পষেকীয়া কাব্যকাননৰ অষ্টম বৰ্ষৰ ষষ্ঠদশ সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মণ

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

 কোনে জানো কৈছিল–"যি কোৱা নহয়,সেয়াই কবিতা।" । মাজে মাজে নিজেও নিজক সুধো—
–"কবিতানো আচলতে কি?"
–"কবিতাৰ কিয় এক সুনিৰ্দিষ্ট সংজ্ঞা নিৰূপণ হোৱা নাই?"
–"কাৰোবাৰ দৃষ্টিৰ ভাল কবিতা এটি আন কাৰোবাৰ বাবে কিয় ভাল নহ’বও পাৰে?"
 এনে বহু প্ৰশ্ন মনত দোলা দিয়ে। আপোনাকো চাগৈ মাজে সময়ে এনে প্ৰশ্নই আমনি কৰে।
  মানো,কবিতা,চৌষষ্ঠি কলাৰ ভিতৰত এক জটিল কলা।এইটোও বুজোঁ,মনৰ দোলায়িত ভাৱনাৰ বহিঃপ্ৰকাশেই কবিতা নহয়।কবিতাক জানিবলৈ,বুজিবলৈ তথা আয়ত্ব কৰিবলৈ গভীৰ সাধনা,একাগ্ৰতা আৰু অধ্যয়নৰ প্ৰয়োজন।অন্যথা সময়বালিত সকলো মচ খাই যাব।
  এই সকলোখিনি ভবা গুণাৰ পাছত আমাৰ দৰে কবিতাৰ ছাত্ৰ এজনে এইটোৱে বুজো যে যি কবিতাই আমাৰ হৃদয়ত সাঁচ কাটিবলৈ সক্ষম ,যি কবিতাৰ শব্দ স্বত্বঃস্ফুৰ্তভাবে আমাৰ হৃদয়ত গুঞ্জৰিত হয়,সেয়াই প্ৰকৃত কবিতা।


বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
                   অনুবাদ কবিতা

Because I could not stop for Death 
Emily Dickinson
1830-1886

Because I could not stop for Death—
He kindly stopped for me—
The Carriage held but just Ourselves— 
And Immortality.

We slowly drove—He knew no haste
And I had put away
My labor and my leisure too,
For His Civility—

We passed the School, where Children strove
At Recess—in the Ring—
We passed the Fields of Gazing Grain—
We passed the Setting Sun—

Or rather—He passed us—
The Dews drew quivering and chill—
For only Gossamer, my Gown—
My Tippet—only Tulle—

We paused before a House that seemed
A Swelling of the Ground—
The Roof was scarcely visible—
The Cornice—in the Ground—

Since then—’tis Centuries—and yet
Feels shorter than the Day
I first surmised the Horses’ Heads
Were toward Eternity—

কাৰণ মই মৃত্যুৰ বাবে ৰৈ থাকিব নোৱাৰিলোঁ 
এমিলি ডিকিনছন
(১৮৩০–১৮৮৬ চন)
ভাবানুবাদ–ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

কাৰণ মই মৰণঅপেক্ষা 
কৰিব নোৱাৰিলোঁ—
তেওঁ মোৰ বাবে কৰুণাময়ী অপেক্ষা—
বাহনখন কেৱল আমাৰেই আছিল—
আৰু অমৰত্ব৷

আমি ধীৰে ধীৰে গাড়ী চলালোঁ—
তাই জানিছিল যে, কোনো হুৰিমুৰি নাই।
আৰু মই গুচি গৈছিলোঁ
মোৰ শ্ৰম আৰু মোৰ অৱসৰ,
তেওঁৰ সভ্যতাৰ বাবে—

আমি পাঠশালাখন পাৰ হৈ গ’লোঁ, 
য’ত শিশুৱে চেষ্টা কৰিছিল
জিৰণিকালত—হৈ-গুদু খেলত—
আমি চৰণীয়া পথাৰবোৰ পাৰ হৈ গ’লোঁ—
আমি অস্তাচলৰ সূৰুযটো পাৰ হৈ গ’লোঁ—

বা সঁচাকৈয়ে ক’বলৈ গ’লে—
তেওঁ আমাৰ কাষেৰে পাৰ হৈ গ’ল—
নিয়ৰে কঁপি উঠিছিল আৰু শীত—
কেৱল গোসাঁইৰ বাবে, মোৰ গাউন—
মোৰ টিপেট—
কেৱল টুলত—

আমি যেন এটা ঘৰৰ আগত ৰৈ দিলোঁ
পৃথিৱীখন ফুলাবলৈ—
চালখন বেছি দেখা পোৱা নাছিল—
কৰ্নিচ—পৃথিৱীত—

তেতিয়াৰপৰাই—‘এই শতিকা’—আৰু তথাপিও দিনটোতকৈ চুটি যেন লাগে
প্ৰথমে ঘোঁৰাটোৰ মূৰটো অনুমান কৰিলোঁ
আছিল অনন্তকালৰ দিশে—
———————————
তাৰপিছত
মূলঃ বঙালী
কবিঃ পূর্ণেন্দু পাত্ৰী
অনুঃ দেৱ দাস 

তাৰপিছত শেষ হ'ল
চৈধ্য বছৰৰ অজ্ঞাতবাস
মোক দেখি উচপ খাই
-তুমি বিবৰ্ণ কিয় ?

হঠাতে তেওঁক দেখি
-তুমি এতিয়া বিদীৰ্ণ যে ?

-মোৰ হাতলৈ লক্ষ্য কৰা
তেওঁৰ ঘৰপুৰা জুইত জ্বলা দুয়োখন হাত

-মোৰ বুকুলৈ লক্ষ্য কৰা
তেওঁৰ বুকুত ৰাজ অট্টালিকাৰ ইটা আৰু পাথৰৰ টুকুৰা

-মোৰ চকুলৈ লক্ষ্য কৰা
তেওঁৰ দুয়োটা চকুৰ ওপৰত
দুটা ক'লা ভোমোৰা

-মই শীৰ্ণ বতাহৰ দৰে 
জানিব পাৰোনে ?
-কোনে তোমাক কঙাল কৰিলে ?

মৰমসনা মাতেৰে তেওঁ জনালে
-যাৰ বাবে মই সপোনৰ দুৱাৰ খুলি দিছিলোঁ

-তাৰপিছত ?

তাৰপিছত তেওঁক 
সজাই পৰাই মোৰ নিজৰে 
সেমেকা পালকিত
_______________

                          কবিতা


সমাধিৰ স্থান হৃদয়ভূমি  
(অসমীয়াৰ হিয়াৰ আমঠু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত)
গিৰিজা শৰ্মা

সমাধিত শুই থাকে নেকি কোনো উদ্দীপ্ত সূৰুয 
যাৰ উত্তাপে বৰফ গলাব পাৰে 
মৰুভূমিক কৰিব পাৰে অগ্নিকুণ্ড
সেই দ্যুতিক আমি জপ কৰোঁ বাৰম্বাৰ 
প্ৰতিদিনে আবাহনী সংগীত এটি হৈ বৈ থাকে আমাৰ সিৰাই-উপসিৰাই 

সমাধিত শুই থাকে নেকি কোনো সৰগৰ শিশু 
যাৰ নিস্পাপ মুখ 
নিস্কলুষ নিচান
নিৰপৰাধ দুই নয়ন নক্ষত্ৰ

সমাধিত শুই থাকে নেকি কোনো জাতিৰ প্ৰাণ প্ৰদীপ 
যাৰ প্ৰদীপ্ত শিখাই উজলাই তোলে অন্ধকাৰ আলয়
ক্ষুধিত নিষ্পেষিত জনৰ জীৱন বলয়

সমাধিত শুই থাকে নেকি কোনো বিপ্লৱী সত্বা 
অন্যায় অনিয়মৰ বিৰুদ্ধে সৰৱ যোদ্ধা
সত্য আৰু সততাৰ মূৰ্ত প্ৰতীক
মানৱতাৰ মহীৰূহ 

সমাধিত শুই থাকে নেকি কোনো প্ৰকৃতিপ্ৰেমী
যি গছ হৈ ছাঁ দিয়ে
ফল দিয়ে অকৃপণভাৱে
যি বিলাই ভালপায়, নিজে নাখায় 

সমাধিত শুই থাকে নেকি কোনো প্ৰাণী প্ৰেমী প্ৰাণ 
সকলো জীৱ যাৰ দৃষ্টিত সমান 

সমাধিত শুই থাকে নেকি সুৰৰ সাগৰ 
যি সুৰ এটা জাতিৰ প্ৰাণে-প্ৰাণে প্ৰৱাহিত
সেই সুৰৰ সুৰকাৰৰ শেষ নাই
সমাধি নাই 
মাটিয়েও যেতিয়া গৌৰৱ কৰে কোনো জনক
বুকুত ঠাই দি 
সেই মাটিৰ সমান ভাগ্যবান আৰু কোনো নাই
সেই মাটি 
মোৰ দেশৰ মাটি
প্ৰতিজন অসমীয়াৰ হৃদয়ভূমি 
মোৰ স্বদেশ-স্বভূমি ।
—————————
কপাহ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

বোৱাৰীপুৱাতেই দেখিছিলোঁ 
কপাহৰ কলিটি
নিয়ঁৰৰ টুপ-টুপ 
নিগৰি আহিছিল তাইৰ লাজ দেৱাই...

আজি লাজৰ তলে
তাই গাভৰু হ’ল...

তন্ময় হৈ ৰলোঁ বহুপৰ...

তাই ক’লে
তাইতেই নিহিত হৈ আছে
মোৰ লগুণ 
তাইক বৰণ কৰিব’লে...
———————————
শূন্যতাৰ তৃতীয় প্ৰান্ত
অৰুণ দুৱৰা

খিৰিকিত ঝুলে 
এডাল অসমাপ্ত নীল ৰেখা
যেন আকাশৰ ভুল 
অথবা মানুহৰ 
অচেতন দীৰ্ঘ শ্বাস।

আজিৰ দিনটো
নিজকে মুষ্টিবদ্ধ কৰি
আমাৰ সময়ৰ ওপৰত 
চাপ দিয়ে --
ঘড়ী নি:শব্দে
নিজৰ বালিকণা সলনি কৰে।

মাছৰ ফানৰ দৰে
নদীৰ ইচ্ছা পৰিবৰ্তন কৰে,
মোৰ দুবাহু
এক মুহূৰ্তৰ প্ৰেম,
নৈৰ শিৰায় সংগ্ৰহ কৰা
অসংখ্য অশ্ৰুৰ মূৰ্তি।

মই উঠি ঠিয় হওঁ
ছায়াৰ তলত ছায়া
শূন্যতাৰ ওপৰত শূন্যতা 
কিন্তু ভিতৰত,খুব গভীৰত
এক যেন মৃদু জুই
ধীৰে ধীৰে 
নতুন ব্যঞ্জনা বা নতুন ভাষাত 
নিজকে ব্যাখ্যা কৰে।
——————————
তুমি কোৱাৰ দৰেই
পৰশমণি বৰদলৈ

বন্ধু
শুনিলো তোমাৰ কথা
ভাল লাগিল
হওঁক,তুমি কোৱাৰ দৰেই
পৃথিবীখন ধুনিয়া

পাহি মেলক দুচকুত 
মানবীয় প্ৰেমৰ সুষমা

ঈশ্বৰ,আল্লা,গড্ সকলোৱে
বৰষক আশিস
পৃথিবীখন হওঁক ধুনিয়া

টকলা পাহাৰবোৰ হওঁক চিৰ সেউজ
প্ৰবাহিত হওঁক মৰা নদী
ৰৌদ্ৰদগ্ধ শইচৰ পথাৰবোৰ
হৈ উঠক জীয়া সেউজীয়া

ভাতৃঘাটী সংঘৰ্ষবোৰৰ
হওঁক অৱসান
মনৰ পৰা
প্ৰভূত্ব ,সম্প্ৰসাৰণৰ দানবীয়
মনোবৃত্তিবোৰ হওঁক নিৰ্বাপিত

পিচে,এনে নহয় কেতিয়াও
এইকথা তুমিও জানা,ময়ো
যুগে যুগে তাকে সঁকিয়ায় ইতিহাসে

ইযে দিন ৰাতিৰ দৰেই অৱধাৰিত
অপৰিবৰ্ত্তনীয়
ই মানবৰ দানবীয় অভীস্পা
কেতিয়াবা অৱদমিত
কেতিয়াবা বিস্ফোৰিত
 
নৱ নৱ আৱিষ্কাৰেৰে
নৱ নৱ চমৎকৃত সৃষ্টিৰে 
প্ৰকৃতিক হয়তো প্ৰত্যহ্বান কৰিছে মানুহে
কিন্তু,
জীৱশ্ৰেষ্ঠ হৈও মানুহে  
সমূলঞ্চে বিনাশ কৰিব পৰা নাই
মানবৰ দানবীয় মানসিকতা

কেতিয়াবা হ’বনে নিৰ্মূল 
মানব মনৰ অসূয়া,অপ্ৰীতি,
আক্ৰোশ,বিদ্বেষ
হিংসা,প্ৰতিহিংসাৰ দাবানল
কিম্বা শত্ৰুতা

ময়ো বিচাৰো মৰতত
স্বৰ্গসম এখন ধুনিয়া পৃথিবী 
পাৰা যদি মোকো আনি দিয়া 
বন্ধু,মোকো আনি দিয়া
কলুষ কালিমাহীন মানুহৰ
এখনি নিষ্পাপ বসুন্ধৰা।
——————————
এটা সাধু
হিমানী দাস

এটা বাঘৰ সন্মুখত
সিদিনা তেওঁৰ
মৃত্যুকাতৰ প্ৰাৰ্থনা আছিল
টুকুৰা-টুকুৰকৈ কটা তেওঁৰ
আঙুলিবোৰ উদঙাই
এটা শিয়ালে
ধাৰাবাহিক চিঞৰবোৰ হেৰুৱাই
অনৰ্থক
নীলা সানি
মৌবোৰক উজাৰি দিছিল
হঠাতে মৌজাকে বাহ হেৰুৱাই
এটাৰ পিছত এটাকৈ
মাটিত পৰি
গনিছিল চকুৰে সৰিয়হৰ ফুল
তেওঁ তেওঁৰ বন্ধুবোৰক
বুজাব পৰাই নাছিল
এখন উকা বেনাৰৰ কথা
নিঃকিন হৈ পৰে দুভৰিৰখোজ 
তেওঁৰ চকুজুৰিৰ তলত
কাজলৰ সলনি
তেজ সানি উলতি আহে
তিনিটা সজোৰে চিঞৰ মাৰি
তিনিটা সজোৰে চিঞৰ মাৰি৷
———————————
শংখবোৰ
সান্ত্বনা বৰদলৈ

শংখবোৰ শুই শুই জাগি থকা 
নে জাগি জাগি শুই থকা একোজনী নাৰী 

অলপ আবেগ , অলপ অনুৰাগৰ 
এটি মাথোঁ ফু-ৰ অপেক্ষাত...

এযুৰি ওঁঠৰ অকণি বতাহত প্ৰাণ পায় 
জীৱনৰ অৰ্থ,
যৌৱনৰ আয়োজন।
যেন ভাষাহীন নীৰৱ কোনো বোবা শিশুৰ হঠাৎ কণ্ঠ ফাটি ওলাই অহা
বহু প্ৰত্যাশিত এটি শব্দ ...

ধৈৱত,নিষাদ, বাদী-সম্বাদী আৰোহণ 
উচ্ছল তৰংগেৰে হিল্লোলিত আকাশ 

নৃত্যৰতা জোৱাৰৰ চূড়া চুই চুই
সাগৰকো উত্তাল কৰা 
গংগা চিলনীৰ প্ৰেমৰাগ ।
——————————
ধানবোৰ
বিকাশ গোহাঁই

পকা ধানবোৰ শুই আছে
জগাই দিয়া
তোমালোকৰ লাহী হাতেৰে 
চিকচিকীয়া কাচিখনৰে
অ’ দাৱনী
তোমালোকৰ বাবেই
এই চিনাকি ধানবোৰ
সুৱাগমণি, মাগুৰি….

ৰবাব টেঙাটি অকলে নেখাবি
আমাকো….
ধাননি ফালি উৰি যায় এজাক  টুনি

ধানবোৰ গান হৈ পৰিছে
গানবোৰে জীৱনৰ জখলা বগাইছে।
——————————
সৰাফুল
ৰাহুল কোঁৱৰ

মই উভতি অহাৰ কথা আছিল
কিন্তু ঘড়ীটো বন্ধ হৈ গ’ল ৷

তেতিয়া মই উশাহ কমকৈ লৈছিলোঁ !

এতিয়া তেওঁক নুই কৰিব নোৱাৰিম 
মইতো ব্যস্ত ৷ 

তোমাক দিবলৈ আছে কি ! মোৰ !
আকাশ হ’বতো পাৰিম ন ,
তুমি এতিয়া আন কাৰোবাক চিনি পাবা
চিনাকি কৰাই দিবাতো ন ?
আৰু মই ঘুৰি নাযাওঁতো ৷
কিন্ত,আমি এটি আধৰুৱা কবিতা হ’ব পাৰিমতো 
কবিতা হৈয়ে থাকিম ন ৷ 

ৰাতিহে ফুলে শেৱালি, পুৱতিনিশালৈকে থাকিব পাৰিমতো 
তোমাৰ পদূলিত নিয়ৰত সৰাই ৷ 

যেতিয়ালৈ তুমি দুৱৰিত খোজ নিদিয়া !

মোৰ আকাশ কেৱল মোৰ নহয়
আন কাৰোবাৰ !
মোৰ প্ৰেমও কেৱল মোৰ নহয় 
আন কাৰোবাৰ !
মই থকা পৃথিৱীও মোৰ নহয় 
আন কাৰোবাৰ !

কিন্ত,মোৰ তোমাক দিবলৈ সময় আছিল 
কিন্ত ঘড়ীটো বন্ধ হৈ গ’ল ৷ 

বাৰু ! যেনেকৈ আছো কুশলে আছো ৷ 

ৰাতিবোৰ অধিক ৰাতি হৈ পৰে,
দিনবোৰ নিমিষতে শেষ হয়,
মই যিদৰে আছো, মই যথেষ্ট। 
——————————
সোণালী আঘোণ
শংকৰ জ্যোতি বৰ্মন

আঘোণৰ ধাননিত জোনাকী পৰুৱা
নিয়ৰৰ টোপ টোপ শব্দ
ৰিব্‌ ৰিব্‌ মলয়া বতাহ জাকেও
আঘোণৰ সোণালী ৰূপত মুগ্ধ

নিশা নৈৰ পানীৰ শব্দ খলকনি
নিৰৱ নিস্তব্ধ প্ৰকৃতিৰ বননি
অভিসাৰে নিশা
শৰতৰ শেৱালিয়ে
ডেকা গাভৰুৰ মাজত
প্ৰেমৰ বীজ সিচি দিয়ে

আঘোণৰ সোণালী ধাননিত
জোনাকী পৰুৱাৰ চিক্‌মিক্‌ পোহৰে
মায়াময় ৰূপৰ সৃষ্টি কৰি
আঘোণক যৌৱনা কৰি তোলে

 পূৰ্ণিমাৰ নিশা শৰতৰ মায়াবিনী ৰূপ
আঘোণৰ সোণালী ধাননিত
নিশা অভিসাৰে ৰাণী শৰতে
প্ৰকৃতিৰ সতে প্ৰেমৰ আলিংগন কৰে
——————————
দুমাহ এদিনৰ অনুভৱ
ড০ কমল চন্দ্ৰ নাথ 

আজিও তোমাৰ ওচৰলৈ গৈছিলো
ছাত্ৰ ছাত্ৰী সকলকলৈ  
তুমি আঁতৰি যোৱা দুমাহ এদিন হ'ল 
পাঁচ বজাত গৈ সাত বজাত পালোঁ 
তোমাৰ সন্মুখৰ চোতালখন পৰিষ্কাৰ 
কাষে পাঁজে পৰি থকা জাবৰবোৰ 
আমি ডাষ্টবিনত ভৰালোঁ 
অনুভৱ কৰিলোঁ তুমি চাই আছা
ল'ৰা ছোৱালীহঁতে দুখেৰে বুটলিছে 
পলিথিন,গিলাছ,বটলবোৰে
দক্ষিণৰ পৰা উত্তৰলৈ চাই 
কাটি হৈ বাগৰি আছে
তোমাৰ ফালে চাই চাই 
কিজানিবা সিহঁতক তুমি মাতাই 
আমি সিহঁতৰ সপোনবোৰ ভাঙি 
লগে ভাগে বাঁহৰ স’ৰাত ভৰালোঁ 
পেলাই দিলোঁ নিদিৰ্ষ্ট ঠাই দোখৰত
সিহঁতে বৰ কষ্ট পাই ফেকুৰি উঠিল 
শুহি চালোঁ এটা চিনাকি গোন্ধ পালোঁ 
জুবিন জুবিন গোন্ধ 
আমাৰ মৰমৰ জুবিন গাৰ্গৰ
তোমাক স্বাক্ষুস পাবলৈ অনুৰাগীয়ে 
কেইবাটাও মণ্ডপ সাজিলে
সন্মুখত থিয় হ'লেই তোমাৰ 
অস্তিত্বক তাতেই বিচাৰি পাই 
সকলোতে সেই একেই ভিৰ
গামোচা আৰু তোমাৰ ফটোবোৰে
আমাক বৰকৈ আমনি কৰিছে
অনুৰাগীয়ে আৰু নো কি কৰা নাই 
ক্ৰমে ভক্তৰ ভিৰ বাঢ়িছে 
বেলিটো মূৰৰ ওপৰত 
শীতল বতাহ জাকে কোবাইছেহি
ব্যস্ততা বাঢ়িছে কৰ্মী সকলৰ 
তোমাৰ সমাধিৰ মূল মণ্ডপৰ কামত
হৈ পৰিছে নিমগ্ন 
ফুলৰ মালাবোৰে লেৰেলিবলৈও পাহৰিলে
ফটোৰ আগত কুকুৰ কেইটা নিস্তব্ধ 
ধুবাং দি পৰি আছে ভৰি মেলি 
মানুহবোৰে বৰ মৰম দিছে সিহঁতক 
পাহাৰটোত এতিয়া বন নগজে 
শেলুৱৈও নপৰে শিলো নাইকিয়া হ'ল 
মাথোঁ তাত মানুহৰ খোজবোৰে
বহু কথাই কৈ আছে এতিয়া  
য'ত কেৱল জুবিন আৰু জুবিন 
বাঢ়ি হোৱা বন্তিৰ চাকিবোৰ এতিয়া 
একোটা সৰু পাহাৰৰ দৰে 
পাৰ কেইটা আজিও তোমাৰ 
চাঙিখনতে আছে জুপোকা লাগি 
যেন পিঞ্জৰাতহে আৱদ্ধ হৈ আছে 
কলৈকো নাযায়, নোলাইয়ো একো নাখায়ো
তোমাৰ শেষ আশ্ৰয় স্থলীত সিহঁতো 
আজি ৰুদ্ধ হৈ আছে 
একমাত্ৰ তোমাৰ মোহত পৰি
আজি দুমাহ এদিনত ভৰি দিলে  ।
——————————
এৰাবাটৰ সুৰ
ৰুমী সেনাপতি ভূঞা 

এৰাবাটৰ ধূসৰ ছবি 
সময় গলে প্ৰতি পল 
অনুভূতিয়েও যেন সুঁতি সলায়
জীৱনে ভিন্নৰঙী দৃশ্যপট আঁকে ৷

উদং পথাৰে মুক্ত বতাহত
এৰি দিয়ে বিষাদগাঁথা 
ভৰপক আঘোণত সোণগুটি চপোৱা 
জীপাল সময়ক সুঁৱৰি ৷

প্ৰখৰ ৰ’দত বালিচৰত মুখ গুজি
নদীখনে নিৰলে উচুপি ৰয় 
শীৰ্ণকায় অৱশেষ সামৰি 
ভৰবাৰিষাৰ বিশালতাক সুঁৱৰি ৷

সময়ে যেন কূটিলতাৰে উপহাস কৰে --
ক্ষণস্থায়ী প্ৰাচুৰ্য্যত মতলীয়া 
মিছা দম্ভৰ ভ্ৰম খৰ্ব  !
——————————
জোনকাচি
ৰাজেন দাস 

আঘোণৰ পৰা ধানে কঁকালত ধৰে
মাইজনী হাউলি হাউলি জোনকাচি মাৰে 
মোক খা মোক চা কৰে সোণগুটিয়ে 
লখিমীও এইবাৰৰ ভালেকিমোন হ'ব 
 
ককাকে ভঁৰালত ভৰাই ৰাখিছিল লখিমী 
আইতাই পাক উঠাই ওৰণি টানি টানি আনি থৈছিল কিজানি

কুৰুকি কুৰুকি নিয়ৰকণাই তলুৱালৈ বগাই আহে 
ওৰণিজোনৰ ঋতুৱে 
আজিকালি লাজ পাবও নাজানে 
যাহওক গ'ল কথা গ'ল 
দাৱনীৰ কাচিটো সোণাপুৰৰ কাহিনী ওলাই গ'ল...
(মোৰ মা লৈ এটি কবিতা)
——————————
তেজৰ ৰং একে হ'ল
দিপ্তী হাজৰিকা

তেওঁ ঈশ্বৰ নাই বুলিলে
মানুহে কিন্তু তেওঁকে
ঈশ্বৰ পুত্ৰ বুলিলে।
নক্ষত্ৰ হৈও বাৰে বাৰে
নামি আহিল তেওঁ
মাটিৰ মানুহ হৈ
সাৱটি ধৰিলে
দুখী আত্মাৰ দুখ,
ফুটপাথত ৰৈ 
কাণপাতি শুনিলে
হেজাৰ কন্দন,
তোৰ দুখ মোৰ দুখ
বুলি উচুপি উঠিলে,
পোছাকে সঁচা কথা নকয়
পোছাকে বহু কথা ঢাকি থয়।
মানুহে সেয়ে নেদেখিলে
ঈশ্বৰ পুত্ৰৰ হৃদয়খন
কিন্তু মৃত্যুয়ে হৃদয়ৰ দুৱাৰ খুলিব জানে  
উন্মোচিত কৰিব জানে
অপঠিত পাঠ     
 সেয়ে তেজৰ ৰং আজি
 একে হৈ গ'ল,
 একেখিনি ঠাইতে
 ঈশ্বৰ ,আল্লা আৰু
 যীশুৰ  আকৌ এবাৰ
 মহা মিলন হ'ল।
 —————————
লাচিত বৰফুকন 
নাং লিজাশ্ৰী গোহাঁই (বন্তী)

আহোম সাম্ৰাজ্যৰ মহান যোদ্ধা তুমি লাচিত  বৰফুকন
অসমীয়া জাতিয় স্বাভিমান তুমি
অসম দেশৰ বীৰ তুমি
অসমীয়া জাতিয় দেশ প্ৰেমৰ নিৰ্দশক কৰ্তব্যনিষ্ঠা শৌৰ্য বীৰ্য
প্ৰতীক তুমি
সাহস আৰু বীৰত্বৰ
প্ৰতীক তুমি
অসমীয়া গৌৰৱময় ইতিহাস যুগমীয়া প্ৰতীক তুমি লাচিত বৰফুকন
অসমীয়া ইতিহাস সৰ্বশ্ৰেষ্ঠ নায়ক তুমি
দেশতকৈ মোমাই ডাঙৰ নহয় বুলি দিছিলা তুমি 
কালজয়ী উক্তি
কৰিলা তুমি মোমাইকো 
শিৰচ্ছেদ 
পৰিচয় দিলা তুমি বীৰ যোদ্ধা।
বান্ধিলা তুমি ৰাতিৰ ভিতৰতে গড়।
নিজৰ শক্তিৰে জিনিলা তুমি শৰাইঘাটৰ ৰণ 
মোগলক কৰিলা পৰাস্ত।
অসমৰ বুৰঞ্জীত নিজৰ নাম সোণালী আখৰে 
কৰিলা লিপিবদ্ধ।
———————————
অপাৰ সুখ
মৰমী কাকতি

ৰ'দৰ চমক লাগি
মিঠা পুৱাবেলাটো সোণালী ডেউকা মেলি 
মোৰ চোতালত উমলি আছে
দূবৰি বনত ৰ'দৰ বাসন্তী আবেগ
গছৰ পাতত ৰ'দৰ আদৰৰ চুমা
ফুলাৰ মন্ত্ৰ পাপৰিয়ে পাপৰিয়ে
এই ৰ'দ জিলমিল স্পৰ্শত মোৰ পৃথিবীখন জাগি উঠে
অপাৰ সুখত মই বৈভৱী
দুখবোৰে হিয়াভাঙি বিনাবলৈ সুৰুঙাই নাপায়
সুখে পাখি মেলি মোক আৱৰি থাকে
এনে ৰ'দ-সপোন সময়বোৰত মোৰ অন্তৰ্লীন সত্তাত
এখন ফুলনি টগবগাই গাই থাকে
স্বাস্বত প্ৰেমৰ গীত
মই ফুল
মই পখিলা
তজবজ ৰ'দত
ফিনিক্স মোৰ মন পখী।
—————————
প্ৰেমৰ আলাপ
ৰঞ্জন গোস্বামী

পৌঢ়ত্বৰ দুৱাৰদলিত থিয় দি
কৈশোৰ যৌৱনৰ দোমোজাত পৰা দিনৰ  দৰেই 
আজিও অনুভৱী মই
অনুভৱী তুমিও...
প্ৰেমত আকলুৱা শব্দেৰে উমলিছোঁদুয়ো
তোমাক ভালপোৱাৰ বাবেই
কবিতাৰ ৰূপত সজাইছোঁ 

প্ৰেমৰ কবিতা  লিখা নাই
নিৰবধী বৈ আছে বুকুত প্ৰেমৰ ফল্গুধাৰা
আমাৰ প্ৰেমৰ কথাবোৰ এতিয়াএচাম চকুচৰহাৰ আলোচনা,সমালোচনাৰ বিষয়
মইও পিছে নিৰ্বিকাৰ, নিৰ্লিপ্ত...
আমাৰ প্ৰেমৰ সৰস আলোচনাবোৰে
কৰে যদি কাৰোবাৰ বিয়লিৰ চাহৰ আমেজ দুগুন
আমাৰনো কি আহে যায়েই বা কি , নহয় জানো?

আমি প্ৰেমক তুলি ধৰা বসন্তৰ পক্ষীটি,
প্ৰেমময় শব্দবোৰ হিয়াৰ মণিকোঠাত সামৰি থওঁ আহা
তোমাৰ পৰশতে হ'লো মই  এটি আলসুৱা কবিতা।
——————————
তুমি এটি ব'হাগী বা 
ড° আদিল আলী 
 
প্ৰাণচঞ্চল উতনুৱা ঢৌৰ বুকুত 
তুমি যেন এটি 
চিক্ মিক্ ৰূপোৱালী হাঁহি 
নিশাৰ জোনাকৰ মতলীয়া বাঁহী 

আবেলিৰ ৰিব্ ৰিব্ মলয়াৰ ধ্বনি 

এটি সুগন্ধি পখিলাৰ গুণ্ গুণ্ গান  

বাঃ ! তুমি উন্মনা ব'হাগৰ কুলিৰ বুকু জুৰুৱা প্ৰণয় গান! 
——————————
অনুভৱ
সুপ্ৰীতি  বৰুৱা

টোপা টোপে সৰিছে  নিয়ৰ
তোমাৰ সান্নিধ্যত পাহৰিছোঁ  
দুখ ভাগৰ৷
——————————————
সুবিধাবাদী দানৱৰ দল
জোনমনি বৰা

সুবিধাবাদী দানৱৰ দল
সুবিধাৰ আজি ৰৌজাল বৌজাল , যোগ্য অযোগ্যৰ
শৰাধ পাতি  নিজকে মিছিল
কৰিলি জনসমাবেশত ৷

মন আমাৰ আশ্বাসৰ জীয়াঢল বিশ্বাসৰ ছুনামি
হুমুনিয়াহ আমাৰ উদিত সূৰ্য্য।
——————————
আই ও, ৰৈ যা কিছুপৰ...
ৰাজলক্ষ্মী বৰুৱা

আই ও সপোনবোৰ নুপুৰিবি
ৰৈ যা কিছুপৰ মোৰ মুখলে চাই,
আই ও খৰখেদা নকৰ
যদিও বা সময় তাকৰ...
তোৰ অবিহনে পদূলিলে চাবলেইচোন মোৰ মন নোযোৱা হ'ব,
কোনো যে আপোন আৰু এই পৃথিৱীত নৰ'ব...
আহচোন বহ এপলক চাই ৰওঁ তোক
আই ও সদায় বাৰু কাষৰতে থাকিবিনে মোৰ??
পুৰণা এলবামৰ ফটোৱে এতিয়া বিন্ধে মোক
আই ও কম সুৱাইছিলনে গুলপীয়া কাপোৰযোৰে তোক
তোৰ সেই হাঁহিভৰা গালত এতিয়া যেতিয়া দেখো বয়সৰ আঁচোৰ
প্ৰতিপলে খুন্দিয়াই ভুকুৱাই থাকে দেখোন মোৰ অন্তৰ...
———————————
শীতৰ সেমেকা ৰাতি
যামিনী দেৱী

চুচুক চামাককৈ
নামিছে শীত ধৰালৈ
ষোড়শী গাভৰুজনী
লাজ-লাজকৈ
শীতৰ সেমেকা ৰাতি
নিহালিৰে বান্ধিলোঁ আটি
দুখৰ ৰাতি
প্ৰতি মানুহৰ অন্তৰতে
সাৰে থাকে
যন্ত্ৰনাৰ একোখনি নদী
তথাপি ওলমি থাকে
একোটা আশাৰ বন্তি
শীতৰ সেমেকা ৰাতি
দুখৰ নাওখনৰ গান
কোনেও নুশুনে আজি
বালিৰ খোজবোৰ
বতাহত ঢাক খায়
কোনো চিনচাব নাই
শীতৰ সেমেকা ৰাতি
উজাগৰী চকুহাল
আছে উখহি
জীৱনটো সী-সী
পৰিছোঁ ভাগৰি
শীতৰ সেমেকা
দুখৰ ৰাতি
পুৱাবলৈ
আৰুনো
কিমান বাকী।
————————
অগ্নিশিখা 
আয়শা ছিদ্দিকা 

একুৰা লেলিহান তপ্ত জুই
যাৰ উষ্ম স্পৰ্শত মই
কিঞ্চিৎ কিঞ্চিৎ দহি আছোঁ 
পদযুগলৰ পৰা শিৰোৰুহ লৈ
অন্তৰিন্দ্ৰিয়ো ভষ্ম হ'ল 
পৰি ৰ'ল ক'লা ধোঁৱা আৰু ছাই।

সেয়াও মিলি যাব ক্ষণিকতে 
ধূলিধূসৰিত হ'ব 
মিশ্ৰিত হ'ব মাটিৰ কণিকাত 
নতুবা গগনাম্বুৰ স্ৰোতত 
বৈ যাব সীমান্তৰ পৰা অনন্তলৈ।

বিন্দুমাত্ৰ বেদনাৰ ফিৰিঙতি 
সময়ৰ খটিয়নিত দৈৱাৎ
দাৱানল ৰূপলৈ গিলি থয় 
এটোপ এটোপ কৰি হৃদয়ত 
ৰৈ থকা সুখাৱৰণ সমুদায় ।
———————————
জীৱন মালিতা
বিশ্বজিৎ গগৈ 

ভ্ৰূণ এটাৰ দৰেই পালিত 
মোৰ বুকুৰ ইতিহাস ,
সময়ত প্ৰকাশ হ'ব এমুঠি জোনাক  ভৰা
প্ৰত্যাশাৰ হেঁপেহোৱা কথা।

কথাবোৰ গীত হৈ হিয়া জুৰাব,
হাঁহিবোৰ উশাহ হৈ জীৱন জীয়াব।
কিন্তু সময়বোৰ !
নিষ্ঠুৰ নিয়তিৰ খেলাত মগ্ন হৈ 
ক্ৰমাত মোকেই  উপেক্ষা কৰিব
হাঁহিৰ এটা হাঁহি হৈ পৃথিৱীৰ কোলাত।
———————————
মায়াজাল
দীপ্তি মণি গোস্বামী 
                 
পাৰ্থিৱ ৰূপত মোহাচন্ন হৈ
আমি আজি চিকাৰত দৌৰিছোঁ
পঞ্চ ইন্দ্ৰিয়ৰ কুটিল চালনাত।

দেখা শুনা কোৱা খোৱা যোৱা অহা
সকলোতে আবেগৰ বিহ ঢালিছোঁ
পৰৰ হৃদয়ৰ অনুমান নোলোৱাকৈ।

এটা চোলাৰ ম্যাদ কিমান?
ফাটিব ফিচিকিব উঁৱলি যাব,
তেতিয়া.....
উলংগ হ'ব পঞ্চতমাত্মা।

পঞ্চ ভূতত মিলি মনত নাথাকিব
আয়-ব্যয়, লাভ-লোকচান
ধৰ্ম অধৰ্মৰ খেলা বোৰ
লগতে চিকাৰৰ তথ্যবোৰ।

সময় থাকোঁতেই চিকুনাব লাগিব 
মায়াজালৰ পদূলি 
নিমিষতে যে হ'ব গধূলি 
কেতিয়াবা সন্ধ্যাৰ ঘোষণা নকৰাকৈয়ে।
——————————
স্বপ্ন মোহ
অঞ্জনা ৰূপা দাস

নিশাৰ বুকুত গুপুত নিসংগতা
তাৰে আশ্ৰয়ত তোমাৰ
অবুজ  ভাষাৰ  চাৱনি,
মৰম, অভিমানে হিলদল ভাঙি
মন মগজুত খেলা কৰি
আবেগৰ জোৱাৰত
যৌৱনে বোৱাই সুখৰ প্লাৱন- 
বাৰিষাৰ ঢলত সপোন পখালি 
ভাৱনাৰ উৰ্বৰতাত
মলয়াৰ বা লাগি 
আশাৰ ময়ূৰে ঠেও ধৰি নাচে
শব্দবোৰে বুকুৰ কোণত
নিজাকৈ ঘৰ সাজে
কোঠলিয়ে কোঠলিয়ে,
কামনা কুসুম্বিত আসন 
খিৰিকিত জোনাকৰ খিল্ খিল্ হাঁহি
দুচকুত লালায়িত স্বপ্নৰ তন্ময়
চকা-মকা কৈ  আপেশ্বৰী হৈ
সন্ধিয়াৰ আৰতিত আহি
জ্বলালাহি বন্তি 
চৌপাশ আনন্দত উজ্জ্বলি 
 বিশ্বাসৰ বাতুলতাত
 দেহ মন জুৰ পৰি গ'ল।
——————————
তেৱেঁইতো কবি                             
 শামনুৰ আলম

শব্দৰ আখৰেৰে
              গাঁথে যি মালা,
আৱেগেৰে সজায়
              জীৱনৰ কোলা,
সংজ্ঞা বিচাৰি
              নুফুৰে কিতাপত,
অনুভৱ বোৰেৰে
              সানে ৰং মনৰ পাত,
তেৱেঁইতো
              প্ৰকৃত কবি...।
মই মাথোঁ তেওঁৰ এক
              বিপৰীত ছবি। 
__________________
জুবিন দা নামৰ সত্তা
হীৰক জ্যোতি দাস

গান কি জনা বুজা হলোঁ 
আপোনাৰ গান শুনিয়েই
দুখৰ মুহূৰ্ত‌বোৰতো যে
নিজক ভাগি নপৰাকৈ ৰাখিব পাৰে গানে 
সেয়া আপোনাৰ গান শুনিয়েই 
বুজি উঠিলোঁ 
নিসংগ মূহুৰ্তবোৰতো যে
সুখী হৈ থাকিব পাৰি
সেয়া শিকালে আপোনাৰ গানে
গানেয়ে মানুহক জীৱন দিব পাৰে 
সেয়া উপলব্ধি কৰিব পাৰিছোঁ
 আপোনাৰ গান শুনিয়েই 
বুকুৰ বিষটো চোন পাতল হয়
আপোনাৰ গান শুনিলে 
সেয়া উপলব্ধি কৰিলোঁ 
জনা বুজা হোৱাৰ পিছত 
আজি কালি আগৰ সেই 
অভ্যাস টো অধিক হৈ পৰিছে 
ৰাতি শোৱাৰ আগত অথবা ৰাতিপুৱা সাৰ পাই 
আপোনাৰ গান শুনাটো যেন এটি অভ্যাস 
পুৱাৰ গানটিয়ে দিনটো ৰ কাৰণে 
নিজক সাজু কৰিবলৈ শক্তি প্ৰদান 
কৰাৰ দৰেই অনুমান হয় 
ভাবিছিলোঁ আপুনি কেৱল মোৰ বুকুতে
নিগাজীকৈ বাস সাজিছিলা
ভাবিবলৈ যে বাধ্য হৈছিলো
কাৰণ বহু‌ সময়ত বহুতে আপোনাক 
সমালোচনা কৰা দেখিছোঁ 
সিহঁতে জনা নাছিল 
বুজা নাছিল আপোনাৰ শিশু সুলভ মনটোক 
কিন্তু এতিয়া বুজিলো সিহঁতৰ মনতো
প্ৰতিজন অসমীয়াৰ বুকুত 
আপোনাৰ সত্তাটিয়ে নিগাজিকৈ আছে ।
———————————
বিষাক্ত জীৱন
আল্পনা শৰ্মা

আকাশত আজি অৰ্হনিৰ্শে
বলিছে ধূলি আৰু ধোঁৱা
লুকাই যায় কলিয়া ধোঁৱাৰ মাজত
জোন বেলি তৰা
বতাহ জাকো আছে শুই
ডাৱৰৰ জঠৰতা লেখি
 
শব্দ প্ৰদূষণত ভাৰাক্ৰান্ত
ধূসৰ মনৰ অৱসাদৰ তিক্ততা
আৰু জুইত জাহ যোৱা
ভয়াবহ প্লাষ্টিকৰ মাজত
জনতাৰ বিষাক্ত জীৱনৰ ব্যস্ততা

গছ বন কাটি শেষ
প্ৰকৃতিৰো নিথৰ ভেশ
ছাঁ নাই আজি
কণ্ঠ আকুল কৰে তৃষ্ণাতুৰ প্ৰাণে

কেওফালে ৰ'দে পোৰা নিথৰ প্ৰকৃতি
তপত মৰুৰ নদীখনিতো
নাই তাৰ গতি
 ভাগৰি পৰিছে অচল যেন 
 মনৰ ডেউকা

 প্ৰকৃতিৰ বুকুত স্থবিৰ
 আকাশৰ জুইয়ে পোৰা
 সেউজী ধাননি

এতিয়া চাৰিওফালে কংক্ৰিটৰ পাহাৰ

উন্মুক্ত নলা আৰু আবৰ্জনাৰ দমত
পোত যায় নগৰীয়া সভ্যতা
শেষ  হয় বিশুদ্ধ উশাহ
আৰু নাই তাত মুকলি বতাহ

সভ্যতাৰ কেনভাছত 
আজি তাৰেই ছবি প্ৰতিটো দিনৰ  ।
———————————
সপোনৰ সন্ধানত
নিবেদিতা হাজৰিকা

ধূলি আৰু ধোৱাৰে
আচ্ছন্ন কোলাহলত 
ভৰ দি পাৰ হৈ যায় 
সময় প্ৰতিপল,
সংগোপনে , নিঃশব্দে।
ব্যস্ত মানৱ,
ব্যস্ত গলি,
ব্যস্ত সপোন।
ইয়াৰ মাজতে----
যায় হেৰাই 
এজাক দুৰ্ভগীয়া শিশুৰ
সপোনৰ সোপান। 
সেই কথাৰ খবৰ 
কিমানে ৰাখিছে? 
ব্যস্ততাৰ দৌৰত সকলো 
মাত্ৰ দৌৰিছে। 
নেতিবাচক চিন্তাই মনত 
বান্ধিলেহি  ঘৰ সন্তৰ্পনে।
আমাৰ কোমল  সেউজীয়া খিনিয়েও 
হৈ দিগভ্ৰান্ত 
ফুৰিছে বিচাৰি 
ঠিকনা  সপোনৰ।
———————————
ওপজা দিন 
মিনাৰুল আহমেদ

বিশেষ দিনৰ আনন্দেৰে ভৰা মনৰ বেদনাত 
দুষ্ট এক অনুভূতিয়ে জীৱনৰ নতুন পৃষ্ঠাত, 
পুৰণি পথৰ সুৰ বিচাৰে নীচুপ অৱস্থাত।
শব্দহীন নীৰৱ পৰিৱেশত মনৰ সতৰ্ক অনুভৱ
বিশেষ দিনটোৰ উল্লাসৰ অস্তিত্ব কিমান দূৰ?
হাঁহিৰে ভৰা মূহুৰ্তত বেদনা নামৰ ৰাগিণী,
কোনোবা বিশেষ মানুহৰ অভাৱ অনুভৱ,
বিশেষ দিনে সলাব জীৱন পৃষ্ঠাৰ লিখনি?
ভাগ্যত লিখা সুখ-দুখৰ সলনি নাই,
কেৱল বয়স আৰু সময়ৰ পৰিবৰ্তন হে,
সময়ৰ বুকুত স্মৃতিৰ ব্যথা নীৰৱে ভৰপূৰ,
তেন্তে ওপজা দিনটোৰ উল্লাসৰ অস্তিত্ব কিমান দূৰ?
——————————
প্ৰেমৰ কথা 
ৰাতুল চেতিয়া ফুকন

প্ৰেমৰ কথা আৰু নাপাতো দিয়া 
অহৈতুকিৰ পৰা দেহজলৈ সলনি হোৱাৰ পাছত 
সঁচা প্ৰেম আছেগৈ জানো ।
আজিকালি চকুৰ ভাষা কোনেও নপঢ়ে
মাথোঁ শৰীৰ ভূগোলৰ পৃষ্ঠা লুটিয়াই 
প্ৰেমৰ পিয়লা বিচাৰে।
বিকাৰগ্ৰস্ত প্ৰজন্মই আজি 
সঁচা প্ৰেমৰ সংজ্ঞা সলাই 
কৰুণ সমাপ্তিৰ চিত্ৰনাট্য লিখে ।
প্ৰেমৰ কথা কেনেকৈ পাতো
য'ত শৰীৰেই মুখ্য।
———————————————

Post a Comment

0 Comments