৈ গলি
আমাৰ হিয়া ছাৰখাৰ কৰি৷
বাকৰুদ্ধ সময়
ক্ৰন্দনৰত অসম বাসী
নিঃশব্দ গধুলি ৷
শাৰী শাৰীকৈ জ্বলিছে চাকি
ধুপ ধুপাৰ সুগন্ধ লৈ
তই আছ হৈ
ফটোফ্ৰেমত বন্দী৷
হাজাৰজনৰ উচুপনিত
তই সদায় হৈ ৰবি
“আমাৰ জুবিন"।
——————————
হাৰ্টথ্ৰ'ব
তোমালৈ বুলি...
অঞ্জলী বৰদলৈ
কি লিখিম তোমাৰ প্ৰয়াণত
অভাৱগ্ৰস্ত আমি
এক বিশাল শূন্যতা
সংগীত জগতৰ এক অপূৰণীয় ক্ষতি
তুমি কল্লোল
হিয়াৰ আমঠু তুমি
সঁচা অৰ্থত তুমি গল্ডি
জুবিন মানেই আবেগ
জুবিন মানেই দুখীয়াৰ বন্ধু
জুবিন মানেই এক মিঠা অনুভূতি
সংগীত-আকাশৰ
এক উজ্জ্বল জ্যোতিষ্ক তুমি
মৃত্যুৰ পাছতো তোমাৰ গীতে
চৌদিশ ৰাখিব পোহৰাই
তোমাৰ গুণমুগ্ধসকল আজি
ভাঙি পৰিছে কান্দোনত
অসম আজি স্তব্ধ
সকলো যেন বাকৰুদ্ধ
তুমি কৈছিলা
তোমাৰ কোনো জাতি নাই
নাই কোনো তোমাৰ ধৰ্ম
শোকবদ্ধ আজি সকলো সঁচাই
জনপ্ৰিয় শিল্পী তুমি
হৃদয়ৰ স্পন্দন সকলোৰে
গুঞ্জৰিত হ'ব হৃদয়ে হৃদয়ে
তোমাৰে গান, সুৰ তোমাৰে
তুমি এজন প্ৰকৃতি প্ৰেমী
তুমি এক সম্পূৰ্ণ অনুষ্ঠান
বদান্য তুমি
এক সত্তা জুবিন
তোমাৰ জন্ম যিদৰে
অসমৰ বাবে আশীৰ্বাদ
বিপুলজন সমাবেশেৰে
মৃত্যুৱেও ৰচিলে এক ইতিহাস।
———————————
মহানায়ক:জুবিনদা
নাচিমা য়াচমিন
হে মহানায়ক,
কিনো লিখিম আপোনাৰ বিষয়ে,
লিখিবলৈ বিচাৰিলে
সহস্ৰ পৃষ্ঠায়ো কম পৰে;
কিন্তু লিখিবলৈ আৰম্ভ কৰিলেই
শব্দবোৰে অশ্ৰু হৈ নিগৰে।
আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে
সকলোৱেই আহি একগোট হৈছে;
আপুনি চোন এদিন এইখন
অসম গঢ়াৰেই সপোন দেখিছিলে।
কেনেকৈ মানি লও এই কঠোৰ সত্য
ভাষাহীন আজি অসমবাসী;
কিয় গুচি গ'ল আপুনি শূণ্যতা এৰি
এইখন ধৰাক পৰ কৰি,,?
এখন সাগৰে উটুৱাই নি
অসমত বিশাল সাগৰৰ সৃষ্টি কৰিলে;
আপুনি তো গুচি গ'ল গোপনে
কিন্তু গোটেই অসমবাসীৰ যেন
প্ৰাণবায়ু বিলাকো লগতেই নিলে।
আশা কৰিছোঁ,
নহয়, এইয়া আমাৰ দাবী বুলিয়েই কম —
আপুনি আকৌ উভতিবই লাগিব
আপোনাৰ সোণৰ অসমৰ বুকুত,
আপোনাৰ অসম , আপোনাৰ অনুৰাগী
সদায় অপেক্ষাৰত।
———————————
হে মহা নায়ক
গীতাঞ্জলি বৰ্মন ডেকা
হে মহা নায়ক
ভবাই নাছিলোঁ...
এদিন এনেকৈ ... আহিবা বুলি
হে হিয়াৰ আমঠু
কিয় গ'লাগৈ অসম এৰি...?
আকাশে কান্দিছে
বতাহে কান্দিছে
কান্দিছে বিনন্দীয়া প্ৰকৃতি
আৰু কান্দিছে
মায়াবিনী ৰাতি...!
হেজাৰ শ্ৰোতাৰ
অহৰহ বিননি
তুমি শুনা নাই নেকি ?
উঠা উঠা উঠা ভাই
কোৱা কোৱা
মাথো এবাৰ কোৱা
'অসমৰ সন্তান অসমলৈ ঘূৰি আহিছোঁ বুলি'
হে অগ্ৰজ...
অসম আজি বাকৰূদ্ধ
অসমৰ আজি হেজাৰ প্ৰশ্ন!
সাগৰৰ দৰে মানুহজন
কিয় সাগৰতে হ'ল শেষ নিশ্বাস!
হে মহা নায়ক...
ৰ'দ হৈ আহিবা
শুভ্ৰ কাননত নানা ৰঙৰ
ফুল হৈ ফুলিবা আৰু
অনুৰাগীৰ হৃদয়ে হৃদয়ে চিৰদিনলৈ
নিৰ্মল আকাশত ধ্ৰুৱ তৰাটি হৈ
জিলিকি থাকিবা
জিলিকি থাকিবা!
হে হৃদয়ৰ ভাই
নোৱাৰোঁ দেখোন
বিদায় বুলি লিখিবলৈ
নোৱাৰোঁ দেখোন
নাই বুলি ক'বলৈ!
ভাবিছে আজি সকলোৱে
চিৰদিন চিৰকাললৈ
অসমৰ বুকুত
অনন্য ভাবে
হৃদয়ৰ ভাই
"জুবিন"
তোমাক জীয়াই ৰাখিবলৈ
তোমাক জীয়াই ৰাখিবলৈ
তোমাক জীয়াই ৰাখিবলৈ...!
———————————
খালি পকেটৰ ব্যক্তি তুমি
অথচ ইমান ধনী
আশা কাকতি দাস
কোন কিমান ধনী
সেয়াটো শৱ যাত্ৰাহে
ওলাই পৰে
তুমিও যে ইমান ধনী তাক
আজি কোনেও নুই কৰিব নোৱাৰে
মোৰ কোন জাতি নাই
মোৰ কোনো ধৰ্ম নাই
এই মহান বাক্যশাৰীয়ে
লাখ লাখ মানুহক
একত্ৰিত কৰিলা তুমি
তোমাৰ মৃত্যুই
কোন হিন্দু কোন মুচলমান
কোন শিখ কোন খৃষ্টান
একেদাল ডোলত বান্ধ খালে সকলো আজি
কি যে শকতি তোমাৰ
বিশাল জনগনৰ মাজত
নিৰৱে শুই তুমি গৈ আছা
ৰজাৰ দৰে৷
ব্ৰাহ্মণ পুত্ৰ হৈও
লগুন চিঙিলা
কিন্তু জ্যোতিষিৰ দৰে
আগতেই জানিলা
তোমাৰ মৃত্যুত সকলোতে কচুপানী নিগৰাব৷
আকাশেও শীতলতা ধালি দিব৷
সকলো ফালে মাথোঁ চকুপানী থাকিব
ৰজাৰ দৰে তুমি মনে মনে ৰবা
গৰিমাও নিচুকাব
কপিলে থৰকবৰক খোজেৰে তোমাৰ কীৰ্তন কৰিব৷
উঠি মাত দিয়া মাত দিয়া বুলি
অনুৰাগীয়ে চিঞৰিব
তুমি নীৰবে সকলো জানিবা
কিন্তু উঠি আহি নোকোৱা
ঘেন্টা মই কাকো খাতিৰ নকৰো বুলি৷
লাখ লাখ অনুৰাগীৰ তুমি
ভগৱান হৈছিলা আৰু চিৰকাল হৈ থাকিবা৷
তোমাৰ সৃষ্টিক।
——————————
হাৰ্টথ্ৰব
অপৰূপা দত্ত
তুমি শিল্পী
তুমি হাৰ্টথ্ৰব
তুমি তাৰকা
তোমাৰ সংগীত সাগৰৰ উত্তাল তৰংগত
সহস্ৰ জন বলিয়া
তোমাৰ কণ্ঠেৰে বৈ অহা
সুৰৰ বৰষুণজাকে
অনুৰাগীৰ মণ প্ৰাণ বাৰুকৈয়ে ধুই নিছিল
তুমি যেন আকাশৰ এটুকুৰা নীলা মেঘ
তোমাৰ সুৰত মাদল বাজিছিল,
আৰু তাৰ তালে তালে
মনৰ নাটঘৰত মধু চন্দ্ৰিকা হৈ
উদ্মাদ নৃত্য কৰিছিল
হাজাৰ জনতাই
সকলোকে মেৰিয়াই ৰাখিছিলা
তুমি নিগৰুৱা সুৰৰ জালে
উল্লাসিত মোৰ মনে
তোমাৰ মৃত্যক আজি মানি ল'ব নুখুজে ,
বাৰে বাৰে তোমাকে বিচাৰে
বাৰে বাৰে শুনো
হৃদয়ত ভাঁহি আহে
"মোৰ মনৰ কল্পনাত
জেতুকা হোৱানা..."
অস্ কি যে লিৰিক্স
সচাকৈ পাগল কৰি দিয়ে
মন প্ৰাণ বাৰুকৈ চুৱে
তোমাৰ সুৰতেই সুৰ মিলাই আজিও মই গাওঁ
"অ' মা গান এটি গোৱানা..."
আৰে
মা' চোন নায়েই ,
আজি তুমিও হেৰাই গ'লা
গাব কোনে ? হাত বুলাই দিব কোনে ?
জুবিন দা তুমি মৰিও অমৰ
ওৰেটো জীৱন মই তোমাৰ অনুৰাগী হৈ ৰম
জয় জুবিন দা
জয় হাৰ্টথ্ৰব ।
———————————
ঘেণ্টা কবিতা
বিদ্যুৎ বিকাশ বৰা
অন্ধ হ'ল আকাশ
স্তব্ধ হ'ল বতাহ
ৰূদ্ধ কৰি দিয়া হ'ল এটি কণ্ঠ
প্ৰতিবাদী, আপোচবিহীন এটি সত্তা।
কাৰণ মুনাফা, কাৰণ লালসা,
আৰু ৰাজনৈতিক অনিশ্চয়তাৰ ভীতিগ্ৰস্ততা।
লক্ষ লক্ষ জনতাৰ অশ্ৰুৰ বন্যাত
উফৰি যাব এই বিলাসিতা।
লক্ষ লক্ষ জনতাৰ শাওপাতত
নিপাত যাব ক্ষণিকতে
ক্ষণিকৰ এই হৰ্ষোল্লাস।
তেওঁ গাইছিল - "নায়ক হ'ব খুজি খলনায়ক হ'লোঁ"
তেওঁ নায়ক নহয়, মহানায়ক হৈ গুছি গ'ল
উপাধি দি থৈ গ'ল তহঁতক-"খলনায়ক"।
জীৱন হেৰুৱাই হেৰুৱাই তহঁতে
মৰণৰ কাৰণে হামৰাও কাঢ়িবি,
কিন্তু মৰণেও তহঁতক ঘেণ্টা খাতিৰ নকৰিব।
নিজৰ তেজ খাই খাই জীয়াবি
যিদৰে খালি ৰাইজৰ কলিজাটো,
জহি জহি খহি যাব তহঁতৰ উঠন ভেটি
যিদৰে উভালিলি প্ৰতিজোপা গছৰ শিপা,
দেখিছ, কেনেকৈ কান্দিছে আকাশে?
কেনেকৈ কান্দিছে বতাহে?
তহঁত মৰিলে ঘেণ্টা শিয়ালেও হোৱা নিদিয়ে।
———————————
এটা জাতিৰ মৃত্যু
সত্যজিৎ গগৈ
এটা জাতিৰ কঁকালত
বহু দিনৰ পৰাই কোনোবাই
কোবাই আছিল অহৰ্নিশে
কেতিয়াবা হাউলি পৰিছিল
সৰি পৰিব খুজিছিল পাতবোৰ
বসন্ত পালেই পুনৰ ঠন ধৰিছিল
নাহৰ তগৰৰ দেশত সেউজীয়া পোখা মেলিছিল
বকুল ফুলৰ সুবাসেৰে
মতলীয়া হৈছিল শেৱালি
যদিওবা শেৱালিৰ আছে নিজস্বতা
জাতিয়ে জাতিৰ বাবে কৰিছিল সংগ্ৰাম
জীয়াই ৰাখিব খুজিছিল বিষ্ণু-জ্যোতিক
অথবা সুধাকণ্ঠৰ স্মৃতিক
শোষিত অথবা নিষ্পেষিতক
আৱৰি আছিল এডাল বৰগছ হৈ
ৰ'দ-বৰষুণ-বতাহকো
ভিতৰলৈ আহিবলৈ দিছিল বাধা
সোণোৱালী ৰূপোৱালী সকলোতে জিলিকি আছিল
এখন বহল বুকু
এখন সমাজ আৰু বহুতু ছবি
এদিন কোৱ খাই খাই
শুই পৰিছিল জাতিটো
সাগৰৰ তলিত শুনিছিল
শংখ ধ্বনি আৰু নূপুৰৰ ৰুণজুন।
——————————
আকাশখন দেখোন সাগৰত ডুব গ'ল
যামিনী দেৱী
কি হ'ল এয়া
আকাশখন দেখোন
সাগৰত ডুব গ'ল
মহাপ্ৰলয় ঘটিল
সূৰ্য্যটো আকাশৰ পৰা
মৰতলৈ নামি আহিছিল
নীলিম সলিল
জলৰাশিৰ মাজেদি
যাওতেও এই বাটেদি
গ'ল গুচি
বাটকেনা নালাগিল
পৃথিৱীৰ আহ্নিক গতি
দিন-ৰাতি
যদি জানিলোহেঁতেন
শেষ ক্ষণ সমাগত
কাষলতিত বেলিটো লুকুৱাই
স্তব্ধ কৰিলোহেঁতেন
কিছুক্ষণ ইয়াৰ গতি
মৃত্যুলগন উকলি গ'ল
বিষ্ণুদূত উভতি গ'ল
অহাবাটেদি
মৃত্যু শিল্পৰ সৌন্দৰ্য
ফুটি উঠিছে
শেষ প্ৰলেপত
সাধ্য কাৰ
ৰোধাৰ
সেই নিৰৱধি সময়ক
সুৰটো সাগৰ তীৰত
শুই পৰিল
কেতিয়াবা যদি লগপোৱা লুইতখনক
যাত্ৰাপথত
সাৱটি ৰাখিবা
তোমাৰ বুকুৰ মাজত
নিৰ্ভিক প্ৰলেপ নসনাকৈ
মন্তব্য প্ৰকাশ কৰা নিস্বাৰ্থ
প্ৰকৃত শিল্পীজন
গ'লগৈ
মৰমৰ 'মা'ক বিচাৰি
ওভতনি সোঁত নথকা
সময় সাগৰেদি
অজান্তি মুলুকলৈ।
——————————
মৰমৰ জুবিন
লাবণ্য নাথ
তোমাৰ বুকুৰ দুখবোৰ আমি
বুজিয়ে নাপালোঁ।
গীতৰ বাৰ্তাবোৰত বুকুত গুজিছিলোঁ
সুৰৰ গভীৰতা।
হয়তো তোমাৰ উদাৰতা, বিশাল হৃদয়ৰ আঁৰত তুমি হয়তো ঢাকি ৰাখিব বিচাৰিছিলা ,
তোমাৰ ঐশ্বৰিক শক্তি।
মানুহৰ চকুত তুমি অন্য ৰূপত
ঢাকিছিলা তোমাৰ প্ৰকৃত প্ৰতিৰূপ।
তোমাক ঠগিব খোজাবোৰক একোকে নক’লা।
অথচ হেজাৰজনে ওলাই আহিছে তোমাৰ ন্যায়ৰ বাবে।
সেইদিনা শ্ৰদ্ধাঞ্জলি নিবেদন কৰি,
মৰম লগা মুখখনি এবাৰ চুইছিলোঁ,
তুমি আমাৰ অতিকৈ আপোন অনুভৱবোৰ শিৰাই শিৰাই বৈ গৈছিল!
বৰ সোনকালেই আঁতৰি গ'লা তোমাৰ সেই সুন্দৰ ৰূপেৰেই।
য'তেই আছা কুশলে থাকিবা।
বহুত বহুত মৰমেৰে....
———————————
শেষ হৈয়ো শেষ নোহোৱা এটি গান তুমি
প্ৰসন্ন তালুকদাৰ
মৃত্যু যদি শিল্প হয়
তেনে মৃত্যু মোৰ কাম্য
কিন্তু তুমিতো নিজেই এক নিখুঁত শিল্প
তেনে মৃত্যুক আকোঁৱালি ল'লা কিয়?
তুমি আছিলা জাতীয় সম্পদ
তোমাৰ তুলনা নাই
তোমাৰ মূল্য কিমান তুমি নাজানিলা
তোমাৰ মৃত্যুত আজি অসমীয়াই ভালকৈ বুজিলে
তুমি যে আছিলা অসমীয়াৰ মেৰুদণ্ড
তোমাৰ অবিহনে অসমীয়া জাতিৰ নাই অস্তিত্ব।
তুমি নিৰ্ভীক
তুমি স্পষ্টবাদী
তুমি দয়ালু
তুমি এক প্ৰতিবাদী জাতীয় সংগ্ৰামী সত্তা
নিজ দেশৰ জাতি-মাটি-ভেটি,ভাষা,কৃষ্টি-সংস্কৃতিৰ সুৰক্ষাৰ বাবেই
কৰিছিলা বিৰোধিতা
কৈছিলা পলিটিক্স নকৰিবা বন্ধু
মনত ৰাখিবা আমি নতুন প্ৰজন্ম
ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ
জ্বলাবও পাৰোঁ
সাহস নাছিল তোমাৰ এই সংগ্ৰামী বলিষ্ঠ কণ্ঠক ৰোধিবলৈ কাৰো সাধ্য।
তোমাৰ এই মৃত্যু অপৰাজেয়
তোমাৰ সৃষ্টিতেই তুমি সৰ্বজনৰ হৃদয়ত বিৰাজমান
তুমি অনাদি
তুমি অনন্ত
তোমাৰ নামতেই আৰম্ভ
আৰু তোমাৰ নামতেই সামৰণি
শেষ হৈয়ো শেষ নোহোৱা এটি গান তুমি
যি অসমীয়াৰ বুকুত বাজি থাকিব চিৰদিন চিৰকাল
উশাহ-নিশাহত তোমাৰ নামৰেই প্ৰতিধ্বনি
অসম আজি জুবিনময়,জয় জুবিন,জয় জুবিন
তোমাৰ অস্বাভাৱিক মৃত্যুৱে তুলিছে খলকনি
সৰলতা,মানৱীয়তা,যাদুকৰী কণ্ঠৰ গীত-মাতেৰে
জিনিলা সবাৰে হৃদয়
কৰিলা বিশ্ব ৰেৰ্কড
লভিলা হামিং কিং অফ ৱল্ড সন্মান।
মৃত্যু যদি শিল্প হয়
তেনে মৃত্যু সুলভ কিয়
তুমিতো নিজেই এক নিখুঁত শিল্প
তেনে মৃত্যুক স্বাগতম জনালা কিয়?
হে অসমীয়াৰ স্বাভিমান
অসমীয়াৰ অহংকাৰ
তোমাৰ মৃত্যু হ'ব নোৱাৰে কেতিয়াও
তুমি অমৰ
শেষ হৈয়ো শেষ নোহোৱা এটি গান তুমি।
—————————
জুবিন গাৰ্গ
মীনা কুমাৰী বৰুৱা
পুৱতি নিশাৰ তৰা হৈ
জন্মিছিলা তুমি
গাৰো পাহাৰত
সংগীতৰ মূৰ্ছনাৰে
জগাই তুলিছিলা
সমগ্ৰ বিশ্ববাসীক
হিয়াৰ আমঠু হৈ
প্ৰতিজন অসমীয়াৰ
বুকুত ঠাই লৈছিলা।
তুমি অনবদ্য
অতি দুৰন্ত শক্তিৰ প্ৰতীক
তেজাল ঘোঁৰা হৈ
তুমি দৌৰিছিলা
বিশ্বৰ প্রান্তে প্রান্তে
গীতৰ শৰাই আগবঢ়াবলৈ
তুমি আছিলা দীনবন্ধু
আৰু অনাথ সকলৰ
বাবে পিতৃ আৰু মাতৃ।
বহু নিৰাশ্ৰম আৰু অসহায়ৰ
বাবে গডফাডাৰ হৈছিলা।
তুমি আছিলা নিৰ্বাক
সাহসী,প্ৰতিবাদী,নিঃস্বার্থৰ প্ৰতীক।
হে মহান শিল্পী
তুমি আমাক বহুত দি গ’লা
আমিহে তোমাক একো দিব নোৱাৰিলোঁ।
গানৰ মাজেদিয়েই তুমি যেন
চিৰ-শান্তিৰ বাবে বিচাৰিছিলা
সাগৰতলি
সেয়েহে সাগৰৰ
বুকুতে ল'লা জীৱনৰ শেষ নিশ্বাস
অশ্রু-সিক্ত নয়নেৰে
তোমাক জনালোঁ বিদায়।
———————————
মাথোঁ কুশলে থাকা
অঞ্জনা ৰূপা দাস
শৰৎ-হেমন্তৰ কুঁৱলী ঠেলি
শব্দৰ হিৰণ্যগৰ্ভ ফালি
পূবাকাশত উদয় সুৰৰ সূৰুযৰ
দুৰ্বাৰ ভাৱনাৰ চলন্ত গতি
সজাই সুৰৰ স্বৰলিপি
উদাত্ত ক'ণ্ঠৰে মঞ্চই মঞ্চই
সুৰত মতলীয়া ৰাতি
স্বাধীন, স্বাভিমানত
চিক্ মিক্ হিৰণ্যৰ দ্যুতি
শব্দৰ নিটোল মালা গাঁঠি
হৃদয়ে হৃদয়ে প্ৰেমৰ ৰাগি
নাই কোনো উচ্চ
নাই কোনো নীচ
আৰ্তজনৰ দীনবন্ধু
প্ৰকৃতি প্ৰেমী জগবন্ধু
অবিচাৰৰ প্ৰতিবাদী কণ্ঠ
মায়াহীন মুক্ত
মনৰ গতি প্ৰচণ্ড
দুৰ্বাৰ হেঁপাহৰ চঞ্চল চকু যুৰি
দিগন্ত প্ৰসাৰি বৈ গ'ল
সমুদ্ৰ বিস্তাৰি
সবল দুবাহুৰে সাবটিব খুজি
বুকুৰ উমৰে আকোঁৱালি
নিশ্বাসৰ ৰাগিনী তুলি
সুশীতল জলৰাশিত
নিৰ্ভয়ে কৰি শয়ন
সমুদ্ৰৰ দূতে কাঢ়ি নিলে
জাতিৰ স্বাভিমান সত্ত্বা
কাঢ়ি নিলে জনগণৰ নিদ্ৰা
মৃত্যুৰ উপত্যকাত এতিয়া নিস্তব্ধতা!
ম্লান পৰিল সুৰৰ জেউতি
বুকুত গজি উঠে বিষাদৰ চহৰ
তোমাক ভালপোৱাৰ অজুহাতত
নিচলা বুকুৰ ভাঁজত
মৰমবোৰ শ্ৰদ্ধাঞ্জলি হৈ
দুচকুৰ লোতক বাগৰে
সাগৰ ধিয়াই-
মুখত বিৰ্ বিৰাই অদেখা জনক
মায়াবিনী প্ৰাৰ্থনা
য'তেই থাকা
মাথোঁ কুশলে থাকা !
———————————
সূৰ্য হেৰাল
দীপক কুমাৰ তালুকদাৰ
সূৰ্য হেৰাল কেনি?
সৰ্বত্ৰ আজি মুনিচুনি কালৰ বিপদৰ খেলা
কি স’তে সাগৰে চিৰ অস্তমিত কৰে ব্ৰহ্মাণ্ডৰ সূৰ্য ?
সহচৰ আঁউসী ৰাতিৰ চক্ৰবেহুৰ ৰচনাত নিখোজ সূৰ্য
সকলোতে সূৰ্য হেৰুৱাৰ বিষাদ—
দিঘলীপুখুৰী পাৰৰ গছ কেইজোপাই হালি-জালি গাতে গা লগাই আৰু নেখেলে
মঞ্চত কঁপি কঁপি বাজিছে
তাল হেৰুৱা সুৰৰ মূৰ্ছনা
কোনো কালে হাৰ নমনা
শিৰৰ শপতত নতজানু হ’ব নোখোজা
শতৰুৰ মুখত ছাই সানিব পৰা
খাৰাংখাচ সূৰ্যটি হেৰুৱাৰ হৈ
মাথোঁ প্ৰতিবিদী শিখা আগবাঢ়ে দিন প্ৰতিদিন ৷
———————————
একাঁজলি শ্ৰদ্ধাঞ্জলিৰে
জুবিন
অৰুণা দেৱী
সৰ্ব পৰিচিত এটা নামেৰে
দেখাত ক্ষীণকায় দেহাটো
দুহাত ৰচিৰে বান্ধিব নোৱাৰো,
অনন্য নক্ষত্ৰ এটি ।
এটা কলমেৰে লিখি শেষ কৰিব নোৱাৰো,
প্ৰতিভাৰ বিশাল পৰিধি ।
ৰুধিব নোৱাৰো, নোৱাৰো সুঁতিৰে বোৱাব,
সূৰুয শিখা শব্দৰ তীখা
সৃষ্টি বীজৰ ভঁৰাল ।
সৰস্বতী বসতি কন্ঠৰ
অপ্লাৱিত শব্দ, বাক্যৰ ভাৱবোধ
সুৰৰ পাঞ্চজন্য মূৰ্চনা
অতুলনীয় বোৱতী মনৰ ধাৰ।
গভীৰতা যাৰ সাগৰ বক্ষ সম
সিজনাৰ মুখৰ বচন –'সাগৰ তলিত শুৱৰে মন'
ব্ৰহ্মবাক্যৰে জগত জিনিলে
দুয়ো বুকুৰ আলিঙ্গনেৰে
জিলিকাই বিশ্বকোষ
মানিক মালাৰে।
———————————
শূন্যতা
জ্যোৎস্না ৰাণী বৰ্মন
তেওঁৰ কি নাছিল যি বিচাৰি তেওঁ নামিছিল সাগৰত
য'ত হেৰুৱাইছিল তেওঁৰ প্ৰাণৰ স্পন্দন
প্ৰথমে সাগৰখনে বুজা নাছিল
ক'ত কেনেকৈ কি হ'ল
যেতিয়া ঘূৰাই পালে সম্ভিত সাগৰেও গতি ঘূৰাই ৰাজ পথেৰে আহি ৰাজধানী পালেহি
তেওঁৰ বুকুৰ স্পন্দন কাঢ়ি শক্তিমান হ'ব খোজা সাগৰৰ ভেম থাউকতে নোহোৱা হ'ল
সাগৰ শুকাল আৰু মাণিক আহি থুপ খালেহি কলিজাৰ কোঁহে কোঁহে
শৰতৰ সেউজীয়া প্ৰতিটো ডাল পাতৰ পৰা সৰিছে নিৰৱচ্ছিন্ন নিয়ৰ
সাঁথৰ হৈ থাকিল বহু সাঁথৰ
ছবি আঁকিব নোৱৰা ল'ৰাজনে কিয় আঁকিছিল হোটেলৰ বেৰত চকুৰ স'তে চকুপানী
আৰু এদিন হঠাত্ তেওঁক ভালপোৱা অগণন জনতাৰ
বুকুৱে বুকুৱে
শূন্যতাৰ ঘৰ আঁকি
মাটিৰ সকলো মোহ এৰি গুচি গ'ল
তেওঁ মায়াবী।
——————————
জুবিন গাৰ্গ
দীপলীনা দেৱী
জুবিন দা তই ভালে আছনে ?
অ’ ! তই বুলিয়ে কৈছো
তোক পাগল বুলি কোৱাৰ আধিকাৰ দিছিলি
সেয়ে তই বুলিয়েই ক'লোঁ
বেয়া নাপাবি
ককাই অ , তইতো জানিছিলি
আমাৰ সবাতোকৈ প্ৰিয় তই আছিলি
আজি কোটি কোটি জনতাক কন্দুৱাই
কিয় তোৰ উশাহ স্তব্ধ হৈ ৰ'ল ?
কেনেকৈ মানি লওঁ !
সৃষ্টিৰ সাগৰ হঠাৎ ৰৈ গ’ল
তোৰেই কন্ঠ
আমাৰ প্ৰাণৰ
আমাৰ মনৰ ,
আমাৰ মগজুৰ ৷
সাগৰ বাৰু ভালপাইছিলি
কিন্তু সাগৰতে কিয় শুই পৰিলি ?
নাই নাই এয়া কেতিয়াও মৃত্যু হ’ব নোৱাৰে
আমাৰ হিয়াৰ আমঠু
আমাৰ বুকুত বৰ মৰমেৰে আলফুলকৈ ৰাখিম l
জোনাকী দেশত ভালে থাকিবি l
তাৰ পৰাই আশীৰ্বাদ কৰিবিl
ইয়াৰ পৰাই শতকোটি প্ৰণাম কৰিছোঁ
আমাক কুশলে ৰাখিবি l
——————————
মায়াবিনী নিশাৰ বুকুত
প্ৰাণ প্ৰতিমা বড়া
বন্ধ উশাহ ৰুদ্ধ বতাহ
চৌদিশে বলিছে মাথোঁ বিষাদৰ গান
তুমি ক’ত তুমি ক’ত ?
এয়া অজস্ৰ জনতাৰ
হৃদয়ৰ চিৎকাৰ
হিয়াৰ আমঠু জুবিনদা
পুনৰ জনম লোৱা
তোমাক জনাওঁ স্বাগতম
তুমি অবিহনে নিথৰুৱা পল
তুমি অবিহনে প্ৰাণহীন জীৱন
স্তব্ধ সময় স্তব্ধ উশাহ
এয়া জনতাৰ হৃদয়ৰ চিৎকাৰ
মায়াবিনী নিশাৰ বুকুত
জোনালীৰ উচুপনি
অজস্ৰ জনতাৰ বুকুত
এতিয়া বিষাদৰ উকমুকনি
দিশহাৰা জনতাৰ বিননি
হিয়াৰ আমঠু জুবিনদা
পুনৰ তোমাক স্বাগতম
অজস্ৰ জনতাৰ হৃদয়ৰ চিৎকাৰ
পুনৰ জনম লোৱা
তোমাক জনাওঁ স্বাগতম।
——————————
তোমাৰ অৱৰ্তমানত
ফাৰুল হুছেইন
তোমাৰ অৱৰ্তমানত
অসমৰ আকাশত এতিয়া
কেৱল অমানিশাৰ ঘোপমৰা
আন্ধাৰ৷
তোমাৰ অৱৰ্তমানত
শেষ হ’ল নিজানৰ গান৷
তোমাৰ অৱৰ্তমানত মানুহৰ
বুকুৱে বুকুৱে তুমি সাজি
যোৱা ঘৰবোৰ খহি
পৰিল এটা এটাকৈ৷
তোমাৰ অৱৰ্তমাইত
মানুহৰ হিয়াই হিয়াই
খান্দি থৈ যোৱা সুৰৰ
নিজৰাবোৰ শুকাই
কৰ্কৰীয়া হ’ল৷
গানৰ মাজেৰে সকলোকে
উশাহ ঢালি নিজৰ
উশাটোৱেই নিথৰ কৰিলা
ভাৰত মহাসাগৰৰ বুকুত৷
তোমাৰ অৱৰ্তমানত
কোনে গাব এতিয়া
মাটি আৰু মানুহৰ গান৷
হে জনকণ্ঠ,তোমাৰ
অৱৰ্তমানত হেৰাই গ’ল
প্ৰতিবাদৰ সুৰ৷
নিজানৰ গান গাই নিজানতে
শুই পৰিলা সকলোৰে
বুকুত জ্বলাই থৈ একুৰা
তুঁহ জুই উমি উমি জ্বলিবলৈ৷
তোমাৰ অৱৰ্তমানত সকলোবোৰ
দেখোন উকা উকা ৰিঙা ৰিঙা৷
———————————
গভীৰতা
ৰুম্পী দেৱী
নদী ভালপোৱা ল'ৰাজনে
কথা পাতিছিল আপোনমনেৰে
নদী খনক যেন ক'ব পাৰিছিল
মনৰ গোপন কথাবোৰ
সময় পালেই লৱৰি গৈছিল
প্ৰিয় ঠাইখনি লৈ
নদী খনো যেন অপেক্ষাৰত...
গুণগুণাই গুণগুণাই
নদীক শুনাইছিল
পথাৰৰ গান, জীৱনৰ গান
ভালপোৱাৰ গান,বিষাদৰ গান
এন্ধাৰ হ'ব নোখোজা
মায়াবিনী ৰাতিৰ গান....
কেতিয়াবা দুহাত মেলি গাইছিল
আকাশে গাতে ল'বৰে মন
সাগৰ তলিত শুবৰে মন...
নদীয়ে মাথো প্ৰাণভৰি শুনিছিল
গানৰ ঈশ্বৰৰ গান
কৰা নাছিল বিশ্বাসঘাটকতা
মাথোঁ ভয় খাইছিল
সাগৰত শোৱাৰ হেঁপাহটোৰ বাবে
আকাশখন লোৱাৰ আশাটোৰ বাবে
সাগৰেতো নাজানে
নদীৰ লগত আপোন ল'ৰাটোৰ
হৃদয়খনো যে সাগৰতকৈও গভীৰ
সেয়াই ভূল হ'ল সাগৰৰ।
চঞ্চল,উত্তাল তৰংগৰ দৰে
শিশুমনৰ ল'ৰাটোক মাথোঁ দেখিলে !
শুনিলে মনত পুহি ৰখা হেঁপাহটোৰ কথা ...
পাৰত বহি দুহাত মেলি হয়তো
ল'ৰাটোৱে মনে মনে আওৰাইছিল
"মোক তোমাৰ বুকুত শুৱলৈ দিয়া"
সাগৰে কিদৰে নেওচা দিব পাৰে
এই আকুল আহ্বান !
সাগৰে সামৰিব পাৰে সকলো
দুখৰ নীলা অথবা প্ৰাণচঞ্চলতা
সেয়ে হয়তো সাগৰেও দুহাতেৰে আঁকোৱালি
স্থান দিলে বুকুৰ মাজত
কোনোদিনে এৰি নিদিয়াৰ প্ৰতিশ্ৰুতিৰে....
আজি নদী খনো নিস্তব্ধ
হেৰুৱাই পেলাইছে ভাষা
পাৰত বহি গুণগুণাবলৈ
এতিয়া যে কোনো নাই
মাথোঁ চৌদিশে শূণ্য....
দূৰৈৰ পৰা ভাহি আহিছে
গান ভালপোৱা ল'ৰাজনৰ
শেষ যাত্ৰাৰ গান
মৃত্যু জিনি অমৰ হোৱাৰ গান...
"মায়াবিনী ৰাতিৰ বুকুত"...
———————————
এই দিন অভিশপ্ত
বিশ্বজিৎ গগৈ
১৯ ছেপ্টেম্বৰ,২০২৫ বৰ্ষ
এই দিন অভিশপ্ত!
লৈ গ'ল বুকুৰ উশাহ
হৃদয়ৰ গান
হিয়াৰ আমঠু
নয়ণৰ মণি
অসম দৰদী,সুৱদী আৰু বলিষ্ঠ কন্ঠ ;
একবিংশ শতিকাৰ
স্বদেশ- স্বজাতিৰ
আই অসমীৰ
ধমনীৰে প্ৰবাহিত
প্ৰজন্মৰ বিশুদ্ধ আৰু সতেজ ৰক্ত।
এই দিন অভিশপ্ত ইউক্লিপটাচৰ উচ্চতাত কোবাই
কাঞ্চনজংঘা খহাই
পাখি মেলি উৰুৱাই নিলে
ৰুণজুণ নূপুৰৰ মাত!
অভিশপ্ত সময়
লুইতৰ দুটিপাৰত চিঞৰি কান্দিছে
মাজুলীৰ ছোৱালীজনী
হৰ্ঠাতে হেৰাল মোৰ চোতালৰ জোনাক
গোপালে কি গতি কৰিলে!এই দিন অভিশপ্ত!এই সময়
অভিশপ্ত!
নাহৰ ফুলাৰ বতৰত এইবাৰ নানাচে জানমণি
দুপৰ নিশা নিচিঞৰে কোনেও।
জীৱনৰ ৰংবোৰৰ লুকাভাকু খেলত
পিছলৈ ওভটি নাচালে
সাগৰ তলিত শুবৰে মন
শুই ৰ'ল জুবিন
ৰ'দৰ চিঠিয়ে আজি বাৰে বাৰে কয়...
অনামিকা ,মায়া মাথোঁ মায়া
ৰামধেনু সাতো ৰঙে গাই
ৰং দিয়া মৰম ৰং ভালপোৱা
পাখি পাখি এই মন পাখি মেলি যা উৰি
মায়াবিনি ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি !
ৰুমালত উচুপনি , ৰুমালত হুমুনিয়াহ।
খেয়ালী মনৰ মানুহজন
শিশুসুলভ মনৰ শিল্পীজন
ধুমুহাৰ সতে মোৰ (তেওঁৰ) বহু যুগৰে নাচোন
মৃত্যু এতিয়া সহজ
মৃত্যু এতিয়া ওচৰ
পলিটিক্স নকৰিবা বন্ধু!
পূৰ্বাকাশত ঘটিল সূৰ্যাস্ত !
যাৰ দুখে দহিছে হৃদয়
যি শোকে সেমেকে দুচকু
কোন আজি কেনেকৈ থাকোঁ?
স্তব্ধ আকাশ, স্তব্ধ জোনাক, স্তব্ধ অসম
বাকৰুদ্ধ, শ্বাসৰুদ্ধ চৌপাশ
তেওঁ অসমীয়াৰ অন্তকালৰ হৃদস্পন্দন।
———————————
পলমকৈ হলেও…
ডালিম কুমাৰ সিংহ
মৰমৰ জুবিন,
তোমালৈ বুলি এই চিঠিখন লিখিলোঁ,
-বহুত পলমকৈ হলেও;
পঢ়িবা,ভালকৈ পঢ়ি চাবা এবাৰ,
ক'তা!তুমি দেখোন তুমি কোৱাৰ দৰে
সাগৰ তলিতে শুই থাকিলা!
বাৰু,তোমাক আমনি নকৰোঁ
সাৰ পালে মোৰ চিঠিখন পঢ়িবা!
জানা জুবিন!
তিনিকুৰি পাঁচটা বসন্ত
মোৰ জীৱনৰ ওপৰেৰে বাগৰি গ'ল
ভালদৰে তোমাক
সোধ-পোচ কৰাই নহ’ল
-আহৰিয়ে নাপালোঁ,
আমি যে 'সুধাকন্ঠ'ৰ যুগৰ মানুহ…
পিচে এইটো ভাবি নল’বা
তোমাক যে মই 'নজৰ' কৰা নাছিলোঁ(?)
আলেঙে আলেঙে
তোমাৰ সকলোবোৰ কাৰ্য-কলাপ
চাই আছিলোঁ-
তুমি অবিহনে সাংস্কৃতিক মঞ্চ
শোভা-মণ্ডিত নহয়
উকা উকা হ'ব যেন
সাংস্কৃতিক জগতখন!
প্ৰতিখন মঞ্চই জিলিকি উঠে
তোমাৰ শিশুসুলভ সেই ধেমালিবোৰ,
সংকোচহীন অকপট
অহঙ্কাৰ শূন্য তোমাৰ ভাষ্য
প্ৰতিটো ভাষ্যতে গভীৰতা আছে,
বুজা জনে বুজে
নুবুজা জনে
টুলুঙা বুলি মন্তব্য কৰে,
মই প্ৰতিটো ভাষ্যৰেই
গভীৰতাক জুখি চাওঁ
তুমি 'শিল্পী' নে 'দাৰ্শনিক'!
তুমি কাম কৰি ভাল পোৱা,
তোমাৰ হাতত বহুত কাম
কাম আৰু কাম!
কামৰ মাজত তুমি নিজকে
চাবলৈ পাহৰিয়েই যোৱা!
অলপ জিৰণি লোৱা...
আমি জানো
তোমাৰ সেই আধৰুৱা কামবোৰ
'জুবিন' নামৰ সত্তাৰ বাহিৰে
কৰাৰ সাধ্য আছে কাৰ?
তুমি আহিবা আৰু কৰিবা!
তুমি শুই আছা
অসমবাসী সাৰে আছে…
সেই মানুহবোৰে আছে,
তুমি কোৱাৰ দৰে-
'মোৰ কোনো জাতি নাই,কোনো ধৰ্ম নাই'!
তোমাক তেনেদৰে শুই থকা দেখি
ব্যথিত মনেৰে গুণগুণাই আছোঁ -
'মায়া…মাথোঁ মায়া…'
———————————
মহা বিয়োগ
আব্দুল কৰিম(ৰিজৱান)
“নভৱা কথাও হঠাতে হয় চাগে!”
উস্! কালৰ আঁচোৰ, বেদনাময় ১৯ ছেপ্তেম্বৰ-
কেলেণ্ডাৰৰ পাতবোৰ চিঙি গ'লেওঁ,
পাহৰিব নোৱাৰা এই দিনাংক।
কাহানিও মনন নকৰা, সাৰোগত নকৰা কথাটো;
এই ক'লা দিনটোৱেই সোঁৱৰণীৰ কুঁৱলি ফালি
চকুত নামি-বোৱাব বিষাদৰ জীয়া ধল।
সন্তাপিত অন্তৰে হুমুনিয়াহ কাঢ়িব- “গোপালে কি গতি কৈলে…”
আজি যে বতৰো গোমা-গোমা, “সময় যেন থমকি ৰয়”
“উৰুঙা হাহাকাৰে মোক জোকাই, ক'লেহি”- “সম্ৰাট নাই”।
ক'বলৈ কিমান সহজ নহয় নে,
কিন্তু সেয়া কোনে স্বীকাৰ কৰিব পাৰিব?
কোনে মানি ল'ব-
অচিনা দেশৰ পৰা, আকাশী ৰথেৰে নামি আহি
সংস্কৃতিৰ বিশাল সাম্ৰাজ্যৰ গৰাকী হোৱা,
অমিয়া সুৰেৰে বিশ্ববাসীক মোহিত কৰি ৰখা
সুৰৰ ৰাজাধিৰাজ জন এতিয়া নাই।
ধুমুহাৰ সতে নাচি,এন্ধাৰক আপোন কৰি,
সিংহৰ দৰে থাকি, একোকে খাতিৰ নকৰি,
চিধাচিধি কথা কোৱা এই তেজীমনা পুৰুষজন;
তেজী ঘোঁৰাৰ দৰেই চেঁকুৰদি দৌৰি,
অৱসন্নতা পাহৰি কৰ্মব্যস্ততাত থকা উদ্যোগী মানুহজন;
গাইছিল- “মই ভাগৰা নাই…”
“পাখি মেলি দিয়ে…” যাৰ গানে,
গীতেৰে শত-কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙাই
জীৱনৰ দুখ পাহৰাই, জীয়াই থাকিবলৈ শিকোৱা
সেই সংগীতৰ যাদুকৰজন; এতিয়া নাই।
সাগৰ-সঙ্কাশ জ্ঞানৰ গৰাকী, উদাৰচিতীয়া…
পৰহিতৈষী, প্ৰকৃতিৰ পুত্ৰ, মহামানৱ
শেৱালিৰ দৰেই নিভাঁজ মনৰ গৰাকীজন,
নিজৰ সকলো উজাৰি দিলে আনৰ বাবে,
সেয়ে চাগে গাইছিল- “জীৱন ডিঙা মোৰ চপাই ঘাটে-ঘাটে
জনে জনে সুধিলোঁ কি লাগে লোৱা।”
অসম বননিত, লুইতৰ পাৰত “মোৰ কোনো জাতি নাই,
মোৰ কোনো ধৰ্ম নাই; মই মুক্ত।” বুলি চিঞৰি ফুৰা
সেই তেজাল সিংহটো এতিয়া নাই।
জুনমণি, ৰুণজুনহঁতৰ চকুত জোন বিচৰা,
মাজুলীৰ ছোৱালীজনীৰ দুখ বুজিবলৈ যোৱা,
চাহ বাগিচাৰ মিনিহঁতৰ ৰূপত ভোল যোৱা প্ৰেমিকজন নাই।
নাই সেই নায়ক, যাৰ এটি আহ্বানত শদিয়াৰ পৰা
ধুবুৰী লৈ থিয় হয়- এক শাৰীত।
যাৰ ভয়ত কঁপি উঠে- স্বয়ম্ভূ ৰজাবোৰৰ সিংহাসন।
আকাশখন গাতে লৈ, সাগৰ তলিত শুই যোৱা
চিন্তা-নায়ক জন; নিজে কোৱা ধৰণেই-
“ৰূপৰ শিখা মোৰ জ্বলি জ্বলি শেষ হ'ব”, “তেজ মঙহৰ মৰম
নেওচি জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই।”
“প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব” যাৰ কথা।
হে পথদ্ৰষ্টা, তুমি বিচৰা ধৰণেই আজি অসমখন- ঐক্যৱদ্ধ।
মন গ'লে কেতিয়াবা আহিবা, চাই যাবা আহি নিৰলে।
আমি সদায়ে গাম- “সপোন ৰঙৰ জীৱন তুমি আকৌ
এবাৰ আহিবানে?”
——————————
তুমি নথকাৰ অনুভৱ
ৰশ্মি দলে
তুমি নথকাৰ অনুভৱ
কেনেকৈ সহিম
তুমি যেন আমাৰ উশাহৰ
হিয়াৰ আমঠু প্ৰাণৰ জুবিন দা
মায়াবিনী ৰাতিৰ বুকুত
কিয়নো সাজিলা অমানিশাৰ ঘৰ
আপোন মানুহবোৰক কন্দোৱাই
এন্ধাৰক সাৱটি
পোহৰক দিলাহি বিদায়
ধৰাৰ বুকুত বিলীন হ'লা
কত গীত লিখিলা
কত গান ৰচিলা
কত গীত গাই
বিশ্বজিনিলা
তুমি চিৰ জ্যোতিস্মান
তুমি বহ্নিমান
তোমাৰ এজাক নিষ্ঠুৰ ধুমুহাত
আমি হ'লোঁ দিশহাৰা।
——————————
—————————————————————

0 Comments