পষেকীয়া কাব্যকাননৰ অষ্টম বৰ্ষৰ ত্ৰয়োদশ সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়ৰ পৰিবৰ্তে

জুবিন-
এটা চিৰসেউজ অসমীয়া কবিতা 

জুবিন–
এটা চিৰ সেউজ অসমীয়া কবিতা

তোমাৰ সিৰে সিৰে প্রৱাহিত
জাতীয় চেতনা ;

তুমি--
নহয়  মাথো এটি অনুষ্ঠান 
---অসমীয়া জাতিৰ অভিমান

তুমি...মানৱতাৰ স্পন্দন
তোমাৰ আৱেশতে
অনুৰণিত সহস্রৰ মন ;

নহয় তুমি কেৱল 
এখন  সেউজ  উদ্যান
-- ভৰ শাওণৰ বান 
--তুমি এটা অমৰ গান ;
--দুখীয়াৰ গান ;মানুহৰ গান 

অসমক লৈ সদা সচকিত ,সতৰ্কিত 
খাটি অসমীয়া
মাটি অসমীয়া

বিতৰ্কিত ?
এৰা,
কাম কৰা মানুহৰেতো হয় বিতৰ্ক

পিছে
সেইবোৰ কথাত তুমি গুৰুত্ব নিদি
তুমি নিজৰ মতে, মানুহৰ বাবে কাম কৰি গ’লা

মুকলি আকাশ, সেউজীয়া বিচাৰি
মুম্বাই এৰি 
পুনৰ ঘূৰি আহিলা অসমভূমিলৈ

অসাধাৰণ হৈও 
আপোন মানুহৰ মাজত
সাধাৰণ হৈ জীৱনক উদযাপন কৰিলা

কিন্তু...

নিমিষতে যেন সকলো শেষ
নিমিষতে সকলো স্তব্ধ!
সময়ো যেন স্থবিৰ

তুমি গুচি গ’লা
কেতিয়াও ঘূৰি নহা বাটেৰে..

তথাপি
বাটৰ শেষত 
আমি বাট চাই ৰ’ম আজীৱন তোমালৈ...
তুমি ঘূৰি অহালৈ...

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
          অনুবাদ কবিতা         

The War Works Hard
Dunya Mikhail
Iraq

How magnificent the war is!
How eager
and efficient!
Early in the morning,
it wakes up the sirens
and dispatches ambulances
to various places,
swings corpses through the air,
rolls stretchers to the wounded,
summons rain
from the eyes of mothers,
digs into the earth
dislodging many things
from under the ruins . . .
Some are lifeless and glistening,
others are pale and still throbbing . . .
It produces the most questions
in the minds of children,
entertains the gods
by shooting fireworks and missiles
into the sky,
sows mines in the fields
and reaps punctures and blisters,
urges families to emigrate,
stands beside the clergymen
as they curse the devil
(poor devil, he remains
with one hand in the searing fire) . . .
The war continues working, day and night.
It inspires tyrants
to deliver long speeches,
awards medals to generals
and themes to poets.
It contributes to the industry
of artificial limbs,
provides food for flies,
adds pages to the history books,
achieves equality
between killer and killed,
teaches lovers to write letters,
accustoms young women to waiting,
fills the newspapers
with articles and pictures,
builds new houses
for the orphans,
invigorates the coffin makers,
gives grave diggers
a pat on the back
and paints a smile on the leader’s face.
The war works with unparalleled diligence!
Yet no one gives it
a word of praise.


যুদ্ধই কঠোৰ পৰিশ্ৰম কৰে
মূল: দুনিয়া মিখাইল
ইৰাক
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

যুদ্ধ কিমান ভয়াবহ!
কিমান বৈসয়িক
আৰু দক্ষ!
ৰাতিপুৱা সোনকালে,
চাইৰেণবোৰ জগাই তোলে
আৰু এম্বুলেঞ্চ প্ৰেৰণ কৰে
ভিন্ন ঠাইলৈ,
বতাহত মৃতদেহ দোল খায়,
আহতসকলক ষ্ট্ৰেচাৰ ৰোল কৰে,
বৰষুণক আবাহন জনায়
মাতৃৰ চকুৰপৰা,
মাটি খান্দিছে
সামগ্ৰীসমুহ স্থানচ্যুত কৰা
ধ্বংসাৱশেষৰ তলৰপৰা৷  .  .
কিছুমান নিৰ্জীৱ আৰু জিলিকি থকা,
আন কিছুমান শেঁতা আৰু এতিয়াও ধপধপাই আছে।  .  .
ই সৰ্বাধিক প্ৰশ্নৰ উদ্ভাৱন কৰে
শিশুৰ মনত,
দেৱতাক মনোৰঞ্জন দিয়ে
আতচবাজী আৰু মিছাইল গুলিয়াই
আকাশলৈ,
পথাৰত ৰত্ন সিঁচিছে
আৰু ছিদ্ৰ আৰু বিয়াধি চপায়,
পৰিয়ালসমূহক প্ৰব্ৰজন কৰিবলৈ আহ্বান,
ধৰ্মগুৰুসকলৰ কাষত থিয় হৈ আছে
যেনেকৈ তেওঁলোকে চয়তানক অভিশাপ দিয়ে
(বেচেৰা চয়তান, তেওঁ থাকে
 এহাতেৰে জ্বলি থকা জুইত) .  .  .
যুদ্ধ চলি আছে, দিন ৰাতি।
ই অত্যাচাৰীক অনুপ্ৰাণিত কৰে
দীঘলীয়া ভাষণ দিবলৈ,
জেনেৰেলসকলক পদক প্ৰদান কৰে
আৰু কৱিসকলক বিষয়বস্তু।
ই উদ্যোগটোলৈ অৰিহণা যোগায়
কৃত্ৰিম অঙ্গৰ,
মাখিৰ বাবে খাদ্য যোগান ধৰে,
ইতিহাসৰ কিতাপবোৰত পৃষ্ঠা যোগ কৰে,
সমতা অৰ্জন কৰে
হত্যাকাৰী আৰু হত্যাৰ মাজত,
প্ৰেমিক-প্ৰেমিকাক চিঠি লিখিবলৈ শিকায়,
যুৱতীসকলক অপেক্ষা কৰাত অভ্যস্ত কৰায়,
বাতৰি কাকতৰ পৃষ্ঠা ভৰাই দিয়ে
প্ৰবন্ধ আৰু ছবিৰ সৈতে,
নতুন ঘৰ সাজে
অনাথ শিশুসকলৰ বাবে,
কফিন নিৰ্মাতাসকলক সজীৱ কৰে,
কবৰ খান্দোতাক চাবাচি দিয়ে
পিঠিত থপৰিয়াই
আৰু নেতাৰ মুখত হাঁহি আঁকি দিয়ে।
যুদ্ধই অতুলনীয় পৰিশ্ৰমেৰে কাম কৰে!
তথাপি কোনেও নিদিয়ে
প্ৰশংসাৰ এটা শব্দ।
——————————
            কবিতা                 

কেঁকোৰা-চেপা
গুণ মৰাণ 

জখলা বগাই
জখলাতকৈ ওখ
হ'বলৈ নৌপাওঁতেই
একেবাৰে জেগাত
ঠিকছে কেঁকোৰা-চেপা খাই
বপুৰাৰ বোধৰ উদয় হ'ল 

মূৰটো ডাঙৰ হৈ যোৱাকৈ চিন্তা কৰি সি
নিজাববীয়াকৈ এটি সিদ্ধান্ত ল'লে 

বোলে ভয়েই ভক্তি 
সেই গতিকে জখলালৈ প্ৰণাম জনাই লাহেকৈ আগবাঢ়িল
দুখোজ আগলৈ
এখোজ পিছলৈ

তাতো লাগিল এটি লেঠা

দুই একে তিনি নহৈ
দুই একে এক হৈ একে স্থানতে অৱস্থান 

একে স্থানতে কুৰি বছৰ শুই বহি তেৰাৰ কঁকাল পৰিল
শেষত জখলা বগোৱাৰ হেঁপাহ দলিয়াই 
নামি আহোঁতে দেখা পালে– 
কেঁকোৰা দেশৰ
এটি মৰণমুখী জাতি।
——————————
মোৰ সৰু চহৰখনৰ আত্মগাথা
গিৰিজা শৰ্মা 

পৰিবৰ্তনৰ পদাঘাতে পংগু কৰা 
মোৰ সৰু চহৰখনৰ জনজীৱন
য'ত গেলি-পচি জী থাকে অনেক যৌৱন 
শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন 
কিছু অনাখৰী শিশুৰ অনৰ্থক কল্লোল 
কিছু নিবনুৱা যুৱকৰ 
ভগ্ন মন
ভগ্ন সপোন 

অৱহেলিত মোৰ সৰু চহৰখন 
মাজে-সময়ে জকমকায়
উন্নাসিক উন্নয়নৰ কাণ তাল মাৰি ধৰা আতজবাজী
বজাৰ, বিজ্ঞাপন 
বুকুতে ছাইনবোৰ্ড, বেনাৰ  
চুকে-কোণে পোহৰৰ পূৰ্ণ পয়োভৰ 
চাৰিআলি, চ'কত অহৰ্নিশ আড্ডা 
এচামৰ অনৰ্থক ব্যস্ততা 

এটা সময়ত উন্নয়নৰ সকলো প্ৰক্ৰিয়া স্থবিৰ হয়
চহৰখনলৈ আগৰ জৰাজীৰ্ণ অৱস্থা ঘূৰি আহে 
সেই একেই 
ৰাতি দুপৰতো উখনা-উখনি, উচ্চ -বাচ্য
কেতিয়াবা হতাহতি , কেতিয়াবা গতিয়াগতি 
ৰঙীণ ৰাগিয়ে পাহৰাই ৰাখে আপোন অস্তিত্ব 
প্ৰাপ্য পৰমুখ 
পাহৰাই ৰাখে যুঁজ দিয়াৰ মন্ত্ৰ 
পৰিবৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ চহৰৰ জনজীৱন 
য'ত গলিয়ে গলিয়ে গিজগিজাই আছে
স্খলিত যৌৱন।
—————————
ময়ো ভাল নাপাওঁ শৰতক 
অৰ্চনা ঠাকুৰীয়া

শৰৎ তোমাৰ প্ৰিয় ?
ভালপোৱা শৰতক ?
না, নাপাওঁ
ময়ো নাপাওঁ

শৰতে নুবুজে মোৰ কলিজাৰ দুখ
শৰতেই কাঢ়ি নিয়ে
মায়াবিনী ৰাতিৰ শাৰদী-জোন
তেন্তে, কোন সতে প্ৰিয় শৰৎ মোৰ ?

পোহৰ 
যি নাজানে
সন্ধি কৰিব আন্ধাৰৰ সতে 
নুবুজে 
সদাচাৰীৰ ভাও লোৱা বদাচাৰী- আখ্যান

তথাপি
ন্যায় লাগে ?
ঠগ খাবা 
চুপ চাপ থাকিবা ?
দহি মৰিবা

আজি
নন্দনত শুনিছোঁ পাৰিজাত- ক্ৰন্দন
দেৱেও নকৰে ভ্ৰক্ষেপ
নেদেখে গ্ৰহণ

এই শৰতত ন্যায় আৰু অন্যায়ে পাশা খেলিব
শকুনিৰ পাশাই চক্ৰবেহু ৰচিব
জয়দ্ৰথৰ অট্যহাস্যই আকাশ  কঁপাব
ভীষ্মইও অভিমন্যু বধৰ ভাওনা চাব

কোন ক'ত আছ ওলাই আহ
অভিমন্যুৰ ন্যায়ৰ যুদ্ধত
বজা পাঞ্চজন্য 
প্ৰত্যেকেই হ কৃষ্ণ  
হ অৰ্জুন 
সুদৰ্শন ধৰ, ৰথৰ চকা ধৰ, 
সাৰংগ ধৰ, কৌমুদী ধৰ
মুঠতে চব ধৰ
ৰজাক ধৰ
প্ৰজাক ধৰ
ধৰ মাথোঁ ধৰ

মহালয়াৰ অপৰাহ্নত পিতৃপক্ষ মিলিছে
খেনোৱে আশীৰ্বাদ 
খেনোৱে অভিশাপ বুটলিছে 
আৰু আমি গোটাই লৈছোঁ
শতিকাজোৰা এসাগৰ লুণীয়া পানী

শৰৎ তোমাৰ প্ৰিয় ?
ভালপোৱা শৰতক 
না, নাপাওঁ
ময়ো নাপাওঁ ।
————————
ৰৈ থকাৰ কবিতা
অংকুৰ দাস 

ৰৈ আছো সাংঘাতিক এটা ঘটনাৰ বাবে
বিশ্বৰূপ দৰ্শনৰ দৰে কিবা মিৰাক’ল 

মাজনিশা ৰঙিয়াৰ প্লেটফৰ্মত শুই 
পিছদিনাৰ লোকেল ট্ৰেইনখনৰ বাবে 

ৰৈ আছো তেতিয়াও যেতিয়া গৈ আছো
কাৰ বাবে কি শুনিবলৈ কি দেখিবলৈ 
নাজানো একোৱেই 
কি ফুলৰ কি সুবাস 
কোন চৰাইৰ কি মাত অৰণ্যৰ আইন 

জানো 
আঁৰকাপোৰৰ সিপাৰে নিশ্চয় এনে কিবা আছে 
চুৰিয়েল অথবা ইন্দ্ৰিয়াতীত 
যাক আমি দেখা নাই বুজা নাই অনুভৱ কৰা নাই 

অহৰহ যিবোৰ দেখিছোঁ
মানুষিক অমানুষিক ভয়ংকৰ কৰুণ 
সেইবোৰ চাব খোজা নাই 
সমুদ্ৰ মন্থন কৰি 
আৱিস্কাৰ কৰিব খুজিছোঁ 
সত্যৰ স্বৰূপ 

বহুকাল ৰৈ আছো 
হয়তোবা আপোন সত্তাৰ বাবে 

নিশ্চয় এনে কিবা ঘটিব 
মহাপ্ৰলয়ৰ আগে আগে 
জীৱন জাগ্ৰত হোৱা 
উত্তৰণ 
আগ্নেয়গিৰিৰ লাভা 
বিদ্যুৎ স্ফুলিংগ 
দেখা পাম নিজৰেই আন এটা ৰূপ 
শিলত খোদিত সপোন।
——————————
চাকনৈয়া
চয়নিকা ভূঞা 

কৈ থকাৰ দৰেই কথাবোৰ যদি সহজ,
দেখি থকাৰ দৰেই 
পৃথিৱীখন যদি সৰল হ'লহেঁতেন 
কোনেও কাৰোৰে বাবে
ইমান হামৰাও নাকাঢ়িলেহেঁতেন

চকুৰে দেখি থকা কথাবোৰ সঁচা নহ'বও পাৰে
অন্যথা 
দুখৰ মেটমৰা বোজা 

কথাবোৰ বুকুত জন্মে
সংগোপনে বাঢ়ে  ভৰ

সুদূৰত এটা বাট 
সুদূৰত এটাই বাট

তাতেই এটি 
জালিকটা সপোন  ।
——————————
কবিয়ে ভবা কথাবোৰেই
সংকেশ্বৰ কোঁচ

কবিয়ে ভবা কথাবোৰেই
আজি ওৰেতো ৰাতি 
জিৰজিৰ জিৰজিৰ বৰষুণ দিছিল
চোতালত শব্দবোৰ ঠাহ খাই
পানীৰ টোপালবোৰৰ দৰে
ময়ে চিয়াঁহী
মোৰ কবিতাত ময়ে বিলিঙি গৈছিলোঁ
ইকাটিসিকাটিকৈ

কবিতা এদিন পথাৰ উপচি
আহিনত সেউজীয়া ধাননি
আঘোণত সোণগুটি সোণোৱালী সপোন
মানুহৰ হেঁপাহ
জীৱন জীৱনকৈ
দূৰৈৰ দিক্‌চৌ বাটৰ লগৰী আছিল

সভ্যতাৰ সাতোৰং ৰামধেনু
ৰামায়ণ মহাভাৰত চৈধ্যশাস্ত্ৰ ওঠৰ পুৰাণ
কবিতাৰে অনৰ্গল জয়যাত্ৰা
মানুহৰ বুকুবোৰ আজিও 
তাহানিৰ সমান শব্দৰে 
ৰঙীন 
ভাবুক
সচেতন
অধ্যৱসায়ী
কাৰ্যদক্ষ
সক্ষম আদি

কোনে কয়ঃ
কবি আজিও পৃথিৱীৰ প্ৰশাসক নহয়
আজিৰ বুকুৰ ভাষা
জীৱনৰ ৰং
মানুহৰ আস্ফালন
স্বভাৱ-চৰিত্ৰৰ অংকন
বেদব্যাস বাল্মীকিয়ে 
তেতিয়াই খোদিত কৰিছিল শব্দৰ বুকুতে
মানুহ
মানুহৰে ঈশ্বৰ
কাৰণ মানুহক হাত দিলেই
ঢুকি পায়


কোনোবাই ক’ব পাৰিবনে 
আমাৰ মাজত ৰাম নাই ৰাৱণ নাই
স্বজনতোষণ
ঘৰ ঘৰ
মাটি মাটি যুদ্ধ নাই
এক পুৰুষে নাটে
চৈধ্যপুৰুষৰ সপোন দেখা মানুহ কোনো নাই

চৈধ্য পুৰুষ নহয়
শত পুৰুষৰ অৱতাৰী ঈশ্বৰজন
ৰামায়ণ মহাভাৰতৰ শব্দৰ ৰথতে 
পাখিঘোঁৰা উৰি আহি 
আজিও আমাৰ বুকুতে পৰেহি
সেই বুকুৰে 
স্পন্দন 
ধপধপনিৰে
সিৰাধমনীৰ তেজে তেজে
তেজাল
তপ্ত 
উদ্দীপ্ত
মানুহ 

ঈশ্বৰে কবিকে নিয়োগ কৰে
ক’বলগীয়াবোৰ ক’বলৈ
কবি ঈশ্বৰৰ কুশল বাহক
হৃদয়বোৰ বেৰ
ৰহ ৰহ
উনাই উনাই শুন

ধৈৰ্য্যহীনৰ ঈশ্বৰ নশ্বৰ।
——————————
গান
গীতাৰ্থী ঠাকুৰ

পৃথিৱীৰ গান
আত্মাৰ গান
চেতনাৰ গান।

বুকুত লৈ সমস্ত বোজা
কঢ়িয়াই ফুৰোঁ মই শালিকী কুটা।

সৃজনৰ আৱেগত হৃদয় পাষাণ
কবৰত সৌৱা কৃপাণৰ নিচান।

হানি-খুঁচি উলিয়াই হাড় মাংস তেজ
চেপি-চেপি খান্দে মোৰ সেউজীয়া বেশ।

তথাপিও জীয়াই থকাৰ তীব্ৰ বাসনা জাগে
সেয়ে ভগা বীণখনিত মোৰ 
এটা সুৰ বাজে।

বীণাৰ তাঁৰত শীৰ্ণ আঙুলিৰ বুলন 
শেষ-স্বৰ কোমল নি...

নিদানৰ গান
এন্ধাৰে বাকুহা কেঁচা ঘাঁৰ গান
তেজৰ গান
কলিজাৰ উহঁত শুই পৰা গান
কোনেও নুশুনা নোগোৱা গান

পৃথিৱীৰ গান
হয়,এয়া পৃথিৱীৰ গান।
——————————
চকা
নীলম শৰ্মা

বৃত্তীয় গতিত বাগৰি ফুৰে 
চকা,
লয়বদ্ধ নাচোন পদাৰ্থ কণিকাৰ,
আজি যি শিৰোগত 
কাইলৈ পদানত,
চকা ঘূৰ্মুটিয়াই ফুৰে 
আপোনভোলা হৈ ।
—————————

সুৰৰ সম্ৰাট
তৃষ্ণামনি বৰা

হে সুৰৰ সম্ৰাট 
আই ধৰিত্ৰীৰ কোলাত তুমি 
আজি চিৰ নিদ্ৰাত 
তোমাৰ বাবে যে
নিস্তব্ধ,নিতাল আজি বসুুমতী
কিন্তু...
সৰগত যেন তোমাক আদৰাৰ ভীষণ প্ৰস্তুতি
কোন তেওঁ ?
তেওঁৰ নাম জুবিন ,
সুৰৰ যাদুকৰ
তেওঁ সুৰেৰে মুহিব পাৰে 
প্ৰত্যেক জাতি,ধৰ্ম,বৰ্ণৰ অন্তৰ 

তেওঁৱেই সেইজন যিজনে মৃত্যুৰ পিছতো ৰচি গ’ল খোদিত শিল আৰু জনতাৰ কাৰেঙত সদাজাগ্ৰত ইতিহাস

তেওঁৱেই শিকাই থৈ গ’ল মানৱপ্ৰেম,পশু প্ৰেম,প্ৰকৃতি প্ৰেম, সাংস্কৃতিক প্ৰেম আৰু যে কত কি ?
এই সকলোৰে মাজত যেন কেৱল তেওঁৰেই মায়াময় গীত

তেওঁ নাই ক’ত ?
উৎসৱত তেওঁ
আনন্দত তেওঁ
বিৰহত তেওঁ
হতাশাত তেওঁ
হৰিৰ নাম স্মৰণত তেওঁ
আল্লাৰ নাম স্মৰণতো তেওঁ
কোটি কোটি অনুৰাগীৰ
 হৃদয়ৰ কোণে কোণে তেওঁ 

বিদায় বেলিকাতো শোকাৰ্ত অন্তৰে অন্তৰে বাজিছে 
তেওঁৰেই মায়াময় গীত
দপ্ দপ্ কৈ জ্বলি উঠা
চিতাৰ কাষত
অশ্ৰুসিক্ত নয়নেৰে
মায়াবিনী ৰাতিৰ বুকুত
সহস্ৰজনৰ মুখত...

প্ৰতিটো গীত যেন নিজৰ-দাহৰ বাবেই ৰচিলা 
তেজ মঙহৰ মৰম নেওচি আজি সচাকৈয়ে কেৱল ছাই হৈ ৰ’লা 
কিন্তু...
পৃথিৱীক জগাই দিলা 
সাংস্কৃতিক সন্ত্ৰাসবাদৰ মুখাখিনিকো তচনচ কৰি পেলালা...

হে সুৰৰ সম্ৰাট তোমাক কিদৰে দিওঁ বিদায় 
নাই...
নোৱাৰিম...
——————————
জুবিন---
নামেই যাৰ তৰোৱাল
অনুস্মিতা ফুকন

বিশ্বখন যেতিয়া শুই পৰিছিল
মাতাল নিশাত 
এটা কন্ঠই গোটেই আকাশ পোহৰাই ৰাখিছিল

জাতিয়ে যেতিয়া 
ভৱিষ্যত হেৰুৱাব ধৰিছিল
তেওঁৰ 
এটা শব্দত আইৰ শুৱলা মাতে পুনঃ জীপাল হৈ উঠিছিল

প্ৰতি নিশাত গিলিপ তিতি গ'লে
সপোনপিপাসু মনত ভয়ে টোকৰ দিলে
প্ৰাপ্তিৰ অশ্ৰুৱে দুওঁঠ জিলিকালে
তেওঁৰ সুৰৰ ঝংকাৰে জীৱন উপহাৰ দিছিল

প্ৰকৃতিক জীপাল কৰি তুলিবলৈ
আৰ্তজনৰ মুখত হাঁহি বিৰিঙাবলৈ 
তেওঁ সদায় বটগছ হৈ থিয় দিছিল

বিঃদ্ৰঃ - 
তৰোৱালখন ভগৱান আছিল।
——————————
সিপাৰে ঋতু বসন্ত
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

জীৱননদীৰ সিপাৰেও সূৰুয উঠে
বৰহমঠুৰীয়া ৰ’দে জলমল
অলেখ ৰক্তজবা পলাশ ফুলে
সিপাৰে ঋতু এটাই
বসন্ত...
———————————
মৃত্যুঞ্জয়
গণেশ বৰ্মন 

পাৰ্থিৱ মৃত্যুৰে অন্ত নহয় তোমাৰ জীৱন 
মৃত্যুক জয় কৰি আকৌ
জীৱনৰে অন্য এক যাত্ৰা

নৱজীৱনৰ নতুন পৰিক্ৰমা
দপ দপকৈ জ্বলা
চিতাজুইকুৰাই পুৰি ছাই কৰিব নোৱাৰা
এক সত্তা
পানীত , মাটিত মিলি নোযোৱা
আকাশে-বতাহে লীন নোহোৱা
এক অমোঘ চেতনা  ।

কৃষ্টিৰ অক্ষয় বন্তি আজি জ্বলিছে
হৃদয়ে-হৃদয়ে জ্বলি আছে
চিৰ-উদ্দীপ্ত একুৰা জুই  
--------------------
আই
দেৱ দাস 

কবিতা কবিতা লগা
মোৰ আই

মানে মোগলে মৰান 
কলেৰা হাইজা বসন্ত
মহামাৰীত বিলাই নাই

আইৰ বুকু
চপৰা চপৰে খহে 

হৃদয় উজাৰি
লুইতে বিনায় 

আই
তোৰ বুকুত
দুৰ্যোধনৰ হুতাহ আজিও 

চাৰিওদিশ 
মদে মঙহে
পঞ্চমকাৰত 
আইৰ বুকু থান-বান

সঁচা 
সাৰ পাই উঠিব আই
সাৰ পাই সিদিনাই
দাউ-দাউকৈ
জ্বলি উঠিব 
দুষ্মনৰ চিতা জুই কুৰা 

আৰু
উভতি আহিব আই
জীৱনৰ সঁচা স্বাধীনতা ।
——————————
এগৰাকী সঁচা প্ৰেমিক
গুণজিৎ শইকীয়া

ৰৈ ৰৈ বিনাবলৈ যো-জা কৰোতেই 
কণ্ঠটো আধৰুৱা হ'ল
সঁচাকৈয়ে সাগৰ তলিত 
শুই পৰিল কাকো নোকোৱাকৈ
জুবিন,আমাৰ হিয়াজালী  !

শিশুসূলভ সৰলতাৰে
মানুহৰ মন মুগ্ধ কৰা 
'পাগল' প্ৰেমিকজন,
নিস্পাপ হৃদয়েৰে 
পশু পক্ষীক আদৰ কৰা মানুহজন
গছ ভালপোৱা প্ৰকৃতি প্ৰেমীজন 
মৰম আকলুৱা দৰদী কণ্ঠশিল্পী জন
আধাবাটতে হেৰাই গ'ল !
 
হৃদয়স্ৰোতৰ পৰা জনস্ৰোত হৈ 
বৃদ্ধি কৰিলে অসমৰ আয়তন
পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰ বিয়পি  !

হৃদয় পৰশি যোৱা বক্তব্যেৰে
ইতিহাস ৰচনা কৰিলে তেওঁ,
মানুহক দুখ দি ভগৱানক পূজা কৰিলে
বেয়া পোৱা মানুহজন,
জাত-পাত আৰু ধৰ্মৰ উৰ্ধত থাকি
ভগৱানৰ অস্তিত্ব নমনা জনে 
খোদিত কৰি থৈ গ'ল 
অসমী আইৰ বুকুত বিৰল নিদৰ্শন !

নিপীড়িত, বঞ্চিতৰ নিৰ্ভীক বন্ধু
জীৱ জগতৰ সঁচা প্ৰেমিক
হে শিল্পীপ্ৰাণ মৰমৰ জুবিন
তোমালৈ যাচিলো 
হিয়াভৰা শ্ৰদ্ধাঞ্জলি !
——————————
অথচ 
ড০আদিল আলী 

মোৰ জানো 
ইমান সাহস আছে 
ঘৃণাৰ গভীৰ সাগৰ পাৰ হৈ 
অচিন পাহাৰৰ টিঙৰ ৰঙা গোলাপৰ সুমধুৰ গোন্ধৰ ঘ্ৰাণ 
ল'বলৈ 

বিষাক্ত অহং ভাৱৰ বেৰ ভাঙি 
চিৰযৌৱনা ফুলনিৰ সুমিষ্ট মধু পান কৰি 
তাইৰ বাবে মই 
মৰিশালিৰ এটি গেলা গোন্ধ হৈ পৰা চৰাই হৈ 
তাইৰ হৃদয়খনৰ 
তৰাং বননিত এটি মিঠা হাঁহিৰ ছবি আঁকিবলৈ 
মোৰ জানো 
ইমান সাহস আছে 

বহু আকাঙ্ক্ষাৰ মাজত মই 
নিঃসঙ্গ হৈ 
বিচাৰো 
সন্দিহান হৈ পৰা 
তাইৰ বিশ্বাসৰ চকুযুৰি 
আৰু 
বিচাৰো এখন কোমল,নিষ্পাপ,
মৰমেৰে ভৰা 
বহল হৃদয় 

কিন্তু 
কিয় জানো 
আজিও 
ঈশ্বৰৰ দৰে 
অদৃশ্য হৈ আছে 
সেই 
মোক ভালপোৱা হিয়াখনি 

মোৰ চিন্তাবোৰ আহিনৰ শুকুলা ডাৱৰৰ দৰে আকাশৰ বুকুত 
নিঠৰুৱা হৈ 
ইফাল-সিফাল 
দৌৰি আছে 

নিৰুত্তৰ হৈ 
মোৰ
মন বহি পৰিছে 
শৰতৰ অকলশৰীয়া নৈৰ ঘাটত 

মই 
ক'ব নোৱাৰাকৈয়ে 
নৈপৰীয়া কোমল বতাহ কোবাই 
এটি 
মিঠা সোঁৱৰণীৰ প্ৰাণখোলা হাঁহি 
অকস্মাত্ 
দুখৰ বাটেৰে 
ওভতি আহি 
মোৰ হুমুনিয়াহত ঢলি পৰিছে 

অথচ 
পালন নকৰে 
তাই 
মৰমৰ অংগীকাৰ । 
—————————
আৱৰ্জনা
হেমেন হাজৰিকা

জীৱনৰ বহু অলাগতীয়াল
কথা থাকে
প্ৰশ্ন থাকে
উত্তৰবোৰ সুদুৰ পৰাহত ।
সকলো এতিয়া
কিনিব পাৰি
বেছিব পাৰি
সকলো সুলভ হ'ল
আনকি মৃত্যুও।
জীৱন ধুষৰ হৈ পৰিল
আৱৰ্জনাৰে ভৰিল
বাস্তৱ আৱৰ্জনা
ডিজিটেল আৱৰ্জনা।
ইয়াক একাষৰীয়া কৰিলে
জীৱনে উশাহ ল'ব নতুনকৈ।
———————————
শান্তিৰ বাবে সংগীত
কবিতা শৰ্মা

শান্তিৰ বাবে সংগীত
কথাষাৰ বৰ প্ৰাসংগিক,
শান্তি আৰু সংগীত
দুয়োৰে মাজত বাজি থাকে
এৰাব নোৱাৰা আত্মীয়তাৰ বীণ৷

এই যে সংগীত,
তাৰো আছে যাদুকৰী মুদ্ৰা
নিচুকনী গীত এটি হৈ
ক্ৰন্দনৰত কেচুৱাটোৰ দুচকুত 
নমাই আনে নিদ্ৰা

এই যে সংগীত,
কোনে কয় ই নিৰুত্তাপ ?
অভিমানী প্ৰিয়তমাৰ অভিমানৰ
হিম শীতল বৰফ গলাই পেলাবলৈ
ইয়াৰ আছে শক্তিশালী উত্তাপ!

এই যে সংগীত,
মুমূৰ্ষু ৰোগীজনকো দিয়ে
জীয়াই থকাৰ অমৃত৷
আৰু
যুদ্ধবিধ্বস্ত দেশখনৰ,
হিংসা জৰ্জৰিত 
নিঃসহায় জনতাৰ
শেষ আস্বাস, ই ঘুৰাই আনে
মানবতাৰ প্ৰতি বিশ্বাস৷

এই যে সংগীত
মধুময় সংগীত।
———————————
সাগৰ তলিৰ শংখ 
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ

জুবিন সাগৰতলিৰ শংখ হোৱাৰ  পিছৰ পৰাই 
অসমীয়া জাতি সত্তা যেন কৰবাত হেৰাই গ'ল ,
অসমীয়াৰ জাতি সত্তা সাগৰ তলিত হেৰাই যোৱাৰ পিছৰ পৰা
এটাও কবিতা পঢ়িব পোৱা নাই, 
জুবিন নাই,গান নাই, কবিতা নাই 
নাই অসমীয়া জাতিৰ উশাহ ।
জুবিনক লৈ কবিতা লিখিব পৰা নাই
জুবিনৰ গান অসমীয়াৰ প্ৰাণৰো প্ৰাণ
সেই গান ঠেকা খাই চকুপানী হৈ
গাঁও নগৰ পাহাৰ কন্দৰত নিগৰি আছে,
'ৰৈ ৰৈ বিনায়' অসমীয়া জাতিসত্তা
জাতি ধৰ্ম ভগৱান সকলো বিসৰ্জন দি
নিজেই জাতিৰ ভগৱান হৈ
চুবলৈ সক্ষম হ'ল কাঞ্চনজংঘা 
সাগৰতলিত শুৱলৈ উদগ্ৰীৱ জুবিন
সাগৰতেই নিঃশেষ হোৱাৰ পিছত 
এটাও কবিতা লিখা হোৱা নাই ;
অসমীয়া জাতিসত্তা যেন কৰবাত হেৰাই গ'ল,
হেৰাই গ'ল কৰবাত সুৰীয়া সাংগীতিক সুৰ ।
———————————
ন্যায় কেতিয়া ?
ৰাতুল চেতিয়া ফুকন 

 মৃত্যু এক শিল্প বুলি কৈ
আমি বাৰু সহজ কৰিছোঁ নেকি 
মৃত্যুৰ অনুশীলন।
স্বাৰ্থপৰ নীতিৰ মকৰা জালত বন্দী কৰি 
মানুহৰ আবেগ ,
ধৈৰ্য্যৰ পৰীক্ষা কোনে লয় ।
সত্য প্ৰতিষ্ঠাৰ বাট অন্তহীন দীঘল 
এয়া মহাকাব্যিক উদাহৰণ ।
"বিনাশায় চ দুস্কৃতাম
সম্ভৱামি যুগে যুগে "
আশালৈ
বুকুত একো একোটা শিল বান্ধি 
ন্যায়ৰ পদূলিত অনুৰাগীৰ শুভাযাত্ৰা ।
ন্যায় কেতিয়া ?
——————————
তৰাহীন আকাশ
দীপক কুমাৰ তালুকদাৰ

কাৰ এনে সাহস আছে সূৰুযক উপহাস কৰি
ৰাতিবোৰ পুহি ৰাখিব পাৰে
কাৰ এনে ক্ষমতা আছে ন্যায়ক বান্ধি থৈ
কুচক্ৰান্তৰ জাল তৰি থব পাৰে চিৰদিন

কোনেনো মচি দিব পাৰে নিমিষতে এসাগৰ চকুপানী
অথলে যাব পাৰে জানো শত সহস্ৰ শ্ৰদ্ধাঞ্জলিৰ
মানস ফুল
আশিস উপাসনাৰে  শ্মশান থলি যেতিয়া তীৰ্থ হয়
বগাকৈ বগলী বগা ফোট দি যায় তাত

ন্যায়ৰ যুঁজখনৰ হৈ টঙালি বান্ধিছে মানুহবোৰে
এয়া যে হৃদয় জিনাৰ যুঁজ
কূটিল একাবেকা কুচক্ৰান্তত
কোনেনো চাব পাৰে ন্যায়ৰ সকৰুণ  আত্মহত্যা 

আলোকিত কৰি ৰখা তৰাই এনেকৈয়ে গুচি যায়   একান্ত নিজৰ তৰাৰ দেশলৈ !

আজি তৰাহীন আকাশ 
বিষন্ন বিদায় !
——————————
অশৰীৰ খিৰিকীৰ অভিমানী বিপ্লৱী সত্তা
ৰিতুপৰ্ণ শৰ্মা

উন্মনা আৱেগ বিবেগৰ বৈচিত্ৰ স্থিতি
প্ৰতুল ফৰিংফুটা জোনাকৰ ৰাগিয়াল ৰসাল
শুভ্ৰ দলিচাৰ ৰূপালী চূৰ্ণী
হৃদয়ত সজ্জিত আজন্ম ময়ুৰকৃষ্ণা 
সৌন্দৰ্যৰ বিশালতাৰ উপকূল ভৈয়াম
বিশালতাৰ সোঁতত পিঞ্জৰাবদ্ধ সূহুৰি
উটুৱাই নিয়া আত্ম হৃদয়ৰ 
শুকুলা ডাৱৰৰ পখী
নিয়ৰ সনা দূপৰত হালধীয়া জুই
প্ৰাচীন চিঞৰৰ বালিমাহী সোন
সৰাপাতৰ সুৰৰ কোৰ্হাল 
জীৱন জনাৰ নিৰৱধি গতিৰ
জিপাল অসংখ্য জোনাকৰ
পল প্ৰতিপল গুনা-গঁথা উপহাস।
——————————
শৰতৰ শেৱালি
আয়শা ছিদ্দিকা (আছৰি)

গৈছিলোঁ সেইদিনা কোমল ভৰিৰে
 বাটৰ বোকা-পানী গচকি গচকি
তোমাৰ সুগন্ধিত মতলীয়া হৈ
কাৰণ তুমি যে মোৰ প্ৰণয়ৰ আবেগ।

সেই সেউজীয়া শইচৰ পথাৰৰ
সোণোৱালী ৰূপ লোৱা স্বৰ্ণৰাজ্যৰ 
পাৰে পাৰে এখোজ এখোজ কৰি 
আগুৱাই গৈছিলোঁ তোমাৰ কাষলৈ।

আধা বাটতে লগ পোৱা প্ৰণস্পদ 
মৰম বৰ্ষিল মূৰৰ ওপৰত পলকতে 
আৱৰি ধৰিলে মন-প্ৰাণ-দেহ
তথাপি দীঘল খোজ দিলোঁ আগলৈ ।

এখন গাঁও দুখন গাঁও কত যে  গাঁও 
ডেউদি পথাৰ ডেউদি বৰষুণ নেওচি 
বোকা-পানী  গচকি আহিলোঁ তোমালৈ 
কাৰণ তুমি যে মোৰ জীৱনৰ 
প্ৰথম অনুভৱ প্ৰণয়ৰ।

মতলীয়া হওঁ মই বাৰং বাৰ
তোমাৰ মনোমুগ্ধকৰ স্নিগ্ধ সুবাসত 
পাহৰি যাওঁ নিজকে নিজে তেতিয়া
মাথোঁ স্মৃতিৰ ৰাজ্যত তোমাৰ বিচৰণ।
———————————
শৰৎ আহিলে
যামিনী দেৱী

শৰৎ আহিলে
শেৱালি ফুলিলে
নিয়ৰে লগালে মাত
দূবৰি দলিচাত
শেৱালি সৰিলে
মনে মোৰ
বিচাৰে তোমাক
বেনী বনেৰে
মালাধাৰী গুঠিলৈ
আছোঁ যে
তোমাকে বাট চাই
বালি চাপৰিত
কঁহুৱা ফুলিছে
হালিছে-জালিছে
নাচিছে-বাগিছে
তোমাকে বিচাৰে
ইফালে-সিফালে
কপহুৱা মেঘেৰে
কঁহুৱাৰ কান্ধেৰে
হেৰোৱা সুৰটো
আহিছে বগাই

ঝাওবনে খুকুৰিয়াইছে
নদী চাপৰিত
নীলা আকাশত
কাঁচিজোন ওলাইছে
তৰাবোৰে জলেমলাইছে
বালিমাহী চৰায়ে
পখালিছে বালিত গা
আনন্দতে কিৰিলিয়াই
শৰৎ তুমি অহাৰ
উমান পায়।
——————————
প্ৰত্যায়ন
ড° মঞ্জু হালৈ

ভোকৰ নাম যদি এটা জাত হ'লহেঁতেন
উচ্চ-নীচ ক'লা বগা পুৰুষ কিম্বা নাৰী
অথবা এটি ধৰ্ম হোৱা হ'লে ভোকৰ নাম-  ৰাম  ৰহিম ইত্যাদি 
কিম্বা ধুতি লুঙী পাঞ্জাৱী

তেন্তে মই বহিলোহেঁতেন তাৰ বিৰোধী শিবিৰ পাতি।
———————————
আহিনৰ গান
বিকাশ গোহাঁই 

আহিনৰ প্ৰথমজাক বৰষুণে
তিয়াই থৈ গ’ল
মোৰ গেঁৰ ধৰা ধাননি পথাৰ।
দুচকুত আঁকি থৈ গ’ল সপোন হেজাৰ।
মোৰ ধান বাঢ়ক
লহপহকৈ,
মোৰ গান আহক
ভৰপক হৈ।
গানৰ বঁকিয়াইদি বৈ যাওক চকুলো চহাৰ।

আহিনৰ প্ৰথমজাক কুঁৱলীয়ে
ঢাকি থৈ গ’ল
মোৰ গেঁৰ ধৰা ধাননি পথাৰ।
দুচকুত সানি থৈ গ’ল সপোন হেজাৰ।
———————————
তোমাৰ চকুৰ পানীৰ মূল্য 
চেনেহী ডেকা

আমাৰ কঠোৱা হৃদয়ে 
তোমাৰ চকুৰ পানীৰ মূল্য 
বুজিব বুলি তুমি কেনেকৈ ভাবিলা?

আমি যে অতি নিষ্ঠুৰ মনৰ মানুহ 
তোমাৰ সৰলতা খিনিয়ে 
ঢুকিয়েই পোৱা নাই 
বুজিবলৈ হয়তো বহু যোজন বাকী।

তোমাৰ অকপট মৰমৰ লগত 
চোৱা! আমি কেনেকৈ হেতালি খেলিছো ?
সকলো স্পষ্ট প্ৰমাণ থকাৰ পিছতো
কেনেকৈ আইনৰ মেৰপেছত 
সুমুৱাই দিছো চোৱা।

অপেক্ষা কৰি কৰি 
ন্যায় বিচাৰি বিচাৰি তুমি 
হয়তো এদিন ভাগৰি পৰিবা 
তোমাৰ চকুৰ পানী বোৰ 
শুকাই যাব এদিন 
গোট মাৰি বৰফ হ'ব ।

তথাপিও আমিতো তোমাক 
তোমাৰ চকুৰ পানীৰ মূল্য 
দিম বুলি কেতিয়াও ন'কও 
কাৰণ আমাৰ হৃদয় বোৰ 
কঠিন শিলতকৈও বেচি কঠিন 
তুমি চাগে অনুভৱে কৰিব পৰা নাই ।

সেয়েহে তুমি ন্যায় বিচাৰি হাহাকাৰ কৰিছা
দুমুখীয়া স্বাৰ্থপৰ মানুহ বিলাকে 
কিমানেইবা বুজিব তোমাক?

কিন্তু!তুমি আশাবাদী সেয়েহে 
ইমান ৰাতিও সমাধি স্থলীত 
বোৱাইছা চকুলো
কান্দি কান্দি বিচাৰিছা ন্যায়।

কিন্তু চোৱা! আমাৰ পাষাণ প্ৰতিমা বোৰে 
এতিয়াও কেনেকৈ শান্তিত ঘুমতি মাৰিছে 
তোমাৰ সেই চকুলো দেখিও 
আমাৰ পাষাণ হৃদয় কেতিয়াও 
বিগলিত নহয় বুজিছা।

মিছাতে বৃথা চেষ্টা কৰিছা তুমি 
তুমিযে তেনেই নিমাষিত, আজলী 
আৰু তাৰেই সুবিধা গ্ৰহণ কৰি 
তোমাৰ হৃদয়ৰ মণিটোক 
কাঢ়ি নি ৰং চাইছো আমি 
তুমি হয়তো বুজিবই পৰা 
নাই।
—————————
অন্ধ নিশাৰ গভীৰতা
পাপুজ্যোতি পেগু
                           
আঁউসীৰ ক'লা আঁচলে ঢাকিলে ধৰণী,
আকাশত নাই জোন, তৰাৰো নাই জিলমিলনি।
গভীৰ অন্ধকাৰ, চৌদিশে নিমাওমাও,
নিস্তব্ধতাৰ ৰাজত্ব, নাই কোনো সাৰ-সিকটিও।
দূৰণিত কুকুৰৰ এক গভীৰ ভুকনি,
পাতৰ আঁৰত জিলিৰ অবিৰাম বিননি।
বতাহৰ স'তে গছৰ পাতৰ ফুচফুচনি,
অন্ধ নিশাৰ এইবোৰেই যেন আপোন সাৰথি।
অকলশৰীয়া মনত হাজাৰ ভাৱনাৰ ঢৌ,
পুৰণি স্মৃতিয়ে আহি দিয়েহি আমনি।
কেতিয়াবা শান্তি, কেতিয়াবা বিষাদৰ ছাঁ,
এই অন্ধ নিশাই যেন মনৰ দাপোনখনি।
ৰহস্যময়ী এই ৰজনী, গভীৰ তাৰ ৰূপ,
সপোনৰ দেশলৈ নিয়ে মনে মনে।
প্ৰকৃতিয়ে লয় জিৰণি, শান্ত, নিশ্চুপ,
নতুন পুৱাৰ বাবে সাজু হয় গোপনে।
অন্ধকাৰ আঁতৰাই আহিব সোণালী পুৱা,
ৰঙা বেলিৰ কিৰণে ভাঙিব এই নিস্তব্ধতা।
কিন্তু এই অন্ধ নিশাৰ গভীৰতা,
মনত ৰৈ যাব এক মিঠা অনুভৱ হৈ, চিৰদিনলৈ।
——————————
গৰিমা হোৱাটো সহজ নহয়
জ্যোতিষ্মান শইকীয়া

অ' জুবিন
তুমি মোক কিয় এনে পৰীক্ষা দিলা?
তেওঁ গ’ল — কিন্তু দি গলা জ্বলি জ্বলি হোৱা ছাই,
প্ৰতিদিন নিশাই বিনায় তেওঁৰ হাঁহিৰ দৰে কোনোবা আত্মাই জগাই বাৰে বাৰে
নিদ্রাহীন চকুত কেৱল তোমাৰ হাঁহি—
দাউ দাউকৈ জ্বলি উঠা মোৰ হিদয়ৰ স্পন্দন এজাক
হঠাতে এটা হুমুনিয়াত স্তব্দ হব ধৰিছিল
নিগৰি বৈ গৈছিল ধাৰাসাৰ  চকুপানী
উঃ কি যে কষ্টকৰ সময় ।
তেওঁ নাথাকিলেও সেন্দুৰকণ থাকিব জানো জিলিকি ?
তেওঁ নাথাকিলেও সময়ে হেৰুৱাব নেকি স্মৃতি?
সেইকাৰণে তেওঁ সময়ক ভয় কৰিছিল ।
বহুত মানুহ কৈ যায় — “গৰিমা, তুমি শক্তি হোৱা,মনোবল নাভাগিবা”
কিন্তু ক’ত পাওঁ সেই শক্তি,
যত মোৰ শক্তিৰ নাম আছিল — জুবিন।
পূৰাব পাৰিব  আনে সেই সময় ?
যেতিয়া মোৰ  এটুপাল চকুপানী পাই,
কফিনটোৰ ভিতৰৰ যদি তেওঁ আঙুলি কঁপায়,
ভস্মহৈ যোৱা চিতাৰ পৰা যেতিয়া আত্মা ওলায় 
আৰু মোৰ কাষত হাতখন থৈ জিৰায়,
এইবোৰেই হয়তো ৰাতি তেওঁ মোক আহি জগোৱাই
 — “তেওঁ তাত ভাল আছে”তুমি থাকিব লাগিব ।
কিন্তু মোৰ প্ৰশ্ন — মই কেনেকৈ ভালে থাকোঁ?
"ভাগৰি নপৰিবা গৰিমা,উঠা জীৱন মনে যুঁজিব শিকা ।
তুমি মোক ন্যায় দিব লাগিব।  
মোৰ আত্মাই বহুত কষ্টত আছে মোক শান্তি দিয়া ।
উঠা , তুমি মোৰ সাহসৰ ,উঠা গৰিমা ।"
মোৰ বাবে হাজাৰজনৰ উতৎকন্ঠাৰ শক্তি তুমি 
হোৱা।"
মই নোৱাৰা হৈছো জুবিন
মই ভাগৰি নাই,জীৱন হেৰুৱা নাই
যন্ত্ৰণাৰ বিষবোৰ হেঁচি হেঁচি কিমান সহিম
তোমাক হেৰুৱাৰ যন্ত্ৰণা নে ন্যায়ৰ বাবে যুঁজিম
হিয়া উজাৰি চিঞৰিম 
কান্ধি কান্ধি মাটিত শুই পৰিম
তেওঁক ন্যায় দিয়ক
আমাক ন্যায় দিয়ক ।
———————————
এজন  সৈনিকৰ  মৃত্যুত  
শিল্পীৰেখা চেতিয়া গগৈ 

এতিয়াচোন সকলোতে  তেজৰ দাগেই দেখা পাওঁ
জাতীয় পতাকা খনতো যেন তেজ!
মৰমৰ ভাইটোৱে লৈ ফুৰা  
বন্দুকৰ নালটোটো তেজৰ  চেঁকুৰা।
কেচেমা কেচেম গোন্ধোৱা  
তাৰ হাতৰ তলুৱাত লাগি  থকা  
তেজৰ চেঁকুৰাবোৰে মোৰ  টোপনি হৰে ।
সাৰপাই উঠা বীভৎস   ভয়ঙ্কৰ মুখবোৰ 
একোটা ভয়ানক দৈত্য হৈ পৰে।
বুকু ভঙা চেপা কান্দোনত  
উকা কপালখনত পৰা   হাতুৰীৰ কোবত 
তাইৰ ডেউকা ভাগে  ।
মনৰ অট্টালিকা খহি পৰি  তাই কুঁচিমুচি
বহে
হৃদয়ৰ  জোলোঙাত  বান্ধি  ৰখা সপোনবোৰ 
কাঁচঘৰৰ দৰেই খহি পৰে ।
অজান আশঙ্কাত প্ৰস্ফুটিত  শৰীৰটোত হাত বোলাই  
তাই ভাগৰি পৰে ।
——————————
বুকুত কঢ়িয়াই ফুৰা জুইকুৰা 
অঞ্জনা ৰূপা দাস

অমানৱীয় অবিবেচকৰ অবিচাৰ 
বিশ্ববাসীয়ে কৰে হাহাকাৰ 
যাৰ অবৰ্তমানত বুকুয়ে বুকুয়ে
কঢ়িয়াই ফুৰিছে জলন্ত একুৰা জুই
গীতৰ গভীৰতা,সুৰৰ মাধুৰ্য উচ্চাৰণৰ শ্ৰদ্ধা 
অভিনয় দৰ্শকৰ মানসিক খোৰাক 
প্ৰেম,যৌৱন, ঋতু,প্ৰকৃতি 
সৃষ্টিত দেখোঁ জীৱন জ্যোতি 
অনুভৱী মনৰ অন্যায় অবিচাৰৰ বিক্ষোভ আচৰণ
যাবতো নালাগিছিল;
গুচি গ'ল তথাপি
নে যাবলৈ কৰালে বাধ্য
সিও ৰহস্য হৈ ৰ'ল
 
বুকুয়ে বুকুয়ে জ্বলিল সন্দেহৰ অগনি
নিয়ম মাফিক নহয়
স্বত:স্ফুৰ্তভাৱে বন্ধ 
আপোন হাতে গঢ়া বৰ অসম
 স্তব্ধ বিশ্ববাসী

হিয়াৰ শিল্পীলৈ দৰদ কিমান!
অভিলখকৰ নায়ক-
অবৰ্তমানত দেখালে জীৱনৰ মহত্ব 
মৃত্যুঞ্জয় সত্তা বিশ্ববন্দিত হৈ
গীত আৰু সুৰেই যাৰ পৰিচয়
সেই অনন্য অমৃত কণ্ঠই
হৃদয়ে হৃদয়ে সাজিলে বৰঘৰ।
অগণন জনতাৰ সমদল অভিলেখ 
শ্মশানক‌ তীৰ্থস্থান কৰি
নিজৰেই সৃষ্টিৰ প্ৰাৰ্থনাত 
জীৱ জগতৰ শ্ৰদ্ধাঞ্জলি 
এক অপাৰ্থিৱ ৰূপ।
অসমীয়া জাতিৰ বাটকটীয়া 
প্ৰেৰণাৰ অমৰ গাঁথা 
কোনোকালে হেৰুৱাব নোখোজা
প্ৰতিভাৰ আকৰ, হিয়াৰ মণি
আজীৱন পাহৰিব নোৱাৰা 
অপঘাত মুত্যুৰ বুকুত লৈ ফুৰা প্ৰতিবাদী জুইকুৰা 
আবেগৰ জুইৰে নিৰ্বাপিত নকৰি
আসুৰিক শক্তি বিনাশিবলৈ
অবিনাশী আত্মা, মহাকণ্ঠ মহাশক্তি
বজ্ৰাস্ত্ৰ হৈ
হৃদয়ে হৃদয়ে জীয়াই থাকিব চিৰ কাললৈ।
——————————
প্ৰতিবেশী 
ৰূপা ৰাণী দেৱী

 চেহেৰা দেখিলেই  বুজো 
নকৰিবা ভেদ্‌  চুবুৰীয়া লোক 
নহ’বা চকু চৰহা  ৷
চকু চৰহাৰ নাই কোনো সুখ 
মিলি —জুলি থাকিলেহে বেহা ৷৷
দুদিনীয়া সংসাৰ    নাই কোনো ঠি্‌ক 
মিলিলে মৰণ সাকোঁ 
কোননো আপোন   কোননো পৰ 
মুদিলেই দুটি নয়ন ৷
সুখৰ দুখৰ   তোমালোকেই লগৰ 
আৰুনো আপোন কোন  ৷
দেখিলে মাতিবা মিঠা মাত এষাৰি 
মোকলাই অন্তৰ দাপোন ৷
তুমি মোৰ প্ৰতিবেশী 
মইও তোমাৰ প্ৰতিবেশী  
সেয়েহে ভেদাভেদ পৰিহৰি 
অন্তৰৰ দাপোণত চোৱাঁছোন এবাৰ 
দেখিবা , কতযে আনন্দ মনৰ কোঠাত ৷৷ 
আশাৰ ৰেঙনি কঢ়িয়াই অনা  বেলিটো 
ক্ৰমাৎ ধাৱমান হৈছে   পশ্চিমৰ দিশে 
আহাঁ তেন্তে মিলন সেতু  গঢ়ি আমি 
অগ্ৰসৰ হওঁ ।
————————————
জুবিনদাৰ গানৰ তালে তালে 
বাহাৰুল ইছলাম 

হয়ৰাণ আজি
মাজুলীৰ দুখ পোৱা সেই ছোৱালী জনী
হয়তো হৃদয় বিদাৰী বিচাৰিছে 
কোনেও খবৰ এটা নকৰিলেও 
তুমিয়েই চোন তাইৰ কষ্ট বুজি পাইছিলা ।

মায়াবিনী ৰাতিৰ বুকুত 
আধৰুৱা সপোনক থৈ গুচি গ'লা
সজীৱ হৈ থকা দৃশ্যবোৰে লগ নেৰে চিৰদিন
চাইকেলেৰে টিউচন যোৱা 
পিছে পিছে তাই যোৱা 
বেকাবেকিকৈ চাই থকা
কলেজৰ কেন্টিনৰ গজা,চিঙৰা খোৱাৰ 
কি যে ময়াপী দৃশ্য!

আকাশ চুবৰে মনে 
উৰিব লৈ গ'ল ওপৰৰ পৰা ওপৰলৈ 
পাখি লগা মনে কিয় বাৰে বাৰে মাতে
সাগৰৰ তলদেশত 
আকাশে ৰিঙিয়াই মাতোতে দেখোন 
হঠাতেই উৰি গুচি গ'লা ।

মায়া মায়া মাথোঁ মায়া 
চৌপাশে সিঁচৰতি মৰমে মাথোঁ বিচাৰে মৰম
উজনিৰ ৰেলখনি ৰৈ আছে এতিয়ালৈ
জোনমনি,ৰুণজুন, অনামিকা,মেঘালি 
আৰু কতজনে হয়তো ৰেলগাড়ীতেই আছে
কেৱল তোমাৰ অপেক্ষাত
মাছলৈ যাওঁ বুলি নগ'লা 
ল'ৰাৰ মাকে বৰকৈ বিচাৰিছে 
আহে বা নাহে বুলি।

গানে কি আনে সুৰৰ সোপানে সোপানে 
আহে বা নাহে মতলীয়া বতাহজাক 
আজি জোনাকৰ দেশত অভিমানী মন
তাৰ পৰাই শুনা গৈছে 
আগলি বাঁহৰে গগণাৰ সুৰ।

কোনে মচি দিব
ৰাস্তাৰ কাষৰ সেই মগনীয়াজনৰ চকুলো? 
কোনেবা সান্ত্বনা দিব পথৰ দাঁতিৰ 
সেই দুখীয়া হোটেলৰ গৰাকীক
কাৰ পৰশত হাঁহি বিৰিঙাব 
হাত,ভৰি নথকা সকল?

কোনে খুৱাই দিব সেই ভোকাতুৰ কুকুৰবোৰক 
শুভ্ৰ বগলীজনীও যেন পাখি মেলি চাই আছে 
একেথৰে জুবিন দা যোৱাৰ বাটলৈ 
নাহৰ জোপা দেখোন মৰহি গৈছে 
আগতিয়াকৈ
আৰু তুমি!
আলহী হৈ গুচি গ'লা অজান ঠাইলৈ।

নায়ক আৰু মহানায়ক হৈ উৰিছা
অনুৰাগী আৰু শুভাকাংক্ষীয়ে চকুলোৰে গাইছে 
এৰি নেযাবি নেযাবি যাবি লগতে লৈ
বিচাৰিছে কাষতে 
চোৱানা এবাৰ তুমি 
কেৱল ৰৈ ৰৈ বিনাইছে।
—————————
প্ৰাণৰো  প্ৰাণৰ 
সুপ্ৰীতি  বৰুৱা          
 
হে' যুগজয়ী মহান শিল্পী 
প্ৰাণৰো প্ৰাণৰ হে' শিল্পী 
জাতি, ধৰ্ম, ভাষাক একাকাৰ কৰি
গীত মাতৰ বলিষ্ঠ কণ্ঠেৰে
সম্প্ৰীতিৰ এনাজৰীৰে
সবাকে বান্ধিলা,
নিভাঁজ অসমীয়া শব্দৰ 
মালা গাঁঠি গাঁঠি 
সুৰৰ মায়াজাল তৰি
বোৱালা  গীতৰ বন্যা
বুকুৰ স্পন্দন

হিয়াৰ আমঠু 
তুমি নাই বুলি কওঁ কেনেকৈ

আকাশে-বতাহে সুৰবোৰ
প্ৰকৃতিয়ে পিন্ধে
তোমাৰেই গীতৰ ভূষণ,
তোমাৰ কণ্ঠৰ যাদুৰে
কৰিছে  আকূল,
তুমি নাই বুলি কওঁ কোন স'তে?
গীত,নাট, চলচ্চিত্ৰ জগতক
সামৰি সুঁতৰি
চিৰ যুগমীয়া শিল্প সাধনাৰে,
জ্বলালা এগছি অক্ষয় বন্তি।

হে '  যুগজয়ী মহান শিল্পী !
অপ্ৰিয় কোলাহলবোৰ কাটি কৰি 
কিয় গুচি গ'লা আমাক এৰি

তোমাৰ গীতৰ মালিতাবোৰ
হৃদয়ে হৃদয়ে গুঞ্জৰিত
প্ৰতিটো শিশুৱে থুনুক থানাক মাতেৰে গায়
 "মায়াবিনী ৰাতিৰ   বুকুত
দেখা  পালোঁ  তোমাৰ  ছবি--"
সিহঁতৰ কণ্ঠত  হৈ পৰে
সৰল , আকূল প্ৰাৰ্থনা।
আকাশে বতাহে  অনুৰণিত 
কেৱল তোমাৰেই গীত আৰু গীত
“হঠাতে হেৰাল  মোৰ —
ঠাইতেই অচিনা———৷“

লাখ লাখ জনতাৰ হৃদয়ে হৃদয়ে
চোতালৰ জোনকবোৰ
ঘনঘোৰ আন্ধাৰে 
আৱৰিছেহি৷

হে মহান শিল্পী
তুমি অমৰ
এগচি অক্ষয় বন্তি৷
——————————

Post a Comment

0 Comments