—————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------
—————————————————
বাটচ’ৰা
সম্পাদকীয়...
মই এটা কথাত বিশ্বাসী যে কোনো মঞ্চই কবি বা সাহিত্যিক জন্ম দিব নোৱাৰিলেও বহু প্ৰতিভা অকালতে মৰহি যায় উপযুক্ত মঞ্চৰ অভাৱত।
"পষেকীয়া কাব্যকানন" প্ৰধানকৈ নবীন কবিৰ কাব্য চৰ্চাৰ মঞ্চ। আমি গৌৰৱ অনুভৱ কৰোঁ এই বাবে যে সাম্প্ৰতিক সময়ৰ কেইবাগৰাকীও উদীয়মান কবি এই কাব্যকাননৰে সৃষ্টি।
নবীনৰ লগতে বহুকেইগৰাকী প্ৰতিস্থিত কবিয়ে আলোচনীখনত নিয়মীয়াকৈ লিখি আহিছে।এই আপাহতে নবীন-প্ৰবীণ সকলো কাব্যনুৰাগীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
———————————
অনুবাদ কবিতা
Mulberry...
Sabeer Haka, Iran
Translated from Farsi by Nasrin Parvaz and Hubert Moore
Have you ever seen
mulberries,
how their red juice
stains the earth where they fell?
Nothing is as painful as falling.
I’ve seen so many workers
fall from buildings
and become mulberries.
নুনিপকা
ছাবিৰ হাকা, ইৰাণ
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
কেতিয়াবা নুনিপকা এটা দেখিছানে,
য'তেই পৰে, ইয়াৰ শোণিতপ্ৰবাহে ভূমিত দাগ পেলায়?
থেতেলাখোৱাতকৈ বেছি বেদনা আৰু একোৱেই নাই৷
মই বহু শ্ৰমিক দেখিছোঁ অট্টালিকাৰপৰা পৰি যোৱা,
নুনিপকালৈ পৰিণত হোৱা৷
———————————
ব্লিদিং হাৰ্ট
ৰেখা বৰকটকী
একেজনা শিল্পীৰ
সুনিপুণ শিল্প
এজোপা মৰতৰ ফুল
নাম হেনো "ব্লিদিং হাৰ্ট"...
কলিজাৰে বৈ যোৱা তেজৰ দৰে
ফুলা বিচিত্ৰ ফুল
এৰা! হ'ব পাৰে
পাতৰ আঁৰত কঢ়িওৱা
মিলন ভাস্কৰ্য
কিম্বা আলসুৱা হৃদয়ৰ জীৱন ৰহস্য..
বুকুৱে বুকুৱে সংস্থাপিত
এমুঠি মঙহৰ তেজোদীপ্ত মোহৰ
অজস্ৰ সপোনৰ ৰহঘৰা তাত;
অসীম হেঁপাহ গজালি মেলা
স্নেহ মদিৰাৰ ঘাত।
এটি মাথো স্পন্দন
মৃদু -মধু
শব্দৰ আৱাহন
হৰ্ষ- বিষাদ আৰু সুখ -আহ্লাদ
জয় কৰিব পৰা মিলন বিভ্ৰাত...
ৰঙা ৰঙবোৰ ঘূৰে কোঠালিয়ে
কোঠালিয়ে
যাত্ৰা পথ সলনি নকৰে
নিজ বাটে অহা যোৱা
শব্দৰ ঝংকাৰ তোলা
হাঁহি হাঁহি পাৰ কৰা অপাৰ সীমনা...
———————
"A Tribute to Bleeding Heart "
poet: Rekha Borkotoky
Translation : Sahjahan Ali Ahmed
A piece of fine art
of a skilled artist ,
A flower of the earth
They call it "Bleeding Heart"
A exotic flower
As the blood flowing through the heart
Yea ! May be
A unique sculpture
drawn under the leave's cover
Or life mystery of fragile heart
A blood ablaze seal of a handful flesh
Installed in every chest
In the beehive of myriad dreams,
Germinates endless hope
in the impulse of lovely wine.
Only a throb ,
An invocation
of soft - sweet words.
That which can win
over confusion of union
of delight -joy and grief- pain
The red colours move
room to room
Sans changing route
Come and go by the same alley
The imposing edge
that smiling passes
moves in its own alley
creating jingling noise.
—————————
বিপ্লৱ
মূল: তামিল
কবি: কাশী আনন্দন
অসমীয়া অনুবাদ: দেৱ দাস
পকি চাদৰ পৰা
থু পেলালে
জুপুৰিত পৰিব
জুপুৰিৰ পৰা
থু পেলালে
পকি ঘৰত পৰিব।
—————————
কবিতা
ছবি
চয়নিকা ভূঞা
আঁৰৰ কাহিনীয়ে
হঠাৎ পাতনি মেলে
মই মই হৈ নাথাকো
খেপিয়াই ফুৰা কথাবোৰ
কেতিয়াবা
কাৰোবাৰ ঔৰসত
বেলি ডুবিবৰ হয়
আইৰ মুখত এতিয়াও সেই একেই নিচুকনি গীত
"আমাৰে মইনা শুৱ এ...."
ক'ৰবাত...
এতিয়াও
পোহৰমুখী সপোনৰ জলমল।
——————————
উশাহৰ শব্দবোৰ
পৰশমণি বৰদলৈ
অসহয়তাত
কলমতিয়াই থাকে কত শব্দ
গিলিবও নোৱাৰি
উকুলিয়াবও নোৱাৰি
ঘূৰ্ণী বতাহ বলা দি বলি থাকে
উলটি-পালটি উতলি থাকে
বন্ধ কোঠালিত
কেচেমা-কেচেম গোন্ধ
হুমুনিয়াহ বোৰ গধুৰ হৈ
সৰি থাকে বাটৰ কাষে কাষে
নিসাৰ হৈ নৰ্দমাত
পৰিত্যক্ত হৈ
পদপিষ্ট হৈ
গুমগুমাই থাকে ক্ষোভবোৰ
চেঙালুটি খাই
অজানত
অসহায়তাত কলমতিয়াই থাকে
উশাহৰ শব্দবোৰ
কোলাহলত লুটুৰি পুটুৰি হৈ
দিবা ৰাত্ৰি...
——————————
কাব্যকাননত এভুমুকি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ফেঁহুজালিতেই শব্দ-বৰ্ণৰ ৰহঘৰা বিচাৰি
সোমালোঁ কাব্যকাননত
নৱ, ৰৌচন, শঙ্কৰ, উৎপল
ইলা, হিমাদ্ৰী, বৰ্ণালী, দীপালী
অৰ্চনা, অনামিকা
বিচিত্ৰ পুষ্পবৃক্ষৰ সমাহাৰত
কানন অমৰাৱতী
সকলো মগন উন্মাদিত সম্ভাষণত
মিৰ্জা সাহাবে জিকিৰ গায়
সহস্ৰ অলি অলিয়া-বলিয়া
মৌমাখিৰ গুণগুণ, নুপুৰৰ ৰুণজুন
কেশৰে কেশৰে চুমা-চুমিৰ কৰ্ষণ
সৃষ্টি হয় সহস্ৰ স্বৰবৰ্ণৰ ভটিমা
চৰাইবোৰে উষাকীৰ্তন জুৰি
পৰিধি ফালি মাৰিলে উৰা অসীমলৈ
তল সৰা পাখিটো বুটলি ললোঁ
তাৰে ৰঁচিলোঁ সহস্ৰ ঐনিতম
=====================
ৰে'লৱে ক্ৰছিঙবোৰ
ৰমেশ চন্দ্ৰ ৰায়
স্বপ্নময় শিলবোৰ বুকুত বান্ধি
সিপাৰৰ কুঁৱলীবোৰ আধা দেখাকৈ
ৰৈ থকা ৰে'লৱে ক্ৰছিঙবোৰ
বাৰে বাৰে পাৰ হৈ যোৱা মনৰ খোজবোৰ
যি চুব খোজে শুভ্ৰ এখন দীঘল নৈ
তাৰো সিপাৰে মেঘ ভাঙি উঠি অহা তেজাল সূৰ্য
জীৱনৰ ভুল ভাঁজবোৰ
যাক এটা এটাকৈ অতিক্ৰম কৰি য'ত থিয় হ'ম
তাতেই ৰৈ থাকিব
উচুপনিবোৰ
অৰ্থহীন হিচাপ-নিকাচৰ হে ম্লান পৰি যোৱা ফুচফুচনিবোৰ
যি ধোৱাময় অদেখা কুন্দলী
-------------------
আবেদন
গিৰিজা শৰ্মা
তোমাৰ বাবে সাঁচি ৰখা জোনটো
আঁউসীৰ কবলত পৰে
কবৰস্থ কাল
মোৰ দুভৰিত শিকলিৰ সাধু
দুহাতত মামৰে ধৰা মানচিত্ৰ
ক্ষত-বিক্ষত
ৰক্তাক্ত
আহত আৰতি আৰাধনা
নিষ্ফল নাটকৰ
নীৰৱ নিবেদন
"প্ৰতিপদ প্ৰিয় সম্পদ "
পাতনিৰে পৰা।
————————————
কথা
ইপুল হুছেইন
কথাবোৰ যেন কথালৈয়ে ৰৈ আছিল
যি কথা সোধা নহয়,
যি কথা কোৱা নহয়
সেই কথাৰ নৈঃশব্দত কথাবোৰে স্নায়ুৰ পৰা মগজুলৈ শিপাই যায়
গজালি মেলে কথাৰ পুলি,
পোখা মেলে কথাফুলৰ পাহি
কথায়ে হাঁহিলে গানৰ নিয়ৰত ৰ'দৰ জিলিকনি ভাহে,
হালধীয়া সাজেৰে কথাই কবিতাৰ মায়া ৰচে
কথাৰ নেইল-পলিচৰ ৰঙত আঙুলিৰ কায়াই মনৰ দেৱালত কোনো পুৰাতন ছবি আঁকে
কথায়ে কৈ যোৱা কথাবোৰে বহু কথাকে সাধনাৰ দৰে নিবিড় কৰে
কথাৰ বাবেই চঞ্চল হয় কবিতাময়ী চহৰৰ আবেলি
কথাৰ নদী ভৰুণ হোৱালৈ ঢৌবোৰ শব্দত লুকায়
কথাৰ চকুলৈ চাই কথা দিবলৈ লওঁতেই
বহু কথাই প্ৰশ্ন তোলে
থকা-সৰকা কৰে কথাৰ বান্ধোন
তথাপি অজানিতে গোপনে কথায়ে দি যোৱা প্ৰতিটো কথাই আপোন ।
———————————
মানুহবোৰ চৰাই হ'ল
সান্ত্বনা বৰদলৈ
মানুহবোৰ চৰাই হোৱা বহুত দিনেই হ'ল।
পাখি গজাই খুটি খাব পৰা কৰি উৰুৱাই দিয়ে পোৱালি বোৰ দূৰলৈ...
কাকো কোনেও বান্ধি নাৰাখে
বান্ধ খাব নাজানে, নোখোজে।
সময়ে শিকায় বান্ধ খোলাৰ মন্ত্ৰ
যিদৰে বসন্তৰ কুঁহিপাত সময় হ'লে
ধৰি ৰাখিব নোৱাৰে গছে।
সময়বোৰ মাথোঁ সোঁৱৰণি,
মৰমবোৰ আৰু মমতাবোৰো।
সেয়ে পোৱালিবোৰক নিশিকাই
বুকুত হেন্দোলনি তোলা সখীয়তী গীত,
বৰষুণ বিচাৰি মেঘলৈ কূজন।
পিঠিত তুলি উৰিবলৈ শিকায় মাথোঁ
ওপৰলৈ, ওপৰলৈ আৰু ওপৰলৈ ....
সিহঁত যিমান ওপৰলৈ যাব
সুখবোৰো সিমান ওখ হ'ব....
আৰু এদিন ...
অচিন সুখৰ পাহাৰবোৰ বুকুত বান্ধি
ভাগৰুৱা মানুহবোৰ হৈ পৰে চাতক , এষাৰি মাতৰ,
অকণি পৰশ দুহাতৰ ।
—————————
উশাহ
পৱিত্ৰ কুমাৰ নাথ
জীৱনক ভালপাওঁ বাবেই
তোমাকো ভাল পাব লাগিব বুলি
কোনো যুক্তি নাই
তুমি আছা বাবে নিৰাকাৰ
নে নাই বাবেই নিৰাকাৰ নাজানো,
ছাঁৰ দৰে চুটি বা দীঘল হোৱাৰ
বাতাবৰণ হয়তো ইয়াত গৌণ।
অংকুৰিত হোৱা মুলক শিকাব নালাগে
তাৰ কৰ্ম কি, ধৰ্ম কি
নিজেই নিজৰ ঈশ্বৰ বাবেই হয়তো
বৃক্ষৰ কোনো উপাসনা গৃহ নাই
চৰাইৰ চুবুৰীয়ে চুবুৰীয়ে
বাধাহীনভাৱে গঢ়ি তোলা
পাউৰাই পোৱা বাসনাৰ বক্ষত
হেৰাই যাওক
অৰণ্যলৈ সোমাই যোৱা
বাটৰ সকলো নক্সা
সমূদ্ৰৰ গৰ্জনৰ দৰে
সেউজীয়া সপোনে তচনচ কৰক
কংক্ৰীটৰ মিছা আভিজাত্য...
দিশাহাৰা মানুহে বিচাৰি ফুৰক
বেলকনিত , ছাদত ....
অম্লজানৰ বিশুদ্ধ বৈভৱ !
---------------
মই মৃত্যুৰ সমান ওখ হ’ম
বিকাশ গোহাঁই
প্ৰেম শাশ্বত
মৃত্যুও শাশ্বত।
প্ৰেমতকৈ ওখ শালি ধান
ধানতকৈ ওখ গান
গানতকৈ ওখ মৃত্যু
মই মৃত্যুৰ সমান ওখ হ’ম
মৃত্যু শিল্প হওক
প্ৰেম জাগ্ৰত হওক।
=====================
ঘাইপথ হ'ব নালাগে
ড° কংকনা মেধি
কেতিয়াও কোলাহলৰ প্ৰেমত পৰা নাই
সেয়ে ঘাইপথ হ'ব নালাগে
ঘাইপথৰ কাষেৰে পাৰ হোৱা
এটি অচিন সৰু পথ হোৱা,
মোৰ ভাললগাকৈ নীৰৱ
আৰুমই ভালপোৱাকৈ শান্ত !
তাত পৰি নৰ'লেও হ'ব কৃষ্ণচূড়াৰ পাহি,
মাথোঁ পথটি নিকা হওক
আৱেগৰ দৰে নিকা আৰু
মৰমৰ দৰে সৰল !
——————————
নাই নে চমু বাট
ৰাতুল চেতিয়া ফুকন
স্বাৰ্থ ৰাজনীতিৰ ছাঁ
আজিকালি আছে জানো ছাঁ নথকা মানুহ।
এতিয়া যে সকলোতে ৰাজনীতি
দুখৰ বাবেও ৰাজনীতি
সুখৰ বাবেও ৰাজনীতি।
ন্যায় সংহিতাৰ কিমানটা ঘাট পাৰ হ'লে
সত্যক সত্য বুলি কোৱা যায়।
কিমান তথ্য প্ৰমাণ আৰু সাক্ষী হ'লে
অপৰাধী ঠিয় হয় কাঠগড়াত।
নাই নে চমু বাট
ন্যায়ৰ জখলাত ,
উপশম পাবলৈ
কলিজাৰ আঘাত ।
এতিয়া জাগ্ৰত জনতাৰ আদালত ।
—————————
দেৱালী
যামিনী দেৱী
মৰা আঁউসীৰ ৰাতি
ঘিটমিটীয়া আন্ধাৰক ৰুধিবলৈ
জ্বলাম মৃন্ময় চাকি
চাকিৰ পোহৰতে
চগা মৰিব
পাহৰি নিজৰ স্থিতি
জুবিন আমাৰ হিয়াৰ আমঠু
জুবিন আমাৰ সন্তান
ভাতৃ পৰিয়ালৰ সদস্য 'ফেন'
এনে সম্বন্ধ গঢ়ি উঠিবনে
কাহানিবা
কোনোবা
মায়াবী সত্তাৰ স'তে
বৈদিক নিয়ম মতে
নিকট আত্মীয়ৰ
মহাপ্ৰয়াণ হ'লে
এবছৰলৈে
'তিল ভক্ষণ' নিষিদ্ধকৰণ
তিল সংস্কৃতিৰ বাহক
আৰু জুবিন
জুবিন এলাপেচা নহয়
এটা সংস্কৃতিৰ নাম
এইহেন বীৰ পুৰুষক
দেৱালীৰ সকলো প্ৰকাৰ
আড়ম্বৰ পৰিহাৰ কৰি
মিঠাতেলৰ মাটিৰ চাকি জ্বলাই
সেউজীয়া পোহৰেৰে
কৰোঁ প্ৰণাম।
——————————
অবুজ বেদনা
শেৱালী বড়া
এসাগৰ আশা বুকুত বান্ধি
ৰৈ আছে তৰাং নদীখনি
কেতিয়ানো মেঘমল্লাৰ ৰাগে
বাৰিষাৰ ধ'ল নমাই আনিব ধৰালৈ
উদৰ পুৰাই দিবহি অফুৰন্ত জলধাৰা
শুকাই চিৰাল ফাট দিয়া পথাৰৰ বুকু
সজীৱতা আনি ঘূৰাই দিব বৰষাই
শুকাই হাড়ছাল লাগিছে সেউজীয়াত
নাই কোনো নৈসৰ্গিক সৌন্দৰ্যতা
অচিৰেই শেষ হ'ব সেউজী ধৰা
লাগে লাগে বুলি কৰিছোঁ উদং
আইৰ বুকু এফালৰ পৰা
বহুদিন হ'ল নাই কোনো সমাগম
নাই কোনো কলীয়া ডাৱৰ আকাশত
প্ৰতৃতিয়ে লৈছে আমাৰ ওপৰত প্ৰতিশোধ
গছ কাটি পোহৰৰ উৎসৱ পাতিছোঁ
পাহাৰ খহাই গগন চুম্বী অট্টালিকা
সাঁজি ফোপোলা আভিজাত্যত মজি
নিজকে চিনাকি দিছোঁ আধুনিকতাৰ
সভ্যতাৰ জখলাত বগাবলৈ গৈ
নিজৰ মৃত্যু নিজেই মাতিছোঁ
জোৰ পুৰি হাত পালে
এতিয়াও আছোঁ নীৰৱে
অভিনয় কৰিছোঁ এতিয়াও যেন
সকলো একেই আছে ।
——————————
তুমি আৰু মই
পাপুজ্যোতি পেগু
তুমি যদি সূৰ্যৰ প্ৰথম কিৰণ হোৱা,
মই পদুমৰ পাপৰি হৈ তোমাৰ আলোত মুখৰিম।
তুমি যদি নীলা আকাশৰ বিশালতা হোৱা,
মই মেঘৰ সপোন হৈ তোমাৰ বুকুত ভাঁজিম।
অ’... তুমি যদি বৰষুণৰ ফোঁটা হোৱা,
মই ধৰণীৰ ধূলি হৈ তোমাক আদৰিম।
তুমি যদি বনৰীয়া ফুলৰ সুৰভি হোৱা,
মই ভোমোৰা হৈ তোমাৰ মৰমত হেৰাই যাম।
তুমি যদি পৰ্বতৰ নিস্তব্ধতা হোৱা,
মই ঝৰ্ণাৰ গীত হৈ তোমাৰ কোলাত ব’ম।
তুমি যদি সমুদ্ৰৰ অশান্ত ঢৌ হোৱা,
মই কূলৰ বালি হৈ তোমাক সাৱটি ধৰিম।
অ’... তুমি যদি ৰাতিৰ জোনাকৰ মায়া হোৱা,
মই তৰাৰ জিলিকনি হৈ তোমাৰ পাশে জ্বলিম।
তুমি যদি শৰতৰ সোণালী পোহৰ হোৱা,
মই কাশফুল হৈ তোমাৰ সৌন্দৰ্যত নাচিম।
তুমি যদি হৃদয়ৰ ধুনীয়া সুৰ হোৱা,
মই সেই সুৰৰ ছন্দ হৈ তোমাৰ সৈতে মিলিম।
অ’... তুমি যদি বহাগৰ উৎসৱ হোৱা,
মই কপৌ হৈ তোমাৰ বুকুত ফুলিম।
তুমি যদি প্ৰেমৰ কবিতা হোৱা,
মই তাৰ প্ৰতিটো শব্দ হৈ হৃদয়ত লিখিম।
অ’... তুমি যদি সপোনৰ এখন ছবি হোৱা,
মই তাৰ ৰং হৈ চিৰদিন ৰঙিম।
তুমি আৰু মই—এই প্ৰেমৰ কাহিনী,
যেন চিৰন্তন এটি গীতৰ সুৰ,
য’ত তুমি হ’বা মোৰ হৃদয়ৰ স্বৰ,
আৰু মই হ’ম তোমাৰ চিৰস্থায়ী প্ৰেমৰ পূৰ।
—————————
তই বৰ দুষ্ট অ’ গ'ল্ডি
কাজল কিশোৰ
তই বৰ দুষ্ট অ’ জুবিন
বৰ দুষ্ট
নাপায়,নকৰিবি বোলা কামটো কৰিহে এৰ
নাযাবি বুলি হাক দিলে
তই গৈহে শান্তি পাৱ
নাখাবি বুলি বাৰণ কৰিলে
দুগুণ উৎসাহেৰে তই খাইহে তৃপ্তি পাৱ!
তই বৰ দুষ্ট অ’ জুবিন
তই বৰ দুষ্ট
অসমীয়াই সদায় ভাল পায়
তোৰ দুষ্টামী
খাল-বিল, ব্ৰক্ষ্মপুত্ৰ তোৰ বাবে কি সৰু হ'ল!
সাগৰৰ তলিত শুব বিচাৰিলি
কি আমেজত কি নিশব্দতা বিচাৰি
সাগৰৰ মায়া নুবুজি
কৰিছিলি উত্ৰাৱল ধেমালি
সেয়ে তাৰ সহ্য নহ'ল,
ব্ৰক্ষ্মপুত্ৰ হোৱাহেতেন আকৌ ঘূৰাই দিলেহেঁতেন
আমিও পালোঁহেঁতেন।
—————————
এটি আধৰুৱা কবিতা
গণেশ বৰ্মন
থওঁ বুলিয়েই জপাই থ'ব জানো পাৰি
সময় নামৰ কিতাপখন?
সামৰো বুলিও সামৰিব নোৱাৰি
আধালিখা এটি কবিতা ,
স্তব্ধবাক্
অবিস্মৃত --
আন্ধাৰ খেদি-খেদি নতুন সূৰুযে
পোহৰ বিয়পায়
সোণ পুৰি-পুৰি উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হোৱা
এই সময়
কোন দধীচিয়ে পোহৰ সিঁচি তোলে
জীৱনৰ সঞ্জীৱনী তান
মুক্তি-বীণাৰ ঝংকাৰত
প্ৰাণে-প্ৰাণে সঞ্চাৰিত হয়
ৰ'দ-আকলুৱা গান
আইৰ বুকু শাঁত পৰে
ছায়া হৈ নামি আহে মেঘৰ মৰম
ৰ'দে-ঘামে জিৰাবলে' আমাৰ
এয়াইতো শান্তিৰ শীতল ঠাই।
------------------------
প্ৰেমী
ড° আদিল আলী
(১)
কথা ক'ব লাগিলে বহু কথা
লুকাই আছে
মোৰ মনৰ গভীৰ গহ্বৰত
প্ৰত্যুত্তৰ দিম বুলি ভাবিও দিয়া নাছিলো সিদিনা
তুমি
মোৰ ওপৰত অনা সেই অবান্তৰ মিছা অভিযোগৰ
(২)
তুমি
নিজে নিজক সোধা
তুমি কিমান প্ৰেমিকা
(৩)
মোৰ সঁচা নিষ্পাপ হৃদয় এখন
আছে বাবেই
তোমাৰ বাবে আজিও ৰৈ আছো
সহস্র ধুমুহাৰ বুকুত হাতে হাত ধৰি বাট বুলিবলৈ
এই মৰণ পৃথিৱীত অকলশৰে
(৪)
জীৱনে-মৰণে
তুমি মোৰ প্ৰাণৰ মধুকুন্তলা
(৫)
তুমি
আহিবা
শৰতৰ উন্মনা কঁহুৱা বনৰ সুবাস হৈ
লগতে
বসন্তৰ চঞ্চল মনৰ
হিয়া জুৰুৱা লাহী আঙুলিৰ
জেতুকাৰ বোল্
আঁকি লৈ
আৰু
ওঁঠৰ মিঠা হাঁহিৰ প্ৰণয়ৰ সুৰ হৈ
মায়াৱিনী ৰাতিৰ মিঠা জোনাক হৈ।
———————————
জীৱনৰ অন্তৰীক্ষ
উৎপল কলিতা
জীৱন—
এখন অন্তঃস্রোত নদী,
য’ত প্ৰতিটো মুহূৰ্ত শূন্যতাৰ নিমগ্ন সোঁত।
মোৰ বুকুৰ অন্তঃবেদনা,
নিঃসঙ্গ আশাৰ প্ৰতিসূত্ৰ পাখি,
নিষ্ঠুৰ বৰষা-ধাৰৰ দৰে উজলি উঠে।
প্ৰত্যেক স্মৃতি, প্ৰতিটো অৱসান
কৰ্তৃত্বৰ বৃত্তত আঁকো
কিন্তু কালৰ অদৃশ্য প্ৰবাহে
অনন্তৰ অন্তৰীক্ষত লৈ যায়,
নক্ষত্রহীন শূন্যতালোকত।
মানুহৰ প্ৰতিটো আশা—
নিশ্চয়তাৰ যন্ত্রণাৰ দ্বন্দ্ব,
অনিশ্চয়তাৰ অন্তঃবেদনা—
সমাহিত হৈ অন্তৰৰ গভীৰ গহ্বৰ ভাঙি পেলায়।
সপোন—অসম্পূর্ণ, অনিয়মিত,
হাতে ধৰা অযোগ্য।
অন্তৰালত প্ৰতিচ্ছবি ৰচনা কৰে,
কিন্তু স্থিতিশীলতা অশব্দ,
মাত্ৰ অস্তিত্বৰ ছায়া হিচাপে।
শূন্যতাৰ ধ্বনিময় নিৰৱতাত
মই অনুভৱ কৰোঁ—
প্ৰত্যেক বেদনা, প্ৰতিটো আঘাত
অন্তৰৰ অতল আকাশ উজ্বলায়।
যাত্ৰা অব্যাহত থাকে,
অসীম আশা, অন্তহীন অস্তিত্বৰ প্ৰবাহত।
————————
সাগৰলৈ প্ৰশ্ন
ৰূপা ৰাণী দেৱী
সাগৰক ব্যঙ্গ কৰিছোঁ
মোৰ হিয়াৰ আমঠুক
শুৱাই কিয় ৰাখিছা ?
জগাই দিয়া ৷
সাগৰে ক’লে –
’ক’ত থওঁ ’কেনেকৈ ৰাখোঁ তেওঁক ?
মোৰ নীল সাগৰৰ তলিত ৷
কিয় ?
কিয়নো তেওঁযে বৈভৱশালী
তেওঁক পাই মইযে কিমান গৰ্বিত !
তেওঁৰোতো সপোন আছিল
মোৰ বক্ষত নিদ্ৰা যোৱাৰ ৷
পাহৰিলানেকি ?
তেৱেঁই কৈছিল ,
আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুবৰে মন
সেয়ে আজি
মনৰ চিলা উৰুৱাই তেওঁ
মোৰ বক্ষতে বিলীন হ’ল ৷
মোৰ দোষ ক’ত ?
কোৱা নোকোৱাৰ ছন্দ হৈ
মোৰ সৈতে বিলিন হৈ গ’ল ৷
আৰু কি জানা ?
কোৱাছোন ?
শুনা - - -
তেওঁ যিমান বিশাল
সিমান বিশাল তেওঁৰ হৃদয় ৷
সেয়ে তেওঁৰ বিশালতাক লৈ
প্ৰতিযোগিতা নকৰি
তেওঁ মোক , মই তেওঁক
আলিঙ্গন কৰিলো ৷
তাৰ পিছত ?
তাৰ পিছত
সুনীল আকাশৰ ছত্ৰছায়াত
সাগৰ তলিত তেওঁ শুই পৰিল ৷য’ত তেওঁৰ শান্তিৰ ঘাট
সাগৰে ক’লে ,
বেয়া নাপাবা মোক
কিয় ?
মইযে নিৰুপায়
শান্তি ভঙ্গ কৰি
জগাব নোৱাৰো তেওঁক
মই যে নিৰুপায় ৷
—————————
নষ্ট শব্দ
দীপক কুমাৰ তালুকদাৰ
এক : খেল
সেইখন কিনো খেল-যিখন খেলত
দৰাচলতে কোনেও নাহাৰে
যি খেলত নাথাকে নীতি
মাথোঁ খেলুৱৈ উন্মাদৰ দৰে বিজয় বিছাৰে ৷
দুই : ন্যায়
অন্যায় নকৰাটোৱে যদি ন্যায় হয়
ন্যায়ৰ মহত্ত্ব ক’ত?
শুই থকা জনৰ শেতেলীত কোনে লৈ আহে
ন্যায়ৰ দস্তাবেজ
চৰম অন্যায়ৰ নিৰলস নীৰৱ সাক্ষী হ’লে
পোনাই দিয়া হয় অন্যায়ৰ পথ
অতি নীৰৱতাত বাস হয় অন্যায়ৰ
আৰু তিলতিলকৈ নিঃশেষ কৰে ন্যায়ৰ সুধীজন ৷
তিনি: আৱেগ
আৱেগ জানো ভৰ বাৰিষাৰ নৈৰ ঢল
পাৰ ভাঙি মাথোঁ বয়
নে আৱেগ প্ৰেমৰ হৈ এক বিকৃত নৃত্য
-য’ত নাঙঠ হৈ লজ্জিত হয় উভয়ে ৷
চাৰি : ৰাজনীতি
ৰাজ ৰক্ষাই যদি ৰাজনীতি হয়
প্ৰজা হ’ব লাগিব ৰজাৰ নতজানু
নতজানু মানুহৰ নেথাকে কোনো সপোন
থাকে মাথোঁ কৰতলীয়া হোৱাৰ ভয়
শেষ নোহোৱা ধাৰ৷
——————————
কাঁচবলয়
ৰুমী সেনাপতি ভূঞা
নিয়ম মানুহৰে সৃষ্ট
মানুহৰ দ্বাৰাই পৰিচালিত
সেয়ে হয়তো নিয়ম ভঙাৰ নিয়মো
মানুহৰ দ্বাৰাই সংঘটিত ৷
আচৰিত মাঁথো অভিহিত
সময় বা যুগৰ পৰিবৰ্তন
এয়া জানো স্বাভাৱিক প্ৰক্ৰিয়া - !
দোলি দোলি ৰয় মানবীয় প্ৰমূল্য ,
চিন্তাই যেন পাকঘুৰণি খাইছে
সময় - পৰিস্থিতিৰ চাকনৈয়াত
অস্থিৰ সময়ৰ অসন্তুলিত ভাবনা ,
সঁচা - মিছাৰ অবোজ প্ৰহেলিকা ,
চিলমিল সপোনবোৰ খণ্ড - বিখণ্ড
ভাসমান জাঁজৰি সময়ৰ সোঁতত
অহেতুক কিছু অনুভৱৰ অগাদেৱা
আত্মিক অনুকম্পা ভিন্নসূৰী স্থিতি ,
একাবেঁকা গতিপথ অস্পষ্ট কেঁকুৰি
অস্তাচলত সুৰুয়ৰ হেঙুলী ৰহণ
আকাশ - পৃথিৱীৰ সীমনাত
পোহৰ ধিয়াই আশাই পাখি মেলে --!
————————————
প্ৰতাৰণা
হিল্লোল ভৰদ্বাজ
মই তোমাক বিশ্বাস দিলোঁ
তুমি দিলা প্ৰতাৰণা,
মই তোমাক মৰম দিলোঁ
তুমি কৰিলা ঘৃণা
মই তোমাক সাহস দিলোঁ
তুমি দিলা অশ্ৰু
মই তোমাক সময় দিলোঁ
তুমি সময় কাঢ়ি আঁতৰি গ'লা,
মই তোমাক ভাল পালোঁ
তুমি তৈলমৰ্দন কৰিলা
মই তোমাৰ হাঁহিৰ সৌন্দৰ্য দেখুৱালোঁ
তুমি অশ্ৰু মচিবলৈ ৰুমাল দিলা
মই তোমাৰ হ'ব বিচাৰিলোঁ
কাষত থাকি অৱহেলা কৰিলা
মই নিজতকৈ ভাল পালোঁ তোমাক
তুমি শত্ৰুতকৈও অধিক বেয়া পালা,
তোমাক আশা দিলোঁ
স্বপ্ন মিছিলত অকলশৰে এৰিলা,
মই তোমাৰ হ'ব খুজিছিলোঁ শতাংশ
শূন্যত থাকি চাকত ঘূৰালা মোক,
মই ভাৱিছিলোঁ তুমি মোৰেই
ভ্ৰম যে তুমি মোৰ নাছিলাই।
———————————
বন্ধুত্ব
ৰূপা গগৈ
যাত্ৰা কৰিছো পথে পথে
এক দ্ৰুতগামী ৰেলেৰে
বিচাৰি লক্ষ্যৰ শেষ ষ্ট’পেজ.....
পাইছো হাজাৰজন যাত্ৰাৰ পথতে
কোনোবা আহি গুছি যায় অচিনাকি হৈয়ে
আৰু কোনোবা চিনাকি হৈয়ো
ৰয় দূৰে দূৰে অচিনা ভাৱেৰে...
চিনাকি অথবা অচিনাকি
আমি একেটা পথৰে যাত্ৰী
জনসমুদ্ৰত নীৰৱতা অৱলম্বন কৰি
কিয় হোৱা অভিমানী ... অভিমানে
নকৰে তোমাক চহকী
মাথোঁ নিৰক্ষণ কৰে দূৰত্বৰ সমীকৰণ ।
মেলি দিছোঁ মোৰ
দুখনি হাত দূৰলৈ বুলি
বিচাৰি বন্ধুত্বৰ ছাঁ
কাৰণ মই বিশ্বাস কৰো
মোৰ ছাঁক ...
যি কেতিয়াওঁ নেৰে সংগ
ইয়াৰ বাদে নুবুজো আন বন্ধুত্বৰ সংজ্ঞা ।
-----------------------
শৰৎ মোৰ শব্দৰ সমাহাৰ
ইৰা দেবী
শৰতৰ প্ৰেমত মচগুল কবিয়ে
আকাশী পথত লিখে
এটা নীৰৱ কবিতা।
শৰতৰ স’তে একাত্ম কবিতাৰ
পথাৰত ধানৰ সজালী।
কোন সেই ধ্যান মগ্ন
ঋষি কঁহুৱা
কবিৰ কাপত নৱ চিন্তাৰ খোৰাক।
শেৱালিৰ সুৱাসত বন্দী
হাজাৰ বুকুত
পৰিত্যক্ত প্ৰেমৰ খুদুৱনি
একাকীত্ত্বৰ আড্ডা।
++++++++++++++
নিৰ্মল ধাৰা
অঞ্জনা ৰূপা দাস
স্বচ্ছ মেঘৰ বক্ষ ভেদি
গগণে ওপঙে এসাগৰ নীলা
বকুল বৰণীয়া শৰতৰ
গোপন প্ৰেমত শেৱালি উন্মনা
শেৱালিৰ দলিচাত আসন পাতি
নিয়ৰ প্ৰেয়সী দূৱৰিয়ে
পিন্ধিলে মুকুতাৰ জোৰোণ
চোতালত ফুলে জোনাকীৰ তৰালি
হাস্নাহানাৰ সুবাসত যৌৱনা কুঁৱলী
খৰালিৰ জিলিকা পাখিত
কঁহুৱাৰ খৰ -লুটি
উৎসৱৰ তুলি ৰাগিনী
ঢাক - মাদলৰ চেৱত
দুভৰিত নূপুৰৰ পিন্ধি
শৰতেই যাচে স্বচ্ছতাৰ শৰাই
নদীখন নিয়ৰৰ প্ৰেমত থমকিল
বতাহে কঢ়িয়ালে ধান পাতৰ গোন্ধ
কৃষকৰ গেঁৰ ধৰা সপোনে
কলপকা দি নমালে
জোনাকত বতাহৰ গান
সেই গানৰ সুৰত বৈ আহে
বৃন্দাৱলী পূৰ্ণিমাৰ প্লাৱন
বাঁহী সুৰে হৃদয়ত বোৱালে
ভক্তি-ৰসৰ স্বচ্ছল নিজৰা
ৰসস্নাতা, বিধৌত নৃত্যাঙ্গনা হৈ
একাত্মাতে সকলো বিলীন।
———————————
ৰাসলীলা
বিশ্বজিৎ গগৈ
ইয়াতো তৃপ্তি আছে ...
য'ত কৃষ্ণই বাঁহী বজাই, ৰাধাই নাচে
গকুলৰ অন্তৰাত্মাই হাঁহে আৰু কান্দে ;
নহ'লেনো মানুহে
ঈশ্বৰৰ কেলি ৰাসক্ৰীড়া কৰে?
ক'ত কালিন্দী? ক'ত গকুল আৰু গোপ গোপী?
কি ৰাগে বান্ধি আছে ঈশ্বৰৰ অপাৰ মহিমা
এটি গৰখীয়া , কৰে জগত ধুনীয়া
ৰসত আতুৰ মন প্ৰেমত বলিয়া।
বাউলি ৰাধাই দিলে বিষাদৰ চিঠি
যশোদাৰ দুনয়নে অশ্ৰুৰ সুঁতি
জগতৰ পতি কৃষ্ণ সবাৰে পুত্ৰ যদি হয়
যন্ত্ৰণা কাৰ ...?
ৰাধাৰ নে যশোদাৰ ?
নে আই দৈৱকীৰ
নে চৰাচৰ এই সমগ্ৰ পৃথিৱীৰ?
আমি প্ৰাৰ্থনাৰত ,
ধ্বংস হওক কংশৰূপী অসুৰ সবংশ
মুক্ত হওক সন্তানহীনা নন্দ -যশোদা অজস্ৰ
গৌৰৱান্বিত হওক বন্দীত্বৰ শিকলি খুলি সহস্ৰ জনক-জননী
যুগমীয়া হওক ৰাধা প্ৰেমৰ মহত্ত্ব।
——————————
অমৰ শিল্পী জুবিন গাৰ্গ
আল্পনা শৰ্মা
কোলাহলৰ পৰা এতিয়া
বহু আতৰত তুমি
সাগৰৰ মায়াত বন্দী হৈ
সুৰ শব্দ তাতেই এৰিলা
মৃত্যুক সাবটি
আতৰি গলা ঘূৰি নহাৰ বাটেৰে
এতিয়া পৰাণত উচুপে মোৰ কৰুণ ক্ৰন্দন
বিশাল সাগৰ নীলা মেঘ বৰষুণ প্ৰিয়
তুমিয়েই জুবিন গাৰ্গ
গছ আৰু মাটিৰ চিৰন্তন প্ৰেমিক শিল্পী তুমি
আৰু হাঁহিৰ জোনাকত বকুল ফুলৰ সুবাস
প্ৰকৃতিৰ প্ৰেমত কাতৰ স্বপ্নাতুৰ তুমি
সেউজীয়া সপোন বুটলি
তুুমি সেউজী বননীৰ মনোৰম জীয়া ছবি
নিশাৰ নিৰৱতাত শব্দৰ সন্ধান
সুৰৰ ছন্দেৰে গীতৰ গতিশীল সম্ভাৱনাক নিৰৱছিন্ন অনুশীলনীৰ মাজেৰে আগুৱাই নিলা
নতুন ধাৰাৰে
নিৰলস তোমাৰ সংগীত চৰ্চা
তুমি আলোড়ণ সৃষ্টি অসমীয়াৰ
চকুত আজি সমূহৰ অশ্ৰুভৰা উচুপনি
প্লাবনৰ ঢৌ হৈ নামি আহে পাৰ ভাঙি
এতিয়া কলিজাত মাথো ওলমি থাকে
গধুৰ দুপৰীয়াবোৰ
বিষাদৰ সন্ধিয়া আৰু নিশাবোৰ
জুবিন তুমি যে নাই
জীৱনৰ একা-বেকা বাটত
আকোৱালি ধৰিলা দৰিদ্ৰ দূৰ্গত জনক
দুখনি প্ৰসাৰিত হাতেৰে
আৰ্থিক সহায়েৰে নিস্বাৰ্থতাৰে
ধন্য তুমি জুবিন গাৰ্গ
তুমি অৱতাৰী পুৰুয
তুমি মানৱতাৰ শিল্পী মহান
তুমি সুৰুজৰ পোহৰ
তোমাৰ গীতেৰে আজি অসমীয়াৰ
জীৱন ভৰপূৰ
এৰি থৈ গলা এটি মহাজীৱন
তুমি মুক্ত বিহংঙ্গ
উৰি ফুৰা দুখনি পাখি লৈ
এতিয়া অনুভৱ কৰো মাথো
শৰতৰ বিষাদতা
দি থৈ গলা দুখৰ
এধাৰি মৰহা বকুলৰ মালা
মোৰ চকুত হৃদয়ত নীৰৱ ওঁঠত ।
———————————————
জুবিন
ৰেবা গগৈ
তোমাৰ কণ্ঠ তোমাৰ সুৰ
বুকুৰ আপোন আছিল বহু
ন যৌৱনা মনৰ উচাহ-বিষাদ-আৰু সেউজ কোমল
অনুভূতিবোৰ যে বিচাৰি পাইছিলো তাত।
নাছিল কোনো কায়িক দৰ্শন
অথবা বাক্য বিনিময়
শব্দ আৰু সুৰৰ সাকোঁৱেই
একাত্ম কৰিছিল, কৰিছিল সুহৃদ।
সময়ৰ গতি খেদি এদিন
কাঞ্চনজঙ্ঘা হ'লা
সুৰৰ চুম্বকীয় আৱেশেৰে টানি আনিলা
চামে চামে ন-পুৰুষৰ দ'ল
যেন নক্ষত্ৰৰ চৌপাশে ঘূৰ্ণীয়মান গ্ৰহমণ্ডলী...
যৌৱনৰ কি পুৱা কি দুপৰ
সকলোতে সংগ দিলা
জোনাকত তিতি-বুৰি
তোমাৰ সুৰতে উটি
সুন্দৰৰ পৃথিৱীত খোজ থৈ
কতজনৰ নাচি উঠিছিল তন-মন
সুৰৰ ৰাগীত ৰাগীয়াল হিয়াবোৰত
সাম্যৰ সমাজ গঢ়াৰ মন্ত্ৰ দিলা
সুৰেৰে কথাৰে কামেৰে সিঁচিলা
মানৱতাৰ অমোঘ দৰ্শনৰ কঠিন পাঠ...
ভাৱিছিলো, এদিন লগ পাম তোমাক
কৰণি ভৰাই গোটাইছিলো
শব্দৰ শেৱালী-বকুল
তোমাৰ কণ্ঠৰ সুৰীয়া পৰশ পালেই
আমোল-মোলাব অসমৰ আকাশ....
কিন্তু,গুচি গ'লা তুমি অসময়তে ....
ওহোঁ নহয়
সিহঁতে অভিমন্যু সজালে তোমাক
আজন্মৰ প্ৰিয়া গৰিমাৰ বুকুৰ পৰা
চলনাৰে আঁতৰাই নি
তোমাক অভিমন্যু সজালে অ' জুবিন !
কথা দিলোঁ
এদিন কুৰুক্ষেত্ৰ হ'ব এই সেউজ ভূমি
প্ৰতিশোধ লোৱা হ'ব অভিমন্যু বধৰ।
প্ৰতিশোধ লোৱা হ'ব অভিমন্যু বধৰ।
——————————
যাপন কৰোঁ
সুপ্ৰীতি বৰুৱা
তোৰ কলুষতাক সমাধিস্থ কৰিবলৈ,
তোৰ গ্লানিক
তোৰ অপযশ শিৰত লৈ
সেয়া আৰ্শীবাদলৈ তৰ্জমা কৰোতে
আইয়ে ধৈৰ্য ;সহ্যৰ মুকুট পিন্ধাইছিল৷
নভৱা কথাবোৰ যেতিয়া দিঠক হয়,
নোহোৱা কৰিব নোৱাৰিলেও
একান্ত ব্যক্তিগত কৰি ৰাখিছিলো আমি
আত্মহংকাৰ কাহানিও, কৰা নাই
আইৰ সংস্কাৰক বুকুতে বান্ধি'
নিৰ্ভীকতাৰ সজকৰ্মৰে গৈ আছোঁ আগবাঢ়ি ;
তোৰ নীতি সংস্কাৰ নললো কদাপি,
তোৰ দম্ভালি ,নীতি বৰ্হিভূত কৰ্মক উদঙাই দিম
বুলি ভবাহে
নাছিলো কোনোদিনে
তই গুছি গলি থৈ গলি আত্মগ্লানি অপযশ, । এতিয়া...
সকলোৰে কৈফিয়ৎবোৰ হেলাৰঙে কৰিছো নিৰ্বান
এতিয়া
মানুহ হৈ জীয়াই থকাৰ সংকল্পৰে জীয়ন যাপন কৰো
মানুহ হৈ জীয়াই থকাৰ জীৱন যাপন কৰোঁ ৷
——————————

0 Comments