পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ পঞ্চদশ সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

   অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন–চৰ্যাপদ।
চৰ্যাপদবোৰ প্ৰধানত বৌদ্ধধৰ্মৰ সহজযান পন্থীৰ সাধকসকলৰ ধৰ্ম সাধনৰ গীত। হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ গ্ৰন্থাগাৰৰ পৰা আন তিনিখন গ্ৰন্থৰ সৈতে উদ্ধাৰ কৰি আনি 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গলা ভাষায় বৌধগান ও দোহা' নামেৰে চৰ্যাপদসমূহ প্ৰকাশ কৰিছিল। তাত মুঠ ৫০টা চৰ্যাপদ আছিল। ২৩জন সিদ্ধাচাৰ্য্যই এই পদসমূহ ৰচনা কৰিছিল।
   চৰ্যাপদসমূহ খ্ৰীষ্টীয় অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত ।চৰ্যাপদৰ চৰ্যাকাৰসমূহৰ  বহুকেইগৰাকী পুৰণি কামৰূপৰ লোক আছিল।তেখেতসকলৰ ভিতৰত অন্যতম আছিল লুইপাদ, দীননাথ,মচ্ছিন্দ্ৰ নাথ,সৰহপাদ,নাগাৰ্জুন, গোৰক্ষপাদ,কাহ্নপাদ,শান্তিপাদ আদি। লুইপাদক প্ৰথম তিব্বতীয় সিদ্ধাচাৰ্য্য বুলি জনা যায় ।মীননাথ লুইপাদৰ আন এটি নাম।
    চৰ্যাপদৰ লগত অসমীয়া ভাষাৰ ধ্বনি, ৰূপ আৰু শব্দ–এই তিনিওটা দিশতে সাদৃশ্য পৰিলক্ষিত হয়।উদাহৰণস্বৰূপে অসমীয়া ভাষাত দুটা 'আ' ওচৰা–ওচৰিকৈ থাকিলে প্ৰথম 'আ' টো 'অ' হয়।চৰ্যাপদটো এই নিয়ম দেখা যায়। যেনে–চাকা> চকা আদি।তেনেদৰে বহুকেইটা শব্দগত সাদৃশ্যও পৰিলক্ষিত হয়।চৰ্যাপদৰ শব্দৰ লগত নামনি অসমৰ কথিত ৰূপৰ সাদৃশ্য দেখা পোৱা যায়। উদাহৰণস্বৰূপে দুআৰ,তেন্তেলি,হৰিণী, ৰূপা,সোণ,
আলো আদি।চৰ্যাপদৰ লগত বৰগীতৰো বহু সাদৃশ্য দেখা পোৱা যায়।
    এই চৰ্যাপদসমূহেই প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন ।


নৱ ৰাজন
সম্পাদক
অসম কাব্য কানন
——————————
অনুবাদ কবিতা

Kwame Dawes
Jamaica, Africa

It all comes from this dark dirt,
memory as casual as a laborer.

Remembrances of ancestors
kept in trinkets, tiny remains

that would madden anthropologists
with their namelessness.

No records, just smells of stories
passing through most tenuous links,

trusting in the birthing of seed from seed;
this calabash bowl of Great-grand

Martha, born a slave’s child;
this bundle of socks, unused

thick woolen things for the snow—
he died, Uncle Felix, before the ship

pushed off the Kingston wharf,
nosing for winter, for London.

He never used the socks, just
had them buried with him.

So, sometimes forgetting the panorama
these poems focus like a tunnel,

to a way of seeing time past,
a way of seeing the dead.



মূল কৱি: কোৱামে ডাৱেছ
জামাইকা, আফ্ৰিকা
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী


এই সকলোবোৰ 
এই ক’লা মলিৰ পৰাই আহিছে,
শ্ৰমিকৰ দৰে আকস্মিক স্মৃতি।

পূৰ্বপুৰুষৰ স্মৃতি
ট্ৰিংকেটত ৰখা, ক্ষুদ্ৰ ক্ষুদ্ৰ অৱশিষ্ট

সেইটোৱে নৃতত্ত্ববিদসকলক 
উন্মাদ কৰি তুলিব
তেওঁলোকৰ নামবিহীনতাৰ সৈতে।

কোনো ৰেকৰ্ড নাই, মাত্ৰ কাহিনীৰ গোন্ধ
বেছিভাগ ক্ষীণ সংযোগৰ মাজেৰে 
পাৰ হৈ যোৱা,

বীজৰপৰা বীজৰ জন্মৰ ওপৰত বিশ্বাস কৰা;
এই গ্ৰেট-গ্ৰেণ্ডৰ বাটিটো

মাৰ্থা, জন্মগতভাৱে দাসৰ সন্তান;
এই মোজাৰ বাণ্ডিলটো, অব্যৱহৃত

নিয়ৰৰ বাবে ডাঠ উলৰ বস্তু—
তেওঁৰ মৃত্যু হৈছিল, ফেলিক্স খুড়া, জাহাজৰ আগতে

কিংষ্টন ঘাটৰ পৰা ঠেলি দিয়া হয়,
শীতকালৰ বাবে নাক পিন্ধা, লণ্ডনৰ বাবে।

তেওঁ কেতিয়াও মোজা ব্যৱহাৰ কৰা নাছিল, মাত্ৰ...
তেওঁৰ লগত তেওঁলোকক সমাধিস্থ কৰাইছিল।

গতিকে, কেতিয়াবা পেনোৰামাটো .
পাহৰি যোৱা
এই কৱিতাবোৰে সুৰঙ্গৰ দৰে 
কেন্দ্ৰীভূত কৰে,

অতীত সময়ক দেখাৰ এক ধৰণলৈ,
মৃতকক দেখাৰ এটা উপায়।
———————————
মৃত্যু বিয়া 
এটি আপোন আনটো দাফান
অথচ তাৰ সম্পৰ্ক 

মূল: উৰ্দু
কবি: অগ্যাত 
অনু: দেৱ দাস 

তোমাৰ পালকি উঠিল 
আৰু মোৰ খাটিয়াও
দুয়োৰে ওপৰত পুষ্প বৃষ্টি 

মাথো এটিয়ে ব্যৱধান 

তুমি সাজি কাচি ওলাই গ'লা 
মোকো সজাই পৰাই নিলে
তুমি নিজৰ ঘৰলৈ গ'লা 
আৰু ময়ো 

মাথো এটিয়ে ব্যৱধান 

তুমি নিজে উঠি গ'লা 
মোকো উঠাই লৈ গ'ল 
মেহফিল ইয়াটো আছিল 
মানুহজনো ইয়াত আছিল 

এটিয়ে মাথোঁ ব্যৱধান 

তাত সকলোৰে হাঁহি ফুৰ্টি
ইয়াত সকলৰে কন্দা কটা 
ইয়াত কাজি আছিল 
ইয়াতো মৌলবি
দুটা আয়ত তোমাৰ বাবে 
দুটা আয়ত মোৰ বাবে 
পঢ়া হ'ল 
তোমাৰ বাবে বিয়া 
মোৰ বাবে জনাজা পঢ়া হ'ল 

সেই এটিয়ে আছিল ব্যৱধান 

তোমাক বিয়া কৰাই দিয়া 
আৰু মোক কৰিলে দাফান ।
———————————
            কবিতা                    

পাণবজাৰত জ্যোতিপ্ৰসাদ 
কিশোৰ মনজিৎ বৰা 


চিটিবাছখন থামিল
আৰু লাহেকৈ বাটত নামিল জ্যোতিপ্ৰসাদ 

চেলেঙৰ আগেৰে চশমাযোৰ মোহাৰি 
ধীৰ খোজেৰে তেওঁ আগবাঢ়িল

জ্যোতিৰ তামোল এখন খাবলৈ মন যোৱাত
পদপথলৈ গ'ল
দোকানীয়ে বিনয়েৰে ক'লে
'বেয়া নেপাব, ইয়াত কেৱল পাণহে পায়...'

'পাণ?'

'হয়
মিঠা-জৰ্দা।'

বিফল মনোৰথেৰে জ্যোতি আগবাঢ়িল
এনেতে হৰ্ডিং-চাইনব'ৰ্ডবোৰলৈ তেওঁৰ চকু গ'ল
নাই, ক'তো সুৰীয়া অসমীয়াৰ নাম-গোন্ধ নাই

জ্যোতিৰ ডিঙিটো শুকাই গৈছিল 
দোকান এখনলৈ গৈ সুধিলে--
'তেজীমলা নহ'লে চম্পাৱতী 
পানী বটল পাম নেকি?'

'তেজীমলা-চম্পাৱতী? কি কয় হে
এতিয়া চলি আছে ইণ্ডিপেনডেন্স-বিচলেৰী!'

জ্যোতিৰ বুকুখন মোচৰ খাই গ'ল
কিছু দূৰ আগবাঢ়ি হঠাৎ থমকি ৰ'বলৈ বাধ্য হ'ল জ্যোতিপ্ৰসাদ 
তেওঁৰ কাষেদি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ এটা সমদল পাৰ হৈ গ'ল 
'বাহিৰৰ গামোচাৰ আমদানি 
বন্ধ কৰক...'

'বন্ধ কৰক, বন্ধ কৰক...'

গামোচাখনেৰে মুখখন মচি 
জ্যোতিয়ে ভাবিলে--
গামোচাখনো অৱশেষত  নৰ'লগৈ!

গধুৰ খোজেৰে তেওঁ আগবাঢ়িল 
গন্তব্যস্থললৈ 

কিন্তু এয়া কি
এয়া কি...
কিতাপৰ বিপণিবোৰৰ সমুখতচোন 
ডাঙৰ ডাঙৰ তলা 

জ্যোতিপ্ৰসাদ ৰৈ গ'ল
ৰৈ গ'ল সুন্দৰৰ শিল্পী

তেওঁৰ গাত কঁপনি উঠিল
ঠাইতে বাগৰি পৰিল 
জ্যোতিপ্ৰসাদ 
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
———————————
চছমা
মিণ্টু দাস

চকুপানীবোৰ ঢাকি ৰাখিব পৰাকৈ
চছমা এযোৰ লাগে
চকুৰ কোটৰত লাগি থকা
ক'লা দাগবোৰ লুকুৱাবলৈ
চছমা এযোৰ লাগে

পোহৰৰ বাট নেদেখা চকুপানীবোৰত
জীয়াই থকাৰ উশাহ আছে
নিমাখিত বুকুৰ বৰঘৰৰ জুহালত
এলান্ধুলগা মকৰাজালৰ নিৰৱ স্পন্দন
বৈ আছে

চকুত চছমা থাকিলে লুকুৱাবলৈ ভাল
নিজক
নিজানত চছমা খুলি বুকুৰ কথাবোৰ
ভিজা চকুৰে ক'বলৈ ভাল বতাহক

ধূলি আৰু ধোঁৱাবোৰ আঁতৰাই
চছমাই চকুক চকুলো টুকিব দিয়ে
ৰ'দৰ পুৰাতন সময়বোৰক আওৰাই

যদিও
মাজ নিশাৰ উচুপনিক বাধা দিব নোৱৰাৰ
ৰঙা পৰা চকুৰ ৰেটিনাত
লিখা থাকে
যন্ত্ৰণাৰ কলমৰ ক'লা আখৰবোৰ
দৃষ্টিৰ শেষ প্ৰান্তৰত
——————————
ঈশ্বৰ আহি আছে
ববী দত্ত 

এক নিৰুদ্দিষ্ট পথেৰে ঈশ্বৰ আহি আছে 
চন্দ্ৰ সদৃশ মুখত বিমল হাঁহিৰ বাঁহী
দুনয়নত নান্দনিক দৃষ্টিৰ মহা পয়োভৰ
দুহাতৰ সোঁহাতত উদাৰ ভাৰী শূন্যতা
বাওঁখনত জ্বলন্ত অগ্নিশিখা।

মানুহৰ সংজ্ঞা নুবুজা অমানুহবোৰৰ আগত
ঈশ্বৰে আজি বক্তৃতা দিব,পৃথিৱী কঁপাই হাঁহিব
সিহঁতক শিক্ষা দিব ঈশ্বৰতত্ব বিষয়ত।

সত্ব ৰজ ত্বম এই ত্ৰিগুণ সকলোতেই নিৰ্গুন
ঈশ্বৰ সদায় ঈশ্বৰৰ সংজ্ঞাৰে দৃঢ়পিনদ্ধ।

মানুহবোৰ সমবেত হোৱালৈ ঈশ্বৰে অপেক্ষা নকৰে
অপেক্ষা নকৰে যান্ত্ৰিক পৰিবৰ্তনলৈ,ঈশ্বৰৰ ঘূৰি উভতি নুঘুৰে
ঈশ্বৰে প্ৰয়োজন সাপেক্ষে পৰিৱৰ্তন কৰি লব আঙুলিৰ ইছাৰা
নেজ লগা সময়!

জাগতিক পৰিৱৰ্তনৰ জৰিয়তে 
মানুহৰ সংজ্ঞা নুবুজা মানুহবোৰক শিক্ষা দিবলৈ উদ্যত ঈশ্বৰ
সভাত উপস্থিত দৰ্শকক ঈশ্বৰে দুটা ভাগত বিভক্ত কৰিব। 
সিঁহতক উপহাৰ দিব কৰ্ম যোগ্যতানুসৰি।
খেনোজনক সোঁ হাতৰ শীতল আলিংগন,প্ৰাণ পাই উঠিব জীৱন।
কোনোজনক বাওঁ হাতৰ অগ্নি স্পৰ্শ,অসূয়া সূৰ্য কাঢ়ি মহা ভষ্ম।

সকলো কৰ্ম সম্পন্ন কৰি 
এক বিৰাট জাগতিক পৰিৱৰ্তন ঘটাই ঈশ্বৰ
নিজ পথেৰে গুচি যাব আত্মতৃপ্তিৰ হাঁহিৰে।
পবিত্ৰতাৰে ভৰপূৰ হব নব্য ৰূপান্তৰিত সময়।

নব্য পৰিকল্পনাৰে ঈশ্বৰ আহি আছে 
আহি আছে
আহি আছে।
———————————
বাটৰ কথাৰে
ৰূপজ্যোতি গগৈ 

একা-বেঁকা, খলা-বমা, অস্থিৰ, চঞ্চল 
 এই বাট 
খোজে খোজে হেৰাই আঁত 
 বতাহ-ধুমুহা, শিল বৰষুণ 
বাটত কত যে কিহৰ আঘাত! 

কেতিয়াবা খোজবোৰ সহচৰ আপোনজনৰ
কেতিয়াবা কটাক্ষ 
ধৰিবলৈ নাথাকে এখনো হাত 

আঙুলিত ধৰি খোজ শিকা 
সেই যে সোণোৱালী সময়ৰ সুবাস 
দুবৰী বনে আজিও চিন ৰাখে তাক

বাটৰ মাজতে থাকে অযুত অসংখ্য  বাট 
পঢ়িব নোৱাৰিলে বাটৰ আদি পাঠ 
জীৱনে হেৰুৱাব পাৰে 
স্বপ্নৰ সুৰীয়া ঘাট।

বাট বিচাৰি ভাগৰি নপৰা সেউজীয়া দুহাত 
পদে পদে ফুলিব পাৰে মায়াবী জোনাক 
পোহৰাই 
শেষ নোহোৱা বাটৰ অচিন মাত।
----------------------
বিশ্বাসৰ অবিশ্বাস্য ভেটি
গিৰিজা শৰ্মা 

কথাৰো মেৰ-পেচ থাকে 
বুজি উঠিলেই বিশ্বাসৰ ভেঁটিত তিতা কেৰেলা গজে 
গভীৰ বিশ্বাসেৰে কিয় বাৰু কাৰোবাৰ হৃদয়ৰ মণিকোঠাত বহুৱাই লৈ বহুৱালি কৰো আমি 
কিয়  পৰম প্ৰত্যয়েৰে দোহাৰি থাকো 
তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও কোনো কোনোজন হ'ব পাৰে আত্মাৰ আপোন 
বাস্তৱিকতে ,
আত্মাৰ আপোনজনো অজানা সাঁথৰ 
বিশ্বাসৰ মণিকূটত কোনো দেৱতাৰ(মানুহ) স্থান নাই 
ইমান বিশ্বাস! ইমান আন্তৰিকতা!
আৰু এটা সময়ত 
অসহায় অন্তৰ্দাহ 
কণী ফুটি উৰি যায় কাউৰী 
বাকৰুদ্ধ কুলি 
ইমানেই ঠুনুকা হ'ব পাৰে 
বিশ্বাসৰ অবিশ্বাস্য ভেটি।
------------------------
কাঁচবলয় 
ৰুমী সেনাপতি ভূঞা

নিয়ম মানুহৰে সৃষ্ট 
মানুহৰ দ্বাৰাই পৰিচালিত
সেয়ে হয়তো নিয়ম ভঙাৰ নিয়মো 
মানুহৰ দ্বাৰাই সংঘটিত ৷

আচৰিত মাথোঁ অভিহিত
সময় বা যুগৰ পৰিবৰ্তন 
এয়া জানো স্বাভাৱিক প্ৰক্ৰিয়া !
দুলি দুলি ৰয় মানবীয় প্ৰমূল্য 

চিন্তাই যেন পাকঘুৰণি খাইছে 
সময়-পৰিস্থিতিৰ চাকনৈয়াত 
অস্থিৰ সময়ৰ অসন্তুলিত ভাবনা,
সঁচা-মিছাৰ অবুজ প্ৰহেলিকা 

চিলমিল সপোনবোৰ খণ্ড- বিখণ্ড 
ভাসমান জাজৰি সময়ৰ সোঁতত 
অহেতুক কিছু অনুভৱৰ অগাদেৱা 
আত্মিক অনুকম্পা ভিন্নসূৰী স্থিতি ,

একাবেঁকা গতিপথ অস্পষ্ট কেঁকুৰি 
অস্তাচলত সুৰুয়ৰ হেঙুলী ৰহণ 
আকাশ - পৃথিৱীৰ সীমনাত
পোহৰ ধিয়াই আশাই পাখি মেলে!
———————————
ঈশ্বৰো এজন শ্ৰমিকেই
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

ঈশ্বৰো এজন শ্ৰমিকেই
তেওঁ নিশ্চয় ৱেল্দাৰৰ ৱেল্দাৰ
সন্ধিয়াৰ পোহৰত
তেওঁৰ নয়নহালি অঙঠাৰঙা,
ৰাতি তেওঁৰ চোলাটো
চালনী খৰাহী হয়...
——————————
মা
ড° মন্ জু  হালৈ 

সোণ মোৰ টোপনি যোৱা
মতা নাই শিয়ালী,
নামাতো কাণখোৱা
নিৰ্ভয়ে টোপনি যোৱা

তুমি টোপনি যাবা বুলিয়ে 
আবেলিতে বেলিটিক প্রার্থনা কৰিলোঁ
তোৰ জুইখিনি নুমাই থ’বি দে বোপাই
টোপনি যাব মোৰ সোণাই,,,,

এতিয়া যদি পোহৰৰ অনুভৱ কৰিছাঁ 
সেয়া বাহিৰত জোনালী জোৎস্নাৰ আভা

ভিতৰত পোহৰ পোহৰ 

সেয়া
তোমাৰ টোপনি যাওঁ যাওঁ 
সমাহিত মুখখন দেখি 
মোৰ গালে মুখে বিৰিঙি পৰা 
আনন্দৰ লহৰ
ঠিক তোমালৈ বঢ়াই দিয়া কেইটা খাই 
'মোক আকৌ এগৰাহ দিবি,লগতে অকণ ঔ দিয়া মাটি দাইলো'–বুলিলে 
মোৰ মুখত ফুলি উঠা সূৰ্যমুখী
ফুলটোৰ দৰে নূৰ

টোপনি যোৱা সোণ
এতিয়া চৌদিশ নিমাত নিজান
নৈশব্দত দুবিছে ওৰেটো চুবুৰি
লেবেজান শ্ৰমিক দেহ ভাগৰি- যুগৰি

মাথোঁ সাৰে আছে অদূৰত কলকল পাগলাদিয়া নৈ
তোমাৰ টোপনিতে মোৰ দুচকু মুদি
সাৰে আছে আৰু থাকিব ওৰেটো ৰাতি
মোৰ হৃদয়
অকনো জিৰণি নোলোৱাকৈ।
———————————
জীৱন, আশা,অপেক্ষা ইত্যাদি 
সান্ত্বনা বৰদলৈ 

ত‌ই আছ বাবেই তো ম‌ইও আছোঁ

 তই আছ বাবেই 
গছবোৰ থিয় দি থাকে শিপা খামুচি 
সৰোঁ বুলিও নোৱাৰে সৰি পৰিব পাত 
সময় নহ'লে মৰহো বুলিও
মৰহিব নোৱাৰে ফুল 
এই পৃথিৱী মায়াৰ ভূগোল ।

নহ'লে চৰাইবোৰ
বিহ গছৰ গুটি খাই খাই 
মৰি গ'লহেঁতেন 
ওখ অট্টালিকাত বন্দী কুকুৰবোৰে
বেলকনিৰ পৰা জপিয়াই
 আত্মহত্যা কৰিলেহেঁতেন 

দেখা নাই জানো 
তোৰ বাবেই
 সাত সাজ লঘোণে থাকিও 
পথৰ ভিক্ষাৰীয়ে গাড়ীৰ আগত পৰি মৰোঁ বুলি মৰিব নোৱাৰে 

ত‌ই আছ বাবেই ম‌ইও আছোঁ

টোপনিয়ে মৰণে সমান জানিও 
তোকে শিতানত লৈ শুই যায় 
পদ পথত নিশাৰ নিশ্চিন্ত অঘৰী 
কাইলৈৰ অপেক্ষাত ।
——————————
ৰবাৰ্ট ফ্ৰ'ষ্টৰ কবিতা "Nothing gold can stay"ৰ ভাবানুবাদ , পৰ্যালোচনা আদি---
 অৰুণ দুৱৰা

       মূল ইংৰাজীত 
Nature's first green is gold,
Her hardest hue to hold.
Her early leaf's a flower;
But only so an hour
Then leaf subsides to leaf,
So Eden sank to grief,
So dawn goes down to day,
Nothing gold can stay.
  
ভাবানুবাদ 
সোণালী অকনো স্থায়ী নহয়

প্ৰকৃতিৰ প্ৰথম সবুজ সোণালী 
যি ৰঙ সকলোতকৈ কঠিন,ধৰি ৰাখিব নোৱাৰি।
প্ৰথম পাতখিলা ফুলৰ দৰে
কিন্তু সেই ৰূপ থাকে মাত্ৰ এক ক্ষণ।
তাৰ পিছত পাত পাতলৈ ফিৰি যায় 
যেনেকৈ এডেন ডুবি যায় দুখত,
যেনেকৈ পুৱা মিলি যায় দিনলৈ 
তেনেকৈ সোণালী ও স্থায়ী নহয়।
    আমেৰিকাৰ বিখ্যাত কবি ৰবাৰ্ট ফ্ৰ'ষ্ট তেখেতৰ সংক্ষিপ্ত কিন্তু গভীৰ চিন্তা মূলক কবিতাবোৰৰ বাবে বিশ্বজোৰা পৰিচিতি।তেখেতে জীৱন,সমাজ আৰু সময়ৰ নিয়মক সহজ ভাষাত কিন্তু গভীৰ অৰ্থত প্ৰকাশ কৰিছে। Nothing gold can stay কবিতাটো তেনে এক সৰু কবিতা য'ত মাত্ৰ আঠ শাৰীৰ মাজত কবিয়ে এক গভীৰ দাৰ্শনিক সত্য প্ৰকাশ কৰিছে -"প্ৰকৃতি বা জীৱনৰ কোনো সোণালী অৱস্থা চিৰ দিনৰ বাবে টিকি থাকিব নোৱাৰে।
   প্ৰকৃতিৰ পৰা আৰম্ভ হোৱা এক দাৰ্শনিক বোধ কবিতাটিৰ আৰম্ভণিতে কবিয়ে লিখিছে -"Nature's first green is gold,her hardest hue to hold" অৰ্থাৎ প্ৰকৃতিৰ প্ৰথম সেউজীয়া ৰঙটো সোণালী -সৌন্দৰ্য আৰু পবিত্ৰতাৰ প্ৰতীক। কিন্তু সেই ৰঙ ধৰি ৰখা কঠিন।এই শাৰীয়ে প্ৰতিফলিত কৰে যে জীৱনৰ সকলো সৰ্বোত্তম অবস্থা -নতুন আৰম্ভণি, শৈশৱ, প্ৰেম,আশা আদি অতি ক্ষণস্থায়ী। কবিতাৰ "first green"মানে নতুন জীৱনৰ সূৰ্যোদয়, কিন্তু সময়ৰ লগে লগে সেই সৌন্দৰ্য ম্লান হৈ যায়।
  ‌কবিয়ে কবিতাটোত কৈছে -"Her early leaf's a flower; but only so an hour."ইয়াত কবিয়ে পাতক ফুলৰ লগত তুলনা কৰিছে।নতুন পাত ফুলৰ দৰে তাজা আৰু সোণালী, কিন্তু সেই সৌন্দৰ্য থাকে অতি কম সময়ৰ বাবে। এইটোৱেই কবিৰ মূল দৃষ্টিভংগী -সকলো সৌন্দৰ্যৰ লগত ক্ষয় জড়িত।
   মানুহৰ জীৱনটো তেনে-শৈশৱৰ নিৰ্দোষিতা,যৌৱনৰ উজ্বলতা,প্ৰেমৰ উচ্ছ্বাস এইবোৰ সময়ৰ সোঁতত হেৰাই যায়।কবিয়ে এই ক্ষণস্থায়ীতাক দুখজনক ৰূপে নহয়, প্ৰকৃতিৰ অবিচল নিয়ম ৰূপে গ্ৰহণ কৰিছে।
   এডেন উদ্যান ধাৰ্মিক আৰু পৌৰাণিক প্ৰতীক। কবিয়ে লিখিছে "So Eden sank to grief"।এডেন উদ্যান মানে বাইবেলৰ সেই স্বৰ্গস্থান, য'ত আদম-ঈভে প্ৰথমে সুখৰে বাস কৰিছিল, কিন্তু নিষিদ্ধ ফল খোৱাৰ ফলত তেখেত সকল স্বৰ্গৰ পৰা বিতাড়িত হয়।ফষ্টে এই প্ৰতীকৰ জৰিয়তে দেখুৱাইছে যে নিখুঁত সুখ বা পবিত্ৰ অৱস্থা চিৰ দিনৰ বাবে টিকি নাথাকে।স্বৰ্গহানিৰ ঘটনাই প্ৰমাণ কৰে সময়ৰ নিয়মেই হ'ল ক্ষয় আৰু পৰিবৰ্তন।
  সৌন্দৰ্যৰ ক্ষণস্থায়ী অৰ্থ শেষ শাৰীত কবিয়ে প্ৰকাশ কৰিছে।কবিয়ে লিখিছে -"Nothing gold can stay.এই বাক্যই কবিতাটোৰ মূল দাৰ্শনিক বাণী। সোণালী মানে মূল্যৱান, নিখুঁত, অমলিন -কোনো বস্তু চিৰদিনৰ বাবে টিকি থাকিব নোৱাৰে। কিন্তু এই ক্ষণস্থায়ী সৌন্দৰ্যই জীৱনক অৰ্থ আৰু সৌন্দৰ্য দিয়ে। যদি সকলো স্থায়ী হলহেঁতেন তেন্তে সুখ বা প্ৰেমৰ মূল্য নাথাকিলেহেঁতেন।কবিয়ে দেখুৱাইছে যে ক্ষণস্থায়ীতাই জীৱনৰ বাস্তৱ সৌন্দৰ্য।
   মানুহৰ জীৱনক কবিয়ে প্ৰকৃতিৰ লগত একেবাৰে এক ৰূপত চিত্ৰিত কৰিছে।শৈশৱ নতুন পাতৰ দৰে সেউজীয়া,নিৰ্দোষ আৰু সোণালী।যৌৱন ফুলৰ দৰে ৰঙীন কিন্তু ক্ষণস্থায়ী। বৃদ্ধাৱস্থা -সেই ফুল শুকাই যোৱাৰ সময়, য'ত স্মৃতি আৰু বোধহে বাকী থাকে। কবিয়ে শিকাইছে সময়ক ধৰি ৰাখিব নোৱাৰি, কিন্তু তাত সৌন্দৰ্য অনুভৱ কৰিব পাৰি।সেয়ে এই কবিতাই মানুহক বৰ্তমান মূহুৰ্তৰ মূল্য শিকায়। ৰবাৰ্ট ফ্ৰ'ষ্টৰ এইটো সৰু কিন্তু গভীৰ ভাবৰ কবিতা এতিয়া ক'ব পাৰি এই কবিতাই জীৱনৰ এক অমলিন সত্য প্ৰকাশ কৰিছে।"সৌন্দৰ্য,সুখ আৰু পবিত্ৰতা চিৰস্থায়ী নহয়, কিন্তু সেই ক্ষণস্থায়ী মূহুৰ্তবোৰেই জীৱনক সোণালী কৰি তোলে।ফষ্টৰ দৃষ্টিত এই সোণালী মূহুৰ্তবোৰক উপভোগ কৰাই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা।

লেখকৰ ঠিকনা 
অৰুণ দুৱৰা,মিলন নগৰ, ডিব্ৰুগড়
——————————
এন্ধাৰ নে পোহৰ
বিশ্বজিৎ যোগী

দিনটো সামৰি  
চোতালত বহোঁ
আলচ কৰো কিছু কথা |

বাঁহনিডৰাত ফেঁচাই কুৰুলিয়ায়
শুভদিন সমাগত নে
সম্ভাৱনা
আহিব শুভসংবাদ আন্ধাৰ ফালি।

“নিউ নিউ” কৈ মাত এটি ভাহি আহিল
কাৰ বাৰু আয়ুস টুটিল।

পৰিবৰ্তন
এতিয়াও সোঁৱৰণীৰ কুঁৱলিয়ে ছানি ধৰে আকাশ।
———————————
অগ্নিবীণাৰ সুৰ 
 (জুবিনদালৈ শ্ৰদ্ধাৰে)
মনোজ কুমাৰ শৰ্মা

"আজি মোৰ দেহত অগ্নিবৃষ্টি জোৱাৰ উঠিছে।
কঁপি উঠিছে কূটগন্ধি ঘৃণা-অবিশ্বাসৰ গুহা
পুৰি ছাই হ'ব
অ-গণিত আঁউসীৰ লেলিহান মুখ।"
বুলি চিঞৰ মাৰি ক্ৰোধান্বিত বেলিটি
পৃথিৱীৰ গৰ্ভত সোমালগৈ।

উচাপ খাই ভয়াৰ্ত মেঘবোৰে
আকাশ ঢাকি ল'লে।

এইমাত্ৰ বৰষুণ দিব মুষলধাৰে-
শব্দমুখৰ হৈ উঠিব
নদীৰ বুকু,
নাঙলত এচাৰিৰ কোব ...
———————————
আহিনৰ জোনে ধুৱা আকাশ 
চেনেহী ডেকা 

আহিনৰ জোনে ধুৱা আকাশত 
হেজাৰ তৰাৰ মেল 
শুকুলা মেঘৰ আঁৰে - আঁৰে 
লুকাভাকু খেল।

তামোলৰ পাতত জোনবাইৰ পোহৰত 
সৰগৰ মুকুতা মণি জিলিকে 
তাকে দেখি মৰ্ত্যত শেৱালী জনীৰ 
দু-ওঠত হাঁহি বিৰিঙে।

ফৰকাল আকাশৰ তলত সন্ধিয়া 
চোতালত ঢাৰি পাটী পাৰি বহি 
ককা আইতাৰ লগত নাতি - নাতিনীৰ 
চলে সাধুকথাৰ প্ৰতিযোগিতা।

অলৌ গুটি তলৌ গুটি 
কচুগুটি লাই 
যিখন হাতত গুটি আছে 
সেই খন হাততেই পায়।

বাহ্!বাহ্! কি যে মজাৰ খেল 
কনমইনা, সোণমইনাৰ সাধু কোৱাৰ জেদ 
ককা আইতাৰ মাজত লাগিল ক্লেশ 
তাকে দেখি বৰমইনাই মাৰিলে চুৰিয়াৰ ফেৰ।

জোনৰ পোহৰত পথাৰৰ মাজত 
জিলিকে শুকুলা কহুৱানি ডৰা 
শৰতৰ মৃদু বতাহ জাকে 
শাৰদী জনীৰ আচল উৰুৱাই।

চৌপাশ আমোল মোল নানান সুগন্ধি ফুল 
হাছনাহানাৰ মন মতলীয়া সুবাসে 
হৃদয়ত সৰগী সুবাস ঢালে 
মন ফাগুন মোৰ হয় বিয়াকুল।

এনেহেন জোনে ধুৱা গধূলি 
নদীৰ বালিত কাছই পাৰে কণী 
পানীত ৰূপোৱালী ঢৌ খেলি 
জোনাকী জনীয়ে চায় নিজৰেই মুখখনি।
——————————
সোঁৱৰণ 
ৰূপা ৰাণী দেৱী
 
১৯ ছেপ্তেম্বৰৰ দিনা তুমি এৰি থৈ যোৱা ঘৰখন 
প্ৰতিটো পল -অনুপলত
লৈ ফুৰিছো এটা গধুৰ বোজা
যাৰ নাইকোনো পাৰাপাৰ, আমাৰ বুকুত যেন আবতৰীয়া এজাক ধুমুহা ৷
আকাশলৈ চকু গ’লে
তাতো দেখাে হতাশা - নিৰাশা
সাগৰৰ লগতও মিলালেচোন দেখো , 
দুখৰেই জোৱাৰ ভাটা 
মৰম অভিমানৰ সংখ্যালৈ 
তোমাৰ বাবেই এয়া ৰৈ আছো 
নীলিম আকাশৰ তলত 
এতিয়া চাগে তুমি মোৰ আৰু 
মই তোমাৰ হ’ব নোৱাৰো ৷ 
মোৰ ভগ্ন হৃদয়ৰ দুখৰ 
কাহিনী ক’ব নোৱাৰো  
মোৰ এই পৃথিৱী তোমাৰ অবিহনে 
নোৱাৰো , 
নোৱাৰো থাকিব মই 
পৰা নাই,তুমি অবিহনে 
হৃদয়ত ভাহে মাথোঁ  
তোমাৰ অভিমানী মন 
পাৰ হোৱা শাৰদী জোনাকতো তুমি আছিলা  মোৰ লগতে 
শেৱালিৰ সুবাসতো তুমিয়েই 
হিম চেঁচা বতাহজাকতো তুমিয়েই 
ফাগুনৰ পচোৱা আহিব 
তাতো তুমি থাকিবা ৷
কেতিয়াবা আকাশৰ বগা, ক’লা ডাৱৰখিনিতো
অশান্ত হৃদয়ৰ পোহৰ আৰু
অন্ধকাৰৰ দৰেই কি যে এটি 
অবুজ বেদনা দেখা পাওঁ 
এনেকৈয়ে মইও যেন সাগৰৰ ঢৌৰ লগত উটি ভাঁহি তোমাৰ ওচৰলৈ গুছি যাম ৷ 
সাগৰ তলিত শুবৰে পৰা তুমি 
পাহৰি গ’লা যে  ৰাতিপুৱাব  কেতিয়া ?

ৰাতি পুৱাইছে   
তুমি আহা ।
———————————
অনুভৱত তুমি 
ৰুম্পী দেৱী

মই নিৰবে বিচাৰি চাওঁ
তোমাক... মোৰ মাজত 
অনুভৱ কৰোঁ তোমাৰ স্পৰ্শ 
মোৰ প্ৰতিটো কামত 

প্ৰতিটো উশাহত তোমাৰ চেতনা 
প্ৰতিটো খোজত তোমাৰ প্ৰেৰণা 
ভালপোৱাৰ নৈ খনি বৈ থাকে 
নিৰবধি...আমাৰ হৃদয়ত

সপোনৰ আবেশেৰে নিবিচাৰোঁ তোমাক 
বাস্তৱৰ কঠোৰতাত মেলি দিও দুহাত
ভগা ডেউকাত সপোন বান্ধি 
অভিমানবোৰ সিকাতি কৰি
মই প্ৰতি পলে বিচাৰি পাওঁ 
মোক..... তোমাৰ কাষত 
----------------------
তুমি উভতি আহা 
মনচুমী কলিতা নাথ

আমি কথা পাতিছো কেৱল তোমাৰ কথা,
আমি গান গাইছো কেৱল তোমাৰেই গান,
হৃদয় কঁপোৱা গান, যৌৱন উতলা গান,
জীৱন জুৰুৱা গান, পাই হেৰুৱাৰ গান।
কাৰ মাত নাজানো, তোমাৰ বুলি ভাবোঁ,
কোনে গাইছে নাজানো, তুমি গাইছা বুলিয়েই ভাবোঁ ,
কোন অহাৰ কথা আছে নাজানো,
তুমি আহিবা বুলিয়ে ভাবোঁ।
তোমাকেই বিচাৰি যাওঁ
এগছি বন্তি জ্বলাই প্ৰাৰ্থনা গাওঁ,
নাই তোমাক চোন বিচাৰি নাপাওঁ,
কান্দি কান্দি হাবাথুৰি খাওঁ,
তোমাক বিচাৰি নিজেই হেৰাই যাওঁ।
উস্ , হঠাৎ গোটেইখন শূণ্য হৈ গ'ল অ' 
সকলোবোৰ এতিয়া নিজান নিস্তব্ধ।
তোমাৰ চিতাজুই জ্বলি জ্বলি শেষ হ'ল ,
আমাৰ বুকুৰ জুইকুৰা কিন্তু জ্বলিয়েই ৰ'ল ।
দিনবোৰ গৈ আছে 
বুকুৰ ঘা কণ বাঢ়িহে আছে।
তুমি উভতি আহা -
তুমিহে ক'ব পাৰিবাহি আহি 
সাগৰৰ বুকুত তোমাৰ শেষ কাহিনী,
কাঠৰ বাকচত সোমোৱাৰ আগৰ কাহিনী।
তুমি উভতি আহা -
তুমি যোৱাৰ পাছৰ কাহিনী আমি তোমাক শুনাম,
তুমি শিকোৱা গানবোৰ আমি গাই শুনাম।
এন্ধাৰ তোমাৰ বুকুৰ আপোন এন্ধাৰতে আহিবা,
ধুমুহাৰ সতে তোমাৰ বহু যুগৰে নাচোন 
ধুমুহা হৈয়ে আহিবা 
নতুবা আহিবা এজাক বৰষুণ হৈ
বাটৰে শেষতে  বাটে চাম তোমালৈ ।
তুমি উভতি আহা -
তুমি নহালৈকে বুকুৰ জুইকুৰা নুনুমাই অ' ,
তুমি নহালৈকে ঘা ডোখৰ নুশুকাই,
নুশুকাই আমাৰ চকুৰ পানী।
——————————
শৰৎ, মোৰ শব্দৰ সমাহাৰ
ইৰা দেবী

শৰতৰ  প্ৰেমত মচগুল
কবিয়ে
আকাশী পথত লিখে
এটা নীৰৱ কবিতা।
শৰতৰ সতে একাত্ম কবিতাৰ
পথাৰত ধানৰ সজালী।
কোন সেই ধ্যান মগ্ন 
ঋষি কঁহুৱা
কবিৰ কাপত নৱ চিন্তাৰ 
খোৰাক।

শেৱালিৰ সুৱাসত বন্দী
হাজাৰ বুকুত 
পৰিত্যক্ত প্ৰেমৰ খুদুৱনি 
একাকীত্বৰ আড্ডা।
——————————
অতীত
নাংলিজাশ্ৰী গোহাঁই (বন্তী)

এৰি অহা মোৰ অতীতৰ সেই দুখৰ দিনবোৰ 
নদীয়ে এৰি অহা 
এৰাসুঁতি দৰেই।
নদীয়ে যেনেকৈ ঘূৰি নাযায় দুনাই আকৌ এৰি অহা সুঁতিলৈ।
ময়ো উভতি চাব নিবিচাৰো বিষাদাৰে 
ভৰা সেই অতীতলৈ।
মই যে এতিয়া নিসংগতাকে আকোৱালি লৈছো।
নিসংগতাকে জীৱনৰ সংগী কৰি লৈছো।
সময়ৰ সোঁতত আজি
নিজকে সজাইছো।
অতীতৰ ক'লা অধ্যায় সামৰি সকলো দুখ পাহৰি 
অতীতৰ অন্ধকাৰ নেওঁচি
পোহৰাই তুলিব খোজো 
সুদূৰ ভৱিষ্যত।
সময়ৰ সোতত নিজকে 
বিলীন কৰিব খোজোঁ
মুক্ত মনে মুক্ত আকাশত
মুক্ত পক্ষী দৰে দুটি পাখি মেলি উৰিব খোজো মন-প্ৰাণ ভৰি।
দোহৰাব নোখোজো মোৰ অতীতক পাহৰিব খোজো মই সেই ক'লা অতীতক।
——————————–
শাৰদীয় বৰষাৰ আমেজ
গুণজিৎ শইকীয়া

শৰতৰ স্নিগ্ধ বতৰ
টুপ টুপকৈ সৰিছে নিয়ৰ,
পাতল এজাক বৰষাৰ স'তে
শীতল বতাহৰ শোভাযাত্ৰা,
ফৰকাল আকাশ
শুকুলা ডাৱৰেৰে ৰ'দৰ ধেমালি,
শাৰদীয় চন্দ্ৰমাই আনন্দেৰে ৰাতি
জোনাকী মেল পাতে হাঁহি হাঁহি !

শুকুলা কঁহুৱাই নদীৰ পাৰত
হালিজালি নাচে ফিৰফিৰাই
শেৱালি ফুলৰ সুবাসে
চৌদিশ আমোলমোলায় !

শৰতেই আঁতৰায়
উদণ্ড গৰমৰ অহংকাৰ,
নান্দনিক শাৰদ সম্ভাৰে
শীতক আদৰিবলৈ কৰে যেন
মায়াবী আয়োজন ! 

বৰষুণে আমাক জোকাবলৈ এতিয়া কাচিৎহে সময় পায়! 
———————————
পুৱাবেলা
মৰমী কাকতি

খোজৰ মূৰত খোজ
কালি গধূলিৰ দুটোপাল বৰষুণে
স্নেহ সানি থোৱা 
তিতি থকা দোকমোকালি

বহুদিনৰ মূৰত কুঁৱলী
আদৰৰ চাঁদৰ মেৰাই ৰাস্তাটো শুই আছে

খোজৰ লেখ-জোখ নাই
হৈমন্তী প্ৰভাত
হন্‌ হনাই খোজৰ গতি

ইফালে সিফালে নাই
প্ৰাতঃ পথিক
শব্দহীন সঙ্গ

বতাহৰ হাতত ধৰি
কুঁৱলীক সাবটি
খোজৰ মধ্যম লয়

আকাশক সুধিলোঁ- 'বৰষুণ নে কুঁৱলী'
কুঁৱলীয়েই ভাল
হেমন্তৰ ঢাল

গছক সুধিলোঁ- 'কুঁৱলী নে বৰষুণ'
বৰষুণেই ভাল
পাতবোৰ জীপাল

খোজৰ ভৰত
খৰ মৰ সৰাপাত

শীতৰ আগজাননী
গছৰ শিপাৰ অন্নপূৰ্ণা হাতত নাটনি
গছপাতৰ বিদ্ৰোহৰ কঁপনি

চৰাইৰ স্বৰমাধুৰ্যত শব্দই সঙ্গ পায়
চিৰিক চিৰিক তৰঙ্গ
অঙ্গে অঙ্গে অন্তৰঙ্গ

ফুলে ক'লে কাণে কাণে
'খোজত ছন্দ আনা/ছন্দত শব্দ/শব্দই সঙ্গ'

নিঃকিন নিঃস্বতা দলিয়াই
সুখৰ সময়ৰ আলাপ কৰা 

শব্দই ব্ৰহ্ম
অনুনাদ নিনাদ
ওঁমকাৰ আকাৰ
ঝঙ্কাৰ ঝঙ্কাৰ
সঙ্গীত্বৰ অঙ্গীকাৰ

খোজে অন্তৰা পাৰ হয়

দ্ৰুত লয়ত খোজৰ অলঙ্কাৰ
শব্দৰ শৃংখলত আগবাঢ়ে জীৱনৰ আধাৰ
---------------------
এখন মুকলি বজাৰ
ৰাম নায়ক

ইয়াত পায়...
আদবয়সলৈকে  সুঠাম-কৰ্মঠ শ্ৰম
দা,কোৰ,ফাং,জবকা আৰু কলমকটাৰী
মুনিহ -তিৰোতাৰ ঘামসনা হাড়ভঙা পৰিশ্ৰম
ইয়াত পেটৰ ক্ষুধা-তৃষ্ণাও বিক্ৰী হয়
ৰূপ-স্বাচ্ছন্দ্য , বুদ্ধিদিপ্তৰ দৰ কম
আঠুলৈ পৰা কলা মেখেলা
টিকাত চকু ওলোৱা খাকি পেন্ট
দেহঢকা মলিন কুৰ্তা।
বোকোচাত কলমলাই থকা পানীকেচুৱা 
ওঠন বয়সৰ দাম বেছি
অস্তবেলাত কমে ।
শৰীৰো অৱস হয়
যন্ত্ৰৱত জীৱনৰ
শেষ যাত্ৰাৰ ক্ষণ গনে ।
ইয়াত
নিষিদ্ধ দ্ৰব্যৰ চাহিদা বেছি
ছুৰট,পানীয় গোটখা খৈনী।
নিছাত মাতালে  মান্দলত
চাপৰ দিয়ে,
বিহ্বল মন আনন্দতে নাছে ।
এনেকৈয়ে বিক্ৰী যায় অযুত সপোন 
বজাৰখন ইয়াতেই বহে
সদায়,গ্ৰাহকো আহে 
নিৰৱিচ্ছিন্ন নিৰৱধী।
———————————
ঘাতক
ৰিজু মণি বৰা

সপোনটো জগোটেই
হত্যা কৰা হ'ল

ডিঙিটো বান্ধি থোৱাৰ ভৰত
চিঞৰবোৰ বোবা হ'ল
বুকুখনতো মৰুভূমিৰ দুপৰীয়া
চকু দুটাও যে এতিয়া গান্ধাৰীৰ বেশত

পদূলিৰ নঙলাকেইডাল খুলিব নোৱাৰা বাবে
সঞ্জীৱনী সুধাও অনা নহ'ল
পুনৰ  জীয়াই তুলিবলৈ…

সপোনটোক কবৰ দিবলৈ গৈ
আন এটা সপোনৰ মৃত্যু হ'ল
সকলোৱে চকু মুদি চাই ৰ'ল

এতিয়া ৰাজসভাত কিহৰ চৰ্চা কোৱা?

তুমিয়েই নেকি 
সেই শাসক
কিম্বা মৃত্যুৰ ঘাতক?
—————————
মৃত্যু
চয়নিকা মনোজ কটেল

মৃত্যু জীৱনৰ অন্ত নহয়
এখন সুকীয়া দুৱাৰহে
য’ত পৰে জোনাকৰ দীঘল ছাঁ,
নিঃশব্দে নামে মনৰ ডাৱৰৰ ওপৰত।
সোঁতৰ পাছফালে গুচি যোৱা নিঃশ্বাস,
পথাৰ-বতাহ কঁপাই যোৱা অতি সংগীত ।
মানুহে ভাবে মৃত্যু জীৱন কিতাপৰ
শেষ পৃষ্ঠা...
কিন্তু... শেষ ক’ত?

চকুপানীবোৰ মাত্ৰ নিগৰি বয়,
আত্মা উৰে দূৰত, 
আলোক বা আন্ধাৰত,
নিজ নিজ পথ বুলিবলৈ।
মৃত্যু হৈছে দুখ,
তথাপি স্নিগ্ধ এক মুক্তিও—
য’ত যন্ত্রণাবিহীন নিদ্ৰা
মাকৰ মৰমৰ দৰে মেৰাই ধৰে।
কোনোৱে কান্দে,
কোনোৱে অচিন  নীৰৱতাত ডুবে—
মৃত্যু তেনে এক মহূৰ্ত,
য’ত সময়েও দো খায়!
মানুহৰ অশ্ৰু জিলিকি উঠে 
 দুখৰ সাগৰত।

তথাপি—
জীৱনযাত্ৰাৰ সেউজীয়া পথত
মৃত্যু ...
হৈছে এক কঠোৰ শিক্ষক
যিয়ে জীৱনৰ সত্যক বুজায়।
সঁচা-মিছাৰ ভ্ৰম আঁতৰায়,
মানুহক মায়াৰ কবলৰ 
পৰা বচায়।
——————————
অনুভৱৰ দলিচাত তুমি 
অৰুণা চেতিয়া খাটনিয়াৰ

মোৰ মনৰ উৰুখা পঁজাত
দিছিলা তুমিয়েই আহি -

জিৰি জিৰি বৈ অহা
এছাটি সুবাসিত মলয়া -

পাহাৰীয়া চঞ্চলা জুৰিটিৰ 
 যেন এধাৰি মালা  

আছা বৈ নিৰৱধি 
হৃদয়ৰ আকাশীগংগা 

ধূসৰিত পৃষ্ঠাবোৰ লুটিয়াই
যন্ত্ৰনাত ভাগৰি এতিয়া 

নীৰৱ পোচাক পিন্ধি 
অপৰাহ্নৰ বুকুচাত উঠি 

বিচাৰি ফুৰিছো মাথো তোমাক 
হৃদয়ৰ দলিচা পাৰি 

তুমিয়েই মোৰ পৰম আকুলিত 
চন্দ্ৰাৱলী নিশাৰ অমীয়া মাধুৰী-- 

এটিবাৰ দেখা দিবানে প্ৰিয়জন  
কৰিছোঁ তোমাকে শতবাৰ নমন।
——————————
শিশুটি শিল্পী হ’ল 
মুক্তিস্নাতা শৰ্মা 

১৮ নম্বেবৰ এই দিনটোতেই এটি মানৱ শিশুৰ জন্ম হৈছিল 
কিছু বছৰ আগত 
(অ, মানৱ শিশু,দেৱ শিশু নহয়) 
তেওঁ মানুহক ভাল পায় 
জীৱক ভাল পায়, 
সেউজীয়া ভাল পায়, 
গছ ভাল পায়, 
জাতিটোক বুকুত লৈ ফুৰে,
তেওঁ অতীতক সন্মান কৰে, 
আৰু বৰ্তমানৰ হিয়াৰ আমঠু,
হৃদয়ৰ স্পন্দন,
ভবিষ্যতক সুন্দৰ কৰিব খোজে তেওঁ,
তেওঁ মানৱ শিশু, 
এতিয়া তেওঁ শিল্পী হ'ল, 
শিশু মনৰ বুকুখন লৈ...
শিশু মনটি বুকুতে ৰ'ল, 
শিল্পী তেওঁ সমাজৰ হ'ল. 
তেওঁৰ বিৰ্তকই টি.আৰ.পি. হয়.,
তেওঁ থমকি নৰয়,
তেওঁৰ সৃষ্টিৰ নহয় অন্ত.. 
তেওঁৰ গুণ-গৰিমাতেই
প্ৰকাশিত হৈছে বিশাল দিগন্ত।
——————————
নৈখন দুভাগ হ'ল
অংকুৰ দাস 

নৈখনৰ পাৰত তুমি থিয় হৈ আছা 
অদূৰত অন্যদেশ 
কাষত পানীৰ কোলাহল 

জীপ চাফাৰীৰ উত্তেজনা
তেতিয়াও আমাৰ দেহত 

ফটো উঠিলা আৰু লৈ গ'লা 
মাথোঁ তোমাৰ ভাগৰ 

মই নৱজন্মৰ কথা ক'লো
তুমি অন্যমনস্ক হৈ এন্ধাৰত বুৰ গ'লা 

এইখিনিতেই নৈখন দুভাগ হ'ল 

শুকান বালিয়ে দিলেহি 
অনুৰ্বৰ পৃথিৱীৰ খবৰ।
—————————
সোনোৱালী পথাৰ
আল্পনা ৰ্শমা

ভৰপূৰ আমাৰ লহপহীয়া সোনোৱালী ধাননি ডৰা 
দাৱনি যায় পুৱাৰ স্নেহ কোমল 
ৰ'দ কাঁচলিত 
আঘোণৰ মন পথাৰলৈ 

আজন্ম চিনাকি হাতৰ চিকমিক 
কাঁচিখনিৰে সোণগুটি চপাই 
পথাৰ উদং কৰি
 
এইবাৰ সেউজীয়া পথাৰ লুকাই নগ’ল
একাঠু এককাল পানীত 
সেয়েহে মনৰ হেঁপাহেৰে লখিমী চপাই 
ভঁৰাল ভৰাই কৃষকে 
দুচকু ভৰি চাই ৰৈ প্ৰাণভৰি

সেই প্ৰাণত থাকে আঘোণৰ পথাৰে
উন্মাদ কৰিব পৰা অনন্ত উন্মাদনা 

ৰবাব টেঙাৰ মতলীয়া সৌৰভত
আতৰি যায় দাৱনিৰ দুখ ভাগৰৰ জঞ্জাল
হাঁচতিৰ তামোলখনিতে বিচাৰি পাই
শান্তি আৰু স্বস্তিৰে উপচি পৰা অন্তৰ ভঁৰাল।
———————————
এতিয়া কথাবোৰ সলনি হ'ল 
ৰাতুল চেতিয়া ফুকন 

এতিয়া কথাবোৰ সলনি হ'ল 
ভাল পোৱাৰ প্ৰথম সাক্ষাতত
ওঁঠ দুটি কঁপা
অহেতুক ঘামি-জামি দুগাল ৰঙা পৰা
এতিয়া অতীত।
এটা মেচেজ অথবা মিচকল এটাই
 যান্ত্ৰিক আৰম্ভণি ভাল পোৱাৰ।

হৃদয়ৰ উমান পোৱা টান ।
এটা অস্থায়ী সম্বন্ধৰ পিঠিত উঠি 
দুদিনৰ যাত্ৰা।
দিনবোৰ আগৰ দৰে হোৱাহেঁতেন...

এতিয়া কথাবোৰ সলনি হ'ল।
———————————
মৃত্যু
আমিনুৰ ৰহমান

মৃত্যুক মানুহে 
যিমান সহজ বুলি ভাবে
সিমান সহজ নহয় 

বিপুল যন্ত্ৰণাৰ শেষত
মৃত্যুও হয়
নৱদ্বীপ তথা আলোক সজ্জাৰে
সম্বলিত এক নতুন জীৱনৰ আৰম্ভণি ।
———————————
অতি দূৰ গ'লাগৈ তুমি 
শামনুৰ আলম

এৰি গ'লা পৃথিৱী
দি গ'লা ইতিহাস।
লাগি গ'ল সাঁচ
দি গ'লা আ‌ঁচ।
কৰি নগ'লা ৰাজ
গঢ়ি গ'লা সমাজ।
ভাগিলা অনৈক্যৰ ভাঁজ
গঢ়িলা মিলনৰ ক’লাজ।
উদাৰ হিয়া অসমীয়াৰ প্ৰতি
জগতত ৰাখিলা কৃতি।
বজালা সকৰুণ সুৰ
আজি তুমি অতি দূৰ।
চাই আছোঁ জুমি জুমি
বিচাৰি নাপাওঁ অসমীয়া আমি।
অতি দূৰ গ'লাগৈ তুমি
এৰি থই অসমভূমি!
 ——————————
শীতৰ স্তৱক
বিকাশ গোহাঁই
 
গায়ে-মূৰে এৰি চাদৰখন মেৰিয়াই
শীতৰ আগমন
অভিবাদন! অভিবাদন!
সৰাপাতৰ কথোপকথন
চেঁচা চেঁচা আলিংগন

বেৰি ঘেৰি উমাল ছুৱেটাৰবোৰে ছেলফি  উঠিছে
জুইৰ তাপে শীতৰ আমেজ মোক তোমাৰ পৰা
আঁতৰাই নিব নোৱাৰে।
——————————
প্ৰেম 
ৰাহুল কোঁৱৰ 

যেতিয়ালৈকে তুমি মোক ভাল পোৱা
মই তোমাৰ কাষত থাকিম
মই তোমাৰ সংগী হম 
তোমাৰ বন্ধু আৰু তোমাৰ গাইড ৷

যেতিয়ালৈকে তুমি মোক ভাল পোৱা
যেতিয়ালৈকে তুমি গুৰুত্ব দিবা 
মই তোমাৰ বাবে যিকোনো কাম কৰিম 
মই যিকোনো ঠাইলৈ যাম ৷
ৰ'দৰ পোহৰ লৈ আহিম
তোমাৰ ভয়বোৰক মই সান্ত্বনা দিম
ৰামধেনু সাজি লম ৷

যেতিয়ালৈকে চিৰদিনৰ বাবে
মোৰ মৰম সঁচা হ'ব
যেতিয়ালৈকে তুমি মোক ভাল পোৱা
মই কেৱল তোমাক ভাল পাম।
——————————
আগৰ সেই হাঁহিটোচোন
নোহোৱা হ’ল…
হীৰক জ্যোতি দাস

কিয় জানো, প্ৰাণ খুলি
হাঁহিব নোৱাৰা হ’লোঁ।

নোৱাৰা হ’লোঁ মানে, 
হাঁহিবলৈ পাহৰি যোৱাৰ দৰে হ’ল।
তোমাৰ কপালৰ ৰঙা বেলিৰ উত্তাপে
মোৰ হাঁহিখিনি পুৰি ছাই কৰি পেলালে।

সঁচাই কৈছোঁ অ,
আগৰ সেই হাঁহিটো 
ক’ত জানো, হেৰুৱাই পেলালোঁ?

কিন্তু মই জানো
তুমি এতিয়া নতুনকৈ হাঁহিব শিকিছা।
কিয়নো তুমি এতিয়া মৰমৰ উমেৰে উমলিব পৰাকৈ
এখন বহল বুকু পাইছা।
হয়তো সেই বুকুতে তুমি
পাইছা সুখৰ অজস্ৰ মুকুতা।

বুকুৰ শূন্যতাবোৰ
সহজে পূৰণ কৰিব নোৱাৰোঁ অ।
এতিয়া ৰঙা মদিৰাৰ টোপালেৰে ধুই পেলাবলৈ
অভ্যাস কৰিছোঁ হৃদয়ৰ পবিত্ৰ মৰমবোৰ
যি এতিয়া প্ৰৱঞ্চনাৰ আঁচোৰত বিষাক্ত হৈ পৰিছে।

চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই পকাই
উৰি যাব দিছোঁ বিষাক্ত মৰমবোৰ।
নিশাবোৰ এতিয়া উজাগৰে ৰয় উপন্যাসৰ বুকুত;
উপন্যাসৰ বুকুতে খোদিত কৰিছোঁ মোৰ নতুন ঠিকনা।

কবিতাৰ ভাঁজত এতিয়া মৰমবোৰ সাঁচিব শিকিছোঁ।
আনক যাচিবলৈ এতিয়া ভয় 
জানোচা, এলাগী হৈ পৰে।

নিশাবোৰক আশ্ৰয় দিছোঁ দিন প্ৰতিদিন,
লিপিবদ্ধ কৰা কবিতাৰ আখৰৰ ভাজত।
শব্দৰ দলিচাখন এতিয়া বুকুতে মেৰিয়াই লৈছোঁ।
——————————
অনুভৱৰ দলিচাত তুমি
অৰুণা চেতিয়া খাটনিয়াৰ

মোৰ মনৰ উৰুখা পঁজাত
দিছিলা তুমিয়েই আহি -

জিৰি জিৰি বৈ অহা
এছাটি সুবাসিত মলয়া -

পাহাৰীয়া চঞ্চলা জুৰিটিৰ 
 যেন এধাৰি মালা  

আছা বৈ নিৰৱধি 
হৃদয়ৰ আকাশীগংগা 

ধূসৰিত পৃষ্ঠাবোৰ লুটিয়াই
যন্ত্ৰনাত ভাগৰি এতিয়া 

নীৰৱ পোচাক পিন্ধি 
অপৰাহ্নৰ বুকুচাত উঠি 

বিচাৰি ফুৰিছো মাথো তোমাক 
হৃদয়ৰ দলিচা পাৰি 

তুমিয়েই মোৰ পৰম আকুলিত 
চন্দ্ৰাৱলী নিশাৰ অমীয়া মাধুৰী-- 

এটিবাৰ দেখা দিবানে প্ৰিয়জন  
কৰিছোঁ তোমাকে শতবাৰ নমন ।
——————————
মোৰ আপোন স্বদেশ 
মিনাৰুল আহমেদ

এই মহান দেশৰ 
মই এজন সচেতন নাগৰিক,
এই উত্তম ৰাষ্ট্ৰৰ 
এক গৰ্বিত বাসিন্দা মই।

এই নিৰ্মল মাটি পৃষ্ঠত 
পাহাৰ-পৰ্বতে আৱৰা অঞ্চল,
এই পৱিত্ৰ ভূমিৰ ঘন সেউজ বনাঞ্চল।
এই দেশৰ নদ-নদী 
শুকান জ্বলন্ত তাপৰ মৰুভূমি,
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি তুলিছে মোৰ জন্মভূমি।

কিন্তু, কেতিয়াবা ক্ষোভিত মই 
এই দেশৰ দৰিদ্ৰতা, নিৰক্ষৰতাৰ পৰা,
কেতিয়াবা অসন্তুষ্ট মই 
এই দেশৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা,
কেতিয়াবা ৰাগিত মই 
এই দেশৰ ধৰ্মভিত্তিক, জাতিভিত্তিক সংঘাতৰ পৰা।

কিন্তু মই সন্তুষ্ট 
মোৰ দেশৰ অৰ্থনীতিত,
মই আনন্দিত বিশ্বৰাজনীতিত 
আজি মোৰ দেশৰ স্থিতিত।

এই উৎকৃষ্ট ৰাষ্ট্ৰৰ 
কৃষকবৃন্দ, মজদুৰবৃন্দৰ নাই কোনো ভয়,
বিশ্বগুৰুৰ দিশে ধাৱমান 
মোৰ উন্নয়নশীল স্বৰাষ্ট্ৰৰ জয়।
সীমান্ত ৰক্ষাৰ বাবে বলিদান দিয়া 
প্ৰত্যেকজন সেনাবাহিনীৰ জয়,
স্বাধীনতাৰ বাবে বলিদান দিয়া 
প্ৰত্যেকজন মুক্তিযোদ্ধাৰ জয়,
জয়, জয়, জয় 
ভাৰত মাতাৰ জয়।
——————————
আকূতি
অঞ্জনা ৰূপা দাস

সাৰে থকা পৃথিৱীখনতো
সঞ্জীৱিত জঁকাটোৰ মাজে 
হেচুকি সৰকে অৰ্দ্ধ উশ্বাস
নিশ্বাসবোৰো যেন  
হুঁমুনিয়াৰ সমান্তৰাল কৈ নামে
চেপা বেদনাত উচুপি
ফেঁকুৰি লোতক নিঝৰি
দুগালত চেঁচা আঙুলিৰ 
বৃথা পৰশ
শৰতৰ পূৰ্ণিমাতো শুনো
কুঁৱলীৰ বিননি ---
পৰিভ্ৰমী পক্ষীৰ কলৰৱত
বিষাদৰে অৰ্তনাদ
শৈল্যযাতাচাৰি বুভুক্ষু বিদাৰি
ৰক্তৰে জাতিংগা নমাই
সকলো ব্যস্ত আজি ঈশ্বৰ বন্দনাত
সমাধিয়ো ব্যস্ত অৰ্চনাত 
সকলোৰে বাবে নিশাবোৰ
থৰঙা, অনাথ 
হে সময়,  নল'বা পৰীক্ষা 
 দিয়া ঘূৰাই দিয়া  
চেতনাৰ সঞ্জীৱনী --
ব্যাকুলিত হৃদয়ে 
প্ৰশান্তিৰ নিলয়ত আউজি
জীপাল কৰো অনিদ্ৰিত ৰজনী।
——————————
ভৰপূৰ আঘোণ
দীপক কুমাৰ তালুকদাৰ

সুৱাসৰ সেউজী পথাৰ  সোণোৱালী আজি
হৰিকাইৰ মাটিডৰাত জহা ধানৰ সুগন্ধি
পিঠাৰ বাবে বৰা  চাউল এডুলি  ৰাখিবি 
ঐ হৰি কাই
ৰাতিপুৱাৰ জলপানত বৰাভাত খাম
 ভালেই হ’ব দে — কলী গাইজনীৰ গাখীৰ বৰ ডাঠ
এইবাৰ ন-খোৱাত গোটেই চুবুৰী খনেই হেনো লগভাত খাব
সাত শাকো খাম
চুগাৰটোৱে ধৰাৰ পৰা দোৰণ শাকেৰে
এমুঠি ভাত খাম বুলি  খাব পৰা নাই

লগ হৈ খোৱা মজাৰ  এটাৰ বাবে সকলো আতুৰ
নহাকৈ জানো থাকিব পাৰিবি ?
চহৰীয়া হৈ এইবাৰ একো ব্যস্ততাৰ বাহানা
নকৰিবি দে নৱ
সময়েনো আমাৰ জীৱনত ক’ত আহিব
আমিয়ে ধৰিব লাগিব সময়ৰ টিকনি
ইজন সিজনে দেখা হ’ম
ল’ৰালিৰ ৰং ৰগৰৰ কথা হ’ম
ন চাউলৰ এঠা লৈ চুঙা পিঠা খাম
নতুন আলু বেঙেনা  জুইত পুৰিম
আৰুযে  কত  কি কি
আহিবিতো ?
———————————
প্ৰেমৰ সংজ্ঞা বিচাৰি ৰাধে
আশা কাকতি দাস     
          (১)
আজি শৰতৰ দীপিতি গধূলি
জোনাকে মুক্ত 
আকাশৰ সতে খেলা কৰা দিন
আজি যে প্ৰেমৰ দিন
প্ৰেম নিবেদিবলৈ মোক যমুনা তীৰত
বলীয়া গোপী সকলৰ দিন
          (২)
সেয়ে কৈছো কানাই
আজি এই শৰৎ পূৰ্নিমাত 
ৰাধেক কৰা প্ৰতাৰণা দিন
প্ৰেমেই যদি আশা
তেন্তে কিয় নিৰাশাৰে
ভৰালা এই ৰাধাৰ হিয়া
গোপীৰ প্ৰেমতে যদি সুখ
ৰাধাৰ সতে কিহৰ গোপন
প্ৰেমৰ চলনা যমুনা তীৰত
চলনাময় তুমি কানাই চলনাময় 
মোৰ নিভাঁজ প্ৰেমক
প্ৰতাৰনা কৰি আজি বৃন্দাবনত
গুছি গ’লা গোপীক প্ৰেমত
ৰস ধালি দিম বুলি
সেয়ে কওঁ কানাই
আজি প্ৰতাৰণা দিন৷
কৃষ্ণই ৰাধাক কৰা প্ৰতাৰণা দিন
সকলোৱে উদ্‌যাপন কৰা
ৰাধাৰ প্ৰতাৰিত দিন৷
——————————
সেই সুৰৰ প্ৰীতিছায়াত 
ড° আদিল আলী 

পূৰ্ণিমাৰ জোনাকৰ মোহনীয় আকাশৰ 
এটি নিজম সুৰ হৈ 
আলোকিত কৰে 
মোৰ বিষণ্ণ হৃদয় 

ডেউকা মাৰি উৰে 
আন্ধাৰৰ বুকু ভেদি 
সুৰৰ মিঠা ছন্দৰে 
এটি জগত জিনা সুৰ 

বিহুৱা বাঁহীত যৌনগন্ধী বসন্ত সুৰ 

গৰখীয়া বাঁহীৰ সুৰৰ দৰে 
পুৱা মাতে মোক সেই শান্ত সুৰে 
বেলি আৰু ৰিব্ ৰিব্ মলয়াৰ নৈপৰীয়া জংগললৈ 

যি সুৰে 
মোৰ হৃদয়ত 
প্ৰতিধ্বনি তুলি ধৰে 
নৈপৰীয়া ৰাতিবোৰৰ জোনাকী 
তৃপ্তিছায়া শব্দ 

সেই সুৰৰ 
প্ৰীতিছায়াত নিজম পৰি গৈছিল 
মোৰ জীৱন হেৰুৱা বেদনাবোৰ 

স্মৃতিৰ দলিচাত জীৱন্ত সজীৱ হৈ থাকিব 
সেই হিয়া ভুলোৱা ওঁঠৰ প্ৰেম সুগন্ধি সুৰ 
—————————
অবুজ বেদনা
শেৱালী বড়া

এসাগৰ আশা বুকুত বান্ধি
ৰৈ আছে তৰাং নদীখনি
কেতিয়ানো মেঘমল্লাৰ ৰাগে
বাৰিষাৰ ধ'ল নমাই আনিব ধৰালৈ
উদৰ পুৰাই দিবহি অফুৰন্ত জলধাৰা
শুকাই চিৰাল ফাট দিয়া পথাৰৰ বুকু
সজীৱতা আনি ঘূৰাই দিব বৰষাই
শুকাই হাড়চাল লাগিছে সেউজীয়াত
নাই কোনো নৈসৰ্গিক সৌন্দৰ্যতা
অচিৰেই শেষ হ'ব সেউজী ধৰা
লাগে লাগে বুলি কৰিছোঁ উদং
আইৰ বুকু এফালৰ পৰা
বহুদিন হ'ল নাই কোনো সমাগম
নাই কোনো কলীয়া ডাৱৰ আকাশত
প্ৰতৃতিয়ে লৈছে আমাৰ ওপৰত প্ৰতিশোধ
গছ কাটি পোহৰৰ উৎসৱ পাতিছোঁ
পাহাৰ খহাই গগন চুম্বী অট্টালিকা
সাঁজি ফোপোলা আভিজাত্যত মজি
নিজকে চিনাকি দিছোঁ আধুনিকতাৰ
সভ্যতাৰ জখলাত বগাবলৈ গৈ
নিজৰ মৃত্যু নিজেই মাতিছোঁ
জোৰ পুৰি হাত পালে 
এতিয়াও আছোঁ নীৰৱে
অভিনয় কৰিছোঁ এতিয়াও যেন
সকলো একেই আছে ।
—————————
পুতলা নাচ
যামিনী দেৱী

শুকান কাঠৰ
জীপাল ভংঙ্গিমা
দৰ্শকৰ হাতচাপৰি
চেমনীয়াৰ বিস্ময় চাৱনি
কিনো যাদু আছে হাতত
অঙ্গি-ভঙ্গি কৰে
লয়লাসত
এয়াযে পুতলা নাচ
হালিছে-জালিছে
অইনৰ সিদ্ধান্তত
আমি হ'লোঁ
বীৰ জাতি অসমীয়া
কোনো ক্ষেত্ৰতে হাৰ নমনা
সিদ্ধান্ত লম মগজুৰ নিৰ্দেশত
নচুৱাব নালাগে
কোনেও আমাক
সূত্‌লি টানি-টানি
নিজে নাচিম
কঁকাল ভাঙি-ভাঙি।
—————————
পৰিবৰ্তন
পাপু্জ্যোতি পেগু 

আজি কালি দিনৰ সলনি 
মোৰ ৰাতিবোৰ প্ৰিয় হ'ল।
দিনৰ পোহৰত জিলিকি উঠা চেহেৰাত,
ৰাতিৰ আন্ধাৰত চকুপানী বৈ গ'ল।
কোলাহল সলনি
নিস্তব্ধ ভাল লগা হ'ল।
কোলাহলত গীত গোৱা ল'ৰাটো 
নিজানতাৰ গীতিকাৰ হ'ল।
ভিৰৰ মাজত থকা ল'ৰাটো,
অকলশৰীয়া হ'ল।
কথা কৈ ভাল পোৱা ল'ৰাটো,
নিঃশব্দ হৈ ৰ'ল
সপোনবোৰ বাস্তৱ হোৱাৰ সলনি,
বাস্তৱবোৰো এতিয়া সপোন যেন লগা হ'ল।
সাগৰৰ বুকুত সাঁতোৰা ল'ৰাটো,
পানী দেখিলেই ভয় কৰা হ'ল।
গছ-বন,ফুলে ভৰি থকা হৃদয়খন,
মৰুভূমি হ'ল।
হ'ল সময়ৰ লগতে বহুতো পৰিৱৰ্তন হ'ল।
—————————
এন্ধাৰ বাট আৰু এশাৰী মাত
স্নিগ্ধাৰাণী বড়া

আন্ধাৰ নিশাৰ 
এটি অজান বাট 
শুনিলোঁ কাৰোবাৰ এশাৰী মিঠা মাত 

চকুহাল মুদি মাথোঁ
 শুনিব খুজিছো
এইকণ আদৰেই যে 
কতদিন বিছাৰি ফুৰিছোঁ।

ধুমুহাত জুৰুলা হোৱা ভাগৰুৱা শৰীৰ 
সেমেকা চকুজুৰিত 
নিবিছৰা অতীত 

মাতশাৰীৰ আশাতেই খোজবোৰ তুলি 
সকলো নেওচি মাথোঁ 
অলপ আগলৈ বুলি ।

আগবাঢ়ি দেখো 
মিঠা বৰষূণ এজাক 
তিয়াই গৈছেহি
এন্ধাৰে দিয়া প্ৰতিটো আঘাত

চেঁচা বতাহ এজাকে  সজাইছে মোক, 
আশাভৰা হাঁহিটি আনি গুজিছে বুকুত।
 
এন্ধাৰ বাটত এতিয়া 
কোমল ৰেঙণি 
বাৰুকৈয়ে নতুন 
পৃথিৱী এখনি 

ফুলিছে লাহেকৈ হেঁপাহৰ ৰঙীণ পাহি 
মৰম বোলা পখিলাবোৰেও তাকে চুমিছে আহি

স্মৃতিৰ পাতত আৱদ্ধ হ'ল 
ভাগৰা এন্ধাৰ বাট
প্ৰতিটো ক্ষণত বিচাৰোঁ আজি 
প্ৰতিবাৰে সাহস দিয়া  আদৰৰ মাত 

মিঠাকৈ বুজাই গ'ল 
জীৱন হেনো 
এখন বিশাল নদী...
তাতেই অপ্ৰত্যাশিত 
হেজাৰটা সুঁতি

তাৰ মাজতে আপোন- পৰ বুলি হেজাৰজন 
দিনটোৰ শেষত মাথোঁ অকলশৰীয়া প্ৰতিটো জীৱন

শিকিলো জীৱন-নদীক চোৱাৰ এটি নতুন ধং 
হাঁহিৰে আদৰো 
বোৱাই অনা প্ৰতিটো ৰং 

অজানিতে বুজাই গ'ল
জীৱনৰ নতুন সংজ্ঞা এটি 
মনোমোহা আজিকালি
জীৱন নদীৰ প্ৰতিটো সূঁতি...
—————————————————
প্রতীক্ষা
মমী গগৈ

তোমাৰ প্রতীক্ষাত-
মোৰ দুচকুৰ কল্পৰাজ্যত সপোনৰ শোভা
চালুকীয়া মনটিয়ে মাথোঁ ভ্রমি তোমাকে
ফুৰিছে বিচাৰি 
জানোচা দিব পাৰো কল্পনাৰ
চৰিত্ৰক এক এক জীবন্ত ৰূপ জানানে তুমি ?
তোমাৰ আগমনিত-
মোৰ বাসনাৰ স্পন্দন এক নৱ অনুৰাগ
নিৰাশাৰে ভৰা মোৰ তপ্ত চকুলো
তোমাৰ প্ৰেৰণাত উন্মেষ আশাৰ
দীপ্ত হাঁহিৰ এক নতুন প্রেমৰ শুভাৰম্ভণি

কতা...
এতিয়াতো সময় সলনি হ’ল
তুমি আজি মোৰ এৰি 
গ'লা গুছি....
কোনোবা নীলিমাৰ শূন্যৰ সীমাত
আকাশৰ কুসুম সুবিশাল 
ডাৱৰ মাজত তৰাটিৰ মুখেৰে
মোৰ দুচকুত বোৱাইছা তুমি মাথোঁ
ৰূপালী জোনৰ সঞ্জীবিত অঞ্জলি।

তথাপিও ৰৈ আছো তোমাৰ
প্রতীক্ষাত প্ৰাণৰ সুৰভি।
——————————

Post a Comment

0 Comments